আমাৰ দিনৰ গৰমৰ বন্ধবোৰ

লেখক- ধীৰেণ শইকীয়া

সম্প্ৰতি গৰমৰ বন্ধ! গৰমৰ বন্ধৰ কৰ্মসূচী আজি পিছে সুকীয়া হৈছে, মহানগৰীত থাকি পুৰণি দিনৰ অভিজ্ঞতাবোৰ দূৰতে হেৰাল। এতিয়া গৰমৰ বন্ধ মানেই গান নাচ, নাটকৰ কৰ্মশালাৰ বাহিৰে একো নহয়। এইবোৰো দৰকাৰী, পিছে ভাবো আমাৰ ল`ৰা-ছোৱালী দুটাই সেই তাহানিৰ “পেয়াক”ৰোৱা, বৰশী বোৱা, উজানৰ মাছ কটা, পথাৰৰ অভিজ্ঞতাবোৰ কেতিয়াবা পাবনে? পাবনে গৰমৰ বন্ধৰ কিনকিনীয়া বা ছাগলী খেদা বৰষুণজাক, নে হোমৱৰ্কৰ বোজা আৰু ছিলং, চিকিম ফুৰি অহাৰ প্ৰতিযোগিতাতে মত্ত হ’ব?

গৰমৰ বন্ধ দিয়াৰ দিনা ৰাতিপুৱা সাত বজাৰ পৰা দহবজালৈহে আমাৰ বিদ্যালয় হৈছিল। সেইদিনা বিদ্যালয়ত শ্ৰেণী নহৈছিল, বিদ্যালয়ো সোনকালে ছুটী হৈছিল। লগতে মনত পৰে সেইদিনা বিদ্যালয়ত সভা এখন হোৱাৰ কথাটো, য’ত আমি গৰমৰ বন্ধত এমাহ কেনেদৰে সময় কটাব লাগে চাৰ-বাইদেউ আটায়ে নিজৰ নিজৰ ধৰণেৰে উপদেশ দিছিল। মাজে মাজে আমাৰ লগৰীয়াসকলৰ দ্বাৰা সভাত গীত-মাত, কবিতা পাঠ আদি হৈছিল। স্কুল চৌহদৰ প্ৰকাণ্ড ৰাধাচূড়া ডালৰ তলৰ এই সভাখনৰ কথা আজিও সাঁচি থৈছোঁ হৃদয়ৰ থাপনাত। আমাৰ লগৰ তিনি-চাৰিজনে মিলি চুটি নাটকো কৰিছিলোঁ এই সভাতেই। সভাৰ শেষত বুট-কল দিছিল আমাক। অনুষ্ঠানৰ শেষত ছাত্ৰ-ছাত্ৰী আটায়ে মিলি ঘাঁহনিত শ্ৰদ্ধাৰ চাৰসকলৰ উদ্দেশ্যি আমি আঁঠু লৈছিলোঁ। আটাইবোৰ শিক্ষকে শাৰী পাতি আমাৰ সেৱাঁ গ্ৰহণ কৰিছিল। যোৱা বিশ বছৰে পাহাৰে-পৰ্বতে বহু স্কুলত কাম কৰি আহিলোঁ, এনে অনুষ্ঠান ক’তো আজিলৈকে দেখা নাই। তাৰ পিছত এমাহ চাৰসকলক দেখা নাপাম বুলি হুৰাওৰাৱে আমি আবেগতে কান্দিছিলোঁ। মাইকত আমাৰ অধ্যক্ষ মহোদয় জীতেন্দ্ৰ নাথ ভট্টাচাৰ্য চাৰে কৈছিল “কলপাত লিখিবা দিনে দুখনকৈ” অৰ্থাৎ ত্ৰিশ দিনত ষাঠীখন কলপাত লিখাৰ এক ‘হম ৱৰ্ক’। এই কলপাত লিখাৰ কামটোৱেই হয়তো আমাকো পিছলৈ প্ৰভাৱান্বিত কৰিছিল বাবে আজিও কলপাতৰ সলনি বহীতেই ত্ৰিশটা প্ৰশ্ন দি আহিছোঁ ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ বন্ধৰ “হমৱৰ্ক” বুলি (মোৰ বিষয়টোত)। কলপাতত লিখিলে আখৰ গোট গোট হয়, আখৰ ভাল হয়, কটাকটি নহয়, স্পষ্ট হয়। হয়তো সেই অনুশীলনৰ বাবেই আমি পৰৱৰ্তী জীৱনত এই দিশত বহু ফল পাইছিলোঁ। কলপাতবোৰ লিখাৰ আহিলা আছিল, খাগৰিৰ কলম আৰু চিয়াঁহীৰ বড়িত পানী অলপ দি বনোৱা চিয়াঁহী। গৰমৰ বন্ধৰ খোলাৰ দিনা এবোজা কলপাত লৈ গৈছিলোঁ আৰু শিক্ষকসকলক দিছিলোঁ। 

