কৰুণ কৃতিত্বৰ সংঘাতগাথা - অপেনহেইমাৰ
লেখক- ড০ দীপশিখা ভাগৱতী
”প্ৰমিথিউচ্ ষ্ট’ল ফায়াৰ ফ্ৰম দ্য গডছ্ এণ্ড গেভ ইট টু মেন। ফৰ দিছ, হি ৱাজ টৰছাৰ্ড ফৰ ইটাৰ্নিটি”
পৰমাণু বিজ্ঞানৰ বিশাল প্ৰাপ্তি আৰু ধ্বংসৰ এক যুগান্তকাৰী ঘটনাক এক অভূতপূৰ্ব চলচ্চিত্ৰীয় পাঠলৈ অনুবাদ কৰা ছবি- অপেনহেইমাৰ। খ্ৰীষ্ট’ফাৰ ন’লান বুলিলেই দৰ্শকৰ মাজত এক বিস্ময়। তেওঁৰ প্ৰতিখন ছবিয়েই মানুহক মূক অভিভূত কৰি তোলে, ইয়াৰ বিষয় উপস্থাপন, অনবদ্য কুশলী নিৰ্বাচন ক্ষমতা আৰু বিস্ময়কৰ চিনেমাট’গ্ৰাফীৰে -যি দৰ্শকক পাহৰাই দিয়ে নিজ গৃহ গ্ৰহৰ উত্তাপৰ কথা আৰু তেওঁসৱক স্থানান্তৰিত কৰে ন’লানৰ সেই পৃথিৱীলৈ, যাৰ বৃত্ত তেওঁ নিৰ্মাণ আৰু নিৰ্ধাৰণ কৰে।
২০০৫ চনত কাই বাৰ্ড আৰু মাৰ্টিন জে শ্বাৰউইনে যুটীয়াভাৱে ৰচনা কৰা জীৱনীমূলক গ্ৰন্থ “আমেৰিকান প্ৰমিথিউছ”ৰ আধাৰত নিৰ্মিত ন’লানৰ এই চলচ্চিত্ৰই ৰমাণু বিজ্ঞানী ৰবাৰ্ট জে. অপেনহেইমাৰৰ সমৃদ্ধ জ্ঞান, লছ আলাম’ছ লেবৰেটৰীৰ পৰিচালনা আৰু ১৯৫৪ চনত এক কুটিল অভিসন্ধিমূলক ক্ষণত তেওঁ সম্মুখীন হোৱা নিৰাপত্তাৰ শুনানিৰ ঐতিহাসিক ৰূপক ধাৰণ আৰু বহন কৰিছে। ছবিত অপেনহেইমাৰৰ চৰিত্ৰক সাত্বিকতাৰে ধাৰণ কৰিছে মেথড অভিনেতা কিলিয়ান মাৰ্ফিয়ে।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানক প্ৰতিহত কৰিবলৈ চিৰকাল ক্ষমতা আগ্ৰাসী মাৰ্কিন শাসনযন্ত্ৰই ১৯৪৫ চনৰ ৬ আগষ্ট তাৰিখে হিৰ’শ্বিমা আৰু নাগাছাকিৰ মাটিত যি পৰমাণু বোমাৰ আক্ৰমণ ঘটাইছিল, তাৰ ঠিক পিছতেই বিধ্বস্ত জাপানে ২ ছেপ্টেম্বৰ তাৰিখে যুদ্ধৰ অৱসান ঘোষণাৰে ‘ইনষ্ট্ৰুমেণ্ট অৱ চাৰেণ্ডাৰ’ত স্বাক্ষৰ কৰিছিল। জাপানৰ নাগৰিককুলক শেষ কৰা এই বিধ্বংসী আক্ৰমণৰ বাবে প্ৰথমে প্ৰত্যক্ষভাৱে জগৰীয়া কৰা হৈছিল পৰমাণু বোমাৰ পিতৃ বুলি বিশ্বই নমন কৰা ৰবাৰ্ট জে. অপেনহেইমাৰক। কিন্তু মানৱদৰদী অপেনহেইমাৰ এই আক্ৰমণমূলক ঘটনাৰ বাবে পোনপটীয়াকৈ জগৰীয়া নাছিল, প্ৰখৰ বুদ্ধিমত্তাৰ জনক তেওঁ বিচাৰিছিল যে অগণন মানুহৰ অপকাৰ সাধি অহা সেই দীৰ্ঘ সময়জোৰা যুদ্ধ বিগ্ৰহৰ অৱসান ঘটক; কিন্তু কোনে জানিছিল যে তেওঁৰ কষ্ট আৰু কৃতিত্ব যুক্তৰাষ্ট্ৰীয় চৰকাৰে বৃত্তিগত বুদ্ধিৰে কাঢ়ি লৈ যাব!
