আপোনাৰ জ্বৰ হ’লেই জ্বৰ-শুং ওলাই নেকি?

লেখক- - গৌৰীশংকৰ দাস

Fever Blister, ঘৰুৱা ভাষাত জ্বৰ-শুং বুলি যিটোক কয়, এইটো আচলতে এটা অতিকৈ সংক্ৰামক ভাইৰাছজনিত ৰোগ৷ সাধাৰণতে এই ৰোগবিধ Herpes simplex virus-1 চমুকৈ HSV-1 নামৰ ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত হয়৷
মন কৰিছেনে যে, জ্বৰ-শুং যিজনৰ মুখত ওলাই, তেওঁৰ মাজে-মধ্যে জ্বৰ হ’লে ওলায়েই থাকে৷ যেতিয়া ওলাই, ৫/৬ দিন খোৱা-বোৱাত বৰ কষ্ট হয়৷ Blister ওলোৱা ঠাইখিনিত তীব্ৰ জ্বলন বা বিষ অনুভৱ হয়৷ তাৰ পাছত শুকাবৰ সময়ত অসহ্যকৰ পিৰপিৰণি আৰু খজুৱতি! যাৰ হয় সিহে বুজিব কি যন্ত্ৰণা! বছেৰেকত দুই তিনিবাৰ এইটো হৈয়েই থাকে৷
আচলতে জ্বৰ হোৱাৰ বাবে জ্বৰ শুং নোলায়৷ বহুতে ভাৱে যে জ্বৰ শুং ওলাই গ’লে ভাল, জ্বৰ একেবাৰে ওলাই গুচি গৈছে৷ এইটো ভুল ধাৰণা৷ প্ৰকৃততে HSV-1 infectionৰ বাবেহে Blister form কৰে আৰু তাৰে ফলত জ্বৰ, মূৰৰ বিষ, গাৰ বিষ লগতে খাবলৈ মন নোযোৱা আদি লক্ষণে দেখা দিয়ে৷ মূল জেংটো এই ভাইৰাছটোৱেহে লগায়৷
Fever Blister বা Cold Sore ৰোগৰ কাৰক ভাইৰাছবিধ এবাৰ দেহত সোমাই সংক্ৰমণ ঘটোৱাৰ পাছত মানুহজন আৰোগ্য হ’লেও এই ভাইৰাছবিধ স্নায়ুকোষত সোমাই থাকি যায়৷ যেতিয়াই তাৰ অনুকূল পৰিৱেশ পায়, তেতিয়াই সি পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰি ছাললৈ ওলাই আহি Blister গঠন কৰি যন্ত্ৰণা দিবলৈ আৰম্ভ কৰে৷


দুখৰ কথাটো এইটো যে Fever Blister ৰোগৰ কাৰক ভাইৰাছটো দেহৰপৰা একেবাৰে খেদি পঠাব নোৱাৰি৷ এণ্টিভাইৰেল দৰৱৰ জৰিয়তে এটা এবাৰৰ বাবে মানুহজনক সকাহ দিয়াব পাৰি (আচলতে দৰৱৰ বিশেষ প্ৰয়োজন নাথাকে) যদিও নিৰ্মূল কৰাটো সম্ভৱ হোৱাগৈ নাই৷


এই ৰোগৰপৰা কেনেকৈ বাচি থাকিব?
যিহেতু এই ৰোগবিধ সংক্ৰামক, সেয়ে সংক্ৰমিত ৰোগীৰপৰা দূৰত থাকক৷ হাতেৰে নুচুব৷ ৰোগীয়ে ব্যৱহাৰ কৰা বাচন, টাৱেল বা আন সামগ্ৰীসমূহ হাতেৰে নুচুব৷ চাফ-চিকুণতা বজাই ৰাখিব সকলোতে৷
কেতিয়াবা তীব্ৰ সূৰ্য্যৰ ৰশ্মিয়েও এই জ্বৰ-শুং উলিয়ায়৷ আপোনাৰ ক্ষেত্ৰত কিহে এই শুং উলিওৱাত অৰিহণা যোগায় তাক বিচাৰি উলিয়াই তাৰপৰা সদায় দূৰত থাকক৷


Infection হোৱাৰ পাছত পুষ্টিকৰ আহাৰ খোৱাটো আৰু চাফ-চিকুণকৈ থকাটো জৰুৰী৷ সকলোতকৈ জৰুৰী এবাৰ চিকিৎসকৰ লগত কথা পতাটো৷
মোৰ বৰ সৰুতেই এই ভাইৰাছটোৰ infection হ’ল৷ সময়ে সময়ে তাণ্ডৱ কৰে৷ বছৰত এবাৰমান৷ এইবাৰ হৈছে৷ আজি তিনিদিন হ’ল৷ না খাব পাৰিছোঁ না শুব পাৰিছোঁ৷ ধিক্কাৰ এই বেমাৰ!
সংলগ্ন ফটোখন গুগলৰপৰা লোৱা৷ মোৰ তাতকৈ প্ৰায় ১১/১২ গুণ বেছিকৈ হৈছে৷ অনুমান কৰক৷
এই বেমাৰটোৰপৰা সাৱধান!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!