গ্লাইচেমিক ইনডেস্ক (Glycemic index) আৰু মধুমেহ ৰোগত ইয়াৰ গুৰুত্ব

লেখক- --- ড° চিমি বৰা

আমি খোৱা আহাৰত থকা উপাদানসমূহ হৈছে:- শৰ্কৰা বা কাৰ্বʼহাইড্ৰেট, প্ৰʼটিন (Protein), লিপিড (Lipid), ভিটামিন (Vitamins), মিনাৰেল (Minerals), আঁহজাতীয় (Fibres) আৰু পানী। সুষম আহাৰ এবিধত এই আটাইকেইটা উপাদান প্ৰয়োজনীয় মাত্ৰাত থাকে।

আমি খোৱা যিকোনো এবিধ আহাৰত এই উপাদানসমূহ বেলেগ বেলেগ পৰিমাণে থাকে। শৰীৰত এই উপাদানসমূহ কিমান পৰিমাণে লাগিব, সেয়া নিৰ্ভৰ কৰে বয়স আৰু শাৰীৰিক অৱস্থাৰ ওপৰত। উদাহৰণস্বৰূপে, গৰ্ভাৱস্থাত বা শিশু অৱস্থাত কিছুমান পুষ্টিকৰ উপাদান শৰীৰত বেছি পৰিমাণে প্ৰয়োজন হয়।

শৰ্কৰা বা কাৰ্বʼহাইড্ৰেট (Carbohydrates):- খাদ্যৰ এই উপাদানবোৰৰ ভিতৰত শৰ্কৰা হৈছে শৰীৰৰ বাবে আৱশ্যকীয় শক্তিৰ‌ মুখ্য উৎস। মগজুৰ কোষবোৰ আৰু তেজৰ লোহিত ৰক্ত কণিকা শক্তিৰ বাবে প্ৰায় সম্পূৰ্ণৰূপে শৰ্কৰাৰ ওপৰত নিৰ্ভৰশীল। শৰ্কৰা গ্লাইকʼজেন আৰু ষ্টাৰ্চ ৰূপে শৰীৰত জমা হৈ থাকে। আহাৰৰ অতিৰিক্ত শৰ্কৰা অংশ শৰীৰে চৰ্বি বা ফেটলৈ ৰূপান্তৰিত কৰি জমা কৰে।

কাৰ্বʼহাইড্ৰেট জাতীয় খাদ্যসমূহক দুটা ভাগত ভগোৱা হৈছে:-

(ক) Simple carbohydrates: গ্লুকʼজ, চেনি, ফলৰ ৰস।

(খ) Complex carbohydrates: ষ্টাৰ্চ, গোটা শস্য- চাউল, অʼটচ, শাক-পাচলি।

শৰ্কৰা বা কাৰ্বʼহাইড্ৰেটৰ পাচন আৰু শোষণ:- আমি খোৱা খাদ্যসমূহ খাদ্যনলীৰ ভিতৰত বিভিন্ন এনযাইমৰ ক্ৰিয়াৰ ফলত ভাঙি সৰু সৰু টুকুৰালৈ পৰিণত হয়, যাতে খাদ্যনলীৰ বেৰেদি সৰকি তেজলৈ সহজে শোষণ হʼব পাৰে। খোৱা খাদ্যৰ শৰ্কৰা অংশ ভাঙি মূলতঃ গ্লুকʼজলৈ পৰিণত হয়। এই গ্লুকʼজ খাদ্যনলীৰপৰা গৈ তেজত প্ৰৱেশ কৰে আৰু তেজৰ মাধ্যমেৰে শৰীৰৰ সকলো অংশৰ বিভিন্ন কোষলৈ বিয়পি পৰে। কোষৰ ভিতৰত গ্লুকʼজ ভাঙি শক্তি উৎপন্ন হয়। শৰীৰৰ অত্যাৱশ্যকীয় অংগ-মগজু, পেশী, স্নায়ু এই সকলো শক্তিৰ বাবে ঘাইকৈ গ্লুকʼজৰ ওপৰত নিৰ্ভৰশীল।

শৰীৰে খাদ্যত থকা অতিৰিক্ত গ্লুকʼজখিনি গ্লাইকʼজেন নামৰ যৌগলৈ পৰিবৰ্তন ঘটাই যকৃত আৰু পেশীত সঞ্চিত কৰি ৰাখে। যদি খাদ্য খোৱাৰ মাজৰ সময়খিনিত বা শাৰীৰিক পৰিশ্ৰমৰ সময়ত তেজত গ্লুকʼজৰ মাত্ৰা কমি যায়, তেন্তে এই সঞ্চিত গ্লাইকʼজেন ভাঙি গ্লুকʼজলৈ ৰূপান্তৰিত হৈ তেজত গ্লুকʼজৰ মাত্ৰা বঢ়ায় আৰু শৰীৰক শক্তিৰ যোগান ধৰে।

মধুমেহ ৰোগৰ নিয়ন্ত্ৰণত শৰ্কৰাৰ গ্লাইচেমিক ইনডেস্ক:-

মধুমেহ ৰোগৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত খোৱা খাদ্যৰ সংযম আৰু শাৰীৰিক পৰিশ্ৰমৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। এই ক্ষেত্ৰত মূল লক্ষ্য হʼল- (ক) তেজত চেনিৰ মাত্ৰা দিনটোত যিমান বেছি পৰিমাণে স্বাভাৱিক মানত (Normal value) ৰাখিব পাৰি, সিমান বেছি পৰিমাণে নিয়ন্ত্ৰণত ৰাখা; 

(খ) যিমান বেছি ঘণ্টাৰ বাবে নিয়ন্ত্ৰণত ৰাখিব পাৰি, সিমান বেছি সময়ৰ বাবে স্বাভাৱিক অৱস্থাত ৰাখা। যদি প্ৰতিবাৰ খাদ্য খোৱাৰ পাছত তেজত চেনিৰ পৰিমাণ বাঢ়ে, তেন্তে গোটেই দিনটোত তেজত গ্লুকʼজৰ মাত্ৰা বাঢ়িয়েই থাকিব। সেয়ে খাদ্য খোৱাৰ পাছত অধিক মাত্ৰাত বাঢ়ি যোৱা গ্লুকʼজৰ পৰিমাণ-পʼষ্টপ্ৰেণ্ডিয়েল হাইপাৰগ্লাইছেমিয়া (Postprandial hyperglycemia) নিয়ন্ত্ৰণ কৰাটো আৱশ্যক যাতে তেজত গ্লুকʼজৰ পৰিমাণ স্বাভাৱিক ((Normal) অৱস্থাত থাকে:-

(i) কম গ্লাইচেমিক ইনডেস্ক যুক্ত খাদ্য খোৱা উচিত, যাতে তেজত চেনিৰ পৰিমাণ একেবাৰে নিম্ন পৰিমাণেহে বাঢ়ে।

(ii) দিনটোৰ বাবে প্ৰয়োজনীয় গোটেই কেলৰিখিনি সৰু সৰু ভাগত বিভক্ত কৰি লোৱা উচিত, যাতে কম পৰিমাণৰ খাদ্য ঘনাই ঘনাই খাব পৰা যায়।

গ্লাইচেমিক ইনডেস্ক (Glycemic index):- গ্লাইচেমিক ইনডেস্ক হৈছে এনে এবিধ মাপকাঠি, যিয়ে নিৰ্দিষ্ট খাদ্য এবিধ খোৱাৰ ফলত তেজত চেনিৰ মাত্ৰা কেনেধৰণৰ হʼব‌ সেয়া আমাক আগতীয়াকৈ নিৰ্দেশনা দি সহায় কৰে। ই মধুমেহ ৰোগী এজনৰ তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণত সহায় কৰে।

* আমি শৰ্কৰা (কাৰ্বʼহাইড্ৰেট) জাতীয় খাদ্য খোৱাৰ পাছত পাচন হৈ ই তেজত চেনিৰ মাত্ৰা বঢ়াই তোলে। কিমান সোনকালে বা দেৰিকৈ, কিমান বেছি বা কম পৰিমাণে তেজত চেনিৰ মাত্ৰা বঢ়াব পাৰে, তাৰ‌ ওপৰত ভিত্তি কৰি শৰ্কৰা জাতীয় খাদ্যৰ গ্লাইচেমিক ইনডেস্ক জুখি উলিওৱা হয়। অৰ্থাৎ শৰ্কৰা জাতীয় খাদ্যবোৰে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰা পৰিমাণটো জোখাৰ এবিধ মাপকাঠি হʼল গ্লাইচেমিক ইনডেস্ক।

