"পুনৰ নিৰ্মাণ শৈলী" ৰে ৰচিত গীতালি বৰাৰ গল্প সংকলন "নিৰৱধি নৈৰাঞ্জনা"

লেখক- ছন্দামিতা ঠাকুৰীয়া

‘পুনৰ নিৰ্মাণ’ সাম্প্ৰতিক সময়ত সাহিত্যত সংযোজন হোৱা এক বিশেষ শৈলী। সৃষ্টিশীল সাহিত্যৰ জগতত এই শৈলীয়ে বৰ্তমান বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে। অৱশ্যে পুৰাণ, মহাকাব্য, মিথ বা জনশ্ৰুতি আদিৰ অংশ বিশেষক লৈ সৃষ্টিশীল সাহিত্য ৰচনা কৰা ধাৰাটোক একেবাৰে অৰ্বাচীন বুলিব নোৱাৰি। কবিতা, উপন্যাস আদিত পুনৰ নিৰ্মাণ শৈলীৰ প্ৰভাৱ বহু পূৰ্বৰে পৰা অনুভূত হয়; বৰ্তমানে ই সাহিত্যৰ আন আন বিভাগলৈও প্ৰসাৰিত হৈছে। এই শৈলীৰ প্ৰয়োগেৰে যি কেইগৰাকী অসমীয়া সাহিত্যিকে অসমীয়া চুটিগল্পৰ ধাৰাটোক আগবঢ়াই নিছে, তাৰ ভিতৰত প্ৰতিষ্ঠিত তৰুণ গল্পকাৰ গীতালি বৰাৰ গল্পত তেওঁৰ অভিনৱ দক্ষতাৰ উমান পোৱা যায়। ২০১৩ চনত প্ৰকাশিত লেখিকাৰ ‘নিৰৱধি নৈৰাঞ্জনা’ নামৰ গল্প সংকলনটি পুৰাকথাভিত্তিক গল্প সংকলনৰ বাটকটীয়া। গভীৰ সংবদেনশীল গদ্যৰ গল্পকাৰগৰাকীয়ে পৌৰাণিক চৰিত্ৰ কিছুমানক নতুন দৃষ্টিৰে সজাই তুলিছে। ৰামায়ণ, মহাভাৰত, বেজবৰুৱাৰ সাধু, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক আদিৰ অংশবিশেষক লৈ নিৰ্মাণ কৰা গল্পকেইটাৰ ব্যতিক্ৰমী বিষয়বস্তু, আকৰ্ষণীয় গদ্যৰীতিয়ে পাঠকক এক অনন্য সোৱাদ দিয়ে। 

সংস্কৃত আলংকাৰিক বিশ্বনাথ কবিৰাজে সাহিত্য সন্দৰ্ভত ‘বাক্যং ৰসাত্মকং কাব্যম্’ বুলি মন্তব্য কৰিছিল। অৰ্থাৎ ৰসাত্মক বাক্যই হ’ল কাব্য, অথবা ৰমণীয় অৰ্থ প্ৰকাশ কৰা শব্দই হৈছে কাব্য। সাহিত্য অধ্যয়নৰ দ্বাৰা পাঠকৰ মনত ৰসাস্বাদন হয়। সাহিত্যৰ অতুলনীয় সোৱাদে পাঠকক সুদীৰ্ঘ সময়লৈ সন্মোহিত কৰি ৰাখে। সেয়েহে কোনো সাহিত্য পঠনৰ সমাপ্তিৰ পিছতো পাঠকে পুনৰ সেই কাহিনী, চৰিত্ৰৰ মাজত বিচৰণ কৰাৰ সুযোগ বিচাৰে। । পুনৰ নিৰ্মাণ হৈছে পাঠকক প্ৰদান কৰা এক প্ৰকাৰণ পূৰ্ণতা প্ৰাপ্তি। কোনো কোনোৱে এই শৈলীক ‘It is an old wine in new bottle’ অৰ্থাৎ ‘নতুন বটলত পুৰণি মদ’ বুলি ক’ব খোজে। অৱশ্যে পুনৰ নিৰ্মাণৰ চৰ্তটো হ’ল যে তাত প্ৰকৃত সৃষ্টিৰ অস্তিত্ব থাকিব লাগিব। ইতিমধ্যেই প্ৰচলিত কোনো কাহিনীক ন-ৰহণ সানি সমসাময়িক দৃষ্টিভংগীৰে যেতিয়া উপস্থাপন কৰা হয়, স্বাভাৱিকতে সি পাঠকক আকৰ্ষণ কৰে। পৌৰাণিক চৰিত্ৰৰ নৱনিৰ্মাণে পাঠকক এক অগতানুগতিক স্বাদ দিয়ে। সেয়ে পুনৰ নিৰ্মাণ শৈলী পুৰণি হৈয়ো নতুন, ব্যতিক্ৰমী আৰু মনোগ্ৰাহী। আধুনিক অসমীয়া সাহিত্যত পুৰাণ, মহাকাব্য, জনশ্ৰুতি আদিৰ উপৰি বৰ্তমানে নাটক, সাধুকথা, উপন্যাসৰ চৰিত্ৰ আদিক লৈয়ো পুনৰ নিৰ্মাণে বিস্তাৰ লাভ কৰিছে। গল্পকাৰ গীতালি বৰাৰ ‘নিৰৱধি নৈৰাঞ্জনা’ শীৰ্ষক গল্পসংকলনটিত তেনে ভিন ভিন উৎসৰ পৰা সৃষ্ট কাহিনী বিশেষে প্ৰাণ পাই উঠিছে। সংকলনটিত মুঠ সাতটা গল্প সন্নিবিষ্ট হৈছে- অগ্নিসম্ভূতা, বুদ্ধজায়া, কথা-হ্লাদিনী, হালধীয়া সৰাপাতৰ নাও, উৰ্মিলা- এটি অৰামায়ণী গল্প, চিলনীৰ গল্প আৰু নিৰৱধি নৈৰাঞ্জনা। এই আটাইকেইটা গল্পই পুনৰ নিৰ্মাণ শৈলীৰ। পৌৰাণিক, ঐতিহাসিক, মহাকাব্যিক, লোককথা তথা আধুনিক নাটকৰ বিশেষ বিশেষ এক বা একাধিক চৰিত্ৰৰ নৱ নিৰ্মাণেই হৈছে গল্পকেইটাৰ মূল উপজীব্য। লেখকে নিজা দৃষ্টিভংগীৰে চৰিত্ৰসমূহত নতুন অৰ্থ আৰোপ কৰাৰ প্ৰয়াস কৰিছে, তাৰ ফলত পাঠকৰ মনতো নতুন ভাৱৰ উন্মেষ ঘটিছে। 

সংকলনটোৰ প্ৰথমটো গল্প হৈছে ‘মহাভাৰত’ৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰ, পাঞ্চালৰাজ দ্ৰুপদৰ যজ্ঞোজাত কন্যা, পঞ্চপাণ্ডৱৰ সহধৰ্মিনী ‘দ্ৰৌপদী’ক আধাৰ কৰি ৰচনা কৰা ‘অগ্নিসম্ভূতা’। পাঞ্চাল দেশৰ ৰাজকন্যা হোৱা হেতুকে পাঞ্চালী, নীলপদ্মৰ দৰে আভা থকাৰ বাবে