অনুভৱত তাহানিৰ দিনৰ আঘোণ

লেখক- -লখিমী হাজৰিকা।

আঘোণ, অসমীয়া চহা জীৱনৰ সেউজ সপোনে সোণোৱালী ৰূপ লোৱাৰ সময়। চহা ৰাইজে শাওণৰ বোকা খচকি কৰা যতনে ভঁৰাললৈ ৰতন কঢ়িয়াই অনাৰ সময় এয়া। আঘোণ বুলিলে মনলৈ ভাহি আহে পকা ধানে হালি-জালি থকা পথাৰখন…কেঁকোৰা বিৰিয়াত গিৰিপ-গিৰিপকৈ অহা লখিমীথোক…ওহ ওহ যা যা কৈ চোতালত মৰা মৰণা…পথাৰত লেছেৰি বোটলা আদি সোণালী স্মৃতিবোৰ, নহয়জানো। সেয়া যে আমাৰ সোণালী আঘোণৰ ছবি! নব্বৈ দশকৰ ওচৰ-পাজৰৰ সময়বোৰ। কাতিৰ গেঁৰমেলা, গাখীৰতী ধানৰ সুবাস লোৱাৰ পৰাই গাঁৱৰ ৰাইজে লাহে-ধীৰে সাজু হয় আঘোণৰ বাবে। কাৰোবাৰ বিয়া-বাৰু, অন্যান্য অনুষ্ঠান থাকিলেও আঘোণৰ দিনকেইটাৰ সৈতে মিলাই লয়, লখিমী আদৰাত একো অসুবিধা হ’ব নালাগে মুঠতে। লাহে লাহে চোতাল চিকুণাই মুকলি কৰা, গোবৰ মাটিৰে লিপা, খেৰ থ’বলৈ বুলি পুৰণা খেৰৰ ঘৰটো মেৰামতি কৰা, নতুনখেৰৰ মেজি ক’ত সাজিব তাৰ পৰিকল্পনা কতটা যে কাম ওলায়! মৰণা মাৰিবলৈ নতুন বলধ এহাল কিনাৰো যে আয়োজন হয়। গাঁৱৰ গৰুগাড়ীৰ মালিকজনক, গাঁৱত তাকৰীয়াকৈ থকা যি দুই এজন ঠেলাৰ গৰাকী আছে, আগতীয়াকৈ এবাৰ কাণ চোৱাই থোৱাও আঘোণক আদৰাৰ প্ৰস্তুতিতে পৰে। 

  “দিন চুটি হেৰৌ! পথাৰখনত পাক মাৰোতেই বেলি পৰে, খৰধৰ কৰ, খৰধৰ কৰ “চোতালত তমাল তুলাই তুলাই দেউতাই মাক সকীয়ায়। “ৰ’ব আকৌ কালি অমুক নবৌয়ে টেঙা দুটা খুজিছিল, পাৰি আনি, কণ জলকীয়াকেইটাৰে বান্ধি কুন্ধি লৈছোঁ, আশা কৰি থাকিব নহয়।” 

এনেধৰণৰ কথা-বতৰাৰে আঘোণৰ দিনবোৰৰ আৰম্ভণি হয়। তেতিয়াৰ দিনত দুৰ্গাপূজাৰ সময়তেই অৰ্থাৎ আহিনতেই বসুধাই কুঁৱলীৰ চাদৰ টানিছিল, অলপ অলপকৈ শীত নামিছিল। পাতলকাপোৰ এখন ৰাতি লৈ শুবলৈ লগা হৈছিল। দীঘল হাতৰ চোলা পিন্ধিব পৰাকৈ ঠাণ্ডা নামিছিল, ক্ৰমে বাঢ়ি আহিছিল। আঘোণৰ পুৱা নিয়ৰ ভঙালৈ মানুহবোৰ ৰৈছিল, নিয়ৰত তিতা ধান দাব নোৱাৰি, ৰ’দ ওলোৱালৈ অপেক্ষা কৰিব লাগে। পথাৰলৈ ওলোৱাৰ আগত নিজৰবাৰীত থকা নহ’লে আনৰ পৰা খুজি অনা হ’লেও ৰবাব টেঙা দুটামান, নিমখ, জলকীয়া, বাৰীৰ কলপাত দুখনমানৰ সৈতে টোপোলাবান্ধি লোৱাটো প্ৰায় নিয়মেই। আঘোণৰ পথাৰখন যে টেঙাকেইটাৰ সোৱাদৰ অবিহনে আধৰুৱা। ঘৰৰ ডাঙৰ বোৰৰ লগতে পথাৰলৈ যোৱা সৰু ল’ৰা-ছোৱালীকেইটাৰ মুখ্য কাম হৈছে লেছেৰি বোটলা। লেছেৰি মানে সৰি যোৱা বা চিগি যোৱা ধানৰ থোকবোৰ মোনাএখনত ভৰাই কাৰ মোনা কিমান গধুৰ হৈছে তাৰেই বেনাৰ বিহীন প্ৰতিযোগিতা এখন। লগতে আন সম্পত্তিও সৰু কেইজনৰ থাকে। সেয়া হৈছে নৰাৰ পেঁপাটো অথবা নৰাৰে তৈয়াৰী ছাতি। “ঐ কিমান টলৌ টলৌ নুঘুৰহঁত আৰু! গধূলি পঢ়াৰ সময়ত টোপনি ধৰিব, আহহঁত বুলি নৰা অলপকে কাটি পথাৰত পাৰি ল’ৰা-ছোৱালীহঁতক জিৰাবলৈ দিয়ে। থিয়হৈ থকা নৰাত ওপৰত গামোচা এখন তৰি সেয়া আমাৰ দিনৰ টেম্পোৰেৰী কেম্প। এতিয়াৰ ল’ৰা-ছোৱালীবোৰলৈ কিনা প্লাষ্টিকৰ লেহুকা টেণ্টবোৰ দেখিলে মোৰ আমাৰ দিনৰ সেই ইকোফ্ৰেণ্ডলী টেণ্টবোৰৰ কথা মনত পৰে। য’তেই ঘৰৰ ছাঁ পৰে, ত’তেই আমাৰ টেণ্ট হাজিৰ। মূৰত গামোচা মাৰি, ৰ’দে পোৰা আৰু নৰাই কটাৰ পৰা বাচিবলৈ মা, বৰমাহঁতে দেউতাহঁতৰ পুৰণাহোৱা দীঘলহাতৰ চাৰ্ট পিন্ধি ধান দাই থাকে। দুপৰীয়াৰ পৰা ধান কঢ়িওৱা মানুহবোৰৰ লানি লাগে। পুৱাই তুলি থোৱা তমাল (তঙালো কয় বহুতে), বিৰিয়া লৈ দেউতা, খুড়াহঁতে ধান কঢ়িয়ায়। ওচৰৰ বাট হ’লে বিৰিয়াতে ঘৰলৈ বুলি কঢ়িয়ায়। দূৰণিৰ বাট হ’লে এঠাইত বাঁহৰ ঢাৰি পাৰি গোটাই লয়। তাৰপিছত থেলা বা গৰুগাড়ীত উঠাই ঘৰলৈ আনে। তেতিয়াৰ দিনত কোনোবাই গাড়ীত ডাঙৰি কঢ়িওৱাটো একপ্ৰকাৰৰ বিলাসী কাৰবাৰেই আছিল। টিলিঙা লগা গৰুগাড়ীবোৰৰ শিলৰ ৰাষ্টাত যোৱা মট্ মট্ শব্দত ঘৰবোৰলৈ লক্ষ্মী আহিছিল। বিৰিয়াত কঢ়িয়াই অনা ধানৰ ঝিৰ ঝিৰ ছন্দময় শব্দবোৰ শেষত গৰুগাড়ীত উঠি চোতালপাইছিল, চালৰ কোমোৰাটো জোনাকত ৰূপালী হৈ জিলিকি উঠাৰ দৰেই ধানবোৰেওযেন পথাৰত সোণগুটিৰ সোণালী আভা ছটিয়াইছিল। তাৰপিছত মৰণা মৰা প্ৰক্ৰিয়াবোৰ আৰম্ভ হৈছিল। মুঠিবোৰ কাটি চোতালত গোলাকাৰ কৰি পেলাই দিয়া হৈছিল। গৰুৰে মৰণা মাৰিব নে ম’হেৰে মাৰিব, সেই অনুযায়ী ডাঙৰি