চৰকাৰী বিদ্যালয় আৰু এখন ব্যতিক্ৰমী কিতাপ

লেখক- অনামিকা বড়া

“হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ?” বুলি বিখ্যাত অসমীয়া কবিতাটোৰ শাৰীলৈকে চাটকৰে মনটো উৰি গৈছিল যেতিয়া ইউটিউবত ‘মেডাম গীতাৰাণী’ নামৰ চলচ্চিত্ৰখন চাই উঠিছিলোঁ। এবাৰ চাই উঠাৰ পাছতো মাজে মাজে সামাজিক প্ৰচাৰ মাধ্যমত আহি থকা কেইমিনিটমানৰ দৃশ্যাংশবোৰ চকুত পৰিলেই চাই দিয়াটো মোৰ যেন অলিখিত নিয়ম। সঁচাকৈয়ে বাস্তৱতো আমাৰ দেশৰ চৰকাৰী বিদ্যালয়বোৰলৈ কোনোবা গীতাৰাণী আহি চমৎকাৰী পৰিৱৰ্তন লৈ অহা হ’লে! বাস্তৱ যে চিনেমা নহয়, এই চৰম সত্যটো তেনে সময়ত পাহৰি থাকিবলৈকে মন যায়।

কিন্তু চলচ্চিত্ৰখনৰ সদৃশ নহ’লেও তেনে কিছু চমৎকাৰৰেই যেন কুচ-কাৱাজ চলি আছিল দিল্লীৰ শিক্ষা-ব্যৱস্থাত। ২০১৯ চনত মুক্তি লাভ কৰা মূল চলচ্চিত্ৰখনৰ সমসাময়িকভাবে ২০১৯ চনতে পেংগুইন ৰেণ্ডম হাউচ, ইণ্ডিয়াৰপৰা প্ৰকাশ হৈছিল এখন বিশেষ গ্ৰন্থ। মনীষ ছিছোদিয়াৰ ‘এডুকেশ্বন – মাই এক্সপেৰিমেণ্টছ্‌ এজ এন এডুকেশ্বন মিনিষ্টাৰ’। এই কিতাপখন ২০২২ চনৰ এপ্ৰিল মাহত প্ৰকল্প ৰঞ্জন ভাগৱতীৰদ্বাৰা অসমীয়ালৈ অনূদিত হয় ‘শিক্ষা- শিক্ষামন্ত্ৰী হিচাপে মোৰ অভিজ্ঞতা’ নামেৰে আৰু প্ৰকাশ হয় অসম পাবলিচিং কোম্পানীৰপৰা। ২০১৫ চনত দিল্লীৰ শাসনলৈ আহি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ আৰু তেওঁৰ চৰকাৰৰ সকলোতকৈ মুখ্য এজেণ্ডা হিচাপে ‘শিক্ষা’ বুলি ঘোষণা কৰাতে ক্ষান্ত নাথাকি শিক্ষামন্ত্ৰী মনীষ ছিছোদিয়াৰ কৰ্মতৎপৰতাত এনেভাবে হাতে-কামে আগবাঢ়িল যে, প্ৰায় তিনি-চাৰি বছৰৰ ভিতৰতে দিল্লীৰ চৰকাৰী শিক্ষাব্যৱস্থাত অভাৱনীয় পৰিৱৰ্তন পৰিলক্ষিত হ’বলৈ ধৰিলে আৰু সেই পৰিৱৰ্তনৰ ঢৌৱে কেৱল দেশৰ অন্যান্য ৰাজ্যসমূহৰ শিক্ষা বিভাগৰ সৈতে জড়িত লোককে নহয়, বিদেশী প্ৰতিনিধিবৰ্গকো চৰ্চা কৰিবলৈ উৎসুক কৰি তুলিলে। দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহৰ উন্নীতকৰণৰ এই পৰিক্ৰমাকে মনীষ ছিছোদিয়াই তেওঁৰ গ্ৰন্থখনত বৰ্ণনা কৰাৰ প্ৰয়াস কৰিছে।

