গুজৰাটৰ ষ্টেচ্যু অফ ইউনিটি আৰু সুশীলা ৰঞ্জিতৰ কুশলী হাতখন
লেখক- মধুমিতা বৰুৱা শইকীয়া
পূৰামাত্ৰা বিশ্বাস কৰোঁ, ভ্ৰমণ হেঁপাহতকৈও বেছি আচলতে ভোক। নেদেখা চহৰ-নগৰ, প্ৰকৃতিৰ ৰম্যভূমি চাই আপোন পাহৰা হোৱা অন্তহীন তাড়না আৰু যাযাবৰী উন্মাদনা।
নগৰীয়া কোলাহল ভাল লাগে। তাতোকৈ ভাল লাগে বিশাল প্ৰান্তৰ।
আমি মানুহহাল এনেকুৱা।
চাহ কফিতকৈ বতাহ খাই ভালপোৱা যাযাবৰী আত্মা।
জীৱনটোক বৈচিত্ৰ্য আৰু মনটোৰ যতন ধৰিবলৈ ভ্ৰমণতকৈ বেলেগ বিকল্প পোৱা নাই।
যোৱা মাৰ্চৰ ছয় তাৰিখে গুজৰাটৰ পৰা আহিলোগৈ। উল্লেখ্ কৰিবপৰাকৈ গুজৰাটৰ দাঁতি-কাষৰীয়া ঠাই কেইখনমানলৈহে যোৱা হ’ল। আচলতে মহানগৰৰ আৱহাৱা ভাল লাগিলেও মহানগৰৰ প্ৰাত্যহিক কৰ্ষণবোৰৰপৰা ফালৰি কাটি নিৰিবিলি নিৰ্জনতাতহে যেন জীপাল হৈ উঠে আমাৰ আত্মাৰ আলোড়ন। আমাৰ বয়সেও যেন অৱসৰ লগতে নিৰ্জঞ্জাল পৰিৱেশহে বিচাৰি ফুৰে আজিকালি।
নাৰী দিৱসৰ প্ৰাক্ক্ষণত গুজৰাটৰ বৰোদাৰ পৰা তিনি ঘণ্টাৰ বাটৰ দূৰত্বত থকা নেটৰাঙ বোলা ঠাইখনলৈহে আমাৰ যাত্ৰা আৰম্ভ হৈছিল যদিও অভিজ্ঞ ড্ৰাইভাৰ জনে ক’লে যে নেটৰাঙত আপোনালোকে অৱসৰ বিনোদনৰ পৰিবেশ পাব যদিও বাটত সোমাই যাব পৰাকৈ আপোনালোকে পাব ষ্টেচ্যু অৱ ইউনিটি।
ষ্টেচ্যু অৱ ইউনিটি! বিশ্বমান দাবী কৰিব পৰাকৈ গুজৰাটৰ কেৱদিয়া কলনীত স্থাপন কৰা লৌহ পুৰুষ বল্লভভাই পেটেলৰ এক অনন্য সুন্দৰ স্মৃতিসৌধ।
অখণ্ড ভাৰতৰ সপোন দেখা লৌহ পুৰুষজনাৰ মূৰ্তিটোৰ কথা জানো যদিও অৱশ্যে ভবা নাছিলোঁ যে কোনোবা সুদূৰ গুজৰাটৰ কেৱদিয়া কলনীত সেই মহান পুৰুষৰ মূৰ্তিটো দৰ্শন কৰিব পাৰিম।
হয়তো সৌভাগ্যতকৈও বেছি আছিল এয়া এক অপ্ৰত্যাশিত সংযোগ।
হাততে সৰগ ঢুকি পোৱা যেন লাগিল। ভ্ৰমণ সূচীত আগতেই নিৰ্দ্ধাৰণ কৰি থোৱা যাবলগীয়া ঠাই কেইখনৰ আওতাত এই ঠাইখন নাছিল। অথচ এখন চাবলগীয়াকৈ সুন্দৰ আছিল ষ্টেচ্যু অৱ ইউনিটিৰ সেই বিয়াগোম অঞ্চলটি। কিয় জানো গুজৰাটৰ এই গৌৰৱ থলীখনৰ কথা আমাৰ মনলৈ অহা নাছিল। প্ৰায় আধাবেলা আমি ষ্টেচ্যু অৱ ইউনিটিত কটাইছিলো যদিও জীৱনযুৰি মনত ৰৈ যাব পৰাকৈ ৰঙীন হৈ উঠিছিল শেষ ফাগুন আৰু পঞ্চৰূপা প্ৰকৃতিয়ে ভৰাই ৰখা ষ্টেচ্যু অৱ ইউনিটিৰ সুবিশাল চৌপাশে।
লৌহ পুৰুষ পেটেল ডাঙৰীয়া ভাৰতৰ অন্যতম সাহস আৰু শক্তিশালী ব্যক্তিত্ব। আমাৰ গৌৰৱ উজ্জ্বল ভাৰতৰ এক দিগদৰ্শক নক্ষত্ৰ। ভাৰতৰ বৰ্তমান প্ৰেক্ষাপটত বল্লভভাই পেটেল আজিও অতি প্ৰাসংগিক।
তেখেতৰ ভাৱমূৰ্তি আজিও প্ৰতিজন দেশবাসীৰ মনত আছুতীয়াকৈ বহি আছে।
অতি আনন্দ আৰু গৌৰৱৰ কথা যে আজি নৰ্মদা নদীৰ পাৰত দেশৰ মহান নেতাজনৰ অক্ষয় অবিনাশী অস্তিত্ব জিলিকি আছে।
দেশৰ উজ্জ্বল নেতাজনৰ গুৰু গম্ভীৰ মূৰ্তিটোৱে নিশ্চিতভাৱে ঐতিহ্যময় ভাৰতৰ সাহসৰ স্বাক্ষৰ বহন কৰি উপবিষ্ট হৈ আছে। এয়া আচলতে দুৰ্জয় পুৰুষ জনৰ ওচৰত ভাৰতবাসীয়ে নিবেদন কৰা একাঁজলি শ্ৰদ্ধাঞ্জলি।
ঐতিহ্য সামৰি সুন্দৰকৈ সজাই তোলা মূৰ্তিটো দৰ্শনৰ অমৃত ক্ষণত বিগলিত হৈ পৰিছিল বুকু।
গুজৰাটৰ কেৱদিয়া কলনীত থকা(Kevadia colony)লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তিটো নৰ্মদা নদীৰ চৰ্দাৰ সৰোবৰ বান্ধৰ ফাললৈ মুখ কৰি উপবিষ্ট হৈ আছে। আমাৰ সময় বন্ধা আছিল বাবে সকলোবোৰ চাবলৈ নহ’ল। আকাশলম্বী মূৰ্তিটোৰ তলত থকা বিয়াগোম প্ৰাংগণত প্ৰদৰ্শনী কক্ষ আৰু মিউজিয়াম আৰু ৱাল মিউজিয়াম আছে। আমি দূৰৰ পৰা ভুমুকি মাৰি চাইছিলোহে মাথোঁ। কেতিয়াবা পুনৰ গৈ মনৰ হেঁপাহ পূৰাব পাৰিম বুলি আলচি থৈছোঁ মনতে। তাতেই মানুহৰ সমাগম বেছি আছিল। ঈশ্বৰে কৰক সেই সুন্দৰ ঠাইখিনি চেলফী পইণ্টলৈ পৰ্যবসিত হৈ নপৰে। কাৰণ কিছুমান ঠাইৰ গুৰু গম্ভীৰ পৰিৱেশে ঠাইখনৰ মৰ্য্যদা অক্ষত ৰাখে।
তদুপৰি ইয়াত লাইট এণ্ড ছাউণ্ড শ্ব’ দেখুওৱা হয়।
আটাইতকৈ মনোগ্ৰাহী বিনোদন হৈছে ট্যুৰ অৱ ফ্লাৱাৰ ভেলী। একেটা ট্যুৰতে চৰ্দাৰ সৰোবৰৰ বান্ধও দেখুৱাবলৈ নিয়া হয়।
নাৱেৰে পৰিভ্ৰমণ, shoolpaneshar Sanctuaryলৈও পৰ্যটকক নিয়া হয়।
তদুপৰি স্থানীয় মন্দিৰ, ইক’টুৰিজিম পাৰ্ক আদিও আছে। সকলোবোৰ সুপৰিকল্পিত ভাৱে ৰখা হৈছে।
আমি অৱশ্যে কেৱল পাহাৰৰ গাত লাগি থকা ফুলৰ উপত্যকাকে দৰ্শন কৰিছিলোঁ। চৰাই চোৱাৰ ব্যৱস্থা আদিও আছিল। সৰু টাউনশ্বিপ হিচাপে গঢ় লৈ উঠা ঠাইখনত বজাৰ-সমাৰ কৰাৰো সুবিধা আছে।
ফুলৰ উপত্যকা চাবলৈ যাওঁতে বিহংগম দৃষ্টিৰে চালে চকুত পৰে এক বিস্তৃত তথা নান্দনিক চৌপাশৰ দৃষ্টিনন্দন পৰিৱেশ। পাহাৰৰ ঘেৰ আৰু চৰ্দাৰ সৰোবৰৰ গুৰু গম্ভীৰ আকৰ্ষণে আমাৰ দৃষ্টি কাঢ়িছিল। তাতে বতৰো আছিল ফাগুন ৰঙীণ।
ডাঙৰ ডাঙৰ একোটা এলেকা গুলপীয়া, ৰঙা, হালধীয়া বগেনভেলিয়াৰে সজাই থোৱা দেখি অনুভৱ কৰিছিলো ফাগুনৰ এই আবেলিটো আমাৰ জীৱনপঞ্জীৰ কোনোবা এটা পাতত ৰৈ যাব। ফট্ফটীয়া পানীৰ চৰ্দাৰ সৰোবৰ, পাহাৰৰ ঘেৰত বগেনভেলিয়াৰ পেখম আৰু বেলি বহা পানীত চৰ্দাৰ সৰোবৰৰ বান্ধৰ কল্লোলিত চৌপাশে পৰ্যটক মোহিত নোহোৱাকৈ নেৰে। হেঁপাহ পলুৱাই ফটো উঠিছিলোঁ।
উল্লেখ্য যে সমূহ অঞ্চলত নিৰাপত্তা অতি কটকটীয়া। ৰাস্তা ঘাট প্ৰশস্ত আৰু কেউকাষে গঢ়ি উঠা অতি সুন্দৰ পৰ্যটন অঞ্চল। আমি যাওতে পৰ্যটকৰ ভিৰ দেখিছিলোঁ। সকলো ব্যৱস্থাপনা অতি নিয়াৰিকৈ পালন কৰা হয়। এক কথাত এক বিশ্ব মানদণ্ডৰ গৌৰৱ আদায় কৰিব পৰাকৈ পৰ্যটন ক্ষেত্ৰখন কৰ্তৃপক্ষই নিয়াৰিকৈ ৰাখিছে।
এতিয়া সুনীতা ৰঞ্জিতৰ প্ৰসংগলৈ। কেন্দ্ৰটোত নাৰী দিৱস প্ৰাক্ক্ষণত সুনীতাই যেন আমাৰ চকুৰ আগত দেখা দিছিল এগৰাকী অতি সাধাৰণ অথচ লৌহ নাৰী হৈ। অকল সুনীতাই নহয়, লৌহ পুৰুষৰজনৰ অস্তিত্বৰে গৌৰৱমণ্ডিত ক্ষেত্ৰখনত বল্লভভাই পেটেলৰ নামটিৰ সাৰ্থকতা ৰখাকৈ বহুতো সৰু ডাঙৰ মহিলা বেটাৰী ৰিক্সাৰ চালকে দেখুৱাই দিছিল নাৰী এতিয়া শ্লোগানৰ চিঞৰৰে নহয় আপোন কৰ্মৰে উজ্জীৱিত সত্ত্বা। নাৰীয়ে চৰুৰ লগতে বাহনো চলাব পৰে অতি সুদক্ষতাৰে। ওৰণি লৈও দৃষ্টি ৰাখিব পাৰে শতিকাৰ পৃথিৱীত। নাৰী দিৱসৰ প্ৰাকক্ষণত সুনীতাহতে যেন প্ৰতিনিধিত্ব কৰিছিল প্ৰকৃত নাৰী দিৱসৰ প্ৰাসংগিকতাক।
আমি লগ পোৱা সুনীতা ৰঞ্জিত হৈছে এগৰাকী অতি কম বয়সীয়া বিবাহিতা স্থানীয় মহিলা। ষ্টেটু অফ ইউনিটিত এতিয়া তেওঁ নিয়মীয়াকৈ বেটাৰী ৰিক্সা চলায়।
প্ৰশ্ন উঠিব পাৰে বেটাৰী ৰিক্সা সকলোৱে চলাব পাৰে। তাতেনো কি বিশেষত্ব!
আছে বিশেষত্ব। কাৰণ এগৰাকী কোমলাংগী নাৰী সুনীতাৰ আত্মনিৰ্ভৰ কৰ্মপটুতা দেখি সঁচাকৈয়ে বৰ মুগ্ধ হৈ পৰিছিলোঁ আমি।
যদিও কেন্দ্ৰটিৰ সুবিধাজনক বাছে নিয়মীয়াকৈ পৰ্যটকক লৈ যায়, কিন্তু নিৰ্ধাৰিত সময়সূচীৰ বাবে বাছৰ সুবিধা সকলোৱে ল’ব নোৱাৰে। তাৰেই বিকল্প ব্যৱস্থা মতে আছে এই বেটাৰী ৰিক্সাৰ সুবিধা। দেখিছিলো ৰঙ বিৰঙৰ ৰিক্সাবোৰ সুদক্ষ হাতৰে মহিলা চালকবোৰে কেনেকৈ পৰ্যটকবোৰক চৌদিশে ঘূৰাই ফুৰাইছিল দেখিলে আচৰিত লাগে।
আমি পাওঁতেই প্ৰায় ঘড়ীয়ে তিনিটাৰ ওচৰ চাপিছিল। হাতত সময় কম। গন্তব্যস্থললৈ আৰু কমেও ডেৰশ কিলোমিটাৰ দূৰত্ব আছে। ইফালে বাছত যাবলৈ অপেক্ষা কৰিলে প্ৰায় দুঘণ্টা ৰ’ব লাগিব। তেতিয়াই শৰণাপন্ন হ’ব লগা হ’ল সুনীতাৰ। তাইৰ ফুলকটা ৰিক্সাখনৰ পাছফালে ড্ৰাইভাৰকে ধৰি তিনিও উঠি দিলোঁ। ঠিক হল পেটেলজীৰ মূৰ্তি দৰ্শন কৰাই বিশাল ঠাইখিনিত গঢ়ি উঠা সৰু-সুৰা আনন্দমেলাৰ দৰে নিতৌ উখলমাখল হৈ থকা ঠাইখিনি দেখুৱাই আমাক পাহাৰৰ কাষে কাষে সৰোবৰ লেকৰ দৃশ্যৰাজি দেখোৱাব। দেখুৱাব আগতে উল্লেখ কৰি অহা ফুলৰ উপত্যকাখন।
কথামতে কাম। আমাক নি সুনীতাই চৰ্দাৰজীৰ বিশালকাৰ মূৰ্তিৰ চাক্ষুস দৰ্শন কৰালে। আমাক ক’লে যে ইয়াত ফটো উঠক আৰু নাৰিকলৰ পানী আদি খাই বৈ লওক। তাৰপাছত আমি ওপৰৰ পাহাৰৰ দিশে যাম। সুনীতাই নিদিষ্ট স্থানত ৰিক্সা ৰখাই শাৰীৰ আচল খুলি পেকেটৰ চাধা উলিয়াই ল’লে। মোৰ চকুৱে চকুৱে পৰাত অলপ লাজ কৰিলে। কিয় জানো মৰম লাগি গল তাইলৈ।
পৃথিৱীৰ ভিতৰতে ওখ মূৰ্তিৰ সুবাদ বোটলা বল্লভভাই পেটেলৰ অভিনৱ মূৰ্তিটো গুৰু গম্ভীৰ ৰূপৰে জিলিকি আছিল। ফাগুনৰ উজ্জ্বল ৰদালীত সৰোবৰৰ পানীভাগ জিলমিল হৈ উঠিছিল। চাফা। ফটফটীয়া।
ফটো নুঠিম নে?
নাৰিকলৰ পানীত সোহা মৰাৰে ধৰি ৰেলিংত ভৰ দি সৰোবৰৰ সিপাৰলৈকে ফটোৰ ফাগুন নামিল।
তাৰ পিছতেই সুনীতাই ৰিক্সা ষ্টাৰ্ট দিলে। মোৰ বুকু কঁপিবলৈ ধৰিলে ওখ পাহাৰৰ ওপৰলৈ সাধাৰণ বেটাৰী ৰিক্সাখন ক্ষীণাংগী সুনীতাই চম্ভালি নিব পাৰিবনে আমাৰ তিনিজনক। অথচ শিহৰিত আৰু গৌৰৱান্বিত হৈছিলো সুনীতাৰ সমৰ্থতা আৰু সাহস লগতে থকা আত্মবিশ্বাসৰ বাবে। নাৰী দিৱসৰ প্ৰাকক্ষণত নিজকে সুধিছিলো আমি আমাৰ আত্মবিশ্বাস আৰু সাহসক সোপান কৰাতকৈ শ্লোগান সৰ্বস্ব নাৰী দিৱসৰ বেছিকৈ পোষকতা কৰো নেকি? সুনীতাই যেন আগতীয়াকৈ নাৰী দিৱস সম্ভাষণ দিলে আমাক। মোৰ ভয় আৰু আশংকাক নসাৎ কৰি কুশলীহাতৰ পাকেৰে পাহাৰ কন্দৰ সামৰি দেখুৱালে এক অনন্য সৌন্দৰ্যমণ্ডিত চৰ্দাৰ সৰোবৰৰ পাৰ। ফাগুনৰ আবেলি পৰত চৰ্দাৰ সৰোবৰৰ পৰিকল্পনা দেখিয়েই গমপাইছিলো এটা ৰাজহুৱা তথা সন্মানীয় প্ৰকল্পৰ বাবে কৰ্তৃপক্ষৰ কিমানখিনি সমৰ্পিত চেষ্টা থাকিব লাগিব। ফুলৰ উপত্যকাৰ সিপাৰে নীলা আকাশৰ তলত বগেনভেলিয়াৰ হালিজালি, সৰোবৰৰ ফটফটীয়া পানী আৰু আমাৰ আবেলিৰ চফৰৰ মনোৰঞ্জনে পুলকিত কৰিছিল। মনে মনে ভাবিছিলোঁ আৰম্ভণি ইমান মনোমোহা হৈছে যেতিয়া ভ্ৰমণ আমাৰ সাৰ্থক হ’ব ই।
সন্ধিয়া পলমকৈ হয় বাবে ছটালৈকে প্ৰমোদ বিহাৰ কৰি বাকীছোৱা বাট যাবলৈ সাজু হ’লোঁ। বিদায় দিবলৈ হ’ল সুনীতাক। সুনীতাই প্ৰাপ্য মাননীৰ ওপৰঞ্চি নলয়। অথচ আমাৰ মৰম উথলি উঠিছিল সুনীতাৰ বাবে। অৱশেষত এওঁ ক’লে ভাইয়া ভাবীৰ মৰম নোলোৱা তেনে। লগে লগে মান্তি হ’ল তাই। আনকি পুনৰ আহিলে সুনীতাৰ ঘৰতে আমাক ৰাখিব বুলি ক’লে। কেনেকৈ যে অচিন চিনাকি নাৰীগৰাকী আপোন হৈ পৰিল আমাৰ।
স্বামীৰ নামৰে উপাধি ৰাখি সুনীতা ৰঞ্জিতে(সুনীতাৰ স্বামীৰ নাম ৰঞ্জিত) পৰম্পৰাগত নিয়ম ৰাখি পত্নী ধৰ্ম পালন কৰিছে যদিও বিসৰ্জন দিয়া নাই নিজৰ অস্তিত্ব। তাই ৰোজগাৰ কৰি সন্তান ডাঙৰ কৰাত পতিক সহায় কৰিছে। নিজৰ স্বাধীনসত্ত্বাক কৰ্মৰে দেখুৱাই দিছে। সুনীতাই চৰুও ধৰে, বেটাৰী ৰিক্সাৰে পাহাৰ কন্দৰতো নিজৰ পাৰদৰ্শিতাৰ প্ৰমাণ দিয়ে পৰ্যটকক নিৰাপদে ঘূৰাই ফুৰাই। অকল সুনীতাই নহয়, সুনীতাৰ দৰে অন্য বহু নাৰীয়ে তাত এনেকৈয়ে নিজৰ সাহস আৰু পাৰদৰ্শিতাৰে নিজৰ কৰ্মজীৱন চলাই আছে। কম ভাল লগা তথা আশাপ্ৰদ কৰ্মযোগনে এয়া!
ষ্টেটু অফ ইউনিটি ক্ষেত্ৰত এই কথাটোৱে আমাক অতিশয় সুখী কৰিলে।
লগতে বিশ্বমানৰ পৰ্যটন প্ৰকল্পৰাজি আৰু তাত বিৰাজ কৰা নিৰাপত্তাপূৰ্ণ আনন্দোচ্ছল পৰিবেশে বৰ্ণিল কৰি তুলিলে এটা বেলাৰ ৰ’দঘাই ৰঙীন ফাগুন।