ঘুংঘটৰ আঁৰত

লেখক- ড. বন্দনা খাটনিয়াৰ

(১)
ঘৰমুখী পখীৰ জাকটোৱে অস্ত যাবলৈ উদ্ধাউল হোৱা বেলিটিক ঢাকি ধৰিছে। গুপগুপীয়া গৰমৰ পৰা অকণমান সকাহ পোৱা গৈছে। মধ্যযুগীয়া শিল্প-কাৰ্য্যৰে ভৰপূৰ আটকধুনীয়া খিৰিকীখনৰ কাষত নৱমী ৰ’লহি। কপাট দুয়োপাত খুলি দিলে। এছাটি শুকান বতাহে তাইৰ দীঘল চুলিকোছা চুই গ’ল। আলফুলে। সন্মুখত বালি আৰু বালি। তাৰ মাজে মাজে দুমহলীয়া ঘৰবোৰ। বাট-পথবোৰ বালিময়। পকা হোৱা নাই এতিয়াও। ৰাজস্থান। মৰুভূমিৰ মৰুদ্যান!
নৱমী থকা এই ঘৰটোও দুমহলীয়া। ওপৰ মহলাটো তাইৰ। ভাড়ালৈ লৈছে। তলৰটোত মালিকজন থাকে পৰিয়ালৰ সৈতে। হাই-উৰুমি নকৰা এটি ভদ্র পৰিয়াল। ৰাজস্থানী সংস্কৃতিৰে পৰিপূৰ্ণ পৰিয়ালটি। মালিক বেনিৰাম তাইৰ বাবে বৰ্তমানৰ বন্ধু, দাৰ্শনিক আৰু গাইড। এই গাওঁখনৰ সকলোকে তেওঁ জানে, চিনি পায়। তেঁৱেই আজি ৰাতিপুৱা আৰতিৰ ঘৰলৈ তাইক লৈ গৈছিল।
নৱমী ইয়ালৈ অহা প্ৰায় এসপ্তাহ হ’ল। “মজদুৰ কৃষক শক্তি সংগঠন”- নামৰ বিখ্যাত সামাজিক আন্দোলনটোৰ বিষয়ে জানিবলৈ আহিছিল, মাত্ৰ তিনিদিনৰ বাবে। কিন্তু আন্দোলনটোৰ কার্যপন্থাই তাইক ইমান প্রভাৱিত কৰিলে যে তাইৰ ওভতনি যাত্ৰাৰ সময় পিছুৱাই গৈ আছে। ১৯৯০ চনত ৰাজস্থানত এই আন্দোলনটোৰ সূত্ৰপাত হৈছিল। গুৰি ধৰোঁতা আছিল ৰমন মেগছেছে বঁটা বিজয়ী অৰুণা ৰয়, শংকৰ সিং আৰু নিখিল দে’। “ৰাজস্থান তথ্য আইন” আৰু “ৰাষ্ট্ৰীয় তথ্য আইন ২০০৫” ৰ প্ৰয়োগ— এই আন্দোলনৰ দুটা উল্লেখযোগ্য বৰঙণি। আন্দোলনৰ কৰ্মীসকলে গাঁৱত কাম কৰে। গাঁৱৰ নিবনুৱাখিনিৰ সংস্থাপনৰ ব্যৱস্থা কৰে। বিভিন্ন আঁচনি হাতত লয় আৰু সেইবোৰ সফলভাৱে ৰূপায়ণ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ সমাজবিদ্যা বিভাগৰ ছাত্ৰী নৱমী। তাতেই এই আন্দোলনটোৰ কথা শুনিছিল, পঢ়িছিল আৰু আকৰ্ষিত হৈছিল। আন্দোলনটোৰ প্ৰতিষ্ঠাপক তথা কৰ্মীসকলৰ বিষয়ে জানিবলৈ আগ্রহ জন্মিছিল। ঠিৰ কৰিছিল যে চূড়ান্ত বৰ্ষত জমা দিবলগীয়া বিশেষ পেপাৰখন তাই এই আন্দোলনটোৰ ওপৰতেই লিখিব। সেই উদ্দেশ্যেৰেই তাইৰ এই ৰাজস্থান ভ্রমণ।
নবমীৰ ৰাজস্থানী বান্ধবী সুমিয়ে ভাড়াঘৰটো ঠিক কৰি দিছিল। এই সুমিৰ লগতে তাই যোৱা বছৰ গোধৰালৈ গৈছিল; “গোধৰা কাণ্ড” সংঘটিত হোৱা ঠাইবোৰ চাবলৈ, মানুহখিনিক লগ পাবলৈ। ঘৰত জনোৱা নাছিল কথাটো, জনালে যাব নিদিব বুলি । বিশ্ববিদ্যালয়েও দিয়া নাছিল। তথাপিও দুয়ো গৈছিল। অত্যন্ত সাহসী বুলি বিভাগটোত দুয়োৰে নাম আছে। গোধৰালৈ গৈ বহু দেখিলে নৱমীয়ে, বুজিলে, শিকিলে। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মানুহে মানুহক কৰা নিকৃষ্ট, নিৰ্মম আঘাত প্ৰত্যক্ষ কৰিলেগৈ। নিপীড়িত, দৰিদ্ৰ ৰাইজৰ বাবে অন্তৰ ব্যথিত হৈ পৰিছিল তাইৰ। দৰিদ্ৰতাই মানুহক অন্ধ কৰে চকুৰে, কাণেৰে তথা বিবেকেৰে। এনে জনগণৰ উদ্ধাৰৰ বাবে লাগিব অর্থনৈতিক স্বাৱলম্বিতা তথা শিক্ষা। নৱমীৰ জ্ঞানোদয় হৈছিল। এই দিশটোতেই নিজকে অর্পণ কৰিবলৈ তাই তাতেই সংকল্প লৈ পেলালে। ৰাজস্থানৰ এই মজদুৰ কৃষক শক্তি সংগঠনটোৰ কথা শুনি যেন তাই সংকল্প ৰূপায়ণৰ বাট এটি বিচাৰি পালে। প্রথম খোজ দিয়াৰ বাট। সপোনৰ কাঁইটীয়া বাট।
বেনিৰামক ইয়ালৈ অহাৰ উদ্দেশ্যৰ কথা ক’লত তেওঁ যথেষ্ট আগ্রহ দেখুৱালে। পিছদিনাই নৱমীক অৰুণা ৰয়ৰ ওচৰলৈ লৈ গ’ল। তেষষ্ঠী বর্ষীয় ৰয়ে তাইক ওলগ জনালে। তেওঁৰ সৈতে কাম চাবলৈ আৰু কাম কৰিবলৈ আহ্বান জনালে। সেই আহ্বান তাই গ্রহণ কৰিলে। ইয়াৰ পিছৰ কেইদিনত সংগঠনটোৰ কৰ্মীসকলৰ সৈতে দহখন গাওঁ ভ্রমিলে তাই। দেৱডাংগ্রী, য’ত সংগঠনটোৰ মূখ্য কাৰ্যালয় অৱস্থিত তাৰ পৰা বিজয়পুৰা, কাডামপুৰ, তিলোনিয়া, পিছাগান, আৰাই আদি সাঙুৰি আটাইখিনি ঠাই। গাওঁবাসীৰ সৈতে মত বিনিময় কৰিলে। বহু ঠাইত তাই মহিলাসকলৰ সাহস দেখিলে। অনুভৱ কৰিলে যে “ঘুংঘট”ৰ আঁৰতো নাৰী কিমান শক্তিশালী হ’ব পাৰে!
(২)
কিন্তু আৰতি! তাই যেন সভ্যতাৰ চৰম বিফলতাৰ এক মূর্ত প্রতীক। পাশৱিক আঘাতেৰে থকা-সৰকা হোৱা এক জীৱন্ত মৃতদেহ। তাইলৈ মনত পৰি নৱমীৰ হিয়া শোকার্ত। বেনিৰামে লৈ গৈছিল আৰতিৰ ওচৰলৈ। তাই হেনো কাৰো সৈতে কথা নাপাতে। কিবা এটা বেয়া ঘটিছিল তাইৰ লগত। গিৰীয়েক ঢুকাইছে, শাহু-শহুৰে ঘৰৰপৰা উলিয়াই পঠিয়াইছে, নে বেমাৰত সন্তানৰ মৃত্যু ঘটিছে? কি হৈছে বাৰু আৰতিৰ ক্ষেত্ৰত? তাকে জানিবলৈ উৎসুক হৈ নৱমী গৈছিল। ঘৰটোত কোনো নাছিল। ক’লা শাৰী পৰিহিতা আৰতি । মুখত কোনো ঘুংঘট নাছিল। নবমীয়ে লক্ষ্য কৰিছিল অতীব সুন্দৰী আৰতিক। ঘৰটোৰ বাহিৰতে নৱমীক এৰি বেনিৰাম আঁতৰি গৈছিল।
“আৰতি”… আৰতিৰ দুয়োহাত আলফুলে স্পৰ্শ কৰি নৱমীয়ে মৃদুস্বৰেৰে মাতিলে। সামান্যভাৱে কঁপি উঠিল আৰতি। “মোক তোমাৰ কথা কোৱা। মই সংগঠনৰ কৰ্মী। কিন্তু ইয়াৰ নহয়। সুদূৰ অসমৰ। ময়ো নাৰী। তোমাৰ ব্যথা মোৰ সৈতে ভগোৱা । ময়ো তোমাৰ স’তে কান্দিব বিচাৰোঁ।” –কোমল স্বৰেৰে কোৱা নৱমীৰ কথাত আৰতিৰ দুচকুৰে দুখৰ বন্যা নিগৰিছিল। প্ৰথমে লাহে লাহে; তাৰপিছত হিলদল ভাঙি। মানুহজনী যেন সেই বন্যাত উঁটিহে যাব বিচাৰিছিল। বহুসময় তেনেদৰে থাকি তাই সুস্থিৰ হ’ল। সকলো ক’লে। দলিত ছোৱালী তাই। অনাথ আশ্রম এখনত লালিতা-পালিতা। অসম্ভৱ ৰূপহী।
(৩)
আশ্ৰমখন ভ্ৰমণ কৰিবলৈ অহা প্ৰবাসী ভাৰতীয় এজনে তাইক খুব পচন্দ কৰিলে। তেতিয়া তাই পোন্ধৰ-ষোল্ল বছৰীয়া। পচন্দ কৰি বিয়াৰ প্ৰতিশ্ৰুতিৰে লৈ গ’ল কানাডালৈ। তাত মানুহজনৰ ব্যৱসায় আছিল। বিয়া কৰাই তাতে তিনিবছৰ ৰাখিলে তাইক। “এইবছৰ জানুৱাৰী মাহত দুয়ো ইয়ালৈ আহিছিলোঁ। ময়েই জেদ ধৰিছিলোঁ। মাতৃভূমিলৈ মনত পৰিছিল। আশ্ৰমৰ মুকলি বতাহত উশাহ ল’বলৈ হেঁপাহ হৈছিল।” –আৰতিয়ে কৈ গৈছিল। তাইৰ হেনো আৰু মন গৈছিল ৰং-বিৰঙৰ চূড়ি, দোপাট্টা আৰু ঘাঘ্ৰা পিন্ধিবলৈ। সেয়ে আহিছিল।
মানুহজনে আহিয়েই এই ঘৰটো কিনি লৈছিল। তাইৰ নামত। মাজে সময়ে ইয়ালৈ আহি থকাৰ পৰিকল্পনা কৰিছিল দুয়ো। কেইদিনমান আগতে তাইক ঘৰতে থৈ তেওঁ ব্যৱসায়ৰ কিবা কামত দিল্লীলৈ গৈছিল।
“তেওঁ যোৱাৰ দুদিনমান পিছত গাঁৱৰ পঞ্চায়ত আহি এইখন চোতালত ভৰি থ’লে। ক’লে— মোৰ বিপক্ষে গোচৰ আছে৷ মই হেনো স্বামীৰ অবৰ্তমানত শিক্ষক এজনৰ সৈতে গোপনে মিলিত হৈছোঁ। অভিসাৰত লিপ্ত হৈছোঁ। প্রত্যক্ষদৰ্শীও আছে হেনো।” দুখত ভাগি পৰা আৰতিয়ে ক’লে। পঞ্চায়তৰ এইবোৰ কথা শুনি তাইৰ মূৰত বজ্ৰপাত পৰিল। শিক্ষক এজন অহাটো সঁচা৷ তাই পালিত হোৱা আশ্ৰমখনৰ পৰা খা-খবৰ ল’বলৈ আহিছিল হেনো। কিন্তু অভিসাৰ! অভিযোগ শুনি আৰতি মূক হৈ পৰিল।
শিক্ষকজনক মতা হ’ল। কিন্তু বদনাম আৰু শাস্তিৰ ভয়ত তেওঁ মুখেৰে এষাৰো নামাতিলে। কেৱল ক’লে আৰতিয়েহে হেনো তেওঁক মাতি পঠিয়াইছিল। বিচাৰ আৰম্ভ হ’ল। পঞ্চায়তে ৰায় দিলে। নোহোৱা-নোপোজা ৰায়। শাস্তিৰ বিধান দিলে আৰতিৰ বিপক্ষে। কাপোৰ-কানি খুলি একেবাৰে নাঙঠ কৰি গোটেই গাওঁখনত তাইক ঘূৰোৱা হ’ল। হিতাহিত জ্ঞান শূন্য হৈ পৰিল আৰতিৰ। চিঞৰিবলৈও শক্তি নোহোৱা হ’ল।
দুদিনৰ পিছতে গিৰীয়েক আহি ওলাল। সমস্ত ঘটনা শুনিলে। শুনি ঘৰটোৰ কাগজ-পত্ৰৰ লগতে বিবাহ-বিচ্ছেদৰ কাগজ আৰতিৰ হাতত গুঁজি দি কানাডালৈ গুচি গ’ল। চিৰদিনলৈ। তেতিয়াৰে পৰা তাই নিশ্চুপ।
(৪)
“কি কৰিবা মোৰ বাবে? পাৰিবানে মোৰ হেৰাই যোৱা দিনবোৰ ওভটাবলৈ? স্বামীক ঘূৰাই আনিবলৈ? মোৰ ভুল কত? সতীত্ব নেহেৰুৱাকৈয়ে মই আজি অসতী।” –ঘোলা চাৱনিৰে আৰতিয়ে নৱমীলৈ চাই প্রশ্ন কৰিলে।
তাইৰ কোনো প্রশ্নৰ উত্তৰ নৱমীৰ হাতত নাছিল। ঘটনা যে ইমান বর্বৰোচিত হ’ব পাৰে সেয়া তাইৰ কল্পনাৰ অতীত আছিল। সেয়ে কান্দি কান্দি পলাই আহিছে আৰতিৰ ওচৰৰ পৰা। আৰু এয়া এতিয়া আহি কোঠাৰ খিড়িকীখন খুলি দিছে। লগে লগে খোল খাইছে গোটখাই থকা তাইৰ মনৰ শক্তি। সঁচাকৈয়ে, পাৰিবনে কোনোবাই আৰতিৰ দুখ-তাপ দূৰ কৰিবলৈ? পাৰিবনে মজদুৰ কৃষক শক্তি সংগঠনে? অর্থনৈতিক স্বাৱলম্বিতা হয়তো দিব পৰা যাব। কিন্তু মনোবল? অনিশ্চিত সেয়া।
নৱমীয়ে নিশ্চয় কৰিলে যে তাই লিখিবলগীয়া বিশেষ পেপাৰখনত আৰতিক স্থান দিব। তেনেদৰেই সেই দুৰ্ভগীয়া নাৰীজনীক মানসিক ন্যায় প্ৰদান কৰিব। মনটো মুকলি হ’ল কিছু নৱমীৰ। ইতিমধ্যে সূর্য্য ডুবিছিল। মে’ মাহৰ ৰাজস্থানত কিন্তু তেতিয়াও আন্ধাৰ নমা নাছিল।
নীৰৱ-নিস্তব্ধ পৰিবেশ। কেৱল বতাহৰ সোঁ-সোৱনিৰ শব্দ। আৰু এটি শব্দ শুনা গৈছিল। ঝুনুক, ঝুনুক, ঝুনুক … । শব্দ শুনি সন্মুখলৈ চালে নৱমীয়ে। মহিলাৰ শাৰী এটি। মূৰত কলহ। কলহৰ কাণেৰে খোজৰ তালে তালে পানী পৰি পৰি গৈছে। নৱমীয়ে লক্ষ্য কৰিলে মহিলাকেইগৰাকীৰ পোছাক উজ্জ্বল বৰণৰ। হাতত ৰং-বিৰঙৰ চুড়ি। মুখবোৰ ঘুংঘটেৰে আবৃত। আৰু আবৃত হৈ আছে সেই ঘুংঘটৰ আঁৰত অলেখ ঘটনাৰ অলেখ অনুভূতি ।

—*—


চুটিগল্প: তেজে ধোৱা বৰাইল পাহাৰ
চিত্তৰঞ্জন ওজা

“মাইবঙৰ পৌৰাণিক ইতিহাস আপুনি জানেনে ছাৰ?’’ আৰক্ষী পৰিদৰ্শক মাণিক ঘোষৰ মাতত শেনচোৱা নিজৰ কল্পনা ৰাজ্যৰ পৰা উভতি আহে।

“নাই একো নাজানো। কেৱল শুনিছোঁ ১৬ শতিকাত ডিমাচা কছাৰীসকল আহোমৰ হাতত পৰাজয় বৰণ কৰি মাইবঙত ৰাজধানী পাতে।”

“ছাৰ, তাৰো আগতে ঐতিহ্যমণ্ডিত মাইবঙত কছাৰীসকলৰ অন্য এক ইতিহাস আছিল যি আজি পাহৰণিৰ গৰ্ভত। কিংবদন্তি মতে বনবাসৰ সময়ত পাণ্ডৱসকল কছাৰী ৰাজ্যলৈ আহিছিল। মাইবঙতে ভীম আৰু কুঁৱৰী হিড়িম্বাৰ গন্ধৰ্ব বিবাহ সম্পন্ন হয়। তেওঁলোকৰ ঘটোৎকচ নামৰ এজন পুত্ৰৰ জন্ম হয় যি বছৰদিন ধৰি কছাৰী ৰাজ্য শাসন কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধত ঘটোৎকচৰ বীৰত্বৰ কথা আপুনি জানেই চাগে। ডিমাচাসকলে নিজকে ঘটোৎকচৰ বংশধৰ বুলি দাবী কৰে।”

“মাইবঙৰ সৈতে মহাভাৰতৰ সম্পৰ্কৰ কথা সঁচাকৈয়ে জনা নাছিলোঁ। ডিমাচাসকল কিমান যে ভাগ্যবান! ঘটোৎকচৰ দৰে বীৰৰ সন্তান তেওঁলোক।”

নগাঁও চহৰৰ পৰা হাফলঙলৈ বুলি প্ৰদীপ শেনচোৱাই যাত্ৰা আৰম্ভ কৰিছিল সেইদিনা। সেয়া আছিল জানুৱাৰীৰ শেষৰটো দেওবাৰ, ২০০৩ চন। ডিমাচা সকলৰ বিহু উৎসৱ পতাৰ সময় সেয়া। লামডিং পোৱাৰ আগতে শেনচোৱাৰ বাবে এক দীঘলীয়া এস্কোৰ্ট, পাইলট পাৰ্টী ৰৈ আছিল। সি ভাবিবই পৰা নাছিল তাৰ বাবেই যে সিহঁত ৰৈ আছে। ৰাস্তাৰ দুয়ো পাৰ ওখ ওখ চেগুন গছেৰে ভৰা। ৰাস্তাটো কেতিয়াবা তললৈ নামি গৈ পুনৰ ওপৰলৈ উঠি যায়। পাহাৰীয়া জিলাখনৰ সৌন্দৰ্যত সি বিভোৰ হৈ পৰে।

সাত বছৰ চাকৰি কালত সি চতুৰ্থবাৰ বদলিৰ নিৰ্দেশ পাইছিল নগাঁৱৰ পৰা পাৰ্বত্য জিলাখনলৈ। এইবাৰ বদলি হৈছিল পদোন্নতিৰ সৈতে, উপ আৰক্ষী অধীক্ষক পদৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ। পুলিচৰ চাকৰি কিমান কষ্টকৰ আৰু বিপদজনক সেই কথা চাকৰিত সোমাইহে প্ৰদীপ শেনচোৱাই বুজি পালে।

মাণিক ঘোষে মাইবঙৰ বুৰঞ্জীৰ আন এখিলা পাত তাৰ আগত দাঙি ধৰিছিল। শিলেৰে নিৰ্মিত ঘৰৰ কাহিনী আছিল সেয়া। ডিমাচা ৰজাক সপোনত উপাস্য দেৱতাই দেখা দিছিল। ৰজাক আদেশ দিছিল শত্ৰুপক্ষক পৰাজিত কৰিবলৈ ৰজাই এনিশাৰ ভিতৰত এটা বৃহৎ শিল কাটি মন্দিৰ নিৰ্মাণ কৰিব লাগিব। পাহাৰৰ ওপৰৰ পৰা প্ৰকাণ্ড শিল এটা নমাই আনিছিল ৰাজধানী মাইবঙলৈ। মন্দিৰ নিৰ্মাণৰ কাম আগবাঢ়িছিল। পিছে অপদেৱতাৰ প্ৰকোপত সেয়া অসম্পূৰ্ণ হৈ ৰ’ল। শত্ৰুৰ হাতত পৰাজয় বৰণ কৰে। শেনচোৱাই মাহুৰ নদীৰ পাৰত অৱস্থিত সেই অসম্পূৰ্ণ মন্দিৰ ভালদৰে চালে। মন্দিৰত সি সেৱা জনালে, তাৰ পত্নী আৰু আহিবলগীয়া সন্তানৰ সুস্বাস্থ্য কামনা কৰিলে। হাফলঙলৈ বুলি সি পুনৰ যাত্ৰা আৰম্ভ কৰিলে।

ৰাস্তাত মাণিক ঘোষে কৈ গ’ল –
“ছাৰ, জিলাখনৰ অৱস্থা অতি বেয়া। গাঁৱৰ মানুহবোৰ অতি পিছপৰা, অনগ্ৰসৰ। নাগালেণ্ডৰ পৰা এন এছ চি এন সংগঠনে আহি যোৱা দশকত জিলাখনত খোপনি পুতিবলৈ ল’লে। ডিমাচাসকলক উচটাই “ডি এইছ ডি“উগ্ৰপন্থী সংগঠনৰ জন্ম দিলে। এই বছৰ ডিএইচডি দুভাগ হ’ল। এভাগে এনএছছিএনৰ লগত সংঘাতত লিপ্ত হয়। এভাগে অস্ত্ৰ সম্বৰণ কৰি চৰকাৰৰ সৈতে আলোচনাত বহিবলৈ চায়। এনএছছিএনে এতিয়া মাৰ জনগোষ্ঠীৰ লগ লাগিছে, নতুনকৈ এটা সন্ত্ৰাসবাদী সংগঠনৰো জন্ম দিলে। তাৰ লগতে কুকী, জেমি নগা, বিয়াটে, ৰংখল, জয়ন্তীয়া আদি আছেই। সকলোৱে নিজৰ গোষ্ঠীৰ বাবে একোটা সংগঠনৰ জন্ম দিলে। এনএছছিএনে অস্ত্ৰ-শস্ত্ৰ বিক্ৰীৰ বাবে ভাল বজাৰ এখন পাই গ’ল। এতিয়া কোনে কাক আক্ৰমণ কৰে কোনেও ক’ব নোৱাৰে। ৰাস্তাত কোনোবা এটা সংগঠনে খাপ পিতি গুলীয়াবলৈ ৰৈ থাকিব পাৰে। সেয়ে চিকিউৰিটী সদায় টাইট।”

অলপ আচৰিত হৈ সি সুধিলে –

“পুলিচ-প্ৰশাসন, মিলিটাৰী, এইবোৰে কি কৰি আছে ইয়াত?’’

“ছাৰ, কি ক’ম! গোটেই জিলাখন বৰাইল পাহাৰে আগুৰি আছে। গাঁওবোৰত যাবলৈ গাড়ী যাব পৰা বাট-পথ নাই বুলিবই পাৰি। তদুপৰি পাহাৰৰ ওপৰৰ পৰা এ কে ৪৭ আৰু গ্ৰেনেডেৰে যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে। সন্ত্ৰাসবাদীয়ে পাহাৰ বগোৱাত ইমান পাকৈত যে সিহঁতক ধৰা সহজ নহয়।”

“ইমান টকা জিলাখনৰ উন্নয়নৰ বাবে আহে, ক’লৈ যায় টকাবোৰ।”

“ছাৰ, সঁচা কথা কওঁ, ইয়াত সকলোৱে টকা ঘটিবলৈহে আহে।”

সি বুজিলে ইয়াত চাকৰি কৰা সহজ নহ’ব। আহিবলগীয়া বিপদৰ আগজাননী সি দেখা পালে। সন্ধিয়াৰ আগে আগে সি হাফলঙত ভৰি দিলে। তাক আদৰিবলৈ ডিমাচা ডেকা-গাভৰুৱে পৰম্পৰাগত সাজেৰে ৰৈ আছিল, বিশু নৃত্যৰে তাক আদৰিছিল। পিছদিনা জিলাখনৰ আৰক্ষী অধীক্ষক অজিৎ ফুকনক সি ৰিপোৰ্ট কৰে। এছ পি চাহাবৰ পৰা পাৰ্বত্য জিলা বিষয়ত সম্যক ধাৰণা এটা সি ল’ব পাৰিলে। সকলো জনগোষ্ঠীৰ মাজত কোনোবাই সন্দেহৰ বীজ ৰোপণ কৰিছে। স্বাধীনতাৰ আগৰে পৰা মিলাপ্ৰীতিৰে চলি থকা ডিমাচা, জেমি নগা, মাৰ, কুকিসকলে আন জনগোষ্ঠীক নিজৰ বুলি বিশ্বাসত ল’ব নোখোজা হ’ল।

