গান্ধী পুতলাৰ প্ৰসংগৰে
লেখক- জ্যোতি পি চি শইকীয়া
চকু দুযোৰ খুলি থ’লো
মই এতিয়া মুক্ত ।
নেদেখিলে নিচিন্তোঁ
এনেতো হ’ব নোৱাৰে
সেয়েহে এন্ধাৰতো সপোন সজোৱাৰ
অহৰহ বৃথা চেষ্টা ।
মন মগজু খুলি থ’ব পৰা হ’লে…।
অৱশ্যে খুলি থৈ
কিছু বিবেকহীন হৈ
অন্ধ হোৱাত
কাৰ কি আহে যায় বুলি ভবাটো
নতুন পুৰুষৰ উৰণীয়া সেঁতুৰ গৰ্ব।
তলৰ পদপথৰ ক্লেদাক্ততা
ধূলি, ধোঁৱা শব্দৰ আৱৰ্জনা ৰহিত
ফোঁ-ফোৱাই অতিক্ৰম কৰিব পৰা।
সঁচাকৈয়ে
চকু দুযোৰ খুলি থোৱাই ভাল
দুহাতেৰে মুখ ঢাকি
পাৰিলে কপাহ অকণেৰে দুয়ো কাণত
ঠিলা মৰাটো অতি উত্তম।
ঠিক যেন মূৰ নাই
মূৰৰ বিষো নাই…,।
——————–
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments