নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ ভাষা
লেখক- ড॰ দীপামণি হালৈ মহন্ত
গীতিকাৰ হিচাপে নিৰ্মলপ্ৰভা বৰদলৈ বুলিলেই জীৱন আৰু জগতত অহৰহ সুন্দৰৰ সন্ধান কৰা, চাৰিওফালে মাথোঁ ইতিবাচকতা প্ৰত্যক্ষ কৰা এক সূক্ষ্ম সংবেদনশীল সদা উচ্ছল ব্যক্তিত্বৰ কথাই পোনছাটে মনলৈ আহে৷ কাঁইটতকৈ ফুলক, দুখতকৈ সুখক, কান্দোনতকৈ হাঁহিক, সংঘাততকৈ সুন্দৰক উপলব্ধি কৰিবলৈ অহৰহ যত্নপৰ এই গীতিকাৰগৰাকীৰ পক্ষেহে যেন কোৱাটো সম্ভৱ– ‘জীৱন জীৱন বৰ অনুপম’ অথবা “হাঁহিৰে দুখকে জিনিবা / অশ্ৰুৰ দাম নাই জানিবা৷”
এতিয়া কথা হ’ল– গীতিকাৰগৰাকীয়ে এই উপলব্ধিক বা ভাবক তেখেতৰ গানৰ শ্ৰোতালৈ কি ৰূপে প্ৰেৰণ কৰিছে? কাৰণ ভাব জাগিলেই নহ’ব; ভাবক শ্ৰোতাৰ মন-মগজুলৈ প্ৰেৰণ কৰিলেহে সি সফল হ’ব৷ গীতিকাৰগৰাকীয়ে গীতৰ ক্ষেত্ৰত মগজুতকৈও গুৰুত্ব দিছে মনকহে : “কবিতাৰ আৱেদন মগজুলৈ হ’লেও গীতৰ আৱেদন প্ৰধানতঃ হৃদয়লৈহে হ’ব লাগিব৷ ই মৰ্মত প্ৰৱেশ কৰিব লাগিব, গাওঁতা-শুনোতাৰ অন্তৰ মথিত কৰি সমব্যথীও কৰিব লাগিব৷” (পাতনি, ‘ফুলৰ এই মেলাতে’)৷ সেইবাবেই গীতিকাৰগৰাকীয়ে গাওঁতা-শুনোতাৰ অন্তৰ মথিবলৈ গীতৰ কথাত বিশেষ গুৰুত্ব দিছে৷ কথাৰেই তেখেতে ‘মনৰ ভাব’ক অনুৰণিত কৰিছে কিয়নো ‘কথাৰ দ্বাৰাই শুনোতাৰ মনত জাগ্ৰত হয় চেতনা, জাগ্ৰত হয় বিচিত্ৰ অনুভূতি, উপলব্ধি৷’ (পাতনি, ‘ফুলৰ এই মেলাতে’)৷
কথাৰে শ্ৰোতাৰ চেতনা-অনুভূতিক জাগ্ৰত কৰিবলৈ তেখেতে কেতিয়াবা শব্দসমষ্টি, কেতিয়াবা শব্দাংশ আৰু কেতিয়াবা তাৰ ক্ৰমৰ সচেতন প্ৰয়োগ কৰি সাধাৰণকো বিশেষ কৰি তুলিছে। আচলতে ভাব অনুসৰি ভাষাৰ প্ৰয়োগ ঘটোৱাত তেখেত সিদ্ধহস্ত৷ ‘পুৰুষ নে নাৰীৰ কণ্ঠত গীত এটি দিয়া হ’ব ‘- তালৈ লক্ষ্য ৰাখি গীত লিখা গীতিকাৰগৰাকীয়ে ভাবৰ দৃঢ়তা-আকুলতা-গভীৰতা চায়ো ভাষা ব্যৱহাৰ কৰিছে৷ মাত্ৰ কেইটিমান গীতৰ আধাৰত এই কথা চাব পাৰি৷