এবিধ নিৰ্দিষ্ট খাদ্য খোৱাৰ পাছত গ্লুকʼজ টলাৰেন্স পৰীক্ষাৰ (Glucose tolerance test) দ্বাৰা গ্লাইচেমিক প্ৰতিক্ৰিয়া (Glycemic response) জুখি উলিওৱা হয় আৰু ৰেফাৰেন্স খাদ্য (Reference meal) এবিধৰ লগত তুলনা কৰা হয়। ৫০ গ্ৰাম গ্লুকʼজক তুলনামূলক একক হিচাপে লৈ (Reference value) ৫০ গ্ৰাম গ্লুকʼজ খোৱাৰ পাছত ই যিমান পৰিমাণে তেজত চেনিৰ মাত্ৰা বঢ়াই তোলে; সেই পৰিমাণক অন্য এবিধ খাদ্যৰ‌ ৫০ গ্ৰাম খালে তেজত চেনিৰ পৰিমাণ যিমান বাঢ়িব তাৰ লগত তুলনা কৰি গ্লাইচেমিক ইনডেস্ক উলিওৱা হয়।

* যিবোৰ খাদ্য পাচন‌ প্ৰক্ৰিয়াত অতি সোনকালে ভাঙি হজম হয়; সেইবোৰ খাদ্য খালে অতি সোনকালে তেজত গ্লুকʼজৰ পৰিমাণ বাঢ়ি যায়। গতিকে এনে খাদ্যই তেজত হঠাতে চেনিৰ পৰিমাণ বঢ়াই তোলে, অৰ্থাৎ এনে খাদ্যৰ গ্লাইচেমিক ইনডেস্ক বেছি হয়। উদাহৰণস্বৰূপে, simple carbohydrates: যেনে-গ্লুকʼজ, চেনি।

* আনহাতে, যিবোৰ খাদ্য খোৱাৰ পাছত খাদ্যনলীত লাহে লাহে হজম আৰু শোষণ হয়, তেনে খাদ্য খোৱাৰ পাছত তেজত গ্লুকʼজৰ পৰিমাণ লাহে লাহেহে বাঢ়ে। এনে ধৰণৰ খাদ্যই তেজত হঠাতে চেনিৰ পৰিমাণ নবঢ়ায়; অতি লাহে লাহে বঢ়ায় অৰ্থাৎ এনে খাদ্যৰ গ্লাইচেমিক ইনডেস্ক কম হয়। উদাহৰণস্বৰূপে, Complex carbohydrates: যেনে- ষ্টাৰ্চ।

* যদি শৰ্কৰা খাদ্য এবিধ প্ৰʼটিন, ফেটবা লিপিড আৰু আঁহজাতীয় খাদ্যৰ‌ লগত মিলাই একেলগে খোৱা হয়, তেনে ক্ষেত্ৰত আহাৰ লাহে লাহে হজম হয় আৰু শৰ্কৰাৰ গ্লাইচেমিক ইনডেস্কৰ মাত্ৰা কমি যায়। সেয়ে কেৱল শৰ্কৰা জাতীয় খাদ্য এবিধ খোৱাতকৈ ইয়াক প্ৰʼটিন, লিপিড বা আঁহজাতীয় খাদ্যৰ লগত মিলাই খোৱাটো উপকাৰী।

গ্লাইচেমিক মাপ বা স্কেল: শূন্যৰ পৰা এশলৈকে গ্লাইচেমিক ইনডেস্কৰ মাপ অনুসৰি ইয়াক তিনিটা ভাগত ভগোৱা হৈছে:-

