এখন অসমীয়া উপন্যাস আৰু কিছু কথা
লেখক- তৃপ্তি দাস
সাহিত্যিক তথা সম্পাদক অনুৰাধা শৰ্মা পূজাৰীৰ ‘ সাদিন’ত প্ৰকাশিত শেহতীয়া লেখা ‘এখন অসমীয়া উপন্যাসৰ বিদেশ ভ্ৰমণ’, ‘সীমাৰ পৰিধি ভাঙি পৃথিৱী গঢ়ে গ্ৰন্থই’ আৰু ‘মহাসাগৰে সৰু নদীখনৰ বাবেও বাট চায় …’ শীৰ্ষক লেখাকেইটি পঢ়িলোঁ। ৰূপালী জয়ন্তী অতিক্ৰম কৰা এখন উপন্যাসে ঔপন্যাসিকক যেন সৰ্বোচ্চ সন্মান তথা সন্তুষ্টি প্ৰদান কৰিছে। সাহিত্য অনুৰাগী ব্যক্তিয়ে নিশ্চয় জানে ‘হৃদয় এক বিজ্ঞাপন’ অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰথম উপন্যাস। এই উপন্যাসখনেই ঔপন্যাসিকগৰাকীক লৈ যায় বিদেশলৈ। এই খবৰে আমাক আনন্দ প্ৰদান কৰাৰ লগতে এগৰাকী অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। অগণিত পাঠক সৃষ্টি কৰিব পৰা ঔপন্যাসিকগৰাকীক অভিনন্দন জনাইছোঁ। ‘হৃদয় এক বিজ্ঞাপন’— এই নামত আকৰ্ষণ আছে। আমি পঢ়ি ভালপোৱা, আলোচনা কৰি ভালপোৱা উপন্যাসখন ভৌগোলিক সীমাত আবদ্ধ হৈ নাথাকি বিশ্বমুখী যাত্ৰা কৰা খবৰটো অসমীয়া সাহিত্যৰ জগতৰ বাবে এটি উল্লেখযোগ্য খবৰ। স্বনামধন্য লেখক আৰুণি কাশ্যপে ‘ হৃদয় এক বিজ্ঞাপন’ক ইংৰাজীলৈ অনুবাদ কৰে আৰু পেংগুইন প্ৰকাশে ‘ My Poems are Not For Your ad Campaign’ নামেৰে প্ৰকাশ কৰে।
ইংৰাজী ভাষালৈ অনুবাদ হোৱা ‘ হদয় এক বিজ্ঞাপন’ উপন্যাসখন সম্প্ৰতি পৃথিৱীৰ কিছুসংখ্যক দেশৰ বাহিৰে বেছিসংখ্যক দেশত উপন্যাসখন উপলব্ধ। সাহিত্যৰ সঠিক অনুবাদে সাগৰ প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰিব পাৰে। ‘হৃদয় এক বিজ্ঞাপন’ এতিয়া কেৱল এগৰাকী অসমীয়া ঔপন্যাসিকৰ অসমীয়া ভাষাত লিখা এখন উপন্যাস নহয়। মাতৃভাষা অসমীয়া নোহোৱা অনেক ব্যক্তি উপন্যাসখনৰ পঢ়ুৱৈ। ‘The greatest literary show on earth’ হিচাপে খ্যাত জয়পুৰ সাহিত্য উৎসৱত ‘হৃদয় এক বিজ্ঞাপন’ৰ ভিত্তিত অনুষ্ঠিত হোৱা এঘণ্টাৰ আলোচনা-সত্ৰত ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীয়ে বক্তা হিচাপে অংশগ্ৰহণ কৰিছিল। উপন্যাসৰ বিষয়-বস্তু, প্ৰকাশভংগী, ঔপন্যাসিকৰ নিষ্ঠা, দক্ষতা আদিৰ জৰিয়তে এখন উপন্যাসে নতুন নতুন পাঠকক মুগ্ধ কৰিবলৈ সক্ষম হয়, বিশাল পৰিসৰত আলোচনাৰ কেন্দ্ৰ হৈ পৰে। লণ্ডনত অনুষ্ঠিত Jaipur Literature festival