উপহাৰ
লেখক- যশোৱন্ত নিপুণ
ঠাইখন মোৰ বেয়া লগা নাছিল। মই থকা হোটেলখনো সৰু। ঠাইখনো সৰু। বৰ কম মানুহ তালৈ বন্ধত ফুৰিবলৈ আহে। হাই-উৰুমি, উখল-মাখল একেবাৰে নাই। নিজৰ ঠাইৰ সৰুকালৰ ঘৰখনলৈ গৈ কিছু সময় কটাই আহিবলৈ মন বৰকৈ নাযায় আজিকালি। সেই শূন্য ঘৰখনত এতিয়া কোনো ৰৈ নাথাকে আৰু ভাব হয় ঘৰটোৱেও ছাল-বেৰ, শিল আৰু বালিবোৰ এৰি থৈ ক’ৰবালৈ বহু আগতেই কিজানি গুচি গৈছে। সেয়ে কেইছৰমানৰ আগৰ পৰাই বন্ধটো এনেকৈয়ে অ’ত-ত’ত কটোৱাৰ অভ্যাস হৈছিল।
আবেলি ওলাই গৈছিলোঁ। সম্মুখৰ দীঘল পাৰ্কখনত আনদিনাৰ দৰে ডাঃ প্ৰসাদ বহি আছিল। তেখেতৰ লগত এই দুদিনমানৰ চিনাকি মাত্ৰ। কিন্তু এই প্ৰায় আশী বছৰীয়া মানুহজনৰ লগত মোৰ অলপ বন্ধুত্বই গঢ়ি উঠিছিল। বোধহয় মোৰ দৰে ধৈৰ্যশীল শ্ৰোতা তেওঁ আজিকালি নাপায়েই। তেওঁ মোক দেখা নাছিল আৰু মোৰো তেওঁৰ লগত এতিয়া বহিবলৈ ইচ্ছা নাছিল। ভাবিলোঁ কিছু দূৰ খোজ কাঢ়ি চাই আহোঁ।
পাৰ্কখনৰ বাওঁফালেৰে সৰু ৰাস্তাটোৰে আগুৱাই গ’লোঁ। সেইফালে ঠাইখন আৰু বেছি ধুনীয়া আছিল। এফালে পথাৰ আৰু আনফালে সেউজীয়া অৰণ্য। ৰাস্তাত সৰল আৰু নাৰিকল গছৰ লানি। মাজতে দুজনমান কোনোবাই খট্ খটকৈ ঘোঁৰা চলাই মোৰ কাষেৰেই পাৰ হৈ গৈছিল। আন সময়ত চাৰিওফালৰ চৰাই-চিৰিকটিৰ গানবোৰ আৰু বতাহত কঁপা গছৰ পাতৰ জৰ্ জৰ্ শব্দৰ বাহিৰে একো নাছিল।
বেলি ডুবিবলৈ আৰু বেছ কিছু সময় আছিল। কিন্তু চাৰিওফালে কমলা ৰঙৰ কুঁৱলী নে মেঘৰ দৰে পাতল কিবা এটা আৱৰণ পৰিছিল। যিমানেই আগুৱাই গৈছিলোঁ, ঠাইখিনি সিমানেই বেছি মোহনীয় হৈ আহিছিল। ডেৰ কিল’মিটাৰমান অহাৰ পাছত নদী এখন পালোঁ। অৱশ্যে নদীও হ’ব পাৰে ডাঙৰ জানো হ’ব পাৰে। কাঠৰ বৰ পুৰণি ধৰণৰ মজবুত দলংখনৰ ৰেলিঙত ধৰি নদীখন যিমান দূৰলৈ দেখা যায় চাই পঠিয়ালোঁ। দূৰত কমলা ৰঙৰ কুঁৱলীখিনি কিছু ডাঠ হৈ আকাশৰ লগত মিলি গৈছিল।
এজাক বগলী আকাশৰ পৰা নদীলৈ নামি আহিছিল। কাৰোবাৰ খিলখিলিয়া হাঁহিৰ শব্দ ভাহি আহি কাণত পৰিছিল। তললৈ চাই পঠিয়াই দেখোঁ ছোৱালী এজনীয়ে সৰু নাও এখনত বহি বগলীবোৰলৈ চাই হাঁহিত ফাটি পৰিব খুজিছে। তাইৰ চকুৱে চকুৱে পৰিল। মোক হাত বাউলি দি মাতিলে তাই।
তললৈ নামি গ’লোঁ। ফুটফুটীয়া ফ্ৰক পিন্ধা ন-দহ বছৰীয়া ছোৱালীজনীয়ে মোক বহুদিনীয়া চিনাকিৰ দৰে ইংৰাজীতে সুধিলে, “তাতে কি কৰিছা?”
ঠাইখনত মই কেইটামান ইউৰোপীয় পৰিয়াল দেখিছিলোঁ। পুৱা আৰু আবেলি তেওঁলোকৰ কেইজনমানক খোজ কাঢ়িবলৈ বা দৌৰিবলৈ অহা এই কেইদিনত সদায় লক্ষ্য কৰিছিলোঁ। ছোৱালীজনী বোধহয় তেনে কোনোবা এটা পৰিয়ালৰেই হ’ব।
মই তাইক ওলোটাই সুধিলোঁ, “তুমি কি কৰিছা?”
মই যেন বৰ কিবা হাঁহি উঠিবলগীয়া কথাহে ক’লোঁ। তাই আকৌ হাঁহিত ফাটি পৰিল। হাঁহিৰ মাজতেই তাই কৈ থাকিল, “দেখা নাই মই কি কৰিছোঁ? নাওত উঠিছোঁ আকৌ। পিছে তুমি নাও চলাব পাৰা নে?”
মই সোঁৱে-বাৱেঁ মূৰ জোকাৰি মুখলৈ দুখৰ ভাব এটা আনি মোৰ অক্ষমতা প্ৰকাশ কৰিলোঁ।
“চাই থাকিবা দেই। মই সিটো পাৰলৈ যাম।” বুলি কৈয়েই ছোৱালীজনীয়ে বঠা মাৰিবলৈ ধৰিলে।
পানীখিনি ফটফটীয়া হ’লেও নদীখন কিমান গভীৰ ধৰিব নোৱাৰি। মোৰ অলপ ভয়েই লাগিল। ছোৱালীজনী যদি পানীত পৰি যায় কি হ’ব?
আনটো পাৰত নামি ছোৱালীজনীয়ে হালধীয়া ৰঙৰ কিবা ফুল দুপাহমান ছিঙিলে। সেইফালৰ পাৰটো ফুলবোৰে হালধীয়া দলিচা এখনৰ দৰে ঢাকি ৰাখিছিল।
ছোৱালীজনীয়ে আকৌ বঠা মাৰি এই পাৰলৈ আহিল।
“ধৰাচোন। ফুল এটা লোৱা। কি ধুনীয়া গোন্ধ চোৱাচোন।” ফুল এটা নাকত লগাই দীঘলকৈ উশাহ এটা টানি লৈ মোৰ হাতত দিলে তাই।
“তোমাৰ ভয় নালাগে?” মই সুধিলোঁ।
“কিহৰ ভয়?” তাই আকৌ হাঁহিত ফাটি পৰিল।
“নাৱৰ পৰা পৰি যদি যোৱা!” মই ক’লোঁ।
“অ’ সেইটোহে!” তাই হাঁহি হাঁহিয়েই ক’লে। “পৰি গ’লেওনো কি হ’ব, দেউতা আছে নহয়।”
“ক’ত আছে তোমাৰ দেউতা?”
ছোৱালীজনীয়ে এইবাৰ হাঁহি বন্ধ কৰিলে। “দেউতা ক’ৰবালৈ গৈছে। ঘূৰি অহাই নাই দেখোন। মোৰ আকৌ জন্মদিন আহিলেই নহয়।”
মই একো নক’লোঁ। তাই কিছুসময় ওঁঠত সোঁহাতৰ আঙুলিবোৰ ৰাখি কিবা ভাবি থাকিল।
“দেউতাই মোক বৰ ভাল পায়। কিন্তু তুমি জানানে, বহু বছৰ দেউতাই মোৰ জন্মদিনত অহাই নাই?”
এইবাৰ মই হাঁহিলোঁ। “তোমাৰ বয়স কিমাননো?” বুলি মোৰ সুধিবৰ ইচ্ছা হৈছিল যদিও নুসুধিলোঁ।
“আজি কিমান তাৰিখ কোৱাচোন।” তাই সুধিলে।
মই ক’লোঁ।
“সেয়া, মই জানো, মই জানো নহয়। তুমি কিন্তু জানানে নাই-দুদিন পাছতেই মোৰ জন্মদিন?”
