উত্তৰাধিকাৰী

লেখক- অনন্ত ভট্টাচাৰ্য

গল্পঃ উত্তৰাধিকাৰী

মূল লেখকঃ মঈনুল চানু

অসমীয়া অনুবাদঃ অনন্ত ভট্টাচাৰ্য

 

বলৰাম মুচিৰ দুজনী ছোৱালী৷ ডাঙৰ জীয়েক গণিকা আৰু সৰুজনীয়ে এখন বিউটিপাৰ্লাৰত কাম কৰে৷ বৈদ্যতলাৰ উতনুৱা যুৱকবোৰৰ মাজত খবৰ বিয়পি পৰিছে সৰু জীয়েকো হেনো আজিকালি ভাড়াত যায়৷

খবৰটো যিহেতু ৰটনা কৰা হৈছেই সেই খবৰ ৰাষ্ট্ৰ হ’বলৈ বেছি সময় নালাগিল৷ কুৎসা ৰটনাবোৰ সোনকালেই চাৰিওদিশে বতাহত বিয়পি পৰে৷

বলৰামে এইবোৰ লৈ কাহানিও মূৰ নঘমায়৷ ৰাতিপুৱা শুই উঠাৰ পাছত ৰ’দ আহি গাত পৰিলে বলৰাম মুচিৰ পত্নী বাসন্তীয়ে দিনৰ সাঁজৰ বাবে চৌকাত জুই দিয়ে৷ ৰন্ধন প্ৰকৰণ বুলিবলৈ দুমুঠি চাউলৰ লগত দুটা সিজোৱা আলু৷ মিঠাতেল শূন্য বটলটো যেতিয়া আলুৰ ওপৰত তলমূৰকৈ বহু দেৰি ধৰি ৰখাৰ পাছতো এটোপালো তেল বটলটোৰ পৰা নপৰে তেতিয়া বলৰামে তেলৰ আশা বাদ দিয়েই খাবলৈ বহে৷ বাসন্তীয়ে খঙত মুখেৰে অনৰ্গল বকি থাকে৷

“মতা মানুহ! ছি:! তোক মৰদ বুলি ক’বলৈকে চৰম লাগে মোৰ৷ এপোৱা তেল, দুই কেজি চাউল কিনাৰ সামৰ্থ্য নাথাকে আমাৰ বেটাৰ৷ ভিক্ষা কৰিব নোৱাৰ? এবেলা পেট ভৰাই ভাত খুৱাবৰ দম নাই! মতা মানুহ! থুই!”

বলৰামে ঘৈণীয়েকৰ বকনিলৈ কাণ নিদি ভাত কেইটা গিলি থাকে৷ এইখন সংসাৰত তেলবিহীন আলুপিটিকা নতুন কথা নহয়৷ বলৰামৰ এনেকৈ খাবলৈ অসুবিধা নহয়৷ কোনোমতে খোৱা শেষ কৰি তক্তাপোছখনৰ তলত থকা বাকচটো উলিয়াই লয়৷ বাসন্তীৰ খং দুগুণে চৰে৷ খবৰদাৰ তুমি সেইটো লৈ নাযাবা৷ এই বাকচটোত হাত নিদিবা কৈ দিছোঁ৷ কি এনে হাতী ঘোঁৰা ইনকাম কৰি আনা? সেইটো থৈ ভিক্ষা কৰিবলৈ যোৱা তুমি৷

বলৰামে চুপেচাপে ওলাই আহে৷ দিনকদিনে বলৰাম কিমান যে নিৰ্বিকাৰ মানুহত পৰিণত হৈছে! ৰাগ নাই, ক্ৰোধ নাই, প্ৰতিবাদৰ কোনো ভাষা নাই৷

সি জানে যি পুৰুষৰ ৰোজগাৰ নাই তাৰ কথা কোৱাৰো কোনো অধিকাৰ নাই৷ কাক কি ক’ব বলৰামে? কোনোদিনা চাউল এককেজি কিনিবলৈও তাৰ ইনকাম নহয়৷

