কৰ্কট ৰোগৰ ভেকচিন

লেখক- —দেৱজিত শৰ্মা

কৰ্কট ৰোগ দুৰাৰোগ্য নেকি? কথাটো আংশিকভাৱে সত্য, কিন্তু সম্পূৰ্ণ সত্য নহয়। কৰ্কট ৰোগৰ বিষয়ে সমাজত বহুতো উৰাবাতৰি বতাহত উৰি ফুৰে। সেয়ে নৱজ্যোত সিদ্ধুৰ অল্পভাৱে শুদ্ধ (বহুত ‘অশ্বথ্বমা হতঃ ইতি গজ’ৰ দৰে ) ভিডিঅ’বোৰ ইমান সোনকালে বতাহত ফিৰিঙতি উৰাদি উৰি মানুহক বিপথে পৰিচালিত কৰে। তাৰ লগতে আকৌ বহুতে কিছুমান বিক্ষিপ্ত ঘটনাৰ উদাহৰণ দি উজান দিয়ে। সদ্যহতে সেইটো বিষয় পিছলৈ থৈছো। কৰ্কট ৰোগ বা কেঞ্চাৰ বাকী সংক্ৰমন ৰোগৰ দৰে ছিটা বা ভেকচিন দি প্ৰতিৰোধ কৰিব পাৰি নেকি? উত্তৰটো হয়, পাৰি। ভেকচিন বা ছিটাৰ দ্বাৰা কৰ্কট ৰোগ কেৱল প্ৰতিৰোধ নহয়, চিকিৎসাও কৰিব পাৰি। 

কৰ্কট ৰোগ বহু হেজাৰ বিধৰ আছে। শৰীৰৰ বিভিন্ন অংগ অনুযায়ী বিভিন্ন কৰ্কট ৰোগ হোৱাৰ উপৰিও একে অংগতে বিভিন্ন কৰ্কট ৰোগ হব পাৰে। এই সকলো কৰ্কট ৰোগৰ কাৰণ বেলেগ বেলেগ হয়। কোনো কোনো কৰ্কট ৰোগৰ কাৰণ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত, কোনো কোনো বহু ৰাসায়নিক দ্ৰব্যৰ লগত হোৱা সংস্পৰ্ষ, কোনো কোনো কৰ্কট ৰোগ প্ৰদুষন বা আন পুৰনি বেমাৰ, জিনৰ বিসংগতি, সূৰ্য্যৰ আল্ট্ৰা ভায়লেট ৰশ্মিৰ প্ৰভাৱ আদিৰ পৰা হয়। সেয়ে সকলো কৰ্কট ৰোগৰ প্ৰতিৰোধ বা চিকিৎসা পদ্বতিও বেলেগ। ইমিউন’ থেৰাপীৰ উদ্ভাৱনে কেঞ্চাৰ চিকিৎসাত নতুন গতি আৰু আশা দিছে। 

