এক থালি বেক্টেৰিয়া ভোজনৰ পৰা নোবেল বঁটালৈ
লেখক- দেৱজিৎ শৰ্মা
অসুখটো কি? গেছ
অসুখটো কি? গেষ্ট্ৰিক
পেটৰ বিষ, উগাৰ, ভোক নলগা, লক্ষণ যিয়েই নহওক, সকলো সাধাৰণ মানুহে নিজৰ অসুখটো চিনাক্ত গেছ, গেষ্ট্ৰিক আদি বুলিয়েই কৰে। গেছ বা গেষ্ট্ৰিক বুলি কোনো অসুখ নায়। গেছ মানে খাদ্যনলীত অতিৰিক্ত বায়ু উৎপাদন কৰাই বুজাব খোজে, তাৰ কাৰণ যিয়েই নহওক। সেইদৰে গেষ্ট্ৰিক মানে পেট। গতিকে সাধাৰণ মানুহে গেষ্ট্ৰিক মানে পেটৰ লগত জড়িত অসুখেই বুজাব খোজে। আচলতে গেষ্ট্ৰিক মানে কোনো অসুখ নায়। গেষ্ট্ৰাইটিছ নামে এক অসুখ আছে। গেষ্ট্ৰাইটিছ হল পেট বা গেষ্ট্ৰিকত হোৱা এক প্ৰদাহ (inflammation).
এটা সময় আছিল গেষ্ট্ৰাইটিছ, গেষ্ট্ৰিক আলছাৰ (পেটৰ ভিতৰত হোৱা ঘাঁ) বৰ সাধাৰণ ৰোগ আছিল। প্ৰায় সকলোতে শুনা গৈছিল, গেষ্ট্ৰিক বা গেষ্ট্ৰিক আলছাৰ, আৰু তাৰ বাবে মানুহে বটলৰ পিছত বটল এণ্টাছিদ গলাধঃকৰণ কৰিছিল, নহলে পেটৰ এছিদ কমোৱা অন্য ঔষধ। এইদৰে আৰোগ্য নহলে শেষত পেটৰ অপাৰেছন। পেটৰ ঘাঁ থকা অংশই কাটি দিব লগা হৈছিল।
আমি সকলোৱেই জানো আমাৰ পেটৰ বাতাবৰণ আম্লিক (acidic) আমাৰ পেটৰ ৰসৰ pH ১.৫ ৰ পৰা ৩.৫। (pH ১ ৰ পৰা ১৪ স্কেলত নিৰ্ণয় কৰি নিৰ্ধাৰণ কৰা হয় এটা দ্ৰৱ ক্ষাৰকীয় নে আম্লিক। pH ৰ দ্বাৰা দ্ৰৱত হাইদ্ৰোজেন আয়নৰ গাঢ়তা নিৰ্ণয় কৰা হয়। ৭ হল প্ৰশম। ৭ ৰ তলত pH হলে দ্ৰৱ আম্লিক আৰু ৭ ওপৰত হলে ক্ষাৰকীয় কোৱা হয়)। ইমান এটা আম্লিক বাতাৱৰণত ধাতুও গলি যায়, গতিকে ভৱা হৈছিল পেটৰ ৰস বীজাণুমুক্ত পৰিষ্কাৰ।
গেষ্ট্ৰিক আলছাৰৰ কাৰণ ভৱা হৈছিল প্ৰচণ্ড মানসিক চাপ, উচ্চ চাপৰ চাকৰি, উৎকণ্ঠা, টাইপ এ ব্যক্তিত্ব, অতিৰিক্ত মছলা যুক্ত খাদ্য, খুব জলা যুক্ত খাদ্য, ধূমপান, মাদকদ্ৰব্য সেৱন, অসময়ত খাদ্য খোৱা আদি। চিকিৎসাও সেই ভিত্তিতে কৰা হৈছিল। এণ্টাচিদ, এচিদ কমোৱা ঔষধ, উৎকণ্ঠা আৰু মানসিক চাপ কমোৱা চিকিৎসা, সোৱাদহীন মছলা বিহীন খাদ্য। ঔষধৰ দ্বাৰা কৰা চিকিৎসাৰ ফল ক্ষন্তেকীয়া আছিল বা সন্তোষজনক নাছিল। ঔষধৰ কোম্পানীবোৰে কোটি কোটি টকা ঘটিছিল, আৰু শৈল্য চিকিৎসকবোৰে প্ৰতিদিনে অনেক পেটৰ অপাৰেছন কৰি ঘাঁ লগা অংশ কাটি পেলাব লাগিছিল।