প্ৰথম এমাহ সি কেৱল খোজ কাঢ়ি ইখন পাহাৰৰ পৰা সিখন পাহাৰ বগালে। বৰাইল পাহাৰৰ সৌন্দৰ্য ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। শুকুলা মেঘৰ লুকা-ভাকু চাই সি ৰাতিপুৱাৰ সময়কণ কটায়। তেনেকৈ সন্ধিয়াৰ আগে আগে জাক জাক চৰায়ে আকাশত উমলি ফুৰা দেখিলে তাৰ মন ভৰি যায়। প্ৰকৃতিয়ে অপৰূপ ৰূপেৰে সজাইছে বৰাইল পাহাৰক। জনজাতীয় মানুহবোৰে পিঠিত বস্তালৈ অহাযোৱা কৰা দেখি সি কথা পাতিবলৈ চায়৷ পিছে ইয়াত ভাষাৰ এক সমস্যা আছে। কোনো এটা জনগোষ্ঠীয়ে ভালদৰে অসমীয়া ক’ব নোৱাৰে, ভঙা ভঙা হিন্দীত কথা পাতে। অচিনাকি মানুহৰ লগত মিলিব নোখোজে। পুলিচ-মিলিটাৰী দেখিলে দূৰতে বিদূৰ হয়। হাফলঙত প্ৰথম এমাহত সি এইটোৱে বুজিলে যে ডিমাচাসকলে যিহেতু জিলাখনত শ শ বছৰ ধৰি ৰাজ্য শাসন কৰিছিল, এতিয়াও জিলাখনৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিব খোজে। জিলাখনৰ অশান্তিৰ কাৰণ যেন সেই দেৱতাৰ অভিশাপ… নিশাটোৰ ভিতৰত মন্দিৰ নিৰ্মাণ সম্ভৱ নহ’ল।

প্ৰদীপ শেনচোৱাই দলেবলে প্ৰতিদিনে সন্ত্ৰাসবাদী ধৰিবলৈ আবেলিৰ পৰা মাজনিশালৈ ৰাস্তাত খাপ পিতি ৰৈ থাকে। কিন্তু বিশেষ সফলতা লাভ কৰিব পৰা নাই। চোৰাংচোৱাৰ খবৰ অনুযায়ী বহুতৰ ঘৰতে অস্ত্ৰ-শস্ত্ৰ মজুত আছে। পাছে দিনত পাহাৰ বগাই গাঁও পোৱা মানে পলাই যায়। পুলিচ-সন্ত্ৰাসবাদীৰ লুকা-ভাকু খেলখন চলি থাকিল। লাভৰ মূৰকত আৰক্ষীৰ টোপনি খতি। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে হাফলং অফিচত এখন সুৰক্ষা সম্পৰ্কে মিটিং পাতে। শিলচৰৰ পৰা ডিআইজি ৰাকেশ কুমাৰ আহিছিল আলোচনা কৰিবলৈ। সকলোৰে মুখত চিন্তাৰ ৰেখা। এছপি ফুকনে প্ৰথমে ক’বলৈ ধৰে –

“আমি আজি এটা জটিল সন্ধিক্ষণত উপনীত হৈছোঁ। যোৱা ২৩ ফেব্ৰুৱাৰীত এন এছ ছি এনে মাৰ উগ্ৰপন্থীৰ সহায়ত ডিমাচা জনগোষ্ঠীৰ তিনিজন ডিএইছডি কেডাৰক অপহৰণ কৰে। তাৰ ফলত নতুনকৈ গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা ঘনীভূত হৈছে। আমি নিজৰ ৰণনীতি তৈয়াৰ কৰিব লাগিব। ইয়াৰ লগতে আন এটা দু:খবৰ হ’ল অট’ন’মাছ কাউঞ্চিলৰ নিষিদ্ধ সংগঠনবোৰৰ সৈতে থকা সুসম্পৰ্ক কিছুদিনৰ পৰা নাইকিয়া হ’ল। তেওঁলোকৰ পৰা কিবা সহায় পাম যে আশা ক্ষীণ। চোৰাংচোৱা বিভাগৰ প্ৰতিবেদন অনুসৰি কিছুদিনৰ ভিতৰত ডিএইছডিয়ে প্ৰতি আক্ৰমণ চলাব। আমি বাধা দিব লাগিব।”

মেপখন আগত লৈ বহুপৰ আলোচনা চলিল। শেষত ডিআইজিয়ে প্ৰত্যেককে দায়িত্ব ভগাই দিলে।

“চাওক সকলো অফিচাৰ হাফলঙত থাকিলে কাম নচলিব। এএছপি প্ৰদীপ শেনচোৱা, আপুনি মাহুৰত কেম্প কৰিব। ডিএছপি (হেডকোৱাৰ্টাৰ) ৰঞ্জন দত্ত, আপুনি হাৰাংগাজাওত কেম্প কৰক। ডিএছপি(বোৰ্ডাৰ) উমেশ বড়ো, আপুনি উমৰাংচুত কেম্প কৰক। এছপি ফুকন চাহাব আৰু মই হাফলঙত থাকি সকলো পিনে চকু দিম। প্ৰয়োজন সাপেক্ষে আমি মোভ কৰিম। অসম চৰকৰে সকলো কথা যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। মুখ্যমন্ত্ৰী মহোদয়ে নিজে ফোন কৰি খবৰ লৈছে।”

হাফলং আৰু মাইবঙৰ মাজত চাৰিওফালে পাহাৰে আবৰি থকা ঠাই মাহুৰ। নাগালেণ্ড আৰু মণিপুৰ সীমান্ত মাহুৰৰ পৰা বেছি দূৰ নহয়। এই মাহুৰেই যেন এতিয়া গোষ্ঠী সংঘৰ্ষৰ ইপিচেণ্টাৰ। হাফলঙত অন্তত: পৰিয়ালৰ সৈতে সি ফোনত কথা পাতিব পাৰিছিল। মাহুৰত ফোন বিচৰা মানে পৰ্বতত কাচ কণী বিচৰা। হাফলঙৰ মানুহবোৰে তাক কৈছিল যে জিলাখনৰ অনগ্ৰসতাৰ বাবে দায়ী ভৈয়ামৰ পৰা যোৱা চাকৰিয়ালসকল আৰু কাউঞ্চিলৰ ৰাজনৈতিক সদস্যসকল। যিমান টকা আহে সকলো হেনো ভগাই খায়। চাবলৈ কোনো নাহে। অনগ্ৰসৰতা, শিক্ষাৰ অভাৱ, উন্নয়নৰ স্থবিৰতা আদিয়ে জন্ম দিলে উগ্ৰপন্থী সংগঠনবোৰৰ। এতিয়া উন্নয়নৰ বাবে অহা ধনৰ সিংহভাগ যায় সন্ত্ৰাসবাদী সংগঠনৰ হাতলৈ। টকা নিদিলে গুলীয়াই মাৰে। সিহঁতৰ কোনো দয়া নাই, মৰম নাই। সকলোকে লাগে কেৱল টকা আৰু পাৱাৰ। সি যি বুজিলে সংগঠনবোৰক যদি চৰকাৰী ধন হস্তগত কৰাত বাধা দিব পৰা যায়, ধনৰ অভাৱতে সংগঠন দুৰ্বল হৈ পৰিব। তাৰ লগে লগে সিহঁতৰ ওপৰত আক্ৰমণ চলাবলৈ সহজ হ’ব।

দুসপ্তাহ মানৰ বাবে প্ৰয়োজনীয় বস্তু সি হাফলঙত কিনিলে। কিমান দিন দোকান-পোহাৰ বন্ধ হয় ক’ব নোৱাৰি হেনো। গণ্ডগোল আৰম্ভ হ’লে একেলগে পোন্ধৰ দিন মানলৈ দোকান-পোহাৰ বন্ধ থাকে। মানুহে কিদৰে চলে ভগৱানেহে জানে। মাজনিশালৈ সি তাৰ পত্নী ৰাধাৰ সৈতে টেলিফোনত কথা পাতে। ইয়াৰ পাছত হয়তো বহু দিনলৈ সি কথা নপতাকৈ থাকিব লাগিব। ৰাধাই সন্তান জন্ম দিয়াৰ খবৰো হয়তো সময়ত নাপাব। মাহুৰত গৈ সন্মুখীন হ’বলগীয়া সমস্যাৰ কথাও নাজানে। এক অনিশ্চিত ভৱিষ্যতলৈ আগবাঢ়িবলৈ লৈছে। কথা পাতি থাকোতেই সি অনুমান কৰে ৰাধাৰ চকু চলচলীয়া হৈছে, হয়তো গোটেই নিশা কান্দি থাকিব।

ৰাতিপুৱা পুলিচ-মিলিটাৰীৰ এক বৃহৎ দল লগত লৈ সি মাহুৰলৈ যাবলৈ ওলাল। যাত্ৰাৰ আগতে ফুকনে তাক শেষ ব্ৰিফিং দিয়ে –

“আপুনি যিমান সাহস দেখুওৱা উচিত সিমানখিনি হে দেখুৱাব। প্ৰথম কথা নিজক আৰু নিজৰ দলক সুৰক্ষা দিয়া। তেতিয়াহে আনক সুৰক্ষা দিব পাৰিব। নিশা কেতিয়াও পাহাৰ বগাবলৈ চেষ্টা নকৰিব। আত্মৰক্ষাৰ সুযোগ নাপাব। শত্ৰুপক্ষক কেতিয়াও দুৰ্বল বুলি নধৰিব। আৰু এটা কথা মনত ৰাখিব সকলো জনগোষ্ঠীৰ লোকক সমান চকুৰে চাব। সকলোৰে জীৱনৰ মূল্য সমান।”

“জয় হিন্দ ছাৰ“ বুলি চেলুট মাৰি সি ছাৰৰ পৰা বিদায় মাগিলে।

মাহুৰত থকাৰ ব্যৱস্থা কৰি বিছনাত বাগৰ সলাবলৈ লওতে ৱায়াৰলেছত ডিআইজিয়ে তাক খবৰ দিলে যে মাৰ জনগোষ্ঠীৰ তিনিজনক ডি এইছ ডি গ্ৰুপে অপহৰণ কৰিছে। মাহুৰৰ ওচৰত মহাদেউ টিলা নামেৰে ওখ পাহাৰ এটা আছে। তালৈ মানুহকেইজনক লৈ যোৱা বুলি সন্দেহ কৰা হৈছে।

ৰাতিপুৱা ছয় বজাত শেনচোৱাৰ নেতৃত্বত সেনা-আৰক্ষীৰ দল এটা মহাদেউ টিলা বগাবলৈ আৰম্ভ কৰে। সুউচ্চ পাহাৰখন বগোৱা ইমান সহজ নহয়। তাতে ৰাস্তাত যদি জোক আৰু পৰুৱাই আদৰিবলৈ ৰৈ থাকে যাত্ৰা আৰু কঠিন হৈ পৰে। এখন হাতত এডাল লাঠি, আনখন হাতত নিমখৰ পেকেট লৈ যাব লাগে। গছৰ পৰা হঠাতে জোক পৰিব পাৰে। জোকৰ ওপৰত নিমখ পেলাই দিলেহে সাৰিব পাৰি। পাহাৰৰ লুঙলুঙীয়া পথেৰে সাৱধানে গৈ আছে দলটো। ইপিনে সন্ত্ৰাসবাদীয়ে কেনেবাকৈ চোপ লৈ থাকিব পাৰে। তাৰ মাজতে সিহঁতে বতাহৰ হো-হোৱনি শব্দ শুনিবলৈ পালে। জোৰেৰে বোৱা বতাহজাকে যেন সিহঁতক উৰুৱাইহে নিব। কাৰো মাত কোনোৱে নুশুনা হ’ল। সিহঁতে একে ঠাইতে ৰৈ দিলে। ধীৰে ধীৰে ধুমুহা-বতাহ শাম কাটিল। চৰাইৰবোৰ জাকে জাকে আকাশত উৰিবলৈ ল’লে। চৰাইৰ মাতত শেনচোৱাৰ মনলৈ নতুন উদ্যম আহিল। সকলোকে লৈ আগুৱাবলৈ ল’লে। তেনেকৈ সিহঁতে একেৰাহে চাৰিঘণ্টা গৈ থাকিল। পাহাৰৰ শৃংগত অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ ৰিপিটাৰ ষ্টেচন এটা আছে। তাত এক প্লেটুন জোৱানক ডিউটিৰ বাবে ৰখা হৈছে। অনাতাঁৰ ষ্টেচনৰ পৰা গোটেই জিলাখনলৈ বেতাঁৰ যোগাযোগ স্থাপন হয়। ষ্টেচনৰ পৰা নামি অহা জোৱান দুজনে ক’লে যে অলপ আঁতৰত কালি নিশা গুলীৰ শব্দ শুনিছিল। মানুহদুজনে দেখুৱাই দিয়া দিশেৰে গৈ গৈ সিহঁতে দেখা পায় তিনিটা গুলীবিদ্ধ মৃতদেহ। জোৱানসকলে বাঁহগছ কাটি মৃতদেহ কেইটা বাঁহত ওলোমাই লৈ মাহুৰলৈ দাঙি আনিলে।
ইতিমধ্যে তিনিজন মাৰ জনগোষ্ঠীৰ লোকৰ হত্যাৰ খবৰটো জিলাখনৰ গাঁওবোৰলৈ বিয়পি পৰে। সন্ধিয়া হোৱাৰ লগে লগে কেইবাটাও সেনা-আৰক্ষীৰ দলে পেট্ৰ’লিং আৰম্ভ কৰে। প্ৰতি-আক্ৰমণৰ সম্ভাৱনাই বেছি। নিশা ন বজাত দূৰৰ পাহাৰখনত দেখা পোৱা গ’ল জুইৰ লেলিহান শিখা। শেনচোৱাই ঘটনাস্থলীলৈ যাবলৈ ওলাওতে মনত পৰিল এছ পিৰ উপদেশ – নিশা পাহাৰ বগাই যাবলৈ মানা কৰি থৈছে। অথচ চকুৰে সেই দৃশ্য চাই থাকিবও নোৱাৰি। সৰু সৰু জুপুৰি ঘৰবোৰ দুষ্কৃতিকাৰীয়ে জ্বলাই দিছে, দায়িত্বশীল আৰক্ষী বিষয়া হৈ একো নকৰাকৈ দূৰৰ পৰা চাই থাকিব পাৰিনে? বৃহৎ সেনা-আৰক্ষীৰ দল কিহৰ কাৰণে বাৰু মাহুৰত বাহৰ পাতি আছে? সি ডিআইজি কুমাৰৰ আদেশ বিচাৰি ৱাৰলেছত কথা পাতে। তেখেতে একে কথাই ক’লে, “পৰুৱাৰ দৰে মৰিবলৈ আপোনালোক তাত থকা নাই। এইবোৰ উগ্ৰপন্থীক আলফাৰ লগত তুলনা নকৰিব। ইহঁতৰ কোনো দয়া, মৰম, মানৱতা নাই, অতি নিষ্ঠুৰ।”

