চিজোজি (Cyzygy) — মহাকাশৰ কৰিঅ’গ্ৰাফী
লেখক- শুভলক্ষ্মী বুঢ়াগোহাঁই
যোৱা কিছুদিনৰ পৰা আকাশৰ এটি পৰিঘটনাই সাধাৰণ জনতাৰ মাজত এটা মৃদু আলোড়নৰ সৃষ্টি কৰি আছে৷ সন্ধিয়াৰ আকাশলৈ চাই বহু লোক সন্দিহান হৈ পৰিছে৷ সৌৰজগতৰ কেইটামান গ্ৰহই সন্ধিয়াৰ আকাশত উজ্জ্বল তৰা হৈ সকলোকে মোহাচ্ছন্ন কৰিছে৷ নিজৰ কক্ষপথত আগবাঢ়োতে কেইবাটাও গ্ৰহই আকাশত একেলগে ধৰা দি এক শৃংখলাবদ্ধ কৰিঅ’গ্ৰাফীৰ সৃষ্টি কৰিছে৷ ই এক বিৰল ঘটনা৷ বহু বছৰৰ পাছতহে ইয়াৰ পুনৰাবৃত্তি ঘটে৷ Once in a life time অভিজ্ঞতা ই৷ আকাশলৈ চাই সেয়ে বৰ ভাল লাগে৷ টেলিস্ক’প বা বাইন’কুলাৰতো নাই, সেয়ে আন্দাজতে কৈছোঁ — উত্তৰ-পূব দিশত ৰঙাকৈ সৌটো নিশ্চয় মঙ্গল গ্ৰহ, মূৰৰ ওপৰত উজ্জ্বলকৈ সৌটো বৃহস্পতি ………. আৰু দক্ষিণ-পশ্চিম দিশে ইমান উজ্জ্বল তৰা এইটি! আগতে দেখা মনত নপৰে৷ সেইটো চাগে শনি গ্ৰহ৷ এনেকৈয়ে অনুমান কৰিছোঁ৷ আজি আপোনালোকক ইয়াৰ বিষয়ে অকণমান ক’ম৷
ইয়াৰ আগতে আৰু এটা কথা কৈ থওঁ দেই৷ সূৰ্য্যৰ চাৰিওফালে এই যে গ্ৰহবোৰ ঘূৰি আছে, সিহঁত আটাইৰে কিন্তু এডাল সৰল ৰেখাত এক শৃংখলাবদ্ধ শাৰী কেতিয়াও সম্ভৱ নহয়৷ বুজিবৰ বাবেহে কাগজত দ্বিমাত্ৰিক অৰ্থাৎ two dimensional ছবি আঁকি আমাক দেখুওৱা হয়৷ মহাকাশ অৱশ্যে চাৰিমাত্ৰিক অৰ্থাৎ four dimensional. প্ৰথম তিনিটা মাত্ৰা হ’ল — উচ্চতা (height), প্ৰস্থ (width) আৰু গভীৰতা (depth) আৰু চতুৰ্থ মাত্ৰাটো হ’ল সময় (time)৷ গতিকে ইয়াত সম্পূৰ্ণ allignment তথা শৃংখলাবদ্ধ শাৰী সম্ভৱ নহয়৷ বা সম্ভৱ হ’লেও ১ ডিগ্ৰী তাৰতম্যত ১৩.৪ ত্ৰিলিয়ন বছৰত এবাৰ হ’ব পাৰে৷ আমাৰ বিশ্ব-ব্ৰহ্মাণ্ডৰ বয়সেই সিমান নহয়৷
অৱশ্যে কেইটামান গ্ৰহই একেলগে শাৰী পাতিব পাৰে৷ এই যে শাৰী পতাৰ কথা ক’লোঁ, তাৰ মানে কি জানেনে? এইয়া কিন্তু ছবিত দেখাৰ দৰে শাৰী নহয়৷ ইয়াৰ অৰ্থ হ’ল, পৃথিৱীৰ দৃষ্টিকোণৰ পৰা কেইবাটাও গ্ৰহ একেলগে আকাশত দেখাহে৷ যেনেকৈ ওখ পাহাৰ এটাৰ পৰা বহু দূৰে দূৰে থকা ঘৰ দুটাও ওচৰা-ওচৰি যেন লাগে৷
সৌৰজগতৰ প্ৰতিটো গ্ৰহ সূৰ্য্যৰ চাৰিওফালে নিৰ্দিষ্ট দূৰত্বত নিজৰ কক্ষপথেৰে অবিৰাম ঘূৰিয়েই আছে৷ সিহঁতৰ মাজত দূৰত্ব বহুত বেছি৷ কিন্তু এনেকৈ ঘূৰি থাকোঁতেই গ্ৰহবোৰ কেতিয়াবা এনে এটা অৱস্থান পায়হি যেতিয়া পৃথিৱীৰ পৰা সিহঁত দৃষ্টিগোচৰ হয়৷ কেইবাটাও গ্ৰহ এনেকৈ আকাশত একেলগে দেখা দিয়াকে আমি Planetary allignment বা গ্ৰহৰ শৃংখলিত শাৰী বোলো৷
আপুনি জানেনে? বুধ, শুক্ৰ আৰু পৃথিৱীয়ে গড় হিচাপত প্ৰতি ৩৯.৬ বছৰত এনেকৈ এবাৰ শাৰী পাতে৷ ঠিক তেনেকৈ যিকোনো ছটা বা ততোধিক গ্ৰহ গড় হিচাপে এশ বছৰত এবাৰ শাৰীবদ্ধ হয়৷ ইয়াকে Planetary parade বা গ্ৰহৰ পেৰেড বোলে৷ কিন্তু আটাইকেইটা গ্ৰহ একেলগে শাৰীবদ্ধ হোৱাটো এক বিৰল পৰিঘটনা৷ তেতিয়ালৈ সূৰ্য্যৰ মৃত্যু হ’ব আৰু ই এক প্ৰকাণ্ড ৰঙা তৰালৈ ৰূপান্তৰিত হ’ব৷ বুধ, শুক্ৰৰ লগতে সম্ভৱ পৃথিৱীকো ই গ্ৰাস কৰি পেলাব৷ তাৰ বাবে আৰু প্ৰায় ৫ বিলিয়ন বছৰ বাকী আছে৷ সূৰ্য্যৰ বয়স এতিয়া ৪.৬ বিলিয়ন বছৰ৷
এতিয়া আচল কথালৈ আহোঁ। এই যে সূৰ্য্য আৰু ইয়াৰ গ্ৰহ-উপগ্ৰহবোৰৰ কথা কৈছোঁ, ইহঁতৰ সৰলৰৈখিক শৃংখলাবদ্ধ শাৰীক চিজোজি (Cyzygy) বুলি কোৱা হয়৷ বানান Cyzygy হ’লেও উচ্চাৰণ কিন্তু চিজোজি (si-juh-jee) হে হয়৷ গ্ৰীক শব্দ Cyzygia ৰ পৰা ইয়াৰ উৎপত্তি হৈছে৷ ইয়াৰ অৰ্থ একলগ হোৱা বা যোৰা লগোৱা৷ এই চিজোজিৰ বাবেই সূৰ্য্য গ্ৰহণ, চন্দ্ৰ গ্ৰহণ আদিৰ দৰে পৰিঘটনাবোৰ সংঘটিত হয়৷ গ্ৰহ-উপগ্ৰহবোৰৰ অৱস্থান বিশেষে এই পৰিঘটনাবোৰৰ নাম বেলেগ বেলেগ হয়৷
১. সূৰ্য্য গ্ৰহণ — চন্দ্ৰ যেতিয়া সূৰ্য্য আৰু পৃথিৱীৰ মাজত অৱস্থান কৰে, তেতিয়া চন্দ্ৰৰ ছাঁ পৃথিৱীত পৰে আৰু সেই ছাঁয়ে সূৰ্য্যৰ পোহৰ ক্ষন্তেকৰ বাবে অস্পষ্ট কৰি তোলে৷ আৰু তেতিয়াই সূৰ্য্য গ্ৰহণ হয়৷ ই আংশিকো হ’ব পাৰে বা পূৰ্ণ সূৰ্য্য গ্ৰহণো হ’ব পাৰে৷