গৰমৰ বন্ধত মামাহঁতৰ ঘৰলৈ যোৱাটো এটা প্ৰতি বছৰৰ ধৰা বন্ধা কথা আছিল। দুটা কাৰণত গৈছিলো তালৈ। এক—মামাহঁতৰ ঘৰলৈ গলে বহুত কিতাপ পঢ়িবৰ সুবিধা পাব পাৰোঁ আৰু প্ৰকৃতিৰ লগত উমলিব পাৰোঁ, বিশেষকৈ বৰশী বাব পাৰোঁ। সেই সময়ত সঁফুৰা, মুকুতা, বিজ্ঞান জেউতি, প্ৰান্তিক, বিস্ময় কি আলোচনী নাছিল মামাহঁতৰ ঘৰত। সেইবোৰ আলমাৰিৰ পৰা উলিয়াই পঢ়িছিলোঁ বন্ধৰ দিনকেইটাত। তিনিগৰাকী মামাৰ লগতে এগৰাকী মাহীয়েও গোগ্ৰাসে কিতাপ আলোচনী পঢ়িছিল সেইবোৰ দিনত। লগতে মাহীহঁতৰ বিয়াত বহু ভাল ভাল কিতাপ উপহাৰ দিছিল তেওঁলোকৰ আলহীবোৰে। সেইবোৰেৰেও আলমাৰী ঠাহ খাই আছিল। প্ৰধানতঃ এইবোৰ এখন এখনকৈ লিৰিকি-বিদাৰি চাবলৈ, সৰু-সুৰা বুজিপোৱাবোৰ পঢ়িবলৈকে মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। ডাঙৰ মামা আছিল ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ পুৰস্কাৰ লাভ কৰা শিক্ষক যোগেন্দ্ৰ কুমাৰ নাথ। বৰ্তমান পৰলোকগামী তেওঁ। এইগৰাকী ডাঙৰ মামাই গৰমৰ বন্ধত চোতালত ঢাৰি পাৰি প্ৰায়ে কৃষ্ণগীতা, শিৱগীতা আদি পুথি পঢ়িছিল। আইতাই ডাঙৰ বিছনী এখনেৰে আমাক চোতালত শুৱাই বিচি আছিল। ভাইটি, মই, মাহীয়ে পুথি শুনি আছিলোঁ শুই শুই। মাজে মাজে ভাঙনি কৈছিল ডাঙৰ মামাই সৰলভাৱে ৰস লগাকৈ। এইবোৰ শুনি কুমলীয়া মনটোত তেতিয়াই পুথিত কি কথা থাকে কিয় পঢ়ে অলপ অলপ বুজিব পাৰিছিলোঁ। আজিও মনত আছে মামাহঁতৰ ভৰালঘৰৰ সমুখৰ তুলশী তলত দৈনিক পুৱা গধূলি চাকি দিছিল, নামঘৰ নাছিল। 

