চিৰবৈৰী পাকিস্তানৰ বুকুত সাত অসমীয়া

লেখক- -ৰীমা কলিতা চুবেদাৰ

২০২২ চনৰ নবেম্বৰ মাহৰ ২২ তাৰিখ। আমি যাত্ৰা আৰম্ভ কৰোঁ ৰাজস্থানৰ উদয়পুৰ অভিমুখে। আমাৰ যাত্ৰাসূচী আছিল ৰাজস্থান, তাৰ পাছত পাঞ্জাৱৰ অমৃতচৰ আৰু তাৰ পৰা পাকিস্তানলৈ। এই লেখাত আমাৰ চিৰবৈৰী দেশ পাকিস্তান যাত্ৰাৰ বৰ্ণনা কৰিম। চিৰবৈৰী এখন দেশ যিখন এটা সময়ত ভাৰতৰে অংগ আছিল, সেই দেশখন এবাৰ চাবলৈ মনত এটা হেঁপাহ পুহি ৰাখিছিলোঁ। সেয়েহে ডিচেম্বৰ মাহৰ এক তাৰিখে আমি যাত্ৰা কৰিছিলোঁ পাকিস্তান অভিমুখে।
এইখিনিতে উল্লেখ কৰিব বিচাৰোঁ যে ভাৰত-পাক সীমান্তত থকা ৱাঘা-আট্টাৰী বৰ্ডাৰ আৰু আমি যাত্ৰা কৰিবলগীয়া কাৰ্টাৰপুৰ কৰিড’ৰ ৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।
প্ৰথমতে কাৰ্টাৰপুৰ, পাকিস্তান যাবলৈ হ’লে যোৱাৰ নিৰ্ধাৰিত দিনৰ এমাহ আগত মিনিষ্ট্ৰি অফ হোম এফেয়াৰচ, ভাৰত চৰকাৰক এপ্লাই কৰিব লাগিব। ইয়াৰ ভিতৰত স্থানীয় পুলিচ থানা, IB(ইণ্টেলিজেন্স ব্ৰুৰো), আৰক্ষী পৰিদৰ্শকৰ অফিচ আদিৰপৰা লোক আপোনাৰ ঘৰলৈ আহি বা ফোন কৰি পুলিচ ভেৰিফিকেচন কৰিব। চমুকৈ ক’বলৈ গ’লে ই পাছপৰ্ট ভেৰিফিকেচনতকৈও কষ্টকৰ।
যাত্ৰাৰ চাৰিদিন আগতহে যদি সকলো ভেৰিফিকেচন ক্লিয়েৰ হয়, তেতিয়াহে মিনিষ্ট্ৰি অফ হোম এফেয়াৰচ, ভাৰত চৰকাৰে ETA(electronic travel authorization) বুলি এখন ডকুমেণ্ট জাৰি কৰিব। যিখন পালে ভিছাৰ অবিহনে পাকিস্তান যোৱাটো নিশ্চিত।
আমাৰ এইবাৰৰ যাত্ৰাৰ আটাইতকৈ ভয়লগা তথা আকৰ্ষণীয় বিষয়টো আছিল পাকিস্তানৰ যাত্ৰাটো। তথাপি মনত শংকা আছিল পাৰ্মিচন পাম নে নাপাম। সৌভাগ্যক্ৰমে আমি সাতোজনেই ETA পাবলৈ সক্ষম হৈছিলোঁ।
যাত্ৰাৰ দিনা পুৱা ন বজাত আমি অমৃতচৰ হোটেলৰপৰা এখন গাড়ীত যাত্ৰা আৰম্ভ কৰিলোঁ দেৰা বাবা নানক নামৰ সৰু চহৰখনৰ অভিমুখে, যিখন পাঞ্জাৱত থকা ভাৰত-পাক সীমান্তৰ শেষ চহৰ। দেৰা বাবা নানকত থকা চৰকাৰী স্বাস্থ্যকেন্দ্ৰত আমি সকলোৱে ক’ভিদ পৰীক্ষা (RAT) কৰিবলগীয়া হয়। পাকিস্তান যাবলৈ এই পৰীক্ষা কৰাটো বাধ্যতামূলক। প্ৰায় আধাঘণ্টা সময়ৰ পিছত সকলোৰে ৰিজাল্ট নিগেটিভ অহাত আমি আগুৱাই যাবলৈ সন্মতি পাওঁ।