ৰবাৰ্ট অপেনহেইমাৰে পৰমাণু বোমা “আৱিষ্কাৰ” কৰা নাছিল। বিংশ শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আটাইতকৈ কৰুণ কৃতিত্ব আছিল বিশাল বিজ্ঞানৰ প্ৰথম উদাহৰণৰ ফল: মানহাটান প্ৰজেক্ট, আমেৰিকা চৰকাৰৰ এক অভূতপূৰ্ব প্ৰচেষ্টা, যাৰ বাবে দুই বিলিয়ন ডলাৰতকৈ অধিক খৰচ হৈছিল আৰু ইয়াত লাখ লাখ শীৰ্ষস্তৰৰ পদাৰ্থবিজ্ঞানী, অভিযন্তা, আৰু কাৰিকৰী কৰ্মচাৰী নিয়োজিত হৈ আছিল। মূল মানুহজন আছিল অপেনহেইমাৰ। তিনি বছৰ ধৰি লছ আলাম’ছ পৰীক্ষাগাৰ চহৰখন সৃষ্টি কৰি নেতৃত্ব দিয়াৰ পিছত (য’ত বোমাটো শাৰীৰিকভাৱে নিৰ্মাণ কৰা হৈছিল), তেওঁ শীতল যুদ্ধৰ সময়ত আমেৰিকাৰ অস্ত্ৰ দৌৰৰ কৌশলক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ সাহস কৰিছিল, বিশেষকৈ হাইড্ৰজেন বোমাৰ সন্দৰ্ভত। তেওঁৰ নৈতিক সংকোচ, ৰাজনৈতিক স্থিতি আৰু আমেৰিকাত পাৰমাণৱিক অস্ত্ৰ প্ৰসাৰ নিয়ন্ত্ৰণ আলোচনাৰ প্ৰতি তেওঁৰ মুকলি সমৰ্থনৰ বাবে – এইবোৰ কথাই যথেষ্ট আছিল যাতে নিশাৰ ভিতৰতে তেওঁক নায়কৰ পৰা ছোভিয়েট ইউনিয়নৰ সৈতে গোপন বুজাবুজি কৰাৰ সন্দেহত অভিযুক্ত কৰি দেশদ্ৰোহী খলনায়কৰ শাৰীলৈ নমাই আনিব পৰা যায়। এজন জাতীয় নায়কৰ পৰা তেওঁক গোপন আৰু স্পৰ্শকাতৰ তথ্য যোগান ধৰাৰ জগৰত বিচাৰগঢ়াত থিয় কৰোৱা হৈছিল। বহু বছৰ পিছত, চিনেটৰ এখন কমিটীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ প্ৰকৃতি স্পষ্ট কৰাৰ পিছত তেওঁক পুনৰ্বাসন কৰা হ’ল, কিন্তু ইয়াৰ মাজতে তেওঁ সাংঘাতিকভাৱে অপমানিত হ’ল। দেৱতাৰ আৱাস অলিম্পাছ পৰ্বতমালাৰ পৰা জুই চুৰি কৰি মানুহক দিয়াৰ বাবে গ্ৰীক পুৰাকথাৰ “স্বতন্ত্ৰচিন্তক” বীৰ প্ৰমিথিউছৰ শাস্তি প্ৰাচীন আৰু আধুনিক উভয় সংস্কৃতিতে এক উদাহৰণ। অলিম্পিয়াৰ দেৱতাৰ ৰজা জিউছে প্ৰমিথিউছক তেওঁৰ অতিক্ৰমৰ বাবে চিৰন্তন শাস্তিৰ যন্ত্ৰণা দিছিল। একেই ধৰণেৰে, আধুনিক পৃথিৱীৰ প্ৰমিথিউছ অপেনহেইমাৰো তেওঁৰ নিৰ্মাণৰ বাবে শেষত হৈ নিন্দিত হবলগীয়াত পৰিল।
