আনিনি ইত্যাদিৰ বিষয়ে

লেখক- -- ৰজত গগৈ

 আনিনি হ’ল অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকা জিলাৰ এখন ঠাইৰ নাম। এটা ৰাজহ চক্ৰৰ সদৰ ঠাই যদিও জনবসতি বৰ বেছি নহয়। ‘আহি’ নামৰ দিবাঙৰ এখন উপনৈ উত্তৰ-পশ্ছিম দিশৰপৰা বৈ আহি পূবত দিবাং নৈত মিলিছেহি। সেইবাবে ইয়াক ‘আহি – উপত্যকা’(Ahi Valley) বুলিও জনা যায়। কৰ্মসূত্ৰে নাহৰলগুনৰপৰা ইয়ালৈ বদলি হৈ আহিবলগীয়া হৈছিল ২০১৬ চনৰ অক্টোবৰ মাহত। অক্টোবৰৰ তিনি তাৰিখে যোৰহাটৰপৰা ধলা- শদিয়া ঘাট পাৰ হৈ সন্ধ্যা ৰয়িং পাওঁগৈ আৰু ৰয়িঙত ৰাতিটো কটাই পাছদিনা অৰ্থাৎ ৪ অক্টোবৰৰ দিনা আনিনিলৈ যাত্ৰা কৰিলোঁ।
আনিনিৰ নামটোহে শুনি আছিলোঁ, যোৱা নাছিলোঁ কেতিয়াও। যোৱাৰ প্ৰয়োজনো হোৱা নাছিল। প্ৰয়োজন আহি পৰিলেতো উপায় নাই। যেতিয়া আনিনিলৈ যোৱাৰ একান্ত প্ৰয়োজন হৈ পৰিল তেতিয়া এজন মানুহৰ সহায়, দিহা-পৰামৰ্শ, সাহচৰ্যৰ কথা স্বীকাৰ কৰিবই লাগিব। তেওঁ হ’ল শ্ৰীলোকনাথ শৰ্মা। তেওঁ যোৱা মাহত (মে’/২০২৪) চাকৰিৰপৰা অৱসৰ লৈছে। তেওঁ আনিনিত প্ৰায় পোন্ধৰ বছৰ চাকৰি কাল কটাই শেষত চাকৰিৰপৰা অৱসৰ ল’লে। তেওঁৰ লগত মোৰ চিনাকি আছিল ২০০৮ চনৰপৰা। তেখেত আছিল দিবাং উপত্যকা জিলাৰ বিষয়ে সম্যক জ্ঞান থকা এজন অভিজ্ঞ লোক। তেখেতৰ ঘৰ শদিয়াৰ চাপাখোৱাৰ ৫ নং শান্তিপুৰ গাঁৱত। নেপালী সম্প্ৰদায়ৰ হ’লেও অকণো খোকোজা নলগাকৈ অসমীয়া ক’ব জানে। তেওঁৰ পৰা আনিনিৰ বিষয়ে কিছু তথ্য জানি লৈহে আনিনিলৈ বদলি হৈ যোৱাত উৰ্ধতম কৰ্তৃপক্ষক সন্মতি জনাইছিলোঁ।
আনিনিৰ ৰাস্তা মই প্ৰথম যোৱাৰ সময়লৈকে বৰ দুৰ্গম আৰু বিপদসংকূল আছিল বুলিব পাৰি। ৰাস্তা বৰ ঠেক আছিল। সকলো ঠাইতে বিপৰীতমুখী দুখন গাড়ী সহজে অতিক্ৰম কৰিব পৰা নাছিল। তেনে অৱস্থাত কোনোবা এখন গাড়ী বহুদূৰ পিছুৱাই নিব লগাত পৰিছিল। এই কামটো অলপ বিপদজনক আছিল। GREF ৰ তত্ত্বাৱধানত ১৯৯০ চন মানতহে ৰয়িঙৰপৰা আনিনিলৈ গাড়ী চলিব পৰা ৰাস্তা সম্পূৰ্ণ হৈ উঠে। ৰাস্তাটো ঠেক আছিল বাবে সকলো গাড়ীৰ উপযোগী(Motorable)বুলি নকৈ জীপ গাড়ীৰ উপযোগী(Zeepable road)বুলিহে কোৱা হৈছিল।