তাৰ পাছত আমি যাত্ৰা কৰা গাড়ীখনতেই কাৰ্টাৰপুৰ কৰিড’ৰ টাৰ্মিনেললৈ যাওঁ। এই টাৰ্মিনেলটো আন্তৰাষ্ট্ৰীয় বিমান বন্দৰ লেখীয়া। এইখিনিতে আমি গাড়ীখন দিনটোৰ বাবে বিদায় দিওঁ। কোনো ঠাইলৈ যাত্ৰা কৰাৰ সময়ত এটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত যিসমূহ নীতি-নিয়ম পালন কৰা হয়, এই টাৰ্মিনেলটো একেধৰণৰ নীতি নিয়মেই অৱলম্বন কৰা হয়।
প্ৰথমে প্ৰৱেশ দুৱাৰত সকলোৰে ETA, পাছপৰ্ট, ক’ভিড ১৯ নিগেটিভ ৰিপৰ্ট পৰীক্ষা কৰা হয়। তাৰ পাছত প্ৰত্যেকজন যাত্ৰীক এপালিকৈ পলিঅ’ৰ খোৰাক দিয়া হয়। ইয়াৰ কাৰণ পাকিস্তানত এতিয়াও পলিঅ’ৰ সংক্ৰমণ হোৱা দেখা যায়। যদিও ভাৰত পাক সীমা অতিক্ৰম কৰাৰ পাছতো মুদ্ৰাৰ সলনিকৰণৰ সম্ভৱ, তথাপি আমি ভাৰততেই অৰ্থাৎ টাৰ্মিনেলত থকা ষ্টেট বেংক অফ ইণ্ডিয়াত সেই সুবিধা গ্ৰহণ কৰোঁ। এই সুবিধা আমি ভাৰততেই গ্ৰহণ কৰাৰ কাৰণ ভাৰতত এক্সচেঞ্জ ৰেট পাকিস্তানতকৈ কম। মনত ৰাখিব পাকিস্তান ভ্ৰমণৰ বাবে আমাক পাকিস্তানী মুদ্ৰাৰ প্ৰয়োজন নহয় মাথোঁ প্ৰতিজন যাত্ৰীৰ বাবে পাকিস্তান চৰকাৰক বিশ ডলাৰ জমা দিব লাগে। মুদ্ৰাৰ সলনিকৰণ কৰাৰ পাছত আমি ভাৰত চৰকাৰৰ ইমিগ্ৰেচন কাউণ্টাৰলৈ আগবাঢ়িলোঁ, য’ত ETA, পাছপৰ্ট, কভিড নিগেটিভ ৰিপৰ্ট, আকৌ এবাৰলৈ তন্ন তন্নকৈ পৰীক্ষা কৰা হয় আৰু ETA ৰ ওপৰত ষ্টাম্পিং কৰা হয়। যদিও ই এক আন্তঃৰাষ্ট্ৰীয় যাত্ৰা তথাপি এই যাত্ৰাৰ সময়ত পাচপোৰ্টৰ ওপৰত কোনো ধৰণৰ stamping কৰা নহয়। ETA ৰ ওপৰত ষ্টাম্পিং কৰাৰ পাছত আমি কাষ্টমচ কাউণ্টাৰ অভিমুখে আগবাঢ়োঁ। ইয়াত আমি আকৌ এবাৰ সম্পূৰ্ণ নথি-পত্ৰ পৰীক্ষাৰ বাবে দাখিল কৰোঁ। ইয়াৰ লগতে নিজৰ লগত নিয়া সামগ্ৰীৰ তালিকা জমা দিওঁ। মনত ৰাখিবলগীয়া কথা যাত্ৰাৰ সময়ত প্ৰত্যেকজন যাত্ৰীৰ বিপৰীতে কেৱল সাত কেজি ওজনৰ বয়-বস্তু