কিশোৰ কালৰ বৰ্দ্ধিত মানসিক সমস্যা আমি কিমান সময়লৈ আওকাণ কৰিম

লেখক- ডা° দেৱজিত শৰ্মা

কিশোৰ বা চেমনীয়া কালৰ মানসিক সমস্যা বৰ্তমান যুগৰ এক ভয়াৱহ মহামাৰী। চৰকাৰী তথ্যমতে ২০১৫-২০১৬ চনত ১৩ ৰপৰা ১৭ বছৰৰ কিশোৰ-কিশোৰীৰ মাজত ৭.৩ শতাংশই জটিল মানসিক দ্বন্দ্বত ভুগিছিল। কোভিডৰ সময়ত এই সমস্যা দুগুণলৈ বৃদ্ধি হৈছিল। ভাৰতবৰ্ষত মুঠ আত্মহত্যাকাৰীৰ ৩৫ শতাংশ ১৫-২৪ বছৰ বয়সৰ কিশোৰ। ১৫ ৰপৰা ২৯বয়সৰ বয়সৰ যুৱকৰ প্ৰতি একলাখৰ ভিতৰত ৩৮জনে আত্মহত্যা কৰে। কোভিডৰ তিনি বছৰৰ পাছতো ক্ৰমবৰ্ধমান এই সমস্যা কেৱল আধুনিক যুগৰ চহকী পৰিয়ালৰ সমস্যা বুলি আমি প্ৰায়ে আওকাণ কৰিব খোজোঁ। এই সমস্যা আচলতে সমাজৰ সকলো স্তৰতে, আৰ্থিকভাৱে বিভিন্ন স্তৰৰ পৰিয়ালৰ মাজত অভাৱনীয়ভাৱে বাঢ়ি আহিছে। 

 

পিতৃত্ব বা মাতৃত্ব প্ৰাপ্তি জীৱনৰ সাধাৰণ গতিপথৰ এক অতি আনন্দৰ স্তৰ। নিজৰ সন্তানক ডাঙৰ কৰা এক কলা; এক প্ৰত্যাহ্বান। কিন্তু ইয়াৰ বাবে কোনো পাঠশালাত শিক্ষা দিয়া নহয়। ই সাধাৰণতে পাৰম্পৰিক। যুগৰ সলনিৰ লগে লগে অভিভাৱকতাৰ নিয়মো সলনি হয়। শিশু, কৈশোৰ কাল আৰু জীৱনৰ বিভিন্ন স্তৰৰ বিষয়ে বৈজ্ঞানিকভাৱে গৱেষণা কৰি চোৱা হৈছে। সকলো শিশু কিয় সমান নহয়, কোনো শিশু বিশেষকৈ কৈশোৰ কালত কিয় বিপথে পৰিচালিত হয় ইত্যাদি পৰ্য্যালোচনা কৰি চোৱা হৈছে।      

 

বহুতে কয় এই বয়সত কিশোৰসকল চঞ্চল হয়, গুৰু-গোসাঁই নমনা হয়, আমাৰ দিনত সৌকাৰ কোবত কিশোৰসকলক পোন বাটলৈ অনা হৈছিল ; আজিকালি শাসনৰ অভাৱত বেছি উৎপতীয়া হয়। কিন্তু কথাটো কিমান সত্য? 

 

কৈশোৰ কালটো জীৱনৰ এক সন্ধিক্ষণ। এওঁলোক শিশুও নহয়, প্ৰাপ্তবয়স্কও নহয়। এই বয়সত বাঢ়ি অহা শিশুৰ শৰীৰত দ্ৰুতগতিত বহু শাৰীৰিক আৰু মানসিক পৰিৱৰ্তন হয়।শৰীৰত হৰমোনৰ দ্ৰুতগতিত হোৱা বৰ্ধন আৰু ইয়াৰ ক্ৰিয়াৰ ফলত এজন শিশুৰ শৰীৰ আৰু মনৰ যি দ্ৰুত পৰিৱৰ্তন হয়, তাৰ লগত তাল মিলোৱা পিতৃ বা মাতৃৰ বাবে বহু ক্ষেত্ৰত কঠিন হৈ পৰে। সদায় কথা শুনা নম্ৰ ল’ৰাটো বা ছোৱালীজনী অপ্ৰত্যাশিতভাৱে কিয় একো কথা নুশুনা হ’ল, কিয় আজিকালি ইমান চিঞৰি চিঞৰি কথা কয়, কিয় পূৰ্বৰ দৰে বাধ্য নহয়, মাকক এৰি থাকিব নোৱৰা সন্তানটো আজিকালি অকলে দূৰে দূৰে থাকে। দ্ৰুত গতিত বৰ্ধিত শৰীৰৰ বিভিন্ন হৰমোনৰ অহৰহ ক্ৰিয়াত শৰীৰৰ অৱয়বৰ লগতে কিশোৰৰ অভাৱনীয়ভাৱে মানসিক পৰিৱৰ্তন ঘটে। তেওঁলোকৰ মনত বহু প্ৰশ্ন উদয় হয় যেনে মই কোন, ক’ৰপৰা আহিলোঁ, পৃথিৱীত আমাৰ উদ্দেশ্য কি, ঈশ্বৰ আছেনে আদি। ইয়াৰ উপৰি শৰীৰৰ পৰিৱৰ্তন, যৌন সম্পৰ্ক আদিৰ ওপৰতো স্বাভাৱিকতে উদয় হোৱা প্ৰশ্নৰ সঠিক উত্তৰ দিবলৈ আমাৰ সমাজত কোনো নাই, পঢ়াশালিত এই বিষয়ে কোনো আলোচনা নহয় আৰু আমি পিতৃ-মাতৃসকলে এই বিষয়ে আলোচনা কৰাটো এতিয়াও অজাচাৰ বুলি ভাবোঁ। তেওঁলোক যাব কত?

 

কেৱল হৰমোনেই নহয়, আমাৰ মগজুৰ সকলোতকৈ শেষত বিকাশ হয় মগজুৰ সন্মুখত স্থিত (Frontal cortex)। মগজুৰ এই অংশই আৱেগ নিয়ন্ত্ৰণ, পৰিকল্পনা, উদ্বেগিক ব্যৱহাৰ নিয়ন্ত্ৰণ (Impulsive behaviour) আদি কৰে। মগজুৰ বাকী অংশ বিকাশৰ ফলত কিশোৰ এজন শিশুতকৈ বাকী সকলো ক্ষেত্ৰত বিকাশ হয়, কিন্তু সম্পূৰ্ণ আত্ম-নিৰ্ভৰ হ’বৰ বাবে পৰিকল্পনা কৰা, আৱেগ নিয়ন্ত্ৰণ কৰা, উদ্বেগিক ব্যৱহাৰ নিয়ন্ত্ৰণ আদি সম্পূৰ্ণ নহয়।

 

এজন শিশুৰ দৰে এজন কিশোৰেও পিতৃ-মাতৃৰ আবদাৰ বিচাৰে, কিন্তু এই বয়সত পিতৃ-মাতৃয়েও তেওঁলোকৰ মনোযোগ বেছিকৈ বিচাৰে। এজন শিশুৱে তেওঁলোকৰ চাৰিওফালে ঘটা ঘটনা পিতৃ বা মাতৃক অৱগত কৰে আৰু নানা প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে। একেজন শিশুকে পিতৃ-মাতৃয়ে সৰু সৰু কৃতকাৰ্য্যতে প্ৰশংশাৰে পঞ্চমুখ কৰে, সেই শিশুজনকে কৈশোৰ বয়সত সৰু সৰু ভুলৰ বাবে সমালোচনাৰে থকা-সৰকা কৰে। কিশোৰ বা কিশোৰী এজন, আৱেগিকভাৱে শিশু এজনতকৈ বেছি ঠুনুকা, পিতৃ-মাতৃৰপৰা এই বয়সত বেছি মনোযোগ বিচাৰে, কিন্তু পিতৃ-মাতৃ সাধাৰণতে কিশোৰ/কিশোৰী প্ৰতি বেছি অসহিষ্ণু হৈ পৰে। এই বয়সত তেওঁলোকে নিজৰ জীৱনত কিছু স্বাধীনতা বিচাৰে, তাৰ পৰিৱৰ্তে পিতৃ-মাতৃয়ে তেওঁলোকৰ জীৱনত আগৰ দৰেই সকলো কথাতে দখল দিব বিচাৰে।

 

এজন শিশু পৃথিৱীত আহোঁতে কোনো জাত-পাত, ধৰ্ম, ভাষা, ঘৃণা বা হিংসাৰ বোজা লৈ নাহে। জন্মৰ কিছুসময়ৰ পাছতে কিন্তু এইবোৰ এজন মানুহৰ কম-বেছি পৰিমাণে জীৱনৰ অংগ হৈ পৰে। শিশু এজন যি পৰিৱেশত ডাঙৰ হয়, সেই পৰিৱেশ বা বাতাবৰণতেই নিশ্চয় এই ঋনাত্মক ধাৰণাসমূহ গঢ় লৈ উঠে। ঘৰখনৰ পৰিৱেশ বা বাতাবৰণৰ ওপৰত ভিত্তি কৰি কোনো শিশুৱে এই ধাৰণাসমূহত দৃঢ়ভাৱে বিশ্বাস কৰে, আৰু কোনো শিশুৰ এই ধাৰণাসমূহ পৰিৱেশ সাপেক্ষে সলনি হ’ব পাৰে। শিশুৱে সদায় পিতৃ-মাতৃৰ দৈনন্দিন কাৰ্য্যক হুবহু অনুসৰণ কৰিবৰ চেষ্টা কৰে। সেইবাবে তেওঁলোকে সন্তানক কি কৰিব কোৱাতকৈ কি কৰি দেখুৱাইছে বেছি গুৰুত্বপূৰ্ণ। পিতৃ-মাতৃ হিচাপে আমাৰ সৰ্বপ্ৰথম দায়িত্ব শিশুৰ কাৰণে এনে এক পৰিৱেশ সৃষ্টি কৰা য’ত এই ঋণাত্মক ভাবধাৰাৰ হেঁচাত শিশুৰ স্বাভাৱিক বিকাশত বাধা নাহে। এজন শিশু পৃথিৱীত পিতৃ-মাতৃৰ অসম্পূৰ্ণ সপোন পূৰা কৰিবৰ বাবে নাহে, তেওঁলোক এক নতুন জীৱনৰ নতুন সপোন ৰচনা কৰিবৰ বাবেহে আহে। পিতৃ-মাতৃ হিচাপে আমাৰ দায়িত্ব তেওঁলোকে পছন্দ কৰা বাট বোলোৱাত সহায় কৰা।পিতৃ-মাতৃৰ নিজৰ মতেৰে পথ সলনি কৰি দিয়া নহয়। অৱশ্যে সঠিক পথ দেখুৱাই দিয়াৰ দায়িত্ব পিতৃ-মাতৃৰ নিশ্চয় আছে। শিশুক অভিভাৱকতা কৰা সকলো পৰিয়ালৰ এক বৈশিষ্ট্যপূৰ্ণ পথ থাকে। ই সকলোৰে কাৰণে পৃথক হ’ব পাৰে। বাটত জোঁট লাগিব পাৰে, ভুল হব পাৰে। ই স্বাভাৱিক। কিন্তু এই যাত্ৰা পথত ভুল শুধৰাই, সকলোৱে একেলগে আনন্দৰে গতি কৰাই সাফল্য।  

 

এজন কিশোৰ এই বয়সতে তেওঁলোকৰ জন্মদাতাৰপৰা মানসিকভাৱে দূৰ হৈ যোৱাৰ সম্ভাৱনা সৰ্বাধিক। অভিভাৱকতাৰ সকলো কলা আৰু পৰম্পৰা নিয়াৰিকৈ বুজিবলৈ মানুহৰ বিভিন্ন স্তৰৰ বিকাশ আৰু বিভিন্ন স্তৰত বিভিন্ন আৱেগিক, মানসিক আৰু শাৰীৰিক প্ৰয়োজনীয়তাৰ বিষযে জনাটো প্ৰয়োজন। এটি শিশু ভ্ৰুণৰপৰা বিকাশ হৈ পানী কেঁচুৱা বা এমা-ডিমা শিশু (Newborn, Neonate), কেঁচুৱা (Infant), থৰক-বৰক খোজকঢ়া শিশু (Toddler), পঢ়াশালিত যোৱাৰ আগৰ পৰ্য্যায়, প্ৰাথমিক পৰ্য্যায়ৰ শিশুৰপৰা কৈশোৰ বা  বয়ঃসন্ধি কাল বা চেমনীয়া কালত ভৰি দিয়ে। এই সকলো স্তৰতে তেওঁলোকৰ প্ৰয়োজন বেলেগ আৰু পিতৃ-মাতৃৰ দায়িত্বও বেলেগ হয়, আৰু অভিভাৱকতাৰ আনন্দও বেলেগ হয়।       

 

আমাৰ দেশত মানসিক সমস্যা যিকোনো বয়সতে আওকাণ কৰা হয়। ‘ইণ্ডিয়ান জাৰ্নেল অফ ছাইকিয়াত্ৰী’ৰ ২০১৯ চনত প্ৰকাশিত তথ্য মতে কভিড মহামাৰীৰ আগতেই ভাৰতবৰ্ষত কমেও ৫ কোটি শিশু মানসিক সমস্যাত আক্ৰান্ত, কিন্তু অভিভাৱক এই বিষয়ত সজাগ নোহোৱা বাবে তাৰে ৮০ ৰপৰা ৯০ শতাংশই চিকিৎসকৰ বা মনোবিজ্ঞানীৰ পৰামৰ্শ নলয়। কোভিড মহামাৰীৰ পাছত এই সমস্যা বহু পৰিমাণে বৃদ্ধি হৈছে।

