ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

ন’মেড

লেখক- নমিতা তালুকদাৰ

কিবা এটা যেন বিচাৰি ফুৰিছোঁ,
যাযাবৰ হৈ ভ্ৰমিছো কেউদিশ
নোপোৱাক পাবলৈ
নে পাই হেৰুৱাবলৈ
বিচাৰিছো আলিংগন,
সময়ৰ আচ্ছাদন।
ন’মেড ন’মেড বুলি
নকৰিবা উপহাস,
উন্মাদ সময়ে
তোমাৰো বেৰিব
চৌপাশ….।
তেতিয়া নিচিঞৰিবা,
মুক্ত কৰা মোক বুলি,
তেতিয়া নাভাবিবা
যাযাবৰী হওঁ বুলি।
মই ফুৰিছোঁ অৰঙে দৰঙে,
বতাহক সোধা মোৰ কথা
নদীকো সোধা,
ৰাতিৰ জোনালীক সোধা,
দোপালপিটা বৰষুণত
উটি যোৱা বাটৰ
ধূলিকণাক সোধা।
ক’ব মোৰ কথা।
আৰু ক’ব নিমিষতে
দেহহীন হোৱাৰ
কিমান যে বেথা….!
আকাশে বুকু ফালি
টুকুৰা টুকুৰ কৰে
তাৰ বিৰহ যান্ত্ৰণা,
চিঞৰি চিঞৰি নামি আহে
গাজনি বিজুলীক লৈ,
বিচাৰি নৈখনৰ
আলিংগন,
ঠিক মোৰ দৰেই
ন’মেডিক
আকাশৰো হৃদয়খন!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!