পাণিপ্ৰাৰ্থী আৰু দেউতা; মূল- এণ্টন চেখভ
অনুবাদক: স্বপ্না দত্ত ভৰালী
”শুনিছো তুমি বিয়া পাতিবলৈ লৈছা। বিয়াৰ আগৰ পাৰ্টিটো পিছে কেতিয়া দিবা?”
পিয়েটৰ পেট্ৰভিছ মিলকিনৰ বন্ধু এজনে তেওঁক গ্ৰীষ্মকালৰ নাচৰ অনুষ্ঠান এটাত সুধিলে।
”মোৰ বিয়া বুলি ক’ত শুনিলা? কোন মূৰ্খই ক’লে?”
মিলকিনে ৰঙা চিঙা পৰি ক’লে।
”সকলোয়েই কৈছে। আৰু সকলোবোৰ দেখিছেও। লুকুৱাই লাভ নাই বন্ধু… তুমি ভাবিছা আমি একো নাজানো। কিন্তু আমি সকলো দেখিছো আৰু জানো। হি, হি, হি। সকলো দেখি আছোঁ। তুমি গোটেই দিন কন্দ্ৰাস্কিন পৰিয়ালৰ সৈতে কটোৱা, তাত নৈশভোজন কৰা, গান গোৱা… তুমি নাচট্যা কন্দ্ৰাস্কিনৰ বাহিৰে আনৰ সৈতে খোজকাঢ়িবলৈ নোযোৱা, কেৱলমাত্ৰ তাইৰ বাবেই ফুলৰ থোপা লৈ যোৱা। আমি সকলো দেখো। মই সেইদিনা নাচট্যাৰ দেউতাকক লগ পাইছিলো আৰু তেওঁ কৈছিল যে তুমি গাঁৱৰ পৰা টাউনৰ ফালে অহাৰ পাচতেই বিয়াখন হ’ব। বাৰু, ভগৱানে তোমাৰ মংগল কৰক। তোমাতকৈয়ো মই কন্দ্ৰাস্কিন পৰিয়ালৰ বাবে সুখী হৈছোঁ। বেচেৰাৰ সাতজনী ছোৱালী! সাতজনী! ধেমালি নেকি। এজনীৰ অন্তত দিহা লাগিছে।”
”হুহ্! এতিয়ালৈ দহোটামানে মোক এই কথা কৈছে। মই হেনো নাচট্যাক বিয়া পাতিম। সিহঁতে কেনেকৈ ভাবি উলিয়ালে? কাৰণ মই সদায় কন্দ্ৰাস্কিন পৰিয়ালৰ সৈতে আহাৰ কৰোঁ আৰু তাইৰ সৈতে খোজকাঢ়িবলৈ যাওঁ বাবেই…নাই, এইবোৰ উৰাবাতৰি বন্ধ কৰিব লাগে। নহ’লে মই বুজি পোৱাৰ আগতেই সিহঁতে ক’ত কি জোৰা লগাবগৈ ঠিক নাই। অশান্তিকৰ জীৱবোৰ! মই কাইলৈকে গৈ সেই নিৰ্বোধ কন্দ্ৰাস্কিনৰ সৈতে কথা পাতিম, যাতে তাই মিছা আশা এটা লৈ নাথাকে।” মিলকিনে ভাবিলে।
বন্ধুৰ সৈতে হোৱা কথাবতৰাৰ পাছত বিব্ৰত মিলকিন কিছু শংকাৰে কৰ্টৰ কাউঞ্চিলৰ কন্দ্ৰাস্কিনৰ পঢ়াকোঠালৈ গৈছিল।
”পিয়েটৰ পেট্ৰভিছ! তোমাৰ কেনে চলিছে? তাইলৈ মনত পৰিল নহয়? হি, হি, হি! নাচট্যা এই আহিবই এতিয়া। তাই খন্তেক সময়ৰ কাৰণে গুচেভহঁতৰ ঘৰলৈ গৈছে।”
”আচলতে, মই এনাচটাচিয়া কিৰিলোভানাৰ বাবে অহা নাই।” মিলকিনে চকু এটা খজুৱাই মেহেঙা মেহেঙকৈ মুখৰ ভিতৰত বিৰবিৰাই ক’লে।
”মই আপোনাকহে লগ পাবলৈ আহিছিলোঁ। আপোনাৰ সৈতে কথা এটা আলোচনা কৰিবলৈ আছিল… চকুত কিবা এটা সোমাল।”
”তুমি কি আলোচনা কৰিবলৈ মন কৰিছা” কন্দ্ৰাস্কিনে চকু পিৰিকিয়াই সুধিলে। “হি, হি, হি! মৰমৰ ল’ৰাটো, কিয় ইমান খপজপ কৰিব লাগে। তোমাৰ সমস্যাটো হ’ল তোমাৰ অভিজ্ঞতা নাই। মই জানো তুমি কি আলোচনা কৰিবলৈ বিচাৰিছা। হি, হি, হি! সময়টোৰ কথা…”
”চমুকৈ কওঁ, মানে ক’বলৈ গ’লে… আচল কথাটো হ’ল যে… মই আপোনালোকক বিদায় জনাবলৈ আহিছোঁ… মই কাইলৈ ইয়াৰপৰা যামগৈ।”
”কি তাৰমানে, যাবগৈ?” কন্দ্ৰাস্কিনে সুধিলে। তেওঁৰ চকুদুটা যেন বাহিৰলৈহে ওলায় আহিব।
”সহজভাৱে ক’বলৈ হ’লে- মই যামগৈ। সেয়াই। আপোনালোকে মোক কৰা আদৰ-সাদৰৰ বাবে ধন্যবাদ। আপোনাৰ ছোৱালী কেইগৰাকীও বৰ ভাল। মই আপোনালোকৰ সৈতে কটোৱা মুহূৰ্তবোৰ কেতিয়াও…”
”মোক ক’বলৈ দিয়া।” কন্দ্ৰাস্কিনৰ মুখখন বেঙেনা-বুলীয়া হ’ল। “মই তোমাক বুজি পোৱা নাই… অৱশ্যেই প্ৰত্যেকৰে যোৱাৰ অধিকাৰ আছে। তোমাৰ যি মন যায় তুমি কৰিব পাৰা। কিন্তু মৰমৰ মহাশয়, তুমি বিষয়বস্তুৰ পৰা গা এৰা দিবলৈ বিচাৰিছা… এয়া ভাল কথা নহয়।”
”মই … মই … মই বুজা নাই। মই কেনেকৈ বিষয়বস্তুৰ পৰা গা এৰা দিছোঁ।”
”তুমি গোটেই গ্ৰীষ্মকালটো ইয়ালৈ আহিলা, খালা-পিলা, ছোৱালীহঁতৰ লগত কথা পাতিলা, ৰাতিপুৱা, দুপৰীয়া, ৰাতি আৰু তাৰপাছত, হঠাতে ক’লা মই যাওঁগৈ।”
”মই … মই কোনো আশা দিবলৈ বিচৰা নাই।”
”অৱশ্যে তুমি প্ৰস্তাৱ দিয়া নাছিলা। কিন্তু তুমি নাভাবানে যে তোমাৰ ব্যৱহাৰতেই সকলোবোৰ স্পষ্ট আছিল? তুমি সদায় আমাৰ সৈতে আহাৰ কৰা, গোটেই আবেলিটো নাচট্যাৰ সৈতে হাতে হাত ধৰি খোজ কাঢ়া… আৰু এইবোৰে কি একো নুবুজায়? অকল পাণিপ্ৰাৰ্থীয়েহে সদায়েই কাৰোবাৰ ঘৰত আহাৰ কৰে, আৰু তুমিও পাণিপ্ৰাৰ্থী নোহোৱাহেঁতেন মই তোমাক ইমান অভ্যৰ্থনা কৰিলোহেঁতেননে? হয়, মহাশয় … এয়া ভাল কথা নহয়। মই আৰু একো কথাই শুনিবলৈ নিবিচাৰো। কৃপা কৰি প্ৰস্তাৱ দিয়া। নহ’লে…”
”এনাচটাচিয়া কিৰিলোভানা বৰ ভাল … এগৰাকী ভাল তৰুণী … মই তেওঁক সন্মান কৰোঁ … তেওঁতকৈ ভাল পত্নী এগৰাকী পাম বুলি মই আশাও নকৰোঁ, কিন্তু… আমাৰ ধাৰণা আৰু দৃষ্টিভংগী একেই নহয়।”
