আখেনাটেন, নেফাৰটিটি আৰু প্ৰাচীন ইজিপ্টৰ ধৰ্মবিপ্লৱ

লেখক- —জয়ন্ত বৰগোহাঁই

এই বছৰৰ মাৰ্চ মাহত মোৰ এটা দীৰ্ঘদিনীয়া হাবিয়াহ পূৰণ কৰি ইজিপ্ট ফুৰি আহিলোঁ। ইজিপ্টৰ জনপ্ৰিয় গীজাৰ পিৰামিড আৰু ফাৰাওবিলাকৰ সমাধিক্ষেত্ৰ চোৱাৰ পাছত ভ্ৰমণ সামৰণি মৰাৰ আগদিনা বিশেষ কোনো প্ৰগ্ৰেম হাতত নলৈ জিৰণি লোৱাৰে কথা আছিল। তথাপি মনতে ভাবিছিলোঁ সময় আৰু সুবিধা পালে এবাৰ টেল-এল-আমৰ্না (Tel el Amarna) চাই আহিব লাগিব। কাইৰোৰ পৰা প্ৰায় ৩২৭ কিলোমিটাৰ দক্ষিণে মৰুভূমিৰ মাজত টেল-এল-আমৰ্না হ’ল এখন পুৰাতাত্ত্বিক স্থান। পৰ্যটনৰ সম্ভাৱনা থাকিলেও আমৰ্না জনপ্ৰিয় পৰ্যটকস্থল নহয়। তদুপৰি ঠাইডোখৰ অলপ আওঁহতীয়া আৰু ওচৰত পৰ্যটকৰ থকা খোৱাৰ সু-ব্যৱস্থা নাই। কিছুবছৰৰ আগতে এই অঞ্চলটো ইছলামিক মৌলবাদীৰ বিচৰণক্ষেত্ৰ হোৱা বাবে সুৰক্ষা ব্যৱস্থাও খুবেই কটকটীয়া। সেয়েহে ইজিপ্টৰ ট্যুৰ এজেণ্টবিলাক টেল এল আমৰ্নাৰ প্ৰতি সিমান আগ্ৰহী নহয়। মোৰ আকৌ ঠাইখনৰ প্ৰতি অনেক কৌতূহল। এই কৌতূহলৰ অন্যতম কাৰণ হ’ল সাধাৰণ যুগ পূৰ্ব ১৪০০ (BCE 1400) শতিকাৰ ফাৰাও আখেনাটেন (আখনাটন বুলিও কয়) আৰু তেওঁৰ সুন্দৰী পত্নী ৰাণী নেফাৰটিটি। ইজিপ্টৰ প্ৰায় ৩০০০ বছৰীয়া ফাৰাওবিলাকৰ শাসনকালৰ আটাইতকৈ বিতৰ্কিত আৰু ৰহস্যাবৃত ফাৰাওজনেই হ’ল আখেনাটেন (Akhenaten), যি যীশুখৃষ্টৰ জন্মৰো ১৩০০ বছৰৰ আগতেই ইজিপ্টৰ পৰম্পৰাগত বহু দেৱ-দেৱীৰ পূজা-অৰ্চনা বৰ্জন কৰি কেৱল দৃশ্যমান সূৰ্য উপসনাৰে এক একেশ্বৰবাদী ধৰ্ম বিপ্লৱৰ সূচনা কৰিছিল। তদুপৰি সেই সময়ৰ শিল্প-ভাস্কৰ্যত বাস্তৱমুখী কলা শৈলীৰ পোষকতা কৰি আখেনাটেনে আধুনিক মনৰ পৰিচয় দিছিল। মনোবিজ্ঞানী ফ্ৰয়েদৰ মতে ইহুদীসকলৰ আদি-গুৰু মজেছো বোধহয় আখেনাটেনৰ পৰা অনুপ্ৰাণিত হৈছিল। এই আখেনাটেনৰেই পত্নী ৰাণী নেফাৰটিটি (Nefertiti) প্ৰাচীন যুগৰ নাৰীৰ সৌন্দৰ্যৰ প্ৰতীক। ১৯১২ চনত জাৰ্মান প্ৰত্নতত্ত্ববিদসকলে টেল এল আমৰ্নাত ৰাণী নেফাৰটিটিৰ এটা চূণশিলৰ আবক্ষ মূৰ্তি আৱিষ্কাৰ কৰাৰ সময়ৰপৰাই ৰাণী নেফাৰটিটিৰ সৌন্দৰ্যৰ বিষয়ে চৰ্চা আৰম্ভ হয়। ইজিপ্টৰ চিত্ৰলিপিমতে নেফাৰটিটিৰ অৰ্থ–“সুন্দৰী গৰাকীৰ আগমন হ’ল (The beautiful one has come)”। মূৰ্তিটো বাৰ্লিনৰ ইজিপচিয়ান মিউজিয়ামত প্ৰদৰ্শিত হৈ আছে। ইজিপ্টে এই মূৰ্তিটো জাৰ্মানীলৈ চুৰি কৰি লৈ যোৱা হ’ল বুলি দোষাৰোপ কৰি ঘূৰাই আনিবৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে। নেফাৰটিটিৰ এই আবক্ষ মূৰ্তিৰ নকল ইজিপ্টৰ পৰ্যটন উদ্যোগৰ এটা জনপ্ৰিয় স্মাৰক। বৰ্তমান যুগত প্ৰাচীন ইজিপ্টৰ যি দুগৰাকী নাৰীয়ে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰে তাৰেই এগৰাকী হ’ল ৰাণী নেফাৰটিটি। আনগৰাকী হ’ল ক্লীয়পেট্ৰা(Queen Cliopetra)। ফাৰাও আখেনাটেনেই সাধাৰণ যুগ পূৰ্ব চতুৰ্দশ শতিকাত (BCE 1400) এই আমৰ্নাতেই নতুন ৰাজধানী পাতিছিল। নাম থৈছিল তেওঁৰ আৰাধ্য দেৱতা আটেনৰ(দৃশ্যমান সূৰ্য বা বেলি) নামত— “আখেটাটেন বা আখেটাটন (Akhetaten or Akhetaton)”; অৰ্থাৎ “আটেনৰ দিগন্ত(Horizon of Aten)”। ইজিপ্টৰ মোৰ ট্যুৰ এজেণ্টক আমৰ্নাৰ বিষয়ে সোধাত কʼলে—কাইৰোৰ পৰা দিনটীয়াকৈ গাড়ীৰে যাবলৈ হ’লে খুব ৰাতিপুৱাই যাব লাগিব আৰু লগত বিশেষ গাইড লৈ যাব লাগিব। মনতে ভাবিলোঁ ইমান দূৰ আহি আমৰ্না নোচোৱাকৈ ঘূৰি যামনে? গতিকে ভবা মতেই কাম। পিছদিনা খুব পুৱাই ট্যুৰ গাইড বাছাম কাচিমৰ লগত আমৰ্নালৈ বুলি ৰাওনা‌ হ’লোঁ। কাইৰো এৰিয়েই কাইৰো-আছ্যুত ৰাষ্ট্ৰীয় পথেৰে তীব্ৰ বেগেৰে আমাৰ গাড়ী আমৰ্না অভিমুখে চলিবলৈ ধৰিলে। ৰাস্তাৰ দুয়োফালে কেৱল মৰুভূমি, মাজে মাজেহে দুই এখন সৰু-সুৰা জনবসতি। ফʼৰলেনযুক্ত ৰাস্তা অৱশ্যে খুবেই মসৃণ। চাৰিঘণ্টামানৰ পাছত দিনৰ ১১টা মান বজাত আমৰ্না পালোঁগৈ। আমৰ্না সোমোৱাৰ আগতে চিকিউৰিটি পʼষ্টত গাড়ীৰ লগতে পেচেঞ্জাৰৰ সবিশেষ ৰেকৰ্ড কৰিব লগা হʼল। গাইড কাচিমেই গোটেই কামখিনি কৰিলে, মই নামিব লগা নহ’ল। চিকিউৰিটি পʼষ্ট পাৰ হোৱাৰ পাছত আমি প্ৰধান ৰাস্তাৰপৰা ফালৰি কাটি এটা উপপথৰে বৰ্তমানৰ এখন সৰু গাঁৱলীয়া চহৰ টেল এল আমৰ্নাৰ মাজৰে যাবলৈ ধৰিলোঁ। বাচামে ক’লে–প্ৰথমে আমি ফাৰাও আখেনাটেনৰ ৰাজধানী তথা মন্দিৰৰ প্ৰত্নতাত্ত্বিক স্থান চাই পাছত আখেনাটেনৰ সমাধিস্থলীলৈ যাম। কিছুসময়ৰ পাছতে আমৰ্নাৰ জনবসতি এলেকাৰ মাজেৰে গৈ মৰুময় ঠাই এডোখৰত আখেনাটেনৰ ৰাজধানী আৰু আটেনৰ মন্দিৰৰ ধ্বংসাৱশেষৰ ওচৰত আমাৰ গাড়ীখন ৰলগৈ। গোটেই এলেকাটো ফেন্সিঙেৰে ঘেৰি থোৱা আছে। আমাক দেখি বন্দুকধাৰী চিকিউৰিটি গাৰ্ড এজন আগবাঢ়ি আহিল। বাচামে আৰবী ভাষাতে তেওঁৰ লগত কথা পাতি হাতত কিবা এটা গুজি দিলে। বুজিলোঁ সেয়া আগতীয়া বকছিছ। এতিয়া আমি নিচিন্ত মনেৰে তাত ঘূৰি ফুৰিব পাৰোঁ। বিশাল এটা এলেকাত চাৰিওফালে আখেনাটেনৰ নগৰ আৰু মন্দিৰৰ ভগ্নাৱশেষ। মাজভাগত সেইসময়ৰ মন্দিৰৰ পদুম ফুলৰ(প্ৰাচীন ইজিপ্টৰ অতি পবিত্ৰ ফুল) আকৃতিৰ এটা শিলৰ স্তম্ভ পুনৰ্নিমাণ কৰি থোৱা আছে, যাতে পৰ্যটকসকলে আখেনাটেনৰ মন্দিৰৰ এটা ধাৰণা কৰিব পাৰে। 

