জ্ঞান প্ৰাপ্তি

লেখক- তাপস দত্ত

পত্নীসহ দুয়োটা ল’ৰা-ছোৱালীৰ সৈতে দিবাকৰ কলিতা চেন্নাইৰ পৰা ডিব্ৰুগড় অভিমুখী ৰেলগাড়ীখনৰ ডবা এটাত উঠি বহিলহি। দিবাকৰ কলিতাৰ স্বাস্থ্য পৰীক্ষাৰ বাবে আছিল এইবাৰ চেন্নাইলৈ এই যাত্ৰা। অসমৰ ডাক্তৰে পৰীক্ষা নিৰীক্ষা কৰি সাংঘাতিক কিবা এটা হোৱাৰ ইংগিত দিয়াৰ লগে লগেই পৰিয়ালৰ মানুহ, বন্ধু-বান্ধৱ সকলোৱেই কলিতাক অসমৰ বাহিৰত দেখুৱাবলৈ উপদেশ দিলে। চেন্নাইলৈ আহিও কলিতাই গম পালে যে সকলো একেবাৰে আগৰ দৰেই হোৱাৰ আশা নাই। দীঘলীয়াকৈ দৰৱ সেৱন কৰি, খোৱা-বোৱাত নিয়ন্ত্ৰণ ৰাখি চলিলে হয়তো কেইটামান বছৰ বেছিকৈ পাব। অৱশ্যে তাৰ মাজতে পৰীক্ষাৰ ৰিপৰ্টবোৰ চাই হয়তো অলপ ইফাল সিফাল হ’লেও হ’ব পাৰে।
ৰেলৰ ডবাত খিৰিকী কাষত বহি কলিতাই বাহিৰলৈ চাই গ’ল। মনত এসোপা চিন্তাই সাগৰৰ ঢৌৰ দৰে খুন্দিয়াই আছে। সাগৰৰ ঢৌৰ দৰে এই চিন্তাৰো যে শেষ নাই। জীৱনটো এনেয়েও সদায় নাথাকে। তথাপি কোনোবাই যদি সময়টো মোটামুটিকৈ জানিব পাৰে তেতিয়াৰ পৰাই যেন অশান্তিবোৰ আৰম্ভ হৈ যায়। কলিতাৰ মূৰটোও যেন এনেবোৰ অশান্তিৰে এতিয়া গধুৰ হৈ পৰিছে। কলিতাৰ পত্নীও সমানে দুশ্চিন্তাত ভুগি আছে যদিও দুয়ো দুয়োৰে আগত সহজ হৈ থকাৰ অভিনয় সুন্দৰকৈ কৰি গৈছে। ‌ ল’ৰা-ছোৱালীহালক এইবোৰ জানিবলৈ দিয়া হোৱা নাই। সিমানখিনি বুজিবলৈ সিহঁতৰ বয়সো হোৱা নাই। ‌ ছোৱালীজনীয়ে সাগৰৰ পাৰত কিনা শামুকৰ খোলাবোৰ লৈ ব্যস্ত। ল’ৰাটো ব্যস্ত দেউতাকৰ মোবাইলত কাৰ্টুন ছৱি চোৱাত। আস্। ইহঁত দুটা অলপ ডাঙৰ হোৱালৈকে সময় পাবনে কলিতাই? কিমান যে কাম বাকী আছে। কলিতাৰ অবিহনে পৰিয়ালটো বাৰু কেনেকৈ চলিব? আকৌ একেখিনি চিন্তাৰ ঢৌৱে কলিতাক খুন্দিয়াব ধৰিলে।
ৰাতি হৈ অহাৰ লগে লগে মানুহবোৰে শুবলৈ যো-জা কৰিবলৈ ল’লে। কলিতাই তলতে শুব। ওপৰলৈ মূৰ কৰি কলিতাই দীঘলীয়া চিটটোত শুই পৰিল যদিও টোপনি অহা নাই। ডবাটোত শেষবাৰৰ বাবে মানুহ এটাই বিৰিয়ানিৰ পেকেটবোৰ লৈ চিঞৰি চিঞৰি পাৰ হৈ গ’ল। ‌ অথনিৰেপৰা নানান শব্দৰে মুখৰ হৈ থকা ডবাটো লাহে লাহে নিজম হৈ পৰিল। নিশাৰ নীৰৱতা ভাঙি মাত্ৰ ৰেলগাড়ীৰ শব্দটো ভাহি থাকিল। ঝক ঝক। ঝক ঝক।
ৰেলগাড়ীখন আহি কোনোবা এটা ষ্টেচনত ৰৈছেহি। কলিতাই ঘড়ীটো চালে। ঘড়ীত তেতিয়া এটা বাজিছে। সকলো যাত্ৰী টোপনিৰ কোলাত। ৰেলগাড়ীখন লাহে লাহে চলিবলৈ ধৰিছে। কলিতাৰ মনত হঠাতে কিবা এটা খেলালে। লাহেকৈ উঠি গৈ তেওঁ ডবাটোৰ দুৱাৰৰ ওচৰত ৰ’লগৈ। ৰেলগাড়ীৰ গতি তেতিয়াও বৰকৈ বঢ়া নাই। আৰামত কলিতাই লাহেকৈ নামি দিব পাৰে। কিন্তু কলিতা নামি নগ’ল। অলপ পিছত লাহেকৈ নিজৰ চিটলৈ ঘূৰি আহি খিৰিকীখনৰ কাষত বহি পৰিল।