এনে সময়তে ১৯৮০ ৰ দশকত এজন অষ্ট্ৰেলিয়ান গেষ্ট্ৰএণ্ট্ৰৰ’লজিষ্টে অণুবীক্ষণ যন্ত্ৰৰ তলত গেষ্ট্ৰিক আলছাৰৰ অংশ পৰীক্ষা কৰি থাকোতে বাৰে বাৰে দেখিলে বক্ৰকাৰ, সৰ্পিল আকৃতিৰ পেটৰ গাৰ আৱৰণত লাগি এক বেক্টেৰিয়াৰ লানি।
কিন্ত সেই সময়ৰ জ্ঞানত সেইটো অসম্ভৱ। বিশ্বৰ কোনো স্বাস্থ্যবিজ্ঞানীয়ে এই কথা মানি নললে। অষ্ট্ৰেলিয়ান গেষ্ট্ৰএণ্ট্ৰৰ’লজিষ্ট জনৰ নাম আছিল বেৰী মাৰ্ছাল। তেওঁলোকৰ মতে মাৰ্ছালৰ গেষ্ট্ৰএণ্ট্ৰৰ’লজিৰ মৌলিক জ্ঞানেই নায়। পেটত বীজাণু থাকিব নোৱাৰে। মাৰ্ছাল কিন্ত দৃঢ় বিশ্বাসী আছিল। এয়া কোনো বিক্ষিপ্ত ঘটনা নহয়। কাৰণ তেখেতে গেষ্ট্ৰিক আলছাৰ থকা ৰোগীৰ পেটতহে এই বিশেষ বেক্টেৰীয়া বিধ দেখিছিল। গেষ্ট্ৰিক আলছাৰ নথকা ৰোগীৰ পেটত অকস্মাত কেতিয়াবাহে এই বীজাণু দেখা যায়। মাৰ্ছালৰ লগৰ পেথ’লজিষ্ট ৰবীন ৱাৰেনেও সেই বিশেষ বেক্টেৰিয়াবিধ বহুদিনৰ পৰা লক্ষ্য কৰি আছিল। তেওঁলোকে ক’লে গেষ্ট্ৰিক আলছাৰ বেক্টেৰীয়াই কৰে আৰু আমি এণ্টিবায়টিক দি ইয়াৰ চিকিৎসা কৰিব পাৰিম।
তেওঁলোক দুয়োৰে কথা বিশ্বই হাঁহি হাঁহি উৰুৱাই দিলো। সকলো নাম থকা জাৰ্ণেলে তেওঁলোকৰ গৱেষণা প্ৰকাশ কৰাত অস্বীকাৰ কৰিলে। আলোচনাচক্ৰত তেওঁলোকৰ কথা কোনোৱে গুৰুত্ত নিদিলে।
মাৰ্ছাল আৰু ৰৱীনে পৰীক্ষাগাৰত জন্তৰ শৰীৰত এই বেক্টেৰীয়া সংৰোপণ কৰিবৰ চেষ্টা কৰিলে কিন্ত ব্যৰ্থ হল। কাৰণ সেই বেক্টেৰিয়া কেৱল মানুহৰ দেহতে স্থাপিত হব পাৰে। মানুহৰ শৰীৰত পৰীক্ষা কৰিবলৈ কোনো গৱেষণাগাৰৰ নৈতিক কমিটীয়ে (ethical committee) অনুমোদন নিদিয়ে।