আখেনাটেন–ইজিপ্টৰ নতুন ৰাজবংশৰ(সা.যুগপূৰ্ব বা খৃষ্টপূৰ্ব ১৫৩৯-১০৬৯, BCE1539-1069) নৱম ফাৰাও (BCE 1353-1336)। সেই সময়ৰ বিশ্বত ইজিপ্ট ইতিমধ্যেই এখন শক্তিশালী সাম্ৰাজ্যত পৰিণত হৈছে। আখেনাটেনৰ পূৰ্বসূৰী ফাৰাও আহমজে সা.যুগপূৰ্ব ষোড়শ শতিকাত বিদেশী হিকছছ বিলাকক যুদ্ধত হৰুৱাই দেশৰপৰা বাহিৰ কৰি সমগ্ৰ নীল উপত্যকাত নিজৰ আধিপত্য বিস্তাৰ কৰে। তেওঁৰ পাছৰ ফাৰাও প্ৰথম আৰু দ্বিতীয় থুটমোছৰ সময়লৈকে ছিৰিয়াৰ পৰা নুবিয়ালৈকে(বৰ্তমানৰ চুদান) সমগ্ৰ অঞ্চল ইজিপ্ট সাম্ৰাজ্যৰ অধীনলৈ আহে। এনে এখন বিশাল সাম্ৰাজ্যৰে অধিপতি আছিল ফাৰাও আখেনাটেন। পিছে আখেনাটেন দৈৱক্ৰমেহে ফাৰাও হৈছিল। তেওঁৰ পিতৃ ফাৰাও তৃতীয় আমেনহোটেপৰ(BCE 1390-1353) উত্তৰাধিকাৰী আছিল প্ৰথম পুত্ৰ যুৱৰাজ থুটমোছ। পিছে আমেনহোটেপৰ জীৱিতকালতে থুটমোছৰ মৃত্যু হোৱাত দ্বিতীয় পুত্ৰ আখেনাটেন তৃতীয় আমেনহোটেপৰ পাছত সা.যুগপূৰ্ব ১৩৫৩ চনত(BCE 1353) ইজিপ্টৰ ফাৰাও হয়। অৱশ্যে সেই ‌সময়ত তেওঁৰ নাম আখেনাটেন নাছিল। তেওঁ ৰাজ্যাভিষেক হৈছিল চতুৰ্থ আমেনহোটেপ(Amenhotep IV) নামেৰেহে। আমেনহোটেপৰ অৰ্থ হ’ল “আমুন(দেৱতা)সন্তুষ্ট হৈছে(Amun is satisfied)”। চাৰি হাজাৰ বছৰৰ আগৰ ফাৰাওকেন্দ্ৰিক ইজিপ্টত ধৰ্মই আছিল মূল চালিকা শক্তি। ধৰ্ম আৰু ৰাজনীতিৰ মাজত সম্পৰ্ক আছিল ওতপ্ৰোত আৰু ফাৰাও বা ৰজাই ভগৱানৰেই প্ৰতিনিধি বুলি ঘোষণা কৰি দেশ শাসন কৰিছিল। সেয়েহে তেওঁলোকৰ নাম বিলাকৰ লগত দেৱতাৰ নাম সাঙোৰ খাই আছিল। সেই সময়ত ইজিপ্টৰ আৰাধ্য দেৱতা আছিল সৃষ্টিৰ মূল আমুন। পাছত দেৱতা আমুন আৰু সূৰ্য দেৱতা ৰা’ৰ সংযোজন হৈ “আমুন-ৰা” নামেৰে অতি শক্তিশালী দেৱতা হিচাপে গণ্য হৈছিল। ৰাজধানী থিবচৰ(বৰ্তমানৰ লোক্সৰ) কাৰ্নাক মন্দিৰত দৈনিক দেৱতা আমুন-ৰা’ৰ পূজা-অৰ্চনা হৈছিল। দেৱতা ৰা’ৰ প্ৰতিমূৰ্তিৰ মুখাৱয়ব আছিল