(১) নিম্ন গ্লাইচেমিক ইনডেস্ক (৫৫ বা তাতকৈ কম): এনে খাদ্য খোৱাৰ পাছত তেজত চেনিৰ পৰিমাণ (Postprandial blood sugar level) বাঢ়ি নাযায়। উদাহৰণ-এলমণ্ড, ৱালনাট, কাজু, বাদাম, ৰঙালাউৰ গুটি, বেলিফুলৰ গুটি, দালি- বুটৰ দালি, মগু দালি, মাটিমাহ, মচুৰ দালি, কাবুলি, মটৰ, উৰহী, ব্ৰকলি, তিয়ঁহ, বিলাহী, নহৰু, পিঁয়াজ, তিতাকেৰেলা, বন্ধাকবি, ফুলকবি, কেপচিকাম, জুকিনি, বেঙেনা, মেঠি, সেউজীয়া শাকসমূহ- পালেং, নেমু, টেটেলি, ঔটৈঙা, মধুৰিয়াম, আপেল, কমলা, নাচপতি, নৰা বগৰী, কল, সৰবিহীন এৱা গাখীৰ, দৈ, অʼটচ, ছয়াবিন, বুট, গাজি মগু, খোৱা কাঠফুলা, বেচন, গুটি শস্য-তিল ইত্যাদি।

(২) মধ্যম গ্লাইচেমিক ইনডেস্ক (৫৬ ৰ পৰা ৬৯ ৰ ভিতৰত): উদাহৰণ-মৌ, চুকুৰাযুক্ত চাউল/brown rice, অমিতা, আনাৰস, ৰঙালাউ, ৰুটি ইত্যাদি।

(৩) উচ্চ গ্লাইচেমিক ইনডেস্ক (৭০ বা তাতকৈ বেছি): চেনি যুক্ত বা পৰিশোধিত কাৰ্বʼহাইড্ৰেট (Refined carbohydrates) জাতীয় খাদ্য তৎক্ষণাৎ হজম হৈ তেজত চেনিৰ পৰিমাণ হঠাতে বঢ়াই তোলে। এনে খাদ্যৰ গ্লাইচেমিক ইনডেস্ক বেছি। এনে খাদ্য খোৱাৰ পাছত তেজত চেনিৰ মাত্ৰাও (Postprandial blood sugar level) বেছি হয়। উদাহৰণ-গ্লুকʼজ, আলু, মিঠাআলু, পাউৰুটি, কৰ্ণফ্লেক্স, চুকুৰা নথকা চাউল/white rice, তৰমুজ, খিচমিচ, কেক, ডʼনাট, পিঠা-লাডু, পপকৰ্ণ ইত্যাদি।

* কাৰ্বʼহাইড্ৰেট নথকা আহাৰক গ্লাইচেমিক ইনডেস্কৰ সংখ্যা দিয়া নহয়। যেনে-কণী, মাছ, মাংস।

* গ্লাইচেমিক ইনডেস্ক আৰু খাদ্য এবিধত থকা কাৰ্বʼহাইড্ৰেটৰ পৰিমাণ দুয়োটা একেই নহয়। দুবিধ আহাৰত সম পৰিমাণৰ কাৰ্বʼহাইড্ৰেট থাকিলেও; দুয়োবিধ আহাৰৰ গ্লাইচেমিক ইনডেস্ক বেলেগ বেলেগ হয়। সেয়ে একে পৰিমাণৰ কাৰ্বʼহাইড্ৰেট থকা দুবিধ আহাৰে তেজত একে পৰিমাণে চেনিৰ মাত্ৰা নবঢ়ায়।

* গ্লাইচেমিক ইনডেস্ক নিৰ্ধাৰণ কৰা কাৰকসমূহ:-

খাদ্য এবিধৰ গ্লাইচেমিক ইনডেস্ক কিমান হʼব সেয়া নিৰ্ধাৰণ কৰা কাৰকসমূহ হৈছে:-

(১) আকাৰ (size): খাদ্য এবিধৰ যৌগৰ আকাৰে গ্লাইচেমিক ইনডেস্কত প্ৰভাৱ পেলায়। গোটা ঘেঁহুৰ গ্লাইচেমিক ইনডেস্ক ময়দাতকৈ কম।

 (২) গঠন বা বিন্যাস (texture): খাদ্য এবিধৰ গঠন বা বিন্যাসেও গ্লাইচেমিক ইনডেস্ক নিৰ্ণয় কৰে। উদাহৰণ: মোটা অʼটচৰ গ্লাইচেমিক ইনডেস্ক গুড়ি অʼটছকৈ কম।

(৩) সান্দ্ৰতা (Viscosity): সান্দ্ৰতা যিমানেই বেছি হয়, gastric emptying time সিমানেই ধীৰ গতিত হয়; ফলত গ্লাইচেমিক ইনডেস্ক কম হয়।