বিশ্ব বেংকে ২০১৯ চনত প্ৰকাশ কৰা গ্ৰন্থ ‘দ্য ইম্পেক্ট অৱ স্কুল ইন্‌ফ্ৰাষ্ট্ৰাক্সাৰ এণ্ড লাৰ্নিং (The Impact of School Infrastructure and Learning)’ ত উল্লেখ কৰিছে যে “বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু শিকনৰ আনুষংগিক দিশসমূহত বিনিয়োগ কৰাটো কোনো বিলাসিতা নহয়, কিন্তু এক প্ৰয়োজন।” দিল্লীৰ শিক্ষা আৰ্হি যেন এই কথাষাৰৰ মৰ্ম দিল্লীৰ চৰকাৰে বিশেষকৈ শিক্ষামন্ত্ৰীয়ে বাৰুকৈয়ে উপলব্ধি কৰাৰে ফচল যিটো প্ৰতিফলন ঘটিছে কিতাপখনৰ জৰিয়তে। বাজেট, আন্তঃগাঁথনিৰপৰা পিতৃ-মাতৃলৈকে সকলো দিশ সামৰি কিতাপখনৰ প্ৰথম ভাগত সন্নিৱিষ্ট কৰিছে ‘বাজেট: এক ডাঙৰ পদক্ষেপ’, ‘আন্তঃগাঁথনি: বুনিয়াদৰপৰা আৰম্ভণি’, ‘অধ্যক্ষ: নেতৃত্বৰ সবলীকৰণ’, ‘শিক্ষক: বিশ্বাসৰ পুনৰ্স্থাপন’, ‘পৰামৰ্শদাতা-শিক্ষক: এক নতুন পৰম্পৰা’ আৰু ‘পিতৃ-মাতৃ: মৰ্যাদাসহ অংশগ্ৰহণ’ শীৰ্ষক ছয়টা সুকীয়া অধ্যায় আৰু এই ভাগটোক নাম দিছে ‘শিক্ষাৰ আধাৰ’। চৰকাৰী বিদ্যালয়ৰ কিছু আলোকচিত্ৰ, কেইজনমান পৰামৰ্শদাতা শিক্ষক আৰু অধ্যক্ষৰ অনুভৱৰ সংযোজন কিতাপখনৰ আন এক উল্লেখযোগ্য দিশ। তাত থকা এখন বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাৰ ২০১৫ চনৰ অৱস্থা আৰু ২০১৮ চনত একেটা শ্ৰেণীকোঠাৰে আলোকচিত্ৰই চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিগত পৰিৱৰ্তনৰো আভাস দিয়ে। অৱশ্যে আলোকচিত্ৰসমূহ ৰঙীন হোৱা হ’লে অধিক আকৰ্ষণীয় হ’লহেঁতেন।

কিতাপখনৰ দ্বিতীয় ভাগ ‘শিক্ষা, এক আধাৰ’ত সন্নিৱিষ্ট ‘সহ-অস্তিত্ব শিক্ষা আৰ্হি’: জীৱন বিদ্যা শিবিৰ’, ‘হেপিনেছ ক্লাছ: মনোভাবক বুজা’, ‘কৰ্মোদ্যমী মানসিকতা’ পাঠ্যক্ৰম: নতুন দিনৰ প্ৰস্তুতি’ শীৰ্ষক অধ্যায়সমূহত বুজিব পাৰি যে দিল্লী শিক্ষা আৰ্হিয়ে কেৱল নম্বৰকেন্দ্ৰিক পাৰম্পৰিক ব্যৱস্থা প্ৰদৰ্শনকামী লক্ষ্যতে সীমাবদ্ধ নাথাকি ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক, মানসিক, অৰ্থনৈতিক সকলো দিশতে আগবঢ়াই নিবলৈ এক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰি কাৰ্যকৰী কৰিছে। একেবাৰে শেষৰ দুটি অধ্যায় ‘এয়া কেৱল আৰম্ভণি’ আৰু ‘কৃতজ্ঞতা’ পঢ়ি লৈ লেখকৰ ৰাজনৈতিক পৰিচয়ৰ ঊৰ্ধত অকৃত্ৰিম সমাজহিতৈষী মনটোৰ পূৰ্ণ প্ৰতিফলন উপলব্ধ হয়।

