আগ্ৰাসন: মূলঃ তছলিমা নাছৰিন
লেখক- অনুবাদ ড° বিৰিঞ্চি কুমাৰ দাস
মানুহৰ চৰিত্ৰই এনেকুৱা
বহিলে ক’ব, নাই, নবহিবা৷
থিয় হ’লে, হৈছে কি তোমাৰ, খোজ কাঢ়া।
আৰু খোজ কাঢ়িলে, ছি! বহা।
শুই পৰিলেও নিৰ্দেশ, উঠা, উঠা
নুশুৱাকৈ থাকিলেও স্বস্তি নাই, অলপতো শোৱা!
উঠা বহা কৰি কৰি নষ্ট কৰিছোঁ দিন
এতিয়াই যদি মৰি যাওঁ, কৈ উঠিব, জীয়াই থাকা।
ক’বতো নোৱাৰোঁ মোক জীয়াই থকা দেখিলে
কেতিয়া কৈ উঠে, ছি! তুমি মৰা।
ভয়তে মই গোপনে গোপনে জীয়াই আছোঁ।
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments