দুপৰীয়াৰ কলাঘুমটি আমাৰ বাবে কিমান উপযোগী

লেখক- ডাঃ কমল কৃষ্ণ নাথ

দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পিছত এক অৱসাদ স্বতঃস্ফুতভাৱে নামি আহে। শৰীৰৰ শক্তি আৰু প্ৰাণচঞ্চলতাত কিছু যতি পৰে। সেইসময়ত কলাঘুমটিৰ (power naps) আশ্ৰয় লোৱা আমাৰ মাজত বহুতৰে এক পুৰণিকলীয়া অভ্যাস। কিন্তু কেতিয়াবা ভাৱি চাইছেনে এই অভ্যাসটো স্বাস্থ্যৰক্ষাত কিমান সহায়ক হ’ব পাৰে। বহুতে দিনৰ ভাগত শোৱাটো এক লজ্জা কথা বুলি ভাবে। বহুতে ইয়াক এক শাৰীৰিক দুৰ্বলতাৰ লক্ষণ বুলিও ভাবে। কিন্তু সেয়া শুদ্ধ নহয়। শৰীৰৰ ভিতৰত সকলোবোৰ কাম কাজ সময়মতে পৰিচালনা কৰিবলৈ এক আভ্যন্তৰীণ ঘড়ী আছে যাক চাৰক’ডিয়ান ঘড়ী (circadian clock) বোলা হয়। এই অদৃশ্য ঘড়ীটোৱে দুপৰীয়াৰ খাদ্য গ্ৰহণৰ পিছমুহূৰ্তত শৰীৰক বিশ্ৰামৰ এক সংকেত প্ৰদান কৰে। শৰীৰটোৱে সেই মুহূৰ্তত কিছু সময়ৰ বাবে জিৰণি ল’বলৈ বিচাৰে যাতে পৰৱৰ্তী সময়ত ই ন-উদ্যমেৰে কামত লাগি যাব পাৰে।

সুস্বাস্থ্যৰ বাবে সাধাৰণতে ১৫ৰ পৰা ৩০ মিনিট সময় কলাঘুমটিৰ বাবে উপযুক্ত। এইখিনি সময়তে আটাইতকৈ বেছি লাভালাভ দেখা পোৱা যায়। ২-৩ মিনিট সময় চকু মুদিলে চকুযুৰিয়ে আৰাম পোৱাৰ লগতে অলপ ভাল লাগে যদিও সামগ্ৰিক লাভালাভ দেখা পোৱা নাযায়। কলাঘুমটিৰ সময়ত মগজুত কি হয় বুজিবলৈ প্ৰথমতে আমি টোপনি কিদৰে আহে আৰু টোপনিৰ সময়ত কি হয় বুজিব লাগিব। আমি জানো যে নিদ্ৰাৰ ৪ টা পৰ্যায় থাকে। প্ৰথম পৰ্যায় প্ৰায় ১০ মিনিটলৈ থাকে যত ব্যক্তিজন টোপনিত ধলি পৰে। দ্বিতীয় পৰ্যায়ত ব্যক্তিজনৰ চিলমিলকৈ টোপনি আহে যদিও তাক সুগভীৰ বুলিব নোৱাৰি। ই প্ৰায় ১০ মিনিটৰ পৰা ৬০ মিনিট পৰ্যন্ত থাকে যত আমাৰ দেহৰ বিপাক ক্ৰিয়া মন্থৰ হোৱা বাবে শৰীৰটোৱে বিশ্ৰাম পায়। তৃতীয় পৰ্যায়ৰ টোপনি হ’ল গভীৰ নিদ্ৰা যি ২০-৪০ মিনিট পৰ্যন্ত থাকে যত শৰীৰৰ অতি গুৰুত্বপূৰ্ণ মেৰামতিৰ কাম চলে। আনহাতে চতুৰ্থ পৰ্যায়ৰ টোপনি যাক ৰেম নিদ্ৰা বোলা হয় তাত আমি সপোনৰ মাধ্যমেৰে আমাৰ চিন্তা-চৰ্চাক সঠিক ৰূপ প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ। কলাঘুমটিৰ সময়ত আমি টোপনিৰ প্ৰথম পৰ্যায়ৰ উপৰিও দ্বিতীয় পৰ্যায়ৰ কিছু সময় পাওঁ। দ্বিতীয় পৰ্য্যায়ৰ টোপনিয়ে আমাৰ মনসংযোগ, স্মৃতিশক্তি  আৰু মেজাজ উন্নত কৰাৰ লগতে আমাৰ কৰ্মনৈপুণ্যক অধিক সুক্ষ্ম কৰে। সেয়ে আমি যথেষ্ট সজীৱ অনুভৱ কৰাৰ লগে লগে কিছুমান কাম অধিক পাৰদৰ্শিতাৰে কৰিব পাৰোঁ। বিশেষকৈ যিসকল ব্যক্তি শিল্পী, খেলুৱৈ, নৃত্যবিদ, সাহিত্যিক আদি সৃষ্টিশীল কৰ্মৰাজীৰ লগত জড়িত ব্যক্তি সকলৰ নিপুণতা কলাঘুমটিৰ পিছত বৃদ্ধি হোৱা দেখা যায়। আনহাতে, কলাঘুমটিৰ সময়চোৱা ৪৫ মিনিটৰ অধিক হ’লে ই তৃতীয় পৰ্যায়ৰ গভীৰ নিদ্ৰাত প্ৰৱেশ কৰে বাবে শুই উঠাৰ পিছত এক অৱসাদত ভোগা দেখা যায়। কিন্তু যিসকল ব্যক্তি নিদ্ৰাৰ অভাৱত ভুগি আছে অথবা যিসকল ব্যক্তিয়ে দীঘলীয়া সময়ৰ বাবে সাৰে থাকিব লাগে যেনে আৰক্ষী, নিৰাপত্তাৰক্ষী, চিকিৎসক, নাৰ্চ আদিয়ে দিনৰ ভালত কিছু দীঘলীয়া ঘুমটিৰ দ্বাৰা লাভৱান হোৱাৰ স্থল আছে। দীঘলীয়া সময়ৰ বাবে ঘুমটিৰ পিছত সাৰ পালে অৱসাদত ভোগাৰ কাৰণ হৈছে তৃতীয় পৰ্যায়ৰ নিদ্ৰাত এডেন’চাইন (adenosine) নামৰ ৰসায়ন নিঃসৰণ হয় যিয়ে মগজু কৰ্ম-কাণ্ডক মন্থৰ কৰে। সেয়ে বহুতে টোপনিৰ আগত একাপ কফি গ্ৰহণ কৰে। কফিত থকা কেফেইনে প্ৰায় আধাঘণ্টা পিছত নিজৰ কাম আৰম্ভ কৰে আৰু লগতে অডেন’চাইনকো প্ৰশমিত কৰে। ফলত ই কলাঘুমটিৰ পৰা উঠিবলৈ সহায় কৰাৰ লগতে সাৰ পোৱাৰ পিছত এক সজীৱতা আনি দিয়ে। কিন্তু মনত ৰখা দৰকাৰ অত্যাধিক ক’ফি ৰাতিৰ টোপনিত বাধাৰ সৃষ্টি কৰিব পাৰে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, আপুনি দুপৰীয়াৰ কলাঘুমটি উপভোগ কৰেনে? কাৰণ যিসকলে দুপৰীয়া বিশ্ৰাম লোৱাৰ প্ৰয়োজনীতা অনুভৱ নকৰে তেওঁ‌লোকক দুপৰীয়াৰ কলাঘুমটিৰ পৰা বিশেষ লাভাৱাম্বিত নহয়। আনহাতে, বহুতৰ মনত হোৱা এটি খুদুৱনিও থাকে যে দিনৰ কলাঘুমটিয়ে ৰাতিৰ নিদ্ৰাত ব্যাঘাত জগাব পাৰে নেকি? কিন্তু সেই সন্দেহ অমূলক কাৰণ দিনৰ সীমিত সময়ৰ টোপনিয়ে যিহেতু গভীৰ নিদ্ৰাত প্ৰৱেশ নকৰে সেয়ে ই ৰাতি নিদ্ৰাত হানি-বিঘিনি নকৰে। কিন্তু যিসকলৰ সকলো সময় সময়তে নিদ্ৰাই (excessive day time sleepiness) তেওঁলোক নাৰ্কোলেপসি (narcolepsy) নামৰ ব্যাধিত আক্ৰান্ত হ’ব পাৰে। সেয়ে তেওঁ‌লোকে নিদ্ৰা বিশেষজ্ঞৰ সহায় লোৱা উচিত হ’ব।

আয়ুৰ্বেদ অনুসৰি, যিসকল ব্যক্তি মেদবহুলতা আৰু কফদোষত ভূগিছে তেওঁলোকে দিনৰ ভাগত শোৱা উচিত নহয় কাৰণ দিনত শুলে তেওঁলোক কফজনিত ব্যাধিৰ দ্বাৰা পতিত হ’ব। কফদোষ বৃদ্ধিৰ লক্ষণ সমূহ হ’ল শৰীৰটো গধুৰ লাগি থকা, অনবৰত ভাগৰ আৰু টোপনিৰ ভাব আহি থকা, এলাহ ভাব বাঢ়ি যোৱা, সুস্থিৰ চিন্তা কৰাত অক্ষমতা, অজীৰ্ণ, কোষ্ঠকাঠিন্যত আক্ৰান্ত হোৱা ইত্যাদি। আয়ুৰ্বেদ অনুসৰি বসন্ত ঋতুত প্ৰাকৃতিকভাৱে কফদোষ বৃদ্ধি হয় বাবে দিনত শোৱা উচিত নহয়। আনহাতে, গ্ৰীষ্মকালত দিনত কিছুসময়ৰ বাবে শোৱা উচিত কাৰণ উষ্ণতা বৃদ্ধিৰ লগতে ৰাতি চুটি হোৱা বাবে টোপনি পৰ্যাপ্ত নহয়।

কলাঘুমটিৰ ইমানখিনি উপকাৰ থকাৰ পিছতো এটা কথা মনত ৰখা দৰকাৰ যে নিৰ্দিষ্ট সময়ৰ অধিক কলাঘুমটিয়ে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। মূল কথাতো হ’ল, শৰীৰৰ প্ৰয়োজনীয়তা অনুসৰি কলাঘুমটিৰ উপযোগিতাক ব্যৱহাৰ কৰা যাতে ই সৰ্বাধিক লাভালাভ দিব পাৰে, দেহ আৰু মনক সজীৱ কৰি তোলাৰ সক্ষমতা ৰাখে।



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!