ৰ এগৰাকী বক্তা হিচাপে অনুৰাধা শৰ্মা পূজাৰীয়ে লাভ কৰা নিমন্ত্ৰণ এগৰাকী অসমীয়া সাহিত্যিকে লাভ কৰা বিৰল স্বীকৃতি। লণ্ডনলৈ কেনেকৈ গ’ল, উদ্যোক্তাৰ আতিথ্য, আয়োজন, প্ৰখ্যাত লোকৰ অংশগ্ৰহণ, গ্ৰন্থপ্ৰেমীৰ উপস্থিতি আদি কথাবোৰ অনুৰাধা শৰ্মা পূজাৰীয়ে ‘সাদিন’ত প্ৰকাশিত তিনিওটা লেখাত খুউব সুন্দৰকৈ লিখিছে। ব্ৰিটিছ কাউন্সিলে উপস্থাপন কৰা জয়পুৰ লিটাৰেচাৰ ফেষ্টিভেলৰ এমাহৰ আগৰেপৰা টিকট ল’বৰ বাবে ৱেবছাইটত বিজ্ঞাপন দি থকা হয় বুলি অনুৰাধা শৰ্মা পূজাৰীৰ লেখাত উল্লেখ থকাৰ লগতে তেখেতে লিখিছে, “সমগ্ৰ বিশ্বৰ গ্ৰন্থৰ গুণগ্ৰাহী, চিন্তাৰ গুণগ্ৰাহীসকলে এই বিজ্ঞাপন চাই, অগ্ৰিম টিকট অনলাইনত লয়, যিদৰে ফুটবল, ক্ৰিকেট খেলা, বিশেষ গায়ক-গায়িকাৰ সংগীতানুষ্ঠান চাবলৈ মানুহ যায়, ঠিক তেনেদৰে ইউৰোপৰ চুবুৰীয়া ঠাই আৰু অন্যান্য দেশৰ মানুহৰো সমাগম হয়। এক বিৰল অনুভৱ এয়া। আমাৰ হ’ব লগা অনুষ্ঠানটোৰ টিকট প্ৰায় শেষ হৈছে বুলি জে এল এফৰ সদস্যই কোৱাত আচৰিত হৈছিলো।” সাহিত্যৰ অনুষ্ঠান এনেদৰে অনুষ্ঠিত হয় বুলি আমি জনাই নাছিলোঁ। অসমৰ কেতবোৰ সাহিত্যৰ অনুষ্ঠানত মঞ্চ ভৰি থাকে যদিও সন্মুখত থাকে অসংখ্য খালী চকী। আমাৰ সমাজত মন দি বক্তৃতা শুনা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। তদুপৰি বক্তৃতানুষ্ঠানত বক্তাক সময় আৰু অনুকূল পৰিৱেশ দিয়াতকৈ বহু বিশেষণসহ বহুলোকক গামোচাৰে আদৰণি, জাপি, শৰাই, সঁফুৰা প্ৰদানতেই বহু সময় যায়। অনুৰাধা শৰ্মা পূজাৰীৰ লেখাৰ জৰিয়তে বিশ্বৰ অন্যতম বৃহৎ ব্ৰিটিছ লাইব্ৰেৰীৰ বিষয়ে আৰু লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহসমূহত প্ৰতিমাহে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয় বুলি জানিব পাৰি আমাৰ চহৰ-মহানগৰত থকা লাইব্ৰেৰীলৈ মনত পৰে। বহু লাইব্ৰেৰীত কিতাপ আছে কিন্তু পঢ়ুৱৈৰ অভাৱ। ব্যতিক্ৰম তেনেই তাকৰ। আমাৰ চহৰত থকা জিলা পুথিভঁৰালত পঢ়াৰ পৰিৱেশ নাই। চহৰৰ বহু শিক্ষিত মানুহে পুথিভঁৰালত ভৰি দি পোৱা নাই চাগৈ। বিভিন্ন কাৰণত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈ থাকে যদিও লাইব্ৰেৰীটো মেৰামতি কৰিবলৈ, নতুন নতুন গ্ৰন্থেৰে সজাই তুলিবলৈ এষাৰো মাত মতা শুনা নাই। আমাৰ আৰু বিদেশৰ মাজত ইমান বৈসাদৃশ্য!
আন্তজাৰ্তিক মানৰ ঔপন্যাসিক নমিতা গোখলেৰ ইংৰাজী উপন্যাস ‘পাৰো’ আৰু অনুৰাধা শৰ্মা পূজাৰীৰ ‘হৃদয় এক বিজ্ঞাপন’ৰ ইংৰাজী অনুবাদ ‘My Poems are Not For Your ad Campaign’ দুয়োখন গ্ৰন্থ একেখন আলোচনা সত্ৰত আলোচিত হৈছিল। দুয়োগৰাকী ঔপন্যাসিকৰ সৈতে সমন্বয়ৰক্ষক হিচাপে থাকে ইউনিভাৰছিটি অব লণ্ডনৰপৰা সাহিত্যৰ ডক্টৰেট সন্মান লাভ কৰা সাংবাদিক, সাহিত্যিক, বুৰঞ্জীবিদ শ্ৰাৱণী বসু। শ্ৰাৱণী বসুৱে অনুৰাধা শৰ্মা পূজাৰীক কৈছিল, “তোমাৰ কিতাপৰ বিষয়ে মই যথেষ্ট হ’মৱৰ্ক কৰিছোঁ।” বক্তৃতা শুনিবলৈ আমি নিমন্ত্ৰণ কৰা একাংশ বক্তাই হ’মৱৰ্ক নকৰাকৈয়ে আহে। উদ্যোক্তাই বক্তাক দিয়া ধন পানীত পৰে। শ্ৰম নকৰাকৈয়ে নিৰ্দিষ্ট বক্তা, শ্ৰম নকৰাকৈয়ে সাহিত্যিক হোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে। ‘এখন উপন্যাসৰ বিদেশ ভ্ৰমণ’ শীৰ্ষক লেখাত লেখিকাই নতুন লেখক-লেখিকাক উদ্দেশ্য কৰি কৈছে, “লণ্ডনৰ মাজ-মজিয়াত ব্ৰিটিছ লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত অপৈণত বুলি ভবা কিতাপখনেই আলোচিত হ’ব— এয়া এক কল্পনাতীত সত্য। নতুন লেখক-লেখিকাসকলে হঠাতে ফলাফল নিবিচাৰি ধৈৰ্য-সাধনাৰে আগবাঢ়িলে অসমীয়া সাহিত্য বিশ্বমুখী এনেদৰেই নিশ্চয় হ’ব।”
অনুৰাধা শৰ্মা পূজাৰীয়ে অংশগ্ৰহণ কৰা দ্বিতীয়খন আলোচনা সত্ৰৰ বিষয় আছিল, ‘Ideas of India’. আলোচনাৰ সূত্ৰধাৰ আছিল কেশৱ গুহ। লেখিকাৰ ভাষাৰে, “এজন অতি সুন্দৰ প্ৰতিভাধৰ ত্ৰিছবছৰীয়া যুৱক। কেশৱ গুহ ‘Accidental Magic’ নামৰ বহু চৰ্চিত উপন্যাসৰ লেখক।” কেইবাখনো কাকত, অনলাইন আলোচনীত ৰাজনীতি আৰু সামাজিক বিভিন্ন বিষয় সন্দৰ্ভত লিখি থকা কেশৱ গুহই অনুৰাধা শৰ্মা পূজাৰীক যেতিয়া ‘কলিকতাৰ চিঠি’ শীৰ্ষক স্তম্ভ লেখাৰ বিষয়ে সুধিছিল তেতিয়া তেখেতে হতবাক হৈ সুধিছিল, “তুমি কেনেকৈ জানিলা? তোমাৰ জন্ম হৈছিল জানো তেতিয়া?” কেশৱ গুহই কৈছিল, “মই প্ৰতিজন আলোচকৰ বিষয়ে জানিবলৈ জন্মকুণ্ডলী উলিয়াই লৈছোঁ।” ইমান পৰিশ্ৰমী আৰু সততা তথা নিষ্ঠাৰে কাম কৰা মানুহ লগ পোৱাৰ সৌভাগ্য ক’ৰবাত, কেতিয়াবাহে ঘটে। আমি গাতে গা লগাই বহি থকা, একেলগে ফ’টো তুলি ফেচবুকত দিয়া বহু বিশিষ্ট সাহিত্যিকৰ বিষয়ে বিশেষ নাজানো। জানিবলৈ চেষ্টাও নকৰোঁ। সাহিত্য-সংস্কৃতিৰ সভাত লগ পোৱা বহু বিশিষ্ট ব্যক্তি অধ্যয়নৰ প্ৰতি আগ্ৰহী নহয়। অনুৰাধা শৰ্মা পূজাৰীৰ লেখাৰ জৰিয়তে কেইবাটাও ভাৰতীয় ভাষা অধ্যয়ন কৰা, ভাৰতীয় সংগীতৰ বিশেষজ্ঞ স্বৰূপ ৰিচাৰ্ড ডেভিদ উইলিয়ামছৰ বিষয়ে জানি ভাল লাগিল।
‘মেৰেং’, ‘ সোণ হৰিণৰ চেঁকুৰ’, ‘বৰাগী নদীৰ ঘাট’, ‘অনুৰাধা শৰ্মা পূজাৰীৰ ডায়েৰী’, ‘অ’টগ্ৰাফ’, ‘সুখৰ ৰামধেনু, ‘এজন পুৰুষ আৰু এগৰাকী নাৰীৰ গল্প’ আদি অনেক সুখপাঠ্য সৃষ্টিৰ স্ৰষ্টা অনুৰাধা শৰ্মা পূজাৰীয়ে ৭ জুলাইত ‘সাদিন’ত প্ৰকাশিত ‘মহাসাগৰে সৰু নদীখনৰ বাবেও বাট চায় …” লেখাত লিখিছে, “এই ইংৰাজ পণ্ডিতসকলৰ ভাৰতীয় সংস্কৃতি, অসমৰ সংস্কৃতি জনাৰ বাবে থকা প্ৰবল হেঁপাহ, সৰল আন্তৰিকতাপূৰ্ণ আচৰণ, অধ্যয়ন আৰু জীৱনকালত সময় অপচয় নকৰি জ্ঞান অৰ্জনৰ ইচ্ছা দেখি নিজকে ধিক্কাৰ দিছিলোঁ, মই জীৱনত কি কৰিলোঁ। কিমান সময় অবাবত অপচয় কৰিলো, এয়া ঘূৰাই পোৱাটো সম্ভৱ জানো?” এই প্ৰশ্ন আমাৰ বাবে অত্যন্ত জৰুৰী।
অলপ নিজৰ কথা— বহু বছৰৰ আগৰ কথা। বান্ধৱীৰ ঘৰলৈ এদিন থকাকৈ গৈছিলোঁ। ঘৰলৈ আহিবলৈ লোৱাৰ পূৰ্বে বান্ধৱীৰ কিতাপৰ আলমাৰীত এখন কিতাপ চকুত পৰে। নামটো বৰ ভাল লাগে। কিতাপখন হাতত লৈ পঢ়িবলৈ আৰম্ভ কৰোঁ। বান্ধৱীয়ে মোক কয়, “কিতাপ লৈ বহি ল’লা যে। বাছৰ সময় হ’ল নহয়।”
“আজি ঘৰলৈ নাযাওঁ।”
“কিয় নোযোৱা?”
“উপন্যাসখন এৰি মই এতিয়া যাব নোৱাৰোঁ।”
“আমি এদিন বেছিকৈ থাকিবলৈ ক’লে নাথাকা। এতিয়া কিতাপ পঢ়িবলৈ পাই ঘৰলৈ নোযোৱা। কি উপন্যাস পঢ়িছা?”
“চাহেবপুৰাৰ বৰষুণ।”
উপন্যাসখনৰ বৰ্ষা, শেখৰ হুছেইন আদি চৰিত্ৰই মোক ইমানেই আকৰ্ষণ কৰিছিল যে একেটা বৈঠকতে পঢ়ি উপন্যাসখন শেষ কৰিছিলোঁ।