চিকাৰী চৰাই শেনৰ দৰে। কল্পনাপ্ৰসূত এই বিভিন্ন দেৱ-দেৱীৰ বাহিৰেও দেৱতা ৰা’ৰ আন এটা ৰূপ আছিল আমি সদায় দেখি থকা দৃশ্যমান সূৰ্য বা বেলিটো। এয়াই হ’ল দেৱতা আটেন, আখেনাটেনৰ আৰাধ্য দেৱতা। বহু দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰা ইজিপ্টৰ সেই সময়ৰ ধৰ্মীয় বিশ্বাসত সূৰ্য উপাসনাৰ গুৰুত্ব খুব কম আছিল। বোধহয় তৃতীয় আমেনহোটেপৰ পত্নী আৰু নিজৰ মাতৃ ৰাণী টিয়েৰ প্ৰভাৱতেই দৃশ্যমান সূৰ্য বা বেলিটোৰ উপাসনাৰ প্ৰতি ফাৰাও চতুৰ্থ আমেনহোটেপ আকৰ্ষিত হৈছিল। তেওঁ গভীৰভাৱে বিশ্বাস কৰিছিল যে সূৰ্যৰ জীৱনদায়িনী ৰশ্মিৰ প্ৰভাৱতে দৃশ্যমান জগতৰ সৃষ্টি হৈছে। গতিকে কোনো কাল্পনিক অদৃশ্য দেৱতাৰ পূজাতকৈ দৃশ্যমান বেলি বা সূৰ্যৰ উপাসনাই শ্ৰেষ্ঠ। সেয়েহে ফাৰাও হোৱাৰ পাছতেই চতুৰ্থ আমেনহোটেপে ৰাজধানী থিবচৰ কাৰ্নাক মন্দিৰত আটেনৰ মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। আনকি আমুনৰ মন্দিৰৰ ৰাজহো দেৱতা আটেনৰ মন্দিৰৰ বাবে ব্যয় কৰে। আটেনৰ প্ৰতি ফাৰাও চতুৰ্থ আমেনহোটেপৰ এই পক্ষপাতিত্বত কাৰ্নাকৰ ক্ষমতাশালী আৰু বিত্তৱান পুৰোহিতসকল ক্ষোভিত হৈ উঠে। ৰাজত্বৰ পঞ্চম বছৰত চতুৰ্থ আমেনহোটেপে তেওঁৰ আমেনহোটেপ নাম পৰিত্যাগ কৰি “আখেনাটেন” অৰ্থাৎ “আটেনৰ কাৰণে সাৰ্থক(Effective for Aten)” নাম গ্ৰহণ কৰে। নিজৰ নাম সলনি কৰিয়েই ক্ষান্ত নাথাকি আখেনাটেনে আটেনৰ বাহিৰে আন দেৱ-দেৱীৰ পূজাও নিষিদ্ধ ঘোষণা কৰে। এই বছৰতেই তেওঁ ৰাজধানী থিবচৰ পৰা উত্তৰে ৪০০ কিলোমিটাৰ দূৰত নীল নদীৰ পূব পাৰত বৰ্তমানৰ আমৰ্নাত আৰাধ্য দেৱতা আটেনৰ নামেৰে “আখেটাটেন”(Akhetaten) নগৰ স্থাপন কৰি ৰাজধানী তালৈ স্থানান্তৰ কৰে। খুব কম সময়ৰ ভিতৰতে এই নগৰ আৰু আটেনৰ মন্দিৰ নিৰ্মাণ কৰোঁতে আখেনাটেনৰ অভিযন্তাসকলে বিশেষ কৌশল অৱলম্বন কৰে। তেওঁলোকে আগৰ ফাৰাওবিলাকৰ সময়ত নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা বৃহত আকাৰৰ চূণশিলৰ ব্লকৰ পৰিবৰ্তে ইটাৰ আকৃতিৰ ক’ম ওজনৰ প্ৰায় ২৭ x ২৭ x ৫৪ চেণ্টিমিটাৰৰ ব্লক ব্যৱহাৰ কৰে। এইবিলাক কোৱা হয় “টালাটত(Talatat)”। এইবিলাক এজন বনুৱাই অকলেই কঢ়িয়াব পৰাত নিৰ্মাণ কাৰ্য অতি দ্ৰুতগতিত আগবাঢ়িছিল। তদুপৰি আটেনৰ মন্দিৰৰ ওপৰত কোনো চালি দিয়াৰো প্ৰয়োজন নাছিল। কাৰণ তেতিয়াহে সূৰ্যৰ জীৱনদায়িনী ৰশ্মি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব। ৰাজধানী স্থানান্তৰ কৰাৰ লগে লগে আখেনাটেনে এক কলা বিপ্লৱৰো সূচনা কৰায়। ইয়াৰ আগলৈকে মন্দিৰ বিলাকৰ বেৰৰ ভাস্কৰ্য আৰু চিত্ৰত ফাৰাওৰ যুদ্ধজয়, শত্ৰু দমন, দেৱ-দেৱীৰ পূজা-অৰ্চনা আদিয়েই প্ৰাধান্য লাভ কৰিছিল। ইয়াৰ বিপৰীতে আখেনাটেনে মন্দিৰৰ চিত্ৰকলাত সূৰ্য ৰশ্মিৰ জীৱনদায়িনী শক্তিৰে উদ্ভাসিত প্ৰকৃতিৰ বিভিন্ন দৃশ্যাৱলী যেনে– নদীৰ পাৰৰ উৰি যোৱা বনহংস, পথাৰত খেতিত ব্যস্ত খেতিয়ক, শস্য চপোৱা, পশুপালন আদিতহে গুৰুত্ব আৰোপ কৰে। আখেনাটেনে নিজৰো চিত্ৰ পত্নী নেফাৰটিটি আৰু পুত্ৰ-কন্যাৰ স’তে অঙ্কিত কৰাই পাৰিবাৰিক জীৱনৰ পৃষ্ঠপোষকতা কৰে। এই চিত্ৰকলাত সূৰ্যৰ ৰশ্মিবিলাক সম্প্ৰসাৰিত কৰি এটা মূৰত হাতৰ আকৃতি দি অঙ্কিত কৰোৱা হয়। বোধহয় ইয়াৰ দ্বাৰা আখেনাটেনে সূৰ্যৰ ৰশ্মি বা আটেনৰ জীৱনদায়িনী শক্তিৰে বন্দনা কৰিছিল। আখেনাটেনৰ সম‌য়ৰ ভাস্কৰ্য আৰু চিত্ৰকলাৰ মানৱ দেহ নাৰীৰ দৰে কৃশাংগ ৰূপত খোদিত কৰা হৈছিল যেনে— ক্ষীণ দেহাৱয়ব, দীঘলীয়া ডিঙি, উত্থিত বুকু, বৃহত উদৰ আৰু নিতম্ব। মুখমণ্ডলো সেই একেধৰণেৰে দীঘলীয়া ৰূপত উপস্থাপন কৰিছে। আমৰ্না যুগৰ শিল্প-কলাত এইদৰে দীৰ্ঘদিনীয়া ইজিপচিয়ান পৰম্পৰাৰ পৰা ফালৰি কাটি বাস্তৱবাদ, পাৰিবাৰিক জীৱনৰ ওপৰত গুৰুত্ব, নাৰীবাদ, সূৰ্য-উপাসনা আদি বৈশিষ্ট্যৰ প্ৰতিফলন