পৰিমাণগত আৰু গুণগত এই দুয়ো দিশতে শিক্ষা-ব্যৱস্থাৰ বিভিন্ন উপক্ষেত্ৰ অনুযায়ী দিবলগীয়া গুৰুত্বক কিতাপখনে দিল্লীৰ শিক্ষা আৰ্হিৰে দেখুৱাই দিছে। যিদৰে শিক্ষক-কৰ্মচাৰীৰ সংখ্যাৰ ক্ষেত্ৰত পৰিমাণগত দিশটো উলাই কৰিব নোৱাৰি, একেদৰে পাঠ্যক্ৰমৰ ক্ষেত্ৰত শিশুৰ সামগ্ৰিক উৎকৰ্ষ সাধনৰ বাবে গুণগত মানত আৰোপ কৰা গুৰুত্বই কঢ়িয়াই অনা সংযোজন অভূতপূৰ্ব। ‘দিল্লী, এক আশা’ শীৰ্ষক প্ৰাক-কথন লেখাটোত মনীষ ছিছোদিয়াই লিখিছে, “ৰূপান্তৰৰ এই কাহিনীটোক সংৰক্ষণ কৰাৰ বাবেই মই এই কিতাপখন লিখিছোঁ, যাতে চৰকাৰী বিদ্যালয়সমূহৰ চেহেৰা সলনি কৰাত দিল্লী চৰকাৰক সহায় কৰাত কাৰ্যকৰ প্ৰমাণিত হোৱা সূক্ষ্মতম দিশবোৰো মানুহে আদৰিব পাৰে।” তেওঁ আৰু লিখিছে, “চমৎকাৰ বিদ্যালয় গৃহ নিৰ্মাণ কৰা, পৰীক্ষাত ভাল ফল অনাই শিক্ষা নহয়। শিক্ষা কেৱল বিদ্যালয় আৰু মহাবিদ্যালয়ৰ চাৰ্টিফিকেটধাৰী সমাজ গঢ়ি তোলা নহয়। শিক্ষা হ’ল ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ কাম। শিক্ষাৰ প্ৰয়োগ কেৱল মানুহক ভাল চাকৰিৰ বাবে যোগ্য কৰা অথবা ৰাষ্ট্ৰ আৰু সমাজৰ আৰ্থিক বিকাশতে সীমাবদ্ধ নহয়।” এই শিক্ষা মডেলৰ যাত্ৰাৰ খতিয়ান কিতাপ আকাৰে প্ৰকাশ কৰাটো একেসময়তে সৎ সাহসৰ প্ৰতিভূ আৰু প্ৰশংসাৰ যোগ্য। কোনো কোনোৱে হয়তো কিতাপখনত আত্মপ্ৰচাৰ আৰু ৰাজনৈতিক লাভালাভৰ অংকও বিচাৰি পাব। কিন্তু দীৰ্ঘম্যাদী ফলপ্ৰসূতাৰ চিন্তাৰে দেশৰ ধৰণী স্বৰূপ শিশুৰ শিক্ষাগ্ৰহণ শৈক্ষিক-মানসিক সকলো দিশেৰে পূৰ্ণাংগ কৰি তুলিবলৈ কৰা অকৃত্ৰিম প্ৰয়াসে অদূৰ ভৱিষ্যতে সৃষ্টব্য শিক্ষিত-দীক্ষিত নাগৰিকসকল যে ‘সচেতন ভোটদাতা’ হৈ নুঠিব সেয়াতো লেখকৰ অবোধগম্য নহয়। বৰঞ্চ এই বোধগম্যতাৰ বাবেই আজি পৰ্যন্ত আমাৰ ব্যৱস্থাটো অতি সুচতুৰভাবে সচেতন ভোটদাতা তৈয়াৰৰপৰা শতযোজন দূৰৈত বিৰাজমান! 

