উন্দিনে
লেখক- -- নমিতা বৈশ্য
সৰুতে এটা সাধু পঢ়িছিলোঁ। মৎস্যকন্যাৰ (জলকুঁৱৰী? )সাধু। ৰাজকুমাৰৰ প্ৰেমত পৰি, নিজৰ সকলো বাদ দি মৎস্যকন্যা মানুহৰ ৰূপ লৈ পানীৰ পৰা উঠি আহে। শেষত যেতিয়া ৰাজকুমাৰে প্ৰেমত প্ৰতাৰণা কৰে, মৎস্যকন্যাৰ হাতত দুটাই পথ খোলা থাকে। এটা হ’ল- ৰাজকুমাৰক হত্যা কৰি আকৌ মৎস্যকন্যাৰ ৰূপ লৈ পানীলৈ উভতি যোৱা, নহ’লে নিজে নিঃশেষ হৈ যোৱা। সাধুটোত মৎস্যকন্যাই দ্বিতীয় পন্থা অৱলম্বন কৰি সৰু সৰু তুলাৰ টুকুৰা হৈ আকাশত হেৰাই গৈছিল।
উন্দিনে চোৱাৰ পাছত আকৌ সেই সাধুটোলৈ মনত পৰি গ’ল। Christian Petzoldৰ দ্বাৰা নিৰ্দেশিত মন মগজু জোকাৰি যাব পৰা চিনেমা ‘উন্দিনে’। ‘উন্দিনে’ত আছে কি? ‘উন্দিনে’ৰ বিষয়বস্তু ৰূপকধৰ্মী। য’ত পানীয়ে এক মুখ্য চৰিত্ৰৰ ভূমিকা পালন কৰিছে। এখন কেফেটেৰিয়া, য’ত ইতিহাসবিদ উন্দিনে( Paula Beer), প্ৰেমিক জোহানিচ( Jecob) ৰ লগত বহি আছে। উন্দিনেই গম পাইছে, জোহানিচে উন্দিনেক প্ৰতাৰণা কৰিছে। উন্দিনেৰ দুচকুত উদ্ভ্ৰান্ত দৃষ্টি। বাৰে বাৰে কৈছে-“তুমিতো মোক ভাল পাওঁ বুলি কৈছিলা।” উঠি যাব খোজা জোহানিচক কৈছে-“তুমি উঠি নাযাবা। নহ’লে মই তোমাক হত্যা কৰিব লাগিব।” স্পষ্ট অৰ্থত, এক অগতানুগতিক আৰম্ভণি। উন্দিনে আৰু খ্ৰীষ্টোফ (Frenz Rogowski )ৰ আত্মাক স্পৰ্শ কৰি যোৱা ভালপোৱা, জোহানিচৰ প্ৰতাৰণা, উন্দিনেৰ প্ৰতিশোধ আৰু সৰ্বশেষত পানীৰ মাজত উন্দিনেৰ উপস্থিতিৰ মাজত শেষ হৈছে ‘উন্দিনে’। উন্দিনেৰ মূল শক্তি হ’ল অভিনয়। উন্দিনেৰ মুখত একে সময়তে ফুটি উঠা কঠোৰতা, কৰুণতা, ভালপোৱা আৰু সমৰ্পণৰ আকৰ্ষণীয় ভংগিমাই কাহিনীটোক ধৰি ৰাখিছে। খ্ৰীষ্টোফ আৰু উন্দিনেৰ আন্তৰিকতাৰ প্ৰতিটো দৃশ্যই জীৱন্ত আৰু বাংময়। জাৰ্মানসকলে প্ৰেমৰ কথা ক’ব নাজানে বুলি থকা প্ৰবাদক ই একেআষাৰে নস্যাৎ কৰি তুলিছে। ‘উন্দিনে’ই প্ৰেমৰ যি গভীৰতাৰ কথা কৈ গৈছে, সেয়া প্ৰেমৰ সৰ্বশেষ ৰূপ। পানীৰ দৰে ই গভীৰ, স্বচ্ছ আৰু প্ৰৱহমান। কেইবাটাও দৃশ্যই চিনেমাখনক এক অন্য মাত্ৰা প্ৰদান কৰিছে। ‘ব্ৰেইন ডেড’ হোৱাৰ পাছতো উন্দিনেৰ বাবে অহা খ্ৰীষ্টোফৰ ফোনকলটো, পানীৰ মাজত উন্দিনেৰ নাম লিখা থকা মাগুৰ মাছটোৰ গাত ধৰি উন্দিনে গৈ থকা, শেষৰ দৃশ্যত হঠাৎ খ্ৰীষ্টোফৰ সন্মুখত উন্দিনেৰ আবিৰ্ভাৱ – এই দৃশ্যবোৰ সঁচা অৰ্থত শিহৰণকাৰী। কিন্তু ই ঠিক থ্ৰিলাৰ নহয়, হ’ৰৰো নহয়। ইয়াৰ উপস্থাপন কলাত্মক। ইয়াতেই নিৰ্দেশকৰ সফলতা। অৱশ্যে জাৰ্মান ইতিহাসৰ বিষয়ে উন্দিনেৰ মুখত দিয়া সংলাপবোৰ অতিৰিক্ত যেন অনুভৱ হ’ল। মূল কাহিনীৰ লগত ইয়াৰ কোনো সংযোগ অনুভৱ নহ’ল। প্ৰকাণ্ড মাগুৰ মাছ(Catfish) টোৰ উপস্থিতিৰ কাৰণটোও হৃদয়ংগম কৰিব পৰা নগ’ল।
জীৱনৰ অন্তহীন নিসংগতা, প্ৰেম, বিষাদ আৰু ৰহস্যময়তাক চিনেমাখনে সফলতাৰে তুলি ধৰিবলৈ সক্ষম হৈছে। শেষ দৃশ্যত খ্ৰীষ্টোফৰ হাতত থকা মূৰ্তিটোৱে বুজাই দিছে, হয় উন্দিনে আছে, উন্দিনে এতিয়াও আছে। উন্দিনে জীয়াই আছে। জীয়াই আছে ভালপোৱা।
চিনেমাখনত কেমেৰাৰ কাম প্ৰভাৱশালী। সংলাপ পৰিমিত। অভিনয় আৰু নিৰ্দেশনা অপূৰ্ব। সৰ্বশেষত মনক আন্দোলিত কৰি তুলিব পৰা এখন অনন্য চিনেমা ‘উন্দিনে’।