ঘটিছিল। আখেনাটেনে সূৰ্যৰ মহিমা বৰ্ণনা কৰি নিজকে আটেন পুত্ৰ বুলি সদৰি কৰি এটা সূৰুয বন্দনাও (The great hymn to Aten) ৰচনা কৰিছিল। এই সূৰ্য বন্দনাৰ ৰচনা শৈলীৰ লগত পাছৰ বাইবেলৰ (Old Testament) ১০১ স্তাৱকৰ সাদৃশ্যলৈ লক্ষ্য কৰিলে ইয়াৰ ৰচয়িতা আখেনাটেনৰ সূৰ্য বন্দনাৰ পৰা অনুপ্ৰাণিত হৈছিল বুলি ধাৰণা কৰিব পাৰি। ইজিপ্টৰ পৰম্পৰাগত দেৱ-দেৱীৰ পূজা-অৰ্চনা পৰিত্যাগ কৰি কেৱল আটেনকেই একমাত্ৰ সৃষ্টিকৰ্তা হিচাপে প্ৰক্ষেপ কৰাৰ বাবে বৰ্তমানৰ বহু ইতিহাসবিদ আৰু প্ৰত্নতত্ত্ববিদে আখেনাটেনেই প্ৰথম একেশ্বৰবাদৰ‌ প্ৰবক্তা বুলি ক’ব খোজে। পিছে আখেনাটেনৰ এই বৈপ্লৱিক ধৰ্ম আৰু সাংস্কৃতিক বিপ্লৱ বেছিদিন নিটিকিল। আখেনাটেনৰ মৃত্যুৰ কিছু বছৰৰ পাছতে ইজিপ্ট আকৌ পূৰ্বৰ বহু-ঈশ্বৰবাদৰ(polytheism) পূজা-অৰ্চনালৈ ঘূৰি গ’ল। আখেনাটেনৰ ধৰ্ম বিপ্লৱে আমুন-ৰা’ৰ পুৰোহিতৰ উপাৰ্জনৰ বাট বন্ধ হোৱাত তেওঁলোকটো ক্ষোভিত হৈ আছিলেই, তদুপৰি যুদ্ধ বিগ্ৰহ বাদ দি শান্তিৰ পোষকতা কৰাত লেভাণ্ট(বৰ্তমানৰ চিৰিয়া, পেলেষ্টাইন) আৰু নুবিয়াৰ(বৰ্তমানৰ চুদান) ইজিপ্টৰ কৰতলীয়া ৰাজ্যসমূহো আকৌ মূৰ দাঙি উঠিল। সোতৰ বছৰ ৰাজত্ব কৰাৰ পাছতা ৰণ যুগ পূৰ্ব ১৩৩৬(BCE 1336)ত আখেনাটেনৰ মৃত্যুৰ পাছৰ কেইবছৰমানৰ ইতিহাস কিছু ধূসৰ আৰু বোধহয় ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল। পুৰাতাত্ত্বিক সমলমতে ৰাণী নেফাৰটিটিয়ে সা.যুগপূৰ্ব ১৩৩৬ৰ পৰা ১৩৩২লৈকে(BCE 1336-1332) স্মেনখাকাৰে(Smenkhkare) বা নেফাৰনেফাৰুৱাটেন(Neferneferuaten) নামেৰে ইজিপ্ট শাসন কৰিছিল। ইয়াৰ পাছত নেফাৰটিটিৰ কোনো উল্লেখ নোহো‌ৱালৈ চাই পুৰাতত্ত্ববিদসকলে নেফাৰটিটিৰ মৃত্যু বা হত্যা কৰা হয় বুলি ধাৰণা কৰে। নেফাৰটিটিৰ মামী এতিয়াও সঠিকভাৱে চিনাক্ত কৰিব পৰা হোৱা নাই। সা.