আৰু সৰ্বমুঠ দহহেজাৰ ভাৰতীয় মুদ্ৰাহে লগত নিবলৈ অনুমতি পায়। এই কাউণ্টাৰতেই আমাক কাষ্টম অফিচাৰে কিছু কথা সকীয়াই দিয়ে। পাকিস্তানৰ যাত্ৰাৰ সময়ত কোনো পাকিস্তানী লোকৰ সৈতে বন্ধুত্ব তথা নিজৰ ফোন নম্বৰ শ্বেয়াৰ নকৰিবলৈ আমাক বাৰে বাৰে সকীয়াই দিয়া হয়। তাৰ লগতে এখন তালিকা আমাক দেখুওৱা হয় য’ত উল্লেখ থাকে …
১. এই যাত্ৰাৰ সময়ত পাকিস্তানৰ পৰা কোনো ধৰণৰ গছ বা ফলমূলৰ গুটি লগত আনিব নোৱাৰিব।
২. ভাৰতীয় তথা বিদেশী মুদ্ৰা মুঠ দহ হেজাৰতকৈ বেছি কোনো যাত্ৰীয়ে লগত নিব নোৱাৰিব।
৩. ভাৰতীয় সীমা ভুল ভাৱে দেখুওৱা কোনোধৰণৰ মানচিত্ৰ পাকিস্তানৰ পৰা আনিব নোৱাৰিব।
৪. পাকিস্তানী মুদ্ৰা তথা ভুৱা মুদ্ৰা আনিব নোৱাৰিব।
৫. বন্য জীৱ-জন্তুৰ সামগ্ৰী আনিব নোৱাৰিব।
৬. কোনো কাৰণতেই পাকিস্তানৰ মাটি ভাৰতলৈ আনিব নোৱাৰিব।
এই কথাখিনিত মান্তি হোৱাৰ পিছত আমাক পাকিস্তান অভিমুখে যাত্ৰা কৰিবলৈ অনুমতি দিয়া হয়। কাৰ্টাৰপুৰ টাৰ্মিনেলৰ পৰা গেটেৰে ওলাই আমি বেটাৰী চালিত এখন গোল্ফ কাৰ্টত বহি পৰোঁ, যিখনে আমাক পাঁচ মিনিটৰ ভিতৰতেই ভাৰত পাকিস্তানৰ জিৰ’ লাইনত থকা বি এচ এফ (BSF)ৰ চেকপোষ্টলৈ লৈ যায়। য’ত আকৌ এবাৰ সকলো নথি-পত্ৰৰ লগত সামগ্ৰীসমূহৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হয়। এই পৰীক্ষা সম্পূৰ্ণ কৰি আমি খোজকাঢ়িয়েই চেকপোষ্টৰ লগতে লাগি থকা ভাৰত পাক আন্তঃৰাষ্ট্ৰীয় সীমাৰ জিৰ’ লাইন অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰোঁ।
পাকিস্তানৰ সীমান্তত ভাৰতৰ বি এচ এফৰ নিচিনাকৈ পাকিস্তানী ৰেঞ্জাৰচে আমাৰ সকলো নথি-পত্ৰ পৰীক্ষা কৰে। এইবাৰ আমি আকৌ এবাৰ পাকিস্তানৰ ফালৰ বেটাৰীচালিত গোল্ফ কাৰ্টত বহি পাকিস্তানৰ ফালৰ ইমিগ্ৰেচন বিভাগৰ সন্মুখত উপস্থিত হওঁ। ভাৰতৰ তুলনাত পাকিস্তানৰ ফালৰ টাৰ্মিনেলটো তেনেই সৰু তথা ইয়াৰ সা সুবিধাও সীমিত। উল্লেখনীয় যে যদি কোনোবাই ভাৰততেই মুদ্ৰাৰ সলনিকৰণ কৰা নাই তেন্তে ইয়াতো সেই