 

বহুতে কয় আমিও এটা সময়ত কিশোৰ আছিলোঁ, আমাৰতো এনে সমস্যা হোৱা নাছিল, আমিতো ইমান অবাধ্য নাছিলোঁ। কথাটো আংশিকভাৱে সত্য। কিন্তু আজিৰ যুগ আৰু আগৰ যুগ জানো একে? আমি ডাঙৰ হৈছিলো এখন চুবুৰিত য’ত সকলোৱে সকলোকে চিনি পাইছিল। চুবুৰিত দিনটো খেলি ফুৰিলেও হেৰোৱাৰো সম্ভাৱনা নাছিল আৰু ঘৰতো চিন্তা কৰা নাছিল। আমাৰ আৱেগ অনুভৱ নিয়ন্ত্ৰণ কৰিবলৈ ওচৰে-পাজৰে খুৰা, মাহী, দাদা, বৰদেউতা সকলো আছিল। যৌৱনৰ শিক্ষা দিবলৈও এজন, দুজন বন্ধুসুলভ মামা, দাদা, খুৰা এজন আছিল। আজিকালিৰ শিশু ডাঙৰ হয় প্ৰায় অকলশৰীয়াকৈ মহানগৰীৰ ফ্লেটৰ চাৰিবেৰৰ মাজত।

 

আজিকালি মোবাইলৰ যুগ, ইণ্টাৰনেটৰ যুগ, সহজতে উপভোগ্য বহুত তথ্য। তথ্য যিমান, অসত্য বা ভুল তথ্য তাতোকৈ দুগুণ। তদুপৰি ইণ্টাৰনেটৰ পৰভক্ষীৰ সম্ভাৱ্য আক্ৰমণ। 

আজিকালিৰ অভিভাৱকো আগৰ দৰে নহয়। আজিকালিৰ অভিভাৱকসকল হয় ‘হেলিকপ্টাৰ অভিভাৱক’— যি সন্তানৰ ওপৰত হেলিকপ্টাৰৰ দৰে ঘূৰি থাকে, সকলো কথাতে দখল দিয়ে আৰু সন্তানক আত্ম-বিশ্বাসী হবলৈ সুযোগ নিদিয়ে, বা ‘লন মোৱাৰ অভিভাৱক’— যি ল’ৰা-ছোৱালীৰ সন্মুখত অহা সকলো সমস্যা ঘাঁহ কটা মেছিনে ঘাঁহনি মসৃণ কৰা দি মসৃণ কৰি যায়। এনে কৰিব যাওঁতে বহুত অসৎ পদ্ধতিৰো আশ্ৰয় ল’ব লগাত পৰে (যেনে ভুল চাৰ্টিফিকেট দি বয়স কমোৱা, বিশ্ববিদ্যালয়ত ভৰ্তিৰ সময়ত নকলী চাৰ্টিফিকেট দিয়া আদি)। আগৰ দিনৰ অভিভাভকসকল আছিল লাইটহাউছৰ দৰে, যিটো আমি হব লাগে। লাইট হাউছে সাগৰৰ পানীৰ কাষত পানীৰ পৰিমাণ দেখুৱাই, ঢৌ দেখুৱাই, বিপদজনক শিল আদিৰ দৰে বাধা দেখুৱাই কেৱল পোহৰ দি থাকে। সাঁতুৰিব লাগিব কিন্তু শিশুৱে নিজে। আজিকালিৰ অভিভাৱকসকল তেওঁলোকৰ জীৱিকাত যথেষ্ট ব্যস্ত হোৱা বাবে তাৰ পৰিৱৰ্তে নিজৰ সন্তানক যি লাগে পৃথিৱীৰ সকলো সুখ কিনি দিব বিচাৰে, কিন্তু সন্তানৰ অন্তৰখন জুপি চাব নোখোজে। 

 

আমাৰ যুগ, আজিৰ যুগ কৈ থাকি লাভ নাই। কিশোৰক বুজক, তাহাঁতৰ লগত বন্ধুৰ দৰে ব্যৱহাৰ কৰক, পিতৃ-মাতৃ দুয়ো ব্যস্ত হ’লেও শিশুক, কিশোৰক সময় দিয়ক। কোমল হওক কিন্তু একে সময়তে দৃঢ় হওক, ভাল আৰু বেয়া স্পষ্টভাৱে বুজাই দিয়ক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!