গল্পঃ জংঘল মেজৰ (Jungle Major)মূল ইংৰাজীঃ ড°টেমচুলা আও
অনুবাদঃ অৱনী বুঢ়াগোহাঁই
দোকমোকালি পৰত দুয়োৰে একাত্মতাৰ উত্তাপত, সিহঁতৰ বহুদিনৰ অনুপস্থিতিৰ পাছত প্ৰেমিকযুগলে পুনৰ বাৰলৈ মিলনৰ আকুলতাত প্ৰেম নিবেদন কৰিলে। প্ৰায় পাঁচ মাহ পাৰ হৈ যোৱাৰ পিছত সঁচাকৈয়ে সিহঁত লগ হৈছিল যদিও প্ৰেমিক-প্ৰেমিকা বুলি তেওঁলোকক বৰ্ণনা কৰিলে ভুল হ’ব। আচলতে তেওঁলোক আছিল অত্যন্ত মিল নথকা পতি-পত্নী।
গাঁৱৰ মানুহে যেতিয়া তেওঁলোকৰ বিয়াৰ কথা প্ৰথম কোৱা-কুই কৰিছিল, তেতিয়া মানুহ আলিবাটত থৰ লাগিছিল, এই জোৰাটোৰ দেখ-দেখ অমিলবোৰকলৈ আচৰিত হৈ চকু দুটা বহলকৈ মেলিছিল আৰু ইচ্ ইচ্ আচ্ আচ্ কৰিছিল, কিছুমানে অবিশ্বাসত আৰু কিছুমানে সম্পূৰ্ণ বিতৃষ্ণাত। ছোৱালীজনীৰ দেউতাকক তেওঁৰ বংশৰ লোকসকলে তীব্ৰভাৱে গালি পাৰিছিল, আৰু কৈছিল যে তেওঁ ইহঁতৰ জোৰাত সন্মতি দি তেওঁলোকৰ বংশৰ প্ৰতিপত্তি নিম্নগামী কৰি তুলিছে। কিয় তেওঁ নিজৰ ধুনীয়া ছোৱালীজনীক এনে এটা মানুহৰ লগত জীয়াই থাকিবলৈ দিবলৈ আগবাঢ়িছে, সেয়া তেওঁলোকে জানিব বিচাৰিছিল।
প্ৰস্তাৱিত বিবাহক লৈ আত্মীয়সকলৰ লগতে সাধাৰণ ৰাইজৰ ক্ষোভৰ কাৰণ আছিল, কেৱল বাহ্যিক ৰূপেই নহয়, ছোৱালীজনী আৰু তাইৰ হ’ব লগা পতিৰ পাৰিবাৰিক অৱস্থানৰ মাজত থকা অপৰিসীম বৈষম্য। মানুহজন চুটি চাপৰ, ক’লা আৰু উচলা-দঁতীয়া। তেওঁ আছিল কিছু পৰিমাণে মেকানিকৰ কাম জনা সাধাৰণ গাড়ীচালক আৰু চহৰৰ ধনী মানুহ এজনে ‘ডজ’ নামৰ এক টন ওজনৰ বাহন এখন চলাবলৈ নিয়োগ কৰিছিল, যিখন এতিয়া বহুদিনৰ পৰা ব্যৱহাৰ কৰা হোৱা নাছিল। তেওঁ মাত্ৰ পঞ্চম শ্ৰেণীলৈকেহে পঢ়িছিল আৰু অলপ হিন্দী ক’ব পাৰিছিল আৰু গাড়ীৰে অহা-যোৱাৰ কালছোৱাত অ’ৰ ত’ৰ পৰা শিকা ইংৰাজীৰ দুই এটা শব্দও গোট খাইছিল। তেওঁ গাঁৱৰ এটা নিম্ন ফৈদৰ পৰা আহিছিল।
কিন্তু মানুহজনী! আহ্! তাই এক অন্য কাহিনী! তাই ওখ, গুলপীয়া, লাহি আৰু আটাইতকৈ মনোমোহা হাঁহিটোৰ অধিকাৰী আছিল। কেৱল সেয়াই নহয়, তাই ভাল পৰিয়ালৰ পৰা আহিছিল আৰু এটা উচ্চ বংশৰ আছিল। তাইৰ ডাঙৰ ককায়েক ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছিল; তাইৰ ভনীয়েকৰ বিয়া হৈছিল মোককচাঙৰ এজন দোভাষীৰ সৈতে। আন এজন ভাতৃয়ে পশু চিকিৎসক হ’বলৈ পঢ়ি আছিল। উৰাবাতৰি প্ৰচাৰ হৈছিল যে এই সুন্দৰীগৰাকীৰ সতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিবলৈ বিচৰা প্ৰণয়প্ৰাৰ্থীৰ শাৰী বেছ দীঘল আছিল যদিও তেওঁলোকৰ প্ৰতিজনেই অৱশেষত আঁতৰি গৈ বহু দিশত তাইতকৈ বহুত তলৰ আন কোনোবা গাঁৱৰ ছোৱালীক বিয়া কৰাইছিল। গাঁৱৰ মানুহবোৰ আচৰিত হৈছিল যে যিকোনো বুদ্ধিমান পুৰুষে জানো ইমান সুন্দৰ আৰু যোগ্য ছোৱালীজনীক নাকচ কৰি এই জধলা দেখা ‘গাঁৱলীয়া’ ছোৱালীবোৰক বিয়া কৰাব!