এই শিক্ষা আৰ্হিৰ সমগ্ৰ পৰিক্ৰমা খোদ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাবেই প্ৰত্যাহ্বান হৈ পৰিছিল। সেই কথাও ঠায়ে ঠায়ে লেখকে ইংগিতপূৰ্ণভাবে উল্লেখ কৰিছে। প্ৰথমেই শিক্ষাক কেন্দ্ৰত ৰাখি ৰাজনীতিৰ কাম কৰাৰ অসুবিধা সন্দৰ্ভত দুটা মুখ্য কাৰণ উল্লেখ কৰিছে এনেদৰে, “প্ৰথমটো হ’ল আমাৰ সাংগঠনিক ব্যৱস্থাৰ ডাঙৰ অভাৱ। … যিসকলে শিক্ষাক বুজি পায়, অনুভৱ কৰে তেওঁলোকৰ হাতত সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই আৰু যিসকলে সিদ্ধান্ত লয় তেওঁলোকৰ শিক্ষাৰ কোনো জ্ঞান নাই। শিক্ষাৰ বৰ্তমান নিৰাশাজনক অৱস্থাৰ প্ৰথম মূল কাৰণ এইটোৱেই।” লগতে চৰকাৰী বিদ্যালয় বন্ধ হৈ যোৱা অঞ্চলত পাৰ হৈ যোৱা দহ-পোন্ধৰ বছৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পাৰিসাংখ্যিক উত্থানক বিশ্লেষণ কৰি তেওঁ এই প্ৰশ্নও ইংগিতপূৰ্ণভাবে এৰিছে, “চৰকাৰী বিদ্যালয়বোৰ বন্ধ হৈ যোৱা আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰ বাঢ়ি অহাৰ কাৰণ ইয়াৰে কিছুমান বিদ্যালয় ৰাজনীতিক আৰু আমোলাই খোলাটো নেকি?”

 

সামাজিক ব্যৱস্থাসমূহ এটাৰ লগত আনটো প্ৰত্যক্ষ বা পৰোক্ষ বিভিন্ন ধৰণেৰে জড়িত তথা নিৰ্ভৰশীল হৈ থাকে। শিক্ষা-ব্যৱস্থাটোও যোগাযোগ, আইন, পৰিবহণ, ব্যৱসায় আদি সকলোৰে সৈতে জড়িত হৈ থকাৰ বাবে মন্ত্ৰীদ্বয়ৰ বাবে উমৈহতীয়া উপক্ষেত্ৰ কিছুমানত পৰিকল্পনা অনুযায়ী কাম হৈ উঠা নাছিল। কেতিয়াবা অত্যধিক পলম হৈছিল, কেতিয়াবা বিকল্প উপায়ৰ প্ৰয়োজন আহি পৰিছিল। এইদৰে পদে পদে লাভ কৰা তিক্ত অভিজ্ঞতাখিনি লেখকে প্ৰসংগক্ৰমে উনুকিয়ালে যদিও কিতাপখন পঢ়ি থাকোঁতে আৰু অধিক বিশদ বৰ্ণনাৰ প্ৰয়োজন অনুভূত হৈ থাকিল। হয়তো কিতাপৰ কলেৱৰ বৃদ্ধিৰ শংকাতে শিক্ষা মডেলৰ পদ্ধতিসমূহৰ ওপৰতে গুৰুত্ব আৰোপ কৰি বাকী বিষয়সমূহ আভাস দি গ’ল। ইয়াৰ পাছতো সমগ্ৰ পৰিক্ৰমাটোৰ সাৰাংশস্বৰূপ কিতাপখনৰ গুৰুত্ব কিন্তু অমূল্য কিয়নো সমুখ সমৰৰ সৈনিক এজনে প্ৰাথমিক উৎসৰে ইয়াক লিখি উলিয়াইছে। একেদৰে অনুবাদ গ্ৰন্থখনিও সুখপাঠ্য। দুই-এটা ছপা-ভুল আৰু ব্যাকৰণগত ভুলৰ বাদে অনুবাদৰ মানক লৈ কিবা ক’ব পৰাৰ ধৃষ্টতা মোৰ নাই যিহেতু মূল ইংৰাজী গ্ৰন্থখন মই পঢ়া নাই। অৱশ্যে, কিতাপখনৰ সাৰমৰ্ম বা সমালোচনাত্মক টোকা আৰু অনুবাদ প্ৰকাশৰ যাত্ৰাক চমুকৈ বৰ্ণাই অনুবাদকৰ একাষাৰ এটা সন্নিৱিষ্ট থকা হ’লে কিতাপখনে পূৰ্ণতা পালেহেঁতেন। যি কি নহওক, মূল্যৱান গ্ৰন্থখন দুই-তিনিবছৰৰ ভিতৰতে অসমীয়ালৈ অনুবাদ কৰি আমাৰ দৰে সাধাৰণ পঢ়ুৱৈৰ মাজলৈ লৈ অনাত অনুবাদক আৰু প্ৰকাশক উভয়কে এই আপাহতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সাধাৰণতে বিশ্বসাহিত্যৰ যিকোনো জনপ্ৰিয় বা পুৰস্কাৰপ্ৰাপ্ত উপন্যাস অসমীয়ালৈ অনুবাদ কৰা যিমান পৰিলক্ষিত হয়, সমানে প্ৰয়োজন এই ধৰণৰ অ-কাহিনীমূলক, অভিজ্ঞতামূলক গ্ৰন্থৰ অনুবাদ। 

সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ বাবেই অৱশ্য পঠনীয় এই কিতাপখন বিশেষকৈ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষক-প্ৰশিক্ষক, শিক্ষক-প্ৰশিক্ষাৰ্থীকে ধৰি সমাজৰ ‘শিক্ষা-ব্যৱস্থা’ৰ সমস্যাক লৈ সৰৱসকলে অধ্যয়ন কৰাটো নিতান্তই প্ৰয়োজন বুলি ক’লেও বঢ়াই কোৱা নহয়। এইখনৰ আধাৰত অসমৰ পৰিপ্ৰেক্ষিতত কথাবোৰ ন কৈ চিন্তা আৰু সঠিক আলোচনাৰে আগবাঢ়িলে সমস্যাসমূহৰ যথোচিত নিয়ন্ত্ৰণ তথা নিৰ্মূলৰ বাবে কোনো নতুন পদ্ধতি উদ্ভাৱনত ই হৈ পৰিব ব্লুপ্ৰিণ্ট সদৃশ। কিন্তু অনস্বীকাৰ্য যে ঐক্যবদ্ধ সদিচ্ছা আৰু আন্তৰিকতা অবিহনে এয়া কাগজৰ ক’লা চিঞাহীৰ মাজতেই ৰৈ যাব।

শেষত, লেখকৰ ভাষাতে সুৰ মিলাই ক’ব খোজোঁ যে যিহেতু “শিক্ষাৰ ক্ষেত্ৰত কাম কৰিলে ফলাফল লগে লগে নোলায়”, সেয়ে এই ক্ষেত্ৰখনত কাম কৰিবলৈ আমাক প্ৰয়োজন অপৰিসীম কষ্ট, ধৈৰ্য, সাহস আৰু নিষ্ঠা তথা ধাৰাবাহিক শক্তি। প্ৰায় অলীক কল্পনা যেন লাগিলেও লেখকৰ এই কল্পনা বাস্তৱ হ’ব বুলি আশাবাদী— “এই কিতাপখনত, মই এনে এক ব্যৱস্থাৰ কল্পনা, পৰিকল্পনা আৰু গঢ়াৰ বিষয়ে লিখিছোঁ, য’ত এখন নগৰত হিংসা বৃদ্ধি পোৱা দেখিলে, মুখ্যমন্ত্ৰীয়ে হিংসাৰ অৱসান ঘটাবৰ বাবে কেৱল তেওঁৰ আৰক্ষীপ্ৰধানকে নিৰ্দেশ নিদিয়ে, দুবছৰৰ ভিতৰত মানুহৰ মাজত থকা হিংসাৰ প্ৰৱণতা অন্ত পেলোৱাৰ বাবে এক পৰিকল্পনা কৰিবৰ বাবে তেওঁৰ শিক্ষাপ্ৰধানকো নিৰ্দেশ দিব। আমি যদি শিক্ষাক ইয়াৰ অৱসানৰ বাবে ব্যৱহাৰ কৰিব পৰা নাই, তেন্তে ইয়াৰ অৰ্থ হ’ল এয়ে যে শিক্ষাৰ শক্তিৰ বিষয়ে আমাৰ কোনো ধাৰণা নাই। ইয়াৰ অৰ্থ হ’ল শিক্ষা সম্পৰ্কে আমাৰ ধাৰণা দৰিদ্ৰতা দূৰীকৰণ অথবা নিয়োগৰ ব্যৱস্থা কৰাত সীমিত।”