কেইটা দিব, তাৰেই হিচাপ ৰখা হৈছিল। আমাৰ ভাইটী আৰু মোকো দেউতাই চাৰি মান বজাতে উঠাই দিছিল শোৱাপাটীৰ পৰা, যিহেতু আঘোণ মানে আমাৰ কাৰণে সোনকালে উঠাৰ লগে লগে বিদ্যালয়ৰ বাৰ্ষিক পৰীক্ষাৰ আতংকও আছিল। গৰমদিনত সোনকালে উঠাটো ডাঙৰ কথা নহয়, কিন্তু ঠাণ্ডাৰ দিনত লেপৰ উম এৰি মৰণাৰ বাবে মুঠিৰ গাঁঠি কাটি কটাটো, তাৰপিছতো পঢ়াটো অন্যতম শাস্তি। তদুপৰি আমাৰ কাম আছিল মৰণা মাৰোতে দেউতাই চাহ খাওঁতে বা ওখোন দিওঁতে আমি গৰুহালক ধৰিব লাগিছিল। যদি ঘুৰাওতে ঠিক নহয়, বা গৰুৱে ধান খাই, তেন্তে আমাৰ পিঠিতো দুই এচাট পৰে। তাতোকৈ জমনি দায়িত্ব এটা আমাৰ আছিল, সেয়া হৈছে মৰণা মৰা গৰু ম’হৰ শৌচ-প্ৰস্ৰাৱৰ খেয়াল ৰখা। এটা বিশেষ পাচি থোৱা হৈছিল আৰু গৰু-মহ’ৰ তেনে আয়োজনৰ আভাস পালেই আমি পাচিটো পাতি দিব লাগিছিল। এবাৰ এই বিশেষ কাৰবাৰটোক লৈ আমাৰ ঘৰত ৰসাল ঘটনা এটা হৈছিল। সাধাৰণতে আমাৰ ঘৰত গৰুৱেই মৰণা ফুৰোৱা হয়। সেইবাৰ খুড়াৰ ম’হটো আনিলে। আমি আগৰে পৰা সাৱধান হৈ আছোঁ, আমাক ফুৰাবলৈ দিয়া নাই। খুড়াই ফুৰাই আছিল। দেউতাই ওখোন দি আছিল, তেনেতে কোনোবা এজন অহাত দেউতা আঁতৰি গ’ল। ভাইটি অলপ দূৰত বেতৰ মূঢ়াটো লৈ বহি আছিল। অলপ পিছত ম’হটোৰ হাব ভাব দেখি খুড়াই বুজি পালে যে ম’হটোক সেই সময়ত কিহৰ প্ৰয়োজন! খুড়াই ভাইটিক “ল’ৰা গোবৰ পাচিটো আন, পাচিটো আন” বুলি চিঞৰিলে মাত্ৰ। ন/দহ বছৰীয়া ভাইটিয়ে আহি পাচিটো পাতি দিলে ঠিকেই কিন্ত গোন্ধ আৰু মহ’ৰ গোবৰৰ ভৰ সহিব নোৱাৰি পাচিয়ে মানুহে মৰণাৰ ওপৰতে বাগৰি পৰিল। খুড়াই খালি খালি কি কৰিলি এইখন বুলি ইচইচাই উঠিছে আৰু হাঁহিছে। দূৰৰ পৰা দেউতাই মৰণাৰ অবস্থা দেখি ভাইটিক ওখোন লৈ খেদিছে বোলে সেইকণ গোবৰ চম্ভালি খাব নোৱাৰ তই। মৰণা চাই বহি আছ, পঢ়া-শুনা নাই। 

কথাটো মনত পৰিলে আজিও হাঁহি ৰখাব নোৱাৰা অবস্থা হয়। এনেকৈয়ে হাঁহি -ধেমালি আৰু মুখৰ কথাৰ চুক্তিতে আগতে মৰণা মৰা ধান চপোৱা কামবোৰ শেষ হৈছিল। তাৰ মাজতে লখিমী আদৰা পৰ্বও শেষ হৈছিল। ধান কাটি শেষ হোৱাৰ দিনা ধানৰ তিনি গোছা একেলগ কৰি চাকি বন্তি, তামোল পাণ দি সেৱা লৈ মূৰত তুলি ঘৰলৈ লৈ আনিছিল, যিয়েই আনে, তেওঁক হাত-ভৰি ধুৱাই আদৰি আনিছিল। তাৰপিছত কেঁচা পিঠাগুৰি কল দিয়াৰ নিয়ম। এনেকৈ নিয়ম-নীতি কৰিহে ভঁৰালত সুমুৱাইছিল। ধানখিনি ৰ’দত শুকুৱাই ল’বলৈও কত যে আয়োজন। বাঁহৰ ঢাৰি, অথবা গোবৰেৰে লিপা চোতালত ধানবোৰ মেলি দিছিল। চোতালত বিধে বিধে ধান, কমকৈ হ’লেও জলপানৰ বাবে বৰাচাউল অলপটো লাগিবই, চুঙাপিঠা, চুঙাচাউল কত তৰহৰ যে জলপান লাগিব। চকোৱা ধান অলপো লাগিছিল। এতিয়া চাৰিওদিশে মিলেট মিলেট বুলি হৈ চৈ লাগিছে, বহুতে মিলেটটো অসমীয়া নে ইংৰাজী শব্দ নজনাকৈয়ে উপকাৰীতা ক’বলৈ লাগি গৈছে। কিন্তু কণীধান বুলি কৈছিলোঁ আমি সৰুতে। তাকৰীয়াকৈ হ’লেও খেতি কৰা মনত পৰে। কিন্তু পিছলৈ অসুবিধাত এৰা পৰিল। বাৰু যি নহওক চোতালত ধান মেলা, কোৰোনা বা কোহোনাৰে (ঠাইবিশেষে নাম বেলেগ যদিও মান্য ভাষাত ৰয়না বা কোৰোণা বুলি কয়। ) ধানখিনি চপাই মৈদামৰ দৰে টিপ কৰা, ধূলিবোৰ যাবলৈ এক বিশেষ কায়দাৰে বাও দিয়া কত ৰকমৰ কামযে আঘোণত থাকে। মোৰ মনত পৰে মৰণাৰ ধানবোৰ আৰু খেৰবোৰ পৃথক কথাৰ পিছত শুকাই থোৱা খেৰখিনি আমাৰ দিনৰ ইকো ফ্ৰেণ্ডলী টেম্প’লিন। খেৰেকটা ভৰি-হাত মায়ে গধূলি ধুৱাই দিয়ে, চেকচেকাই কটা ঠাইত। ইফালে ঠাণ্ডাদিনৰ শুকান ছাল। তাৰপিছত মিঠাতেল সানি হয় পঢ়াৰ টেবুলত, নহয় জুইৰ কাষত বহাটো নিয়ম। জুইৰ কাষত বহিলেও নেওতা মাতিবলৈ দিব, অংক সুধি থাকিব কোনোবাই। ৰক্ষা নাই মুঠতে আমাৰ সৰুকেইটাৰ। গালি-শপনি খায়ো পিছদিনা খেৰখিনিত খোৰোং একোটা কৰি সুমুৱাই থাকি কমলাৰ সোৱাদ লওঁ। কাৰণ খেৰৰ দ’মটো বেছিদিন নাথাকে। তিনিটামান ৰ’দত ভালদৰে শুকুৱাই সেয়া গৰুৰ বাবে খেৰঘৰত নহ’লে মেজি সাজি থ’বই। মুঠৰ ওপৰত এক দীঘলীয়া প্ৰক্ৰিয়াৰ পিছত ন চাউলমুঠি হাতত পৰে। ন চাউলৰ মাহ প্ৰসাদ প্ৰথমে ৰাজহুৱা নামঘৰত অথবা ঘৰতে দি সকলোৱেই নিয়ম কৰে, তাৰপিছত সাধ্য অনুযায়ী ঘৰে ঘৰে, কেইবাঘৰো লগ হৈ অথবা গোটেই চুবুৰী বা গাওঁ মিলি ন ভাত খাইছিল। প্ৰায় সকলোৰে ঘৰৰ সতেজ কবি, লাই, বেঙেনা আদিৰে ন সাজৰ যোগাৰ কৰিছিল। কলপাতত ন চাউলৰ ধোঁৱাই থকা ভাত, খোলত(দোনা) মাছৰ আঞ্জা, জ্বলা বেঙেনা ভাজি এইবোৰৰ সোৱাদ আজিওযেন জিভাত লাগি আছে। ন চাউলৰ ভাতৰ দৰে সুগন্ধিময় আছিল সমন্ধবোৰো। কাৰোবাৰ যদি দাই, কাটি আনোতে, মৰণা মাৰোতে কিবা মুখ ওফন্দা বা বেয়া পোৱাও হৈছিল, ন ভাতৰ নিমন্ত্ৰণ দি বা ৰক্ষা কৰি সকলো পাহৰি গৈছিল। জ্ঞাতে-অজ্ঞাতে খেতি পথাৰখন এনেকৈয়ে চহা ৰাইজৰ বাবে সমন্বয়ৰক্ষেত্ৰৰূপে চিহ্নিত হৈ পৰিছিল। 

এতিয়া ঠাই বিশেষে যি ন খোৱাৰ মহা আয়োজন হয়, শুনি হয়তো ভাল নালাগিব পাৰে, কিন্তু সেই মহা আয়োজন আৰু তাহানিৰ দিনৰ আয়োজনৰ মাজতযেন আকাশ-পাতাল পাৰ্থক্য আহি পৰিছে। হয়তো আগতে দুই এখন আঞ্জা কম হ’ব পাৰে, এতিয়াৰ দৰে বিধে বিধে নাথাকিব পাৰে। কিন্তু তাত সকলোৰে সমানে সহজে আগ-ভাগ লোৱাৰ পৰিবেশ আছিলযেন। কটা-বচা ৰন্ধা সকলোতে সকলোৱে ভাগ লৈছিল আন্তৰিকতাৰে। এতিয়াৰ দৰে কেৱল কেমেৰাৰ আগত নাচিবলৈ বিশেষ দল নাছিল। সকলো স্ক্ৰীণত ব্যস্ত। গান-নাচ কৰি কৰি ৰাতি এপৰত মাছ-মাংস, কণী, পনীৰ সকলো খাই বেমাৰ এসোপাক মাতি অনাৰহে যেন আওপকীয়া আয়োজন হয়। তাহানিতে মহা আয়োজন বুলি কোনেও বেনাৰ বনোৱা নাছিল, কোনেও মাইক লগাই, পেছাগত গায়ক-গায়িকাক মাতি ন খোৱা পতা নাছিল। তাহানিৰ দিনৰ আয়োজনবোৰত প্ৰদৰ্শনকামিতাৰ অভাৱ আছিল, সকলোৱেই আন্তৰিকতাৰে ভাগ ল’ব পাৰিছিল যেন ভাব হয়। কোনেও সংকোচ বা হীনমন্যতাত ভুগিবলগীয়া নহৈছিল। আজিকালি সুন্দৰ সাজপাৰেৰে, গীত-মাতেৰে, কৃত্ৰিম আন্তৰিকতাৰে যিয়েই কেমেৰাৰ সন্মুখলৈ আহিব পাৰে, তাৰেই যেন জয়, তাৰেই যেন জীৱন সাৰ্থক। মোৰ অনুভৱ হয় যেন চহা জীৱনৰ সৰলতাবোৰ ক’ৰবাত হেৰাই গ’ল। আমিবোৰে কেৱল স্ক্ৰীণতহে যেন চাবলৈ শিকিছো। স্ক্ৰীণত পথাৰখন চাইছো, স্ক্ৰীণৰ মাজেৰে, কেমেৰাৰ লেন্সৰ মাজেৰে চাইছো, আনকো দেখুৱাইছো। কিন্তু পথাৰখনৰ কথা ভবা নাই। পথাৰখনৰ দুখবোৰৰ কথা ভবাও নাই আৰু ভাবিবলগীয়া বুলিও ভবা নাই। কিছুমান কথা! আচলতে কিছুমান বুলি ক’লে ভুলেই হ’ব, বহুখিনি কথাই হেৰাই গৈছে অসমীয়া সমাজৰ পৰা, অসমীয়া ভাষাৰ পৰা লগতে অসমীয়াৰ আবেগৰ পৰাও। তাহানিৰ আঘোণৰ পথাৰখনত কি নহৈছিল! প্ৰেম, ভালপোৱা, ঘটকালি, বদনাম ৰটা, সমালোচনা, কাজিয়াৰ মীমাংসা। আঘোণৰ পথাৰক লৈ কতযে গীত-মাত, বিহুনাম আছে! খেতিপথাৰখনৰ লগত জড়িত কত শব্দ আজিকালি প্ৰচলন নাই। শব্দবোৰ আজিকালি অভিধানতে পৰি ৰয়, বুটলি আনোতা নাই, ব্যৱহাৰ কৰোঁতা নাই। আপোন চোতালত পৰে আহি আনে গিজগিজাই থাকে। খেতি চম্ভালে, সকলো আনৰ হাতত। শব্দ ক’ত বাচি থাকিব? আজিৰ গাঁৱত বাস কৰা, খেতি-বাতি থকা ঘৰৰ ল’ৰা-ছোৱালীয়েও পথাৰৰ বহুত কথাই নাজানে, নিজৰ পথাৰখন চিনি নাপায়। ভুল নকৰিব। তেওঁলোকে পথাৰলৈ চাকৰি বা অন্য কামৰ খাতিৰত নোযোৱা নহয়। পথাৰত কাম কৰাটো গ্লেমাৰ নথকা কাম বুলি ভাবে। তাৰ মাজতে আকৌ আজিকালি তথাকথিত ৰীল বনাই, ব্লগ বনাই জনপ্ৰিয় হোৱা সকলৰ কথা সুকীয়া। সেইসকলৰ কথাটো থাকক। যিমানেই মানুহবোৰ খেতিৰ পৰা আঁতৰত ৰৈছে, সিমানেই কথা-বতৰাবোৰ খহটা হৈ পৰিছে, উঠি অহা প্ৰজন্মক অন্নৰ মূল্য বুজাব নোৱাৰা হৈ আহিছে, উত্তৰপ্ৰজন্মৰ কষ্টবোৰ যেন বুজিব নোৱাৰা হৈ আহিছে। এটা প্ৰশ্ন নিজকে নিজে সোধোচোন আহক, কেতিয়াও পথাৰখনত কিদৰে খেতি হয় নজনা ল’ৰাটোৱে, কেতিয়াও পথাৰখনৰ বোকাত ভৰি দি নোপোৱা ল’ৰাটো বা ছোৱালীজনীয়ে বা কেতিয়াও ঘৰৰ পথাৰখনত কাম কৰি থকা মাকজনীক নেদেখা ল’ৰাটো বা ছোৱালীজনীয়ে, দেউতাকে খেতি কৰি হোষ্টেললৈ পঠিওৱা টকাকেইটাৰ মোল নুবুজে বুলি আপত্তি কৰিলে জানো হ’ব? সময় থাকোঁতেই কথাবোৰ বুজিবৰ হ’ল। নহ’লে আজিকালি পুৰণা চাইকেলবোৰ, পল, জুলুকী ব আঘোণবোৰ, ন খোৱাবোৰচোন চহা অসমীয়াৰ চহকী মনটোৰে এনেই জিলিকি থাকে। আশাকৰো অনাগত আঘোণবোৰ আগৰ দৰে চহা জীৱনৰ সঁচা আবেগেৰে আকৌ সোণালী হৈ উঠক। 

(এয়া লেখকৰ অভিজ্ঞতাৰ পৰাহে লিখা হৈছে, গতিকে ঠাইবিশেষে নিয়ম অথবা কোনো বস্তুৰ নাম ভিন্ন হ’ব পাৰে। ) 



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!