গোটেই নিশা সি ৰাস্তাত টহল দি থাকিল। ৰাতিপুৱা গাঁওবোৰ নিৰীক্ষণ কৰিবলৈ ওলাই গ’ল। আক্ৰমণৰ চিকাৰ হোৱা গাঁওবোৰত কোনো মানুহ নাই। ইতিমধ্যে ভয়তে পলাইছে। ঘৰবোৰৰ পৰা তেতিয়া ধোঁৱা ওলাই আছিল। আনকি ধানেৰে ভৰা ভঁৰালঘৰো সাৰি নগ’ল। সকলো পুৰি ছাই হৈ গৈছে। দুখীয়া মানুহবোৰৰ বছৰ বছৰ ধৰি সাঁচিথোৱা সম্বলকণ এৰাতিৰ ভিতৰত নোহোৱা হ’ল। সন্দেহত আটক কৰিবলৈ ওচৰৰ গাঁৱত কোনো এজন যুৱকক বিচাৰি নাপালে।

ইয়াৰ পাছত প্ৰতিটো দিনেই আৰক্ষীৰ বাবে আছিল এক সংগ্ৰামৰ দিন। নিজৰ খোৱা, শোৱা সকলো নোহোৱা হ’ল। দিনে এঘণ্টাতকৈ বেছি সময় শুবলৈ পোৱা নাছিল সি। তেনেকৈ এটা মাহ পাৰ হ’ল। সি শুনিবলৈ পালে যে মাৰ জনগোষ্ঠীৰ প্ৰতিখন গাঁও ডিমাচাসকলে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। সঁচাকৈয়ে বহুকেইখন মাৰ অধ্যূষিত গাঁও জ্বলাই দিলে। তাৰ লগে লগে ডিমাচা উগ্ৰপন্থীয়ে ২৪ ঘণ্টাৰ ভিতৰত মাৰ জনগোষ্ঠীক পাৰ্বত্য জিলাখনৰ পৰা ওলাই যাবলৈ কয়।

লাহে লাহে তাৰ ওপৰৱালাৰ প্ৰতি খং উঠিবলৈ ল’লে। নিজৰ মতে যেন কাম কৰিবলৈ নিদিয়ে। ইপিনে অপাৰেচনত যাব খুজিলেও যাবলৈ নিদিয়ে। দীৰ্ঘদিন টোপনি খতিৰ বাবে নেকি সি কিছু খিংখিঙীয়া হৈ পৰিছে। নিজৰ তলতীয়া আৰক্ষী বিষয়া, জোৱানক মাজে সময়ে গালি পাৰিবলৈ ধৰে। এক হতাশাই যেন তাক আগুৰি ধৰিলে। ৰাধাৰ সৈতে কথা পাতিব পৰা নাই। তাইৰ কোনো খবৰো পোৱা নাই। প্ৰসৱৰ দিন চমু চাপি আহিছে। ইপিনে তাৰ কান্ধত আছে শন্তি ৰক্ষাৰ গধুৰ দায়িত্ব। সকলোকে সি সুৰক্ষা প্ৰদান কৰিব লাগিছিল। কিন্তু দিন যায় মানে পৰিস্থিতি বেয়ালৈহে যাব ধৰিছে। কেতিয়াবা সি নিজৰ লগত কথা পাতে। তাৰ আচৰণবোৰ দেখি তলতীয়া আৰক্ষী জোৱানসকলে ভয় খাবলৈ ধৰে।

এপ্ৰিলৰ এক তাৰিখে সন্ধিয়ালৈ সি খবৰ পায়, আগদিনা মাৰ জনগোষ্ঠীয়ে মণিপুৰ সীমান্তত থকা কেইবাখনো ডিমাচা গাঁওক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে। গাঁৱৰ ডেকাবোৰক পাহাৰৰ ওপৰলৈ অপহৰণ কৰি নিছে। শেনচোৱালৈ ওপৰৱালাৰ নিৰ্দেশ আহে, পিছদিনা ৰাতিপুৱা যিমান পাৰি সৈন্য-সামন্ত লগত লৈ উদ্ধাৰ অভিযান চলাব লাগে। প্ৰয়োজন হ’লে দুই-তিনিদিন পাহাৰতে কেম্প কৰি থাকিব লাগিব। সেইমতে সি সকলো সৰঞ্জাম, খোৱা-বোৱাৰ ব্যৱস্থা কৰি উদ্ধাৰ অভিযানত যাবলৈ ওলাল। ইতিমধ্যে সেনাবাহিনীৰ বৃহৎ দল এটা মাহুৰ আহি পাইছে। ফাগুনৰ মাহ, সৰাপাতেৰে ভৰি পৰিছে গোটেই পাহাৰখন। প্ৰতিটো খোজতে খচ্ খচ্ শব্দ ওলায়। এশৰ ওপৰ জোৱানৰ ভৰিৰ খোজত ওলোৱা শব্দ পাহাৰত ঠেকা খাই প্ৰতিধ্বনি হৈ পুনৰ উভতি আহে। জিৰাবলৈ অলপ সময় ৰৈ দিলেই গোটেইখন নিস্তব্ধ। সেই সময়কণ শেনচোৱাই বৰ ভয় কৰে। গুলীৰ শব্দ শুনি থাকিলেও ইমান ভয় নালাগে। মাজে মাজে মেঘ উৰি আহি পাহাৰখন আগুৰি ধৰে। শুকুলা মেঘে ভগৰুৱা জোৱানসকলকো চুই যায়, গা-মন জুৰ পেলায়। মণিপুৰ সীমান্ত পোৱাৰ কিছু আগত বেলি লহিয়াবলৈ লয়। এখন সমতল ভূমিত সকলোৱে নিশাটো পাৰ কৰে। শেনচোৱাই নিশা অকণ সময়ো শুব নোৱাৰিলে। পিছদিনা ৰাতিপুৱা দলটো পুনৰ আগবাঢ়ে। জ্বলাই দিয়া গাঁওবোৰ পাৰহৈ পাহাৰৰ ওপৰত উঠি যিটো দৃশ্য দেখিলে দলৰ সকলোৰে গাৰ নোম ডাল ডাল হৈ পৰিল। পূৰা ২৩টা গুলীবিদ্ধ শৰীৰ মাটিত পৰি আছে। মৃত্যু হোৱা ৬০ ঘণ্টা পাৰ হৈ গৈছে। কিছুমানৰ দেহৰ কিছু অংশ শিয়াল-কুকুৰে ভক্ষণ কৰিছে। মৃতদেহৰ পৰা গোন্ধ ওলাব ধৰিছে। ইমান কেইটা মৃতদেহ মাহুৰলৈ নিবলৈও অসুবিধা। তাৰ প্ৰথম কাম হ’ল গোটেই অঞ্চলৰ ফটো লোৱা, সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰা খালি কাৰ্টিজসমূহ সংগ্ৰহ কৰা আৰু মৃতদেহবোৰ সৎকাৰ কৰা। সকলো কাম সমাপ্ত কৰি দলটো পিছদিনাখন মাহুৰ পায়। তেতিয়ালৈ শেনচোৱাৰ স্বাস্থ্য ভাঙি পৰে। খং-ৰাগত সি ডিআইজি, এছ পিক ৱায়াৰলেছত গালি পাৰে, যদিও সি জানে যে অনুশাসন ভংগ কৰিলে চাকৰি জীৱনত বিৰূপ প্ৰভাৱ পেলাব। মাহুৰ পাই নিজেও উপলব্ধি কৰিছে যে সি অস্থিৰ হৈ পৰিছে। একে ঠাইত থিৰেৰে থাকিব পৰা নাই। খঙটো যেন সদায় নাকৰ আগতে লাগি থাকে। অলপ সময় বিছনাত শুব পাৰিলে তাৰ কিমান যে ভাল লাগিলহেঁতেন। অথচ বিছনাখনত পৰিলেও তাৰ টোপনি নাহে। তাৰ দুচকুত মৃতদেহ, পুৰি ছাই হৈ যোৱা ঘৰবোৰৰ ছবিহে ভাহি আহে। সেনা-আৰক্ষী, ওপৰৱলা, সকলোৰে ওপৰত তাৰ সন্দেহ ঘনীভূত হ’বলৈ ধৰে। মনলৈ আহে, মাৰ-ডিমাচা সকলৰ বিৰুদ্ধে যেন এক বৃহৎ ষড়যন্ত্ৰ চলিছে। সেই ষড়যন্ত্ৰত সকলো সেনা-আৰক্ষী বিষয়া জড়িত আছে। কেৱল সিহে মানুহৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা চলাই আছে।

সেইদিনটো শেনচোৱাই জীৱনত পাহৰিব নোৱাৰে। ৬ এপ্ৰিল, ২০০৩ তাৰিখ, নিশা ৮ বাজিছে। মাহুৰৰ পৰা সি দেখা পালে চাৰিওফালে পাহাৰবোৰত কেৱল জুইশিখা। কোন জনগোষ্ঠীৰ গাঁও কোনে জ্বলাইছে সি নাজানে। সি কেৱল চিঞৰিছে। সকলো জোৱানক সি মাতিছে। ৰাইফলটো লৈছে আৰু আকাশলৈ বুলি গুলী ফুটাইছে। গোটেই নিশা সি চিঞৰিলে আৰু গুলী ফুটালে। জোৱানসকলক সি মাজে মাজে গালি পাৰিছে। সি ভাবে সিহঁতৰ বাবেহে এইবোৰ ঘটিবলৈ পাইছে। সেই ধ্বংস-যজ্ঞৰ মাজত তাৰ মনত আন এটা ভয় মূৰত সোমাল। সি নথকাৰ সুযোগত তাৰ পত্নী ৰাধা আৰু আহিবলগীয়া সন্তানৰ ওপৰত সিহঁতে আক্ৰমণ চলাব। এক বৃহৎ কনস্পাইৰেচী। কোনো এজনকো বিশ্বাসত ল’ব নোৱাৰি। খঙত সি ফেোপাবলৈ ধৰে। সকলো জোৱানক সি যেন মাৰি পেলাব। সকলোবোৰ এতিয়া তাৰ শত্ৰু হৈ পৰিছে। নিশা সি কোনো এজনকে শুবলৈ নিদিলে, খাবলৈও নিদিলে।