মোৰ ঘৰখনতকৈ মামাহঁতৰ ঘৰখনে বিভিন্ন ধৰণে বেছিকৈ সাহিত্যৰ পথাৰলৈ অহাত বৰঙনি যোগাইছিল। কেতিয়াবা মামাক লগ কৰিবলৈ সন্ধিয়াৰ পৰা বহু মানুহ আহিছিল। দিলদাৰ মানুহ আছিল ডাঙৰ মামা। মামাহঁতৰ ঘৰতে বিভিন্ন সভা সমিতিও হৈছিল এই কেইদিনত। কেতিয়াবা কেতিয়াবা গৰমৰ বন্ধত ডাঙৰ মামাই ঘৰত ভোজ ভাতৰ আয়োজন কৰিছিল এই গাম্ভীৰ্য্যপূৰ্ণ সভাবোৰৰ শেষত। মামাহঁতৰ ঘৰলৈ বন্ধৰ দিনত নাটক কৰা, সাহিত্য সভা কৰা, ছাত্ৰ সংগঠন, নবীন লেখক লেখিকা সমিতি, মইনা পাৰিজাত আৰু যোগী সন্মিলনী কৰা কিমান মানুহক এনেদৰেই দেখিছিলো প্ৰথমে মই। তাতেই লগ পাইছিলোঁ সাংস্কতিক কৰ্মী তৰুন আজাদ ডেকা মামা, চিয়াগীতৰ শিল্পী ভদ্ৰ কান্ত নাথ আদি বহুজনকে। সেইসময়ত এই অনুষ্ঠানবোৰৰ কাৰ কি কাম নাজানিছিলোঁ। কেৱল মামাই কৈছিল—ইহঁতে ভাল কামত ব্যস্ত আছে ভাগিন। সমাজৰ উন্নতিৰ হকে কাম কৰা মানুহৰ পিছফালে ঈশ্বৰ ঘূৰি ফুৰি থাকে, মনত ৰাখিবা। গতিকে এই মানুহবোৰৰ সভাবোৰ, মাত কথাবোৰ মনে মনে শুনি আছিলোঁ। আচৰিত হৈছিলোঁ, কেতিয়াবা ৰাতি দোভাগলৈ কবিতাৰ আলোচনাই হৈছিল মামাহঁতৰ চোতালত। জোনাক নিশা মামাহঁতৰ চোতালত কেইবাদিনো কবিতা, গল্প পাঠ কৰা, গান বাজনাৰ আড্ডাটো পৰৱৰ্তী পৰ্যায়ত কতো দেখা নাই আজিলৈ। ক’ৰ পৰা চাইকেল লৈ লৈ আহি মানুহবোৰে তাত কবিতা গাইছিলহি আচৰিত হৈছিলোঁ! আশীৰ দশকত এনে এঘৰ সাংস্কৃতিক পৰিয়ালক পোৱাটো মই পূৰ্বজনমত কৰা কিবা পুণ্যৰ ফল বুলিহে ভাবো আজিও। মাজে মাজে মামাৰ লগত চেঙাপথাৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানলৈ যোৱাও মনত পৰে এই বন্ধতে। তাত তৰুন আজাদ ডেকাই (মই মামা বুলি মাতিছিলোঁ) চিয়া গীত গাইছিল—‘হৰি মোৰ ক’তে আছিলা প্ৰভু মোৰ ক’তে গৈছিলা বৈকুণ্ঠৰ গোসাই নাথ নাৰায়ন ক’তে আছিলা হৰি’। ভদ্ৰ নাথৰ কণ্ঠত শুনিছিলোঁ ‘অহে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেঁৱাৰ ফুল নাপালোঁ বিচাৰি’ নতুবা ‘আৰে চৈ ঐ কোন খানে আছা বন্ধু ৰৈ’ আজিও কাণত বাজি আছে। মাটিৰ গান আছিল এইবোৰ। 