কৃষ্ণা, যজ্ঞবেদীৰ পৰা উপজা বাবে যাজ্ঞসেনী আদি পৰিচয়েৰে বিভূষিতা অদ্বিতীয়া সুন্দৰী দ্ৰৌপদীৰ বিচিত্ৰ জীৱন গাঁথাই যুগে যুগে সৰ্বসাধাৰণক আকৰ্ষণ কৰি আহিছে। ‘অগ্নিসম্ভূতা’ গল্পৰ জৰিয়তে দ্ৰৌপদীৰ হৃদয়ত সঞ্চিত অন্য এক ভাৱাবেগ পোহৰলৈ আহিছে। সেই ভাৱাবেগ গঢ় লৈ উঠিছে তৃতীয় পাণ্ডৱ অৰ্জুনক কেন্দ্ৰ কৰি। দ্ৰৌপদীৰ মনত অৰ্জুনৰ বাবে বহু পূৰ্বৰে পৰা পূৰ্বৰাগ আছিল আৰু সয়ম্বৰত নিৰ্দিষ্ট চৰ্ত পূৰণেৰে অৰ্জুনেই দ্ৰৌপদীৰ পাণি গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। কালৰ বিপাকত দ্ৰৌপদী পঞ্চপাণ্ডৱৰ সহধৰ্মিনী হ’বলগীয়া হ’ল যদিও ক্ষণে ক্ষণে দ্ৰৌপদীৰ অন্তৰত বিৰাজ কৰিছিল অৰ্জুনৰ প্ৰতি এক অতিৰিক্ত আসক্তি, সুকীয়া অনুৰাগ আৰু অন্য এক সম্মোহন। বৈবাহিক জীৱনৰ আদিতে অৰ্জুনে যেতিয়া বাৰ বছৰ কাল বনবাস খাটিবলগীয়া হ’ল, পাৰ্থৰ বিৰহে ক্ৰমাৎ বিষণ্ণ আৰু উদাসীন কৰি তুলিলে দ্ৰৌপদীৰ জীৱন। পাৰ্থৰ সৈতে বনবাসী হোৱাৰ আকাংক্ষা পুহি ৰাখিও সেই অসাধাৰণ গৃহস্থীক সুচল কৰি ৰাখিবলৈ মনৰ আশাক জলাঞ্জলি দিলে দ্ৰৌপদীয়ে। বনবাসৰ সময়ছোৱাত অৰ্জুনে পাতালৰ চিত্ৰাংগদাক পানিগ্ৰহণ কৰাৰ বাতৰিয়ে দ্ৰৌপদীক অধিক অস্থিৰ আৰু বিচলিত কৰি তোলে। অৱশ্যে সুদীৰ্ঘ বিৰতিৰ পাছত পাৰ্থ উভতি অহাৰ সংবাদে দ্ৰৌপদীৰ মনত নতুন আশাৰ সঞ্চাৰ ঘটায় আৰু পুনৰ মিলনৰ স্বপ্নৰে তেওঁ বিভূষিত হৈ পৰে। কিন্তু পাৰ্থ উভতি অহাৰ দিনা ন কন্যাৰ ৰূপেৰে তেওঁক বৰণ কৰিবলৈ গৈ পাঞ্চালীয়ে প্ৰত্যক্ষ কৰে একেলগে শাৰী পূৰাই থকা পাৰ্থৰ নৱ-বিবাহিতা পত্নী কৃষ্ণৰ ভগ্নী সুভদ্ৰাক। নিমিষতে তচনচ হৈ পৰে দ্ৰৌপদীৰ সমস্ত উচাহ। হৃদয়ক টুকুৰা টুকুৰ কৰি পেলোৱা দুখ, ক্ষোভ আৰু অভিমানক স্বাভাবিকভাবে গ্ৰহণ কৰি পাঞ্চালীয়ে সুভদ্ৰাক সৌভাগ্যৱতী হোৱাৰ আশীৰ্বাদ দিয়ে। শুই পৰা