(৪) পক্বতা (Ripeness): পকা ফলৰ গ্লাইচেমিক ইনডেস্ক কেঁচা ফলতকৈ বেছি। পকি যোৱাৰ ফলত কিছুমান প্ৰতিবাধা যুক্ত ষ্টাৰ্চৰ (Resistant starch) পৰিমাণ কমি যায়, ফলত গ্লাইচেমিক ইনডেস্ক বাঢ়ি যায়। উদাহৰণস্বৰূপে, পকা কল বা অমিতাৰ গ্লাইচেমিক ইনডেস্ক কেঁচা কল বা অমিতাতকৈ বেছি।

(৫) লগত খোৱা অন্য খাদ্যৰ প্ৰকৃতিয়ে গ্লাইচেমিক ইনডেস্ক নিৰ্ধাৰণ কৰে। খাদ্যত থকা আঁহজাতীয় উপাদানে গ্লাইচেমিক ইনডেস্ক কম কৰাত সহায় কৰে। সেয়ে কাৰ্বʼহাইড্ৰেটৰ লগতে আঁহজাতীয় উপাদান থকা আহাৰৰ গ্লাইচেমিক ইনডেস্ক কম হয়। এনে‌ খাদ্য ডায়েবেটিচ ৰোগীৰ শৰীৰৰ বাবে উপকাৰী।

(৬) খাদ্যত থকা কিছুমান ৰাসায়নিক উপাদানেও গ্লাইচেমিক ইনডেস্ক নিয়ন্ত্ৰণ কৰে। ভিনেগাৰ, নেমুৰ ৰস, কিছুমান টেঙা ফলে পাকস্থলীৰ পৰা খাদ্য ওলাই যোৱাৰ সময় বঢ়ায় (slows gastric emptying time), ফলত হজম লাহে লাহে হয় আৰু গ্লাইচেমিক ইনডেস্ক কম হয়।

কিছুমান খাদ্য-পাচলি আৰু ফলত; যেনে- পালেঙত থকা ফাইটেট নামৰ পদাৰ্থই হজম দেৰি কৰি গ্লাইচেমিক ইনডেস্ক কম কৰে।

(৭) ৰন্ধন (Cooking): ৰন্ধন প্ৰক্ৰিয়ায়ো খাদ্য এবিধৰ গ্লাইচেমিক ইনডেস্কত প্ৰভাৱ পেলায়। যিমানেই বেছি সময় ৰন্ধা বা সিজোৱা হয়, সিমানেই সোনকালে শৰ্কৰাখিনি হজম হয়; ফলত গ্লাইচেমিক ইনডেস্কো বাঢ়ি যায়। সেয়ে খোৱা খাদ্য প্ৰয়োজনীয় মাত্ৰাতকৈ অধিক সময় ৰান্ধি খালে তেজত চেনিৰ মাত্ৰা সোনকালে বাঢ়ি যায়।

(৮) প্ৰক্ৰিয়াকৰণ (Processing of food): প্ৰক্ৰিয়াকৰণৰ ফলতো গ্লাইচেমিক ইনডেস্ক বাঢ়ি যায়। ফলৰ ৰসৰ গ্লাইচেমিক ইনডেস্ক কেঁচা গোটা ফলতকৈ বেছি।

খাদ্য এবিধ দীৰ্ঘদিনৰ বাবে সঞ্চয় কৰি ৰাখিলেও, গ্লাইচেমিক ইনডেস্ক সলনি হʼব পাৰে।

(৯) একেবিধ শাক-পাচলি বা ফলৰ ঠাই বা প্ৰজাতি লৈয়ো গ্লাইচেমিক ইনডেস্ক ভিন্ন হʼব পাৰে।

গ্লাইচেমিক ভাৰ বা ল’ড: আমি কিমান পৰিমাণৰ কাৰ্বʼহাইড্ৰেটযুক্ত খাদ্য খাওঁ, সেই পৰিমাণে পোনপটীয়াকৈ তেজত চেনিৰ পৰিমাণ নিৰ্ধাৰণ কৰে। কোনো এবিধ খাদ্যৰ‌ গ্লাইচেমিক ইনডেস্ক কম হʼলেও, তেনে খাদ্য যদি বহু বেছি পৰিমাণে খোৱা হয়; তেন্তে তেজত চেনিৰ পৰিমাণ হঠাতে অধিক মাত্ৰাত বাঢ়ি যায়। উদাহৰণস্বৰূপে, এবাৰত ১০০ গ্ৰাম পকা কল খোৱাৰ ফলত তেজত চেনিৰ পৰিমাণ যিমান বাঢ়িব; একেলগে ৩০০ গ্ৰাম পকা কল খালে তেজত চেনিৰ পৰিমাণ তাতকৈ বেছি পৰিমাণে বাঢ়ি যাব।