”এইটোয়েই কাৰণ নেকি?” কন্দ্ৰাস্কিনে মিচিকিয়ালে।
”এইটোয়েই কথা নেকি? কিন্তু সোণটো, তুমি ভাবানে যে তুমি এনেকুৱা এগৰাকী পত্নী বিচাৰি পাবা যাৰ দৃষ্টিভংগী তেওঁৰ স্বামীৰ সৈতে একেই? অহ্, ডেকাকালটো! সেই অনভিজ্ঞ দিনবোৰ! কি কি যে তত্ত্ব মনলৈ নাহে! … ভগৱানৰ নামত কৈছোঁ …হি, হি, হি! মানুহক তৎক্ষণাত খুন্দা মাৰি দিবলৈ যথেষ্ট। তোমালোকৰ এতিয়া দৃষ্টিভংগী নিমিলে, কিন্তু কিছুদিন একেলগে থকাৰ পাছত সেই সকলো ফপহুতা দাঁতি কাষৰবোৰ ঘঁহনি খাই খাই মিহি হ’বগৈ। নকৈ সজা আলিবাটৰ ওপৰত তুমি গাড়ী চলাব নোৱাৰা, কিন্তু কিছুদিন ব্যৱহাৰ কৰাৰ পাছত নিমজ হৈ পৰে।”
”হয় বাৰু, কিন্তু… মই এনাচটাচিয়া কিৰিলোভানাৰ বাবে যোগ্য নহয়।”
”হেই নহয়। অদৰকাৰী কথা। তুমি বৰ বঢ়িয়া ল’ৰা।”
”আপুনি মোৰ দোষ ত্ৰুটিবোৰ নাজানে। … মই দুখীয়া…”
তাতে কি? তুমিটো দৰমহা পোৱা। ভগৱানক ধন্যবাদ।”
”মই …এটা মদাহী।”
”তেনে কোনো কথা নাই। মই তোমাক আজিলৈকে তেনেকুৱা দেখা নাই।” কন্দ্ৰাস্কিনৰ ভাৱ-ভংগীত নামঞ্জুৰি প্ৰকাশ পালে।
”কিন্তু মই কেতিয়াবা একেৰাহে মদ খাওঁ। এইটো মোৰ বংশগত দোষ”
”মই বিশ্বাস নকৰোঁ। ইমান ভাল ল’ৰা এটাই ইমানকৈ মদ খায়! মোৰ বিশ্বাস নহয়।”
”ইয়াক বুৰ্বক সজাব নোৱাৰি, পিশাচটো!” মিলকিনে ভাবিলে। “জীয়েককেইজনীৰ পৰা যেনে তেনে মুক্তি পাবলৈ বিচৰা নাইনে!”
”মোৰ অকল দীৰ্ঘ সময় মদ খোৱাৰ প্ৰৱণতাই নাই, অন্য কিছু দোষো আছে। মই মানুহৰপৰা ভেঁটীও লওঁ।”
”মোৰ সোণটো, কোনেনো নলয়? হি, হি, হি! তুমি মোক চক্ খুৱাই দিব পাৰিম বুলি ভাবিছিলা নেকি?”
”আৰুনো কি ক’ম, মোৰ ভাগ্যই মোক কলৈ নিয়ে তাক নজনাকৈ মই বিয়া পাতিব নোৱাৰো। মই আপোনাৰ পৰা কথাবোৰ লুকুৱাইছিলো, কিন্তু আপুনি এইবোৰ জনা উচিত। মই … মই ৰাইজৰ পইচা আত্মসাৎ কৰাৰ বাবে মোৰ ওপৰত মোকৰ্দমা চলি আছে।”
”মোকৰ্দমা?” কন্দ্ৰাস্কিনৰ মুখৰ মাত বন্ধ হ’ল। “উহ্, এইটো এটা চিন্তাৰ বিষয়। মই নাজানিছিলোঁ। তুমি তোমাৰ ভাগ্যত কি আছে নজনালৈকে বিয়া পতাটো উচিত নহ’ব। বহুত টকা নেকি?”
”এক লাখ চৌৰাল্লিছ হাজাৰ।”
”হু, যথেষ্টখিনি টকা। মই নিশ্চিত যে তুমি *চাইবেৰিয়ালৈ (*আমাৰ আগৰ কলিয়াপানীত নিৰ্বাসন দিয়াৰ দৰে) যাব লাগিব। তাৰমানে ছোৱালীজনীৰ জীৱন নষ্ট। এনে ক্ষেত্ৰত একোয়েই কৰিবলগা নাই। ভগৱান তোমাৰ সহায় হওক …”
স্বস্তিৰ নিশ্বাস পেলাই মিলকিনে টুপীটোলৈ হাত মেলিলে।
”পিছে” খন্তেক ভাবি কন্দ্ৰাস্কিনে তেওঁৰ কথাটো আগবঢ়ালে – “যদি নাচট্যাই তোমাক ভাল পায়, তাই তোমাৰ লগত তালৈয়ো যাব। ত্যাগ কৰিব নোৱাৰিলে কিহৰ প্ৰেম? চাইবেৰিয়াত ইয়াতকৈ ভালহে বন্ধু। মোৰ পৰিয়াল নথকাহলে মই নিজেই তালৈ গলোহেঁতেন। তুমি তাইক প্ৰস্তাৱ দিব পাৰা।
” গোঁৱাৰ গোবিন্দটো! মিলকিনে ভাবিলে। “জীয়েকৰ পৰা মুক্তি পাবলৈ লাগিলে ৰাক্ষসলৈয়ো তাইক বিয়া দিবলৈ সাজু।”
”কিন্তু কথা অকল সেইটোৱেই নহয়, ” সি পুনৰ ডাঙৰকৈ ক’লে- “মোৰ ওপৰত কেৱল সেইটো মোকৰ্দমাই নহয়, ঠগবাজীৰো মোকৰ্দমা চলিব।”
”একো তফাৎ নাই। একে ধৰণৰ জৰিমনা।”
”হুহ্”
”ইমান ডাঙৰকৈ শব্দ কৰিলা যে, কি হ’ল?”
”শুনক, মই আপোনাক সকলোবোৰ কোৱাই নাই। মোক মোৰ জীৱনৰ গুপুত কথাটো সদৰি কৰিবলৈ বাধ্য নকৰিব … এটা ভয়াবহ গোপনতা।”
”মই তোমাৰ একো গুপুত কথা জানিবলৈ নিবিচাৰো। সেইবোৰ একোয়েই নহয়।”
”নাই, সেইবোৰ নহয়, কিৰিল ট্ৰফিমিচ্চ! আপুনি যদি শুনে … আপুনি যদি জানে মই কোন, ভয়েই খাব। … মই এটা পলাতক আচামী।”
কন্দ্ৰাস্কিনে ভয়েৰে মিলকিনলৈ চাই পিছুৱাই আহিল, যেন সি তেওঁক খুঁটিবহে। হতবাক আৰু স্থিৰ হৈ, দুচকুত শংকা লৈ তেওঁ মিলকিনলৈ কিছুপৰ চাই ৰ’ল। তাৰপাছত তেওঁ এখন আৰামীচকীত বহি মুখেৰে আৰ্তনাদ কৰাৰ দৰে ক’লে-
”এয়া মই কেতিয়াও আশা কৰা নাছিলোঁ। … তেওঁৰ কণ্ঠটো বেবনিৰ দৰে শুনা গ’ল। “গাখীৰ খুৱাই খুৱাই মই সাপ পুহিছিলো। ভগৱানৰ নামত কৈছোঁ, গুচি যোৱা! মই তোমাক পুনৰবাৰ চাবলৈ নিবিচাৰোঁ! অহ্!”
মিলকিনে তাৰ টুপীটো হাতত লৈ, জয়ৰ আনন্দত দৰ্জাৰ ফালে গ’ল।
”ৰৱাচোন! তোমাক এতিলৈকে আটক কৰা নাই কিয়?” কন্দ্ৰাস্কিনে তাক ৰখালে।
”মই ছদ্মনাম লৈ আছোঁ… মোক আটক কৰা সহজ নহয়।”
”সম্ভৱত তুমি মৰাৰ সময়লৈকে এনেদৰেই থাকিবা আৰু তুমি আচলতে কোন কোনেও গম নাপাব। ৰৱা!
তুমি এতিয়া এজন সৎ লোক- মুঠৰ ওপৰত তুমি তোমাৰ দোষ স্বীকাৰ কৰিছা। ভগৱান তোমাৰ সহায় হওক। এতিয়া বিয়াখন পাতি পেলোৱা।”
মিলকিন ঘামি গ’ল। পলাতক আচামীতকৈ আৰু দিব পৰা ডাঙৰ ফাঁকি নাই। এটাই মাত্ৰ উপায় আছে, একো কৈফিয়ৎ নিদিয়াকৈ লাজে বিজে পলাই যোৱা। সি দৰ্জাখনৰ ফালে যাবলৈ লওঁতেই মনলৈ চাৎকৈ এটা খেয়াল আহিল।
”শুনক, আপুনি গোটেইখিনি কথা শুনাই নাই। মোৰ মূৰৰ বিকৃতি আছে। উন্মাদ মানুহে বিয়া পতা নিষেধ”
.
”মই বিশ্বাস নকৰোঁ। অপ্ৰকৃতিস্থ লোকে ইমান যুক্তিৰে বিতৰ্ক কৰিব নোৱাৰে।”
”আপোনাৰ এনে যুক্তিৰে কথাটো নুবুজিব। আপুনি নাজানে নেকি যে কিছুমান লোক নিৰ্দিষ্ট সময়তহে অপ্ৰকৃতিস্থ হয়। বাকী সময়ত সাধাৰণ মানুহৰ দৰেই।”
”মই বিশ্বাস নকৰোঁ। তোমাৰ কথা বন্ধ কৰা।”
”তেতিয়াহ’লে, আপোনাক ডাক্তৰৰ প্ৰমাণপত্ৰ আনি দেখুৱাম।”
”মই তেতিয়াহ’লে প্ৰমাণপত্ৰতহে বিশ্বাস কৰিম। তোমাক নহয় … এটা সুপাগল।”
”আধাঘণ্টাৰ ভিতৰত আনি দেখুৱাই আছোঁ।”
মিলকিনে তাৰ টুপীটো থপিয়াই লৈ খৰখেদাকৈ ওলাই গ’ল। পাঁচ মিনিটৰ পাছত, তেওঁ লগ কৰিবলৈ যোৱা ডাক্তৰ বন্ধু ফিটোয়েভক দুৰ্ভাগ্যক্ৰমে চুলি চিধা কৰোৱাই থাকোঁতেই লগ পালে যি পত্নীৰ সৈতে হোৱা এক খণ্ডযুদ্ধ কৰি আহিছিল।
”বন্ধু, মোক তোমাৰ এটা সহায় লাগে।” সি ডাক্তৰক ক’লে। “কথাটো হ’ল … সিহঁতে মোক যি কোনো প্ৰকাৰে বিয়াখন পাতি দিবলৈ বিচাৰিছে। এই দুৰ্বিপাকৰ পৰা পৰিত্ৰাণ পাবলৈ মই উন্মাদ হোৱাৰ ভাও ধৰিবলৈ থিৰাং কৰিছোঁ। …হেমলেটৰ অস্ত্ৰপাত, মানে সম্পূৰ্ণৰূপে নহয়। তুমিটো জানাই উন্মাদে বিয়া পাতিব নোৱাৰে। বন্ধু হিচাপে মোক উন্মাদ বুলি মোক প্ৰমাণপত্ৰ এখন দিয়া।”
”তুমি বিয়া পাতিবলৈ অনিচ্ছুক?” ডাক্তৰে সুধিলে।
”চীনৰ গোটেইবোৰ চাহৰ বিনিময়তো মই বিয়া নাপাতোঁ।”
”তেতিয়াহ’লে মই তোমাক সেইখন প্ৰমাণপত্ৰ দিবলৈ অস্বীকাৰ কৰিছোঁ।” চুলিবোৰ চিধা কৰি কৰি ডাক্তৰে ক’লে। “বিয়া পাতিবলৈ যিবোৰ অনিচ্ছুক সিহঁত পাগল নহয়। আচলতে সিহঁত বেছ জ্ঞানী। কিন্তু তুমি যেতিয়াই বিয়া পাতিবলৈ ইচ্ছুক হ’বা, তুমি তোমাৰ বিচৰা প্ৰমাণপত্ৰখন নিবলৈ মোৰ ওচৰলৈ আহিবা। তেতিয়া এইটো স্পষ্ট হ’ব যে তোমাৰ মূৰটো গ’ল…।”