জাপান ধ্বংসৰ পিছত যেতিয়া প্ৰথমে মাৰ্কিন শাসনব্যৱস্থা আৰু জনগণই অপেনহেইমাৰক প্ৰশংসাৰে নায়কোচিত বন্দনা কৰিছিল, কেমেৰাৰ উজ্জ্বল পোহৰৰ মাজত তেওঁ দেখিছিল তেওঁৰ অধীনতে নিৰ্মিত সেই মাৰণাস্ত্ৰই বিধ্বংসী তেজস্ক্ৰিয় বিকিৰণৰ ঔজ্বল্যৰে শেষ কৰি পেলোৱা, ৰাজনৈতিক কুছকাৱাজৰ বলি এক শান্তিকামী দেশৰ বিধুৰ আৰ্তনাদ। বিশ্বই কৃতি বুলি সাদৰ কৰা সেই কথাক তেওঁ মৃত্যুযাতনা বুলি ভাবিবলৈ লৈছিল, ভাগৱত গীতাৰ শ্লোক আওৰাই তেওঁ কৈছিল, “নাও আই এম বিকাম ডেথ, দ্য ডেষ্ট্ৰয়াৰ অৱ ৱৰ্ল্ডছ।”
অপেনহেইমাৰৰ হতাশা আৰু দ্বিধাক প্ৰতিফলিত কৰাত চিনেমাট’গ্ৰাফীৰ সম্পূৰ্ণ সমৰ্থনৰ প্ৰয়োজন আছিল আৰু ন’লানে দৰ্শকক সদায় নকৰাৰ দৰেই বিমুখ কৰা নাই। মানহাটান প্ৰকল্প আৰু ট্ৰিনিটি টেষ্টৰ স্থান লছ আলাম’ছকে ধৰি অপেনহেইমাৰক বাস্তৱ স্থানত শ্বুটিং কৰা হৈছিল। ন’লানে তেওঁৰ প্ৰিয় আইমেক্স বিন্যাসত চিত্ৰগ্ৰহণ কৰিছিল। প্ৰসিদ্ধ চিত্ৰনিৰ্মাতা ডেভিদ লিনৰ ১৯৬২ চনৰ চলচ্চিত্ৰ লৰেন্স অৱ আৰবিয়াৰ বাবে তেওঁ পছন্দ কৰা পেনাভিছন ৬৫ মিমি কেমেৰাৰ সৈতে, ৰঙীন আৰু ক’লা বগা শৈলীৰ প্ৰয়োগেৰে ন’লানে ছবিখনক দুটা সুকীয়া শৈলীগত সূত্ৰত বিভক্ত কৰিছিল। প্ৰথমটো হৈছে “ফিচন” (ৰঙ), যিটো দৰ্শকক অপেনহেইমাৰৰ আৰম্ভণিৰ বছৰবোৰৰ লগতে মানহাটান প্ৰকল্পত থকা সময়ছোৱাক বিষয়ভিত্তিকভাৱে মনগহনত প্ৰতিষ্ঠা কৰিবলৈ পৰিকল্পনা কৰা হৈছিল। দ্বিতীয়টো হৈছে “ফিউজন” (ক’লা-বগা), যিয়ে চলচ্চিত্ৰখনৰ গতিধাৰা সম্বন্ধে অধিক বস্তুনিষ্ঠ দৃষ্টিভংগী আগবঢ়াইছিল। নায়কৰ সমান্তৰালভাৱে ই লুই ষ্ট্ৰাউছ (ৰবাৰ্ট ডাউনী জুনিয়ৰ)ৰ ওপৰতো সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰিছিল, যিজন ১৯৫৪ চনত অপেনহেইমাৰৰ নিৰাপত্তাৰ অনুমতি বাতিলৰ আঁৰৰ চালিকা শক্তি আছিল বুলি অৱশেষত প্ৰমাণিত হৈছিল।
আৱেগিক উদ্দামতাৰে পাৰমাণৱিক বোমাৰ গৱেষণাগুৰু ৰবাৰ্ট জে অপেনহেইমাৰক “এমেৰিকান প্ৰমিথিউছ” অনুসৰি তুলি ধৰাত ন’লানৰ যি সততা – তাক বিশ্বই মনত ৰাখিব। বুৰঞ্জীৰ এটা নিৰ্ণায়ক সময়ক ধৰি ৰখাত স্বৰ্ট্ কাট আৰু ধূপ ছাঁয়াৰ (কীআৰচক্যুয়াৰো)ৰ যি অসামান্য ব্যৱহাৰ অপেনহেইমাৰত আছে, সি অনবদ্য। এয়া নহয় যে চলচ্চিত্ৰখন একেবাৰে নিখুঁত। স্বতন্ত্ৰ বিচ্ছিন্ন তন্দ্ৰাই অৰৈখিক কাহিনী কথনক প্ৰথমাৱস্থাত কিছু বাধা নিদিয়া নহয়। চোকা বুদ্ধিৰ ছাত্ৰৰ বহী কাঢ়ি কলমেৰে চোৱাৰ দৰে, ন’লানৰ দৰে পৰিচালকৰ পৰাও একেই আশা দৰ্শকৰ থাকে – বিশেষকৈ যেতিয়াই ‘ডানকাৰ্ক’ বা ‘ইনছেপস্যন’ৰ কথা আহে। সম্পূৰ্ণ পৃথক বিষয়বস্তু হলেও দৰ্শকে ন’লানৰ ছবিৰ পূৰ্ববৰ্তী বাগধাৰাৰ পৰা নিজকে সম্পূৰ্ণ মুক্ত কৰিব পৰাটো কঠিন। চেতন বুৰঞ্জীয়ে হিৰ’শ্বিমা নাগাচাকিৰ সেই সভ্যতাক অৱদমিত কৰা শক্তি অভ্যাসনৰ বাবে প্ৰত্যক্ষৰূপে অপেনহেইমাৰক কাহানিও দোষাৰোপ কৰা নাছিল, কাৰণ তেওঁ আছিল বৃহৎ মাৰ্কিন প্ৰশাসনযন্ত্ৰৰ এক অংগ মাথোঁ। এই ঘটনাৰ পাছত তেৱেঁই কৈছিল, ’President, I’ve blood in my hands’।
অপেনহেইমাৰৰ দৃশ্যগ্ৰহণ হৈছে অতি উচ্চতম বিশদস্তৰীয় কেমেৰাৰ সহায়ত। ছবিখনৰ সম্পূৰ্ণ শ্বুটিং আইমেক্স আৰু পেনাভিজনত কৰা হৈছিল। পৰম্পৰাগত চিনেমাৰ দৃষ্টি অনুপাত ৱাইডস্ক্ৰীণ, সাধাৰণতে ১.৮৫: ১ বা ২.৩৫: ১ হোৱাৰ বিপৰীতে আইমেক্সৰ অনুপাত ১.৪৩: ১ আয়তক্ষেত্ৰৰ প্ৰায় নিকটতম।
এগৰাকী পৰিচালকৰ মহত্ত্ব কোনখিনিত? যেতিয়া তেওঁৰ চলচ্চিত্ৰ চাই কোনোৱে তেওঁক আলোচনা/ সম আলোচনা কৰিব পাৰে, কিন্তু উলাই কৰিব নোৱাৰে। উদাহৰণ: অপেনহেইমাৰ।
অপেনহেইমাৰক লৈ বহু আলোচনা সমালোচনাৰে পৃষ্ঠা ভৰি পৰিল, কিন্তু কোনেও ন’লানৰ চলচ্চিত্ৰীয় সাত্বিকতাক উলাই কৰিব পৰা নাই, বৰঞ্চ তাত চোৱা মানুহজনৰ সামৰ্থ্য আৰু সীমাবদ্ধতাক প্ৰশ্ন কৰা হৈছে, নিৰ্মাতা গৰাকীৰ নহয়। পাঠক, দৰ্শক – মহৎ নিৰ্মাণ এটাক আঁকোৱালি লবলৈ সকলোৰে অলপ গৃহ অভ্যাস লাগিবই, ন’হলে মানুহৰ একঘেয়া ধ্যান ধাৰণাক সলনি কৰি ইতিহাস ৰচিব পৰা কোনো নতুন সৃষ্টি সম্ভৱেই নহব। অপেনহাইমাৰে চলচ্চিত্ৰ নিৰ্মাণৰ পদ্ধতি, গাণিতিক পৰিভাষা আৰু শিক্ষানীতি অনুসৰণ কৰিছে।
ঐতিহাসিক প্ৰমিথিউছৰ অদম্য কাৰিকৰী কুশলতাসমৃদ্ধ চিত্ৰণেৰে খ্ৰীষ্ট’ফাৰ নলানৰ অপেনহাইমাৰ উজ্জ্বল হৈ ৰ’ব বিজ্ঞান, মানৱীয়তা আৰু হৃত অধিকাৰৰ কৰুণ উদ্ভাষিত আখ্যান হৈ।