অৱশেষত নিজৰ আৱিষ্কাৰত দৃঢ় বিশ্বাসী মাৰ্ছালে সিদ্ধান্ত ললে তেওঁ এই বেক্টেৰীয়া নিজৰ দেহতে সংৰোপণ কৰিব। কেৱল মাত্ৰ নিজৰ পত্নীক কৈ ১৯৮৪ চনত বেৰী মাৰ্ছালে পৰীক্ষাগাৰত এজন গেষ্ট্ৰিক আলছাৰৰ ৰোগীৰ শৰীৰত পোৱা এই বীজাণু লাখ লাখ সৃষ্টি কৰিলে। পৰীক্ষাগাৰৰ পেট্ৰীডিছত এনে বীজাণুৰ বিলিয়ন পৰিমাণ সৃষ্টি কৰি এক বেক্টেৰিয়েল চুৰুহা সৃষ্টি কৰি নিজেই সেৱন কৰিলে। তেখেতে পিছত কৈছিল সেই চুৰুহাৰ সোৱাদ আছিলে গেলা পিটনিৰ পানীৰ দৰে। প্ৰথম দুদিন তেখেতৰ একো নহল। তৃতীয় দিনা তেখেতৰ বমি, পেট বিষ আৰু প্ৰচণ্ড গা বেয়া। দহদিনৰ পিছত এণ্ডোস্কোপী কৰি দেখিলে তেখেতৰ আগৰ স্বাস্থ্যৱান পেটৰ আৱৰণ ৰঙা পৰি, উখহি গৈছে, যাক আমি গেষ্ট্ৰাইটিছ কওঁ। বায়পছিত দেখিলে তেখেতৰ পেটতো সেই বিশেষ বীজাণু বিধ, যাৰ নাম ইতিমধ্যে ৰখা হৈছিল ‘হেলিকবেক্টাৰ পায়লৰী’। মাৰ্ছালে তাৰপিছত সেই বিশেষ বেক্টেৰীয়াবিধৰ বিৰুদ্ধে বিশেষ এণ্টিবায়টিক খাই দুই সপ্তাহতে আৰোগ্য হল।
বিশ্বৰ বিজ্ঞানীসকলে কিন্তু তথাপি কথাটো মানি লব নুখুজিলে। ক’লে গেষ্ট্ৰাইটিছ আৰু গেষ্ট্ৰিক আলছাৰ একে নহয়। গৱেষণাটো সকলোৰে স্বীকৃতি পাবৰ বাবে নিয়ন্ত্ৰিতভাৱে কৰা হোৱা নাছিল।
মাৰ্ছাল আৰু ৱাৰেনে তাৰ পাছতো বহু বছৰ যুদ্ধ কৰিব লগা হল। তেখেতসকলে প্ৰমাণিত কৰিব লগা হল এই বেক্টেৰীয়াৰ পৰা হোৱা গেষ্ট্ৰাইটিছৰ পিছতে গেষ্ট্ৰিক আলছাৰৰ সৃষ্টি হয়। আৰু এই বেক্টেৰীয়াৰ পৰা হোৱা আলছাৰ সকলো ৰোগীকে দুই সপ্তাহ এণ্টিবায়টিক দি আৰোগ্য কৰিব পাৰি। অৱশেষত মাৰ্ছালে বেক্টেৰীয়াৰ চুৰুহা খোৱাৰ ২১ বছৰৰ পিছত মাৰ্ছাল আৰু ৱাৰেনক এই যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ২০০৫ চনত ন’বেল পুৰস্কাৰ প্ৰদান কৰা হয়।
তেওঁলোকৰ এই আৱিষ্কাৰৰ বাবেই আজিকালি গেষ্ট্ৰিক আলছাৰৰ পৰা লাখ লাখ ৰোগী অনায়াসে আৰোগ্য লাভ কৰিছে আৰু এই ৰোগৰ বাবে চাৰ্জাৰী একেবাৰে বিৰল হল।
এয়া আত্মপ্ৰত্যয়, আশাশুধীয়া প্ৰচেষ্টা আৰু আত্মত্যাগৰ চূড়ান্ত উদাহৰণ। এওঁলোকৰ নিচিনা মানুহৰ বাবেই আজি মানৱ জাতিৰ ইমান উত্তৰণ; মানুহৰ গড় আয়ুস দহ বছৰৰ তলৰ পৰা আহি প্ৰায় আশী বছৰ হ’ল।