ইন্দ্ৰপ্ৰস্থৰ গভীৰ নিশা অকলে, নিৰলে পাঞ্চালীৰ অশ্ৰু সৰে; ক্ষণিকৰ পিছতেই পাৰ্থই পাঞ্চালীৰ ওচৰত প্ৰেম নিবেদন কৰে, স্বীকাৰুক্তি কৰে যে এই বিবাহ আৰু সম্পৰ্ক কেৱল ৰাজনৈতিক মিত্ৰতাৰ বাবেহে। কিন্তু এনে আত্মসমৰ্পণে দ্ৰৌপদীৰ মনত পুনৰবাৰ পাৰ্থৰ প্ৰেম নে চলনা, সত্য নে ভ্ৰম, সেই সন্দৰ্ভত প্ৰশ্নৰ সূত্ৰপাত কৰি থৈ যায়। 

সংকলনটিৰ দ্বিতীয় গল্প ‘বুদ্ধজায়া’ৰ বিষয়বস্তু হৈছে গৌতম বুদ্ধৰ পত্নী যশোধৰা গোপাৰ নিসংগ জীৱনৰ কাৰুণ্য। সত্যৰ অন্বেষণত ব্ৰতী হৈ নিৰ্বাণ প্ৰাপ্তিক সাৰোগত কৰিবলৈ যুৱৰাজ গৌতম বনলৈ গুচি যোৱাৰ পিছত সমগ্ৰ কপিলাবস্তুত যেন শূন্যতাৰ এক স্থিৰ চিত্ৰ অংকিত হৈছে। জীৱনৰ বিয়লি বেলিকা পুত্ৰ বিৰহত দগ্ধ হোৱা মহাৰাজ শুদ্ধোধন, ক্ষুদ্ৰাতিক্ষুদ্ৰ বস্তুকো যুৱৰাজ বুলি ভুল কৰা গৌতমৰ ধাইমাতৃ, স্থিতপ্ৰজ্ঞৰ দৰে হ’বলৈ চেষ্টা কৰিও স্বামীৰ অনুপস্থিতিত বিচলিত হোৱা যশোধৰাৰ লগতে কপিলাবস্তুৰ প্ৰজাগণ, নৈ-নিজৰা, গছ-লতিকাও বিৰহ-বেদনাত জয় পৰি যাবলৈ ধৰিছে। .স্বামী গৌতমৰ লগতে গুচি গৈছিল যশোধৰাৰ জীৱনৰ সমস্ত ৰসময়তা। নিজৰ ৰূপ লাবণ্য তথা পুত্ৰ সন্তানসহ স্বামীক সংসাৰৰ মায়াৰে বান্ধি ৰাখিব নোৱাৰি যশোধৰাই নিজৰ নাৰীত্বকেই ধিক্কাৰ দিছে। একে সময়তে যুৱৰাজ গৌতমে উৰুবেলাৰ নৈৰাঞ্জনা নৈৰ তীৰত কঠোৰ তপস্যাত ব্ৰতী হৈ থকাৰ কালছোৱাত সুজাতা নামৰ কোল নাৰী এগৰাকীয়ে তেওঁৰ পৰিচৰ্যা কৰাৰ বাতৰি পাই যশোধৰাৰ মন ক্ষোভ, দুখ আৰু ঈৰ্ষাৰে দগ্ধ হৈ পৰে। অৱশেষত দিব্যজ্ঞান লাভ কৰি এগৰাকী প্ৰাজপুৰুষ হৈ উভতি অহাৰ পিছত বুদ্ধৰূপী গৌতমৰ মাজত যশোধৰাই স্বামীক বিচাৰি হাহাকাৰ কৰিছে। তাতো যশোধৰা ক্ষান্ত হোৱা নাই, পুত্ৰ ৰাহুলক সন্ন্যাসী পিতৃৰ পৰা পৈতৃক সম্পত্তি বিচাৰিবলৈ নিৰ্দেশ দিছে। পৈতৃক সম্পত্তি বিচাৰিবলৈ গৈ ৰাহুলে ধাৰণ কৰিছে গেৰুৱা বস্ত্ৰ, মুণ্ডণ কৰিছে আৰু স্মিত হাঁহিৰে ব্যক্ত কৰিছে ‘মই পিতৃ ধন লাভ কৰিলোঁ আই। ‘ শেষত ৰোহিনীৰ বুকুত বিলীন হ’বলৈ খোজোতে যশোধাৰ আত্মাতো প্ৰতিভাত হৈছে সেই ‘বোধ’; উপলব্ধি কৰিছে নদীৰ দৰে জীৱনৰো থাকে এক গতিশীল পৰিৱৰ্তন। যশোধৰাৰ অন্তৰৰ এনে সন্তুলনে গল্পটোক এক বিশিষ্ট মৰ্যাদা দিছে। 

অন্য এক গল্প ‘কথা হ্লাদিনী’ৰ বিষয়বস্তু হৈছে যুগে যুগে ভাৰতীয় জনসাধাৰণক কৌতূহলী আৰু সম্মোহিত কৰি ৰখা এটি চৰিত্ৰ ‘ৰাধা’। গল্পটোত পাণ্ডৱ-কৌৰৱৰ কুৰুক্ষেত্ৰ ৰণৰ শেষত প্ৰাণহীন ৰণথলীত শ্ৰীকৃষ্ণক বিচাৰি হাবাথুৰি খোৱা বাউলী ৰাধাৰ শোকগাঁথা প্ৰতিফলিত হৈছে। আৰ্যবৰ্তৰ সবাতোকৈ ক্ষমতাশালী, প্ৰবল প্ৰতাপী ক্ষত্ৰিয় পুৰুষ, কুৰুক্ষেত্ৰ যুদ্ধৰ মহানায়ক শ্ৰীকৃষ্ণই হয়তো পাহৰি পেলাইছে জোনাকত ফুলি উঠা

বৃন্দাবনৰ ৰূপোৱালি ৰাতিৰ কথা; কিন্তু ঋতুৰ পিছত ঋতু জুৰি পাৰাপাৰহীন শূন্যতাত ডুবি কৃষ্ণৰ এধানি সান্নিধ্যৰ বাবে অধীৰ অপেক্ষাৰে বাট চাই আছে ৰাধা। মহাসমৰৰ অন্তত, চৌপাশে মৃতদেহৰ বীভৎস পৰিৱেশৰ মাজত ৰাধাই কিয় কৃষ্ণক বিচাৰি উদ্বাউল হৈছে সেই কথা তেওঁৰ বাবেও সাঁথৰৰ দৰে। মানুহৰ ক্ৰন্দন, চিৎকাৰ আৰু চিতাগ্নিৰ মাজতে ৰাধাই একালৰ ব্ৰজধামৰ মধুৰ ৰূপোৱালি নিশাবোৰ সুঁৱৰি ৰোমাঞ্চিত হৈ পৰিছে। শংকা, ভীতি, উদ্বেগ আৰু সহানুভূতিৰে ভৰা সখী বৃন্দাৰ নানা বাক্যয়ো ৰাধাক টলাব পৰা নাই। অগণিত সময়ৰ অপেক্ষাৰ পিছত ৰথত উপবিষ্ট সেই ৰাজপুৰুষক প্ৰত্যক্ষ কৰি ৰাধাই নিমিষতে চিনি উলিয়াইছে তেওঁৰ প্ৰিয়তম পুৰুষজনক। কিন্তু মাথোঁ অপাৰ কৰুণা আৰু সহানুভূতিৰ এটি চাৱনিয়েই সেই সাক্ষাতৰ একমাত্ৰ সাক্ষী হৈ ৰ’ল। বৃন্দাবনলৈ উভতি আহিও শৰৎ পূৰ্ণিমাৰ প্ৰতিটো নিশা নৱবধূৰ বেশেৰে কানাইলৈ অপেক্ষা কৰি ৰ’ল ৰাধা, জীৱনৰ চাকিগছিৰ পুৰি অহা শলিতাৰ শেষৰটো মুহূৰ্তলৈ! 