২. চন্দ্ৰ গ্ৰহণ — পৃথিৱী যেতিয়া সূৰ্য্য আৰু চন্দ্ৰৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰে৷ ইয়াকে চন্দ্ৰ গ্ৰহণ বোলে৷ পূৰ্ণ চন্দ্ৰ গ্ৰহণৰ সময়ত চন্দ্ৰটো অলপ ৰঙচুৱা হৈ পৰে৷ কিয় জানেনে? যদিও পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰে, ইয়াক সেই ছাঁয়ে সম্পূৰ্ণ আন্ধাৰ কৰি তুলিব নোৱাৰে৷ ইয়াৰ কাৰণ হ’ল পৃথিৱীৰ বায়ুমণ্ডল৷ পৃথিৱীৰ বায়ুমণ্ডলে যদিও সূৰ্য্যৰ নীলা, বেঙুনীয়া আদি কম তৰঙ্গ দৈৰ্ঘ্যৰ পোহৰবোৰ সিঁচৰতি কৰি দিয়ে, ৰঙা আৰু কমলাৰ দৰে দীঘল তৰঙ্গ দৈৰ্ঘ্যৰ পোহৰবোৰ কিন্তু বায়ুমণ্ডল পাৰ হৈ প্ৰতিসৰিত হৈ চন্দ্ৰ পৃষ্ঠত খুন্দা মাৰে৷ ফলত এক ঐশ্বৰিক সৌন্দৰ্য্যৰে জোনটো মহিমামণ্ডিত হৈ উঠে৷ ইয়াকে ‘Blood moon’ বা ৰক্ত চন্দ্ৰ বোলা হয়৷
আনহাতে যেতিয়া শুক্ৰ, মঙ্গল, বৃহস্পতি আৰু শনি গ্ৰহ শাৰীবদ্ধ হৈ চিজোজি গঢ়ে, আকাশত এখন স্বৰ্গীয় ধনুৰ সৃষ্টি হয়৷ Skygazer সকলৰ বাবে ই এক ‘ভিজুৱেল ট্ৰিট’ (visual treat)।
অতীজৰে পৰা এনে ঘটনা পৰিঘটনাবোৰ এই বিশ্ব-ব্ৰহ্মাণ্ডত অহৰহ ঘটিয়েই আছে৷ ইতিহাসে ঢুকি পোৱা দিনৰ পৰা বিচাৰি চালেও ইয়াৰ অনেকবোৰ ৰহস্যময় আৰু সাংকেতিক পৰিভাষা বিচাৰি পোৱা যায়৷
১. হিন্দু পৌৰাণিক সাহিত্যৰ মতে, সূৰ্য্য আৰু চন্দ্ৰ গ্ৰহণ অসুৰ ৰাহুৰ সূৰ্য্য আৰু চন্দ্ৰদেৱৰ স’তে থকা দৈৱিক শত্ৰুতাৰ পৰিণতি৷ কাহিনী মতে, দেৱতা আৰু অসুৰৰ সহযোগত সমুদ্ৰ মন্থনত উৎপন্ন হোৱা অমৃতৰ কলহ দেৱতাসকলে প্ৰতাৰণা কৰি অসুৰসকলৰ পৰা লুকুৱাই ৰাখিছিল৷ কিন্তু ৰাহুৱে মনে মনে বিচাৰি উলিয়াই সেই কলহৰ পৰা অকণমান অমৃত চুৰ কৰি খাই পেলালে৷ ফলত ৰাহুৱে অমৰত্ব লভিলে৷ কথা বিষম দেখি সূৰ্য্য আৰু চন্দ্ৰদেৱে ভগৱান বিষ্ণুক সেই কথাৰ জাননী দিলে৷ খঙৰ ভমকত ভগৱান বিষ্ণুৱে তেওঁৰ দিব্য চক্ৰ উলিয়াই মুহূৰ্ততে ৰাহুক কাটি দুচেও কৰিলে৷ কিন্তু ইতিমধ্যেই অমৰত্ব লোৱা ৰাহুৰ মৃত্যু নহ’ল৷ বৰং একেটা শৰীৰৰে দুটা অংশ হৈ ৰাহু আৰু কেতু ৰূপে সূৰ্য্য আৰু চন্দ্ৰক খেদি ফুৰিলে৷ প্ৰতিশোধৰ জ্বালাত সেয়ে সময়ে সময়ে ৰাহুৱে সূৰ্য্য আৰু চন্দ্ৰক গ্ৰাস কৰে আৰু তেতিয়াই গ্ৰহণ লাগে৷ এই কাহিনীয়ে ছাঁ-পোহৰ আৰু সত্য আৰু মায়াৰ মাজত থকা চিৰন্তন দৈৱিক সংঘৰ্ষকে সূচায় আৰু ব্ৰহ্মাণ্ডৰ অন্তৰ্নিহিত দ্বন্দ্ব আৰু সমতাকো প্ৰতিফলিত কৰে৷
২. প্ৰাচীন মায়া সভ্যতাৰ লোকসকলে আকাশখনক এটা দৈৱিক ঘড়ীৰ দৰে ব্যৱহাৰ কৰিছিল৷ গ্ৰহবোৰৰ নিৰ্দিষ্ট অৱস্থান, সময় আৰু মহাশূন্যক বুজাত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ কেলেণ্ডাৰ ব্যৱস্থাও গঢ় লৈ উঠিছিল৷ তাৰে কিছুমান আনুষ্ঠানিক আৰু আধ্যাত্মিক উদ্দেশ্যেৰে আৰু আন কিছুমান কৃষি চক্ৰৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল৷ মায়াসকলে বিশ্বাস কৰিছিল যে এই দৈৱিক পৰিঘটনাবোৰে মানৱ জীৱনত পাৰ্থিৱ আৰু স্বৰ্গীয় দুয়োধৰণে প্ৰভাৱ পেলায়৷ তেওঁলোকৰ মতে এই পৰিঘটনাবোৰ সাধাৰণ নাছিল, বৰং নিজৰ অস্তিত্বক প্ৰতিপন্ন কৰি ইচ্ছাকৃতভাৱে কৰা ভগৱানৰ কিছু লীলাহে আছিল৷
৩. পাশ্চাত্য সংস্কৃতিত আকৌ এই পৰিঘটনাবোৰ আছিল তাৎপৰ্যপূৰ্ণ কোনো এক সংকটৰ আগলি বতৰা৷ মধ্যযুগত গ্ৰহণ বা তেনে কোনো চিজোজিৰ ঘটনাই তেওঁলোকৰ পাৰ্থিৱ জীৱনতো প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰিছিল৷ ৰজাৰ উত্থান-পতন, মহামাৰীৰ প্ৰাদুৰ্ভাৱ অথবা কোনো ঐশ্বৰিক ৰায়দানৰ এয়া যেন সংকেত আছিল৷ আনকি বৰ্তমান সময়তো এই আকাশ আমাৰ বাবে এক ৰহস্যই — এক প্ৰৱহমান সন্মোহন৷ ৰহস্য উদ্ঘাটনৰ যেন অনন্তহীন যাত্ৰা৷
এই বিশ্ব-ব্ৰহ্মাণ্ড সদায়ে গতিশীল৷ সেয়ে দৈৱিক পৰিঘটনাবোৰ ঘটিয়েই থাকিব৷ আকাশত চিজোজি আহিয়েই থাকিব৷ আপোনালোকৰ জ্ঞাতাৰ্থে এই বছৰত হ’ব লগা দুটামান উল্লেখযোগ্য চিজোজিৰ তাৰিখ দিওঁ —
১. ১৪ মাৰ্চ, ২০২৫ — পূৰ্ণ চন্দ্ৰ গ্ৰহণ৷ আমেৰিকা, ইউৰোপ, আফ্ৰিকা আৰু এছিয়া মহাদেশৰ বিভিন্ন স্থানৰ পৰা ৰক্ত চন্দ্ৰ বা ‘Blood moon’ প্ৰত্যক্ষ কৰিব পাৰিব৷
২. ২৯ মাৰ্চ, ২০২৫ — আংশিক সূৰ্য্য গ্ৰহণ৷
৩. ৭ চেপ্তেম্বৰ, ২০২৫ — আন এক পূৰ্ণ চন্দ্ৰ গ্ৰহণ৷
৪. ২১ চেপ্তেম্বৰ, ২০২৫ — আংশিক সূৰ্য্য গ্ৰহণ৷
জানুৱাৰী মাহৰ আকাশৰ স্বৰ্গীয় নৃত্য —
২০২৫ বৰ্ষৰ জানুৱাৰী মাহত আকাশৰ মঞ্চত চলিব গ্ৰহৰ লাস্যময়ী এখন নৃত্য-নাটিকা৷ জানুৱাৰীৰ ২১ তাৰিখ হ’ব আমাৰ বাবে বিশেষ৷ সেইদিনা সৌৰজগতৰ ছটা গ্ৰহ ক্ৰমে শুক্ৰ, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুনে আকাশত একেলগে ধৰা দিব৷ তাৰে চাৰিটা গ্ৰহ (শুক্ৰ, মঙ্গল, বৃহস্পতি আৰু শনি)ক আমি খালী চকুৰেই চাব পাৰিম৷ ইউৰেনাছ আৰু নেপচুনৰ বাবে অৱশ্যে বাইন’কুলাৰ অথবা টেলিস্ক’পৰ প্ৰয়োজন হ’ব৷
আনহাতে ২৫ জানুৱাৰীৰ দিনা আমাৰ আটাইতকৈ সৰু গ্ৰহ বুধেও এই পেৰেডত অংশ ল’ব৷ সূৰ্য্যৰ নিচেই কাষত থকাৰ বাবে আৰু ক্ষুদ্ৰ আকাৰৰ বাবেই এই গ্ৰহ চাবলৈও টেলিস্ক’পৰ প্ৰয়োজন হ’ব৷
কেনেকৈ চাব —
সময়: সূৰ্য্যাস্তৰ ঠিক পাছত — শুক্ৰ আৰু শনি গ্ৰহ দক্ষিণ-পশ্চিম আকাশত থাকিব৷
— মূৰৰ ওপৰত থাকিব বৃহস্পতি৷
— নিশাৰ লগে লগে মঙ্গল উঠি আহিব পূব আকাশলৈ৷ এই গ্ৰহ ৰঙচুৱা৷ সহজেই ধৰা পেলাব পাৰিব৷
বাইন’কুলাৰ বা টেলিস্ক’পৰ সহায়ত শনি গ্ৰহৰ আঙুঠি আৰু বৃহস্পতিৰ উপগ্ৰহকো চিনাক্ত কৰিব পাৰিব৷
স্থান: মহাকাশৰ শোভাক পূৰা দমে উপভোগ কৰিবলৈ বিজুলী চাকিৰ পোহৰৰ পৰা আঁতৰি এটুকুৰা আন্ধাৰ ঠাই বিচাৰি লওক৷ বিৰল হ’ব এই দৃশ্য৷
এই পৰিঘটনাবোৰৰ আঁৰত কেৱল বিজ্ঞানেই নহয়, জীৱন আৰু অস্তিত্বৰ সাংকেতিক অৰ্থও লুকাই আছে তাত৷ ই আমাক ঐক্য, ভাৰসমতা আৰু বিশ্বৰ চক্ৰীয়মান প্ৰকৃতিৰ আভাস দিয়ে৷ এই বিশ্ব-ব্ৰহ্মাণ্ড নিজৰ নিয়মেৰে অনন্ত গতিৰে চলিয়েই আছে আৰু আমিবোৰ তাৰে এটা ক্ষুদ্ৰ অংশ হৈ সেই নিয়মৰ শৃংখলাত বান্ধ খাই আছোঁ৷
এইবাৰ আপুনি যেতিয়া আকাশলৈ চাব, ক্ষন্তেক সময় থমকি ৰৈ এবাৰ ভাবিবচোন এই অনন্ত ৰহস্যৰ কথা৷ আকাশৰ এই তৰাবোৰ আৰু তাৰ স’তে জড়িত দৈৱিক পৰিঘটনাৰ কথাবোৰ কেৱল জানো জোৰ্তিবিজ্ঞানৰ একোটা বিষয়বস্তুতে সীমাবদ্ধ? ওহোঁ, নহয়৷ ই মহাকাশৰ এক চিৰন্তন, শাশ্বত কৰিঅ’গ্ৰাফীহে৷ এই মহাশূন্যৰ আখৰালৈ আমাক যেন মুক্ত আমন্ত্ৰণ দিছে৷ আকাশ আৰু পৃথিৱীৰ মাজত থকা নেদেখা সূতাডালৰ বান্ধোনেৰে বান্ধ খাই থকা আত্মীয় আমি৷ চাবতো লাগিবই৷ জীৱন থাকে মানে চাম৷ জীৱনৰ সোৱাদো তাতেই৷ হে মহাশূন্য, তোমাক প্ৰণাম৷
***