তেজখোৱা জোকৰ দ্বাৰা কৰা চিকিৎসা বা হিৰুডথেৰাপী (hirudotherapy)
লেখক- ৰঞ্জনা দত্ত
তেজৰ ৰঙ কি সুধিলে আমি লগে লগেই উত্তৰ দিম ৰঙা। কিন্তু সকলোবোৰ তেজৰ ৰঙ ৰঙা নহয়। তেজৰ সকলোতকৈ দৰকাৰী উপাদান প্ৰোটিন। প্ৰোটিনৰ বাহিৰেও তেজত লৌহ কণিকা থাকে। এই লোহাৰ কণিকাবোৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তেজৰ ৰঙা ৰঙৰ সৃষ্টি কৰে। তেজত যদি লোহাৰ সলনি তাম থাকে তেন্তে তেজৰ ৰঙ হ’ব নীলা। ডাঙৰ মিছামাছ, কেঁকোৰা আৰু কিছুমান মকৰাৰ তেজ এই ধৰণৰ। পঁইতাচোৰা থেতেলা খাই মৰিলে বগা পেলপেলীয়া বস্তু এটা ওলায়। এই বগা বস্তুতো আচলতে পঁইতাচোৰাৰ তেজ। কোনো ধাতব মৌল নাথাকে বাবে পঁইতাচোৰাৰ তেজ বৰ্ণহীন।
কিছুমান প্ৰাণীয়ে আন প্ৰাণীৰ তেজ খায়েই জীৱন নিৰ্বাহ কৰে। এইবোৰৰ ভিতৰত জোক, ওকণি, উৰহ, মহ ইত্যাদি লেখত ল’বলগীয়া।
জোকৰ নামটো শুনিলেই বহুতৰে গা জিকাৰ খাই উঠে। লেকেতিয়া এই প্ৰাণীটো এবাৰ গাত আঠা দি লাগি লাগিলে ইয়াক এৰুৱাবলৈ বৰ টান। পৃথিৱীত প্ৰায় চাৰে ছশ বিভিন্ন ধৰণৰ জোক আছে। পৃথিৱীৰ বিভিন্ন ঠাইত একেবাৰে সৰু কেইমিলিমিটাৰ মান দীঘল জোকৰ পৰা আৰম্ভ কৰি এহাতমান দীঘল জোকলৈকে পোৱা যায়। জোকৰ শৰীৰৰ গঠন খুব সাধাৰণ- এফালে তেজ শুহিবলৈ মুখখন আছে আৰু আনফালে আছে বৰ্হিগমন পথ। জোকটোৱে শৰীৰৰ দুয়োফালেৰে খাদ্য গ্ৰহণ কৰা প্ৰাণীটোক(host) খামোচ মাৰি ধৰিব পাৰে। জোকৰ তিনিপাৰি দাঁত আছে। যেতিয়া সি তেজ গ্ৰহণ কৰাৰ আগতে প্ৰাণীটো খামুচি ধৰে তেতিয়া দাঁতেৰে কটাৰ ইংৰাজী-Y আখৰটোৰ দৰে ছালত কটা চিন হয়।
জোকৰ মুখত থকা লেলাউটি বৈজ্ঞানিক সকলৰ বাবে এটা ৰহস্যময় বস্তু। যেতিয়া সি তেজ চুহিবৰ বাবে কোনো প্ৰাণীৰ শৰীৰত কামুৰি ধৰি ছাল ফুটাই তেজ শুহি খায় সেই প্ৰাণীটোৱে অকণমানো দুখ নাপায়। তাৰ কাৰণ হৈছে জোকৰ লেলাউটিত থকা এবিধ ৰাসায়নিক পদাৰ্থ যিটো বিষ উপশমকাৰী। অকল সেয়াই নহয় তেজবোৰ যাতে সহজে গোট নাবান্ধে তাৰ বাবেও লেলাউটিত বিশেষ ৰাসায়নিক দ্ৰব্য এবিধ আছে। এটা জোকে হেনো নিজৰ শৰীৰৰ ন গুণ তেজ খাব পাৰে। তেজ খাই খাই টিলটিলিয়া হৈ যোৱাৰ পিছত জোকে প্ৰাণীটোৰ গাৰপৰা তাৰ কামোৰটো এৰি দি তলত সৰি পৰে। এবাৰ ভালদৰে খাই লোৱাৰ পিছত জোকবোৰে কেইবামাহো একো নোখোৱাকৈ থাকিব পাৰে।
পিছল, তেলতেলীয়া, লিকটিয়া জোকবোৰক মানুহে কিবা অজ্ঞাত কাৰণত ভীষণ ভয় কৰে। জোকৰ নামটো শুনিলেই গাটো জিকাৰ খাই উঠে। কিন্ত এসময়ত এই জোকেই আছিল মানুহৰ বহুতো জটিল ৰোগৰ চিকিৎসা। জোক চিকিৎসা ইমানেই জনপ্ৰিয় আছিল যে ১৮৬৪ চনত অকল ফ্ৰান্সতে ২ -৩ কোটি জোক মানুহৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। ১৮৩০ চনত কেৱল পেৰিচতেই ৫০-৬০ লাখ জোকৰ ব্যৱহাৰ হৈছিল। সেইসময়ত পেৰিছৰ জনসংখ্যা আছিল মাত্ৰ ৭ লাখ ৮৫ হাজাৰ। ১৮৩১ চনত মানচেষ্টাৰৰ এখন হস্পিতালত প্ৰায় ৫০,০০০ জোকৰ প্ৰয়োজন হৈছিল। ১৯৭০ চনত ইউৰোপৰ কোনো কোনো অঞ্চলত জোকৰ আকাল লাগি পৰিছিল। আমোদজনক কথাটো হ’ল জোকৰ ইংৰাজী মানে Leech হৈছে ইংৰাজী ভাষাত চিকিৎসকৰ অতি প্ৰাচীন প্ৰতিশব্দ। প্ৰাচীন চীন দেশৰ ছবি কিছুমানত চিকিৎসাৰ বাবে জোক ব্যৱহাৰ কৰাৰ উদাহৰণ আছে। গ্ৰীক আৰু ৰোমান সভ্যতাতো জোকৰ দ্বাৰা চিকিৎসা কৰাৰ উদাহৰণ আছে।
আজিকালি আগৰদৰে সকলো ৰোগতে জোকৰ ব্যৱহাৰ নহয় যদিও সাধাৰণ চিকিৎসাই ভাল কৰিব নোৱাৰা কিছু ক্ষেত্ৰত এতিয়াও চিকিৎসাৰ বাবে জোকৰ ব্যৱহাৰ হয়। ১৯৮৫ চনত আমেৰিকাৰ বষ্টন চহৰত এটা সৰু ল’ৰাৰ কাণএখন কুকুৰে কামুৰি প্ৰায় এৰুৱাই আনিছিল। ডাক্তৰসকলে দীঘলীয়া সময় ধৰি ল’ৰাটোৰ কাণৰ অস্ত্ৰোপচাৰ কৰি তাৰ কাণখন পুনৰ যোৰা লগাইছিল। অপাৰেচন ভালে ভালেই হৈ গৈছিল যদিও ৰক্ত পৰিবাহী শিৰা, ধমনি আদি দুৰ্বল হৈ পৰাত সেইবোৰেদি তেজৰ চলাচল ব্যাহত হৈ পৰিছিল। ফলত ঠায়ে ঠায়ে তেজ গোট মাৰি যোৱাত ল’ৰাটোৰ কাণখন ঠিক হৈ উঠিব পৰা নাছিল। বষ্টনৰ হস্পিতালৰ ডাক্তৰসকলে তেতিয়া জোক চিকিৎসাৰ আশ্ৰয় ল’লে আৰু ল’ৰাটোৰ কাণত কেইডালমান জোক লগাই দিলে। ভোকাতুৰ জোকবোৰে জমা হৈ থকা তেজবোৰ খাই ক্ষতস্থানবোৰত জমা হৈ থকা তেজবোৰ পৰিষ্কাৰ কৰি পেলালে। অকল সেয়াই নহয় ভোকাতুৰ জোকবোৰে তেজ শুহি খাইছিল বাবে বন্ধ হৈ পৰা ৰক্ত পৰিবাহী শিৰাবোৰ খোল খাই পৰিছিল ফলত তেজৰ সঞ্চালন দ্ৰুত হৈছিল আৰু সেইবাবেই অতি সোনকালেই ল’ৰাজনে আৰোগ্য লাভ কৰিছিল।
এই ধৰণৰ চিকিৎসাত ব্যৱহাৰ কৰাৰ বাবে জোক কিনিবলৈ পোৱা যায়। চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা জোকবোৰ হিৰুডো মেডিচিনালিচ প্ৰজাতিৰ। আমেৰিকাৰ বৰ্তমানৰ বজাৰত প্ৰতিটো জোকৰ মূল্য প্ৰায় সাতশ টকা। চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা জোকবোৰ আকাৰত বেচি ডাঙৰ নহয়, সেইবাবে কেইবাটাও জোকৰ প্ৰয়োজন হয়-(প্ৰায় চল্লিছ পঞ্চাশটা)। ইয়াৰোপৰি এবাৰ পেট ভৰাই খাই লোৱাৰ পাছত সিহঁতে কেইবামাহলৈও একো নাখায়। গতিকে চিকিৎসাৰ বাবে নতুন নতুন জোকৰ প্ৰয়োজন হয়। সাধাৰণতে প্লাষ্টিক চাৰ্জাৰীৰ ক্ষেত্ৰত ইয়াৰ সৰ্বাধিক প্ৰয়োগ হয় যদিও গাঁঠিৰ বিষ আদিৰ বাবেও বহু লোকে জোক চিকিৎসাৰ সহয় লোৱা দেখিবলৈ পোৱা যায়। গাঁঠিৰ বিষ হ’লে বিষ হোৱা ঠাইত জোক কিছুমান এৰি দিলে সিহঁতে তেজ খাই ঠাইখিনিত ৰক্ত প্ৰবাহ প্ৰক্ৰিয়াৰ উন্নতি কৰে আৰু ফলত বিষ কমি যায়।
জোক চিকিৎসাৰ(Leech therapy) বা ‘জালাউকা অৱচাৰণা’ ভাৰতীয় আয়ুৰ্বেদ চিকিৎসাত এহেজাৰ বছৰ আগৰে পৰাই ব্যৱহাৰ হৈ আছে। আয়ুৰ্বেদ চিকিৎসাৰ ‘সুশ্ৰুত সংহিতা’ত শৰীৰত তেজৰ চলাচল উন্নত কৰাৰ বাবে বিভিন্ন ধৰণে জোক চিকিৎসাৰ কথা উল্লেখ আছে। চিকিৎসাৰ বাবে জোকৰ ব্যৱহাৰৰ মূল কাৰণ হৈছে ইয়াৰ লেলাউটিত থকা এনজাইমত তেজ গোট নমৰা, বিষৰ অনুভৱ নকৰা আদি উপাদান সমূহৰ বাবে। কেটাৰেক্ট আৰু লেজাৰ চাৰ্জাৰীৰ পিছত কেতিয়াবা চকুৰ প্ৰেছাৰ বাঢ়ি যায়। চকুৰ প্ৰেছাৰ কমাবলৈ জোক চিকিৎসা কৰাৰ উপৰিও গ্লুকমা আৰু আন বহুতো চকুৰ ৰোগৰ উপশমৰ বাবেও জোকৰ চিকিৎসা কৰি সুফল পোৱা গৈছে।
অকল তেজখোৱা জোকেই নহয় আন এক অদ্ভুত ঘিণলগা প্ৰক্ৰিয়াৰেও ৰোগীৰ চিকিৎসা কৰা দেখা যায়। মানুহৰ শৰীৰত কেতিয়াবা বিভিন্ন কাৰণত ঘাঁবোৰ নুশুকাই আৰু পচিবলৈ ধৰে(ডায়াবেটিক ফুট)। এইবোৰ অস্ত্ৰোপচাৰ কৰি ঠিক কৰা সম্ভৱ নহয়। এনে ক্ষেত্ৰত বিজাণুমুক্ত মাখিৰ কণী এনেবোৰ ক্ষতস্থানত এৰি দিয়ে। এই কণীবোৰৰ পৰা ওলোৱা পলুবোৰে( লাৰ্ভা) ক্ষতস্থানৰ পৰা পছা মাংসবোৰ খাই ঠাইখিনি বিজাণুমুক্ত কৰে আৰু এসময়ত পূৰ্ণাঙ্গ অৱস্থাত মাখি হৈ উৰি যায়। এই চিকিৎসাটো মেগট থেৰাপী(maggot therapy) বা লাৰ্ভা থেৰাপী নামেৰে জনা যায়। পুৰণি লেকেটা ঘাঁ আৰু ডায়বেটিক ফুট আদিৰ বাবে এইবিধ চিকিৎসা অতি ফলপ্ৰসূ।
কি আচৰিত কথা নহয়নে আমি ঘিণ কৰা গা জিকাৰ খাই উঠা জোক্ আৰু লেতেৰা ঘিণকৰা মাখিৰ দ্বাৰাও মানুহে পইছা খৰচ কৰি জটিল চিকিৎসা কৰে!