আশীৰ দশকৰ আগলৈকে ৰয়িঙৰপৰা আনিনিলৈ ৰাস্তাৰ নাম-গোন্ধেই নাছিল। কেৱল পৰ্টাৰ ট্ৰেকেৰে খোজকাঢ়ি মানুহে অহা-যোৱা কৰিছিল। ৰয়িঙৰপৰা খোজকাঢ়ি আনিনিলৈ যাবলৈ চৰকাৰী হিচাপত তেৰ দিনৰ ৰাস্তা আছিল। চৰকাৰী চাকৰিয়ালৰ লগত বস্তু কঢ়িয়াই নিয়া এ.এল.চি.(ALC)বিলাকৰ অহা-যোৱা দুয়োটা মিলাই মাহচেৰেক লাগি গৈছিল বাবে বহুতো এ.এল.চি আনিনিৰপৰা ঘূৰি নাহি তাতেই থাকি গৈছিল। কাৰণ সেই সময়ত চাকৰিয়ালৰ সংখ্যাও বৰ কম আছিল আৰু কাম কৰিব পৰা বা কষ্ট কৰিব পৰা মানুহৰো বৰ অভাৱ আছিল। সেয়েহে নেপালী সম্প্ৰদায়ৰ এ.এল.চি.বিলাকক বিষয়া-কৰ্মচাৰীসকলে পিয়ন চকীদাৰ আদি কামত মকৰল কৰি জোৰ জবৰদস্তি ৰাখি থৈছিল। সেই বাবেই দিবাং ভেলী জিলাৰ বিভিন্ন প্ৰশাসনিক কেন্দ্ৰবিলাকত নেপালী সম্প্ৰদায়ৰ লোক ভৰি পৰিছিল। তেওঁলোকৰ লগত স্থানীয় ইদু মিচিমিসকলে ভাষিক আদান-প্ৰদান কৰিবলৈ ধৰাৰ ফলতেই দেখা যায় যে বেচিভাগ ইদু মিচিমি লোকেই সুন্দৰকৈ নেপালী ক’ব জানে। নেপালী আৰু ইদু মিচিমিৰ মাজত ভালেমান বৈবাহিক সম্পৰ্কৰ ফলতো দিবাং ভেলী জিলাত নেপালী ভাষাটোৱে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।
নব্বৈৰ দশকলৈকে ৰয়িঙৰপৰা হুনলিলৈকে অৰুণাচল ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলাচল কৰিছিল। হুনলিৰপৰা আগলৈ আনিনিৰ ফাললৈ যাবলৈ হ’লে খোজকঢ়াৰ বাদে গত্যন্তৰ নাছিল। GREFৰ তত্ত্বাৱধানত নব্বৈৰ দশকৰ শেষৰ ফাললৈ অৰ্থাৎ ১৯৯০ চনত ৰয়িং আনিনিৰ মাজৰ পথটো সম্পূৰ্ণ হৈ উঠে যদিও বাচ চলাচলৰ বাবে উপযোগী হৈ উঠা নাছিল। যাত্ৰী অহা যোৱাৰ বাবে প্ৰথম অৱস্থাত বস্তু কঢ়িওৱা ট্ৰাকবিলাকৰ ওপৰতে নিৰ্ভৰশীল হ’ব লগা হৈছিল অথবা GREFৰ ট্ৰাক বা ডাম্পাৰত উঠি টুকুৰা-টুকুৰিকৈ যাত্ৰা কৰিবলগীয়া হৈছিল। ট্ৰাক চালকসকলক সেই সময়ত কেৱল ড্ৰাইভাৰ নুবুলি ড্ৰাইভাৰ চাহাব বুলিব লগা হৈছিল। তেওঁলোকেও নিজৰ ইচ্ছা অনুসৰি ঠায়ে ঠায়ে ৰৈ তিনি চাৰি দিনৰ মূৰতহে গৈ আনিনি পাইছিল। গতিকে ড্ৰাইভাৰ চাহাবৰ দয়াৰ অবিহনে প্ৰায় ২০০০চন মানলৈকে আনিনি যাত্ৰা কিমান দুৰূহ আছিল কল্পনা কৰিব নোৱাৰি। টাটা চুমু গাড়ী যেতিয়াৰপৰা উপলব্ধ হ’ল তেতিয়াৰপৰা দিবাং ভেলীবাসীয়ে কিছু সকাহ পালে। ৰাস্তা বৰ ভাল নোহোৱাৰ বাবে আৰু মাজে সময়ে ভূমিস্খলন হৈ ৰাস্তা বন্ধ হৈ পৰে বাবে কেতিয়াবা নহয় কেতিয়াবা জীয়াতু ভুগিয়েই থাকিব লগা হৈছিল।