গ্লাইচেমিক ল’ড ঘাইকৈ দুটা কাৰকৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰ কৰে:-

(১) খাদ্য এবিধৰ গ্লাইচেমিক ইনডেস্ক: গ্লাইচেমিক ইনডেস্ক কম হʼলে গ্লাইচেমিক লʼডো কম হʼব।

(২) খাদ্য বিধৰ খোৱাৰ পৰিমাণ: খাদ্য বিধ যিমান বেছি পৰিমাণে খোৱা হয়, গ্লাইচেমিক লʼডো সিমানেই বেছি হয়।

* গ্লাইচেমিক ইনডেস্ক আৰু গ্লাইচেমিক লʼড একে নহয়। গ্লাইচেমিক ইনডেস্ক খাদ্যৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ নকৰে। আনহাতে, গ্লাইচেমিক লʼড খাদ্যৰ পৰিমাণ আৰু গ্লাইচেমিক ইনডেস্ক দুয়োটাৰ‌ওপৰতে নিৰ্ভৰ কৰে।

* ডায়েবেটিছ ৰোগী এজনে খোৱা আহাৰৰ ধৰণ আৰু পৰিমাণ নিয়ন্ত্ৰণ কৰি যিমানেই গ্লাইচেমিক লʼড কমাই ৰখাবলৈ সক্ষম হʼব, সিমানেই তেখেতৰ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব। খাদ্য নিৰ্বাচনৰ‌ সময়ত সেয়ে গ্লাইচেমিক ইনডেস্ক আৰু গ্লাইচেমিক লʼড দুয়োটাই বিবেচনা কৰা উচিত।

গ্লাইচেমিক ইনডেস্ক নিৰ্ধাৰণে আমাক কিদৰে সহায় কৰে? 

(১) গ্লাইচেমিক ইনডেস্কে আমাক খোৱা খাদ্যৰ ধৰণ নিৰ্বাচনত সহায় কৰে। ডায়েবেটিচ ৰোগী এজনে কেনেধৰণৰ খাদ্য খালে শৰীৰৰ বাবে উপকাৰী পুষ্টিদ্ৰব্যখিনিও পাব, পেটো ভৰিব আৰু তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণতো থাকিব-এয়া নিৰ্ণয় কৰাত সহায় কৰে গ্লাইচেমিক ইনডেস্কে।

* নিম্ন গ্লাইচেমিক ইনডেস্ক যুক্ত, লগতে পুষ্টিকৰ উপাদান থকা খাদ্যক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত।

উদাহৰণস্বৰূপে, সম পৰিমাণৰ অʼটছ কৰ্ণফ্লেক্সতকৈ বেছি উপকাৰী কাৰণ অʼটছৰ‌ গ্লাইচেমিক ইনডেস্ক কৰ্ণফ্লেক্সতকৈ কম। অʼটচ কৰ্ণফ্লেক্সতকৈ লাহে লাহে হজম হয়, সেয়ে অʼটচ খোৱাৰ পাছত তেজত চেনিৰ পৰিমাণ লাহে লাহে বাঢ়ে, গতিকে কৰ্ণফ্লেক্সতকৈ অʼটচ খালে ডায়েবেটিচ ৰোগী এজনৰ তেজত চেনিৰ পৰিমাণ বেছি নিয়ন্ত্ৰণত থাকিব।

(২) আমাৰ শৰীৰৰ বাবে উপকাৰী পুষ্টিকৰ দ্ৰব্য থকা কিছুমান খাদ্যৰ গ্লাইচেমিক ইনডেস্ক যথেষ্ট বেছি। এনে খাদ্যসমূহ পুষ্টিকৰ যদিও বেছি পৰিমাণে খালে শৰীৰত চেনিৰ মাত্ৰা হঠাতে বাঢ়ি অপকাৰহে কৰে। সেয়ে তেজত চেনিৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি এনে খাদ্যসমূহ কম পৰিমাণে বা ভগাই ভগাই কেইবাবাৰত খাব লাগে:-

(ক) যদি শৰীৰত চেনিৰ মাত্ৰা অনিয়ন্ত্ৰিতভাৱে বাঢ়ি আছে, তেন্তে পুষ্টিকৰ হʼলেও বেছি গ্লাইচেমিক ইনডেস্ক যুক্ত খাদ্যসমূহ পৰিহাৰ কৰাটো উপকাৰী।

(খ) যদি তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত আছে, তেন্তে পুষ্টিকৰ অথচ বেছি গ্লাইচেমিক ইনডেস্ক যুক্ত খাদ্যসমূহ কম পৰিমাণে বা অলপ অলপকৈ ভগাই ভগাই সময়ৰ ব্যৱধান কৰি কৰি খাব পাৰে। কিন্তু এই ক্ষেত্ৰত খাদ্যৰ পৰিমাণ নিৰ্ধাৰণত সাৱধান হোৱা উচিত।

(৩) সদায় কম গ্লাইচেমিক ইনডেস্ক যুক্ত খাদ্য খাই থকাটো সম্ভৱপৰ নহয়; কাৰণ শৰীৰৰ বাবে দৰকাৰী আটাইবোৰ পুষ্টিকৰ উপাদান এনে খাদ্যই সদায় প্ৰদান নকৰিবও পাৰে। সেয়ে বহু সময়ত পুষ্টিকৰ অথচ বেছি গ্লাইচেমিক ইনডেস্ক যুক্ত খাদ্য এবিধ কম গ্লাইচেমিক ইনডেস্ক যুক্ত খাদ্য এবিধৰ লগত মিহলাই একেলগে খাব পাৰি। তেনে কৰিলে শৰীৰে মধ্যমীয়া গ্লাইচেমিক ইনডেস্কযুক্ত খাদ্য এবিধ লাভ কৰিব।

(৪) কিছুমান খাদ্যত থকা পুষ্টিদ্ৰব্যৰ পৰিমাণ তেনেই নগণ্য, কিন্তু এনে খাদ্যৰ গ্লাইচেমিক ইনডেস্ক কম হʼব পাৰে। এনে ধৰণৰ খাদ্যই শৰীৰক প্ৰয়োজনীয় পুষ্টিদ্ৰব্য পোৱাত সহায় নকৰে। এই ক্ষেত্ৰত গ্লাইচেমিক ইনডেস্কতকৈয়ো পুষ্টিদ্ৰব্যৰ‌ পৰিমাণক অধিক গুৰুত্ব দিয়া দৰকাৰ।

(৫) আনহাতে, বেছি গ্লাইচেমিক ইনডেস্কযুক্ত আহাৰে হঠাতে তেজত চেনিৰ মাত্ৰা বঢ়াই দিয়ে। গতিকে কোনো এজন ডায়েবেটিছ ৰোগীৰ‌ শৰীৰত যদি কেতিয়াবা বেছি পৰিমাণে ইনছুলিন বা ঔষধ লোৱাৰ‌ ফলত হাইপʼগ্লাইছেমিয়া (Hypoglycemia) হয়, অৰ্থাৎ তেজত চেনিৰ পৰিমাণ একেবাৰে কমি যায়, তেনে জটিল মুহূৰ্তত উচ্চ গ্লাইচেমিক ইনডেস্ক যুক্ত খাদ্যই সহজে তেজত চেনিৰ মাত্ৰা বঢ়াই সহায় কৰিব।

(৬) নিম্ন গ্লাইচেমিক ইনডেস্কযুক্ত আহাৰে শৰীৰৰ ওজন নিয়ন্ত্ৰণতো‌ সহায় কৰে।

(৭) নিম্ন গ্লাইচেমিক ইনডেস্কযুক্ত আহাৰে শৰীৰত কলেষ্টʼৰেলৰ মাত্ৰা নিয়ন্ত্ৰণতো সহায় কৰে।