মই সোঁৱে-বাৱেঁ মূৰ জোকাৰিলোঁ।
নিজৰ জন্মৰ তাৰিখটো কৈ তাই মোক ক’লে, “মোৰ জন্মদিনলৈ তুমি কিন্তু আহিবা দেই।”
মই আকৌ অচিনাকি ছোৱালী এজনীৰ ঘৰলৈ জন্মদিন খাবলৈ যাম নে? তাইৰ মাক-দেউতাকেই বা কি ভাবিব? কি কওঁ ভাবি থাকোঁতে তাই আকৌ ক’লে, “তুমি আহিবই লাগিব কিন্তু। জানানে, আজিকালি মোৰ জন্মদিনলৈ কোনো নাহে। মোৰ যে ইমান বেয়া লাগে!”
অলপ ৰৈ পথাৰৰ মাজৰ দূৰৰ ধুনীয়া পাতল নীলা ৰঙৰ ঘৰ এটালৈ আঙুলিয়াই তাই ক’লে, “সৌটো আমাৰ ঘৰ। তুমি আহিবা দেই। সন্ধিয়া আহিলেও হ’ব।”
মই আকৌ কিবা চিন্তা কৰিলোঁ। এই সৰু ছোৱালীজনীক কিনো কওঁ এতিয়া?
“আহিবাই কিন্তু।” তাই মোৰ চকুলৈ বৰ আশাৰে চাই ক’লে।
“হ’ব দিয়া, মই আহিমেই।” মই উত্তৰ দিলোঁ। মাজে মাজে এনেকুৱা সৰু-সুৰা মিছা ক’লেও কাৰো একো লোকচান নহয় বুলিয়ে ভাবোঁ।
তাই সন্তুষ্টিৰ হাঁহি এটা মাৰি কৃতজ্ঞতাৰে মোৰ পিঠিত সৰু হাত এখনেৰে থপৰিয়াই দিলে।
“তোমাৰ নামটো ক’বানে?” , মই সুধিলোঁ।
“মোৰ নাম ছাৰা। ছাৰা ৰবাৰ্টছ।” তাই উত্তৰ দিছিল।
অলপ পাছতেই মই হোটেললৈ বুলি ঘূৰিছিলোঁ। ছোৱালীজনীয়ে আকৌ বোলে কিছুসময় নাও চলায়েই থাকিব।
পিছদিনা পুৱা ওচৰৰে ঠাই এখনলৈ গৈ জলপ্ৰপাত এটা চাই আহিছিলোঁগৈ। জলপ্ৰপাতটো সৰু আৰু সিমান বিখ্যাতো নহয়। গতিকে চাবলৈ অহা মানুহ কম। তাতেই আগবেলাটো সুন্দৰকৈ পাৰ হৈ গৈছিল।
আবেলি হোটেলৰ সম্মুখৰ দীঘল পাৰ্কখনলৈ গ’লোঁ। ডাঃ প্ৰসাদ ইতিমধ্যেই তাত আছিলেই। তেওঁৰ কাষতেই বেঞ্চ এখনত বহিলোঁগৈ। কিবাকিবি কথা পতাৰ পাছত মই ওচৰৰ নদীখনৰ পাৰৰ পৰা এপাক অহাৰ ইচ্ছা বেকত কৰিলোঁ।
তেওঁ অলপ আচৰিত হৈছিল। ক’লে, “ওচৰতে কোনো নদী নাই।”
অৱশ্যে বৃদ্ধ এজনৰ কাৰণে ডেৰ কিল’মিটাৰো বহু দূৰেই বুলিব পাৰি। ক’লোঁ, “চাওঁ আহক, কিমান দূৰলৈ যাব পাৰোঁ।”
আৰু আমি দুয়োজনে পাৰ্কৰ বাওঁফালৰ ৰাস্তাটোৰে আগুৱাই গ’লোঁ। ভাবিছিলোঁ খুব লাহে লাহে খোজ কাঢ়িব লাগিব। কিন্তু ডাঃ প্ৰসাদে প্ৰায় আশী বছৰ বয়সতো স্বাস্থ্য অটুট ৰাখিছে। তেওঁৰ দীঘল দীঘল খোজৰ লগত তাল মিলাবলৈ যাওঁতে মোৰ অলপ কষ্টই হৈছিল।
আজি কমলা ৰঙৰ কুঁৱলী বা মেঘ ক’তো নাছিল। সেই কাৰণেই নেকি ঠাইখিনি অলপ বেলেগ বেলেগ লাগিছিল। গছবোৰেও যেন ৰূপ সলাই পেলাইছিল।
প্ৰায় ডেৰ কিল’মিটাৰ অহাৰ পাছতো কিন্তু সৰু নদীখনৰ কোনো চিন-মোকাম দেখা নগ’ল। আনকি দলংখনো নাছিল। মাত্ৰ যি ঠাইত দলংখন থাকিব লাগিছিল তাৰ ওচৰে ওচৰে ৰাস্তাটোৰ দুয়োফালে দীঘল দীঘল সৰু সৰু খাল কেইটামানহে চকুত পৰিল। ৰাতিটোৰ ভিতৰতে যেন নদীখন কিহবাই পুতি পেলাইছিল।
“আচৰিত! আচৰিত!” কথাষাৰ মোৰ মুখৰপৰা আপোনা-আপুনি ওলাই আহিছিল।
ডঃ প্ৰসাদে মোৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চাইছিল।
“ইয়াতে নদী এখন আছিল।” মই আকৌ ক’লোঁ। “কালি আবেলি নদীৰ পাৰতেই মই …!”
ডাঃ প্ৰসাদে মিচিকিয়াই হাঁহি সামান্য তীৰ্যক সুৰত ক’লে, “কালি কিবা পান কৰিছিলা নেকিহে তুমি? নদীৰ পাৰলৈ যাব খোজা যদি আৰু দহ কিল’মিটাৰ এইফালে গৈ থাকিব লাগিব। মই সিমান দূৰ খোজ কাঢ়ি যাব নোৱাৰোঁ দেই।”
“কিন্তু মই ইয়াতেই কালি নদীৰ পাৰত …।”
“শুনা, মই এইখিনি ঠাইতেই চাৰি কুৰি বছৰেই পাৰ কৰিলোঁ। ইয়াতে কোনো নদী নাই।” ডাঃ প্ৰসাদে মোৰ কথা আধাতেই কাটি গহীনাই ক’লে।
মই আগদিনাৰ চোলাটোৱে পিন্ধি আছিলোঁ। পকেটত খেপিয়াই চালোঁ। ছাৰাই দিয়া হালধীয়া ফুলপাহ তেতিয়াও আছিল। মাত্ৰ ইতিমধ্যে তাৰ পাহিবোৰ লেৰেলি গৈছিল। কথাবোৰ একেবাৰেই বুজিব নোৱৰা, অবিশ্বাস্য যেন লাগিছিল মোৰ।
“নদী এখন আছিল। নদীত সৰু ছোৱালী এজনীয়ে নাও বাইছিল। মই সঁচাকৈয়ে দেখিছিলোঁ।” মই আকৌ কৈছিলোঁ।
ডাঃ প্ৰসাদৰ মুখ মেল খাই গৈছিল। মোৰ চকুলৈ একো নোকোৱাকৈ চাই ৰৈছিল তেওঁ কেইটামান মুহূৰ্ত।
কিছুসময় তাতে কটাই আমি উভতিছিলোঁ। পাৰ্কখনো পাৰ হৈ অলপ দূৰৰ ৰেষ্টুৰেণ্ট এখনৰ সম্মুখত দুকাপ ধোঁৱাই থকা চাহেৰে দিগন্তত ডুবিব ধৰা ৰঙা বেলিটো মাজত লৈ আমি দুয়োজনে বহিছিলোঁ।
“কিছুমান কথাৰ আচলতে কোনো ব্যাখ্যা নাথাকে।” ডাঃ প্ৰসাদে কৈছিল। “এই অভিজ্ঞতা আন কিছুমানৰো হোৱা বুলি শুনিছিলোঁ। আগতে বিশ্বাস কৰা নাছিলোঁ। এতিয়া মই বিশ্বাস নকৰাৰ কোনো কাৰণ নেদেখোঁ।”
মোৰ লগত যি ঘটি গ’ল মই সেইটো অবিশ্বাস কৰিবতো নোৱাৰোঁৱেই।
“এখন সৰু নদী। আৰু তাত নাও বাই থকা এজনী ইংৰাজ ছোৱালী, কেতিয়াবা কোনোবাই লগ পায় বুলি শুনিছিলোঁ।” ডাঃ প্ৰসাদে আকৌ ক’লে।
“হয়। আচৰিত! আচৰিত!”