জীৱনটোও এনেদৰেই এখন ৰেলগাড়ীৰ দৰেই চলি থকা নাই নে? আজি পৰিয়ালটো একেলগে যাত্ৰা কৰিছে যদিও কাইলৈ কোনোবা এটা ষ্টেচনত কলিতা হয়তো নামি পৰিব। তাৰপৰাই কোনোবা অজান দিশলৈ হয়তো আৰম্ভ হ’ব তেওঁৰ পৰৱৰ্তী যাত্ৰা। এবাৰ নামি যোৱাৰ পিছত ইয়াত কোনেও একেখন ৰেলগাড়ীত আকৌ উঠাৰ নিয়ম নাই। ‌ কলিতা নামি যোৱাৰ পিছত হয়তো পৰিয়ালটোৱে অলপ সময়ৰ বাবে দুখত ভাগি পৰিব। ‌তাৰ পাছত সকলো আকৌ লাহে লাহে আগৰ দৰেই স্বাভাৱিক হৈ পৰিব। পুনৰ কোনোবা এটা ষ্টেচনত কলিতাৰ পত্নী নামি যাব। আকৌ একে হুৱা-দুৱা। আকৌ সকলো শান্ত। কোনোবা এটা ষ্টেচনত ডবাটোলৈ নতুনকৈ এজনী ছোৱালী সোমাই আহিব। কলিতাৰ ল’ৰাৰ সহযাত্ৰী হ’ব। কোনোবাটো ষ্টেচনত ছোৱালীজনী নামি গৈ অন্য এটা ডবাত আন কাৰোবাৰ সহযাত্ৰী হ’বগৈ। ৰেলগাড়ীখন চলি থাকিব। ‌ এয়াই সত্য। একেলগে উঠা বা একেলগে নামি যোৱাৰ ব্যৱস্থা নাই।
কলিতাই যেন নতুনকৈ কথাবোৰ ভাবি পালে। এইবাৰ কলিতাই পিছলৈ ঘূৰি চালে। কলিতাৰ মাক-দেউতাকে একেলগে যাত্ৰা কৰিছে। মনত বহুত আশা। একেলগে দুয়োৰে বহুত সপোন। সেই আশাবোৰ সেই সপোনবোৰ পূৰ কৰিবলৈ এটা ষ্টেচনত কলিতা ডবাটোলৈ সোমাই আহে। কলিতাৰ মাক-দেউতাকৰ অসীম আনন্দ। কণমানি কলিতাক লৈ দুয়ো এনেদৰে ব্যস্ত হৈ পৰে যে কিমান ষ্টেচন পাৰ হৈ গ’ল গমকে নাপায়। তাৰ পিছত এদিন এটা ষ্টেচনত কলিতাৰ দেউতাক নামি যায়। কলিতাৰ মাকে উকা কপালেৰে বাকীছোৱা যাত্ৰা অব্যাহত ৰাখে। আন এটা ষ্টেচনত কলিতাৰ পত্নী আহি খালী হৈ থকা চিট এটাত বহি পৰে। এইদৰেই সকলোৰে যাত্ৰা অব্যাহত থাকে।
বট বৃক্ষৰ তলত ধ্যানমগ্ন বুদ্ধৰ দৰেই কলিতায়ো যেন নতুনকৈ জ্ঞানলাভ কৰিলে।
প্ৰথম কথা সংসাৰলৈ আহিলে বিদায় লোৱাটোও নিশ্চিত। ঠিক কোনোবা এটা ষ্টেচনত ৰেলগাড়ীত উঠি অন্য এটা ষ্টেচনত নামি দিয়াৰ দৰে। সহযাত্ৰী থাকিব। কিন্তু একেলগে উঠাৰ অথবা একেলগে নামি যোৱাৰ নিয়ম নাই। যদি একেলগে নামিও আহে তেন্তে সেয়া হ’ব দুৰ্ঘটনাৰ দৰে।
দ্বিতীয়তে কোনোবা নামি যোৱাৰ বাবে অথবা কোনোবা উঠি অহাৰ বাবে ৰেলগাড়ী বেছি সময়লৈ ৰৈ নাথাকে। লাহে লাহে চলিবলৈ আৰম্ভ কৰি আকৌ আগৰ সমান গতি ল’ব। ঠিক পৰিয়ালৰপৰা এজন প্ৰস্থান বা আগমনৰ সময়ত হোৱা সাময়িক ব্যতি-ব্যস্ততাৰ দৰে।
তৃতীয়তে কোনটো ষ্টেচনত কোন কেতিয়া নামি পৰিব তাৰো কোনো নিশ্চয়তা নাই। নিশ্চয়তা নাই বাবেই সকলোৱে জীৱনটো প্ৰাণ ভৰি উপভোগ কৰিব পাৰে। এদিন নহয় এদিন যিহেতু সকলোৱে নামিবই লাগিব গতিকে তাৰ চিন্তাত ডুব গৈ যাত্ৰাৰ আনন্দ হেৰুৱাব নালাগে।
কলিতাৰ মূৰটো যেন পাতল হৈ পৰিল। চিটটোতে দীঘল দি লাহেকৈ কলিতাই চকুহাল জপাই দিলে। সোনকালেই তেওঁ এইবাৰ টোপনিৰ কোলাত ঢলি পৰিল। নিজম ডবাটোত মাত্ৰ ৰেলগাড়ীখন চলি থকাৰ শব্দ ভাহি থাকিল। ঝক ঝক। ঝক ঝক। ঝক ঝক।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!