এয়াও পাৰ হ’ব (This too shall pass)
লেখক- পাৰ্থ প্ৰতিম বৰা
এই মায়াৰ ধৰাত একোৱেই চিৰস্থায়ী নহয়। আপুনি, মই বা আমি ভাল পোৱা, ঘৃণা কৰা বিদ্যমান বস্তুবোৰৰ সকলোবোৰেই চলন্ত ৰূপত এক অজ্ঞাত প্ৰান্তৰ ফালে ধাৱমান হৈ আছে। য’ত নেকি একোখন বিশাল সাম্ৰাজ্য কালৰ কুটিল গতিত হেৰাইছে! ধ্বংস হৈছে গৰ্বৰে আকাশ ভেদিব পৰা সুউচ্চ পৰ্বতমালাও! আনহে নালাগে তিৰবিৰাই থকা তৰাও এদিন ধুমকেতু হৈ খহি অন্ধকাৰত বিলীন হৈ যাব। সেয়ে হয়তো এক প্ৰাচীন আৰু সৰ্বজনীন প্ৰবাদত এনেদৰে কোৱা হৈছে ‘‘এয়াও পাৰ হ’ব’’ (This too shall pass )! যিটো প্ৰবাদক দুখৰ মুহূৰ্তত সান্ত্বনা স্বৰূপে ফুচফুচাই আৰু বিজয়ৰ আনন্দত সোঁৱৰাই পুনৰাবৃত্তি কৰা হৈছিল। কিছুলোকৰ অনুসৰি প্ৰবাদশাৰীৰ উৎপত্তি অতীতৰ পাৰ্চিয়াত আন এচামে ইয়াক ৰজা চলোমনৰে সাঁঙুৰিব বিচাৰে আৰু বাক্যষাৰীৰ বিভিন্নতা সংস্কৃতি আৰু শতিকাজুৰি আজিও বিদ্যমান, যি চিৰন্তন সত্যক আমাৰ অনিচ্ছাসত্ত্বেও মানিবলৈ বাধ্য।
পৃথিৱীত নিতৌ বুলি একো নাই! এই অস্থায়িত্ব বা অনিত্যতা এক দুধাৰি তৰোৱালৰ দৰে, দুঃখৰ সময়ত যদিও ইয়াক বোমাৰে ৰিজাব পাৰি লগতে এইটোৱো চিৰন্তন সত্য যে য়ো চিৰযুগমীয়া নহয় কিন্তু ই চোৰৰ দৰে আমাৰ আপোন সকলোবোৰ সম্পদৰে লুণ্ঠন চলাই আহিছে। সেয়া লাগিলে অতিকৈ মূল্যৱান বুলি গণ্য কৰা সময়েই নহওক কিয়! শতিকাটোৰেই সৰ্বশ্ৰেষ্ঠ বুলি ভৱা আৰু প্ৰায় সংখ্যকৰেই সপোনৰ সুউচ্চ অট্টালিকাৰ সুন্দৰ চহৰবোৰো এদিন ধূলিতেই পৰিণত নহ’ব তাৰোতো নিশ্চয়তা নাই। আছে জানো? যেনেদৰে হেৰাই গৈছে হৰপ্পা, ট্ৰয় কিম্বা হাম্পিৰ দৰে নগৰো। অনিত্যতাৰ কথাখিনি ভালদৰে বুজিবলৈ ধৰি লোৱা হওক যে বৰ্তমান মুহূৰ্তত আমি জীৱনৰ চৰম সুখৰ শীৰ্ষত উপনীত হৈছো! তাৰে দৃশ্যটো সম্ভৱতঃ আপোনজনৰ সৈতে পাৰ কৰা মুহূৰ্তৰ, নৈ পাৰত বহি উপভোগ কৰা এটা সুন্দৰ সূৰ্যাস্তৰ, কেঁচু-কুমটিৰ কোলাহলত পাৰ কৰা নিশাৰ নতুবা দীৰ্ঘদিনীয়া যুঁজ-বাগৰ পৰিণতিত প্ৰাপ্ত বিজয়ৰ হ’ব পাৰে! সাধাৰণতে তেনেবোৰ মুহূৰ্ততে, এজন মানুহে পূৰ্ণতা অনুভৱ কৰে আৰু কৰিবলগীয়া কথাও। এইবোৰতেই মানুহে চিৰকাললৈ নিমজ্জিত হৈ থাকিব বিচাৰে। এতিয়া কল্পনা কৰক ইয়াৰ একেবাৰেই বিপৰীত এক সময়! গভীৰ দুখ, হৃদয়ভংগ বা বিফলতাৰ সময় কিম্বা বেদনাদায়ক মুহূৰ্ত এটাই আমাক কোঙা কৰি পেলাইছে। ইমান বেদনাদায়ক মুহূৰ্ত যে একো যেন ভাল নহ’বই। নিজকে আৱদ্ধ অনুভৱ কৰিবলৈ লৈছোঁ। অন্তহীন চেষ্টাৰ মাজতো বাৰে বাৰে হতাশাই এনেকৈ আৱৰি ৰাখিছে যে ইয়াৰ যেন পাৰ পোৱা নাযাব। হতাশাৰ এক অন্তহীন গহ্বৰত ৰাখি যেন সময়ে নিজেই আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত! কিন্তু কিমান দিনলৈ?