(৮) নিম্ন গ্লাইচেমিক ইনডেস্কযুক্ত আহাৰে যকৃতত জমা হোৱা চৰ্বি নিয়ন্ত্ৰণত‌ আৰু নন এলকহলিক ফেটি লিভাৰ (Non-alcoholic fatty liver disease) নিয়ন্ত্ৰণত সহায় কৰে।

* মুঠতে, ডায়েবেটিছ ৰোগী এজনে কিমান পৰিমাণৰ খাদ্য খাব, কি ধৰণৰ খাদ্য খাব, সেই সম্পৰ্কে সজাগ হোৱাত গ্লাইচেমিক ইনডেস্কে সহায় কৰে।

প্ৰতিজন মানুহৰ দেহত একেবিধ খাদ্যৰ প্ৰভাৱ সদায় ধ্ৰুৱক নেকি?:- প্ৰত্যেকজন মানুহৰে খাদ্য আৰু ঔষধৰ প্ৰতি শৰীৰে কৰা প্ৰতিক্ৰিয়া একে নহ’বও পাৰে।

(ক) এই ক্ষেত্ৰত বেলেগ বেলেগ মানুহৰ শৰীৰত এবিধ খাদ্যৰ প্ৰাথমিক প্ৰতিক্ৰিয়া ভিন্ন হʼব পাৰে।

(খ) লগতে শৰীৰত থকা অন্য ৰোগৰ প্ৰভাৱ বা লৈ থকা ঔষধৰ ক্ৰিয়াৰ বাবেও দুজন মানুহৰ দেহত একেবিধ খাদ্যৰ প্ৰভাৱ একে নহ’বও পাৰে।

(গ) লগতে দুজন ব্যক্তিৰ শৰীৰৰ বেচেল‌ মেটাবলিক ৰেট (Basal metabolic rate), শাৰীৰিক পৰিশ্ৰম ইত্যাদিৰ পাৰ্থক্যৰ বাবেও শৰীৰত একেবিধ খাদ্যৰ প্ৰভাৱ ভিন্ন হʼব পাৰে।

(ঘ) আনকি একেজন মানুহৰ শৰীৰতো দিনটোৰ বেলেগ বেলেগ সময়তো গ্লাইচেমিক ক্ৰিয়া বেলেগ বেলেগ হʼব পাৰে অৰ্থাৎ একেবিধ খাদ্যই দিনটোৰ বেলেগ বেলেগ সময়ত তেজত বঢ়োৱা চেনিৰ পৰিমাণ বেলেগ বেলেগ হʼব পাৰে। সেয়া নিৰ্ভৰ কৰে-আগৰে পৰা তেজত থকা গ্লুকʼজৰ পৰিমাণ, ইনছুলিন ৰেজিচটেণ্ট, খাই থকা ঔষধৰ সময় আৰু পৰিমাণ ইত্যাদিৰ ওপৰত।

 সেয়ে খোৱা খাদ্য গ্ৰহণৰ‌ ক্ষেত্ৰত ডায়েবেটিছ ৰোগী এজনে নিজাববীয়াকৈ সতৰ্কতা অৱলম্বন কৰা উচিত। নিয়মিত তেজত চুগাৰৰ পৰিমাণ জোখ-মাপে এই ক্ষেত্ৰত সহায় কৰিব।

* খাদ্যত থকা পুষ্টিকৰ উপাদানৰ পৰিমাণ অৰ্থাৎ সুষম আহাৰ গ্ৰহণ কৰাটো আৰু তেজত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ-এই দুয়োটাই ডায়েবেটিছ ৰোগী এজনৰ বাবে অতি গুৰুত্বপূৰ্ণ। আনহাতে, দীঘলীয়া সময়ৰ বাবে গ্লাইচেমিক ইনডেস্কক প্ৰধান্য দি খাদ্য নিৰ্বাচন কৰি থাকিলে, কেতিয়াবা শৰীৰৰ বাবে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান কম হোৱাৰ সম্ভাৱনা থাকে। সেয়ে এজন চিকিৎসক বা অভিজ্ঞ ডায়েটিচিয়ানৰ পৰামৰ্শ লোৱা আৰু পৰামৰ্শমতে এখন খাদ্য তালিকা প্ৰস্তুত কৰি সেয়া মানি চলাটো দৰকাৰী। লগতে নিয়মীয়াকৈ তেজত চেনিৰ পৰিমাণ জুখি থকাটোও বাঞ্চনীয়।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!