প্ৰথমেই ‘গধূলি আহিল তৰা জিলিকিল’ গীতটিৰ কথাই কৈছোঁ৷ এই গীতটি অতি কোমল, স্নিগ্ধ৷ গীতটিত আছে ছবি ছবি লগা বৰ্ণনা; সেই বৰ্ণনাও অতি কোমল, মনোমোহা৷ গীতটিত /ল/, /ৰ/, /ত/, /ন/ ধ্বনিৰ সঘন প্ৰয়োগে এক মৃদু ঝংকাৰ আনিছে৷ ছয়টা ছয়টা শব্দত গঁথা শাৰীবোৰ, পাঁচোটা শাৰীৰে সজা স্তৱকবোৰে পাঠক-শ্ৰোতাৰ মনত ইন্দ্ৰিয়জ অনুভূতি জগাই তোলে অতি সহজে৷ গীতটোত থকা ‘এধানি নিয়ৰ’, ‘জোনৰ পানচৈ’, ‘চিকুণ চেনেহ’, ‘জোনাকৰ ৰাগী’ বিশেষণবাচক বিৱৰণবোৰো অতি কল্পনাশ্ৰয়ী, ৰোমাণ্টিক আৱেশেৰে ভৰা৷
‘মায়াময় ৰূপালী জোনাক’ –এই গীতটিৰ প্ৰথম শাৰী দুটিৰ গোটেই আৱেদনৰ ব্যাপকতা প্ৰকাশ পাইছে ‘মায়াময়’ আৰু ‘ছায়াঘন’ শব্দ দুটাৰ /আ/ ধ্বনিত আৰু পৰৱৰ্তী অংশৰ /এ/ ধ্বনিলৈ সেই ব্যাপকতা অব্যাহত আছে৷ ‘জিৰ্ জিৰ্ জিৰ্ জুৰিৰে পাৰত’ –ইয়াত শব্দৰ দ্বিৰুক্তিয়ে কেৱল জুৰিৰ লহৰকে মূৰ্ত্তিমান কৰি তোলা নাই; তাৰ সমানে সমানে গীতিকাৰৰ মনৰ আৱেগৰ উঠা-নমাকো বহন কৰিছে আৰু সি উৎকণ্ঠাৰ ৰূপত স্পষ্ট হৈছে– “পামনে মই পামনে তোমাক” অংশত৷
‘মোৰ মিনতি তৰা হয় যদি’ গীতটিত ‘যদি’ শব্দই এফালে এক গাঁথনিক আৰ্হি সৃষ্টি কৰিছে আৰু আনফালে ভাবৰ দৃঢ়তা বা আৰোহণো আনিছে৷ একেটা গীততে /এ/ ধ্বনিয়েও বৰ সুন্দৰ লয় আনিছে৷ যেনেঃ “সেই জোনে শুনা / জোনালী মায়াৰে সৰু সুৰুঙাৰে / মনে মনে গৈ / তোমাৰ মুখতে ৰ’ব৷” ইয়াত /এ/ ধ্বনিয়ে ভাবৰ সংক্ৰমণ অব্যাহত থকাতো সহায় কৰিছে৷ ক’বলৈ গ’লে, তেখেতৰ বহু গীতত ‘যদি’ শব্দই ভাবক শক্তিশালী ৰূপত প্ৰকাশ পোৱাত সহায় কৰিছে৷ গীতিকাৰৰ মনৰ ইচ্ছা-উপলব্ধিক সুতীব্ৰ ৰূপত তুলি ধৰিছে৷ তলত বিভিন্ন গীতৰপৰা লোৱা তেনে কেতবোৰ উদাহৰণ উল্লেখ কৰা হ’লঃ
ক) প্ৰেম মানে যদি শিহৰণ হয়
সেই শিহৰণ তুমি (ফুলৰ এই মেলাতে// ২২৮)
খ) জীয়াই থকাকে নোবোলে জীৱন যদি ভৰে হাহাকাৰ (প্ৰাগুক্ত// ১৬৭)
গ) তোমাৰ চকুৰ
ছায়াতে মোক
জিৰণি অকণ দিয়া
সঁচা যদি ভালপোৱা (প্ৰাগুক্ত/ /১৬১) আদি৷
‘যদি’ৰে দৰে ‘যে’- অব্যয়ৰ প্ৰয়োগ তেখেতৰ ভাষাৰ অন্যতম বৈশিষ্ট্য৷ বেছিভাগ গীতত তেখেতে ‘যে’-ত ভৰ দি ভাবক আৰোহিত কৰিছে৷ তলৰ গীতৰ ফাকিবোৰেই ইয়াৰ প্ৰমাণঃ
ক) এয়ে যে সময় গান শুনোৱাৰ
নকৰিবা অভিমান (প্ৰাগুক্ত/ /১৬০)
খ) তুমি যে ক’লীয়া শ্যাম
ক’লা মেঘৰ ৰূপ
এই ৰূপেই যে লাগে ভাল
ক’লা অপৰূপ (প্ৰাগুক্ত// ১৬১)
‘তোমাৰ মৰমে মোৰ’ গীতটিত ‘কি’ প্ৰশ্নবাচক সৰ্বনামৰ সৈতে ‘যে’ অব্যয় ওচৰা-উচৰিকৈ বহি গীতিকাৰৰ মনৰ আৱেগ-অনুভূতিৰ উচ্ছল প্ৰকাশ ঘটাইছে৷ এই গীতটিত গীতিকাৰগৰাকীৰ ধ্বনি-সুষমাৰ সৃষ্টি শলাগিবলগীয়া৷ ‘ইমান’ শব্দৰ আৱেগ ভৰা উপস্থাপনে তেখেতৰ বহুকেইটা গীতক অতি আৱেদনধৰ্মী কৰি তুলিছে৷ তেনে গীতবোৰত ভাবৰ কোমলতা, গভীৰতা অনুভূত হৈছে ‘ইমান’ শব্দটিৰেই৷ “ইমান নিবিড় / ইমান মদিৰ”–এই গীতটিত ৰোমাণ্টিক আৱেশে ভৰ কৰিছে ‘ইমান’ শব্দত৷ আকৌ, ‘ইমান দীঘল জীৱনৰ বাটত’ বোলোতে যাত্ৰাৰ ব্যাপকতা-বিস্তৃতি সোমাই আছে ‘ইমান’ত৷ ‘ইমান ফুলৰ সুবাসে মাতেহি’ গীতটিতো আৱেগ-উষ্মতাৰ ভিৰ ঘটিছেঃ “ইমান তৰাৰ গানে / দুৱাৰদলিৰ সিপাৰত আঁকে / আল্পনা ঘনে ঘনে৷” এই গীতটিৰ ভাবৰ কোমলতা আৰু কোমল হৈ পৰিছে তৎসম, অৰ্দ্ধ তৎসম শব্দৰ বাবেও৷ উল্লেখ থাকে যে ইন্দ্ৰিয়ানুভূতিৰ সংবেদনশীলতা তেখেতৰ বহু গীততেই আছে৷ তলৰ গীতফাকি চাওকঃ
“সুৰ যেন এটি উটি উটি আহে
কোন এক অজানাৰ
বু্জোঁ বুজোঁ কৰোঁ নুবুজোঁ একোকে
দৃষ্টি অন্ধকাৰ৷”
ইয়াত আছে একে ধ্বনিৰ পুনৰাবৃত্তিয়ে সৃষ্টি কৰা অনিৰ্বচনীয় মাধুৰ্য৷ তাৰ মাজেৰে প্ৰতিভাসিত হৈছে বুজা-নুবুজা, চিনা-অচিনাৰ ৰহস্যময় এখনি মায়াজাল৷
‘আহাচোন আহা কাষতে বহা’ গীতটিত /আ/ ধ্বনিয়ে এক বিশেষ ঝংকাৰ সৃষ্টি কৰিছে৷ কথোপকথনধৰ্মিতা আৰু প্ৰশ্নসূচকতাই মনোৰম কৰি তোলা এই গীতটিত ‘আহা’ আৰু ‘কোৱা’ ক্ৰিয়াৰ পুনৰাবৃত্তিয়ে মনৰ ব্যগ্ৰতা-আগ্ৰহ প্ৰকাশ কৰিছে৷ ‘নাহাঁহা নামাতা কথাও নোকোৱা কিয়’ শাৰীটিত ‘না’ নেতিবাচক পূৰ্বসৰ্গৰ পুনৰাবৃত্তিয়ে গাঁথনিক আৰ্হি সৃষ্টি কৰাৰ লগতে প্ৰেমিক মনৰ অভিযোগো সুন্দৰকৈ তুলি ধৰিছে৷ এই একেই ঠাঁচত বন্ধা তেখেতৰ আন এটি গীত হৈছে– ‘সঁচাকে কোৱা কথাটি কোৱা’ (প্ৰাগুক্ত/ /৩৫৯) গীতটি৷
“কি নাম দি মাতিম মাতিম তোমাক” গীতটিত প্ৰশ্নবাচকতা আৰু প্ৰতিসম্বন্ধকবাচকতাৰ সমন্বয় অতি সুন্দৰ৷ ‘কি নাম দি মাতিম’– বোলোতেই জিজ্ঞাসা স্পষ্ট; সি অধিক ঘন হৈছে ‘মাতিম তোমাক’ বুলি সোধাত৷ আকৌ তাৰো পিছ মুহূৰ্ততে “যি নাম দি মাতা সেয়েই মিঠা জীৱন মৰুত তুমি ছায়া” বোলোতে সি নিৰসন হৈছে যদিও এক ক্ষীপ্ৰ শ্ৰুতিমাধুৰ্য গুণে শুনোতাক দ্ৰৱীভূত কৰে৷ তাৰ মূলতে আছে /আ/ ধ্বনিৰ আবৃত্তি৷
শব্দৰ দ্বিৰুক্তিয়ে ভাবক কিমান দৃঢ় কৰিব পাৰে তাৰ প্ৰমাণ “জীৱনত হাঁহিবা কেতিয়া” গীতটি৷ গীতিকাৰৰ ইতিবাচকতাৰ দৃঢ় প্ৰকাশ ঘটিছে এই গীতটিত৷ নেতিবাচকতা, নিৰাশাক প্ৰশ্ৰয় নিদিয়া গীতিকাৰৰ প্ৰশ্ন আটাইলৈকেঃ
জীৱনত হাঁহিবা কেতিয়া
চকুলো মচিবা কেতিয়া
আজিয়েই আজি আজি
আজিয়েই আজি আজি
(প্ৰাগুক্ত//১২৩)
গীতিকাৰে দুখ-হতাশাক বিসৰ্জন দিয়াটো বিচাৰিছে তৎমুহূৰ্ততে৷ সেই ভাবৰ তৎপৰতা প্ৰকাশ হৈছে ‘আজিয়েই’ বুলি কওঁতে৷ তাৰ পিছতো ‘আজি’ৰ পুনৰাবৃত্তিয়ে তাক আৰু দৃঢ় কৰি তুলিছে৷ তেখেতৰ বহু গীততে শব্দৰ পুনৰাবৃত্তিয়ে এনেদৰে ভাবক গভীৰতা প্ৰদান কৰা দেখা যায়৷
একেদৰে তেখেতৰ বহু গীতত ধ্বন্যাত্মক শব্দবোৰে একো একোখনি মনোৰম ছবি নিৰ্মাণেৰে শুনোতাৰ মন আন্দোলিত কৰিছে৷ মনঃচক্ষুৰে প্ৰকৃতিৰ অপৰূপ ৰূপ সুধা পান কৰি শুনোতা ভাবত তন্ময় হৈ পৰে৷ যেনেঃ
আকাশ মেঘেৰে সউ
ভৰে ভৰে
জিপ্ জিপ্ জিপ্ জিপ্
বৰষুণ বৰষুণ
পৰে পৰে৷৷ (প্ৰাগুক্ত// ৪৭)
এনেভাৱে কোনো ঠাইত ধ্বন্যাত্মক শব্দৰ দ্বাৰা প্ৰকৃতিৰ বৰ্ষণমুখৰ পৰিৱেশ যদি জীৱন্ত হৈ উঠিছে, তেন্তে আন এটা গীতত প্ৰকৃতিৰ আন ৰং-বিৰঙৰ ছবি ভাহি উঠিছে৷ ‘টুপ টুপ নিয়ৰ সৰে’ গীতটিত ধ্বন্যাত্মক শব্দই প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰহঘৰাটোকে দাঙি ধৰিছে৷ ‘মোৰ সকলো ফুলতে গুণগুণাই তুমি ’ গীতটিতো ধ্বন্যাত্মক শব্দৰ পৰা গঢ়ি তোলা শব্দই ভিৰ কৰিছে৷ ‘গুণগুণাই’, ‘জিলমিলাই’, ‘তিৰ্বিৰাই’, ‘জ্বলমলাই’, ‘ৰজনজনাই’ শব্দবোৰ ইয়াৰ চানেকি৷ ‘ফুলৰে এই মেলাতে’ গীতটিৰ কথা ক’বই নালাগে৷ ধ্বন্যাত্মকতা আৰু শব্দৰ দ্বিৰুক্তিৰেই গীতিকাৰগৰাকীয়ে পশু-পক্ষীৰ কল-কাকলিৰে ভৰা জীৱন্ত যেন লগা মায়াময় পৰিৱেশ ৰচিছে৷
সকলো কবি-গীতিকাৰৰ দৰে নিৰ্মলপ্ৰভা বৰদলৈয়েও একে ধ্বনিৰ দুবাৰ, তিনিবাৰ বা বহুবাৰ আবৃত্তি কৰি সুৰ-ভাবক চমৎকাৰিত্ব প্ৰদান কৰিছে৷ মন কৰিবলগীয়া ধৰণে তেনে গীতবোৰত কেৱল ধ্বনিগুণেই তীব্ৰ লয় আনিছে, স্পন্দন তুলিছে৷ ‘পাহাৰৰ জুৰিটি’ গীতটিৰ স্তৱককেইটা মন কৰক৷ কোনোবাটো স্তৱকত /প/, কোনোবাটোত /ৰ/, কোনোবাটোত /জ/, কোনোবাটোত /ত/ ধ্বনিয়ে অপূৰ্ব সুষমাৰ লহৰ তুলিছে৷
তেখেতৰ কিছুমান গীত যেন একোখন ফট্ফটীয়া ছবি৷ কথাৰে-সুৰেৰে শুনোতাক সেই ছবিৰ মাজত আছন্ন কৰি ৰাখে৷ কথাত কোনো জটিলতা নাই৷ সহজ-সৰল শব্দৰেই সেই ছবি বাঙ্ময় কৰি তুলিছে, আঁকি উলিয়াইছে৷ ‘কোন সেই ৰূপৱতী যায়’ গীতটি চাওকচোন ৷ গ্ৰাম্যতা আৰু সৰলতাৰ কেনে সুন্দৰ ছবি আছে গীতটিত৷ ‘সোণৰ খাৰু নালাগে মোক’ গীতটিও একেই সহজ-সৰল অথচ মন পৰশা৷ এই গীতটিত গীতিকাৰে নঞাৰ্থক ক্ৰিয়াসমূহ অতি কৌশলীভাৱে প্ৰয়োগ কৰিয়েই মাতৃগৃহ ত্যাগ কৰিবলৈ ওলোৱা কন্যা এগৰাকীৰ মাতৃৰ প্ৰতি মৰম-আন্তৰিকতা,কাকূতি-ভালপোৱাৰ গভীৰ প্ৰকাশ ঘটাইছে৷ ‘তোমাৰ কথা যেতিয়াই ভাবোঁ’, ‘দুহাতে পালোঁ অত ফুল’, গীত দুটিৰ তেনেই সৰল অথচ ভাবাৱেগেৰে পৰিপূৰ্ণ প্ৰকাশভংগীৰ কথাও ইয়াত নক’লে আধৰুৱা হৈ থাকিব৷
গীতিকাৰগৰাকীৰ ভাষাতে “কথাই উত্তাপ দিয়ে, কথাই উত্তেজিত কৰে, কথাই শান্ত কৰে, কথাই সমাহিত কৰে৷” জনগণৰ কল্যাণৰ বাবে মানুহৰ মুক্তিৰ বাবে জনগণক সজাগ কৰাৰ প্ৰয়োজন আছে৷ সেই প্ৰয়োজন পূৰাবলৈ কথাৰে তেওঁলোকক উত্তাপিত কৰিব লাগিব৷ জঠৰতা ভাঙিবলৈ গতিৰ-হেঁচাৰ প্ৰয়োজন৷ যুক্ত ব্যঞ্জন, জটিল শব্দত সেই জোৰ থাকে৷ সেয়ে গীতিকাৰগৰাকীয়ে গীতৰ বিষয় লৈ প্ৰয়োগ কৰিছে তেনে শব্দ৷ ‘মই বিচাৰিছোঁ হাজাৰ চকুত’ গীতটি ইয়াৰ সুন্দৰ উদাহৰণ৷ ‘সীতা বনবাস কিমান চাবানো’ গীতটোতো ভাবৰ আৰোহণ মন কৰিবলগীয়া৷ সকলো সহি থাকিও এসময়ত সহ্যৰ বান্ধ ছিগি যায়, তাৰ বিৱৰণ আছে এই গীতটিত৷ এই যে সীমা চেৰাই যায়; আৰু নালাগে– সেই ভাবনা গীতিকাৰে কেনে আয়াসত প্ৰকাশ কৰিছে চাওক–
“সীতা বনবাস কিমান চাবানো
লংকা কাণ্ডই বঢ়িয়া হ’ব
ভাওনাৰ বাবে নাট কিয় লাগে
মনৰ কথাৰেই বচন হ’ব৷৷”
(প্ৰাগুক্ত//৩৫৬)
ইয়াত ‘কিমান চাবানো’ –বুলি কওঁতে স্পষ্ট হৈছে ‘আৰু নালাগে’ ভাব৷ একেদৰে ‘লংকাকাণ্ডই’ ,‘মনৰ কথাৰেই’ শব্দ দুটাৰ ‘ই’ য়ে বহন কৰিছে গীতিকাৰৰ সংকল্পবদ্ধতাৰ কথা৷ ‘ৰিক্ত তিক্ত ভগ্ন হৃদয়ে / গঢ়িছে অস্ত্ৰ নিয়াৰিকৈ’ অংশতো যুক্ত শব্দসমূহে ভাবৰ দীপ্ততাকে স্পষ্ট কৰিছে৷ ‘আকৌ নতুন প্ৰভাত হ’ব’ গীতটিতো ‘প্ৰভাত’ শব্দৰ ব্যৱহাৰে গীতিকাৰৰ বিশ্বাস-দৃঢ়তাক যি ৰূপত প্ৰতিফলিত কৰিছে, সেই দৃঢ়তাক অব্যাহত ৰাখিবলৈকে যেন শেষৰ ছয়টা শাৰীত যুক্তব্যঞ্জন বিশিষ্ট শব্দৰ প্ৰয়োগ ঘটাইছে৷
প্ৰথমেই উল্লেখ কৰি অহা হৈছে যে নিৰ্মলপ্ৰভা বৰদলৈ স্বভাৱতে সুন্দৰৰ পূজাৰিণী৷ সৌন্দৰ্যৰ অনুৰাগী গীতিকাৰৰ সংবেদনশীল মনৰ বহিঃপ্ৰকাশ ঘটিছে তেখেতৰ বিশেষণবাচক শব্দ-শব্দাংশত তথা স্বসৃষ্ট শব্দত৷ ‘জিকিমিকি ৰ’দালি’, ‘কণ কণ নিয়ৰ’, ‘সোণ ধাননি’ ,‘সোণ সুৰুয’ ‘জোনাকৰ চৰাই’, ‘নিয়ৰ ফুল’, ‘বাৰিষা মদিৰ মেঘ’, ‘কদম সুৰভি’, ‘সোণালী মুকুল’, ‘জোন বৰণী বন নিজৰা’, ‘সাহ জুই’, ‘নিথৰ যুগ’ আদি অনুভৱী মনৰে উদ্ভাৱন৷ গীতিকাৰৰ বিভিন্ন গীতত ‘জীৱন’ শব্দৰ উল্লেখেও জীৱনৰ প্ৰতি তেখেতৰ ইতিবাচক মনোভংগীকে স্পষ্ট কৰে৷ সেয়ে এনেবোৰ দিশলৈ চাই ক’ব পাৰি, গীতৰ তাল-মান-সুৰৰ সমানে তেখেত গীতৰ বাৰ্তাৰ প্ৰতিও অতি সচেতন আছিল। শুনোতালৈ সেই বাৰ্তা সঠিককৈ প্ৰেৰণ কৰিবলৈ তেখেতে কেতিয়াবা ইংগিত, কেতিয়াবা ব্যঞ্জনা আৰু কেতিয়াবা চিত্ৰকল্পৰ সহায় লৈছে আৰু সেইখিনিতে তেখেতৰ অনুভৱৰ সূক্ষ্মতাও জিলিকি উঠিছে।
–––––
● (লেখাটোত উল্লেখিত গীতৰ ফাকিসমূহ জ্যোতি প্ৰকাশনৰদ্বাৰা প্ৰকাশিত ‘ড. নিৰ্মলপ্ৰভা বৰদলৈৰ গীত ফুলৰে এই মেলাতে’ পুথিখন (তৃতীয় প্ৰকাশ,২০১৪) ৰ পৰা লোৱা হৈছে)