আজি দুপৰীয়া তোমাৰ নিমন্ত্ৰণ
লেখক- মূল: হুমায়ূন আহমেদ। অনুবাদ: পংকজ কুমাৰ নেওগ।
মাহৰ প্ৰথমটো শুকুৰবাৰে মীৰাৰ দেউতাক আফতাবে নিজে বজাৰ কৰে। তেওঁ একেবাৰে ধূপখোলাৰ বজাৰ পায়গৈ। বজাৰখনলৈ বিক্ৰমপুৰৰ তাজা মাছ আহে। এই মাছবোৰৰ সোৱাদেই বেলেগ। ডাঙৰ মাছৰ দাম এতিয়া ঢুকি পোৱাৰ বহু আঁতৰত কিন্তু লোভতে কেতিয়াবা ডাঙৰ মাছো কিনি পেলোৱা হয়। যোৱা মাহত নিউমাৰ্কেটৰ মাছৰ বজাৰৰ পৰা এটা মজলীয়া আকাৰৰ চিতল কিনা হৈছিল, তাৰ সোৱাদ এতিয়াও মুখত লাগি আছে। আজি মাহৰ প্ৰথম শুকুৰবাৰ। আফতাবে ব্ৰেকফাষ্ট শেষ কৰি চাহৰ কাপত শোহা এটা মাৰিছিলহে মাত্ৰ, মীৰা আহি সন্মুখত থিয় হ’ল। মীৰা একৈশ বছৰীয়া তৰুণী। ঢাকা বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এইবাৰ তৃতীয় বাৰ্ষিকৰ ছাত্ৰী। ‘কিবা ক’বি নেকি, আইজনী?’ – আফতাবে সুধিলে।
: আজি মাছ কিনিবলৈ যাবা নহয়, দেউতা?
: ও, যাম। কিয় সুধিছ?
: নাই, এনেই সুধিছো। দেউতা, তুমি কেনেকৈ মাছ কিনা চাবলৈ মন গৈছে।
: মাছ বেপাৰীবোৰৰ সৈতে দৰ-দাম কৰোঁ, চিঞৰ-বাখৰ কৰোঁ। সেইবোৰ দেখি একো ভাল নাপাবি।
: তোমাৰ সৈতে মোৰ যাবলৈ মন গৈছে, দেউতা। প্লীজ, আজি মোক লৈ যাবা।
আফতাবে জীয়েকলৈ চালে। ছোৱালীজনী ডাঙৰ হৈছে কিন্তু এতিয়াও কেঁচুৱামিবোৰ যোৱা নাই! তেওঁ গহীনভাৱে উত্তৰ দিলে – ‘আৰু একো কথা ভাৱি নাপালি, হাঁ? ঠিক আছে বাৰু, ওলাবি!’
: দেউতা, আৰু একাপ চাহ খাবানে, মই নিজে বনাম।
: তই বনাব নালাগে দে, হাত পুৰিব। মাৰক ক। চাহ-তাহ খাই ৰেডি হ। আমি সোনকালে যাব লাগিব, নহ’লে ভাল মাছ নাপাম।
মীৰা চাহ বনাবলৈ গ’ল আৰু আফতাবে শৈশৱৰ বন্ধু ছামচুদ্দিনক ফোন এটা কৰিবলৈ উঠিল। সংসাৰৰ প্ৰতিটো সৰু-সুৰা কথা, সকলো খুঁটি-নাটি তেওঁ বাল্যবন্ধুক নজনোৱাকৈ থাকিব নোৱাৰে।
: হেল্ল ছামচু, শুনচোন! বৰ বিপদত পৰিছো অ’!
: কি বিপদ?
: এই মীৰাজনীক লৈ এটা সমস্যা হৈছে। তাই হেনো মোৰ সৈতে ধূপখোলা মাছৰ বজাৰলৈ যায়!
: ভাল কথা! লৈ যা আকৌ!