কিন্তু তাৰ পিছত সেয়াই হৈছিল, আপাত দৃষ্টিত মিল নোহোৱা কথাবোৰ চলি থাকোঁতেই, বিয়াখন যথাসময়ত হৈ গৈছিল। নিয়ম অনুসৰি দম্পতীহালে নিজৰ ঘৰলৈ গুচি গ’ল আৰু স্বাভাৱিক জীৱন যাপন কৰা যেন লাগিল। পুনাবা নামৰ মানুহজনে নিজৰ পত্নীক পৰাপক্ষত আৰামত ৰাখিবলৈ যথেষ্ট উপাৰ্জন কৰিবলৈ লৈছিল। খাটিলা নামৰ মানুহজনীক গৃহিণীৰ নতুন ভূমিকাত সুখী আৰু সন্তুষ্ট যেন লাগিছিল। পিছে, বহু বছৰ পাৰ হৈ গ’ল যদিও দম্পতীহালৰ কোনো সন্তান নহ’ল। প্ৰথমতে গাঁওবাসীয়ে এই কথাটোত বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু যিকোনো সম্প্ৰদায়ত যিদৰে হয়, অতি সোনকালেই উৰাবাতৰি প্ৰচাৰ হ’বলৈ ধৰিলে: মানুহজন হয় নপুংসক নহয় বঁজা ; অথবা মানুহজনীহে বন্ধ্যা। কিছুমান আনকি ইমানখিনিলৈকে গৈছিল যে তাই বোলে স্বামীক তাইৰ গাটোকে স্পৰ্শ কৰিবলৈ নিদিয়ে। তেওঁলোকৰ বিবাহৰ প্ৰাৰম্ভিক ঘোষণাই যিদৰে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল, এতিয়া সিহঁতৰ সন্তানহীন অৱস্থাটোকলৈ বহুতৰ বাবে অশ্লীল মন্তব্য দিয়া আৰু অৰ্থহীন জল্পনা-কল্পনাৰ বিষয় হৈ পৰিল।
এই সময়ছোৱাত দম্পতীহালে গাঁৱৰ মানুহৰ গুজৱৰ বিষয়ে অজ্ঞাত নহ’লেও, অস্পষ্ট ইংগিত আৰু কটাক্ষৰে ভৰা মন্তব্যবোৰক আওকাণ কৰি ইজনে সিজনৰ আৰু নিজৰ ঘৰখনৰ মাজত সম্পূৰ্ণৰূপে নিমগ্ন হোৱা যেন লাগিল। পুনাবা নিয়মীয়াকৈ ওচৰৰ গাঁওবোৰলৈ গৈছিল আৰু ভাড়া সংগ্ৰহ কৰাৰ পিছত মোককচাঙলৈ গৈ মালিকক টকাখিনি দিয়ে আৰু দৰমহা লয়। খাটিলাই গাঁৱৰ বাহিৰৰ মাটি এটুকুৰাত খেতি কৰি নিজৰ পাকঘৰৰ বাবে প্ৰয়োজনীয় শাক-পাচলিৰ ব্যৱস্থা কৰিছিল। বিবাহিত জীৱনৰ বছৰবোৰ যেন তাইৰ লগত খাপ খাই পৰিছিল; তাইৰ সৌন্দৰ্য্য, যৌৱনৰ দিনৰ দৰেই সতেজ হৈ আছিল।
খাটিলাৰ বিয়াৰ এবছৰমানৰ পাছতেই সমগ্ৰ দেশখন দেশপ্ৰেমৰ উৎসাহৰ নতুন ঢৌত সোমাই পৰিল, যিটোৱে জনসাধাৰণৰ কল্পনাশক্তিক উটুৱাই নি এক সংগ্ৰামত পৰিণত কৰি পেলালে, যিটোক বহু সংখ্যকে বুজিকে নাপালে। এই বিশেষ গাঁওখনো অন্তৰ্জাল-তন্ত্ৰৰ অংশ হৈ পৰিল, যিয়ে আত্মগোপনকাৰী সংগঠনক খবৰ-খাতি যোগোৱা, খাদ্য আৰু মাজে মাজে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰি দিব লাগিছিল। স্বাধীনতাৰ বিষয়টো ৰাজহুৱা চৰ্চালৈ পৰিণত হ’ল; যুৱক-যুৱতীসকলে চৰকাৰী বাহিনীৰ সৈতে হোৱা মুখামুখিত সমনীয়াসকলৰ কাৰ্যকলাপৰ কথা পাতিছিল আৰু নিজৰ গৃহভূমিক ‘বিদেশী’ শাসনৰ পৰা মুক্ত কৰিবলৈ ‘দেশপ্ৰেমী’ যোদ্ধাৰ নতুন দলটোত যোগদান কৰাবলৈ আগ্ৰহী আছিল।