ৰাতিপুৱা ডিআইজিয়ে হাফলঙৰ পৰা মাহুৰ আহি পায়। তেওঁৰ নিৰ্দেশত তিনিজন চিপাহীয়ে শেনচোৱাৰ হাতৰ পৰা ৰাইফলটো কাঢ়ি লয়। সি খঙতে ডিআইজিক গালি পাৰিবলৈ ধৰে। চিপাহী কেইজনক সি মাৰিবলৈ খেদি যায়। লগে লগে কেইবাজনো চিপাহীয়ে তাক গবা মাৰি ধৰে। ডিআইজিৰ নিৰ্দেশত তাক মাৰুতী জীপ্চী খনত উঠাই দিয়ে। সি নিশ্চিত হ’ল সিহঁতে হত্যাকাণ্ড সংঘটিত হ’লে ভাল পায়। সি থাকিলে সেইবোৰ হ’বলৈ বাধা দিব। সেইকাৰণে তাক সকলোৱে মিলি খেদিবলৈ লৈছে এতিয়া। গাৰ জোৰেৰে সি গাড়ীৰ পৰা নামিবলৈ চায়, পিছে নোৱাৰিলে। তেনেকৈয়ে গাড়ীত তাক গবা মাৰি ধৰি লৈ গৈ থাকে। দিনটো গৈ থকাৰ পাছত দেখিলে যে গাড়ীখন হাস্পতাল এখনত সোমাইছে। এজন ডাক্তৰে আহি তাক জোৰ কৈ বেজী এটা দিয়ে। তাৰপাছত সি সংজ্ঞা হেৰুৱাই পেলালে।

কিমান পৰ সি শুলে নাজানে, গভীৰ টোপনিৰ পৰা সাৰ পাই দেখে সি বিছনাত পৰি আছে। এবাৰ চকু মেলি চালে। হাতত চেলাইন দি থৈছে, হাস্পতালৰৰ কেবিন এটাত আছে। উঠিবলৈ সি চেষ্টা কৰিলে, নোৱাৰিলে। দেহত অলপো যেন শক্তি নাই। ধীৰে ধীৰে সি অনুভৱ কৰিলে কাৰোবাৰ হাতৰ পৰশ। চকামকাকৈ দেখিলে কাষত ৰাধা বহি আছে। আলফুলে তাৰ কপালত হাত বোলাই দিছে। তাৰ বিশ্বাস হোৱা নাই। সপোন দেখিছে নেকি সি। অথবা সি ভ্ৰম দেখিবলৈ লৈছে, হেলুচিনেচনত ভুগিছে। দেহৰ শক্তি গোটাই সি কথা পাতিবলৈ চেষ্টা কৰে। সি ক’ব পৰা নাই। ৰাধাই তাৰ হাতখন টানি লৈ কোচত লৈ থকা সদ্যোজাত সন্তানৰ মূৰত ৰাখে। সি চঁক খাই উঠে।

“এয়া সপোন নে দিঠক, ৰাধা? “

“দিঠকতে দেখিছা। চোৱা আমাৰ সন্তানটি। আজি পাঁচ দিন হ’ল কণমানি পৰীজনীৰ জন্ম পোৱাৰ। তোমালৈ খবৰ হে পঠিয়াব পৰা নাছিলোঁ। তাইৰ নাম কি থৈছো জানা, বিশু, হাফলঙত প্ৰথম দিনা ডিমাচাসকলে তোমাক যে আদৰিছিল বিশু নৃত্যৰে।”

“এইবাৰ তুমিও ওলাবা মোৰ লগত। জিলাখনত শান্তি প্ৰতিষ্ঠা কৰিব লাগিব। তুমি মোৰ লগত থাকিলেহে সেয়া সম্ভৱ হ’ব।”

“আগেয়ে তুমি সুস্থ হৈ লোৱা। আমি তিনিও যাম। এছপি ছাৰে খবৰ লৈ আছে তোমাৰ। লগতে আমাৰো।”

এনিশাৰ ভিতৰত মন্দিৰ নিৰ্মাণ কৰিব নোৱৰাৰ দোষে চুইছিল তেতিয়াৰ শান্তিপ্ৰিয় কছাৰী ৰাজ্যবাসীক। আজিও তাৰ পৰা যেন মুক্তি পোৱা নাই। হয়তো সোনকালে সেই দোষ মৰিষণ হ’ব। বিশু ডাঙৰ হোৱালৈ দেশ-বিদেশৰ মানুহে পাৰ্বত্য জিলাখনলৈ গৈ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰিব পাৰিব।

(প্ৰয়াত বিদ্যুৎ বুঢ়াগোহাঁই, এপিএছ ৰ সোঁৱৰণত)

(আকাশবাণী, গুৱাহাটী ১৮ অক্তোবৰ, ২০২৩ ত সাহিত্য চ’ৰা অনুষ্ঠানত প্ৰচাৰিত)

 


বঙহ
ধ্ৰুৱজ্যোতি অৰ্জুন

চাকৰিটোত যোগদান দিয়াৰ পিছত সি এইবাৰ প্ৰথম ঘৰলৈ আহিছে। বিগত ছমাহত সি বিভাগীয় কামবোৰ শিকিবলৈ অসম্ভৱ ব্যস্ত হৈ থাকিব লগা হ’ল। তাৰ যমজ ভায়েকটো ঢুকোৱাৰ খবৰটো সি পালে যদিও মাক বাপেকেই তাক সবাহলৈ আহিবলৈ হাক দিলে। অভাৱী ঘৰখনৰ বাবে তাৰ চাকৰিটো এক মহাৰ্ঘ বস্তু। ভায়েকৰ দহা-কাজৰ নিয়ম নীতিবোৰ দদায়েকৰ ল’ৰা বুমনেই কৰিলে। যঁজা ভায়েকটোৰ মৃত্যুৰ দুখবোৰ কোনোমতে সামৰি সি দৈনন্দিন কাম-কাজত ব্যস্ত হৈ ৰ’ব লগা হ’ল। সৰুৰে পৰা অভাৱৰ সতে যুঁজি যুঁজি কোনোমতে ভালদিন আহোতেই ভায়েকটোৱেই এৰি গ’ল।
: খাক্ থু। নদীৰ বানখনত মৰা গৰু লাগি আছে হ’বলা। ইমান গোন্ধাইছে…
ঘাটুৱৈ হলিৰাম দদাইৰ কথাতহে সি বাস্তৱ জগতলৈ ফিৰি আহিল। চহৰৰ পৰা তাৰ ঘৰ পাবলৈ ভালেখিনি সময় লাগে। আধাদিনৰ বাছ যাত্ৰা কৰি তাৰ পৰা পুনৰ দহকিলোমিটাৰ পথ মেজিক বা টেম্পোত আহিব লাগে। এই পথছোৱা সাংঘাতিক বেয়া। দিনটোত দুখন মেজিক আৰু দুখন টেম্পো চলে। সেই কেইখনৰো চলাচলৰ সময় নিৰ্দিষ্ট নহয়। যাত্ৰীৰে ভৰ্তি নোহোৱা পৰ্যন্ত ৰৈ থকা ঠাইৰ পৰা আগবঢ়াৰ নামেই নলয়।
তাৰ চাকৰিটো নতুন। সেয়ে ছুটী টুটিবোৰ বৰকৈ লোৱাৰ ইচ্ছা নকৰি সি এবেলা অফিচ কৰি আনবেলাটো ছুটী লৈ সৰ্বমুঠ ডেৰ দিনৰ ছুটি লৈ ঘৰলৈ বুলি আহিছে। ভায়েকটোৰ ছমহীয়া সকামটোত অন্তত: সি উপস্থিত থাকিব বিচাৰে। তদুপৰি সি পাৰিলে তৰালীৰ মাক বাপেকক এবাৰ লগ কৰি কথাবোৰ খোলাখুলিকৈ পাতি আহিব। ভায়েকৰ বছৰেকীয়া নোযোৱা পৰ্যন্ত তাৰ ঘৰত বিয়া বাৰু পাতিব নোৱাৰে যদিও কথাবোৰ আগবঢ়াই থ’লে ভাল।
: তই গোন্ধ পোৱা নাই। খাক্ থু।
হলিৰাম ঘাটু্ৱৈৰ কথাত সি নৈখনলৈ চালে। আচলত সি ইমানদেৰি নিজৰ ভাৱতে মগন থকাৰ বাবে একো গমেই পোৱা নাছিল। বেয়া বাটতোত টেম্পোৱে দিয়া থেকেচনিৰ বাবেই হয়তো সি কঁকালত মিহিকৈ বিষ এটা অনুভৱ কৰিলে। টেম্পোৰ পৰা নামি তাৰ ঘৰলৈ পুনৰ নদী এখন পাৰ হ’ব লাগে। অঞ্চলটোৰ ৰাইজৰ বহু অনুৰোধৰ অন্তত: এতিয়া চৰকাৰে তাত দলং এখন সাজি আছে যদিও সেইখন সম্পূৰ্ণ হ’বলৈ ভালে কেইবছৰমান লাগি যাব। সি নতুনকৈ সাজি থকা দলঙখনলৈ চাই পঠিয়ালে। অন্ধকাৰত নদীৰ মাজত থিয় হৈ থকা দলঙৰ খুঁটাকেইটাক একোটা বৃহৎ দৈত্য যেন লাগিল তাৰ।
: দলঙখন হোৱাৰ পিছত আপোনাৰ ঘাটটো উঠি যাব দেখোন দাইটি। কি কৰিবা তাৰ পিছত?
সি হলিৰাম দাইটিলৈ চাই সুধিলে। অন্ধকাৰৰ মাজত হলিৰাম দাইটিয়ে চপ্ চপ্ বঠা মৰাত ব্যস্ত।
: কিনো কৰিবি আৰু? ৰাইজখনে দলঙখন পাব। ঠাইখন ভাল হ’ব। দলঙৰ সিটো মূৰতে সৰুকৈ দোকান এখন বহাম। খেক্ থু।
হলিৰাম দাইটিয়ে নিৰ্লিপ্তভাৱে উত্তৰ দিলে।
কি গোন্ধ পাই আছে হলিৰাম দাইটিয়ে সি উমান নাপালে। নাকটো উজাই সিয়ো বতাহত গোন্ধ ল’বলৈ চেষ্টা কৰিলে।
: কি গোন্ধ পাই আছেনো আপুনি দাইটি? মইচোন নাই পোৱা।
সি আচৰিত হৈ প্ৰশ্ন কৰিলে।
নাওখন নদীখনৰ মাজমান পাইহেছি হ’বলা। হলিৰাম দাইটিয়ে ইমান দুৰ থুৱাই অহাটোৱে তাক আচৰিত কৰিলে।
: খিক্ খিক্ খিক্
তাক আৰু আচৰিত কৰি হলিৰাম দাইটিয়ে নদীৰ মাজতে খিকখিকাই হাঁহি উঠিল। জোনৰ পোহৰত সি দেখিলে নাওখনৰ টিঙটোৰ ওচৰত দাইটিয়ে বহা ঠাইৰ পৰা থিয় হ’ল। হঠাতে বঠাপাত দাঙি দাইটিয়ে সেইপাত নদীৰ সোঁতত এৰি দিলে।
: দাইটি! পগলা হ’ল নেকি আপুনি? বঠাপাত কিয় পেলাই দিলে!
সি একপ্ৰকাৰ আৰ্তনাদ কৰি উঠিল।
: ককাই! নদীৰ পানীত গেলি যোৱা শৰ গোন্ধ পাইছ? বৰ বেয়া গোন্ধাই। পানীপোকবোৰে যেতিয়া মুখখন খাই থাকে বৰ বেয়া গোন্ধ এটা পোৱা যায়।
হলিৰাম দাইটিৰ মাতটো হঠাতে সলনি হ’ল।
সি হলিৰাম দাইটিলৈ চালে। জোনৰ পোহৰত হলিৰাম দাইটিৰ মুখখন জিলিকি উঠিল। দাইটিৰ মুখখনত অসংখ্য পানীপোকে কিলবিলাই আছে।
: ভূত।
তাৰ বুকুখন ভয়তে ভয়ংকৰ গতিত ধপধপাই উঠিল।
: ৰহ! ভয় নকৰ। মোক চিনি নোপোৱা হ’লি তই? নিজ ভায়েৰক চিনি নোপোৱা হ’লি।
হলিৰাম দাইটিৰ মুখৰ মাংসবোৰ ক্ৰমে গলি গলি থুতৰিয়েদি নামি আহিল। তাতো লমালমে পানীপোক।
: বাবা!!
সি ভয়তে সেপ ঢুকি কোনোমতে ভায়েকৰ নামটো উচ্চাৰণ কৰিলে।
: কিয় মাৰি পেলালি মোক? কোনেও নাজানিলেও তই আৰু মইতো ভালকৈয়ে জানো মোক কোনে মাৰিলে৷
মোক ফুচুলাই সাতুৰিবলৈ নি পানীৰ তলত তই হেঁচি মাৰি পেলালি। নদীৰ টুপটোতে মোক পুতি থৈ দুদিনৰ পিছতে তই চাকৰিত যোগ দিলিগৈ। তাত কিমান দিন কষ্টত থাকিলোঁ জাননে?
ভায়েকৰ চকু এটা তাৰ ভৰিৰ কাষতে সৰি পৰিল।
: তই জীয়াই আছ বাবা? মানে কেনেকৈ জীয়াই থাকিলি?
ভায়েকক সুধিম বুলি ভাবিওঁ তাৰ মুখেৰে একো মাত নোলাল। তাৰ অণ্ঠকণ্ঠ ইতিমধ্যে শুকাই গৈছে।
: যঁজা হোৱাৰ এয়াই সুবিধা। তোৰ আৰু মোৰ চেহেৰা একেই। মোৰ নামত চাকৰিটো হৈছে বুলি গম পাই তই এইটো পৰ্যায়লৈ যাবি বুলি মই ভবা নাছিলোঁ। তই মোৰ নামটোও কাঢ়ি ল’লি। তই পুতি থৈ যোৱাৰ পাঁচদিন পিছত টুপটো গৰাখহনীয়াই লোৱাত মই পানীৰ মাজত কেবাদিনো থাকিলোঁ।
ভায়েকৰ ডিঙিয়েদি নামি অহা পূঁজপানীৰ উৎকট গোন্ধত এইবাৰ তাৰ বমি অহাৰ উপক্ৰম হ’ল।
: তোক একো নকৰোঁ। ভয় নকৰিবি ককাই। মা দেউতাৰ বাবেই তই জীয়াই থকাটো জৰুৰী। কিন্তু তই মোৰ নামটো লৈ গ’লি। মোৰ প্ৰাণটোও নিলি। মই তোৰ প্ৰেমিকাক লৈ যাম। যোৱা এটা সপ্তাহ মই নিশা নিশা তাইৰ লগত আছোঁ। তাইৰ কোমল দেহাটো মই হেঁচা মাৰি ধৰোঁ তই পানীৰ তলত মোক হেঁচা মাৰি ধৰাৰ দৰে। মোৰ ভাল লাগে। তাইৰ কোমল বুকুত খামুচি ধৰিলে মই তোৰ ডিঙিটো মুচৰি ধৰাৰ দৰে লাগে।
বৰ বিকটভাৱে বাবাই হাঁহি উঠিল।
: মোৰ উৎকট গোন্ধটোৰ পৰা পৰিত্ৰাণ পাবলৈ মই তাইৰ উৰুৰ মাজত মুখ লুকুৱাও। তাই মোৰ কথা জানে। তাই কষ্ট পায়। কিন্তু তাই এইবোৰ বেলেগৰ আগত ক’লে সকলোকে মাৰি পেলোৱাৰ ভয় দেখুৱাই থৈছোঁ। আজি নিশা তাইক মোৰ লগত মই একেবাৰেই লৈ যাম। তই অহালৈ বাট চাই আছিলোঁ মাত্ৰ।
বাবাৰ অৰ্ধগলিত দেহটোলৈ অধিকপৰ চাই ৰ’বলৈ তাৰ সাধ্য নহ’ল। দেহটোৱে তাক এৰি এইবাৰ পানীৰ মাজলৈ জাঁপ দিলে।
জপংকৈ এটা শব্দ হ’ল।
তাৰ পিছত সীমাহীন নীৰৱতা।
নদীৰ মাজত বলা বতাহ আৰু পানীৰ সোঁতৰ শব্দই সেই নীৰৱতাক অধিক গহীন হে কৰি তুলিলে।
নৈখনৰ সিটো পাৰত তেতিয়া একুৰা জুই জলি আছিল।
ঘাটুৱৈ হলিৰাম দুপৰীয়াতে সিফলীয়া হ’ল।
তেওঁৰ চিতাৰ জুই।