: সৰু থাকোতেও জ্বলা-কলা কৰি মাৰিলে। সদায় অফিচলৈ যাব লাগে লগত। কিমান যে কন্দা-কটা!
: বাপেকবলিয়া ছোৱালী এজনী পাইছ যে! আমাৰ বদমাছটোৱে কালি নিশা আকৌ ভাং খাই ঘৰলৈ আহিছে। আঠুৱা তৰা খুটিৰে মাকে ভালকৈ দুচাটমান দিলে তাক! ল’ৰা লাগে ল’ৰা লাগে বুলি গোটেই জীৱন হাহাকাৰ কৰিলে। ল’ৰাৰ বাবে আজমীৰ শৰীফত গৈ সূতাও বান্ধি আহিছিল। এতিয়া ল’ৰাৰ মজা পাইছে! ভাং, ফেনছিদিল একোৱেই বাদ নপৰা হ’ল। বাৰু এতিয়া থৈছোঁ।
আফতাব প্ৰফুল্লমনে জীয়েকক লগত লৈ ৰিক্সা এখনত উঠি বহিল। মাছৰ বিষয়ে জীয়েকক ঢেৰ জ্ঞান দিয়া আৰম্ভ কৰিলে। মীৰাই দেউতাকৰ সোঁহাতখন টানকৈ ধৰি থাকিল। আফতাবে মনৰ আনন্দতে গল্প কৰি গৈছে। ভিন ভিন সময়ত ভিন ভিন মাছ। বৰালী, চিতল এইবোৰ শীতকালি খোৱা মাছ। সেই সময়ত মাছবোৰত যথেষ্ট চৰ্বি হয়। বাৰিষা কাৱৈ মাছ খাবলৈ ভাল। কাৱৈবোৰ সেই সময়ত সৰু আকাৰৰ যদিও খাবলৈ কোমল আৰু সোৱাদ। ৰীঠা মাছ খাবলৈ বৰ সোৱাদ, এবাৰ খালে মুখৰ জুতি এমাহমানলৈ নুগুচে। কিন্তু সমস্যা এটা আছে।
: কি সমস্যা?
: ৰীঠা মাছ জীয়া কিনিব লাগে। মৰা মাছৰ সোৱাদ নাই।
: আজি পিছে কি মাছ ল’ম, দেউতা?
: আজি তই আহিছ যেতিয়া তোৰ পছন্দ মতে ল’ম। তোৰনো কি পছন্দ?
: ডাঙৰ মিছা মাছ ওলাবনে?
: নিশ্চয় ওলাব। মিছা মাছ গাৰ ৰং চাই ল’ব লাগে। এই মাছৰ ৰং হ’ব লাগে অলপ সেউজীয়া।
: ডাঙৰ পাভ মাছ পোৱা যাবনে?
: পদ্মাৰ তাজা পাভ ওলায় কেতিয়াবা। অৱশ্যে ছিলেটৰ হাওৰৰ পাভ মাছৰো নাম আছে। দেখা যাওক তোৰ ভাগ্যত আজি কি আছে! তোৰ পছন্দৰ সকলো মাছেই কিনিম।
: ধন্যবাদ দেউতা।
পাভ পোৱা নগ’ল যদিও তাজা মিছা মাছ পোৱা গ’ল। কাণ লৰি থকা আঁৰি মাছ এটাও পোৱা গ’ল। স্থানীয় ডাঙৰ কাৱৈ পোৱা গ’ল আৰু এটা মজলীয়া আকাৰৰ ইলিছো কিনা হ’ল। আফতাবে আজি পইছাৰ হিচাপ কৰা নাই। জীয়ৰী প্ৰথমবাৰৰ বাবে চখত মাছ কিনিবলৈ আহিছে। দুদিনমানৰ পাছত তাইৰ বিয়া হৈ গ’লে কাৰ ঘৰলৈ বা যাব কোনে জানে? মুৱা-খলিহনা খাইয়ো হয়তো জীৱন কটাব লগা হ’ব পাৰে! মীৰাৰ মাক শাহানাৰ চকু কপালত উঠিল – ‘ইমানবোৰ মাছ!’ মীৰাই ক’লে – ‘ও, বহুত মাছ অনা হৈছে, গোটেইবোৰেই ৰান্ধিবা। ফ্ৰীজত ভৰাই নথ’বা।‘
: কোনে খাব?