“নদীখনৰ এটা নাম আছিল, – পুষ্পভদ্ৰা! পুষ্পভদ্ৰা, এখন নদী আছিল। মোক ককাই কৈছিল।”
মই একো নোকোৱাকৈ তেওঁৰ কথাবোৰ শুনি গৈছিলোঁ।
তেওঁ কৈ গৈছিল। বহু বছৰ আগতেই, তেতিয়া ডাঃ প্ৰসাদ বৰ সৰু, তেওঁৰ ককাক ঢুকাইছিল। ককাকৰ মুখতেই তেওঁ কথাবোৰ শুনিছিল। ইংৰাজ পৰিয়াল এটাৰ ছোৱালী এজনীয়ে দেউতাকৰ লগত আৰু মাজে মাজে অকলে পুষ্পভদ্ৰাত নাও বাইছিল। এদিন ছোৱালীজনী পানীত পৰি গৈছিল। তাই সাঁতুৰিব জানিছিল যদিও নিজকে বচাব নোৱাৰিলে। বহু দূৰত নদীৰ পাৰত তাইৰ শটো পোৱা গৈছিল। মাকজনী পাগলীৰ দৰে হৈ পৰিছিল। প্ৰায়েই নদীৰ পাৰলৈ গৈ ছোৱালীজনীক বিচাৰিছিল তেওঁ। দুবছৰমান পাছত পৰিয়ালটো তাৰ পৰা গুচি যাব লগা হৈছিল। মাকজনীয়ে বলিয়াৰ দৰে কান্দি কান্দি তাতেই ৰৈ যাব বিচাৰিছিল; ছোৱালীজনীক হেনো তেওঁ এৰি থৈ যাব নোৱাৰে।
“ভাবিছিলোঁ সেই সকলোবোৰ কাহিনী আছিল। … আচলতে কি জানা, কোনেও কাৰো কাৰণে ৰৈ নাথাকে। কাৰণ গৈ থকাটোৱেই নিয়ম।” ডাঃ প্ৰসাদে কৈছিল।
মই মূৰ দুপিয়াইছিলোঁ।
“তুমিও কথাবোৰ তেনেকৈ ভাবিবলৈ চেষ্টা কৰিবা। ময়ো অকলেই থাকোঁ। জীৱন আৰু মৃত্যুৱে সকলোকে ক’ৰবালৈ টানি লৈ যায়। মোৰ মানুহজনী কেতিয়াবাই গুচি গ’ল। ল’ৰাটোৱে ইচ্ছা কৰিলেও মোৰ লগতেই থাকিব পাৰিব জানো? আৰু সি যেতিয়া ঘূৰি আহিব, তেতিয়া হয়তো মই ইয়াত আৰু ৰৈ নাথাকিম।”
ডাঃ প্ৰসাদে তেওঁৰ কথাবোৰ মোক আগতেও কৈছিল। বোধহয় মোক কিবা বুজাবলৈ চেষ্টা কৰিছিল। জীৱনৰ পাঠবোৰ মোতকৈ বহু বেছি গভীৰতাৰে তেওঁ অনুধাৱন কৰিব পাৰিছে। তেওঁৰ কোৱা কথাবোৰ সত্য বুলি ময়ো উপলব্ধি কৰিছিলোঁ। মাত্ৰ সকলোবোৰ সত্যকেই সহজে স্বীকাৰ কৰি লোৱাৰ দৃঢ়তা মোৰ কেতিয়াও নাছিল।
হয়, নদীয়েই দেখোন কাৰো বাবে ৰৈ নাথাকে, বৈ থাকে, হেৰাই যায়।
কিন্তু ছাৰা ৰৈ আছে, আৰু যাৰ বাবে তাই ৰৈ আছে, সেই সকলোৱেই কেতিয়াবাই ক’ৰবালৈ গুচি গৈছে, হেৰাই গৈছে।
সেইদিনা পুৱা উঠিয়েই মোৰ আগৰ দুদিনৰ কথাবোৰ মনলৈ আহিছিল। ছাৰাই তাইৰ জন্মদিনলৈ মোক সিদিনালৈকে মাতিছিল।
একো নোখোৱাকৈ কিছু দূৰৰ মন্দিৰ এটালৈ গৈছিলোঁ। ছাৰাৰ বাবে, তাইৰ মাক-দেউতাকৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ। কিবা এটা ভাবি তাতেই ফুলৰ এটা থোপা কিনিছিলোঁ, ছাৰাৰ জন্মদিনৰ উপহাৰ বুলি।
আবেলি পাৰ্কত ডাঃ প্ৰসাদৰ লগত বহু সময় বহিছিলোঁ। বহুত কিবাকিবি কথাই আমাৰ মাজত ওলাইছিল। কিন্তু মোৰ মনৰ পৰা ছাৰাৰ কথাবোৰ আঁতৰা নাছিল। তাইৰ জন্মদিনৰ নিমন্ত্ৰণৰ কথাটো মই ডাঃ প্ৰসাদক কোৱা নাছিলোঁ।
হোটেলৰ কোঠালৈ যেতিয়া ঘূৰি আহিছিলোঁ, তেতিয়া নিৰ্মেঘ আকাশৰ পৰা ঘূৰণীয়া জোনটোৱে পোহৰ ছটিয়াবলৈ আৰম্ভ কৰিছিল। টেবুলৰ ফুলৰ থোপাটোলৈ চাই বহু সময় পাৰ কৰিছিলোঁ। কিন্তু ছাৰাৰ জন্মদিনৰ উপহাৰটো মই কাৰ হাতত দিম?
