ডিউৰ ৰাজপথ আৰু সাগৰ সৈকতত এটা জিলমিল দুপৰ

লেখক- --- মধুমিতা বৰুৱা শইকীয়া

এম আৰু ডি ৰোড য’ত শেষ হয় শূন্যতা। বাক্যটি নিজৰ নহয়, এখন কিতাপৰ নামহে। লেখক মৃত্যুঞ্জয় মহন্ত আৰু মনালিছা শইকীয়া। লেখাৰ প্ৰাসংগিকতা সাপেক্ষেহে বুটলি অনা হ’ল। 

 

আপুনি, আমি সকলোৱে অনুভৱ কৰিবলৈ লৈছোঁ যে সদাব্যস্ত প্ৰাত্যহিকতাৰ জাগতিক পয়োভৰৰ মাজতো কম বেছি পৰিমাণে আজিকালি মানুহ শূন্য। শূন্যতাৰ সংগোপন উপস্থিতিত বিঘ্ন আমাৰ চাতকী সময়। 

 

কিহেৰে ভৰুণ হয় আমাৰ হৃদয়? পয়োভৰৰ মাজতো গা কৰি উঠে এক প্ৰবল নৈৰাশ্য। অথচ পৃথিৱীৰ সমস্ত বৈষয়িক সুখ সুবিধা আজিকালি আমাৰ চ’ৰাঘৰৰ সমুখতেই উপলব্ধ। 

কলিং বেল টিপিলেই দুৱাৰখন খুলিলেই হাততে আহি ধৰা দিয়ে বিচৰা সকলো বস্তু। খাদ্যৰ পৰা আৰম্ভ কৰি সংসাৰৰ এপদ এপদকৈ সকলো ‌সম্ভাৰ। তালিকাখনত শেষ নহয়গৈ আমাৰ ফৰমাইচৰ অন্তহীন সামগ্ৰী। অথচ আমি শূন্যতাত ককবকাই ফুৰো। 

 

তেন্তে কি এনে উপায় আছে যি ক্ষয়িষ্ণু অনুভৱৰ পৰা মুক্তি দিব পাৰে। দৰাচলতে এতিয়াও আমাক পৰশৰ জুৰণিৰে জীপাল‌ কৰিব পাৰে এখন নদীৰ ঘাটে, এখন সাগৰ সৈকতে, উদ্দেশ্য বিহীন বন্য বিহাৰে কিম্বা বাটৰ কাষৰ চহৰ-নগৰে। 

আচলতে আমি যাযাবৰী, কিছু পৰিভ্ৰমীও। নহয়নে বাৰু? আমি প্ৰকৃততে নিজৰ সন্ধানত ওলাই যাওঁ ভ্ৰমণৰ বেদুইন উন্মাদনাৰ অচিলাৰে। 

 

প্ৰিয় পাঠক, এটা বেলাৰ অনন্য সুখদায়ক ভ্ৰমণকথাৰ প্ৰসংগতহে এই দীঘলীয়া পাতনি মেলিলোঁ। 

 

 চকুৰে মণিব পৰা‌ দূৰত্বত দেখিছিলোঁ ডিউৰ সাগৰ সীমনা। ‌ উৰাজাহজখন আহি ডিউৰ বিমান বন্দৰত অৱতৰণ কৰিছিলহি। যাত্ৰা সুনিৰ্দিষ্ট হৈ আছিল সোমনাথ মন্দিৰ আৰু গিৰ নেশ্যনেল পাৰ্কৰ বাবেহে। ডিউ আছিল যাত্ৰাপথত পোৱা এক অঞ্চলহে। আমাৰ দুয়োৰে কিন্তু ‌ৰৈ যাবলৈ মন গৈছিল ডিউতে। কিন্তু আমাৰ ভ্ৰমণ সূচীত ডিউ‌ সন্নিৱিষ্ট নাছিল। অথচ অহেতুক ‌এক নিবিড় মায়াত মুগ্ধ হৈ পৰিছিলোঁ। আন আন সাগৰৰ পাৰৰ দৰে ভিৰ নথকা প্ৰায় নিশব্দ নিৰ্জনহৈ থকা ডিউখন দেখি। ঘূৰি আহোঁতে হাতত এটা বেলা লৈ আহিম‌ বুলি আমি গিৰলৈ বুলি বাট বুলিলো। 