: মোৰ বন্ধু এজনক দুপৰীয়াৰ ভাতসাজৰ বাবে নিমন্ত্ৰণ জনাইছো, মা।
: কোন? অতসী নেকি?
: নহয়।
: কোননো? কি নাম?
: নামৰ দৰকাৰ আছে জানোঁ, মা? তেওঁ বহুতদিন ভালকৈ একো খোৱা-বোৱা কৰিবলৈ পোৱা নাই। মেছত থাকে। এবেলা মেছত আৰু এবেলা বাহিৰত খায়। মেছত খাবলৈ কি দিয়ে জানানে, মা? ফাৰ্মৰ মুৰ্গীৰ মাংসৰ সৰু এটা টুকুৰা আৰু দাইল। তেওঁ ফাৰ্মৰ মুৰ্গী নাখায় বাবে কেৱল জোলেৰে ভাতকেইটা খায় থয়।
: ল’ৰা নে ছোৱালী?
: ল’ৰা। নাম শওকত।
শাহানাই হতভম্ভ কণ্ঠস্বৰ এটাৰে সুধিলে – ‘ল’ৰা এটাক দুপৰীয়া ভাত খুৱাবলৈ মাতিছ?’ মীৰাই মাকৰ চকুৰ পৰা চকু আঁতৰাই মজিয়ালৈ চালে আৰু মূৰটো সন্মতিসূচকভাৱে লৰালে।
: তোৰ সৈতে একেলগে পঢ়ে নেকি?
: নাই, নপঢ়ে।
: কি কৰে?
: প্ৰাইভেট টিউছন কৰে। বহুতদিনৰ পৰা চাকৰি বিচাৰি আছে, পোৱা নাই।
: এনেকুৱা ল’ৰা এজনৰ সৈতে তোৰ কেনেকৈ চিনাকি হ’ল?
মীৰাই একো উত্তৰ নিদিলে।
: সঁচাকৈয়ে তাক আজি দুপৰীয়া খাবলৈ মাতিছনে?
: ও।
: কেতিয়া মাতিলি?
: কালি। তেওঁৰ মেছলৈ গৈ মাতি থৈ আহিছো। খুব ভাল পাইছে।
: মেছলৈ নিজে গৈ মাতিবলগীয়া হ’ল কিয়?
: তেওঁৰ মোবাইল ফোন নাই, মা। স্কলাৰশ্বিপৰ পইচা পাই ফোন এটা কিনি দিছিলো কিন্তু হেৰুৱালে।
: তই তাক মোবাইল ফোনো কিনি দিছ?
: ও।
: তই প্ৰায়েই তাৰ মেছলৈ যাৱ নেকি?
: ও। তোমাৰ জেৰা শেষ হ’ল যদি ৰন্ধা-বন্ধা আৰম্ভ কৰাগৈ যোৱা। ঠিক ২বজাত তেওঁক খাবলৈ মাতিছো।
হতভম্ব শাহানাই ক’লে – ‘সেই ল’ৰাজনক দেখি দেউতাৰে কি ক’ব অলপ ভাৱি চাইছনে?’
: নাই চোৱা।
: তোৰ দেউতাৰৰ খঙৰ কথা তই জানই নিশ্চয়।
: ও, জানোঁ।
: তেওঁ ল’ৰাজনক ডিঙিত ধৰি ঘৰৰ বাহিৰলৈ গতিয়াই দিব পাৰে। পাৰেনে নোৱাৰে?
: পাৰে।
: সেইটো ল’ৰাজনৰ বাবে নে তোৰ বাবে সন্মানৰ কথা হ’ব? মই ভাৱোঁ দেউতাৰে সকলোবোৰ কথা শুনাৰ পাছত তহঁত দুয়োটাকে গতিয়াই ঘৰৰ বাহিৰ কৰি দিব। তেতিয়া কি কৰিবি? ল’ৰাজনৰ মেছত গৈ থাকিবি নে ফাৰ্মৰ মুৰ্গীৰ জোলেৰে ভাত খাবি?
মীৰা মনে মনে থিয় হৈ থাকিল। তাইৰ চকুদুটা চলচলীয়া হ’ল আৰু এফোঁটা চকুপানী মজিয়াত বাগৰি পৰিল। শাহানাই চকুৰ পানী বাগৰি অহা দৃশ্যটো দেখা পালে যদিও তেওঁৰ মনটো নগলিল। কঠিন স্বৰেৰে এইবাৰ সুধিলে – ‘ল’ৰাৰ দেউতাকে কি কৰে?’
: দেউতাক নাই। ঢুকাইছে।
: জীৱিত অৱস্থাত কি কৰিছিল?
: গেলামালৰ দোকান এখন দিছিল।
: বাঃ! ল’ৰাৰ দেউতাক তেনেহলে বিজনেছ টাইকুনেই আছিল!
মীৰাৰ চকুৰ পৰা আৰু এফোঁটা পানী বাগৰিল। তাইৰ বাওঁচকুৰ পৰা পানী ওলাইছে, সোঁফালৰটো শুকান।
: ইমান মৰসাহস তোৰ কেনেকৈ হ’ল? – শাহানাই সুধিলে।
মীৰাই উচুপি উচুপি ক’লে – ‘ভুল হৈ গ’ল, মা। আজি তেওঁৰ জন্মদিন। তেওঁ কৈছিল আজি টিউছনৰ পইছা পালে তেওঁ মোৰ সৈতে ‘কাৰী’ নামৰ ৰেষ্টুৰেন্টখনত ৰৌ মাছৰ পেটি খাব। কথাটো শুনি মোৰ ইমান দুখ লাগিল যে মই তেওঁক আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনালোঁ।’
: এতিয়া আহিবলৈ মানা কৰি দে। টেলিফোন কৰ আৰু ক – Some other time!
: তেওঁৰ মোবাইল নাই,মা!
: যা, মেছলৈ গৈ কৈ আহ।
: মেছলৈ গ’লে লগ নাপাম। আজি শুকুৰবাৰে তেওঁৰ গোটেই দিন টিউছন থাকে। তাৰ মাজতে সময় উলিয়াই আমাৰ ঘৰলৈ আহিব।
: চুবুৰীয়াই যে কথাবোৰ বু-বু-বা-বা কৰিব গম পাইছনে?
: পাইছোঁ।
শাহানাই ৰুক্ষভাৱে ক’লে – ‘সাহস আছে যদি দেউতাৰক কথাবোৰ নিজে ক গৈ! বদমাছ ছোৱালী! খবৰদাৰ, মোৰ আগত চকুৰ পানী উলিয়াই নেদেখাবি। বেঙীজনী ক’ৰবাৰ!’
মীৰা চৰাঘৰলৈ উভতি গৈ দেউতাকৰ সন্মুখত থিয় হ’ল। আফতাবে বাতৰি কাকত পঢ়ি আছিল। বন্ধৰ দিনত কাকতখন সাধাৰণতে দুবাৰ-তিনিবাৰকৈ পঢ়া হয়। ৰাতিপুৱা চাহ খাওতে এবাৰ আৰু বজাৰ কৰি আহি আৰু এবাৰ। আফতাবে জীয়েকৰ মুখলৈ চাই ক’লে – ‘তোৰ চকুকেইটা ৰঙা পৰি আছে দেখোন। কি হ’ল, মা?’