ৰাতিৰ আহাৰ খাই বিছনাত কিছুসময় পৰি ৰৈছিলোঁ। ছাৰাৰ কথাবোৰ বাৰে বাৰে মনলৈ আহিছিল -“জানানে, আজিকালি মোৰ জন্মদিনলৈ কোনো নাহে। …”
শেহত মই ৰ’ব নোৱাৰিলোঁ। ফুলৰ থোপাটো হাতত লৈ মই ওলাই গৈছিলোঁ। পাৰ্কৰ কাষৰ ৰাস্তাটোৰে মই আগুৱাই গৈছিলোঁ। কি ঠিক, ছাৰা নামৰ সৰু ছোৱালীজনীয়ে কিজানি পুষ্পভদ্ৰাৰ পাৰত মোৰ কাৰণেই ৰৈ আছে?
কাষেৰে মাজে মাজে দুই-এখন গাড়ী পাৰ হৈ গৈছিল। এফালৰ অৰণ্য আৰু আনফালৰ সীমাহীন পথাৰত জোনাকৰ বৰষুণ সৰিছিল। লাহে লাহে বতাহ এজাক বলি আছিল। গছৰ পাতৰ ছেদ-ভেদ নোহোৱা জৰ্ জৰ্ শব্দত পৰিবেশটো মায়াময় হৈ পৰিছিল।
হাফ চুৱেটাৰটো মাত্ৰ পিন্ধি আহিছিলোঁ কাৰণেই নেকি সামান্য জাৰ অনুভৱ কৰিছিলোঁ।
আৰু মই সেই ঠাইখিনি গৈ পাইছিলোঁ, য’ত দুদিন আগতে ছাৰাক লগ পাইছিলোঁ। কিন্তু তাত কোনো ৰৈ থকা নাছিল। নদীখনো নাছিল।
কিছুসময়, বোধহয় আধাঘণ্টামান, তাতেই থিয় হৈ ৰ’লোঁ। ছাৰাই বাৰু গম পাবনে, মই তাইৰ বাবে জন্মদিনৰ এটা উপহাৰ লৈ আহিছিলোঁ?