পথ পৰিবহণ ব্যৱস্থা নহ’লে মানুহৰযে কিমান অসুবিধা হয় সেয়া আনিনিবাসীতকৈ যেন আনে হয়তো ভালকৈ বুজি নাপাব। চৰকাৰী প্ৰশাসনিক কেন্দ্ৰসমূহত খাদ্য সামগ্ৰীৰ অভাৱ পূৰণ কৰিছিল CPO Centre সমূহে। এই বিলাকত যোগান আৰু পৰিবহণ(Supply&Transport)বিভাগে ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্তাৰৰ সহায়ত খাদ্য সামগ্ৰীৰ এয়াৰ ড্ৰপিং কৰাই চৰকাৰী চাকৰিয়াল আৰু পিছলৈ স্থানীয় জনসাধৰণকো খাদ্য বিতৰণ কৰিছিল। পথ পৰিবহণ ব্যৱস্থা সুচল হোৱাৰ পূৰ্বে দিবাং ভেলী জিলাত থকা CPO কেন্দ্ৰসমূহ আছিল-দেচালী, হুনলী, ক্ৰনলী, ইটালীন, মালিনী, আনিলি, আনিনি, আলিনি(ALG-Advanced Landig Ground) আৰু মিপি। প্ৰত্যেকটো CPO Centreৰ লগত একোটাকৈ হেলিপেড নিৰ্মাণ কৰা হৈছিল। হেলিকপ্তাৰেৰে খাদ্য সামগ্ৰী ড্ৰপিং আৰু লেণ্ডিং কৰিছিল আৰু ঘূৰি আহোঁতে যাত্ৰী কঢ়িয়াই পাচিঘাট নাইবা মোহনবাৰীলৈকে লৈ আহিছিল। সেই বাবেই যোগান আৰু পৰিবহণ বিভাগটো এটা গুৰুত্বপূৰ্ণ বিভাগ আছিল। পথ পৰিবহণ ব্যৱস্থাই যিবিলাক প্ৰশাসনিক কেন্দ্ৰক চুই যাব ধৰিলে সেইবিলাক CPO কেন্দ্ৰ লাহে লাহে বন্ধ কৰি দিয়া হ’ল। ২০১৬ চনত দিবাং ভেলী জিলাত মাত্ৰ এটা CPO Centre হে চলি আছিল। সেইটো আছিল আনিলি। পথ পৰিবহণে আনিলিকো স্পৰ্শ কৰাত ইয়াকো ২০১৯ চনৰ ডিচেম্বৰ মাহত বন্ধ কৰি দিয়া হ’ল।
২০১৭চনৰপৰা ৰয়িং-আনিনিৰ ৰাস্তা হাইৱে’লৈ পৰিবৰ্তনৰ কাম আৰম্ভ হয়। বৰ্তমান হাইৱে’ৰ কাম বহু আগবাঢ়িল। ধলা-শদিয়া সংযোগী ‘ড° ভূপেন হাজৰিকা সেতু’ৱে ৰয়িং-আনিনিৰ মাজৰ হাইৱে’ৰ কামৰ দ্ৰুততা বৃদ্ধি কৰিলে। বৰ্তমান দিবাং ভেলীৰ বাসিন্দাসকলৰ বৃহৎ পৰিৱৰ্তন হৈছে। সময়ৰ লগত খোজ মিলাই আগবাঢ়ি যাব পাৰিছে। বৰ্তমান আনিনি এক আকৰ্ষণীয় পৰ্য্যটনস্থলী হিচাপে গঢ় লৈ উঠিছে।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!