: নাজানোঁ, দেউতা।
: আজি নিজৰ চখতে বজাৰ কৰিছ যেতিয়া যাচোন কিবা এটা ৰান্ধি চা।
: দেউতা, মই একো ৰান্ধিব নাজানোঁ।
: মাৰক কগৈ, দেখুৱাই দিব। মিছামাছ ৰন্ধা খুব এটা টান নহয়।
মীৰা পাকঘৰলৈ উভতি আহি মাকৰ সন্মুখতে বহি উচুপি উচুপি কান্দিবলৈ ধৰিলে। শাহানাই এটা দীৰ্ঘনিশ্বাস লৈ ক’লে – ‘কন্দা-কটা বন্ধ কৰ আৰু টেবুলত থোৱা এই পাঁচশ টকা ল। ল’ৰাজন অহাৰ সময় হ’লে ঘৰৰ সন্মুখতে ৰৈ থাকিবি আৰু তাৰ হাতত পাঁচশ টকা গুজি দি ৰৌ মাছৰ পেটি খাই ল’বলৈ কবি। তোৰ সৈতে এই বিষয়ে পিছে-পৰেও কথা পাতিম। গাধীজনী ক’ৰবাৰ!’ মীৰা মাকৰ সন্মুখৰ পৰা আঁতৰি গ’ল। এইবাৰ আফতাব চাহাব হাঁহিমুখে পাকঘৰলৈ সোমাই আহিল আৰু পত্নীক ক’লে –‘ৰন্ধা আৰম্ভ কৰাই নাই দেখোন? মাছ বেয়াই হ’ব!’
: নাই, মাছ বেয়া নহয়। সময়মতেই খাবলৈ পাব।
: সুজিতক দুপৰীয়া খাবলৈ মাতি দিলে কেনে হয়? বেছেৰা অকলে থাকে। ৰান্ধনিয়ে বা তাক কি ৰান্ধি খুৱাইছে। নতুনকৈ গাড়ী এখন লৈছে বুলি শুনিছো, গম পোৱানে?
: ও, গম পাওঁ।
: গাড়ীখন চলাই আহক। কি গাড়ী কিনিলে আমিও এবাৰ চাওঁ। কি কোৱা?
শাহানাই একো উত্তৰ নিদিলে। সুজিতৰ সৈতে মীৰাৰ বিয়াৰ কথা-বাৰ্তা চলি আছে। তেওঁ হ’ল লণ্ডনৰ পৰা এফআৰচিএছ ডিগ্ৰী লৈ অহা এজন ডাক্তৰ। তেওঁৰ মাক-দেউতাকে মীৰাক পছন্দ কৰি আঙুঠি পিন্ধাই থৈ গৈছে। মীৰাই আঙুঠিটো নিপিন্ধে; মাকক কোৱামতে সেইটো ঢিলা আছিল বাবে ক’ৰবাত ক’ব নোৱাৰাকৈ হেৰাল। শাহানাই জীয়েকৰ কথা ইমান দিনে বিশ্বাস কৰিছিল কিন্তু এতিয়া প্ৰকৃত কথাবোৰ বুজি পাইছে।
: কি হ’ল, একো উত্তৰ নিদিলা যে? – আফতাবে সুধিলে।
: আজি দেউতাক-জীয়েকে বজাৰ কৰি আনিছে যেতিয়া আপোনালোকেই খোৱা-বোৱা কৰক। এতিয়া আলহী মাতিলে গোটেইখিনি ফৰ্মেল হৈ যাব – শাহানাই ক’লে।
: কথাটো ঠিকেই কৈছা! মীৰাক মিছামাছৰ ৰেচিপি শিকাই দিবাচোন। চাওঁ, তোমাৰ জীয়ৰীয়ে কেনে ৰান্ধে!
