আমাক আৰু গৱেষণাৰ প্ৰয়োজন আছেনে?

লেখক- দীপাংকৰ ওঝা

প্ৰথমে বুজোঁ গৱেষণা কি? গৱেষণাৰ মৌলিক উদ্দেশ্য মোৰ জ্ঞানৰ মতে, হৈছে advancement of knowledge, মানে যিখিনি existing knowledge আছে তাত নতুন চিন্তাৰ লগত সংযোজন কৰি জ্ঞানৰ উৎকৰ্ষ সাধন কৰা। 

ইয়াৰপৰা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হয় যে জ্ঞানৰ বাবে কোনো saturation point আছেনে, নে ই অসীম?

যিকোনো ক্ষেত্ৰৰ দৰেই জ্ঞানেও এটা ট্ৰেজেক্টৰী অনুসৰণ কৰে—ইয়াৰ প্ৰাৰম্ভিক আৰোহণ (climb), পৰিপক্বতাৰ পৰ্যায়( maturity) আৰু শেষত, অৱনতি ঘটে (diminishing)। 

যেতিয়া কোনো বিষয় নতুন হয়, তেতিয়া ই অনুসন্ধান কৰিবলৈ আগ্ৰহী অধিক গৱেষকক আকৰ্ষণ কৰে। সেই ক্ষেত্ৰখনৰ গৱেষণা আগবাঢ়ি যোৱাৰ লগে লগে নতুন জ্ঞানৰ উন্মেষ ঘটে, আৰু এটা সময়ত ই maturity point পৰিপক্বতাৰ বিন্দুত উপনীত হয়। কিন্তু যেতিয়া অত্যধিক গৱেষকে একেটা বিষয়তে গুৰুত্ব দিয়ে, তেতিয়া তথ্যসমূহ প্ৰায়ে overlapping হয়, নতুন চিন্তাবোৰ নোহোৱা হয়, যাৰ ফলত ক্ৰমান্বয়ে প্ৰাসংগিকতা হেৰুৱাই পেলায়। 

 উদাহৰণস্বৰূপে, শ্বেক্সপীয়েৰ আৰু তেওঁৰ ৰচনাৰ কামবোৰ বিবেচনা কৰিব পাৰোঁ। শ্বেক্সপীয়েৰৰ বিষয়ে ১৬ হাজাৰৰো অধিক ডক্টৰেট ডিচাৰ্টেচন লিখা হৈছে, ২০০৪ চনলৈকে এতিয়া সম্ভৱ এই সংখ্যাটো ২০ হাজাৰ মান হ’ব।

বিগত ২৫০ বছৰ ধৰি শ্বেক্সপীয়েৰৰ ৰচনাসমূহ বিশ্বজুৰি সাহিত্য পণ্ডিতসকলৰ কেন্দ্ৰবিন্দু হৈয়েই আছে, বিশ্বজুৰি scholar সকলে শ্বেইক্সপীয়েৰৰ সাহিত্যৰ ওপৰত গৱেষণা কৰিয়ে আছে আৰু ইয়াৰ ফলত, এটা জটিল প্ৰশ্ন আমি ভাৱিব পাৰো, সেইটো হ’ল, পৃথিৱীক সঁচাকৈয়ে আন এটা শ্বেক্সপীয়েৰৰ গৱেষণাৰ প্ৰয়োজন আছেনে? 

শ্বেক্সপীয়েৰৰ ৰচনাসমূহৰ অধ্যয়ন কৰিবলৈ মানুহে সঁচাকৈয়ে আগ্ৰহী নেকি? ইয়াৰ ওপৰত গৱেষণা কৰিবলৈ আৰু কিবা বাকী আছে নেকি? 

Study অনুসৰি বহু ছাত্ৰ-ছাত্ৰীয়ে শ্বেক্সপীয়েৰৰ বিষয়ে অধ্যয়ন কৰাটো বিৰক্তিকৰ বুলি বিবেচনা কৰে। এয়া অকল শ্বেক্সপীয়েৰৰ সাহিত্যই নহয়, তথাকথিত সোণালী যুগৰ ৱৰ্ডছৱৰ্থ, মিল্টন আৰু অন্যান্য বিশিষ্ট লেখকসকলৰ ক্ষেত্ৰতো একে দেখা যায়। হাজাৰ হাজাৰ গৱেষণা পত্ৰ তেওঁলোকৰ সাহিত্যৰ ওপৰত লিখা হয়, critical analysis কৰা হয়, কিন্ত এইবোৰৰ public walfare value কি, ইয়াৰ ফলত কি নতুন জ্ঞানৰ উৎকৰ্ষ হৈছে? 

 শংকৰদেৱ, ভূপেন হাজৰিকা, অৰুণোদয় যুগৰ, ৰামধেনু যুগৰ, স্বাধীনতা-উত্তৰ যুগৰ প্ৰভাৱশালী সাহিত্যিক, কবিৰ সাহিত্যবোৰক লৈ শ শ গৱেষণা হৈছে, কিন্তু প্ৰশ্ন হয়, ইয়াৰ দ্বাৰা জনসাধাৰণ কেনেদৰে উপকৃত হৈছে? কি নতুন জ্ঞানৰ সন্ধান পাইছে? 