যুগপূৰ্ব ১৩৩২ চনত আখেনাটেনৰ আন এগৰাকী ৰাণীৰ গৰ্ভজাত পুত্ৰ টুটনখাটেন(Tutankhaten) মাত্ৰ ন বছৰ বয়সত ফাৰাও হয়। টুটনখাটেন ফাৰাও হৈয়েই আখেটাটেনৰ(বৰ্তমানৰ আমৰ্না) পৰা ৰাজধানী পুনৰ থিবচলৈ লৈ আনে। আমুনৰ মন্দিৰ আকৌ খুলি দিয়া হয় আৰু আগৰ দৰেই বহু দেৱ-দেৱীৰ পূজা-অৰ্চনা আৰম্ভ হয়। বোধহয় শিশু ফাৰাও টুটনখাটেনক পাৰিষদবৰ্গই এই কাম কৰাবলৈ বাধ্য কৰিছিল। টুটনখাটেনে নিজৰেই সতীয়া ভগ্নী নেফাৰটিটিৰ কন্যা আঙ্খেচে্নপাটেনক(Ankhesenpaaten) বিয়া কৰায়। পৰিয়ালৰ মাজতে ভগ্নী বিবাহ কৰোৱাটো ফাৰাওসকলৰ এটা পৰম্পৰা যাতে বেলেগ বংশলৈ শাসন ক্ষমতা নাযায়। তদুপৰি টুটনখাটেনে(Tut-Ankh-Aten, আটেনৰ জীৱন্ত ৰূপ)নিজৰ নামো সলাই টুটনখামুন(Tut-Ankh-Amun, আমুনৰ জীৱন্ত ৰূপ)কৰে। এই টুটনখামুনৰে অক্ষত‌ সমাধি পুৰাতত্ত্ববিদ হাৱাৰ্দ কাৰ্টাৰে ১৯২২ চনত লোক্সৰৰ ৰাজ উপত্যকাত(Valley of the Kings)আৱিষ্কাৰ কৰে আৰু তেতিয়াৰ পৰাই সেই সময়ৰ বহু তথ্য পোহৰলৈ আহে। ফাৰাও টুটনখামুনৰ পাছত ইজিপ্টৰ শাসন সেনাৰ হাতলৈ যায় আৰু সেনাধ্যক্ষ হ’ৰেমহেবে(Horemheb) ক্ষমতা দখল কৰে। ফাৰাও হৈয়েই হ’ৰেমহেবে আখেনাটেনৰ সকলো স্মৃতি মোহাৰি পেলাবলৈ যত্নপৰ হয়। আটেনৰ মন্দিৰ ভাঙি পেলোৱাৰ উপৰিও সেইসময়ৰ সকলো চিত্ৰকলাৰ ওপৰত হাতুৰীৰ কোব পৰিল। আনকি আখেনাটেনৰ মামী বিনষ্ট কৰি কফিনো বিকৃত কৰি পেলোৱা হ’ল। আখেনাটেনৰ এই কফিন আৰু সেই সময়ৰ কিছু শিলত খোদিত চিত্ৰকলাৰ অংশ কাইৰোৰ মিউজিয়ামত সংৰক্ষিত হৈ আছে। ইতিহাসবিদ সকলৰ মাজত আখেনাটেন এতিয়াও বিতৰ্কিত ব্যক্তি। বহুতৰ মতে তেওঁ মানৱ সমাজৰ প্ৰথম একেশ্বৰবাদী। আনহাতে বহুতে তেওঁৰ ধৰ্ম ৰাজনৈতিক চতুৰালি বুলিও কʼব খোজে। সেই সময়ৰ সংৰক্ষণবাদী‌ সমাজে ফাৰাও আখেনাটেনৰ বৈপ্লৱিক চিন্তাধাৰাৰ স্বীকৃতি নিদিলেও তেওঁ যে মানৱ ইতিহাসৰ প্ৰথম মুক্ত চিন্তাৰ বাটকটীয়া তাক নুই কৰিব নোৱাৰি। 