: আপোনাৰ সৈতে অলপ কথা আছে, এতিয়াই কওঁ নে পিছত কওঁ ঠিক ধৰিব পৰা নাই – শাহানাই ক’লে। বাটৰ কেঁকুৰিটোত শওকতক আহি থকা দেখা গ’ল। তেওঁ আজি ইস্ত্ৰি কৰা পাঞ্জাৱী এটা পিন্ধি আহিছে। ভৰিত নতুন চেণ্ডেল। আজিয়েই চুলি কাটিছে বাবে ল’ৰাজনক অলপ বেলেগ লাগিছে। হাতত তেওঁৰ দোলনচম্পা ফুলৰ এটা থোপা। মীৰা আগবাঢ়ি গ’ল।
: দেৰি কৰিলো নেকি? – শওকতে সুধিলে।
: নাই – নাই কৰা।
: টিউছনৰ পইছাখিনিৰ বাবে অপেক্ষা কৰি থাকোতে দেৰি হ’ল।
: পালানে পইছা?
: পালোঁ। সেই পইছাৰে এই চেণ্ডেলযোৰ কিনিছো। সাংঘাতিক ভোক লাগিছে। মীৰা, তোমালোকৰ ঘৰতে এতিয়া খাম নহয় জানোঁ? ভাল কথা, কিন্তু মোক দেখি তোমাৰ দেউতা-মা আপছেট নহয়তো?
: আজি ঘৰত সমস্যা এটা হৈছে – মীৰাই ক’লে। হঠাতে বহুত আলহী আহি ওলালহি বাবে তোমাক আমাৰ ঘৰলৈ নিব নোৱাৰোঁ।
: বাৰু, বাৰু।
: আহাঁ, আমি এইখন ৰেষ্টুৰেন্টতে সোমাও। কিবা এটা খাই লোৱা। ৰৌ মাছৰ পেটি পাবানে নাই সুধি লোৱা। মই ঘৰলৈ উভতি যাওঁ। তুমি এই পইছাখিনি লোৱা।
: টকা নালাগে, মোৰ লগত আছে নহয়।
: প্লীজ, টকাখিনি লৈ থোৱা। আজি মোৰ নিমন্ত্ৰণ।
ৰেষ্টুৰেণ্টত কেৱল পোলাওহে আছে। কুকুৰা মাংসৰ তৰকাৰী আছিল যদিও ইতিমধ্যে শেষ হৈছে। শওকতে পোলাওৰ অৰ্ডাৰ দিলে। অতি বিনীতভাৱে ৰেষ্টুৰেণ্টৰ ল’ৰাজনক ক’লে যে মাংসৰ জোল যদি ৰৈ গৈছে তাৰে যেন অলপ বেলেগকৈ দিয়ে। পোলাওৰ অৰ্ডাৰ আহিল আৰু এবাতি জোলো লগতে আহিল। পিয়াঁজ, কেঁচা জলকীয়াৰ চালাদৰ প্লেট এখনো দিলে। শওকতে খাবলৈ আৰম্ভ নৌ কৰোঁতেই আফতাব ৰেষ্টুৰেণ্টখনলৈ সোমাই আহিল। ইফালে সিফালে চাই তেওঁ শওকতৰ কাষ পালেহি। গম্ভীৰ মাত এটাৰে সুধিলে – ‘তুমিয়েই শওকত নহয় জানোঁ?’ শওকত থতমত খাই থিয় হ’ল। আফতাবে ক’লে – ‘মোৰ ছোৱালীয়ে তোমাক আজি দুপৰীয়া নিমন্ত্ৰণ কৰা নাই জানোঁ?’
: হয়।
: টেবুলত খোৱাবস্তুবোৰ সজোৱা হৈ গৈছে। খাবলৈ আহাঁ। মোৰ ছোৱালী তোমাৰ বাবে অপেক্ষা কৰি আছে।
আফতাব চাহাবে ল’ৰাজনৰ পিঠিত আলফুলকৈ হাত এখন থৈ ক’বলৈ ধৰিলে – ‘ছোৱালীজনীয়ে বৰকৈ কান্দি আছে, জানানে? ইমান কান্দিবলৈ কি হ’ল মই বুজি নাপাওঁ। তাই আজি প্ৰথমবাৰৰ বাবে মিছামাছ ৰান্ধিছে। বলাচোন খাই চাবা!’