দুৰ্ভাগ্যবশত এই বিষয়ে বিশেষ আলোচনা দেখা নাযায়। শংকৰদেৱৰ হওক, ভূপেন হাজৰিকাৰ ৰচনাবোৰ হওক, বা লক্ষ্মীনাথ বেজবৰুৱাৰ অসমীয়া লোক কথাবোৰ হওক, they have reached the saturation point.. There’s enough “diverse perspective”. Written over the time..

এতিয়া মই এইটো কোৱা নাই যে শংকৰদেৱৰ বিষয়ে সম্পূৰ্ণ অপ্ৰাসংগিক। তেওঁলোকৰ তাৎপৰ্য্য আছেই। কিন্তু মই ভাবো ইয়াৰ বাস্তৱ জীৱনত প্ৰাসংগিকতাক অনুসন্ধান কৰিব পৰা যায়। যেনে শংকৰদেৱৰ বিখ্যাত লিপোগ্ৰাম “কৰতল কমল কমল দল নয়ন”ৰ অধ্যয়ন কৰি ইয়াক অসমীয়া ভাষাৰ বাবে দ্ৰুত কি-ব’ৰ্ড টেক্সট ইনপুট বিকাশৰ বাবে কেনেদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ অনুসন্ধান হ’ব পাৰে (I am just imaging the feasibility, not sure)। দুৰ্ভাগ্যজনকভাৱে এনে ব্যৱহাৰিক প্ৰয়োগৰ অন্বেষণ খুব কমেইহে হয়। ফলত গৱেষণা প্ৰায়ে বৌদ্ধিক এটা সীমাৰেখাৰ মাজতে আৱদ্ধ থাকে, ই কেতিয়াও জনমুখী নহয়। 

অসমত, আমি অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এখন সমাজত বাস কৰোঁ, অৰ্থনীতি, সমাজনীতি, কৃষি হওক, তথাপি বহু scholar এ কেৱল ন্যূনতম প্ৰচেষ্টাৰ প্ৰয়োজন হোৱা low hanging topics বোৰৰ গৱেষণাত বেছি আগ্ৰহী হয়। এইটো বুজি নাপাওঁ, অসমীয়া সাহিত্য বুলিলে কেৱল দশক দশক আগৰ লেখকৰ ৰচনা, পদ্য, আদিৰ critical analysis পঢ়োঁ? 

এনে কিয় হ’ব নোৱাৰে অসমীয়া সাহিত্যৰ ছাত্ৰজনে, ui designer এজনৰ লগত লগ হৈ গাঁৱৰ আইতাজনীয়ে বুজি পোৱাকৈ অসমীয়া ভাষাত android phone ৰ User interfaceখন develop কৰি আছে (present one is horrible), নাইবা Economics r student গুৱাহাটী Flyover ৰ cost analysis কৰি গৱেষণা কৰিছে।

scholar সকলৰ লগত কথা পাতিলে দেখা যায়, তেওঁলোকে, বজাৰকেন্দ্ৰীক গৱেষণাক কিবা কাৰণত সম্পূৰ্ণ এলাগী কৰি ৰাখে। ইটো মানিছোঁ গৱেষণাবোৰ curiosity driven হোৱা উচিত, কিন্ত বাস্তৱৰ পৰা সম্পূৰ্ণ আঁতৰত থাকি কৰা গৱেষণাত যেতিয়া চৰকাৰী অনুদানৰ ব্যৱহাৰ হয়, মই ভাবো tax payer হিচাপে আমি সকলোৱে এই বিষয়ে প্ৰশ্ন সোধা উচিত। 

Scholar সকলৰ সৈতে হোৱা কথা-বতৰাত গম পালোঁ, যে বহুতো গৱেষণা গাইডে ছাত্ৰ-ছাত্ৰীক বেছি জটিল বিষয়ৰ গৱেষণা কৰিবলৈ নিৰুৎসাহিত কৰে। বৰঞ্চ তেওঁলোকে প্ৰায়ে এনে বিষয় নিযুক্তি দিয়ে যিবোৰৰ বাবে ন্যূনতম ক্ষেত্ৰভিত্তিক কাম বা ব্যৱহাৰিক জৰীপৰ প্ৰয়োজন হয়। 

এই সমস্যাটোৰ সমাধানৰ এটা উপায় হ’ল চাকৰিৰ বাবে যোগ্যতাৰ মাপকাঠীৰ পৰা গৱেষণাক আঁতৰোৱা। 

তেতিয়াহে প্ৰকৃত গৱেষকসকলে দীৰ্ঘম্যাদী গৱেষণাত মনোনিৱেশ কৰিব পাৰিব, বেছি অৰ্থপূৰ্ণ অৰিহণা আগবঢ়াব পাৰিব। গৱেষণাৰ মাপকাঠীত গৱেষণাৰ বিষয় বস্তুৰ বাস্তৱিক উপযোগীতা, বজাৰমুখী সম্ভাৱনা আদি ৰাখিব লাগে। 





শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!