 


ভুল নুবুজিবা দেউতা

যাদৱ হাজৰিকা

অসময়ত কাৰ্যালয়ৰপৰা মিছ প্ৰাঞ্জনা চলিহাক ওলাই অহা দেখি গাড়ীচালক সঞ্জয় কাষ চাপি আহি চেলুট দি গাড়ীখনৰ পিছৰ দৰ্জাখন খুলি দিলে আৰু তেওঁৰ নিৰ্দেশলৈ অপেক্ষা কৰি ৰ’ল। প্ৰাঞ্জনাই একো নকৈ ছীটত বঢ়ি ম’বাইল ফোনটোত কিবা চাবলৈ ধৰিলে।

প্ৰাঞ্জনা চলিহা জিলাৰ উপায়ুক্ত। কাৰ্যালয়ৰ পৰা ইমান সোনকালে উপায়ুক্ত ওলাই আহি গাড়ীত বহা দেখি নিৰাপত্তাৰক্ষী কেইজনৰ থৰকাছুটি হেৰাল। এনেদৰে অসময়ত কাৰ্যালয়ৰপৰা উপায়ুক্ত হঠাৎ ওলাই আহিব বুলি কোনেও ভবা নাছিল। আবাস গৃহৰপৰা উপায়ুক্তক কাৰ্যালয়লৈ অনাৰ পিছত নিৰাপত্তাৰক্ষী সকলে কাৰ্যালয়ৰ ওচৰৰ পাণ দোকান নাইবা চাহৰ গুমটিত বহি আড্ডা মাৰে৷ চাহ খোৱাই চাহ, চিগাৰেট খোৱাই চিগাৰেট আৰু পাণ-তামোল খোৱাসকলে পাণ-তামোল খাই খাই আড্ডা মাৰে। কেনিবা যাবলৈ নাথাকিলে সাধাৰণতে পাঁচ বজাৰ আগত উপায়ুক্তই কাৰ্যালয় নেৰে আৰু যাবলগীয়া থাকিলে আগতীয়াকৈ সকলোকে জনাই থয়। আজি কিন্ত ক’ৰবালৈ যাব বুলিও জনোৱা নাছিল। সেয়েহে এনেদৰে হঠাৎ কাৰ্যালয়ৰ পৰা ওলাই অহা দেখি সকলো আচৰিত হ’ল। সঞ্জয়ে মন কৰিলে উপায়ুক্ত বাইদেউ আজি কিছু চিন্তাত আছে, মুখত উদ্বিগ্নতাৰ চিন স্পষ্ট। আনদিনা হোৱা হ’লে হাঁহি মাৰি সুধিলেহেঁতেন “তোমালোকে চাহ-তাহ খালানে?” আনতকৈ এইগৰাকী উপায়ুক্ত পৃথক, অফিচৰ পিয়নটোৰ পৰা অতিৰিক্ত উপায়ুক্তলৈকে সকলোৰে লগত সম ব্যৱহাৰ কৰে। সকলোৰে লগত হাঁহি-মাতি আন্তৰিকতাৰে কথা পাতে। মন ভাল থাকিলে বা কামৰ হেঁচা নাথাকিলে দুই এটা ধেমেলীয়া কথাও কয়, সিহঁতৰ পৰিয়ালৰ কথা, গাঁৱৰ কথা সোধে।

ভাগ্য ভাল গাড়ী চালক সঞ্জয় গাড়ীত বহি আছিল। বাকীবোৰ ওচৰে-পাঁজৰে আছিল। সঞ্জয়ে ফোন কৰি লগৰবোৰক মাতি দিলে। সকলো অহাৰ পিছত চালকৰ ছীটত বহি উপায়ুক্তৰ নিৰ্দেশলৈ অপেক্ষা কৰিলে। উপায়ুক্ত প্ৰাঞ্জনা চলিহাই ক’লে –

: বালিগাঁওলৈ ব’লা।

সঞ্জয়ে গাড়ী ষ্টাৰ্ট দি বালিগাঁৱৰ দিশে আগবাঢ়িল। পিছে পিছে নিৰাপত্তাৰক্ষীৰ গাড়ীখন আগবাঢ়িল। বালিগাঁও পাৰ হৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিত উঠাৰ পিছত সঞ্জয়ে পুনৰ উপায়ুক্তলৈ ঘুৰি চালে।

: ককিলামুখৰ শান্তি আশ্ৰম-প্ৰাঞ্জনাই ক’লে।

আশ্ৰমৰ মূল প্ৰৱেশ পথৰ কিছু আঁতৰতে গাড়ীখন ৰখাবলৈ দি প্ৰাঞ্জনা নামি গ’ল। নিৰাপত্তাৰক্ষী কেইজনক আশ্ৰমৰ চৌহদৰ বাহিৰতে ৰ’বলৈ কৈ তেওঁ শান্তি আশ্ৰমৰ ভিতৰলৈ অকলে প্ৰৱেশ কৰিলে।

আশ্ৰমত সেই সময়ত জনসমাগম নাই। আশ্ৰমৰ কোনো লোকে তেওঁক চিনিও নাপায়। মূল মন্দিৰৰ সন্মুখত আহল-বহল প্ৰাঙ্গণ, প্ৰাঙ্গণৰ সিপাৰে এখন সুন্দৰ ফুলনি। এতিয়া ফুলৰ বতৰ। নাৰ্জি, ডালিয়া, পিটুনিয়া, চেলভিয়া আদি ফুল ফুলি ৰমকজমক হৈ আছে। প্ৰাঞ্জনাক যেতিয়াই নানা সমস্যাই আগুৰি ধৰি মানসিকভাৱে ব্যতিব্যস্ত কৰি তোলে, সময়ত সঠিক সিদ্ধান্ত লোৱাত দ্বিধাগ্ৰস্ত হয়, তেতিয়াই তেওঁ কিছুমান বিশেষ ঠাইলৈ ওলায় যায়। কেতিয়াবা ব্ৰহ্মপুত্ৰ নৈৰ পাৰলৈ, কেতিয়াবা ককিলামুখৰ শান্তি আশ্ৰমলৈ নাইবা অৰুণা চাপৰিৰ “অৰণ্য মানৱ” পদ্মশ্ৰী যাদৱ পায়েঙৰ “মোলাই কাঠনি”লৈ। কিছু সময় প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশত অকলশৰে কটায় আৰু কিবা সিদ্ধান্ত ল’ব পাৰিলে নাইবা মনটো শান্ত হ’লেই পুনৰ উভতি গৈ কামত ধৰেগৈ। আজি হঠাতে তাইৰ শান্তি আশ্ৰমলৈ আহিবৰ মন গ’ল। এইখনো এনে এখন ঠাই য’ত মানুহৰ হুলস্থূলৰপৰা আঁতৰি শান্তিৰে কিছু সময় নিজৰ সৈতে একাত্ম হৈ ভাৱ সাগৰত অৱগাহন কৰিব পাৰি।

আজি যিটো কথাই প্ৰাঞ্জনা চলিহাৰ মনটো অস্থিৰ আৰু অশান্ত কৰি তুলিছে, চাবলৈ গ’লে বৰ্তমান সময়ত সেইটো নিচেই সাধাৰণ কথা। আমাৰ সমাজ ব্যৱস্থাক ৰঘুমলাৰ দৰে ছাটি পেলোৱা এশ-এবুৰি সামাজিক ব্যাধিৰ দৰেই ইয়ো এটা, যি দিনক দিনে নিৰাময় হওক চাৰি বাঢ়িহে গৈছে। আনৰ বাবে সাধাৰণ হ’লেও প্ৰাঞ্জনাই কিন্তু কথাটো মুঠেই সাধাৰণভাৱে ল’ব পৰা নাই। ৰাজকাৰ্যত নিকা ভাৱমূৰ্ত্তিৰ মিছ প্ৰাঞ্জনা চলিহাৰ বাবে ই যেন সাধাৰণ কথা নহয়, এটা গুচাব নোৱাৰা কলঙ্কৰ চেকা।
মিছ প্ৰাঞ্জনা চলিহা অতি কম দিনৰ ভিতৰতে দোপতদোপে উন্নতি লভি উপায়ুক্তৰ আসনত অধিষ্ঠিত হৈ জনসাধাৰণৰ সেৱাত নিজকে উচৰ্গা কৰিছে। ৰাইজৰ মাজত প্ৰাঞ্জনা চলিহাৰ এটা সুনাম আছে৷ প্ৰায় সকলোৱে তেওঁক শ্ৰদ্ধা, সন্মান আৰু সমীহ কৰে। সাধাৰণ মানুহৰ মুখত প্ৰায়ে শুনা যায় “আজিৰ যুগত এইগৰাকী উপায়ুক্তৰ দৰে সৎ, নিষ্ঠাৱান, নিঃস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰা বিষয়া বৰ দূৰ্লভ।” জিলাখনৰ অতি দৰিদ্ৰজনৰ পৰা কোটিপতিজনলৈকে অঞ্জনা চলিহাৰ বাবে সকলো সমান, সকলোৰে লগত সম ব্যৱহাৰ কৰে। প্ৰাঞ্জনা চলিহাৰ কাৰ্যালয়ৰ দুৱাৰ সকলোৰে বাবে খোলা থাকে। উপায়ুক্ত প্ৰাঞ্জনা চলিহাক দেখা কৰি কথা পাতিবলৈ সেয়েহে কোনেও অলপো ভয়-সংকোচ নকৰে। জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন উদ্দেশ্যে দৈনিক বহুতো লোক আহে উপায়ুক্ত মহোদয়াক দেখা কৰিবলৈ। জিলাৰ মূৰব্বী হিচাপে সৎ উদ্দেশ্যে অহা বা সমাজৰ সমূহীয়া কামত অহা সকলোকে তেঁও দেখা কৰে। সকলোৰে কথাবোৰ মন দি শুনি সাধ্যৰ ভিতৰত পৰাখিনি সমাধান কৰাত পিচ নোহোঁহকে। কেতিয়াও পক্ষপাতিত্ব নকৰে।
প্ৰাঞ্জনাৰ এই ভাৱমূৰ্তি এদিনতে গঢ়ি উঠা নাই। তাৰ বাবে বহু সাধনা কৰিবলগা হৈছে। ত্যাগ, আত্মসংযম, দহৰ উপকাৰ আৰু মঙ্গলৰ বাবে নিজকে সমৰ্পণ আদি গুণসমুহ নিষ্ঠাৰে আহৰণ কৰিব লগা হৈছে। সমাজৰ আন দহজনৰ দৰে নিজৰ পদবীৰ সুবিধা লৈ বৈষয়িক ভোগ-বিলাসত উটি-ভাঁহি এক বিলাসী জীৱন যাপন কৰাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ কৰিব লগা হৈছে কৃচ্ছ সাধনা।