সুবিধা পোৱা যায়। ইমিগ্ৰেচন টাৰ্মিনেলত সোমোৱাৰ আগতেই পাকিস্তানী কৰ্তৃপক্ষক ETA, পাছপৰ্ট, ক’ভিড চাৰ্টিফিকেট আৰু বিশ ডলাৰ জমা দিব লাগে। সকলো নথি-পত্ৰ পৰীক্ষাৰ অন্তত এখন কাৰ্টাৰপুৰ কৰিড’ৰ প্ৰিলগিমেজ পাচ ইছ্যু কৰা হয়। ইয়াৰ পিছত আমি উপস্থিত হওঁ পাকিস্তানী ইমিগ্ৰেচন কাউণ্টাৰত। য’ত আকৌ এবাৰলৈ ETA ৰ ওপৰত ষ্টাম্পিং কৰি পাকিস্তানী কাষ্টম কাউণ্টাৰলৈ আগবাঢ়োঁ। ইয়াত সকলো নথি-পত্ৰ তথা সামগ্ৰী আকৌ এবাৰ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ অন্তত আমাক একোখনকৈ হালধীয়া ৰঙৰ ডিঙিত পৰিধান কৰা পিলগ্ৰিম কাৰ্ড দিয়া হয়। কাৰ্ডখন সংগ্ৰহ কৰি আমি টাৰ্মিনেলৰ গেটত লাগি থকা বাছ এখনত বহি পৰোঁ, যিখনে আমাক ৰাবী নদীৰ পাৰে পাৰে আমাৰ গন্তব্যস্থানলৈ আগুৱাই লৈ যায়।
একেই মাটি, একেই বতাহ, একেই সেউজীয়াৰে ভৰা অথচ এক সম্পূৰ্ণ নতুন পৰিৱেশ। প্ৰায় চাৰি কিলোমিটাৰ বাছ যাত্ৰা কৰি আমি পালোঁগৈ আমাৰ গন্তব্য স্থান, গুৰুদ্বাৰ দৰবাৰ চাহিব কাৰ্টাৰপুৰ। পাকিস্তানৰ পাঞ্জাৱৰ নাৰোৱাল জিলাত অৱস্থিত এই গুৰুদ্বাৰ। শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকদেৱে জীৱনৰ অন্তিম ওঠৰটা বছৰ কটাইছিল এই কাৰ্টাৰপুৰত। ৰাবী নদীৰ পাৰত অৱস্থিত কাৰ্টাৰপুৰত শিখ ধৰ্মাৱলম্বী লোকসকলক একত্ৰিত কৰি শিখ ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত ব্ৰতী আছিল গুৰুনানক। সেই সময়তেই তেওঁ প্ৰতিষ্ঠা কৰিছিল শিখ ধৰ্মৰ শ্ৰেষ্ঠ ধাৰ্মিক ঠাইৰূপে জনাজাত এই দৰবাৰ চাহিব কাৰ্টাৰপুৰ। চাৰিটা বজালৈ আমি গুৰুদ্বাৰ দৰ্শন কৰি গুৰুদ্বাৰতেই লংগৰ গ্ৰহণ কৰোঁ। এই লংগৰত এক সুকীয়া নিয়ম দেখিবলৈ পোৱা যায়। ইয়াত খোৱাবস্তুসমূহ খাবলৈ দিয়াৰ সময়ত দিওঁতাজনে মাটিত বহি আহাৰ গ্ৰহণ কৰাসকলৰ আগত নিজে হাউলি সকলো যেনে- পায়স, চ’লে, পানী, চাহ আদি দি যায়। কিন্তু ৰুটিখন দিয়াৰ সময়ত লওঁতাজনে দুই হাত লগ লগাই ওপৰলৈ তুলি ৰুটি ভিক্ষা বিচাৰিবলগীয়া হয়। ৰুটি