গ্ৰন্থ আলোচনা "অভিমন্যু"
লেখক- মনোজ কুমাৰ কলিতা
সাহিত্য অকাডেমি বটাপ্ৰাপ্ত “বকুল ফুলৰ দৰে ” উপন্যাসখনৰ ৰচয়িতা মৃণাল কলিতাৰ শেহতীয়াকৈ প্ৰকাশিত উপন্যাস “অভিমন্যু” পঢ়ি সাধাৰণ পাঠক হিচাপে মোৰ অনুভৱ প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিছোঁ। উপন্যাসখনে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ বৌদ্ধিক চিণ্ডিকেটক ভালদৰে উদঙাই দিছে । বহু ক্ষেত্ৰত আমাৰ বহুতে দুৰ্নীতি-অনিয়মৰ বাবে ৰাজনৈতিক নেতাক বেছিকৈ দোষাৰোপ কৰা দেখা যায় । কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চলি থকা বৌদ্ধিক চিণ্ডিকেটক সমালোচনা কৰিবলৈ ক’ৰবাত পিছ হুহকি যাওঁ। এই বৌদ্ধিক চিণ্ডিকেটে সমাজখনক দুৰ্নীতিপৰায়ণ ৰাজনৈতিক নেতাতকৈ কোনোগুণে কম অন্যায় কৰা নাই । যাৰ বাবে যোগ্যজনে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বাৰে বাৰে প্ৰবঞ্চিত হৈ আছে । উপন্যাসখনত এই বৌদ্ধিক ভণ্ডামিক সাৰ্থকভাৱে তুলি ধৰিছে। এই বৌদ্ধিক চিণ্ডিকেটৰ বাবেই নেকি এসময়ত মহাবিদ্যালয়বোৰত অধ্যাপক, অধ্যক্ষ আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্যৰ আত্মীয়বোৰেহে বেছিকৈ নিযুক্তি লাভ কৰিছিল । অৱশ্যে ইয়াৰ মাজত কিছু যোগ্য ব্যক্তি নথকা নহয় ।
উপন্যাসখনত বৰ্ণনা কৰা অধ্যক্ষ যোগেন কাকতি নামৰ চৰিত্ৰটোৰ দৰে ব্যক্তি কোনো শৈক্ষিক অনুষ্ঠানত থাকিলে তাৰ পৰিবেশ কিমান তললৈ নামিব পাৰে তাক উপন্যাসিকে সুন্দৰকৈ চিত্ৰায়িত কৰিছে। উপন্যাসখনৰ মুখ্য চৰিত্ৰ প্ৰতিভাশালী, শান্ত-শিষ্ট সৌৰভক মহাভাৰতৰ অভিমন্যুৰ দৰে চাৰিওফালৰপৰা আক্ৰমণ কৰিলেও এটা সময়লৈকে সহ্য কৰি থাকিল । কিন্তু সহ্যৰ সীমা পাৰ হোৱাৰ পিছত শান্ত-সৌম্য সৌৰভ ভয়ংকৰ প্ৰতিবাদী সত্তা হৈ পৰিল । যাৰ ফলত যোগেন কাকতিৰ দৰে শক্তিশালী অধ্যক্ষয়ো নীলাচল মহাবিদ্যালয়ৰপৰা পলাবলগীয়া হ’ল ।
উপন্যাসখনত বৰ্ণনা কৰা গণিতৰ শিক্ষকে হালধীয়া হৈ পৰা নোটচ্ ব্যৱহাৰ কৰা কথাটো আমাৰ দৰে ছাত্ৰক মহাবিদ্যালয় পৰ্য্যায়ত বাৰুকৈয়ে বিৰক্ত কৰিছিল । তাৰ ভিতৰত দুই এজন ব্যতিক্ৰমী শিক্ষকো আছিল । তেখেতসকলৰ শিক্ষণ পদ্ধতিক আজিও শ্ৰদ্ধাৰে সোঁৱৰো ।
“বান্ধৱ” প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উপন্যাসখনৰ মূল্য ৩৫০ টকা ।