প্ৰাঞ্জনাই এই গুণ, এই আদৰ্শ আহৰণ কৰিছে নিজৰ দেউতাক প্ৰসন্ন চলিহাৰ পৰা। শৈশৱৰ পৰা শিক্ষক দেউতাকৰ যোগে পোৱা শিক্ষা আৰু আদৰ্শই প্ৰাঞ্জনা চলিহাৰ ব্যক্তিত্বক এক নিৰ্দিষ্ট আয়তন আৰু আকাৰ দিছে যাক সদায় অক্ষত ৰূপত ৰাখিবলৈ প্ৰাঞ্জনাই চেষ্টাৰ কোনোদিন ক্ৰুটি কৰা নাই।

সাহিত্যিক প্ৰসন্ন চলিহা দাৰ্শনিক ভাবাপন্ন সম্পূৰ্ণ নিজৰ বিচাৰ বিবেচনাত চলা স্থিতপ্ৰজ্ঞ ব্যক্তি। বিষ্ণুপ্ৰসাদ ৰাভাৰ অনুগামী, বামপন্থী মতবাদত বিশ্বাসী প্ৰসন্ন চলিহাই ভাবে “গোটেই সমাজখনক শুধৰাব নোৱাৰিলেও অন্ততঃ নিজৰ সন্তান দুটিকতো শুদ্ধ পথত চলিবলৈ শিকাব পাৰি। প্ৰত্যেক অভিভাৱকে যদি প্ৰথমে নিজৰ সন্তানসকলক সৎ আৰু শুদ্ধ ৰূপত চলিবলৈ অনুপ্ৰাণিত কৰে, তেনেহ’লে গোটেই সমাজখন, দেশখন আপোনা আপুনি শুদ্ধ হৈ পৰিব।”

প্ৰসন্ন চলিহাৰ দুটি সন্তান। প্ৰণয় আৰু প্ৰাঞ্জনা। আদৰ্শ পিতৃ হিচাপে চলিহাই নিজৰ সন্তান দুটিকো নিজৰ মতে গঢ়ি তুলিছে। প্ৰদৰ্শনকামী আভিজাত্য আৰু অতি উচ্চাকাংক্ষা পৰিহাৰ কৰি “simple living, high thinking” প্ৰবাদ মানি চলিবলৈ সৰুৰে পৰা নিজৰ সন্তান দুটিক উদ্বুদ্ধ কৰি আহিছে। শিকাইছে – নোপোৱা খিনিৰ বাবে মনত দুখ আৰু আক্ষেপ নাৰাখি পোৱাখিনিতেই সন্তুষ্ট থাকিবলৈ, সহজ সৰল জীৱন যাপন কৰি ফলাফলৰ চিন্তা নকৰি মানুহ হিচাপে কৰিবলগা সকলো কাম কৰি যাবলৈ। পাৰিলে দহৰ উপকাৰ কৰা, উপকাৰ কৰিব নোৱাৰিলেও কাৰো অপকাৰ, অন্যায়-অনিষ্ট নকৰাৰ শিক্ষা দিছে দুই সন্তানক। একান্ত বাধ্য সন্তানদ্বয়েও দেউতাকে দিয়া শিক্ষা আৰু সংস্কাৰ পাৰ্যমানে মানি আহিছে।

প্ৰণয় ছ’ভিয়েট ৰাছিয়াত থাকে। মাতৃভূমি এৰি বিদেশলৈ যাবলৈ অৱশ্যে তেওঁৰ অলপো ইচ্ছা নাছিল। আই আই টি চেন্নাইৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত দেশতে থাকি সেৱা আগবঢ়াবলৈ ইচ্ছা আছিল প্ৰণয়ৰ। কিন্তু মেধাবী প্ৰণয়ৰ শিক্ষা আৰু অভিজ্ঞতা কামত খটুৱাবলৈ দেশত কোনো সুযোগ-সুবিধা নাপালে। সেয়েহে ৰাছিয়াৰ এটি অগ্ৰণী গৱেষণা প্ৰতিষ্ঠানৰ পৰা আমন্ত্ৰণ লভি দেশ এৰি বিদেশলৈ যাবলৈ বাধ্য হয়। অৱশ্যে মোটা দৰমহাৰ উচ্চস্তৰৰ চাকৰি এটা নিজৰ দেশতো পালেহেঁতেন। কিন্তু সেইটোৱেই প্ৰণয়ৰ লক্ষ্য আৰু উদ্দেশ্য নাছিল। দেশৰ বাবে, দহৰ বাবে জীৱনত কিবা এটা কৰাৰ হাবিয়াস থকাৰ বাবেই দেশতে থাকিবলৈ মন কৰিছিল। কিন্তু নিজৰ দেশত থাকি লক্ষ্য পূৰণৰ আশা নেদেখি অৱশেষত বিদেশলে যাবলৈ বাধ্য হয়।

মেধা আৰু অধ্যৱসায়ৰ বলত প্ৰাঞ্জনাই যিদিনা ভাৰতীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈছিল, সেইদিনাই বাপেক প্ৰসন্ন চলিহাই পুনৰ মনত পেলাই দি প্ৰাঞ্জনাক কৈছিল ” ভগৱানে দিয়া খিনিক লৈ সন্তুষ্ট থাকিবা, সহজ সৰল জীৱন যাপন কৰি ফলাফলৰ কথা নাভাবি নিজৰ কৰ্ত্তব্য কৰি যাবা, পাৰিলে দহৰ উপকাৰ কৰিবা, নোৱাৰিলেও অন্ততঃ কাৰো অপকাৰ নকৰিবা।”

সেইদিনাই প্ৰাঞ্জনাই বাপেকক কথা দিছিল তেওঁৰ উপদেশ আখৰে আখৰে পালন কৰিব বুলি। দেউতাকৰ চৰণ স্পৰ্শ কৰি সদায় সত্য আৰু সৎ পথত চলাৰ প্ৰতিশ্ৰুতি দি প্ৰাঞ্জনা চলিহা ঘৰৰ পৰা ওলাই গৈছিল প্ৰশাসনিক সেৱাৰ বাবে।
কৰ্মজীৱনৰ পাঁচটি বছৰ অতিবাহিত কৰাৰ পিছতো প্ৰাঞ্জনাই দেউতাকক দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি আহিছে। অতি কমদিনৰ ভিতৰতে দোপতদোপে উন্নতি কৰি উপায়ুক্তৰ আসনত অধিষ্ঠিত হৈ জনসাধাৰণৰ সেৱাত নিজকে উচৰ্গা কৰিছে।
আজি এগৰাকী দুখীয়া বিধবা মহিলা আহিছিল উপায়ুক্ত প্ৰাঞ্জনাক দেখা কৰিবলৈ। মহিলাগৰাকীয়ে এটি অভিযোগ লৈ আহিছিল। মহিলা গৰাকীয়ে যিটো অভিযোগ দিলে, সেয়া শুনাৰ পিছৰপৰা প্ৰাঞ্জনাই মানসিক অস্থিৰতাত বাৰুকৈ ভুগিলে। একো কামতে মন নবহা হ’ল। সেয়েহে এনেকৈ অসময়ত কাৰ্যালয়ৰপৰা ওলাই আহি শান্তিআশ্ৰম পাইছেহি।

ৰাজহচক্ৰৰ চক্ৰ বিষয়া অভিলাষ প্ৰাঞ্জনাৰ ভাবী স্বামী। পদমৰ্য্যদাৰ ক্ষেত্ৰত অভিলাষ আৰু প্ৰাঞ্জনাৰ মাজত প্ৰভেদ থাকিলেও দেউতাকৰ ইচ্ছাক সন্মান জনাই প্ৰাঞ্জনাই এই সমন্ধত সন্মতি দিছিল। অভিলাষৰ দেউতাক আৰু প্ৰাঞ্জনাৰ দেউতাক সহপাঠীয়েই নহয় নলেগলে লগা বন্ধুও। অভিলাষৰ দেউতাকেই প্ৰথমে প্ৰস্তাৱটি আগবঢ়োৱাত প্ৰাঞ্জনাৰ দেউতাকে একেআষাৰে সন্মতি দিলে। বাপেকৰ কোনো কথাৰে বিৰোধিতা নকৰে বুলি প্ৰাঞ্জনাৰ ওপৰত দেউতাকৰ অগাধ বিশ্বাস আছিল। সেয়েহে সখিয়েকক কথা দিয়াৰ আগত প্ৰাঞ্জনাৰ মতামতো নল’লে। আনহাতে বাপেকে মনতে দুখপোৱাৰ ভয়ত অস্বস্তিত পৰিলেও প্ৰাঞ্জনাই নিৰ্বিবাদে বাপেকৰ প্ৰস্তাৱত সন্মতি দিলে। বিয়াবাৰুৰ সন্দৰ্ভত তেতিয়ালৈকে প্ৰাঞ্জনাই ভবাই নাছিল। আগৰছোৱা সময় পঢ়াশুনাতে পাৰ হ’ল। চাকৰিত যোগদান কৰাৰ পিছত নিজৰ দায়িত্ব আৰু কৰ্তব্যত ইমানেই ব্যস্ত হৈ পৰিল যে প্ৰেম, ভালপোৱা আদিতো দূৰৰে কথা কাৰোবাক এদিন যে জীৱন সংগী কৰিব লাগিব সেয়াও ইমান দিনে ভবা নাছিল।

প্ৰাঞ্জনাই অৱশ্যে অভিলাষক আগৰেপৰা চিনি পায়। অভিলাষ প্ৰাঞ্জনাতকৈ প্ৰায় চাৰি বছৰ ডাঙৰ। অভিলাষে প্ৰথম প্ৰচেষ্টাতে এচিএচ পাই চাকৰিত যোগ দিয়ে। প্ৰাঞ্জনাই কিন্তু স্নাতক হোৱাৰ পিছত এপিএছচি নিদি সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়। আশাকৰামতেই সফলহৈ আইএএচ পাই প্ৰথমে অতিৰিক্ত উপায়ুক্ত, তাৰপিছত উপায়ুক্ত পদত অভিষিক্ত হয়। পদমৰ্যদাৰ ফালৰ পৰা প্ৰাঞ্জনা অভিলাষতকৈ ওপৰত বাবে প্ৰাঞ্জনাই অমান্তি হয় বুলি দেউতাকে ক’লে – ” চাকৰিটোনো কি কথা, দুয়োখন ঘৰৰ পৰিৱেশ, মানুহবোৰৰ মনবোৰ আৰু ল’ৰা ছোৱালী হালৰ মনৰ মিল হোৱাটোহে আচল কথা।”

পূৰ্বৰেপৰা প্ৰাঞ্জনাই অভিলাষক চিনি পালেও বিশেষ ঘনিষ্ঠতা নাছিল। এই সমন্ধত অভিলাষৰ কিমান আন্তৰিকতা আছে সেয়াও প্ৰাঞ্জনাই নাজানে। অৱশ্যে জানিবলৈ মন নোযোৱাও নহয়। সেই সুবিধা অভিলাষেও প্ৰাঞ্জনাক এতিয়ালৈকে দিয়া নাই। এগৰাকী উচ্চপদস্থ বিষয়া হ’লেও প্ৰাঞ্জনা গাভৰু ছোৱালী। গতিকে গাভৰু মনৰ ইচ্ছা, অভিলাষক অস্বীকাৰ কৰে কেনেকৈ। চাকৰি আৰু ব্যক্তিগত জীৱন দুটা পৃথক বিষয়। প্ৰাঞ্জনাৰ চিন্তা হয়। তাই এটা নিদিষ্ট জীৱন দৰ্শনত চলা মানুহ। তাইৰ নীতি-আদৰ্শ, জীৱন দৰ্শনৰ প্ৰতি অভিলাষৰ যদি সমৰ্থন আৰু সহমৰ্মিতা নাথাকে তেনেহলে বৈবাহিক জীৱন কেতিয়াও সফল আৰু সুখৰ নহ’ব। প্ৰাঞ্জনাই ইয়াকো ভাবে যে পদবীৰ দিশত প্ৰাঞ্জনাতকৈ তলৰ হোৱা বাবে অভিলাষে হীনমন্যতাত ভুগিৱও পাৰে।

এনেবোৰ চিন্তাৰ মাজতে আজিৰ ঘটনাটোৱে প্ৰাঞ্জনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে। হ’বলৈ যোৱা সমন্ধটোৰ কথা পুনৰ বিবেচনা কৰিবলৈ বাধ্য হৈছে। প্ৰাঞ্জনাৰ ভাৱ হয় ,অভিলাষ আৰু তাইৰ মাজত ক’ৰবাত যেন নীতি আৰু আদৰ্শৰ পাৰ্থক্য আছে ।

ঘটনাটো এনেধৰণৰ –
পাৰিবাৰিক হিংসাৰ বলি হোৱা এগৰাকী বিধৱা মহিলাই ন্যায় বিচাৰি কাষ চাপিছিল ৰাজহ চক্ৰ বিষয়া অভিলাষৰ। স্বামীৰ মৃত্যুৰ পিছত মহিলাগৰাকীৰ স্বামীৰ মাটি সম্পত্তিখিনি পৰিয়ালৰে কেইজনমানে আত্মসাৎ কৰিব বিচাৰিছিল, সেয়েহে মহিলাগৰাকীয়ে স্বামীৰ নামত থকা মাটি-বাৰীখিনি তেওঁৰ নামলৈ আনিবলৈ অনুৰোধ জনাই উপপ্ৰতি সমাহৰ্তাৰ ওচৰত আবেদন জনাইছিল। কিন্তু বহু অনুনয় বিনয়ৰ পিছতো বিভাগীয় বিষয়াই কামটোৰ প্ৰতি অলপো গুৰুত্ব দিয়া নাই, বৰঞ্চ কামটো কৰিবলৈ লাটমণ্ডল গৰাকীয়ে এক মোটা অঙ্কৰ ধন মানুহ গৰাকীৰপৰা ভেঁটী হিচাপে বিচাৰিছে। মানুহ গৰাকীয়ে ইয়াকো ক’লে যে ইতিমধ্যে বিচৰা টকাৰ আধা ধাৰ-ঋণ কৰি লাটমণ্ডল গৰাকীক আদায় দিয়া হৈছে। বাকী থকাখিনিও বিচাৰি মণ্ডলজনে মানুহগৰাকীৰ ওপৰত হেঁচা দিছে। মানুহগৰাকীয়ে আৰু টকা যোগাৰ কৰিব নোৱাৰি বৰ বিপদত পৰিছে। ইফালে মাটি-বাৰীখিনি হাত কৰিবলৈ পৰিয়ালৰ মতলবী মানুহখিনিয়ে উঠিপৰি লাগিছে বুলি জানিব পাৰি উপায়হীন হৈ মানুহগৰাকী উপায়ুক্ত মহোদয়াৰ কাষ চাপিবলৈ বাধ্য হৈছে।

বিষয়টোৰ লগত প্ৰাঞ্জনাৰ ভাবী স্বামীও জড়িত বুলি বিশেষ সূত্ৰে জানিব পাৰি প্ৰাঞ্জনা ভিতৰি ভিতৰি জ্বলিপকি উঠিল। মানুহ গৰাকীয়ে নাজানে যে সেই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকী প্ৰাঞ্জনাৰেই ভাবী স্বামী। মানুহগৰাকীৰ অৱস্থাটো দেখি প্ৰাঞ্জনাৰ বৰ দুখ লাগিল। তেওঁৰ অধীনতে এতিয়াও তলে তলে দুৰ্নীতি চলি থকা কথাটোৱে প্ৰাঞ্জনাক বিব্ৰত কৰি তুলিলে। বিপদগ্ৰস্ত বিধৱা মহিলাগৰাকীৰ আৱেদনৰ যুক্তিযুক্ততা বিচাৰ কৰি সহায়ৰ হাত আগ নবঢ়াই উপঢৌকন বিচৰাৰ কথা জানিব পাৰি প্ৰাঞ্জনা খঙত অগ্নিশৰ্মা হৈ পৰিল। প্ৰাঞ্জনাই ভাবিলে, এই কথাই কথা নহয়, তেওঁ থকাত অন্ততঃ এনে দুৰ্নীতি হৈ থাকিবলৈ দিব নোৱাৰি। সেয়েহ বিষয়টোৰ নিজেই এক উচিৎ তদন্ত কৰিবৰ বাবে সিদ্ধান্ত লৈ প্ৰাঞ্জনা পুনৰ কাৰ্যালয়লৈ উলটি আহিল।

পিচদিনাখন পুৱাতে প্ৰাঞ্জনাই নিজেই ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হ’ল। অভিলাষ সেই সময়লৈকে কাৰ্যালয় আহি পোৱাই নাছিল। উপায়ুক্ত মহোদয়া পুৱাতেই চক্ৰবিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱাত সকলোৰে থৰকাছুটি হেৰাল। প্ৰাঞ্জনা পোনে পোনে অভিলাষৰ অফিচ কোঠালৈ গৈ সকলো লাটমণ্ডল আৰু কানুনগৈক মতাই অনালে আৰু জানিব বিছাৰিলে কাৰ লাটত কিমান কাম কাৰ্যকৰী নোহোৱাকৈ ফাইলতে পৰি আছে আৰু কি কাৰণে কাৰ্যকৰী হোৱা নাই অতি সোনকালে তাৰ প্ৰতিবেদন প্ৰস্তুত কৰি তেওঁক দিব লাগে। তাৰপিছত যি গৰাকী বিধবা মহিলাই তেওঁক অভিযোগ দিছিল, সেই নিৰ্দিষ্ট লাটমণ্ডল জনৰ বাদে সকলোকে যাবলৈ দি মণ্ডলজনক সুধিলে তেওঁ মানুহগৰাকীক চিনি পায়নে নাপায়।

মণ্ডলজনে চিনিপাওঁ বুলি উত্তৰ দিয়াত প্ৰাঞ্জনাই পুনৰ সুধিলে – “মানুহ গৰাকীয়ে যিখন আবেদন দিছিল তাৰ ওপৰত কিয় ব্যৱস্থা লোৱা হোৱা নাই?”

প্ৰাঞ্জনাৰ প্ৰশ্নৰ কোনো সন্তোষজনক উত্তৰ মণ্ডলজনে দিব নোৱাৰাত প্ৰাঞ্জনাই ক’লে –
মই সকলো গম পাইছোঁ । আপোনালোকক চৰকাৰে দৰমহা দি ৰাইজৰ কাম কৰিবলৈ ৰাখিছে। গতিকে নিজৰ দায়িত্ব আৰু কৰ্তব্য সততাৰে আৰু নিষ্ঠাৰে পালন কৰক, আৰু যদি নোৱাৰে তেন্তে চাকৰি এৰি দিয়ক। মই ইতিমধ্যে যিখিনি প্ৰমাণ পাইছোঁ সেইখিনিয়ে আপোনাক চাকৰিৰপৰা বৰ্খাস্ত কৰিবলৈ যথেষ্ট, কিন্তু সেই কাম মই সদ্যহাতে নকৰোঁ। শুদ্ধ পথলৈ আহিবৰ বাবে আপোনাক এবাৰ সুযোগ দিছোঁ। আত্মশুদ্ধিৰে আপুনি সৎ পথলৈ ঘূৰি আহক। যদি আপোনাৰ বিৰুদ্ধে পুনৰ অভিযোগ পাওঁ তেতিয়া আৰু মাফ কৰিব নোৱাৰিম। তেতিয়া কিন্তু মোক বেয়া নাপাব। এইখিনি কথা কেৱল আপোনাকে কোৱা বুলি নাভাবিব, এনে ধৰণৰ কু-কৰ্মত জড়িত সকলোক আজিয়েই সাৱধান কৰি দিলোঁ। কাৰ কাৰ কথা কৈছো আপুনি হয়তো বুজি নোপোৱাকৈ থকা নাই। গতিকে সকলোকে মোৰ কথাখিনি জনাই দিব আৰু সেই বিধৱা মানুহগৰাকীৰ পৰা লোৱা টকাখিনি স-সন্মানে অতি সোনকালে ঘূৰাই দিয়ক। যদি তেখেতে জনোৱা আৱেদনৰ যুক্তিযুক্ততা আছে তেন্তে এসপ্তাহৰ ভিতৰত কামটো কৰি দিয়ক। মনত ৰাখিব, মই দ্বিতীয়বাৰৰ বাবে যাতে এনে অভিযোগ পাবলগীয়া নহয়।

এইবুলি সকলোকে সাৱধান কৰি উপায়ুক্ত প্ৰাঞ্জনা চলিহা উলটি গ’ল।

উপায়ুক্ত যোৱাৰ পিছত অভিলাষ কাৰ্যালয়ত উপস্থিত হৈ সকলো কথা জানিব পাৰি বৰ লাজ পালে। বিশেষকৈ কাৰ্যালয়ৰ সৰহ সংখ্যকেই জানিছিল অভিলাষ আৰু প্ৰাঞ্জনাৰ বিয়া ঠিক হৈ থকা কথাটো। এতিয়া প্ৰাঞ্জনাই আওপকীয়াকৈ অভিলাষকো সাৱধান বাণী শুনাই যোৱাত আত্ম সন্মানত লাগিল। উপায়ুক্ত হ’লেও প্ৰাঞ্জনা অভিলাষৰ বাগদত্তা, গতিকে সমজুৱাকৈ এনেদৰে অপদস্থ কৰাৰ কথাটো সহ্য কৰিবলৈ টান পালে।

অভিলাষে যিমান পাৰে সোনকালে মহিলা গৰাকীৰ বিষয়টো মীমাংসা কৰি মানুহ গৰাকীৰপৰা লোৱা টকাখিনি ওলোটাই দিবলৈ নিৰ্দ্দেশ দিলে।

পিচে “চোৰে নেৰে চোৰ প্ৰবৃত্তি, কুকুৰে নেৰে ছাই; যাৰ যি প্ৰবৃত্তি, মৰিলে লগতে যায়।” এই ঘটনাৰ পৰাও শিক্ষা নহ’ল, অভিলাষে দুৰ্নীতি কৰিবলৈ নেৰিলে। প্ৰাঞ্জনাৰ চকুত ধূলি দি দুৰ্নীতিৰ বজাৰখন চলায়েই থাকিল।

কেইমাহমানৰ পিছত প্ৰাঞ্জনাৰ বেলেগ এখন জিলালৈ বদলি হ’ল। এদিনাখন প্ৰায়বোৰ দৈনিক বাতৰি কাকতত বৰ বৰ হৰফেৰে এটা খবৰ ওলাল। শিৰোনাম হ’ল ” দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়। উৎকোচ লওতেই হাতেলোতে ধৰা পৰিল চক্ৰ বিষয়া।” বাতৰিটোত চকু পৰাৰ লগে লাগে প্ৰাঞ্জনাই পঢ়িবলৈ ল’লে। হয়, প্ৰাঞ্জনাই আশংকা কৰাটোৱেই সত্য হ’ল। বিষয়াজন আন কোনো নহয়, অভিলাষেই হয়। প্ৰাঞ্জনাই সতৰ্ক কৰি দিয়াৰ পিছতো অভিলাষৰ কোনো পৰিৱৰ্ত্তন নহ’ল। মানুহৰ তেজৰ সোৱাদ পোৱা নৰখাদক বাঘৰ দৰে এবাৰ দুৰ্নীতিত নিমজ্জিতজনে সেই প্ৰবৃত্তি কেতিয়াও এৰিব নোৱাৰে। অৱশেষত যি হ’বলগা আছিল সেয়ে হ’ল। অভিলাষক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে আৰক্ষীয়ে আটক কৰিলে।

প্ৰাঞ্জনাই ভাবিলে অভিলাষৰ এই বদনাম ওলোৱাৰ পিছত দুয়োৰে মাজত হ’বলগীয়া সমন্ধৰ বিষয়ে পুনৰ বিবেচনা কৰিব লাগিব। কাৰণ নিজে শুদ্ধ পথত থাকিলেও ভৱিষ্যতে অভিলাষৰ কলঙ্কৰ চেকাই প্ৰাঞ্জনাকো লেতেৰা নকৰাকৈ নাথাকিব। প্ৰাঞ্জনাই ভাবিলে এই বিষয়ে দেউতাকৰ লগত খোলাখুলিকৈ আলোচনা কৰিব লাগিব। খবৰ কাগজৰ সেই নিদিষ্ট বাতৰিটোৰ অংশ ফটো তুলি “ৱাটচ এপ”ত দেউতাকলৈ পঠাই দিলে প্ৰাঞ্জনাই। লগতে এটা মেইল কৰিলে, য’ত লিখা আছিল –

” তুমি মোক যি সাজত গঢ়ি তুলিছা, যি সংস্কাৰ প্ৰদান কৰিলা সেয়া মই কেনেকৈ বিসৰ্জ্জন দিওঁ, তুমিয়েই কোৱাচোন দেউতা। অভিলাষৰ দৰে এজনৰ লগত মোৰ ভৱিষ্যত সুৰক্ষিত জানো? সেয়ে তুমি অভিলাষৰ লগত মোৰ যি সমন্ধ গঢ়িব খুজিছিলা সেই সমন্ধ মই মানি ল’বলৈ অসুবিধা পাইছোঁ, গতিকে মোৰ বিয়াৰ সিদ্ধান্তটো আশাকৰোঁ পুনৰ বিবেচনা কৰি চাবা। আশাকৰোঁ মোক তুমি ভুল নুবুজিবা দেউতা।” —-/////—-

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!