ইমিউন’ থেৰাপীৰ লগে লগে কেঞ্চাৰ ভেকচিনৰ গৱেষণা ক্ষিপ্ৰগতিত আগ বাঢ়িছে। 

এতিয়ালৈকে ব্যৱহৃত সফল কেন্সাৰ ভেকচিনবোৰ-প্ৰথমতেই আহোঁ প্ৰতিৰোধত সফল কেঞ্চাৰ ভেকচিনবোৰৰ বিষয়ে। ৮০% যকৃতৰ কেঞ্চাৰ কাৰণ হল হেপাটাইটিছ বি ভাইৰাছ। ১৯৮১ চনত হেপাটাইটিছ বি ভেকচিনৰ প্ৰথম ব্যৱহাৰৰ পৰা, আজিকালি এই ভেকচিন চৰকাৰী প্ৰচেষ্টাত আমাৰ দেশতো সকলো লোককে বিনামূলীয়াকে দিয়া হয়। এই ভেকচিনৰ সৰ্বজনীন ব্যৱহাৰৰ পাছত যকৃতৰ কেঞ্চাৰৰ নিৰিখ ৭২% কম হল। হিউমেন পেপিলোমা ভাইৰাছৰ দ্বাৰা গৰ্ভৰ মুখৰ কেঞ্চাৰ, মহিলাৰ যৌনাংগৰ কেঞ্চাৰ, পুৰুষৰ যৌনাংগৰ কেঞ্চাৰ, এনাছ( খাদ্যনলীৰ শেষ অংশ)ৰ কেঞ্চাৰ আৰু মুখ আৰু ডিঙিৰ বহু কেঞ্ছাৰ হয়। গৰ্ভৰ মুখৰ কেঞ্চাৰ মহিলা সকলৰ কেঞ্চাৰৰ দ্বিতীয় সাধাৰণ কাৰণ। এইবোৰ কেঞ্চাৰ এইছ পি ভি ( Human Papiloma virus) ভেকচিনৰ দ্বাৰা সফলভাৱে প্ৰতিৰোধ কৰিব পাৰি। যোৱা দুই দশকমানৰ পৰা এই ভেকচিন ব্যৱহৃতহৈ আছে। ভালখবৰ হল যোৱা দুইবছৰ আগৰ পৰা আমাৰ দেশতে ছেৰাম ইন্সটিটিউটি তৈয়াৰ কৰা এইছপিভি ভেকচিন আগতকৈ আধা খৰচতে উপলব্ধ। 

এতিয়া আহো কেঞ্চাৰৰ চিকিৎসাৰ বাবে ব্যৱহৃত ভেকচিনৰ কথা। সংক্ৰমন ৰোগৰ ভেকচিনত সংক্ৰমন কৰা বীজাণুটোৰ মৃত এক অংশ বা জীয়া বীজাণুটো গৱেষণাগাৰত দুৰ্বল কৰি তাক আমাৰ শৰীৰত ৰোপণ কৰি, শৰীৰৰ প্ৰতিৰক্ষা বিভাগক জাগ্ৰত কৰা হয়, যাতে আমাৰ প্ৰতিৰক্ষা বিভাগে সেই বিশেষ বীজাণুটোৱে আক্ৰমণ কৰিলে তাক চিনাক্ত কৰি ধংস কৰিব পাৰে। কেঞ্চাৰ ভেকচিন আচলতে কেঞ্চাৰৰ ইমিউনথেৰাপীৰে বিবৰ্তন। কেঞ্চাৰ ভেকচিনৰ লক্ষ্য শৰীৰৰ প্ৰতিৰক্ষা বিভাগ (Immune system)ক কেঞ্চাৰ কোষ চিনাক্ত কৰি তাক ধংস কৰোৱা। কিন্তু সংক্ৰমন ৰোগৰ ভেকচিনতকৈ ই এক জটিল প্ৰক্ৰিয়া কাৰণ কেঞ্চাৰ কোষ শৰীৰৰ সাধাৰণ কোষৰ দৰে একেই ( বেক্টেৰীয়া আৰু ভাইৰাছ শৰীৰৰ কোষৰ পৰা পৃথক সেয়ে ভেকচিনে সহজে চিনাক্ত কৰিব পাৰে) সেয়ে শৰীৰৰ সাধাৰণ কোষৰ নষ্ট নকৰাকৈ কেৱল কেঞ্চাৰ কোষ ধংস কৰিবলৈ অতিৰিক্ত উন্নত প্ৰযুক্তিৰ প্ৰয়োজন। 

বৈজ্ঞানিকসকলে এতিয়া বহু কেঞ্চাৰ কোষত কিছুমান লক্ষ্য কোষ ( targets) চিনাক্ত কৰিবৰ সক্ষম হৈছে, যাৰ দ্বাৰা কেঞ্চাৰ কোষক সহজে চিনাক্ত কৰিব পাৰি। সেই টাৰ্গেট কোষবোৰ কেতিয়াবা সাধাৰণ মাংসসাৰ হয়, যি কেঞ্চাৰত অসাধাৰণভাৱে প্ৰস্তুত হয়। যেনে পুৰুষৰ প্ৰষ্টেট কেঞ্চাৰত প্ৰষ্টেটিক এছিদ ফছফেটেছ ( PAP) নামৰ মাংসসাৰবিধ অসাধাৰণ মাত্ৰাত উৎপাদন হয়। ইয়াৰ সুবিধালৈ চিপুলিউচেল টি ভেকচিন নামৰ ভেকচিন বিধে এই PAP ক আক্ৰমণ কৰি প্ৰষ্টেটৰ কেঞ্চাৰ কোষক ধংস কৰে। 

বিছিজি নামৰ যক্ষ্মাৰ ভেকচিনটো কম পৰিমাণৰ সফলতাৰে মূত্ৰাশয়ৰ কেঞ্চাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। 

যোৱা দশকৰ পৰা কেঞ্চাৰ ইমিউন’থেৰাপী আৰু ভেকচিনৰ ওপৰত অহৰহ গৱেষণাৰ ফলত বহু সফলতা লাভ কৰা দেখা গৈছে। সকলো কেঞ্চাৰ ভেকচিনৰ উদেশ্য কেঞ্চাৰ কোষত থকা টাৰ্গেট কোষ বিচাৰি তাক পদ্ধতিগতভাৱে ধংস কৰা। ইয়াৰবাবে বহুতো বিভিন্ন ধৰণৰ ভেকচিনৰ গৱেষণাহৈ আছে। নিউক্লিক এছিদ ডিএনএ বা আৰএনএকলৈ এনে ভেকচিন তৈয়াৰ কৰাৰ গৱেষণাত বহু সফলতা লাভ কৰা হৈছে। ইয়াৰে ডিএনএ ভেকচিন তৈয়াৰী কৰাটো সহজ, কম খৰচী, নিৰাপদ আৰু টাৰ্গেট কোষক ইহঁতি সহজে লক্ষ্য কৰিব পাৰে। সেইদৰে মেচেঞ্জাৰ আৰএনএ (mRNA) ভেকচিনেও টাৰ্গেট কোষক সহজে লক্ষ্য কৰিব পাৰে আৰু তুলনামূলক ভাৱে ক্ষিপ্ৰগতিত প্ৰস্তুত কৰিব পাৰি। কোভিড মহামাৰীৰ সময়ত mRNA ভেকচিনৰ দ্বাৰা মহামাৰী ক্ষিপ্ৰগতিত ৰোধকৰাৰ বাবে ২০২৩ চনৰ নোবেল বঁটা এই mRNA ভেকচিনৰ গৱেষণা কৰা বিজ্ঞানীকেইজনক দিয়া হৈছিল। 

কিছুমান ভাইৰাছৰ পিঠিত টাৰ্গেট কোষ ধংসকাৰী প্ৰতিৰোধ দ্ৰব্য দি এই দুৰ্বল ভাইৰাছৰ দ্বাৰা ৰোগীক সংক্ৰমিত কৰাই কেঞ্চাৰ কোষ ধংস কৰিব পাৰি। কোভিডৰ সময়ত আমাৰ দেশত ব্যৱহাৰ কৰা কোভিশ্বিল্ডতো এইদৰে এডিনো ভাইৰাছৰ পিঠিত কোভিডৰ দুৰ্বল বীজাণু উঠাই আমাৰ শৰীৰত ৰোপণ কৰা হৈছিল। 

১৯০০ শতাব্দীতে প্ৰথম বিছিজি ভেকচিন মূত্ৰাশয়ৰ কেঞ্চাৰ ৰোগত ব্যৱহাৰ কৰা হৈছিল যদিও, তাৰ পাছত এই বিষয়ত বিশেষ আগবঢ়া নাছিল। বৰ্তমান জেনেটিক ইঞ্জিনীয়াৰিং, মলিকুলাৰ বায়লজী, আৰু ইমিউনলজীৰ ক্ষিপ্ৰগতিত বিকাশে কেঞ্চাৰ ভেকচিনৰ ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ হৈছে। বহুত চিকিৎসাৰ বাবে কঠিন কেঞ্চাৰ ৰোগত ভেকচিনে নতুন আশাৰ বতৰা আনিছে। অৱশ্যে সম্পূৰ্ণ সফলতাৰ বাবে এতিয়াও বহুত গৱেষণাৰ প্ৰয়োজন আছে। 



শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!