ডাকৰ বচনত তামোল-পাণ
লেখক- ইলি তালুকদাৰ
অসমীয়াৰ ধৰ্ম-কৰ্ম সকলোতে তামোল-পাণৰ এক বিশেষ স্থান আছে। পূজাত, বৰণত, আলহী-অতিথি, গোঁসাই, নামঘৰ, গুৰুজনালৈ আগেয়ে আগবঢ়োৱা হয় তামোল-পাণৰ শৰাই। বিয়ালৈ নিমন্ত্ৰণ কৰা লোকক তামোল-পাণ যঁচা অসমীয়া সংস্কৃতি। দৰা বা কইনাক ঘৰলৈ আদৰি আনিবলৈও দুয়োপক্ষই চাকিৰে সৈতে পাণ এখিলাহে ব্যৱহাৰ কৰে।
তামোল-পাণক লৈ বিভিন্ন মুখৰোচক কাহিনী শুনিবলৈ পোৱা যায়। কিছুমান ঠাইত অবিবাহিত লোকে তামোল-পাণ নাখায়। তেওঁলোকৰ মতে তামোল ভক্ষণ বিবাহিতৰ লক্ষণ। আকৌ প্ৰেম নিবেদনত ই যেন অসমীয়াৰ এক অপৰিহাৰ্য পৰম্পৰা। সমাজত দায়-জগৰ লগালেও তামোল-পাণৰ শৰাই আগবঢ়াইহে ক্ষমা প্ৰাৰ্থনা কৰা হয়। শাস্ত্ৰৰ বিধানমতে বিয়াৰ পিছত হেনো ভোজনৰ শেষত মুখ, দাঁত পৰিষ্কাৰ কৰি তামোল-পাণ খাই মুখ সুগন্ধি কৰি বিছনাত উঠিব লাগে। অৱশ্যে বিয়া বুলি নহয় অসমীয়া মানুহৰ তামোল খোৱাত ল’ৰা-ছোৱালী, ডেকা-গাভৰু, বুঢ়া-বুঢ়ীৰ একো বাচ-বিচাৰ নাই। অসমীয়া সমাজত তামোল কাৰো বাবে নিষিদ্ধ নহয়। তামোল খোৱাৰ ক্ষেত্ৰত বৃদ্ধ লোকসকল বাকীসকলতকৈ এখোপ চৰা বুলিহে ক’ব পাৰি। বুঢ়ী আইতাই মুখেৰে চোবোৱা তামোল-পাণৰ ভাগ অতি মৰমৰ নাতি-নাতিনীহঁতেহে পায়। আকৌ দাঁত নহ’লে কি হ’ল, খুন্দনাত খুন্দি হ’লেও তামোল খাবই। তামোলে গাৰ উত্তাপ বঢ়ায়। আইতাৰ মতে সোলা মুখত তামোল ভৰাই ৰাখিলে হেনো মুখখনতে উম লাগি থাকে।
আগৰ কালৰ বুঢ়া-বুঢ়ীৰ মতে তামোল-পাণে দাঁতৰ ৰোগ, পেটৰ অসুখ আদি নিৰাময় হোৱাত সহায় কৰে। বাৰিষা হাল বাওঁতে, কঠীয়া ৰুওঁতে পানীত জোকে ধৰিলে তামোলৰ পিক জোকৰ মুখত পেলালে সি পলাই পত্ৰং দিয়ে। তামোল বোলোতে আকৌ অকল তামোল নহয়, ইয়াৰ সৈতে পাণ, চুণ, ধপাত থাকিলেহে তামোলখনে সম্পূৰ্ণ ৰূপ ধাৰণ কৰে। ফকৰাতে আছে—
তামোল এখন দিয়া ভকত, পাণ-চুণ তাৰ লগত,
ধপাত অকণ দিবা পাছে—এহেলৈ সকলো লগত আছে।
বিহু গীততো তামোল-পাণ আৰু বিশেষকৈ কটা তামোলখনে স্থান পাইছে।
“তামোলটি কাটিলোঁ দুখনি কৰিলোঁ
ৰংপুৰ বজাৰৰ পাণ,
পথাৰে পথাৰে বিচাৰি ফুৰিলোঁ
ক’তে দাই আছিলা ধান।”
“কিনো তামোলখনি দিলা মোৰ মইনা
অতি চেনেহেৰে খালোঁ,
সেইনো তামোলখনি খাবৰে পৰা ঐ
তোমাৰ লগত চিনাকি হ’লোঁ।”
এই তামোল-পাণ সম্পৰ্কে ডাকৰ বচনবোৰত বিশেষ কিছুমান নিৰ্দেশ দিয়া আছে। যেনে,
সাতত পাতল, পাঁচত ঘন
ছয়ত তামোল নদন-বদন।
অৰ্থাৎ ছয় হাত দূৰে দূৰে তামোলৰ পুলি ৰুলে বাৰীখন নদন-বদন হয়। সাত হাত ফাঁকত ৰুলে পাতল আৰু পাঁচ হাত ফাকত ৰুলেও ঘন হয় বুলি ডাকৰ বচনত পোৱা যায়।
প্ৰকৃততে চাৰিওফালে ঢাপ দি ভালকৈ তামোল-পাণৰ বাৰী পাতি ল’ব পাৰিলে ভাল অৰ্থোপাৰ্জন হয়। এখন ভাল তামোল-পাণৰ বাৰী ভাগ্য আৰু সাধনাৰ বলতহে লাভ হয় বুলি কোৱা হয়।
আকৌ এফাকি বচন আছে, বোলে—
“নালাগে তামোল লাগে,
লাগে তামোল নালাগে।”
অৰ্থাৎ এডাল তামোলৰ পাত আন এডালত লাগি থাকিব নালাগে, লাগি থাকিলে তামোল নালাগে আৰু নলগাকৈ পাতলকৈ ৰুলেহে তামোল লাগে।
অকল তামোল খাই ভাল নালাগে, যদিহে তামোলৰ লগত পাণ নাথাকে। পাণ কেনেকৈ ৰুব লাগে বা তামোল-পাণৰ সৈতে বাৰীত কপাহ, মূলা আদিৰ খেতিও কেনেকৈ কৰিব লাগে তাৰো বিশেষ নিৰ্দেশ আছে।
“ষোল্ল চাহত মূলা,
তাৰ অৰ্ধেক তুলা।
তাৰ অৰ্ধেক ধান,
বিনা চাহত পাণ।।”
অৰ্থাৎ মূলা খেতিৰ বাবে মাটি চহাই পিঠাগুৰিৰ দৰে ভূৰভূৰীয়া হ’ব লাগে। তুলা অৰ্থাৎ কপাহৰ বাবে তাৰ আধা, ধানৰ বাবে চাৰি চাহেই যথেষ্ট। পাণৰ বাবে মাটি চহোৱাৰ দৰকাৰেই নাই কাৰণ পাণৰ শিপা তললৈ নাযায়। ফকৰাতে পোৱা যায়,
“আগফাল শুৱনি কাকিনি তামোল,
পিছফাল শুৱনি পাণ,
বৰঘৰ শুৱনি জীয়ৰী ছোৱালী,
উলিয়াই দিবলৈ টান।।”
আকৌ,
“গছৰ শোভন ডাব নাৰিকল,
বাৰীৰ শোভন পাণ
গাঁৱৰ শোভন ভাল মানুহ,
আগে ধৰে মান।।”
ঘৰ বান্ধোতে ডাকৰ বচনত তামোল গছজোপাৰ স্থান সম্বন্ধেও নিৰ্দেশ দিয়া আছে। যেনে–
“দক্ষিণে ভূঁই উত্তৰে বাৰী,
আঁটীয়া দিবা তিনি শাৰী,
ভলুকা ৰুইবা দুই কণি (কোণ)
মধ্যত তামোল ৰুবা জানি।
ছয় হাতে তামোল তাতেই পাণ,
আহাৰ মাহত নুৰুইবা আন।”
ধান আৰু পাণ বাৰিষাৰ খেতি। ধানৰ ফচল একেডোখৰ ঠাইত বছৰটোৰ ভিতৰতে উঠে। অৱশ্যে আজিকালি একে ডোখৰ ঠাইত দুই তিনিটা ধানৰ প্ৰজাতিৰ খেতি এবছৰৰ ভিতৰতে হয়। কিন্তু পাণ ছিঙিব পৰা হোৱালৈ অতি কমেও তিনি বছৰ লাগে। সেয়েহে ডাকৰ বচনত কোৱা হয়—
“এক শাওণে ধান,
তিনি শাওণে পাণ।।”
আকৌ,
“পশ্চিমে বাঁহ, পূৱে বেঁত,
উত্তৰে তামোল, দক্ষিণে খেত।।
ডাকৰ বচন জানিবা সাৰ
মানিবা তাক কৰি বিচাৰ।।”
এইদৰেই পূজা-সেৱা, অভ্যৰ্থনা, নিমন্ত্ৰণ, বিদায়, প্ৰেমৰ আদান-প্ৰদান আদি সকলো ক্ষেত্ৰতে অসমীয়াৰ এই অপৰিহাৰ্য সামগ্ৰী তামোল-পাণে ডাকৰ বচনত এক বিশেষ স্থান অধিকাৰ কৰি আছে।
পৰজন্ম আৰু কৰ্মফলত বিশ্বাসী বহুতেই তলত উল্লিখিত ডাকৰ বচন আজিও মানি আহিছে।
“কত জনমৰ মূৰত পুত্ৰৱতী নাৰী,
কত জনমৰ মূৰত তামোল-পাণৰ বাৰী,
কত জনমৰ মূৰত পৰক পৰে বায়,
কত জনমৰ মূৰত ভাতক ভাতে খায়।”
ডাকৰ বচন আজিও বেদৰ বাণী হৈ আছে এটা বিষয়ত, সেয়া হৈছে কৃষি। অতীজৰে পৰা গাঁৱৰ খেতিয়কে ডাকৰ বচন আখৰে আখৰে পালন কৰিবলৈ যত্ন কৰি আহিছে। চহৰীয়া লোকৰ বাবে ডাকৰ বচন কিছু দুৰ্বোধ্য যেন লাগিলেও গঞা খেতিয়কৰ বাবে ই ভাতৰ লগত পানী খোৱা যেন। বৰ্তমান যুগত জীৱন নিৰ্বাহৰ উপায় আৰু অৱলম্বনৰ পৰিবৰ্তন ঘটাত অতীত কালৰ জীৱনৰ সৈতে খাপখোৱা ডাকৰ বচন কিছুমান আজিকালিৰ জীৱন শৈলীৰ বাবে অপ্ৰযোজ্য হৈ আহিছে। তথাপি শব্দৰ মিতব্যয়িতা, যুক্তিৰ আধাৰত ৰচিত এই বচনবোৰ ফকৰা-যোজনা, পটন্তৰ আদিৰ ৰূপ লৈ আজিও গঞা ৰাইজৰ মাজত সমাদৃত হৈ আছে। মুখে মুখে বাগৰি ফুৰা ডাকৰ বচনবোৰ মৌখিক সাহিত্যৰ পৰা পুনৰুদ্ধাৰ কৰি লিপিবদ্ধ কৰি নাৰাখিলে এই আপুৰুগীয়া সম্পদবোৰ বিস্মৃতিৰ অতল গহ্বৰত বিলীন হ’ব সেয়া নিশ্চিত। এইবোৰ বচনক সজাই-পৰাই পুনৰুদ্ধাৰৰ প্ৰয়োজন আছে বুলি ভাৱ হয়।
তথ্য-
১| ডাকৰ বচন-শুনা উপায় (লেখক অজ্ঞাত)
Probondha-Dakar Basan.txt