পাৰ্থিৱ পৃথিৱীত আমাৰ সুখ?-ডোপামিন পুৰাণ
লেখক-দেৱজিৎ শৰ্মা
“I would urge parents to limit the amount of social media that children can see because they’re being programmed by a dopamine-maximising AI, ”- Elon Mask
মন কৰিছেনে, আপুনি যদি কোনো সামাজিক মাধ্যমত ৰিল বা ভিডিঅ’ এটা চাই, সদায় আপোনাৰ সন্মুখত একে বিষয় বস্তুৰ ৰিল, ভিডিঅ’ বা বিজ্ঞাপন আহে। ৰন্ধন প্ৰকৰণ বা শৰীৰ চৰ্চা বা চিনেমাৰ, যিকোনো বিষয়ৰ এবাৰ চালে, লাগিলে আপোনাৰ পচন্দৰ নহয়, আপুনি ভুলবশত: চাইছিল, বাৰে বাৰে একেধৰণৰ ৰিল বা ভিডিঅ’ আপোনাৰ সামাজিক মাধ্যমত আহিব। ইতিমধ্যে আমি সকলোৱে গম পাইছো কৃত্ৰিম বুদ্ধিমত্তাই আমাক অহৰহ দিনে নিশাই দৃষ্টি দি ৰাখিছে, আমাৰ পচন্দ বা অপচন্দ সকলো। কিন্তু আমাৰ পচন্দৰ ওপৰত ভিত্তি কৰি তেওঁলোকে যে আমাৰ মগজুত অনবৰতে নিচাৰ দৰে ভাল লাগি থকাকৈ, আমাৰ শৰীৰৰ নিউৰ’ট্ৰেন্সমিটাৰ ডোপামিন বেছিকৈ নিৰ্গত কৰিব পৰা সমল সৃষ্টি কৰিছে, সেই বিষয়ে আমি ভাবি চাইছোঁ নে?
কৈশোৰ কালত এজন কিশোৰে তৎক্ষণাত স্বীকৃতি, পুৰস্কাৰ আৰু অতিৰঞ্জিত প্ৰশংসা সদায় ভাল পায়। আৰু কৃত্ৰিম বুদ্ধিমত্তাই কৈশোৰ জীৱনৰ এই দুৰ্বলতাৰ সুযোগলৈ তেওঁলোকক তেনেধৰণৰ মনোৰঞ্জনৰ খোৰাক দি নিচাযুক্ত কৰি ৰাখে।
এতিয়া জানো আহক এই নিউৰ’ট্ৰেন্সমিটাৰ ডোপামিন কি? আৰু আমাৰ জীৱনত ইয়াৰ ভূমিকা কি?
ডোপামিন হ’ল আমাৰ শৰীৰৰ এক ৰাসায়নিক দূত ( Chemical messenger)। ই মগজুৰ গভীৰত থকা কোষবোৰত উৎপত্তি হৈ আৰু মগজুৰ কোষবোৰত এটা কোষৰ পৰা আনটো কোষলৈ বাতৰি প্ৰেৰণ কৰে। ই শৰীৰৰ কোষবোৰৰ চলন, স্মৃতি শক্তি, ৰক্তচাপ নিয়ন্ত্ৰণ, মনোযোগ, টোপনিত সহায় আৰু আমাৰ মনত এক ভাল লগা ভাৱৰ সৃষ্টি কৰি কাম কৰিবলৈ প্ৰেৰণা দিয়ে। ডোপামিনৰ পৰিমাণ প্ৰয়োজনতকৈ কম বা বেছি হলে আমাৰ শৰীৰত বহু স্নায়ু ৰোগ আৰু মানসিক ৰোগে দেখা দিয়ে। সাধাৰণতে আমাৰ মগজুৰ কোষবোৰে প্ৰয়োজনীয় পৰিমাণৰ ডোপামিন সৃষ্টি কৰে যদিও, আমাৰ জীৱন শৈলী আৰু কিছু ৰোগৰ কাৰণে শৰীৰত কেতিয়াবা ডোপামিনৰ পৰিমাণ কম হয় আৰু আমাৰ জীৱনত সকলো কামৰ প্ৰতি বিৰক্তি ভাৱ হয়, কাম কৰিবলৈ উৎসাহ নোহোৱা হয়।
আমাক কোনোবাই প্ৰশংশা কৰিলে, পুৰস্কাৰ পালে আমাৰ শৰীৰত ডোপামিনৰ পৰিমাণ বাঢ়ে। ডোপামিনৰ পৰিমাণ প্ৰয়োজনতকে বহু বেছি হ’লে আগ্ৰাসী(Aggressive) আৰু উদ্বেগী(Impulsive) হয়।
সামাজিক মাধ্যমবোৰ যেনে- ইউটিউব, ফেচবুক, ইন্ষ্টাগ্ৰাম আদিক লাগে বেছি দৰ্শক, বেছি গ্ৰাহক। সেয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে সকলো মানুহৰ পচন্দ নিৰ্ণয় কৰি তেওঁলোকে এনেধৰণৰ সমল সৃষ্টি কৰে যাতে সেই বিশেষ ব্যক্তিজনৰ ডোপামিনৰ পৰিমাণ সেই সমলে এনেধৰণে বৃদ্ধি কৰে, তেওঁৰ মগজুত অনবৰতে এক ভাল লগা পৰিস্থিতিৰ পৰিৱেশ সৃষ্টি কৰি নিচাযুক্ত কৰি পেলায় আৰু সেই ব্যক্তিজনে সেই সাাজিক মাধ্যম এৰিব নোৱৰা হয়।
শিশু বা কিশোৰ-কিশোৰীৰ কাৰণে ই বহুত বিপদজনক হৈ উঠিব পাৰে। ২০১৯ চনৰ পৰিসংখ্যা মতে আমাৰ দেশত ৬৬% পাঁচৰ পৰা এঘাৰ বছৰ শিশুৱে স্মাৰ্ট ফোনৰ যোগেদি ইণ্টাৰনেটৰ সুবিধা লাভ কৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেদি নিয়ন্ত্ৰিত সামাজিক মাধ্যমৰ লগত ইমান কম বয়সৰ পৰাই সম্পৰ্কত অহাটো আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে সঁচাই ভয়াৱহ হব পাৰে।
শিশু আৰু কিশোৰবোৰ এনেই অনুসন্ধিৎসু হয়। নতুন নতুন সমলৰ প্ৰত্যাশা আৰু আগেয়ে অনুমান কৰিব নোৱৰা বিষয়বস্তুত তেওঁলোক আৰু কৌতূহল হৈ এই মাধ্যমবোৰ এৰিব নোৱৰা হয়। শৰীৰত সৃষ্টি হোৱা অতিৰিক্ত ডোপামিনৰ প্ৰভাৱত ই এক জুৱাখেলৰ নিচাৰ দৰে হয়।
সামাজিক মাধ্যমৰ সৃষ্টিকৰ্তাসকলে কিশোৰ-কিশোৰীৰ কোমল মনৰ দুৰ্বলতাৰ সম্পূৰ্ণ সুযোগ লয়। লাইক, মন্তব্য, ভাগ-বতৰা কৰা (share) আদি সামাজিক স্বীকৃতি আৰু পুৰস্কাৰৰ দৰে কাম কৰে। ই মগজুৰ পুৰস্কৃত প্ৰক্ৰিয়াক সক্ৰিয় কৰি, ডোপামিনৰ পৰিমাণ অভাৱনীয়ভাৱে বৃদ্ধি কৰি, এক সঁহাৰিৰ লুপ বা চেনেল সৃষ্টি কৰে। ব্যক্তিজনে আৰু বেছিকৈ সামাজিক পুৰস্কাৰৰ বাবে অহৰহ চেষ্টা কৰে।
নিয়ন্ত্ৰিত আৰু সঠিক ব্যৱহাৰে ইণ্টাৰনেট আজি শিক্ষাৰ বাবে প্ৰায় অপৰিহাৰ্য্য। নেটৰ বাবেই সমগ্ৰ বিশ্ব আমাৰ হাতৰ মুঠিত। কিন্তু তাৰ সঠিক ব্যৱহাৰ হ’ব লাগে অভিভাৱকৰ দ্বাৰা নিয়ন্ত্ৰিত, কিন্তু এদিনত কিমান সময়?
আন এক আমোদজনক কথা হল কৃত্ৰিম বুদ্ধিমত্তাক শিক্ষা আৰু অতি চঞ্চল মনোযোগস্থিত নোহোৱা শিশুৰ (Attention Deficit Hyperactivity Disorder) চিকিৎসাতো সফলভাৱে ব্যৱহাৰ কৰা হৈছে। এইবোৰ দুইখলপীয়া তৰোৱাল।
এইবোৰৰ নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ চেমনীয়া সন্তানৰ লগত এক আত্মীয় শান্ত পৰিৱেশত আলোচনা কৰক। মনত ৰাখিব, কিশোৰ-কিশোৰীক নিয়ন্ত্ৰণ কৰাটো অতি সংবেদনশীল কাম। ই ওলোটা মোৰো লব পাৰে। এই আলোচনাবোৰ এক সৌহাৰ্দ্যমূলক পৰিৱেশত কোনো ন্যায় আগতেই ধাৰ্য্য নকৰাকৈ (non judgmental) মুকলি মনেৰে আলোচনা কৰিব লাগে। যদিও স্ক্ৰীন টাইম এজন কিশোৰৰ বাবে দুই ঘণ্টা ধাৰ্য্য কৰা হৈছে, কোনো গৱেষণাত সেই দুই ঘণ্টাও সুৰক্ষিত বুলি দৃঢ়ভাৱে প্ৰমাণিত হোৱা নাই। আচলতে স্ক্ৰীন টাইম কিমান হিচাপ কৰাতকৈ স্ক্ৰীন টাইম নোহোৱা সময় হিচাপ কৰাটোহে প্ৰয়োজনীয়। মুকলি আকাশৰ তলৰ খেল, সমনীয়াৰ লগত স্ক্ৰীনৰ বাহিৰত মিলনৰ সুবিধা, কিতাপ পঢ়াৰ অভ্যাস, পৰিয়ালৰ সকলো মিলি সময় কটোৱা আদিৰে সন্তানক স্ক্ৰীনৰ বাহিৰত সময় কটোৱাৰ অভ্যাস কৰিব লাগে।
আচল সমাজখনতে শিশুৰ জীৱনত ভাল লগা কামেৰে, আকৰ্ষণেৰে নিউৰ’ট্ৰেন্সমিটাৰ ডোপামিন বৃদ্ধিৰ ব্যৱস্থা কৰিলে শিশুৱে অপাৰ্থিৱ পৃথিৱীত কৃত্ৰিম বুদ্ধিমতাৰে তৈয়াৰী ডোপামিন বৃদ্ধিৰ আঁচনিত ভাগ নলব।