উপসংহাৰঃ ভোকৰ সময়ত যেতিয়া আমি ভাত খাবলৈ বহোঁ, তেতিয়া নিমখৰ তাৰতম্য, আঞ্জাৰ পৰিমাণ, সোৱাদ, ব্যঞ্জনৰ সংখ্যা আদিক লৈ বিচাৰ কৰাৰ সময় আৰু তাড়না একোৱেই নাথাকে, গুৰুত্বপূৰ্ণও নহয়। একেদৰে আলোচ্য কিতাপখনৰ অন্তৰ্নিহিত বিষয়ৰ ঊৰ্ধত সাহিত্যিক সুষমা বিচৰাটো ভুল বুলিয়েই ভাবোঁ। সেয়ে তেনে আলোচনাৰপৰা বিৰত থকা হ’ল। এটা কথা নক’লে আধৰুৱা হৈ ৰ’ব যে ভাৰতৰ বিদগ্ধ, দক্ষ চলচ্চিত্ৰ পৰিচালকসকলে ইচ্ছা কৰিলে এই আৰ্হিৰ আধাৰত সুন্দৰ চলচ্চিত্ৰ আমাক উপহাৰ দিব পাৰে। ‘মাঝী’, ‘আৰটিকল ৩৭০’, ‘উৰি’, ‘এয়াৰলিফ্ট’ আদি অনেক সত্যকাহিনীভিত্তিক চলচ্চিত্ৰৰ দৰে এইখনো নিশ্চয় গুৰুত্বপূৰ্ণই হ’ব।

নক’লে নহ’ব যে কিতাপখন পঢ়িলে আৱেগত আমাৰ অসমতো কিয় এনেকুৱা কৰিব নোৱাৰি জাতীয় চিন্তা এটাই ইমান জোৰেৰে খুন্দা মাৰি ধৰে যে প্ৰদৰ্শনকামী, হ্ৰস্বম্যাদী আঁচনি, চমকৰ ভমকে সনা-পোটোকা কৰি ৰখা শিক্ষা-ব্যৱস্থাটোত শিপাৰপৰাই সংস্কাৰ অনাটো কিমান দুৰূহ সেয়া ক্ষন্তেকলৈ পাহৰি যাওঁ। দিল্লী আৰু অসম ভৌগোলিক, সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সকলো দিশৰপৰাই পৃথক যাৰ বাবে দিল্লীৰ শিক্ষা আৰ্হিটো এক আধাৰহে হ’ব পাৰে, হুবহু অনুকৰণ অসম্ভৱ। প্ৰধানকৈ ভাষিক আৰু আৰ্থ-সামাজিক সমস্যাৰে জৰ্জৰিত অসমৰ চৰকাৰী বিদ্যালয়সমূহত ক্ষেত্ৰ অধ্যয়নেৰে স্থানীয়ভাৱে সমস্যাৰ সমাধানক লৈ বিশ্লেষণ কৰাৰ সুবিধা আৰু অধিকাৰ অবিহনে ইয়াৰ উন্নতি অসম্ভৱ। ৰাজ্যিকভাৱে যিকোনো সিদ্ধান্ত বা কৰ্মা আঁচনি গ্ৰহণ কৰাৰ পূৰ্বে মূলতঃ তৃণমূল পৰ্যায়ত জড়িত অভিজ্ঞ ব্যক্তিৰ সৈতে আলোচনা কৰাটো উশাহ-নিশাহৰ দৰে জৰুৰী বুলি বুজিবলগীয়াসকলে নুবুজিলে, প্ৰতিজন শিক্ষক (এক-দুই শতাংশৰে নহয়) ‘সদিচ্ছা’ৰে দায়িত্বশীল নহ’লে, অভিভাৱকসকলক সচেতন কৰিব নোৱাৰিলে অভিলাষী আঁচনি, আন্তঃগাঁথনি, শিকন-শিক্ষণ সামগ্ৰী, প্ৰশিক্ষণৰ উপৰি প্ৰশিক্ষণ, শৈক্ষিক সমলৰ প্ৰচলন, বিতৰণ আদিবোৰ যে ফুটা কলহত পানী ভৰোৱাসম হৈ পৰিব সেয়া এক অপ্ৰিয় সত্য। 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!