বিলোৱা মানুহজনে ৰুটিখন লওঁতাজনৰ দুয়োহাতলৈ দলি মাৰি পেলাই দিয়ে। ৰুটিখন সন্মানেৰে ধৰি লৈ খাব লাগে। শুনামতে ৰুটীৰ আগত ৰজাই হওক বা প্ৰজাই হওক, সকলো সমান। ৰুটী নহলে কোনো জীয়াই থাকিব নোৱাৰে। গতিকে যাৰেই ভোক লাগক কিয় ৰুটীৰ কাৰণে হাত পাতিবই লাগিব! তেতিয়াহে মানুহৰ মনত যি অহঙ্কাৰে বাস লয় সি দূৰ হ’ব।
চাৰিটা বজাৰ পিছত গুৰুদ্বাৰত তীৰ্থযাত্ৰীক থাকিবলৈ অনুমতি দিয়া নহয়। সেয়ে তাৰপৰা ওলাই আমি আগবাঢ়ি যাওঁ পাকিস্তানৰ ভাই আজিতা জি বজাৰৰ দিশে, য’ত ফল মূল, কাপোৰ, ঘৰ সজোৱা সা সামগ্ৰী, ড্ৰাই ফ্ৰুইটচ আদি উপলব্ধ। আকৰ্ষণীয় হোৱা সত্ত্বেও পূৰ্বতে দিয়া সকীয়নিৰ প্ৰতি সন্মান জনাই আমি যিকোনো সামগ্ৰী কিনাৰ পৰা বিৰত আছিলোঁ। উল্লেখযোগ্য যে ভুলবশত তেনে কোনো সামগ্ৰী ক্ৰয় কৰি আনিলেও ভাৰতত প্ৰবেশ কৰাৰ সময়ত থকা নিৰাপত্তাৰক্ষীয়ে সেই সামগ্ৰী জব্দ কৰি থয়।
এনেদৰেই চাৰি ঘণ্টা সময় পাকিস্তানৰ বুকুত অতিবাহিত কৰি সন্ধিয়া চাৰি বজাত বাছেৰে উভতি আহিলোঁ নিজৰ দেশলৈ। আমি অহা বাছখনত আমাৰ সাতজন অসমীয়াক এৰি বাকী সকলো যাত্ৰী আছিল শিখ ধৰ্মাৱলীৰ লোক। আমাৰ সাতজনীয়া দলটোত আছিল কণমানি পাঁচবছৰীয়া মোৰ কন্যা।
যোৱাৰ দৰেই একে নিয়ম নিৰ্দেশনা পালন কৰি অৱশেষত ভৰি থ’লোঁহি দেৰাবাবা নানক চহৰত। দুয়োখন দেশৰ সীমান্তৰ কাৰ্যালয়ত সুৰক্ষাৰ দায়িত্বত থকা একাংশই আমাক সুধিলে আমাৰ অভিজ্ঞতাৰ কথা। ২০১৯ বৰ্ষৰ ৯ নবেম্বৰত গুৰুনানকৰ ৫৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মুকলি কৰা হয় এই কাৰ্টাৰপুৰ কৰিড’ৰ। তিনি বছৰৰ পূৰ্বে আনুষ্ঠানিকভাৱে মুকলি কৰা এই কাৰ্টাৰপুৰ কৰিড’ৰ অতিক্ৰম কৰি গুৰুদ্বাৰলৈ নিতৌ যায় হাজাৰ হাজাৰ দৰ্শনাৰ্থী। বুকুত প্ৰবল ইচ্ছা আৰু সাহস লগতে ধৰ্মীয় ভাবানুভূতিৰে আমিও সেইদিনা দৰ্শন কৰিলোঁ পাকিস্তানৰ মাটিত থকা পৃথিৱীৰ অন্যতম বৃহৎ গুৰুদ্বাৰ দৰবাৰ চাহিব কাৰ্টাৰপুৰ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!