লগতে এই বন্ধতে মামাহঁতৰ ঘৰৰ কাষৰ হোলাটোত আৰু পথাৰৰ মাজৰ সৰু সৰু পুখুৰীত বৰশী বাইছিলোঁ মই। বৰশী বোৱাৰ আনন্দ পাইছিলোঁ যদিও তাৰ মাজে মাজে মাছে টোপ গিলাৰ কষ্ট কিমান যন্ত্ৰণাদায়ক সৰুতেই উপলব্ধি কৰিছিলোঁ আৰু বুজিছিলোঁ এই কাম যে কিমান গৰ্হিতজনক! তথাপি অহেতুক তাড়নাত এই কাম কৰিছিলোঁ। কেঁকোৰা গাগলত কেনেকৈ থাকে – কেতিয়া ওলায়, কোনটো পুখুৰীত কুঁচিয়া থাকে। কেনেকৈ বোকাৰ মাজৰ পৰা কুঁচিয়াবোৰ উলিয়াব পাৰি তেতিয়াই জানিছিলোঁ। জানিছিলোঁ শিঙিমাছে বিন্ধিলে কি দিব লাগে সেই কথাও। আনহাতে, পথাৰত ৰোৱা কঠীয়াবোৰ হালধীয়া পৰা কিমান দিনৰ পিছত কজলা হৈ কেনেদৰে সেউজীয়া হয় এই সকলো কথা শিকিছিলোঁ মামাহঁতৰ লগুৱা-ৰুহুনীৰ পৰা। মোৰ জীৱনত লগুৱাৰ শিকনি আছিল ভালেখিনি। তাহানি দিনত প্ৰায়বোৰ ধনী মানুহৰ ঘৰত কাম কৰা লগুৱা আছিল। কিন্তু এইসকলক কাহানিও “চাকৰ” বুলি বেয়া ব্যৱহাৰ কৰা নহৈছিল। পৰিয়ালৰ সদস্য বুলিয়েই ভাবিছিল সকলোৱে। তেওঁলোকৰ সহায়ৰ ফলত এই পৰিয়ালবোৰৰ বাৰিষা তথা খৰালিৰ সকলো কাম-কাজ সম্পাদন হৈছিল বাবে মামাহঁতে যি খাই তাকেই খাবলৈ দিছিলৈ, কাপোৰ-কানিও কিনি দিছিলৈ, দুপৰীয়া জিৰণি লবলৈও দিছিল আৰু মাজে মাজে দুই-তিনিদিন থকাকৈ ঘৰলৈ যাবও দিছিল। এই লগুৱাবোৰে নীতি-নিয়ম মানি পথাৰ সমাৰৰ পৰা ঘৰৰ কামো কৰিছিল। লগুৱাবোৰেও মালিকক শ্ৰদ্ধা ভক্তি তথা সমীহ কৰি চলিছিল। পিছে আজিকালি তেনে লগুৱা পাবলৈ নাইকিয়া হ´ল। দিনবোৰ বাৰুকৈয়ে সলনি হৈছে এনেদৰে ঘৰত কাম কৰা ল’ৰাই হওক ছোৱালীয়েই হওক এতিয়া পোৱা নাযায়। 

এইখিনিতে আৰু এটা কথা কবই লাগিব যে, মই জীৱনৰ বহু কথা শিকিছিলোঁ সৰুতে বৰমাহঁতৰ বাহাদুৰ দাদা আৰু মামাহঁতৰ ৰুহুনীৰ পৰা। দুয়ো বৰ কৰ্মী লগুৱা আছিল। দুয়ো আছিল মালিকৰ প্ৰভুভক্ত। হাক-বচন শুনি মালিকৰ সংস্কাৰত ঘৰখনত থাকি অলপো নেতিবাচক কথা মনলৈ নানি অন্তঃকৰনেৰে দিন-ৰাতি কেৱল কামকেই কৰিছিল দুয়োৱে। আজি দুয়োৰে বয়স ষাঠী হবগৈ কিজানি। তথাপি ইমান কৰ্মপৰায়ণ হৈ আছে আচৰিত লাগে। মানুহ কিহেৰে জীয়াই থাকে বুলিলে এই দুগৰাকী লগুৱালৈ আজিও শ্ৰদ্ধাত মোৰ মূৰ দো খাই যায়। মানুহ জীয়াই থাকে কৰ্মেৰে, এই কথা কৰ চুক কেইটা বুলি চিনি নোপোৱা এই লগুৱা দুটাই মোক শিকাইছিল। 

মামাহঁতৰ পথাৰলৈ চাহ জলপান লৈ যোৱাৰপৰা গৰুক দুপৰীয়া পানী খুওৱালৈকে কামবোৰ বৰ মনোযোগেৰে কৰিছিলোঁ মামাহঁতৰ ঘৰত। 

গৰমৰ বন্ধত মুষলধাৰে বৰষুণ, ছাগলীখেদা বৰষুণ সকলোৰে মাদকতা উপভোগ কৰিছিলোঁ। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments