পশুপালন খণ্ডৰ অন্তৰ্গত থলুৱা উদ্যোগসমূহ
লেখক- ডা° নমিতা দাস নাথ
পাতনিঃ
আমাৰ জীৱন ধাৰণৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীবিধ হ’ল খাদ্য আৰু সু-স্বাস্থ্যৰ বাবে দৰকাৰ শ্বেতসাৰ, মাংসসাৰ, স্নেহ পদাৰ্থৰে সমৃদ্ধ সন্তুলিত আহাৰ। ইয়াৰে মাংসসাৰ/প্ৰটিনে মাংসপেশীৰ শ্ৰীবৃদ্ধি আৰু দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৰ্তাই ৰাখি নিৰোগী হৈ থকাত মুখ্য ভূমিকা গ্ৰহণ কৰে। আমি খোৱা চয়াবিন, মটৰমাহ, দাইল আদি খাদ্যশস্যৰ পৰাও প্ৰচুৰ পৰিমাণে প্ৰটিন পোৱা যায় যদিও উদ্ভিদজাত প্ৰটিনক অসম্পূৰ্ণ বুলি ধৰা হয় আৰু অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ গৰিষ্ঠসংখ্যক বাসিন্দা আমিষভোজী হোৱা বাবে প্ৰাণীজাত প্ৰটিনৰ চাহিদা অধিক। কিন্তু, চাহিদা আৰু যোগানৰ মাজত থকা বৃহৎ অন্তৰ আঁতৰ কৰিবলৈ হ’লে পশুধন উদ্যোগটোৰ অধিক প্ৰসাৰৰ প্ৰয়োজন আছে। উল্লেখযোগ্য যে— পোহনীয়া জীৱ-জন্তুবোৰে আমাক কণী, গাখীৰ, মাংস, চামৰা, নোম, জৈৱসাৰ আদি অসংখ্য পশুজাত দ্ৰব্য যোগান ধৰাৰ লগতে কৃষিকৰ্ম, বোজা কঢ়িওৱা, গাড়ী টনা আদি কামত সহায় কৰি আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে সিহঁতক ‘সম্পদ’ হিচাপে গণ্য কৰি ‘পশুধন’ বুলি কোৱা হয়৷ এইখিনিতে উনুকিয়াব বিচাৰোঁ যে— বিত্তীয় আৰু পাৰ্থিৱ সম্পদৰ উচিত ব্যৱহাৰৰ জৰিয়তে গ্ৰামাঞ্চলৰ নাগৰিকৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে পশুধন উদ্যমিতাৰ বিকল্প নাই। ইয়াৰ উপৰি, উদ্যমিতাৰ জৰিয়তে পশুজাত দ্ৰব্য (কণী, গাখীৰ, মাংস, চামৰা ইত্যাদি) সমূহক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি ক্ষুদ্ৰ, মজলীয়া বা বৃহৎ খাদ্য সংসাধন উদ্যোগ স্থাপন কৰি মূল্যমান সংযোজনেৰে(Value addition) সহজতে ৰান্ধি খাব পৰা(Ready to cook)কৈ প্ৰস্ত্তত কৰি উপভোক্তাৰ বাবে সহজলভ্য(অনলাইন যোগান, শীতলীকৰণ বিক্ৰী কেন্দ্ৰ যোগে) কৰি তোলাৰ উপৰি উদ্যোগীজনৰ নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লগতে আনৰ বাবে নিয়োগ সৃষ্টি কৰিব পাৰি। দৰিদ্ৰ সীমাৰেখাৰ তলৰ ভূমিহীন তথা পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো শ্ৰেণীৰ নাগৰিকে নিজা মূলধন নোহোৱাকৈও পশুধন উদ্যোগৰ বাবে আগবাঢ়িব পাৰে।
পশুধন উদ্যমিতাৰ প্ৰয়োজনীয়তা:
অৰ্থোপাৰ্জনৰ বাবে ইমানবোৰ ব্যৱসায় থকা সত্ত্বেও পশুধন উদ্যমিতাক প্ৰধান্য দিয়াৰ উদ্দেশ্য—
– অতীজৰ পৰাই পশুপালন এক পৰিচিত ক্ষেত্ৰ, ।
– উদ্যোগসমূহ বহনক্ষম তথা খাদ্য সুৰক্ষাৰ দিশটোৰ সতে জড়িত।
– ব্যৱসায়টোৰ বিচিত্ৰতা আৰু জীৱন-জীৱিকা আহৰণ তথা নিয়োগ সৃষ্টি কৰিব পৰা সক্ষমতা।
– পৰিৱেশৰ ওপৰত ঋণাত্মক প্ৰভাৱ নিচেই কম।
– পামচৌহদত জৈৱ সুৰক্ষামূলক আন্তঃগাঁথনিৰ উপৰি
– যি সময়ত অন্যান্য বৃত্তিত নিয়োগৰ ক্ষেত্ৰখন সংকুচিত হৈ আহিছে, সেই সময়ত ন্যূনতম মূলধন খটূৱাই পশুধন উদ্যোগে জীৱিকা আহৰণৰ পথ দেখুৱাই আহিছে। ।
– কৰ’না অতিমাৰীয়ে হোটেল, পৰ্যটন, বস্ত্ৰ আদি বহুত ক্ষেত্ৰৰ নিয়োগ সংকুচিত কৰি পশুপালন খণ্ডটোৱে নিয়োগ আৰু উপাৰ্জনৰ দুৱাৰখন সকলোৰে বাবে মুকলি কৰি ৰাখিছে।
পশুধন উদ্যমিতাৰ বিভিন্ন পথ:
পশুপালন হ’ল, কৃষিজীৱি পৰিয়ালৰ বিকল্প আয়ৰ উৎস আৰু ‘পশুধন’ হল ‘ভ্ৰাম্যমাণ বেংক’; যিকোনো জৰুৰীকালীন পৰিস্থিতিত অৱস্থাপন্নসকলে যিদৰে বেংকৰ পৰা সাচঁতীয়া ধন উলিয়াই আনে, দুখীয়া লোকসকলে পোহনীয়া পশুধন বিক্ৰী কৰি ধন যোগাৰ কৰিব পাৰে। বিভিন্ন প্ৰকাৰৰ বহনক্ষম পশুধন উদ্যোগসমূহ হ’ল-
১)পশুধন পাম প্ৰতিষ্ঠা (Livestock Farm): পশুপালন খণ্ডৰ অন্তৰ্গত অন্যান্য উদ্যোগসমূহৰ ভিতৰত, প্ৰায় সকলো শ্ৰেণীৰ উদ্যোগীয়ে কম খৰচতে প্ৰতিষ্ঠা কৰিব পৰা অন্যতম উদ্যোগ হ’ল, বিভিন্ন প্ৰজাতিৰ পশুধন আৰু চৰাইৰ পাম স্থাপন। উচ্চশিক্ষিত সচ্ছল অৱস্থাৰ নাগৰিকৰ উপৰি ক্ষুদ্ৰ, উপান্ত, ভূমিহীন আদি সকলোৱে আনৰ ভূমি লীজত লৈ, বেংকৰ ঋণ লৈ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সহায় আৰু দিগদৰ্শনত ইয়াৰ বাবে আগবাঢ়িব পাৰে।
ক)দুগ্ধপাম প্ৰতিষ্ঠা(Dairy Farming): অসমৰ থলুৱা লখিমী প্ৰজাতিৰ গাইগৰুবোৰ আকাৰতো সৰু আৰু গাখীৰৰ উৎপাদনো কম। সেয়ে, ৰাজ্যখনৰ বৰ্ধিত জনসংখ্যাৰ গাখীৰৰ চাহিদা পূৰণ কৰিবলৈ অসমৰ জলবায়ুত খাপ খাব পৰা উন্নত উৎপাদনক্ষম জাতৰ দেশী চাহিৱাল, গীৰ গাই আৰু জাৰ্চি, হলষ্টেইন বিদেশী জাতৰ গাইগৰুৰ বিজ্ঞানসন্মত লাভজনক পাম স্থাপন কৰিব পাৰি। উৎপাদিত গাখীৰ বিক্ৰী কৰাৰ উপৰি গাখীৰৰ পৰা ব্যৱসায়ভিত্তিত দৈ, ক্ৰীম, পনীৰ, আইচক্ৰীম, মিঠাই আদি সংসাধিত সামগ্ৰী উৎপাদন কৰিও আয় কৰিব পাৰি।
খ)পলট্ৰী পাম প্ৰতিষ্ঠা(Poultry Farming): কুকুৰা, হাঁহ, ৰাজহাঁহ, কুৱেইল, টাৰ্কী, পাৰ, ইমু, অষ্ট্ৰিচ আদি পোহনীয়া চৰাইক একেলগে পলট্ৰী বুলি কোৱা হয়। গ্ৰামাঞ্চলত ঘৰুৱা চাহিদাৰ বাবে ঘৰে ঘৰে হাঁহ-কুকুৰা পোহা হয় যদিও ব্যৱসায়ভিত্তিত প্ৰটিনসমৃদ্ধ কণী আৰু মাংসৰ বাবে মজলীয়া/বৃহৎ পলট্ৰী পাম প্ৰতিষ্ঠাও পশুধন উদ্যোগৰ অন্তৰ্গত। আমাৰ থলুৱা জাতৰ কুকুৰা, হাঁহ আদি চৰাইবোৰ আকাৰত সৰু আৰু মাংস/কণীৰ উৎপাদনো তাকৰ, সেয়ে মাংসৰ বাবে- Vencobb 400, Kadaknath আদি জাতৰ, কণীৰ বাবে-হোৱাইট লেগহৰ্ণ, ৰোড আইলেণ্ড ৰেড, অষ্ট্ৰালৰ্প আদি বিদেশী জাতৰ কুকুৰা পাম; চাৰা-চামেলি, খাকী কেম্পবেল, ইণ্ডিয়ান ৰাণাৰ আদি হাঁহৰ পাম স্থাপন কৰি অধিক কণী উৎপাদন কৰিব পাৰি।
ইয়াৰ উপৰি, কম ঠাই যেনে— ঘৰৰ বাৰাণ্ডা, বেলকনি আদিত বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ কণী/মাংসৰ বাবে জাপানীজ কুৱেইল, পাৰ আদি পুহিব পাৰি। ভাৰতৰ অন্য ৰাজ্যৰ লগতে অসমতো বিদেশী জাতৰ ইমু, অষ্ট্ৰিচ আদি বৃহৎ আকাৰৰ চৰাইৰ পামৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।
তদুপৰি, আৱদ্ধ পদ্ধতিৰ পামত পোহা চৰাইৰ বিষ্ঠাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত কৰিব পাৰি। মজলীয়া বা বৃহৎ আকাৰৰ পাম স্থাপন কৰি উদ্যোগীজনে নিজৰ জীৱিকা অৰ্জন কৰাৰ উপৰি আনৰ বাবেও নিয়োগ সৃষ্টিও কৰিব পাৰে।
গ) ছাগলী আৰু ভেঁড়া পাম প্ৰতিষ্ঠা(Goat and Sheep Farming): মাংস আৰু ঊণ উৎপাদনৰ বাবে ছাগলী আৰু ভেঁড়া পাম প্ৰতিষ্ঠাও এক প্ৰকাৰৰ উদ্যোগ। ভেঁড়া ছাগলীৰ পৰা মাংস, বিষ্ঠাৰ পৰা সাৰ আৰু ঊণ উৎপাদন কৰিব পাৰি; ছাগলীৰ পৰা মাংসৰ উপৰি গাখীৰ, ছালৰ পৰা চামৰা, বিষ্ঠাৰ পৰা সাৰ প্ৰস্তুত কৰি উপাৰ্জন কৰিব পাৰি।
ঘ) গাহৰি পাম প্ৰতিষ্ঠা(Pig Farming): অন্যান্য পশুধন পামৰ তুলনাত গাহৰি পাম অতি লাভজনক আৰু কম খৰচী। গাহৰিৰ দেহৰ প্ৰতিটো অংশ আৰু অংগ ব্যৱহাৰযোগ্য; আনকি ইয়াৰ কাণ, খুৰা আদিও মানুহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু নোমৰ পৰা ব্ৰাছ প্ৰস্তুত কৰা হয়। থলুৱা ‘ডুম’জাতৰ গাহৰিৰ আকাৰ সৰু বাবে মাংস কম পৰে, সেয়েহে কৃত্ৰিম প্ৰজননৰ জৰিয়তে বৰ্ণসংকৰ হেম্পশ্বায়াৰ, লাৰ্জ হোৱাইট আদি বিদেশী জাতৰ পোৱালি উৎপাদন কৰি মাংসৰ চাহিদা পূৰণত অৰিহনা যোগাব পাৰি। একোজনী গাহৰিয়ে এবাৰত চৈধ্যটালৈ পোৱালি জন্ম দিয়ে; পোৱালি উৎপাদন আৰু বিক্ৰীও এটা লাভজনক ব্যৱসায়।
ঙ) শহাপহুৰ পাম: পূৰ্বতে আলংকাৰিকভাৱে পালন কৰা হৈছিল যদিও আজিকালি আমাৰ ৰাজ্যতো মাংসৰ বাবে ব্যৱসায়ভিত্তিত শহাপহু পালন কৰা হয়।
সাম্প্ৰতিক সময়ত উন্নত বিদেশী জাতৰ উচ্চ নিৰিখৰ আভিজাত্যৰ প্ৰতীকস্বৰূপ বিভিন্ন জাতৰ কুকুৰৰ পোৱালি উৎপাদন বা আমদানি কৰি গ্ৰাহকক যোগান ধৰাও এক লাখটকীয়া ব্যৱসায়।
২) সংসাধন কেন্দ্ৰ স্থাপন(Processing plant): ব্যৱসায়িক ভিত্তিত গাখীৰ, কণী আৰু মাংসজাত সামগ্ৰীৰ সংসাধন কেন্দ্ৰ স্থাপন কৰি গাখীৰৰ পৰা দৈ, ক্ৰীম, পনীৰ, আইচক্ৰীম, মিঠাই; মাংসৰ পৰা চচেজ, নাগেট, কীমা, ললীপপ, কাটলেট, বাৰ্গাৰ আদি প্ৰস্তুত কৰা কাৰখানা আদিও পশুধন উদ্যোগৰ আওতাত পৰে। এই সামগ্ৰীসমূহ সংৰক্ষণৰ বাবে শীতলীকৰণ ভঁড়ালৰ আৰু বিপণনৰ বাবে শীত, তাপ নিয়ন্ত্ৰিত বিক্ৰীকেন্দ্ৰৰ আৱশ্যক হ’ব।
৩) পশুধন আৰু পলট্ৰীৰ বাবে খাদ্য প্ৰস্তুত কৰা প্লাণ্ট স্থাপন আৰু পশুধন পামসমূহলৈ যোগানৰ ব্যৱস্থা- বিভিন্ন প্ৰকাৰৰ(স্থানীয়/আমদানিকৃত) খাদ্যশস্য নিজাকৈ ঊৎপাদন কৰি বা সংগ্ৰহ কৰি গুড়ি কৰি খলিহৈ, মাছৰ গুড়ি, নিমখ, খনিজ লৱণ আদি ভিন্ন অনুপাতত মিহলাই বিভিন্ন প্ৰজাতিৰ পশু-পক্ষীৰ বাবে যোগান ধৰাও এক প্ৰকাৰৰ উদ্যোগ।
৪) পশুধন আৰু পলট্ৰী পামৰ বাবে প্ৰয়োজনীয় বিশেষ ধৰণৰ আহিলা-পাতি, সৰঞ্জাম আদি প্ৰস্তুত কৰা কাৰখানা আৰু ব্যৱসায়ও এক প্ৰকাৰৰ উদ্যোগ।
৫) কৃত্ৰিমভাৱে উমনি দি হাঁহ-কুকুৰা পোৱালি উৎপাদন আৰু যোগান ধৰাটোও পশুধন উদ্যোগ।
৬)জৈৱিক গেছ আৰু সাৰ উৎপাদন: বিষ্ঠা/মজিয়াত পৰা বেডিংৰ সামগ্ৰীৰপৰা ৰন্ধনৰ বাবে জৈৱিক গেছ উৎপাদনো এক প্ৰকাৰৰ উদ্যোগ।
৭) নোম আৰু চামৰা উদ্যোগ — পশুধনৰ নোম ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ টান আৰু কোমল ব্ৰাছ আৰু ছালখন সংসাধন কৰি চামৰা তৈয়াৰ কৰা কাৰখানা স্থাপন কৰিব পৰা যায়।
৮) পশুধনৰ হাড়, দাঁত, নখ, খুৰা আদিৰ পৰা বুটাম প্ৰস্তুত কৰাৰ উপৰি হাড় আৰু তেজৰ পৰা সাৰ আৰু মিনাৰেল মিক্সাৰ প্ৰস্তুত কৰিব পাৰি।
৯) পশুচিকিৎসাত ব্যৱহৃত বিভিন্ন প্ৰকাৰৰ দৰৱ প্ৰস্তুত কৰা কাৰখানা স্থাপন আৰু ৰোগ প্ৰতিৰোধী চিটা আদি যোগান ধৰাটোও এটা ব্যৱসায় হব পাৰে।
১০)উন্নত অধিক উৎপাদনক্ষম ঘাঁহখেতি কৰি কেঁচা ঘাঁহ উৎপাদন তথা বিক্ৰী, অনাগত দিনলৈ যন্ত্ৰৰ সহায়ত বিজ্ঞানসন্মতভাৱে খেৰ, চাইলেজ, ব্লক, আদিৰ ৰূপত বিক্ৰী কৰিও অৰ্থোপাৰ্জন কৰিব পাৰি।
পশুধন উদ্যোগ স্থাপনৰ বাবে প্ৰস্তুতি/লবলগীয়া পদক্ষেপসমূহ-
লক্ষ্য নিৰ্ধাৰণ: পোনপ্ৰথমে, উদ্যোগীগৰাকীয়ে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি থিৰ কৰিব লাগিব-নিৰ্বাচিত এলেকাটো কি প্ৰকাৰৰ ব্যৱসায় প্ৰতিষ্ঠান, যেনে— পাম/সংসাধন কেন্দ্ৰ আদিৰ বাবে উপযুক্ত হ’ব।
– যদি পাম স্থাপন কৰিবলৈ বিচাৰে-পশুধন/চৰাইৰ কোনটো প্ৰজাতি উপযুক্ত হ’ব সঠিকভাৱে নিৰ্ধাৰণ কৰা।
– স্থানীয় পশুচিকিৎসা প্ৰতিষ্ঠান আৰু ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সতে যোগাযোগ কৰি যাৱতীয় দিহা-পৰামৰ্শ লোৱাৰ লগতে বিভাগীয় প্ৰশিক্ষণ আদি গ্ৰহণেৰে সমল সংগ্ৰহ কৰা উচিত।
– পৰ্য্যাপ্ত গাখীৰ উৎপাদন হোৱা ঠাইত ক্ৰীম, পনীৰ, ঘী আদিৰ সংসাধন কেন্দ্ৰ; ছাগলী, গাহৰি, কুকুৰাা-হাঁহ আদি উৎপাদন হোৱা ঠাইত মাংসৰ সংসাধন কেন্দ্ৰ ইত্যাদি স্থাপন।
– ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে স্থান নিৰ্বাচন: ৰদ ঘাই, পানী বন্ধ নোহোৱা, বিপণনৰ বাবে সুচল, পৰিবহণ, যোগাযোগৰ সুবিধা থকা ঠাই নিৰ্বাচন কৰা উচিত।
– আৰ্থিক সচ্ছলতা নথকা হিতাধিকাৰীসকলে স্থানীয় পশুচিকিৎসা বিষয়া আৰু বেংক মেনেজাৰৰ সতে যোগাযোগ কৰিব লাগিব।
খাদ্যৰ উপলব্ধতা নিশ্চিতকৰণ: পামত পশুধন বা চৰাই সুমুওৱাৰ আগতেই সিহঁতৰ বাবে ঘাঁহ, খাদ্য-পানীৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰিব লাগিব। সন্তুলিত আৰু পৰ্যাপ্ত আহাৰ খুৱাব পাৰিলেহে সিহঁতৰ পৰা আশা কৰামতে উৎপাদন পোৱা যাব।
আহিলা-পাতি, সজুঁলি: বেলেগ বেলেগ প্ৰজাতিৰ পশুধনৰ বাবে আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ বাবে নিৰ্দিষ্ট আহিলা-পাতি, সজুঁলিৰ ব্যৱস্থা কৰাটোও এটা দৰকাৰী পদক্ষেপ।
পঞ্জীয়ন: স্থাপন কৰিব খোজা ব্যৱসায় প্ৰতিষ্ঠানটোৰ বৈধতাৰ বাবে পঞ্জীয়ন বাধ্যতামূলক।
ব্যৱহাৰিক আৰু ৰূপায়ণযোগ্য বিপণনৰ ৰণকৌশল প্ৰস্তুতকৰণ।
মূলধন আৰু বিনিয়োগৰ ব্যৱস্থা: উদ্যোগীজনৰ নিজাকৈ অথবা বেংক লোনৰ জৰিয়তে যোগাৰ কৰিব পাৰে।
কিছু জানিবলগীয়া:
পশুধন উদ্যোগ একোটা স্থাপন কৰিবলৈ হ’লে-
১)ব্যক্তিগতভাৱে/কেইবাজন ব্যক্তি/হিতাধিকাৰী লগলাগি সমবায়ভিত্তিত বা গোট হিচাপে আগবাঢ়িব পাৰে। তাৰবাবে পোনতে গোট/সমবায় গঠন কৰি পঞ্জীয়ন কৰিব লাগিব।
২) ঈচ্ছুক ব্যক্তি, কৃষক উৎপাদক সংস্থা(Farmer Producer Organization-FPO’s), আত্মসহায়ক গোট(SHGs), কৃষক সমবায় সংস্থা(FCOs) ইত্যাদি সকলো ধৰণৰ ব্যক্তি, গোটে গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থ পশুধন পাম চৌহদত থকা ‘ৰাষ্ট্ৰীয় পশুধন অভিযান(National Livestock Mission)’ৰ অধীনত অনলাইনযোগে ৰাজসাহায্যযুক্ত ঋণৰ বাবে আবেদন জনাব পাৰিব। তাৰবাবে, স্থানীয় পশুচিকিৎসা বিষয়া তথা জিলা/মহকুমা পশুচিকিৎসা বিষয়া গৰাকীৰ সতে যোগাযোগ কৰি প্ৰক্ৰিয়াটো জানি ল’ব পাৰিব।
৫)উল্লেখযোগ্য যে অসমত পশুধনৰ বিপৰীতে পশুচিকিৎসা বিষয়াৰ সংখ্যা কম। ভিতৰুৱা যাাতায়তৰ সুচল নথকা গাওঁসমূহৰ পশুপালকৰ সুবিধাৰ্থে ভ্ৰাম্যমাণ পশুচিকিৎসা গোট(MVU-Mobile veterinary Unit)থকা এম্বুলেঞ্চ সেৱাৰ প্ৰৱৰ্তন কৰা হৈছে।
(লেখিকা অসম পশুপালন আৰু পশুচিকিংসা বিভাগৰ সহকাৰী সঞ্চালক হিচাপে কৰ্মৰত)