এজোপা গছৰ কথাৰে
লেখক- দীপাঞ্জলি বৰা
মইতো যাব নোৱাৰোঁ
তুমিয়ে আহা মোৰ কাষলৈ
সাবটি ধৰা মোক গাৰ জোৰেৰে
সংক্ৰমিত হওক বেজাৰৰ
কীটাণুবোৰ তোমাৰ পৰা মোলৈ।
গা-গছৰে
মুক্ত কৰি তোমাক
কঢ়িয়াই লৈ যাওঁ বিশাল
ভূমিলৈ মোৰ তেজাল
শিপাৰে— !
মন নাযায় নে তোমাৰ বাৰু
মোৰ লিহিৰি লিহিৰি পাতবোৰৰ
আদৰ ল’বলৈ!
আহাচোন ক্ষন্তেকৰ বাবে
জিৰণি লোৱাহি মোৰ শীতল ছাঁত
আদৰৰ শেতেলিত দুচকু মুদি।
গাই যাওঁ মই
নিচুকনি গীত
নুবুজা ভাষাৰে।
আছেনে বাৰু মোৰ বাবে
তোমাৰ হিয়াত এচিকুট চেনেহ?
পাহৰি গ’লা নেকি বাৰু
ৰ’দে-বৰষুণে কৰা
অপেক্ষাৰ কথা!
দিব পাৰিবানে ছটিয়াই
মোৰ ৰঙীন ফুলবোৰত
তোমাৰ ভালপোৱাৰ এমুঠি
মিঠা সুবাস।
উজলি উঠক
পৃথিৱীক মুগ্ধ কৰি!
অন্যান্য শিতান
Menu
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments