এপাহ ফুলিল, এপাহ সৰিল কেনি
লেখক- ড০ভগৱান দেৱ মিশ্র
গীত বা গান এটাৰ সৃষ্টিৰ মাজত কিছুমান এনেকুৱা আনুষংগিক কাহিনী সোমাই পৰে যিয়ে গীত বা গানটোক বহুমাত্ৰিক কৰি তোলে৷ শ্ৰোতা বা দৰ্শকজন নিজৰ অজানিতেই গান বা গীতটোৰ অংশীদাৰ হৈ পৰে৷
আইনু নৱকান্ত বৰুৱা ছাৰৰ জীয়ৰী৷ নৱকান্ত বৰুৱাৰ জীয়ৰী হ’লেতো সংবেদনশীল হ’বই৷ আপুনি মই নুশুনা শব্দবোৰ প্ৰকৃতিৰ বুকুত শুনিব, আপুনি মই নেদেখা বস্তুবোৰ প্ৰকৃতিৰ বুকুত দেখিব, আপোনাৰ মোৰ কল্পনাই ঢুকি নোপোৱা দৃশ্যবোৰ মনচকুত দৃশ্যমান হ’ব৷
তেতিয়া গুৱাহাটীত কংক্ৰিটৰ হাবিখন গজি উঠা নাছিল৷ নৱকান্ত বৰুৱা ছাৰ থকা ঘৰটোৰ চোতালৰ পৰা শৰণীয়া পাহাৰখন স্পষ্টকৈ দেখা গৈছিল৷ ছয়বছৰীয়া আইনুৱে চুলিকোচা মেলি চোতালত জঁপিয়াই দিলে শৰণীয়া পাহাৰখনেও জঁপিয়াই উঠে৷ নাচিবলৈ উদগ্ৰীৱ হৈ থকা পাহাৰখনৰ ওচৰলৈ গৈ একেলগে নাচিবলৈ আইনুৰ বৰ ইচ্ছা৷ আবেলি নৱ বৰুৱা ছাৰ কলেজৰ পৰা অহাৰ পাছত পৰিয়ালৰ সকলোৰে লগত সমুখৰ পথাৰখনলৈ আগুৱাই গ’ল আইনুজনী৷ তেতিয়া বেলি পৰিছে৷ লাহে লাহে আন্ধাৰ হৈ আহিল৷ কুঁৱলীয়ে পাহাৰখন ঢাকি আনিলে, পাহাৰখনৰ ওখোৰা-মোখোৰাবোৰ নাইকিয়া হৈ পাহাৰখন নিমজ হৈ আহিল৷ আইনুৱে ছাৰক ক’লে, “দেউতা পাহাৰখন আকাশ হৈ গ’ল৷ “ থিতাতে কবিতা এফাকিৰ জন্ম হ’ল—
“আইনুজনীৰ চকুৰ মণিত দিনৰ পাহাৰ নাচিছিল
সেই পাহাৰেই ৰাতিৰ মায়াত আকাশ হৈ পৰিছিল“
কি অগতানুগতিক চিত্ৰকল্প! তাকো এজনী ছবছৰীয়া ছোৱালীৰ কল্পজগতত! কি সাংঘাতিক অন্তৰ্দৃষ্টি এজনী কণমানিৰ।
কুঁৱলীৰ ফাঁকে ফাঁকে বিলৰ পৰা নিজৰ ঘৰলৈ জাকি মাৰি উভতি অহা হাঁহজাকে শ্ৰাব্য অথচ অদৃশ্য এক কলৰৱৰ সৃষ্টি কৰিছিল, টোপ টোপ নিয়ৰৰ ফুল আইনুৰ কোমল গালখনত পৰি কবিতাটোৰ আন এফাকি পংক্তিৰ সৃষ্টি কৰিলে৷
“নিয়ৰৰে ফুল এপাহ ফুলিল
এপাহ সৰিল কেনি
যেনি যায় বলাকায়
মেঘ কাগজতে নেদেখা ৰেখা টানি“
“শব্দময়ী পৰীৰ ৰাণী উৰি আহিছিল
গণি গণি তৰাৰ মায়াৰ মণি“
নৱ বৰুৱা ছাৰৰ হাতত কলমটো নাই, আছে পঢ়া টেবুলখনত৷ সৃষ্টিৰ পৰা আঁতৰত থাকিবলগীয়া হোৱাত কলমটোৰ বৰ বেজাৰ৷ ৰাতি নৱ বৰুৱা ছাৰে কলমটোত কবিতা কেইফাকি ভৰাবলৈ পঢ়া টেবুলৰ কাষ পালে৷ তেতিয়া ছাৰৰ বাসগৃহত বিজুলী সংযোগ নাছিল৷ ছাৰে মমবাতি জ্বলাই ল’লে৷ মমবাতি গলি গলি টোপালবোৰ তললৈ বৈ আহিল, অন্ধকাৰত মমৰ টোপালৰ স’তে কবিতাৰ পংক্তিবোৰ গান হৈ সৰি পৰিল–
“অন্ধকাৰৰ এটোপাল মম
গান হৈ সৰি পৰিছিল“
কবিতাৰ ফাকিবোৰে হাতে হাত ধৰি গীত এটা সৃষ্টি কৰিলে৷ গীতটোৰ ভাব আইনুৰ, ভাষা নৱকান্ত বৰুৱা ছাৰৰ৷ গীত এটাৰ জন্ম হ’ল৷ এতিয়া গান এটাৰ জন্ম হোৱাৰ পৰ্ব৷ গীতটো আৰু বীণা বৰুৱা বাইদেউক লগত লৈ নৱকান্ত বৰুৱা ছাৰ গ’ল ভূপেন হাজৰিকাৰ ওচৰলৈ৷ ভূপেন হাজৰিকাৰ হাতত গীতটো তুলি দি বৰুৱা ছাৰে ক’লে—
“হাজৰিকা, এই গীতটো আপোনাক যে দিলোঁ মোৰ ছোৱালীজনী উলিয়াই দিয়া যেন লাগিছে৷ “
বৰুৱা ছাৰৰ চকু চলচলীয়া হ’ল; কাৰণ গীতটোত আইনু সোমাই আছে৷ ভূপেন হাজৰিকা অসমীয়া মাটিৰ ভাষাৰ বিচক্ষণ ওজা৷ টপৰাই ক’লে,
“ আপোনাৰ ছোৱালীক ভালকৈ ৰাখিম৷ দূৰৈকৈ পুখুৰী খান্দি কষ্ট নিদিওঁ৷ “
গান এটা হ’ল৷ স্থায়ী আহিল, অন্তৰা আহিল, আৰোহণ-অৱৰোহণ আহিল, শুদ্ধ-কোমল-তীব্ৰ স্বৰ আহিল৷ আইনুজনীয়ে ভবাধৰণেই গানটোৱে সুৰৰ সাজ পিন্ধিলে৷ ভূপেন হাজৰিকাৰ কণ্ঠ আৰু সুৰে যেতিয়া শৰণীয়া পাহাৰখনক আকাশ হ’বলৈ ক’লে, একান্ত বাধ্যৰ দৰে পাহাৰখন আকাশ হৈ গ’ল৷ কণ্ঠমণিক গুণগুণাব দিলে, গুণগুণণি এটাৰ সৃষ্টি হ’ল৷ নিয়ৰক সশব্দে সৰিবলৈ ক’লে, সাংগীতিক শব্দ কৰি নিয়ৰজাক সৰি পৰিল৷ ভূপেন হাজৰিকাৰ যাদুকৰী সুৰ নিৰ্দেশনাত সন্ধিয়াৰ আকাশত সাংগীতিক কলৰৱ তুলি হাঁহজাক ঘৰমুৱা হ’ল৷ এটা কালজয়ী গানৰ সৃষ্টি হ’ল৷ জুবিন বৰঠাকুৰে( মই গাৰ্গ বুলি নকওঁ) গানটোক নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিলে৷ শিপাৰ সুৰ আৰু গীতিসাহিত্য এনেকৈয়ে কান্ধ বগাই আগলৈ গৈ থাকক।