বলৰামৰ সংসাৰত দুজনী জীয়েক, তাৰ পত্নী আৰু বৃদ্ধ মাক৷ পাচজনীয়া সংসাৰখন কেনেকৈ চলে বলৰামে গম নাপায়৷ আজিকালি সি জানিবলৈ চেষ্টাও নকৰে৷ বেছি জানিবলৈ বিচাৰিলেই বহুত বেছি অশান্তিৰ বাহ হয়৷ য’ত নিজে দুপইচা যোগাৰ কৰি দিব নোৱাৰে তাত অশান্তি বঢ়াই লাভ কি?

ইয়াৰ উপৰিও দৈনন্দিন অভাৱ অভিযোগৰ তালিকাখনে বলৰামৰ মনলৈ এক বৈৰাগী ভাৱ আনি দিছে৷ সি জানে কোনো প্ৰযোজনেই শেষ পৰ্যন্ত নাথাকে৷ পেটৰ ভোকত কোনো নমৰে৷ ইয়াতকৈও বেছি অভাৱৰ সন্মুখীন ল’ৰালিকালত বলৰাম হৈছিল৷ মাটিৰ বাচন লৈ কিমানদিন যে চুবুৰীয়াৰ ঘৰত বুভুক্ষুৰ দৰে বহি আছে, ভাত বনোৱাৰ সময়ত ভাতৰ কঢ়া মাৰ সেই পাত্ৰত তাক খাবলৈ দিব সেইটো আশাত৷ এতিয়াটো দিনত এবেলা হ’লেও ভাত খাবলৈ পোৱা যায়৷ আগতে বলৰামৰ মাকে গোটেইদিন লোকৰ ঘৰত গাধাৰ দৰে খাটনি খাটি সন্ধিয়া বলৰামৰ কাৰণে চৰুৰ তলত লাগি ধৰা দেৱা ভাত এথাল লৈ আহে ৷ এইবোৰ বেছিদিনৰ আগৰ কথা নহয়৷

বলৰামৰ বয়স এতিয়া চল্লিছ৷ এই বয়সলৈকে প্ৰকৃতিৰ ৰূপো সি কম দেখা নাই৷ ৰাতিপুৱা ৰ’দ থাকে৷ তাৰপাছত হঠাৎ আকাশখন ক’লা মেঘে আৱৰি ধৰে৷ বৰষুণ আৰম্ভ হয়, ডাঙৰ বৰষুণ নহয় চিপচিপীয়া বৰষুণ৷ গোটেই দিনটো তেনেকুৱা বৰষুণ থাকে৷ মানুহ প্ৰয়োজন ন’হলে বাহিৰ নোলায়৷ আজিৰ বতৰটো এই ধৰণৰ৷ দিনটো ৰ’দ-বৰষুণৰ খেলা৷ বৈদ্যতলা বজাৰৰ বহুবছৰ পুৰণি বৰগছজোপাৰ তলত ছাতি ধৰি বলৰামে ইটোৰ পাছত সিটো বিড়ি জ্বলায়৷ দুপৰীয়ালৈকে মানুহটো বাদেই কাউৰী এটাও সেইফালে যোৱা নাই৷

দেশৰ বজাৰত বাৰ্মীজ জোতা আহিছে৷ বৰষুণ দিলেই মানুহে ঘৰৰ পৰা বাৰ্মিজ জোতা পিন্ধি ওলায়৷ জোতা ফাটিলে ছামৰাৰ চেন্দেল ছিগিলে নতুন এযোৰ কিনি ঘৰলৈ ঘূৰাৰ সামৰ্থ্য এতিয়া বৈদ্যতলাৰ বহুতৰেই আছে৷ সেয়ে বলৰাম মুচিৰ ওচৰত জোতা চিলাই কৰিবলৈ কোন আহিব?

তথাপি মূল চহৰবোৰত মুচিৰ পেশাটো বেয়া নহয়৷ তাত বাবুবোৰে জোতা পলিচ কৰায়, চাহাব মানুহবোৰেও চামৰাৰ বেগ চিলাই কৰায়৷ টকা-পইচাও ভাল দিয়ে৷ বলৰামৰ খুড়াকৰ ল’ৰা আনন্দও মুচি৷ সি সদায় চহৰলৈ যায়৷ ইয়াৰ পৰা জিলা সদৰলৈ মাত্ৰ এঘণ্টাৰ ৰাস্তা। আনন্দই এই বছৰ ঘৰত নতুন টিনপাত লগাইছে৷ ত্ৰিছ হাজাৰ টকা পণ (যৌতুক) দি ছোৱালী বিয়া দিছে৷ কিন্তু বলৰামে এই বৈদ্যতলা এৰি ক’লৈকো যাব নোৱাৰে৷ এই বৰগছজোপাৰ মায়া সি এৰি যাব নোৱাৰে৷ গছৰ পাতৰ মাজেদি দুই চাৰি টোপাল বৰষুণ তাৰ ছাতিৰ ওপৰত পৰেহি৷ বলৰামে গছজোপাৰ ফালে চায়, তাৰ চকু দুটা চলচলীয়া হৈ উঠে৷

ইয়াতেই, এই বৰগছজোপাৰ তলতেই বলৰামৰ শৈশৱ আৰু কৈশোৰ অতিবাহিত হৈছে৷ বলৰাম যেন জীয়াই আছে বদ্যতলাৰ এই প্ৰাচীন বৰগছজোপাৰ ছাঁ লৈ৷ কেৱল সেয়াই নহয় গছজোপাৰ তলত বলৰামে তাৰ বাপেকক বিছাৰি পায়৷ মনলৈ ভাব আহে বলৰামৰ মুৰৰ ওপৰত ছাঁ হৈ ৰৈ আছে তাৰ বাপেক শম্ভুনাথ মুচি৷ বলৰামে তাৰ বাপেকৰ এই শেষ স্মৃতিচিহ্ন এৰি ক’ত যাব? কি কৰিবগৈ?

আবেলি বৰষুণ এৰিলত বৈদ্যতলা বজাৰ কমিটিৰ চেক্ৰেটাৰী জয়েন মাতব্বৰ প্ৰায় দহযোৰা শ্বুল এৰাই যোৱা জোতা চেন্দেল লৈ আহিল৷ বলৰামৰ বাকচটোৰ ওপৰত বহি ক’লে, “এইবোৰ ল৷ চিলাই-তিলাই যি লাগে কৰি দে৷ ঘৰত কাৰোৰে ভৰিত দিবলৈ এযোৰো জোতা চেন্দেল নাই ৷ বাকচৰ ওপৰত বহি জয়েনে ছাগলীৰ দৰে জৰ্দা পাণ চোবাই থাকে৷”

জোতা চিলাই কৰা হৈ যোৱাৰ পাছত জয়েন মাতব্বৰে হাঁহি মুখেৰে ক’লে,

-“ৱাহ! কৰিলি? ভাল! ভাল! টকা পইছা কিবা লাগিব নেকি?”

বলৰামে জানে, সকলোকে কাম আদায় হোৱাৰ পাছত পইছা বিচাৰিব নোৱাৰি৷ জয়েনৰ কথা মতেই বজাৰখন চলে৷ তথাপি বলৰামে কেওমেও কৰি কয়,

 -“মাতবৰ চাহাব আপোনাৰ খুছি মতে যি দিয়ে আৰু?”

জয়েন মাতব্বৰে কোনসময়ত কাক কি ক’ব লাগে সেয়া ভালকৈ জানে৷

-“আৰে বলৰাম! ইমান টকা-পইছাৰে তই কৰিবি কি? তোৰ ছোৱালী দুজনীকটো ভাল লাইনতে খাৰা কৰিছ!”