আচলতে চাই থাকোঁতেই, কিছুমান মানুহ গাঁৱৰ পৰা নোহোৱা হৈ গৈছিল আৰু তেতিয়াৰ পৰা তেওঁলোকৰ নামবোৰ কেৱল ফুচফুচাই কোৱা হৈছিল। গাঁৱৰ ওচৰতে সংঘৰ্ষ চলি আছিল আৰু গাঁৱৰ ভিতৰৰ পৰিৱেশটো ভয় আৰু পাৰস্পৰিক সন্দেহৰ হৈ পৰিছিল। মানুহবোৰ আগৰ তুলনাত সময়ৰ বহু আগতেই পথাৰৰ পৰা উভতি আহিছিল। এনে লাগিছিল যেন গোটেই দেশখনৰ ওপৰত মৃতদেহ ঢকা কাপোৰৰ এখন যবনিকা নামি আহিছে।
কিছুমান গাঁৱত, যাৰ বাসস্থান আছিল আত্মগোপনকাৰী নেতাসকলৰ, তেওঁলোকক কঠোৰ শাস্তি দিয়া হৈছিল। চৰকাৰী নিৰাপত্তাৰক্ষী বাহিনীয়ে ঘৰবোৰ লুটপাত কৰাৰ লগতে তেওঁলোকৰ ভঁৰালত থকা শস্য জ্বলাই দি গাঁৱৰ পৰা আঁতৰত থকা সেনা শিবিৰলৈ ৰাইজক লৈ যায় আৰু বাঁহৰ গোঁজেৰে নিৰ্মিত বেৰ দিয়া অঞ্চলৰ ভিতৰত সাময়িক কাৰাগাৰত ৰখা হয়। এই ধৰণৰ গোটৰ কাৰাবন্দীসকলক গাঁৱত কুখ্যাত ‘গ্ৰুপিং’ কৰা হৈছিল, যিটোক নাগাসকলে গুলীতকৈও বেছি ঘৃণা আৰু ভয় কৰিছিল। নিৰাপত্তা বাহিনীয়ে মহিলাক নিৰ্যাতন চলোৱা আৰু তথ্য দিবলৈ অস্বীকাৰ কৰা হঠকাৰীসকলক গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অসংখ্য কাহিনী প্ৰচাৰিত হৈছিল; অকল সেয়াই নহয়, কেতিয়াবা তেওঁলোকক ওলোটাকৈ ওলোমাই বান্ধি থোৱা হৈছিল আৰু তেওঁলোকৰ গুপুত অংগত জলকীয়াৰ গুড়ি ভৰাই দিয়াৰ দৰে বৰ্ণনা কৰিব নোৱাৰা অত্যাচাৰৰ সন্মুখীন হৈছিল। কিন্তু তেতিয়ালৈকে খাটিলাহঁতৰ গাঁওখন এই ভয়াবহতাৰ কোনোটোৱেই চুই যোৱা নাছিল কাৰণ তেওঁলোকৰ কোনো এজন ল’ৰাই চৰকাৰৰ দৃষ্টিত আত্মগোপনকাৰীৰ আন্দোলনত যোগদান কৰা নাছিল আৰু তেওঁলোকৰ বহুতেই আনকি কোনো শুংসূত্ৰ নোহোৱাকৈয়ে থাকিবলৈ সক্ষম হৈছিল।
এদিন পুনাবা সাধাৰণ ভ্ৰমণৰ পৰা উভতি নাহিল যদিও খাটিলা এই কথাত অযথা চিন্তিত হোৱা যেন নালাগিল। এমাহ পাৰ হৈ গ’ল আৰু তাৰ পাছত আৰু এটা মাহ, কিন্তু এই নীৰৱ হোৱা মানুহজনৰ কোনো চিন-মোকাম পোৱা নগ’ল। তেওঁৰ অনুপস্থিতিৰ বিষয়ে সোধাত খাটিলাই উত্তৰ দিলে যে তেওঁ মোককচাঙত ব্যৱসায় চলাই আছে। সেইটো যুক্তিযুক্ত যেন লাগিল, কাৰণ অঞ্চলটোৰ গাঁৱৰ মানুহবোৰতকৈ তাত থকা মানুহবোৰক বাহনৰ প্ৰয়োজন বেছি আছিল। কিন্তু অলপ সময়ৰ ভিতৰতে গাঁৱৰ, খবৰ ৰাখোতা দলে খবৰ আনিলে যে তাইৰ নিজৰ মানুহটো, পুনাবাই, আত্মগোপনকাৰী বাহিনীত যোগদান কৰিছে আৰু প্ৰকৃততে যথেষ্ট বিশ্বাসযোগ্য ভাবে কাম কৰি আছে। প্ৰাপ্তবয়স্ক লোকসকল নিজৰ পথাৰত আঁতৰত থকাৰ সময়ত, অচিনাকি লোকে খাদ্য-সামগ্ৰী লৈ খাটিলাৰ ওচৰলৈ আহিছিল আৰু তেওঁলোক উভতি অহাৰ আগতেই নিৰুদ্দেশ হোৱা বুলিও খবৰ পোৱা গৈছিল। তাই তেতিয়াহে বেছিধৰণেৰে একাকিত্ব অনুভৱ কৰিলে আৰু তাইৰ মাক-দেউতাকৰ ঘৰলৈ যোৱাটোও আগৰ তুলনাত বহুত কম হৈ পৰিল।
পুনাবাই আত্মগোপনকাৰী বাহিনীত যোগদান কৰাৰ খবৰ কৰ্তৃপক্ষৰ ওচৰ পোৱাৰ বেছিদিন নৌহওঁতেই চৰকাৰী বাহিনী গাঁওখনলৈ আহি পুনাবাৰ বিষয়ে গাঁওবাসীক সোধা-পোছা কৰিবলৈ ধৰিলে। আনকি খাটিলাকো মাতি আনি গিৰিয়েক ক’ত আছে বুলি সুধিছিল। তাই উত্তৰ দিলে যে তাই নাজানে আৰু সি ঘূৰি আহকেই বা নাহক তাত তাই একো গুৰুত্ব নিদিয়ে। গাওঁবুঢ়াই দিয়া মানুহজনৰ বৰ্ণনাৰ পৰা বিচাৰ কৰি অফিচাৰজন এই সিদ্ধান্তত উপনীত হ’ল যে পুনাবাৰ দৰে সাধাৰণ মানুহ এটা তাইৰ জীৱনৰ পৰা নিৰুদ্দেশ হ’লেও, তাইৰ দৰে এজনী ধুনীয়া নাৰীৰ হৃদয় ভাগি নাযায়। সেয়ে কেৱল তেওঁলোকে গাঁৱৰ মানুহক ভাবুকি দি গ’ল যে, যদি তেওঁলোকে বিদ্ৰোহীটোৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই ৰাখিছে তেন্তে তেওঁলোকে আকৌ উভতি আহিব আৰু সেইবাৰ সিহঁতৰ গাঁওখন মাটিত পুতি পেলাব। আনকি তেওঁলোকে খাটিলাকো সঁকীয়াই দিলে যে যদি তাই তেওঁলোকক মিছা মাতিছে, তেন্তে তাইক অতি বেয়াকৈ শাস্তি দিয়া হ’ব। ‘আমি তোৰ দৰে মাইকীৰ লগত কেনেকৈ মোকাবিলা কৰিব লাগে জানো’, বিষয়াজনে তাইলৈ কামুক চাৱনি এটা দি ক’লে। সন্ধিয়া গাঁৱৰ বয়োজ্যেষ্ঠ কেইজনমান তাইৰ জুপুৰিলৈ আহি তাইক পুনাবালৈ খবৰ পঠাবলৈ ক’লে যে তাইক আহি লগ কৰিবহি নালাগে। খাটিলাই কেৱল মূৰটো জোকাৰি নম্ৰভাৱে উত্তৰ দিলে, ‘মই চেষ্টা কৰিম।’ তাই জানিছিল যে স্বামীৰ লগত যোগাযোগ কৰিব নোৱাৰিলেও তাই আত্মগোপনকাৰীহঁতৰ অজ্ঞাত বাতৰি-যোগনীয়াৰৰ জৰিয়তে ঘটনাটোৰ বিষয়ে জানিব পাৰিব। কিন্তু কৰ্তব্যপৰায়ণ মহিলা হিচাপে তাই চৰিত্ৰাভিনয় কৰিবলগীয়া হৈছিল, কাৰণ তাই জানিছিল যে বৰ্তমান অৱস্থাৰ পৰিপ্ৰেক্ষিতত তাইৰ যিকোনো ধৰণে হ’লেও গাঁও কৰ্তৃপক্ষক বিৰোধিতা কৰাৰ সামৰ্থ্য্য নাই।
বিদ্ৰোহী আৰু চৰকাৰী বাহিনীৰ সংঘাতৰ জুইকুৰাই সমগ্ৰ ভূমি আৱৰি ধৰিবলৈ বেছি দিন নালাগিল। বিদ্ৰোহ দমনৰ বাবে সেনাই গ্ৰহণ কৰা নিপীড়নমূলক ব্যৱস্থাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। তাৰ ওলোটা প্ৰতিক্ৰিয়া হৈছিল আনকি সেই গাঁওবোৰতো, যিবোৰ গাঁও এতিয়ালৈকে প্ৰত্যক্ষভাৱে সংঘাতৰ সৈতে জড়িত নাছিল, সেই গাঁওবোৰতো নিৰীহ গাঁৱৰ-মানুহৰ ওপৰত সশস্ত্ৰ বাহিনীয়ে কৰা অত্যাচাৰৰ কথা শুনি, আত্মগোপনকাৰী বাহিনীৰ প্ৰতি ৰাইজ অধিক সহানুভূতিশীল হৈ পৰিল। তেনে সময়লৈ পুনাবাৰ লগৰ গাঁৱৰ মানুহবোৰ তথাকথিত বিদ্ৰোহীসকলৰ প্ৰতি সম্পূৰ্ণ সহানুভূতিশীল হৈ পৰিছিল আৰু এই গাঁওখন তেওঁলোকৰ বাবে বিভিন্ন যোগান আৰু তথ্যৰ অন্যতম মূল পৰিবাহক হৈ পৰিছিল। পুনাবাই খাটিলালৈ নিয়মিতভাৱে দূত পঠিয়াইছিল আৰু গিৰিয়েকে এতিয়া যি আত্মগোপনকাৰী সৈন্যদলত আছে, সেই সকলোবোৰ কথা তাই গম পাইছিল। বয়স আৰু নেতৃত্বৰ গুণৰ বাবে তেওঁৰ পদবী দ্ৰুতগতিত বৃদ্ধি পালে আৰু মাত্ৰ তিনি বছৰীয়া সেৱাৰ অন্তত বিদ্ৰোহী সেনাবাহিনীত অধিনায়ক নিযুক্তি দিয়া হয়। যদিও কম সময়ৰ বাবে দুয়ো লগ পাইছিল, এই বছৰবোৰত আনকি কেইবাবাৰো পত্নীক লগ কৰিবলৈ তথাপি সক্ষম হৈছিল। তেওঁ গাঁৱত থকাৰ সময়ত কৌশলগত স্থানত নিৰীক্ষণ-স্থান স্থাপন কৰি চৰকাৰী সেনাবাহিনীৰ গতিবিধি লক্ষ্য কৰা হৈছিল, আৰু গাঁৱৰ বাহিৰৰ সকলো সন্দেহজনক অঞ্চলত, ৰুটিন হিচাপে টহলদাৰী বাহিনী ৰাখিছিল।
এইটোও এনেধৰণৰেই এটা আগমন আছিল যেতিয়া পুনাবাই পাঁচ মাহৰ ব্যৱধানৰ পিছত পত্নীক চাবলৈ আহিছিল, তাৰ আগেয়ে তেওঁ দুবাৰকৈ আঘাতপ্ৰাপ্ত হৈছিল আৰু বৰ্তমান মুহূৰ্তত সোঁহাতত শেহতীয়াকৈ লগা গুলীৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছিল। আত্মগোপনকাৰী জীৱনৰ কষ্টকৰ আৰু বিপদজনক কাম-কাজৰ পিছত পত্নীৰ লগত জিৰণি লোৱাটোত পুনাবাৰ শৰীৰৰ বাবে এয়া আচৰিত যেন লাগিছিল; বহু মাহৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ নিজকে সুস্থ আৰু সুখী অনুভৱ কৰিছিল। কিন্তু এই সকলোবোৰ অতি সোনকালে শেষ হোৱাৰ পাল আহিল।
সেইদিনা ৰাতিপুৱাৰ উগ্ৰ দৈহিক প্ৰেমৰ জোকাৰণিত ক্লান্ত হৈ বিছনাৰ পৰা উঠিব খোজোতেই বাঁহৰ বেৰখনত কাৰোবাৰ ভৰিৰ দপদপনিৰ শব্দ শুনা গ’ল, লগতে ফুচফুচাই কোৱা সতৰ্কবাণীটোও, “ছাৰ, ছাৰ, সাৰ পাইছেনে, উঠক সোনকালে, সিহঁত প্ৰায় আহি পাইছেহি, আমাৰ চকীদাৰবোৰ টোপনিত …… যাওক, পলাই যাওক ছাৰ।” অদূৰত আন এটা মাত শুনা গ’ল, পুনাবাৰ অৰ্ডাৰলিৰ মাত। সিও যোগ দিলে, “ছাৰ, মই ঘৰটোৰ তলত লুকাই থাকিম, আপোনাৰ বন্দুক আৰু ইউনিফৰ্মযোৰ মোৰ ফালে দলিয়াই দিব আৰু মই তিনি নম্বৰ কুঁৱাটোৰ উত্তৰফালে আপোনাৰ বাবে অপেক্ষা কৰিম। ’
ঢলফাঁট দিয়া ভোৰৰ আকাশখনৰ পোহৰৰ ছঁয়াময়াৰ সতে সিহঁতৰ মাতবোৰ যেন গলি গলি নোহোৱা হৈ গ’ল।
খাটিলাৰ খদমদম লাগি পৰিল, কি কৰিব লাগিব এতিয়া তাই? কাষ চাপি অহা সৈন্যৰ দলৰ পৰা তাই কেনেকৈ বচাব পাৰিব স্বামীক, নিজক আৰু সমগ্ৰ গাঁওখনক? তাই এতিয়া সিহঁতৰ মাত আৰু সিহঁতৰ ঘৰলৈ অহা শিলৰ বাটটোত সিহঁতৰ বুটৰ শব্দ শুনিবলৈ পালে। কাৰণ পুনাবাই এতিয়া পলাবলৈ চেষ্টা কৰাটো প্ৰশ্নৰ বাহিৰত আছিল; লগে লগে তাক দেখা পোৱা যাব আৰু কুকুৰৰ দৰে গুলীয়াই হত্যা কৰা হ’ব। সি কেতিয়াও আত্মসমৰ্পণ নকৰে আৰু তাই এইবাৰ মিছা ক’ব নোৱাৰিব কাৰণ সিহঁতৰ সৰু বাঁহ আৰু খেৰৰ ঘৰটোত কোনো আত্মগোপনৰ ঠায়েই নাছিল। অত্যন্ত উত্তেজিত হ’লেও এই মানুহজনীৰ মনত যথেষ্ট উপস্থিত বুদ্ধি আছিল যে তাই প্ৰথমে ইউনিফৰ্ম আৰু বন্দুকটো বস্তা এটাত বান্ধি লৈ অপেক্ষাৰত অৰ্ডাৰলিজনৰ ওচৰ পোৱাকৈ তললৈ পেলাই দিলে, আৰু মানুহটোৱে সেইটো লৈ লগে লগে দৌৰি ডাঠ জংঘলত অদৃশ্য হৈ গ’ল। ইয়াৰ পিছত তাই গিৰিয়েকৰ পুৰণি কাপোৰ কিছুমান বিচাৰ খোচাৰ কৰি উলিয়াই আনি সেইবোৰ পিন্ধি লবলৈ নিৰ্দেশ দিলে, তাৰ পিছত তাই তাৰ মুখ, হাত-ভৰি জুইশালৰ পৰা অনা ছাই লেপি দি, চেণ্ডেলযোৰ লুকুৱাই, চুলিখিনি জপৰা কৰি দি চিঞৰিবলৈ লাগিল, ‘তই নহয় এটা ভাল গোটগৰু, কালি গোটেই দিনটো কি কৰি আছিলি? মুখ ধুবলৈও ঘৰত পানী এটোপাও নাই। যা এতিয়াই কুঁৱাৰ পাৰলৈ দৌৰি যা, নহ’লে তোৰ জন্মৰ দিনা কপাল চপৰিয়াব লাগিব। ’ তাই এই ধৰণেৰে কৈ কৈ চিঞৰি থাকি তাই একে সময়তে পিছফালে থকা বাঁহৰ চাংখনৰ মাজেৰে সকলো পানীৰ পাত্ৰ খালী কৰি থাকিল। সৈন্যবোৰ তাইৰ ঘৰ পোৱাৰ সময়লৈকে তাই পানীৰ খালী পাত্ৰবোৰ গোটাই আছিল আৰু দুৰ্ভগীয়া চাকৰটোৰ ওপৰত আৰু বেছিকৈ গালি-গালাজৰ বৰষুণ দিছিল। কোনোবাই তাইৰ নাম মাতি দুৱাৰমুখত খোজৰ শব্দ কৰিছিল যদিও খাটিলাই তাইৰ দুৱাৰৰ বাহিৰত থিয় হৈ থকাসকলক আওকাণ কৰি তাইৰ বকনি চলাই থাকিল। যেতিয়া আৰু এটা জোৰেৰে জোতাৰ শব্দ হ’ল, বিৰক্ত মাতেৰে তাই চিঞৰিলে, ‘এতিয়া আকৌ কোন ওলালহি? মই কি কৰি আছো দেখা নাই নেকি? ’ বৰ বেছি খৰ ধৰ নকৰি, তাই জোৰেৰে হামি এটা মাৰি দুৱাৰখন খুলি দিলে। ‘কি বিচাৰিছে? ’ তাই গেঙেৰি এটা মাৰিলে আৰু তাইৰ ব্যৱহাৰত আচৰিত হোৱা ডেকা কেপ্তেইনজনে তাইলৈ চালে। স্বামী আৰু নিজৰ প্ৰতি ভয়ত ভীতিগ্ৰস্ত এগৰাকী থৰক-বৰক মহিলাক দেখাৰ আশা কৰিছিল যদিও তেওঁ সন্মুখীন হ’ল এগৰাকী পৰিবেশ বিচ্ছিন্ন কিন্তু প্ৰত্যাহ্বানমূলক ব্যক্তি যিয়ে কোনো হুলস্থূল প্ৰদৰ্শন কৰা নাছিল আৰু কোনো বিপদৰ প্ৰতি যেন তেওঁ একেবাৰে উদাসীন। কেপ্তেইনজন বিভ্ৰান্তিৰ মাজত ৰৈ থাকিল; চোৰাংচোৱাৰ প্ৰতিবেদন সঠিক আছিল যে পুনাবা মাজে সময়ে পত্নীৰ ওচৰলৈ আহি থাকে, এই গাঁওখনলৈ আৰু এইখনেই তাৰ ঘৰ। কিন্তু সিনো ক’ত? চিপাহী ল’ৰাকেইটাই ইমান দক্ষতাৰে স্থাপন কৰা কঠোৰ বেষ্টনীৰ মাজেৰে সি সাৰি যাব নোৱাৰে।
ঠিক যেতিয়া তেওঁ কঠোৰ স্থিতি এটা লোৱা উচিত হ’ব বুলি ভাবি সিদ্ধান্ত লৈছিল, খাটিলাই তেওঁৰ ফালে পিঠি দি আকৌ চিঞৰিবলৈ ধৰিলে, ‘হেৰ’, ক’ত আছ ঔ এলেহুৱাটো? এতিয়াও যাব পৰা হোৱা নাই নেকি তোৰ? ’ পানী ভৰাবলৈ নিয়া পাত্ৰৰ বোজাটো মূৰত লৈ ‘চাকৰটোৱে’ পিছফালে থকা বাঁহৰ চাঙখনৰ পৰা সুৰসুৰাই নামি আহি সমুখৰ দুৱাৰৰ ফালে আগবাঢ়ি গ’ল। ডেকা কেপ্তেইনজনে তেওঁক বাধা দিবলৈ চেষ্টা কৰিলে, কিন্তু খাটিলা ইয়াৰ বাবে সাজু আছিল; তাই ক’লে, ‘চাহাব, তাৰ লগত কথা পাতি কোনো লাভ নাই, সি কথা পাতিব নোৱাৰে। তদুপৰি ঘৰত পানী অকনো যে নাই, আপুনি জানো দেখা নাই? চাকৰটোৰ লগত কিনো কথা পাতিব? ’ এইদৰে কৈ তাই আৰু কিছুমান বছা বছা গালি-গালাজেৰে পুনাবাক ঠেলি দিলে আৰু সিও ঘৰৰ পৰা লৰালৰিকৈ ওলাই তৃতীয়টো কুঁৱাটোলৈ যোৱা পথটোত উঠিল। অলপ পিছতে পুনাবা আৰু লগৰ সৰু দলটো জংঘলৰ মাজৰ সৈন্যসকলে স্থাপন কৰা বেষ্টনীৰ পৰা ওলাই আহিল। কেপ্তেইনৰ প্ৰকৃততে তেওঁলোকে বিচৰা মানুহজনৰ বিষয়ে কোনো স্পষ্ট ধাৰণা নাছিল, মাথোঁ এইটোৱেই গম পাইছিল যে মহিলাগৰাকীৰ স্বামীয়েই আছিল তেওঁ বিচৰা মানুহজন আৰু এই ঘৰটোৱেই আছিল অনুসন্ধানৰ লক্ষ্য, যদিও বিভিন্ন দলে আন কেইবাটাও খণ্ডত একেলগে গাঁৱৰ বিভিন্ন এলেকাত অনুসন্ধান চলাই আছিল। সেনাবাহিনীয়ে প্ৰায়ে গোপন খবৰদিওঁতাক সুৰক্ষা দিবলৈ এই কৌশলটো ব্যৱহাৰ কৰে, যাতে সাধাৰণ অনুসন্ধানৰ কালছোৱাত, তেওঁলোকে আনন্দৰ সতে তেওঁলোকৰ খনি “আৱিষ্কাৰ” কৰিব পাৰে। সেই হাস্যকৰ ‘চাকৰ’টোক পিছুৱাই যোৱা দেখি তেওঁ ভাবিলে, নিশ্চয় সি সেইজন ব্যক্তি হ’ব নোৱাৰে। ডেকা আৰু অনভিজ্ঞ সেনা বিষয়াজনে গমেই পোৱা নাছিল যে সুন্দৰী অথচ সহজ-সৰল গাঁৱৰ মহিলাগৰাকীয়ে এনেদৰে শক্তিশালী ভাৰতীয় সেনাৰ এক সুপৰিকল্পিত ‘অপাৰেচন’ বিফল কৰি পেলালে আৰু সেই বহুমূলীয়া ‘খনিটো’ স্বাধীনতাৰ দিশলৈ আগবাঢ়ি গৈছিল।
এতিয়া তাই ঘৰটোত অকলে থাকি, দেহৰ ভঙ্গীমা অলপ সলনি কৰি কেপ্টেইনজনক লাজ লাজ ভাবেৰে সুধিলে চাহ একাপ খাবৰ ইচ্ছা হৈছে নেকি; কাষৰ মানুহঘৰৰ পৰা পানী অনাৰ কথাও ক’লে। খাটিলাৰ সৌন্দৰ্যত অফিচাৰজন মুগ্ধ হৈ চাহ খাবলৈ বহিলহেঁতেন; পিছে তেওঁ জেচিঅ’জনে বিনীত কিন্তু দৃঢ়ভাবে সোঁৱৰাই দিলে, “স্যৰ, অব বহত ঘৰ কা তালাশি বাকী হেঁয়। হ’মে চলনা হেঁয়।”
অফিচাৰ কিছু বিৰক্ত হৈছিল যদিও ক’লে, ”ঠিক্ হেঁয়, চলো।” অনিচ্ছা সত্ত্বেও তেওঁ তালাচী দলটোক ঘৰৰ পৰা আঁতৰাই লৈ গ’ল। গোটেই তালাচী দলটোৱে গাঁওখন এৰি যোৱাৰ পিছতহে খাটিলাই জিৰণি ল’ব পাৰিছিল আৰু নিজৰ গিৰিয়েকৰ কুদৰ্শন চেহেৰাটোৰ ওচৰত, সেই বিশেষ ৰাতিপুৱাটোত তাই অধিক কৃতজ্ঞ হৈ পৰিছিল যিটোৱে কেৱল তাইকে নহয়, সম্পূৰ্ণ গাঁওখনক বচালে। সেইদিনা ৰাতিপুৱা যদি পুনাবাক হত্যা কৰা হ’লহেঁতেন বা বন্দী কৰা হ’লহেঁতেন তেন্তে এজন কুখ্যাত বিদ্ৰোহীক আশ্ৰয় দিয়া আৰু গাঁওখনত তেওঁৰ উপস্থিতিৰ কথা চৰকাৰী বাহিনীক অৱগত নকৰাৰ বাবে সমগ্ৰ গাঁওখনে শাস্তি পালেহেঁতেন। আন গাঁৱৰ দৰেই তেওঁলোকৰ ভঁৰালবোৰতো জুই লগাই ঘৰবোৰ ভাঙি পেলোৱা আৰু মানুহক ‘গ্ৰুপিং’ এলেকালৈ লৈ যোৱা হ’লহেঁতেন। কিন্তু খাটিলাৰ ছলনা আৰু সাহসৰ বাবেই সমগ্ৰ গাঁওখন এনে দুভাৰ্গ্যৰ পৰা ৰক্ষা পৰিল।
ইফালে বিদ্ৰোহী আৰু আত্মগোপনকাৰী বাহিনীৰ মাজত সংগ্ৰাম চলি থাকিল। পুনাবাৰ সময়ে সময়ে পত্নীক চাবলৈ যোৱাবোৰো তেনেদৰেই চলি আছিল। তেওঁলোকৰ নিজৰ গাঁৱৰ কোনোবাই চৰকাৰী কৰ্তৃপক্ষক অৱগত কৰিছিল নে তথ্য আন কোনোবাই যোগান ধৰিছিল সেয়া কোনোদিন আৱিষ্কাৰ নহ’ল। সেইদিনাখনৰ পুনাবা আৰু তেওঁৰ দলৰ পলায়নৰ কথা অৱশ্যে আণ্ডাৰগ্ৰাউণ্ডৰ বছসকলে বেলেগ বেলেগ ধৰণেৰে বুজাইছিল যদিও ইয়াৰ কৃতিত্ব পুনাবাৰ চতুৰ পৰিকল্পনাৰ বাবেই দিয়া হৈছিল। সি আৰু প্ৰায় তিনি বছৰ এই সংগঠনত সেৱা আগবঢ়াই থাকিল আৰু সেই বিশেষ পলায়নৰ কথা আৰু পৰৱৰ্তী আন কেইবাটাও কাৰ্যকলাপৰ বাবে তাক আত্মগোপনকাৰী সেনাবাহিনীত মেজৰ পদবীলৈ পদোন্নতি দিয়া হয়। যেতিয়া সাধাৰণ যুদ্ধবিৰতি ঘোষণা কৰা হ’ল, তেতিয়া খাটিলাই পুনাবাক আত্মসমৰ্পণ কৰি আহি তাইৰ লগত থাকিবলৈ বুজাই ক’লে। তাই তাক ক’লে যে তাৰ অবিহনে তাইৰ জীৱনটো বৰ অকলশৰীয়া হৈ পৰিছে। সেই সময়ছোৱাত যেতিয়া চৰকাৰে আত্মগোপনকাৰী সেনাৰ ‘আত্মসমৰ্পণ কৰা’ কেডাৰসকলক পুনৰ সংস্থাপন কৰিবলৈ চেষ্টা কৰিছিল, যদিও তাৰ হাতত নিয়মীয়া প্ৰমাণ পত্ৰ নাছিল, তথাপি পুনাবাক ৰাজ্যিক পৰিবহণ বিভাগত মেকানিক হিচাপে চাকৰি দিয়া হৈছিল আৰু মোককচাঙত নিযুক্তি দিয়া হৈছিল।
বহু বছৰ পিছত সেইদিনা ৰাতিপুৱা প্ৰকৃততে কি হৈছিল তাৰ আচল কাহিনীটো কোৱা হৈছিল, প্ৰথমতে মাত্ৰ কেইজনমান ঘনিষ্ঠ বন্ধুকহে কোৱা হৈছিল। কিন্তু লাহে লাহে জংঘলৰ মেজৰ পুনাবাৰ এই ‘স্বীকাৰোক্তি’ সোনকালেই প্ৰিয় বিষয় হৈ পৰিল, বিশেষকৈ যেতিয়াই বন্ধুসকলে সন্ধিয়া পানীয় এটুপি ধৰিবলৈ আহিছিল। প্ৰতিবাৰেই কাহিনীটো কোৱাৰ সময়ত পুনাবাই পত্নীৰ ফালে চাই ধেমালি কৰিছিল, ‘তোমাৰ জংঘলৰ মেজৰ ইমান কুৎসিত হোৱাত তুমি আনন্দিত হোৱা নাইনে? ’ আৰু সমানেই চঞ্চলতাৰে তাই উত্তৰ দিছিল, ‘তেন্তে, মই যে তোমাক পানী আনিবলৈ পঠালো, ক’ত সেই পানী? ’