 

গুজৰাটৰ সোমনাথ মন্দিৰ আৰু গিৰ নেশ্যনেল পাৰ্কৰ পৰা উভতি আহি দিল্লী অভিমুখী বিমানত উঠাৰ বাবে ডিউ লৈ আহিয়েই ঢৌতে খৰ মাৰি প্ৰায় আঢ়ৈ ঘণ্টাৰ ভিতৰত ডিউখনত এপাক মাৰি আহিলো। পৰ্যটন কেন্দ্ৰ বোৰৰ সবিশেষ ভূ আমি পোৱা নাছিলো যদিও আমাক ডিউখনত এপাক ফুৰাব লৈ ড্ৰাইভাৰজনৰ হেঁপাহৰ অন্ত নাছিল। কিয়নো ডিউলৈ তেওঁৰ সঘনাই অহা-যোৱা চলে। এতেকে সেই আঢ়ৈ ঘণ্টাৰ ভিতৰতে আমাক ডিউৰ চহৰ অঞ্চল দেখুৱাই দিয়াত সহায় কৰিলে। 

মাৰ্চ মাহৰ ফৰকাল‌ বতৰ আছিল যদিও ৰ’দ বৰ কাঢ়া আছিল। কিহৰ বন্ধ মনলৈ অহা নাই যদিও সেইদিনা বন্ধৰ দিন আছিল। 

সেৰেঙা হৈ আছিল ডিউৰ বাটপথ। মসৃণ পথেৰে‌ আমাৰ গাড়ীখন ডিউ চহৰৰ অলিয়ে-গলিয়ে চেকুৰ ধৰিছিল। এটা কথা মন কৰিছিলো যে অন্যান্য পৰ্যটন থলীৰ দৰে বাটপথত পৰ্যটকৰ ‌ভিৰ নাছিল। চকুত পৰিছিল বিদেশী পৰ্য্যটকসকলে ধীৰ গতিত চাইকেল একোখন লৈ আপোনমনে চহৰৰ উপকণ্ঠ অঞ্চলত ঘূৰি ফুৰিছিল। পলে পলে অনুভৱ কৰিছিলো যে, তেওঁলোকে অতি সুন্দৰ কৈ ভ্ৰমণৰ মাধুৰীমা উপভোগ কৰিব জানে। তাতে নিজান-নিমাত দুপৰীয়াটোত যেন সাগৰৰ জোৱাৰভাটাৰ উত্তাল উন্মাদনায়ো এখন্তেকৰ বাবে জিৰণি লৈছিলহি। বালিত জিলিকিছিল তেতিয়া ৰ’দে বালিচন্দা কৰি তোলা‌ সৈকতৰ‌ সৌন্দৰ্য। হাতত সময় কম আছিল যদিও দাঁতি-কাষৰীয়া ‌ ঠাই এখনত দুখন মান ফটো উঠিছিলো দুয়ো। আচলতে ডিউখন ইমান নিৰ্জন-নিতাল যে, সাধাৰণতে আন আন সাগৰৰ পাৰত থকাৰ দৰে ভিৰ ভাৰ নথকা যেন অন্য এখন জগত। য’ত একান্তই কথা পাতিব পাৰি নিজৰ সৈতে। য’ত বিচাৰি পাব পাৰি নিজক। এই কথাটো ‌মোৰ বৰ পচন্দ হৈছিল। আকৌ এবাৰ থকাকৈ আহিম বুলি ভাবি পাঙি থৈছিলো। হাতত থকা কম সময়ৰ কথাটোৱে অলপ হ’লেও একাত্ম হ’বলৈ অনুমতি দিয়া নাছিল। 

 

পৰ্যটন থলীৰ গাড়ীৰ চালকবোৰো একো একোজন গাইডতকৈ কোনোগুণেই কম নহয়। চালকজন কমবয়সীয়া ডেকা হোৱা বাবে আমাক সেইখিনি সময়তে যিমান পাৰে ঘূৰাই ফুৰাই আনন্দ দিয়াত ত্ৰুটি নকৰিলে। 

 

এতিয়া আহোঁ অলপ চমু বিৱৰণিলৈ। বিৱৰণ বহলাই দিবলৈ আমি অপাৰগ এইকাৰণে যে আমি সকলো ঠাই একধৰণৰ বিহংগম দৃষ্টিৰেহে চকু ফুৰাইছিলোঁ। ইতিমধ্যে উল্লেখ কৰিছোৱেই যে 

ডিউৰ এক চাবলগীয়া‌ ঠাই হৈছে ‌নয়দা(Naida)গুহা। এই গুহাসমূহৰ কেন্দ্ৰত ভিন্ন আকৃতিৰ আকৰ্ষণীয় চূণশিল‌ দেখিবলৈ পোৱা যায়। 

আমি বাহিৰৰ পৰা ডিউৰ পৰ্তুগীজ ফোৰ্ট(দূৰ্গ)ৰ ফালেও গৈছিলোঁ। সেইটো ষোল্লশ শতিকাৰ স্থাপত্যৰে সজোৱা। 

সঘনে চকুত পৰিছিল সৰু ডাঙৰ গীৰ্জাবোৰ। তাৰে‌ এটা আছিল st.paul ৰ‌ গীৰ্জাঘৰ। 

ড্ৰাইভাৰজনে‌ এখন দাঁতি-

কাষৰীয়া‌ পক্ষী অৰণ্যৰ‌ কথাও কৈছিল। পথৰ দাঁতিত ছাইনবোৰ্ড দেখিছিলোঁ যদিও অসম মূলুকৰ আমি যাবলৈ বৰ এটা আকৰ্ষণ অনুভৱ‌ নকৰিলোঁ যিহেতু এইখন অসমৰ চহৰে নগৰে আজিও সহজলভ্য চৰাইৰ মনোমোহা জগত। অৱশ্যে বিভিন্ন চৰাইৰ বিলুপ্তিও নুই কৰিব নোৱাৰি। তথাপি ডিউৰ পক্ষী অৰণ্যৰ বাবে সেই সময়চোৱাত হেঁপাহ জাগি উঠা নাছিল। কাৰণ ইতিমধ্যে সময়ে প্ৰায় ডেৰঘণ্টা সামৰিছিলেই। হাতত আছিল মাথোঁ এটা ঘণ্টা। তাৰপিছত সোমাব লাগিব বিমান বন্দৰৰ বেষ্টনীত। 

 

উল্লেখযোগ্য যে বাৰ্ডচেঞ্চুৰীখনৰ‌ নামটো হৈছে Fudam bird sanctuary. লগতে উল্লেখনীয় যে ডিউৰ ভ্ৰমণ সূচীত সোমনাথ মন্দিৰৰ সাগৰ সৈকতো সন্নিৱিষ্ট। আমি ইতিমধ্যেই সোমনাথ দৰ্শন আৰু সোমনাথৰ সাগৰৰ পাৰৰ সৌন্দৰ্য পান কৰি আজৰি হৈ আহিছিলোৱেই। 

 

লাহেকৈ পেটৰ ভোকে অলপ কাতৰ কৰিছিল। আমি যাব পৰাকৈ জলন্ধৰ বিচ্চ ওচৰত আছিল। আশে-পাশে আছিল নানাৰঙী খাদ্যৰ ভিন্ন ৰেষ্টুৰেণ্ট। ধনাঢ্যৰ পৰা সাধাৰণজনলৈ কোনেও বিমুখ হ’বলগীয়া নহৈছিল। 

তথাপি মন আছিল আৰু এখন বিচ্চত এভূমুকি মাৰিবলৈ। নামটো আছিল ঘঘলা। পাছে ইচ্ছাক দমাই থৈ আমি দুয়ো জলন্ধৰ বিচ্চৰ অলপ তললৈ নামি ফটো দুখন‌মান উঠিলো। গোৱাৰ‌ সাগৰ পাৰৰ দৰে ইয়াত চকুত পৰাকৈ সমাগম দেখা পোৱা নাছিলো। শান্ত পৰিবেশটোক বালিৰ জিকমিক আৰু নাৰিকল-খেজুৰ গছৰ ছাঁয়াই অনন্য এক সেউজ আৱহাৱা দিছিল। প্ৰশস্ত ৰাজপথটো কাষতে আছিল। দুপৰৰ এচেৰেঙা ৰ’দ আৰু দুই এজন পৰ্যটকৰ বাহিৰে বিশেষ একো চকুত পৰা নাছিল। 

কি আকাশ পাতাল পৰিবেশ‌ গোৱা আৰু ডিউৰ। গোৱা যদি চঞ্চল চপল গাভৰু ডিউ তেনে এজনী নখে মাটি লিখা গাভৰু। লগে লগে ঠিক কৰিছিলো নীৰৱতাৰ‌ মাজত নিজকে বিচাৰি চাবলৈ, আকাশৰ‌ চামিয়ানাৰ‌ তলত‌ ৰৈ থকা নম্ৰ লাজুকী ‌ ডিউলৈ আকৌ আহিমেই। 

 

পিতা-পুত্ৰীৰ ৰেস্তোৰাঁ এখনত দুপৰীয়াৰ সাজ উদৰ পূৰাই খাই সামৰিলোঁ। অতিথি পৰায়ণ অসমীয়া মানুহৰ দৰেই (অৱশ্যে এতিয়া অসমীয়াৰ অতিথি পৰায়ণতা সময়ৰ লগে লগে স্তিমিত হৈছে) অতিথি পৰায়ণ‌ আছিল পিতা- পু্ত্ৰীহাল। আমাক থকাকৈ মাতিছিল ডিউলৈ। আন্তৰিকতাক উপেক্ষা নকৰি মাথোঁ হয়ভৰ দিছিলোঁ। 

আচলতে প্ৰান্তে প্ৰান্তে সোমাই থাকে জীৱন ভালপোৱা মানুহবোৰ। আলহী আগবঢ়ায় দিয়া দি পিতা পুত্ৰীয়ে আমাক গাড়ীলৈকে আগবঢ়ায় দিলে। কেতিয়াও যাম বুলি ভাবি নথকাকৈয়ে আমাৰ বাবে প্ৰায় অজান্তিমূলুক ডিউত তেতিয়া দুপৰীয়াটো পুৰুঠ হৈছিল। মাত্ৰ এক কিলোমিটাৰ দূৰত্বত থকা বিমানবন্দৰটোৰ ৰূপালী টিং জিলিকি উঠি আমাৰ চকুত ধৰা দিছিল। ঘৰমুখী পখীৰ দৰে আমিও ব্যাকুল হৈ পৰিছিলোঁ। আপোন হৈ পৰা ড্ৰাইভাৰ জনে‌ কৈছিল, “আকৌ আহিব ডিউলৈ।” কেনেকৈ জানো আমি বান্ধ খাই যাওঁ আন্তৰিক টানবোৰত। ড্ৰাইভাৰ ল’ৰাটোৰ হাতত গুজি দিছিলো‌ মোৰ যাত্ৰাৰ চিৰ‌ সংগী কেইটামান জাষ্ট জেলী লজেন্স। 

 

 …………

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!