আধৰুৱা-স্মৃতি (ঋতুমণি কাকতি)
সৰু চহৰৰ লৰা মই| এনেকৈ কিয় চাইছা মোলৈ, ম’ই কিবা কোনো ডাঙৰ চহকীৰ নষ্ট ল’ৰা আছিলোনেকি? প্ৰতিমাহে দেউতাই মোলৈ পঠোৱা ধনৰ পৰিমাণ বাঢ়িছিল, সম্পূৰ্ণ ১০০ টকা| যিদিনা পাইছিলো নিজকে ৰজাৰ নিচিনা লাগিছিল| বচ আৰু কি, পইছা আহি পাইছে যেতিয়া গধূলি পৰেশৰ দোকানত চিঙৰা-চাহৰ আদ্দা| তাৰ পিছত বিহাৰী খুৰাৰ পৰা বাদাম কিনি খোৱা, আৰু জাৰৰ দিনবোৰত গভীৰ নিশালৈ গীত শুনা| চোৱাচোন কথাবোৰ কিমান দুৰলৈ গুচি গ’ল| আইতাই মধুৰি কাটি নিমখ লগাই খাব দিছিলে, আবেলি বাটেৰে ৰসগোল্লাৱালা আহিছিল, মুৰত এটা বাকচ লৈ| ব’চ তেতিয়াটো ফেচবুকৰ অৰ্থ আছিলে ফেচ সদায় বুকত সোমাই থোৱা| তেতিয়াটো না ই-মেইল আছিলে, না জি-মেইল, আৰু মনত যি গৰাকী ফি-মেইল আছিলে, তেওঁৰ লগত কথা পতাৰ একমাত্ৰ উপায় আছিলে ডাকোৱালৰ চিঠি| প্ৰতি ১০-১২ দিনৰ পিছত এখন চিঠি আহিছিল| বাৰাণ্ডাত মায়ে আম কাটি শুকাব দিছিলে, আচাৰ বনাবলৈ| গৰমৰ দিনত মোমাইৰ ঘৰৰ পৰা কুঁহিয়াৰ আহিছিলে, জাৰত গৰম গৰম বুট ভাজি, লেপৰ তলত বহি আদা দিয়া চাহ আৰু টিভিত গীতিমালিকা চাইছিলো| দুৰ্গা পূজা চাব গৈছিলো দেউতাৰ লগত, কোনো ভয় নোহোৱাকৈ| তেতিয়া উগ্ৰপন্থী আৰু বোমা ফুটাৰ ভয় নাছিলে| কেতিয়াবা প্ৰথম দেখাৰ ভাল পোৱা, চাহৰ কাপটো দিওতে যদি হাতখন কেনেবাকৈ স্পৰ্শ হৈছিলে তেন্তে গোটেই মাহটো সপোন দেখিছিলো| ভাল দিন আছিলে সেইবোৰ, জানো কত হেৰাই গ’ল !
অকলশৰীয়া মানুহৰ চহৰত অকলশৰে থাকো ম’ই| কেতিয়াবা নিজৰ পৰাই লুকাইছো, আকৌ কেতিয়াবা নিজকে লগ পাব বিচাৰো ম’ই| ৰাতি দেৰিকৈ শোঁ, ৰাতিপুৱা দেৰিকৈ উঠো| কোনোবাই ভাত বনাই দিয়ে, কোনোবাই কাপোৰ ধুই দিয়ে| ম’ই….. ম’ই মাত্ৰ ৰবটৰ দৰে চলি আছো, জীৱনৰ আলিবাটত, বিমান বন্দৰত হেৰাই যোৱা এটা চুইটকেছৰ দৰে, অকলে| কেতিয়াবা কেতিয়াবা বহুত ধুনীয়া লাগে এই নিসংগতা আৰু কেতিয়াবা মোক হত্যা কৰিব বিচৰা শত্ৰুৰ তেজাল চকুৰ দৰে| আজি বহি আছো খিৰিকীৰ সন্মুখত, আদা দিয়া চাহৰ পিয়লাটো লৈ| কিমান বছৰ যে হ’ল নিজৰ লগত এনেকৈ বহি পোৱা নাই| কিমান দিনৰ পিছত যে মোৰ বন্ধু এই চহৰখনৰ শব্দবোৰ শুনিছো| আলিবাটেৰে অহৰহ চলি থকা তীব্ৰ বেগী গাড়ীবোৰ, নাজানো কিমান দিন যে হৈ গ’ল মোৰ দৰে এলেহুৱাবোৰে ৰাতিপুৱাৰ শান্ত চহৰখন যে দেখাই নাই| আগতে মোৰ ৰাতিপুৱাবোৰ এটা বেলেগ শব্দৰে আৰম্ভ হৈছিল, সেই যে আকাশবাণীৰ ৰাতিপুৱা আৰম্ভণিৰ ধুনটো| আজি আকৌ সেই ধুনটি শুনিছো| নাজানো কি মন গ’ল আজি অ’ফিচৰ পৰা ছুটি লৈ ললো| দেউতাই পুৰণি চামৰাৰ বেগটো আৰু চেণ্ডেলজোৰ পিন্ধি সদায় গৈছিল| ম’ই ভাবিছিলো যেতিয়া চাকৰি পাম, দৰমহা পাম তেতিয়া দেউতাক এটা ভাল বেগ উপহাৰ দিম| এতিয়া চাকৰি কৰো, মোটা-মোটি ভাল দৰমহা পাও, কিন্তু কিমান দিন যে হ’ল ঘৰলৈএ যাব পৰা নাই| এতিয়া ফোনত কথা পাতো, মায়ে এচ.এম.এচ. কৰিবও শিকি লৈছে| কেতিয়াবা কেতিয়াবা অফিচত বহি থাকোতে মুখেৰে হাঁহি ওলাই আহে, মায়ে এচ.এম.এচ. কৰে “হাও আৰ ইউ?” এই দেশখন সচাকৈ সলনি হ’ব লৈছে বন্ধুসকল| মাৰ এচ.এম.এচ., সেয়াও ইংৰাজীত| এটা সময় আছিলে, না ফোন আছিলে, না এচ.এম.এচ.| ডাক্তৰৰ ক্লিনিকৰ দৰে ২ মিনিট কথা পাতিবলৈ পি.চি.ওৰ সন্মুখত শাৰী পাতিব লাগিছিলে, এটা সময় আছিলে যেতিয়া ইনলেণ্ড পত্ৰত চিঠি লিখিব লাগিছিলে| তেতিয়া যেতিয়া সকলোৱে একেলগে বহি খোৱা হৈছিলে, গধূলি যেতিয়া ঘৰৰ শিশুবোৰে আইতাকৰ ভৰি পিতিকি দিছিলে আৰু তাৰ বিনিময়ত বুঢ়ী আইৰ সাধু শুনিছিলে| প্ৰায়ে ভাবো ময়ে অকলে ইমান সলনি হৈছো নে গোটেই পৃথিৱী খনেই সলনি হৈছে|