দৰ্শকক নিশ্চুপ কৰি পেলোৱা এখন কথাছবি
লেখক- বিকাশ দত্ত
২০০৫ চনৰ জীৱনী ও আত্মজীৱনী শিতানৰ পুলিৎজাৰ বঁটা জয়ী হোৱা গ্ৰন্থ কাই বাৰ্ড আৰু মাৰ্টিন জে শ্বাৰৱিনৰ “আমেৰিকান প্ৰমিথিয়াছঃ দ্য ট্ৰাইয়াম্ফ এণ্ড ট্ৰেজেডী অৱ জে ৰ’বাৰ্ট অপেনহাইমাৰ”ত উক্ত ঘটনাৰ এক বিস্তৃত বিৱৰণ আছে। ৭২১ পৃষ্ঠাযোৰা গ্ৰন্থখনৰ অনুকূলিত ৰূপত তিনি ঘণ্টাযোৰা কথাছবিৰ ৰূপ দিছে জনপ্ৰিয় পৰিচালক ক্ৰিষ্টোফাৰ ন’লানে। অ-শিঠিল কাহিনী, মগজুৰ কচৰৎ কৰিবলৈ বাধ্য কৰোৱা বিষয়বস্তু, বিশাল পৰিকল্পনা, তাতোকৈ বৃহৎ নিৰ্মাণশৈলী আৰু ব্যৱহৃত প্ৰযুক্তিৰ মানদণ্ড, প্ৰতিগৰাকী দৰ্শকে ক্ৰিষ্টোফাৰ ন’লানৰ ছবি বুলি ক’লে উক্ত কথাখিনিকেই দোহাৰে। বিশ্বজুৰি লাভ কৰা অনুৰাগীৰ সংখ্যা তথা কথাছবিৰ অসাধাৰণ প্ৰকাশভংগীৰ ব্যতিক্ৰমী পৰিসীমাৰ বাবেই ক্ৰিষ্টোফাৰ ন’লানৰ নতুন ছবিৰ কথা শুনিলেই এক কৌতূলৰ সৃষ্টি হয়। কিন্তু বিগত সময়ত দেখিবলৈ পোৱা ছবিসমূহৰ ভিতৰত “অপেনহাইমাৰ” ক্ৰিষ্টোফাৰ ন’লান পৰিচালিত সামান্য পৃথক। ইয়াৰ কাৰণ জানিবলৈ আমি যাব লাগিব অতীতলৈ।
১৯৯৮ চনৰ “ফলৱিঙ” শীৰ্ষক চুটি ছবিখন আছিল ন’লানৰ প্ৰথমখন ছবি। তাৰ পিছত ২০০০ চনৰ “মেমেণ্টো” আছিল তেখেতৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি। কেৰিয়াৰৰ আৰম্ভণিতে ন’লানে ছবি নিৰ্মাণ তথা কাহিনীকথনৰ সাংকেতিক দৃষ্টিভংগীত কেৱল থ্ৰীলাৰ, ড্ৰামাকেই বিষয়বস্তু হিচাপে লৈছিল। তাৰ উদাহৰণ “মেমেণ্টো” আৰু “ইনছমনিয়া” (২০০২)। এই দুয়োখনেই আছিল একো একোখন থ্ৰীলাৰ ড্ৰামা। য’ত একশ্যন দৃশ্যৰ সংখ্যা আছিল খুবেই কম। কিন্তু এটা গতিশীল কাহিনী আৰু চৰিত্ৰৰ গঠনে ছবি দুখনক পৰিণত কৰিছিল অন্যতম শ্ৰেষ্ঠ ছবি হিচাপে। কিন্তু তাৰ পিছতেই ন’লানৰ “দ্য ডাৰ্ক নাইট ট্ৰিলজী” (২০০৫-২০১২), “দ্য প্ৰেষ্টিজ” (২০০৬), “ইনচেপচন” (২০১০), “ইণ্টাৰষ্টেলাৰ” (২০১৪) আদি ছবিসমূহে এক মান নিৰ্ধাৰণ কৰে য’ত ছবিসমূহৰ মূল বিষয়বস্তু হিচাপে ছায়েন্স-ফিকশ্যন, এডভেঞ্চাৰ, একশ্যন ড্ৰামা আদি সংযোজিত হয়। এটা বিয়াগোম বাজেট আৰু তাতোকৈ বৃহৎ উচ্চাভিলাষী নিৰ্মাণশৈলীয়ে ন’লানৰ ছবিসমূহক বহুত পৃথক কৰি তোলে। কিন্তু এইক্ষেত্ৰত “অপেনহাইমাৰ”ৰ জৰিয়তে ন’লানৰ ছবি নিৰ্মাণশৈলী অন্যফালে দ্বাৰস্থ হৈছে। কাৰণ “অপেনহাইমা”ৰ সন্মিলিত হৈছে বৰ্তমান সময়ৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰী তথা “অপেনহাইমাৰ”ৰ কাহিনী হৈছে সম্পূৰ্ণ অনুকূলিত (adapted) কাহিনী, যিটো ন’লানৰ ছবিত আমি দেখিবলৈ নাপাওঁ। সত্য ঘটনাৰ ওপৰত আধাৰিত ছবিৰ ভিতৰত ন’লানৰ কেৱল “ডানকাৰ্ক” (২০১৭) ৰ কথাহে উনুকিয়াব পৰা যায়। তদুপৰি “অপেনহাইমাৰ”ক তেখেতে এখন থ্ৰীলাৰ হিচাপে ৰাখিছে য’ত একশ্যন দৃশ্য নাই বুলিয়েই ক’ব পাৰি। তিনি ঘণ্টাযোৰা ছবিখনক প্ৰস্থচ্ছেদ কৰি ইয়াৰ প্ৰতিটো দিশকে পৰীক্ষামূলক ভাৱে পৰ্যালোচনা কৰাতো খুবেই কঠিন।
টেকনিকেল দিশত “অপেনহাইমাৰ”ৰ বহুকেইটা দিশ অত্যন্ত শক্তিশালী। “অপেনহাইমাৰ”ৰ কাহিনীকথন সম্পূৰ্ণৰূপে অৰৈখিক। ক্ৰিষ্টোফাৰ ন’লানে এই অৰৈখিক চিত্ৰনাট্য কাৰ্যকাৰিতাক ২০১৭ চনৰ “ডানকাৰ্ক” বোলছবিখনত উপস্থাপন কৰিছিল। কিন্তু “অপেনহাইমাৰ”ত অন্যান্য চৰিত্ৰসমূহৰ সৈতে মূল চৰিত্ৰৰ যি সামঞ্জস্য সেয়া ক্ৰিষ্টোফাৰ ন’লানৰ কথাছবি একপ্ৰকাৰৰ নতুন দিশ। জে ৰ’বাৰ্ট অপেনহাইমাৰৰ ছাত্ৰাৱস্থাৰ পৰা ঘপহকৈ মেনহেট্টন প্ৰজেক্টৰ সঞ্চালক হোৱাৰ তাৎক্ষণিক ইণ্টাৰকাটত দৰ্শকক পৰিচালক গৰাকীয়ে উমান দিবলৈ চেষ্টা কৰে যে তিনিঘণ্টাযোৰা ছবিখনৰ চিত্ৰনাট্য গতিশীল। একো একোটা চৰিত্ৰক লৈ গঠিত প্ৰতিটো দৃশ্যতেই চিনেমাটোগ্ৰাফীৰ প্ৰয়োগ আছিল ছবিখনৰ অন্য এটা দিশ যিবোৰ দৃশ্যত কেমেৰাক সম্পূৰ্ণ ক্ল’জ আপত ৰখা হৈছে। ইয়াৰ জৰিয়তে উক্ত দৃশ্যটোৱে বহন কৰা সংকীৰ্ণতাক অনুভৱ কৰিব পৰা যায়। এইক্ষেত্ৰত চিত্ৰগ্ৰহণকাৰী হৈয়টে ভন হয়েটমাৰ প্ৰশংসা যিমানেই কৰা হয় কম হ’ব। মুখ্য চৰিত্ৰত কিলিয়ান মাৰ্ফীৰ অভিনয়ক এইবৰ্ষৰ অন্যতম শ্ৰেষ্ঠ অভিনয় বুলিও ক’ব পাৰি। অপেনহাইমাৰৰ অংগী-ভংগী, কণ্ঠস্বৰ আৰু সংলাপৰ ব্যৱহাৰত কিলিয়ান মাৰ্ফীয়ে নিজৰ অভিনয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছে। তিনি ঘণ্টাযোৰা যাত্ৰাত দৰ্শকে অপেনহাইমাৰৰ চৰিত্ৰৰ সৈতে একাত্ম হ’ব পাৰে। একেদৰে ৰবাৰ্ট অপেনহাইমাৰৰ পত্নী কিটী অপেনহাইমাৰৰ চৰিত্ৰত এমিলী ব্লাণ্ট, জিন টেটল’কৰ চৰিত্ৰত ফ্লৰেঞ্চ পাঘ আৰু লেৱিচ ষ্ট্ৰছৰ চৰিত্ৰত ৰ’বাৰ্ট ডাউনী জুনিয়ৰৰ অভিনয় ছবিখনৰ অন্যতম চালিকাশক্তি। শব্দ সংযোজনেই হওক বা ছবিখনৰ শেষৰফালৰ বিস্ফোৰণৰ দৃশ্যটোৰ সংৰচনা, “অপেনহাইমাৰ”ক এখন মাত্ৰধিক্যভাৱে শক্তিশালী ছবি হিচাপে অভিহিত কৰিব পাৰি। এইক্ষেত্ৰত লুডৱিক গ’ৰানছনৰ আৱহ সংগীতে এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি ক’ব পাৰি। আৰম্ভণিৰে পৰা শেষলৈকে ব্যৱহৃত সংগীত আৰু শব্দ সংযোজনে দৰ্শকক এক অন্য অৱস্থালৈ কঢ়িয়াই লৈ যায় যাক শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি।
কথাছবিখনৰ আটাইতকৈ শক্তিশালী দিশ বুলি ক’লে ইয়াৰ চিত্ৰনাট্যক সৰ্বশ্ৰেষ্ঠ বুলি ক’ব পাৰি। ক্ৰিষ্টোফাৰ ন’লানে “অপেনহাইমাৰ”ত চিত্ৰনাট্যক অৰৈখিকতা প্ৰদান কৰিছে বা জে ৰ’বাৰ্ট অপেনহাইমাৰল ছবিখনৰ শক্তিশালী চৰিত্ৰ বুলি প্ৰকাশ কৰিছে ঠিকেই, কিন্তু সমান্তৰালকৈ অপেনহাইনাৰৰ কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ যি উন্মুক্ততা, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰতিযোগিতামূলক কূটিল ৰাজনৈতিক মেৰ পেচত ফচি অসহায় আৰু বিমোঢ় হৈ পৰা অৱস্থা তাকো খুব ক্ষিপ্ৰতাৰে দাঙি ধৰিছে। অপেনহাইমাৰে সংস্কৃত জানিছিল, লগতে পঢ়িবও পাৰিছিল। সেয়েহে প্ৰথমটো দফাতেই প্ৰকাশ কৰা শ্ৰীমদ্ভাগৱতগীতাৰ সংলাপটোও ছবিখনত ব্যৱহৃত কৰা হৈছে। অৱশ্যে সচৰাচৰ আমি ইউটিউৱত দেখি থকা প্ৰকৃত ভিডিঅ’ ক্লিপটোৰ দৰেই এক মিনিটমান দৈৰ্ঘ্যৰ দৃশ্য এটা সংযোজিত কৰিলে দৃশ্যটোৰ স্থিতি আৰু গাঢ়তা বৃদ্ধি পালেহেঁতেন। এইক্ষেত্ৰত অকণমান আসোঁৱাহ নথকা নহয়। চিত্ৰনাট্যত সংযোজিত হোৱা আন এটা শক্তিশালী দৃশ্য আছিল শেষৰ বিস্ফোৰণৰ দৃশ্যটো। বিস্ফোৰণৰ সময়ছোৱাত কেৱল দৰ্শকে দেখিবলৈ পায় পোহৰ আৰু মৌনতা। যিটোৰ জৰিয়তে পৰিচালক গৰাকীয়ে সেই সময়ৰ পৰিস্থিতিৰ বিষয়ে দৰ্শকক এক আভাস দিছে।
”অপেনহাইমাৰ” এখন জীৱনীমূলক ছবি। হয়তো বৰ্তমান সময়ৰ এখন অন্যতম শ্ৰেষ্ঠ বায়’পিক বুলি ক’লেও ভুল নহ’ব। ছবিখনৰ চিত্ৰনাট্য, কাহিনীকথন, ব্যৱহৃত প্ৰযুক্তি আৰু বিষয়বস্তুৰ গাঢ়তাই যি এক পৰিৱেশ গঠন কৰি দিছে, সেয়া ছবিখন চোৱাৰ পিছতহে আপুনি অনুভৱ কৰিব পাৰিব। কাৰণ ‘৪০ ৰ দশকত পাৰমাণৱিক অস্ত্ৰৰ প্ৰতিযোগিতাৰ দৌৰাত্ম্য আৰু তাৰ বাবে মানৱ সভ্যতা যিদৰে কোনো লেকাম নোহোৱাকৈ আগুৱাই গৈ আছিল, সেই সময়ত ৰাজনৈতিক মতভেদ, সমাজবাদৰ প্ৰতি থকা আমেৰিকান দৃষ্টিভংগী, তাৰ ফলশ্ৰুতিত সেই সময়ৰ সাম্প্ৰতিক সমাজ জীৱন কিদৰে প্ৰভাৱিত হৈছিল তাৰ এক শক্তিশালী উপস্থাপন ক্ৰিষ্টোফাৰ ন’লানৰ “অপেনহাইমাৰ।” মানৱ সভ্যতাই যেতিয়া এক শক্তি লাভ কৰে, তাৰ জৰিয়তে মানৱ সভ্যতাই নিজৰেই বিনাশ মাতি আনে। বৰ্তমানৰ প্ৰেক্ষাপটত যিদৰে AI, বা অন্যান্য প্ৰযুক্তিৰ জৰিয়তে এক সংকীৰ্ণ ভৱিষ্যতৰ দিশে মানৱজাতি ধাৱমান হৈছে, একেদৰে ‘৪০ ৰ দশকত এই শক্তি আছিল আণৱিক শক্তি। যাক অপেনহাইমাৰে উপলব্ধি কৰিছিল, লগতে তেওঁৰ সহকৰ্মী সকলেও। ক্ৰিষ্টোফাৰ ন’লানে সেইবাবেই ছবিখনৰ আৰম্ভণিতেই প্ৰমিথিয়াছৰ কথা উল্লেখ কৰে। য’ত কোৱা হয়, “Prometheus stole fire from the Gods and gave it to humans and he was chained to a rock for eternity”
১৬ জুলাই ১৯৪৫। সমগ্ৰ বিশ্বক হতচকিত কৰি আৰু আধুনিক ইতিহাসক সদায়ৰ বাবে সলনি কৰি দিয়া হয় উক্ত দিনাই। “মেনহেট্টন প্ৰজেক্ট”ৰ অন্তৰ্গত “ট্ৰিনিটি টেষ্ট”ৰ জৰিয়তে বিস্ফোৰণ ঘটোৱা হয় বিশ্বৰ প্ৰথমটো পাৰমাণৱিক বোমাৰ। প্ৰকৃততে জে ৰবাৰ্ট অপেনহাইমাৰৰ নেতৃত্বত পৰিচালিত মেনহেট্টন প্ৰজেক্ট সেই সময়ৰ এক বিশালায়তনৰ প্ৰকল্প আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ ভয়ংকৰ পৰিসমাপ্তিৰ দিশ ধাৱমান বিশ্বই হয়তো সেই সময়ত কোনোপধ্যে কল্পনাও কৰা নাছিল যে এই বিস্ফোৰণে সমগ্ৰ বিশ্বৰ আহিবলাগীয়া প্ৰজন্মক কিদৰে প্ৰভাৱিত কৰিব। কিন্তু অপেনহাইমাৰে সেয়া জানিছিল। সেইবাবে হয়তো বিস্ফোৰণৰ পিছতেই তেওঁৰ কণ্ঠত নিগৰিত হৈছিল এটা সংলাপ,
”আমি জানিছিলোঁ, এই বিশ্ব আৰু একে হৈ নাথাকে। কিছুসংখ্যক লোকে হাঁহিছিল, কিছুসংখ্যকে কান্দিছিল, কিন্তু প্ৰায়ভাগ মানুহ নিশ্চুপ হৈ ৰৈছিল। মোৰ মনত পৰিছিল ভগৱদ্গীতাৰ সেই পংক্তিকেইটা, বিষ্ণুৱে অৰ্জুনক বুজাই আছিল নিজৰ কৰ্তব্যত ব্ৰতী হ’বলৈ, নিজৰ দশভূজাৰ প্ৰতীকিৰ জৰিয়তে বিষ্ণুৱে কৈ যায়, মইয়েই এতিয়া মৃত্যু, সৃষ্টিৰ বিনাশ মোৰ দ্বাৰাই হ’ব।”
মানৱজাতিৰ ভৱিষ্যত কেৱল মানৱজাতিয়ে বৰ্তমানত ব্যৱহাৰ কৰা কৰ্মতেই লুকাই থাকে। সেয়েহে ক্ৰিষ্টোফাৰ ন’লানৰ “অপেনহাইমাৰ”য়ে দৰ্শকক নিশ্চুপ কৰি পেলাব বুলিও ক’ব পাৰি।