বলৰাম মৌন হৈ বহি ৰয়৷ একো ক’ব নোৱাৰে মুখেৰে৷ মূৰ তল কৰি শুনাৰ বাহিৰে ক’ব পৰাকৈ তাৰ আছে কি?

জয়েন মাতব্বৰে পাণ চোবাই চোবাই পিকখিনি পেলাই কয়,

-“কোনবা এটা সময়ত ঘৈণীয়েৰক পঠাই দিবি৷ চাউল কেইকেজিমান দিম৷ আজি যাওঁ৷ অ’ আৰু এটা কথা৷ তইতো ইয়াতে বহ৷ আমাৰ বজাৰ কমিটিয়ে এই বৰগছজোপা কাটি নতুন গছ লগোৱাৰ সিদ্ধান্ত লৈছোঁ৷ তই ন’হলে নীৰেনৰ দোকানৰ ওচৰতে বহিবি৷”

বলৰামে উদ্বিগ্ন হৈ ক’লে,

-“মাতবৰ চাহাব গছজোপা কিয় কাটিব? কিমান বছৰ পুৰণি গছ৷ গছজোপা থাকক৷ সাপ্তাহিক বজাৰবাৰৰ দিনাখন কিমান মানুহে গছজোপাৰ তলত বহি জিৰায়৷”

জয়েন মাতব্বৰে তাচ্ছিল্যৰ সুৰত কয়,

-“হয়! গছজোপা থাকক! তইটো সেইটোকে বিচাৰ! বজাৰ কমিটিয়ে কিমান সমস্যা মিটাব লাগে তই জান জানো ? আহাৰ মাহ আহি আছে৷ বজাৰত মাটি নেপেলালে পানী জমা হ’ব৷ দোকান কেনেকৈ দিব? কোন যাব দোকানলৈ পানী হ’লে?”

জয়েন মাতব্বৰ গুছি যোৱাৰ পাছত বলৰামে গছ জোপালৈ একেথৰে ৰ লাগি চাই ৰয়৷ চকু দুটা সজল হৈ পৰে তাৰ৷

সন্ধ্যা নামি আহে৷ আজি বলৰামৰ ঘৰলৈ ঘূৰাৰ লৰালৰি কৰিবলগীয়া একো নাই৷ তেনেকৈয়ে নিৰ্বিকাৰচিত্তে সি বহি থাকে৷ বৈদ্যতলা বজাৰৰ দোকানীবোৰ এটা দুটাকৈ দোকান বন্ধ কৰি ঘৰলৈ ঘূৰিছে৷ কোনোবা এটাই যোৱাৰ সময়ত বলৰামক দেখি সুধিছে- “কি হ’ল বলৰাম ৰাতি হ’ল ঘৰলৈ নাযাৱ নেকি আজি?” লগত থকাজনে ইতিকিং কৰি কয়- “ঘৰলৈ আৰু কি যাব সি? তাৰ সেইখন ঘৰ নহয় ৰাসথলী৷” সকোলোৱে হো-হোৱাই হাঁহিত ফাটি পৰে৷

 তেনেকৈয়ে নিৰুদ্বেগ চিত্তে সি বহি থাকে৷ কাকো একো নকয়৷ আজি ৰাতিপুৱাৰ পৰাই তাৰ মনটো ভাল নহয়৷ প্ৰথম যৌৱনৰ সময়ছোৱাত বাসন্তীক যেতিয়া বলৰামে বিয়া কৰাই আনিছিল তেতিয়া চাউল কিনিবলৈ পইছা আছিল৷ কোনো কোনো দিন এক দুই পইচাৰ আল্টাও কিনিও ঘৰলৈ ঘূৰে৷ সৰু এটা জুপুৰি ঘৰত বাসন্তীৰ ভৰিত আল্টা লগাই দিয়ে৷ স্বামী-স্ত্ৰীৰ মাজত কিমান যে মৰমৰ আৱদাৰ৷ কিমান যে মৰমৰ ঠেহ-পেঁচ! সেইবোৰ দিনৰ কথা মনত পৰিলে বাসন্তীয়ে ৰোজগাৰ নথকাৰ বাবে কৰা অপমান আৰু ভৰ্ৎসনাবোৰে বলৰামৰ বুকুত হুলে বিন্ধাদি বিন্ধে৷ এতিয়াৰ বাসন্তীজনীক সেই সময়ৰ নতুনকৈ বিয়া কৰি অনা বাসন্তীৰ লগত কোনোফালে মিল নেদেখে বলৰামে৷

চাৰিওফালে আন্ধাৰে আৱৰি ধৰিলত বলৰামে কাঠৰ বাকচটো সামৰি লয়৷ তেতিয়াহ’লে এতিয়া ঘূৰিব লাগিব৷ ঘৰলৈ ঘূৰাৰ আগত আলফুলৰ দোকানৰ পৰা বাসন্তীৰ বাবে দুটকাৰ আল্টা কিনে৷ বাসন্তীয়ে হয়তো ন’লব৷ বলৰামেও কোনোদিন ক’ব নোৱাৰিব বাসন্তীক আল্টা লগাবলৈ৷ সেইটো সম্পৰ্ক এতিয়া নাই৷ তথাপি ঘৰৰ কোনোবা এটা কোণত পেলাই ৰাখিব৷ ঘৰটো ঝাড়ু দিয়াৰ সময়ত যদি বাসন্তীৰ চকুত পৰে!

বোকাময় পথ৷ গোটেই দিনটোৰ বৰষুণৰ পাছত ৰাস্তাৰ কাষৰ খাল, নলাবোৰৰ পৰা ভেকুলীয়ে টোৰটোৰাইছে৷ ঝিলিৰ বিচিত্ৰ শব্দবোৰে কাণত ধৰি গৈছে৷ বলৰামে এখোজ-দোখোজকৈ লাহে লাহে ঘৰলৈ ঘূৰে৷ এতিয়াও দুই জীয়ৰী ঘৰৰ বাহিৰত৷ পদূলিৰ জপনা বাহিৰৰ পৰা শিকলিৰে বন্ধা আছে৷ বলৰামে দীৰ্ঘ হুমুনিয়াহ কাঢ়ে৷ বলৰামৰ বৃদ্ধ মাক ছোৱালীহঁতৰ ৰূমৰ লগতে সংলগ্ন অন্য এটা সৰু জুপুৰিত শুই আছে৷ এতিয়াও চাকি জ্বলোৱা নাই৷ আজি কেৰাচিন আছে বা নাই কোনে জানে৷ বলৰামে নিজৰ ৰুমৰ ওচৰত আহি ৰয়হি৷ দৰজাত ঢকিয়ায়৷ এবাৰ! দুবাৰ! .

বাসন্তী অসময়ত শুই আছে কিয়? গা বেয়া নহয়টো? পাচঁ মিনিটমানৰ পাছত দুৱাৰখন জোৰেৰে হেঁচা-ঠেলা কৰাৰ পাছত দৰজাখন বাসন্তীয়ে খুলি দিয়ে৷ সেই অস্পষ্ট চকামকা আন্ধাৰৰ মাজতে ঘৰৰ ভিতৰৰ পৰা আৰু এটা ছায়ামূৰ্ত্তি বাহিৰ হয়। বলৰামৰ সেই ছায়ামুৰ্ত্তিটো কাৰ চিনিপাবলৈ অসুবিধা নহয়৷ জয়েন মাতব্বৰ! জয়েনে খৰ-খোজেৰে গৈ থকাৰ পৰা কৈ থৈ যায় “অথনি যে কৈছিলোঁ, তোৰ শ্ৰীমতীক চাউল দিবলৈ আহিছিলোঁ৷”

বলৰামে পত্নীক একো নকৈ ঘৰৰ পৰা আকৌ ওলাই আহে৷ কাঠৰ বাকচটোৰ ওপৰত পৰি ৰয় ঘৈণীয়েকৰ বাবে কিনা দুটকাৰ আল্টা৷ বলৰামে খোজ কাঢ়ি আকৌ বৈদ্যতলা বজাৰৰ সেই বহু পুৰণি বৰগছজোপাৰ তলত ৰয়হি। বজাৰখন এতিয়া নিস্তব্ধ৷ কোনো গুঞ্জন নাই, হাই-হুলস্থূল নাই, মানুহৰ কোলাহল নাই৷ কিছুসময়ৰ পাছত নাইট চকীদাৰ দুজন আহিব৷ বলৰাম মুচিয়ে চাৰ্টৰ পকেটৰ পৰা বিড়ি এটা উলিয়াই জ্বলাই লয়৷ বৰগছজোপাৰ ফালে চাই মুখৰ পৰা এমোকোৰা ধোৱাঁ এৰি দিয়ে৷ নিষ্ঠুৰ এই পৃথিৱীখনত নিজকে খুব বেছি অকলশৰীয়া অনুভৱ হয় বলৰামৰ৷ দেউতাকলৈ বহুত বেছি মনত পৰে বলৰামৰ৷

বলৰামৰ বয়সনো তেতিয়া কিমান হ’ব? আঠ কি দহ! দেউতাক শম্ভুনাথ মুচিৰ সৈতে বলৰাম বৈদ্যতলা বজাৰলৈ আহিবলৈ আৰম্ভ কৰিছে মাত্ৰ৷ মুচিৰ ল’ৰা, দুই চাৰিদিন যাওঁতেই জোতা চিলাই কৰা কামটো শিকিলে৷ শম্ভু মুচিয়ে ফুৰ্তিত কয় “আমি বাপেক পুতেক মিলি জোতা চিলাম৷ আমাৰ আৰু অভাৱ নাথাকে৷ জন্মৰ সময়ত সেই কাৰণেই তোৰ নাম বলৰাম ৰাখিছিলোঁ৷ তই হলি বাপেৰৰ বল! নহয় জানো?”

বাপেকৰ কথাটো বলৰামৰ কণমানি মনটোত সোমাই পৰিছিল৷ তাৰপাছৰপৰা সকলো সময়তে সি বাপেকৰ লগে লগে থাকে৷

দেশত সেইবাৰ গণ্ডগোল আৰম্ভ হ’ল৷ পাকিস্তানী সৈন্যই গাঁৱৰ পাছত গাঁও জ্বলাই দিছে৷ নিৰ্বিচাৰে গুলীয়াই মানুহ মাৰিছে৷ দেশ এৰি, ঘৰবাৰী আৰু গাওঁ এৰি সকলোবোৰ মানুহ বৰ্ডাৰলৈ আত্মীয়-কুতুম্বৰ ঘৰলৈ ঢাপলি মেলিছে৷ সকলোৱে শম্ভু মুচিকো ক’লে যাবলৈ৷ কিন্তু শম্ভুনাথৰ এক কথা৷

“কিয় যাম নিজৰ ভেটি-মাটি এৰি থৈ? তাততো একোৱেই নাই আমাৰ৷ নিজৰ ঘৰবাৰী এৰি প্ৰবাসী হ’বলৈ তোমালোকেই বা কিয় যোৱা?”