ধ্ৰুৱ সত্যটো এয়ে যে কোনোটো মুহূৰ্তই চিৰযুগমীয়া নহয়। মানুহে সাধাৰণতে সুখ বুলি সযতনে সাঁচি ৰাখিব বিচাৰিলেও ই মুঠিতে হেৰাৱ লগতে নেযাই-নোপোৱাই যেন লগা দুখৰ ৰাতিও কাল স্মৃতি হৈ ম্লান পৰিব।
এই প্ৰসংগত প্ৰাচীন গ্ৰীক দাৰ্শনিক হেৰাক্লিটাছে এই কথাষাৰী বৰ সহজভাৱে কৈ গৈছে— তেওঁৰ মতে কোনো মানুহেই কেতিয়াও একেখন নদীত দুবাৰকৈ ভৰি নিদিয়ে, কাৰণ চিৰপ্ৰৱাহিনী নৈখনৰ পানীখিনি হয় সলনি হৈছে নতুবা সেই মানুহজন। সকলোবোৰেই প্ৰৱাহিত, সকলোবোৰেই গতিশীল! আমি নিজেই কেতিয়াও সেই আগৰজন হৈ থকা নাই। এই ক্ষেত্ৰত এক মুহূৰ্তত আমি যদি এজন আনটো মুহূৰ্তত সেই একেজন ব্যক্তি নহ’বও পাৰোঁ! আপোন চিন্তাধাৰা, বিশ্বাস আনকি আমি পৃথিৱীখনক কেনেদৰে চাওঁ সেই ধৰণটোও অহৰহ গতিত ধাৱমান হৈ আহিছে! লগতে হৈ থাকিবও! তথাপি আমি এই সত্যক প্ৰতিৰোধ কৰোঁ। মানিব নিবিচাৰোঁ! কিয়নো, আমি যুগমীয়া হোৱাটো বিচাৰোঁ। বিচাৰোঁ স্থায়িত্ব!
আমি সম্পৰ্কও এই আশাতেই গঢ়ি তোলোঁ যে সেইবোৰ চিৰদিনীয়া হ’ব। আমি সফলতাৰো পিছ খেদি ফুৰো যাতে ই আমাৰ মূল্যক দৃঢ়তা প্ৰদান কৰিব পাৰে। আমি নিজৰ বুলি দাবী কৰিব পৰা বস্তুবোৰৰ অধিকাৰী হোৱাৰ অৰ্থ বিচাৰোঁ, কিন্তু অনিত্যতাই বা অস্থায়িত্বইটো এইবোৰৰ আলোচনা নকৰে। যিহেতু প্ৰতিটো বস্তুৱেই চলন্ত! আমি ভালপোৱা মানুহবোৰো সলনি হ’ব! তাৰে কিছুমানে হয়তো আমাক এৰি থৈ যাব আন এচামে হয়তো আমাৰ পৰা আঁতৰি আহিব কিম্বা থকাজনো যে আগৰ মানুহজনেই হৈ থাকিব তাৰোটো নিশ্চয়তা নাই। আৰু ৰাখিব পৰাকৈ আমি যদি সৌভাগ্যৱানো হওঁ! তথাপি মৃত্যুৱে জানো মানিব? মৃত্যুৱে আমাক পৃথক কৰি নেপেলাবনে? ইমানবোৰৰ পাছতো কিন্তু অনিত্যতাই বা অস্থায়িত্বয়ে একোৰে ক্ষতি নাই কৰা। লগতে এইটোও সম্ভৱ যে যদিহে সকলো ঠিক কৰিব পৰা যায়, একোৰে সলনি নহয় তেন্তে দুঃখ-বেদনাবোৰ চিৰযুগমীয়া হ’লহেঁতেন আমি কৰা প্ৰতিটো ভুল প্ৰতিটো বিফলতাই চূড়ান্তৰ মৰ্যাদা পালেহেঁতেন। সেয়ে অনিত্যতাৰ বা অস্থায়িত্বৰ অৰ্থই হৈছে পুনৰ উদ্ভাৱন তথা পৰিৱৰ্তন।
এতিয়া প্ৰশ্ন হ’ব পাৰেঃ— আমি ইয়াৰ বিৰুদ্ধে যুঁজ দিম নে ইয়াৰ সৈতে আগবাঢ়িবলৈ শিকিম?
এইক্ষেত্ৰত বৌদ্ধ দৰ্শনে কিছু সহায় কৰিব পাৰে যি বিষয়টোৰ প্ৰতি আগবঢ়ায়ঃ ‘এৰি দিয়া! ‘ ‘যাবলৈ দিয়াৰ! ’ দৰে এক গভীৰ দৃষ্টিভংগীৰ। এই দৰ্শন অনুসৰি এটা সৰল সত্য যে— ‘ সকলো সলনি হয়’। পৰিৱৰ্তনক প্ৰত্যাহ্বান হিচাপে লোৱাৰ পৰিৱৰ্তে বৌদ্ধ দৰ্শনে শিকায় যে আমাৰ দুখ-কষ্টবোৰ পৰিৱৰ্তনৰ পৰা নহয়, বৰঞ্চ ইয়াৰ প্ৰতি আমাৰ প্ৰতিৰোধৰ পৰাহে উদ্ভৱ হয়। কিবা এটাৰ সমাপ্তিক লৈ আমি কিয় ইমান কষ্ট ভোগো? কিয় আমি মনত নাৰাখোঁ ‘ৰূপান্তৰেহে জগত সুন্দৰ কৰে! ’
আৰু ইয়াকেই নকৰি যদি পানীখিনিকো হাতৰে খামুচি ৰাখিবলৈ চেষ্টা কৰোঁ, তেতিয়া প্ৰতিটো চেপাতেই ই খৰকৈ সৰকি যোৱাটোৱেই শ্ৰেয়। বৌদ্ধ দৰ্শনত ইয়াৰ এটা ভাল উদাহৰণ পোৱা যায়। কল্পনা কৰক দাউ দাউ জ্বলিবলৈ ধৰা ঘৰ এখনত এজন মানুহ আবদ্ধ হৈ আছে কিন্তু পলায়নৰ পৰিৱৰ্তে তেওঁ ঘৰখনত থকা সম্পদবোৰত মোহাচ্ছন্ন! এবাৰ যদি আচবাববোৰে তেওঁক বিচলিত কৰে, আনবাৰ দেৱালখনত ওলমি ৰোৱা নিজৰে প্ৰতিচ্ছবিখনে। প্ৰচণ্ড দ্বিধাবোধত তেওঁ কোনো কাৰণতেই ঘৰখন এৰি যাব নিবিচাৰে। কিন্তু মানুজনে মানি লওক বা নলওক ঘৰখন জ্বলি আছে। গতিকে, সমাধান কি? হয়তো Non-attachment বা অসংলগ্নতা।
ইয়াৰ অৰ্থ উদাসীনতা হ’ব নোৱাৰে! নহয় জীৱনৰ পৰা পলোৱাও। ইয়াৰ অৰ্থ এয়াই যে কালক মানি লোৱা আৰু সন্মান প্ৰদৰ্শন কৰা। গতিকে নিৰ্দিষ্ট কিবা এটাৰ প্ৰতি গভীৰ প্ৰেম থকাটো সাময়িক হোৱা উচিত তেহে দুখে আসৈ নাপাব।
সেয়ে ভাৰসাম্য বজাই আমি এনেদৰে আগুৱাই যোৱাৰ প্ৰয়োজন। মাজতে মনত ৰাখিব পাৰিলেই হ’ল সময় ৰৈ নাথাকে, ই গতিশীল। জীৱনটোক জীয়াই যোৱাৰ পৰিৱৰ্তে জীৱন ঘটাটোত গুৰুত্ব দিয়াটোহে প্ৰয়োজনীয়। গতিকে আজিৰে পৰা জীয়াই থাকিবলৈ আৰম্ভ নকৰিলে কেতিয়া কৰিম?
অনিত্যতা যদিও এটা বোজা লগতে ই উপহাৰো। ই আমাৰ পৰা সকলোখিনিয়েই কাঢ়ি নিলেও, কিন্তু ই আমাক সকলোখিনি দিয়েও। গতিকে ‘‘এয়াও পাৰ হ’ব’’ (This too shall pass! ) প্ৰবাদশাৰী যে কেৱল এক সতৰ্কবাণীয়ে নহয় ই এক সোঁৱৰণী ইয়াক বুজাৰ সমান্তৰালকৈ জীৱনত যি/যিমান আছে তাক শলাগি সমাপ্ত হোৱাৰ আগতেই জীয়াই লোৱাতোৱেই আদৰ্শ হোৱা উচিত।
‘‘সময় গতিশীল, সময় গতিশীল
নতুন সিও হয় যে, নতুন সিও হয় যে
অতীত পুৰণি, অতীত পুৰণি
ওচৰ হয় গতিতে, ওচৰ হয় গতিতে
সুদূৰ দূৰণি, সুদূৰ দূৰণি’’
– জয়ন্ত হাজৰিকা
বিঃদ্ৰঃ— নোখোজাকৈয়ে সময়ে উজাৰি দিয়াত অতিষ্ঠ হৈ নিজকে প্ৰবোধ দিয়াৰ বৃথা প্ৰচেষ্টা মাথোন! সেয়াই আৰু ‘‘এয়াও পাৰ হ’ব’’, This too shall pass!