ইজিপ্টʼলজিষ্ট হেনৰী ব্ৰেছটেডৰ(James Henry Breastead) মতে আখেনাটেন হ’ল—“the first individual in history।” আখেনাটেনৰ মৃত্যুৰ আজি তিনি হাজাৰ বছৰ পাৰ হৈ গ’ল। সংৰক্ষণশীলতাৰ পৰা মানুহ এতিয়াও মুক্ত হ’ব পৰা নাই। প্ৰকৃতিৰ ওপৰত মানুহৰ হাতুৰীৰ কোব এতিয়াও চলি আছে। কিন্তু পূবত উদয় হৈ পশ্চিম আকাশত বেলি মাৰ গৈছে ঠিক আখেনাটেনে সূৰ্য স্তাৱকত (The great hymn to Aten) অনুভৱ কৰাৰ দৰেই—

“You shine forth in beauty on the horizon of heaven, 

O living Aten, the creator of life! 

When you rise on the eastern horizon, 

You fill every land with your beauty…..

 

Trees and plants grow green, 

Birds fly up from the nests…

Fish in the river leap in your presence, 

Your rays are in the midst of the sea…. “

(Part of the Great Hymn to Aten, translated by Toby Wilkinson)

 

—Akhenaten

14 th Century BCE

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!