এদিন দুপৰীয়া বৈদ্যতলা বজাৰত পাকিস্তানী সেনা নামিল৷ বাপেকে কোৱাৰ দৰে বলৰামে কাষৰ দোকানৰ চাটাৰৰ তলত লুকালগৈ৷ মালপত্ৰ সামৰি বাকচ লৈ শম্ভু পলাওঁতে পলাওঁতেই মিলিটেৰী জীপ লৈ আহি তাক ঘেৰি পেলালে৷ শম্ভুৱে বহুত ভয় খালে৷ পাকিস্তানী মিলিটেৰীৰ কমাণ্ডাৰজন আগবাঢ়ি আহি বাকচৰ ওপৰত ভৰি ৰাখি ধমক দিয়াৰ সুৰত ক’লে,

-“চাল্লা কাফেৰ! চোৱৰ কা বাচ্ছা৷ মেৰা জোতা চামকা দে!”

শম্ভু ভয়ত কপিছিল৷ জোতাৰ ব্ৰাছ হাতৰ পৰা বাৰে বাৰে পৰি গৈছিল৷ শম্ভুৰ ভয় দেখি কমাণ্ডাৰে অট্টহাঁহি মাৰি ফাটি পৰিছিল৷ হাঁহি সংক্ৰামক৷ সেই হাঁহি বাগৰি গৈ পাকিস্তানী মিলিটেৰীৰ মুখ পাইছিলগৈ৷

বলৰামে দোকানৰ চাটাৰ খনৰ তলৰ ফাঁকেদি দেউতাকৰ অসহায় মুখখনৰ ফালে চায়৷ ইহঁতে কি দেউতাক মাৰি পেলাব নেকি? কমাণ্ডাৰে শম্ভুক আশ্বাস দিয়ে,

-“তুমে ডাৰনেকা জাৰুৰত নেহি হে৷

তুমে ইনাম মিলেগা! ইনাম!

হা! হা! হা!”

আকৌ অট্টহাঁহি!

শেষবাৰ যেতিয়া শম্ভুৰ হাতৰ পৰা ব্ৰাছ পৰি গ’ল কমাণ্ডাৰে আৰু কথা আগ নবঢ়ালে৷ নিৰ্দয়ভাৱে ৰাইফলৰ ট্ৰিগাৰ টিপিলে।

ৰাতিলৈকে শম্ভুৰ নিথৰ দেহটো এই বৰগছজোপাৰ তলতেই পৰি থাকিল৷ বৰলৰামে সেইদিনা মাতি মাতি কাকো পোৱা নাছিল৷ ইমান সৰু এটা ল’ৰাই মতা শুনিও ঘৰৰ পৰা কোনো ওলাই অহা নাছিল৷ মৃতদেহ খৰি দিব পৰা, মানে জ্বলাব পৰা পৰিস্থিতি তেতিয়া নাছিল৷ বলৰামে মাকক লৈ নিজেই গাত এটা খান্দি এই বৰগছজোপাৰ তলতে বাপেকৰ শৱটো পুতি থয়৷ কোনেও গম নাপায়৷ আজি বাৰে বাৰে বলৰামৰ দেউতাকৰ সেই অসহায় মুখখনলৈ মনত পৰিছে৷

বলৰামে কিমানবাৰ ভাবিছে বৈদ্যতলা বজাৰ এৰি অন্য কৰবাত তাৰ মুচিৰ কামটো কৰিবগৈ, ৰোজগাৰ কৰিব, কিন্তু দেউতাকৰ সেই মায়াময় মুখখনৰ মায়া এক মুহূৰ্তৰ কাৰণেও সি এৰিব পৰা নাই, পাহৰিব পৰা নাই৷ এই সংসাৰত বলৰামৰ দুখ কোনে বুজি পাব? পৃথিৱীখনতো সকলোৰে বাবে নহয়!

পাছদিনাখন ৰাতিপুৱা বৈদ্যতলাৰ প্ৰাচীন বৰগছজোপাত এটা ওলমি থকা মৃতদেহ পোৱা গ’ল৷ স্থানীয় মানুহে নিশ্চিত কৰিলে চীপ লৈ থকা মৃতদেহটো অন্য কাৰো নহয় বলৰাম মুচিৰ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!