আৰু কিছু দূৰ আগুৱাই গৈছিলোঁ। সেইফালেই ছাৰাহঁতৰ ধুনীয়া নীলা ঘৰটোৱে কিছুমান হাঁহি আৰু আশা নিজৰ মাজত লৈ বহু বছৰৰ আগতে থিয় হৈ আছিল।
অলপ পাছতেই মই ৰৈ গৈছিলোঁ। সেইখিনিতেই বোধহয় ছাৰাহঁতৰ ঘৰটো আছিল। ফুলৰ থোপাটো হাতত লৈ পথাৰৰ মাজলৈ চাই পঠিয়াইছিলোঁ। এই পথাৰখন জানো ছাৰাহঁতৰ পথাৰখনেই? পথাৰেওতো ৰৈ নাথাকে।
এটা অকলশৰীয়া জোনাকী পৰুৱা পথাৰৰ মাজৰ পৰা উৰি উৰি মোৰ কাষলৈ আহিছিল। মোৰ কাষত দুপাক মাৰি সেইটো আকৌ পথাৰৰ মাজলৈ গুচি গৈছিল। তাৰ পাছত আকৌ এবাৰ মোৰ ওচৰলৈ আহিছিল, দুপাকমান মাৰি আকৌ পথাৰৰ মাজলৈ ঘূৰি গৈছিল। আকৌ এবাৰ, আকৌ এবাৰ, আকৌ এবাৰ। প্ৰত্যেকবাৰে জোনাকীটোৱে পথাৰৰ মাজৰ একেখিনি ঠাইতেই ৰৈ ঘূৰি ঘূৰি উৰিছিল কিছুসময়। আৰু এবাৰ সেইটোৱে মোৰ ওচৰৰ পৰা উৰি পথাৰৰ মাজলৈ ঘূৰি যোৱাৰ পাছত, ময়ো সেই ফালে আগুৱাই গৈছিলোঁ। ঠিক যিখিনি ঠাইত জোনাকীটোৱে ঘূৰি ঘূৰি উৰি আছিল তালৈকে আগুৱাই গৈছিলোঁ।
আৰু এটা বহু পুৰণি ক’লা হৈ যোৱা সমাধিৰ ওচৰত গৈ মই থিয় হৈছিলোঁ। ঘাঁহ-বনে আগুৰি ৰখা পুৰণি সেই সমাধি জোনাকত বৰ কৰুণ দৃশ্যৰ দৰে ধৰা দিছিল মোৰ চকুত।
মই কেতিয়াও কোনো সমাধিৰ কাষত ৰৈ অকণো ভয় অনুভৱ নকৰোঁ। কিন্তু সমাধিবোৰ দেখিলেই কিবা কাৰণত বুকুখন বিষাই যায়। নিমাতে-নিটালে যেন কোনোবা শিশু তাত শুই থাকে। আচলতে মোৰ কাৰণে পৃথিৱীৰ সকলো সমাধিয়েই শিশুৰ সমাধি, প্ৰত্যেক সমাধিয়েই যেন অচিন শিশুৰ গভীৰ ঘুমটিৰে ভৰা এখন শীতল কোলা। কাৰণ আকাশ চুব পৰাকৈ ওখতো কোনো নহয়। আমাৰ হাতৰ মুঠিতকৈ বহু বহু বেছি বিশাল এই পৃথিৱী। আৰু পাহৰিলেও সকলোৱেই হয়তো সদায় শিশুৱেই আছিল।
একেবাৰে ওচৰলৈ গ’লোঁ। হাতেৰে দীঘল দীঘল বনবোৰ অলপ আঁতৰাই দিলোঁ। জোনাকত ওপৰত কাটি থোৱা নামটো স্পষ্টকৈয়ে দেখা গৈছিল-ছাৰা ৰবাৰ্টছ। জন্মৰ বছৰ ১৮৭২, মৃত্যুৰ বছৰ ১৮৮২। জন্মৰ তাৰিখটো মন দি চাইছিলোঁ। ছাৰাই মোক মিছা কোৱা নাছিল। সেইদিনাই তাইৰ জন্মদিন আছিল।
তাই এতিয়াও ৰৈ আছে, দেউতাক আৰু মাক তাইৰ ওচৰলৈ ঘূৰি আহিব বুলি তাই এতিয়াও ৰৈ আছে। কিন্তু কোনেও কাৰো বাবে ৰৈ নাথাকে-সেইটো কেনেকৈ বুজাম মই তাইক?
নিষ্প্ৰাণ সমাধিৰ শতাধিক বছৰ পাৰ কৰা কংক্ৰিটৰ ওপৰত মৰমেৰে হাত ফুৰাই দিছিলোঁ কেইবাৰমান। ছাৰাৰ নামটোত বহুবাৰ চুমা খাই ফুলথোপা সমাধিৰ কাষতেই থৈছিলোঁ।
কাষতেই উৰি থকা জোনাকীটোলৈ চাই মই লাহে লাহে কৈছিলোঁ, “পৃথিৱীখন বৰ সুন্দৰ। এই ঠাইখনো বৰ সুন্দৰ। কিন্তু ইমানো সুন্দৰ নহয় যে আমি ইয়াতেই ৰৈ যাব লাগে চিৰকাল।”
বোধহয় ছাৰাই শুনিব। বোধহয় তাই মোৰ কথাবোৰ বুজি পাব। আৰু বোধহয় তাই গুচি যাব।