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ৰূপালীম’ নাটকৰ আলমত ‘হালধীয়া সৰাপাতৰ নাও’ শীৰ্ষক গল্পটো সৃষ্টি হৈছে। এই গল্পৰ কাহিনীভাগ আৰম্ভ হৈছে ৰূপালীমক অসতী তিৰোতা আখ্যাৰে ৰূকমী গঞাই জ্বলাই দিয়াৰ পৰৱৰ্তী সময়ৰ পৰা; অৰ্থাৎ নাটকখনৰ শেষৰ পৰাই গল্পটোৰ আৰম্ভণি। অৱশ্যে গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ মণিমুগ্ধ। মূল নাটকত এই চৰিত্ৰই খলনায়কৰ ভূমিকা ৰূপায়ণ কৰিছে। খলনায়ক যদিও মণিমুগ্ধৰ সংলাপ, আচৰণ আদিত এজন প্ৰেমিক সত্তা লুকাই আছে। গল্পটোত মণিমুগ্ধই ৰূপালীমৰ মৃত্যুৰ পিছত ৰূকমী গাঁৱলৈ বিচাৰি আহিছে সেই অৰণ্য, পাহাৰ, নদী, আকাশ, সৰ্বত্ৰে বিয়পি থকা সংগীত যাক ৰূপালীমে ভাল পাইছিল। জানিব বিচাৰিছে মায়াব’ নামৰ সেই ৰূকমী ডেকাৰ মানসিক অৱস্থিতি, যিয়ে একালত ৰূপালীমৰ বাবে জীয়া বাঘৰ মূৰ কাটি আনিছিল। সেই মায়াব’ যাৰ পেঁপাৰ মায়াসনা সুৰবোৰৰ কথা ৰূপালীমে আকুলতাৰে মণিমুগ্ধৰ আগত ব্যক্ত কৰিছিল। মণিমুগ্ধই দেখিছিল ৰূপালীমৰ ভয়ত শেঁতা পৰা মুখনি মায়াব’ৰ কথা কওঁতে জোনাকত জিলিকা কনকচম্পা এপাহৰ দৰে উজলি উঠিছে। কিন্তু সময়ে ৰূপালীমক মনত ৰাখিছে এগৰাকী ‘অসতী নাৰী’ হিচাপেহে। হতাশা আৰু অনুশোচনাত দগ্ধ হৈ প্ৰান্তদেশৰ অধিপতিয়ে চিৎকাৰ কৰি উঠিছে- ‘ইতিভেন, তুমি ৰূপালীমক কিয় জ্বলাই দিলা? মইতো তাইক স্পৰ্শ কৰা নাছিলোঁ। মই তাইক জয় কৰিব খুজিছিলোঁ।’ ইতিভেনৰ মনৰ জুইকুৰাই ৰূপালীমক নিঃশেষ কৰিছিল। ফুলকলিৰ দৰে দেহটোত সিঁচৰতি হৈ পৰিছিল আপোন মানুহৰ বিষ লগা কাঁড়। ৰুকমী ৰাজ্যৰ কোনেও বিশ্বাস কৰা নাছিল মণিমুগ্ধই এটা ৰাতি কেৱল ৰূপালীমক চাই থাকি এবাৰো স্পৰ্শ নকৰাকৈ এৰি দিছে। আনকি মায়াব’ আৰু জুনাফায়ো বিশ্বাস কৰা নাছিল। আনহাতে নাৰীৰ সহজাত ঈৰ্ষা আৰু ক্ষোভত একো নাই হৈ ৰূপালীমক নিঃশেষ কৰি প্ৰতিশোধ লোৱা বুলি আত্মসন্তুষ্টি লভা ইতিভেনে কিন্তু আজীৱন উপলব্ধি কৰিছে সেই সত্য -‘যিকুৰা জুয়ে ৰূপালীমক পুৰিছিল সেইকুৰা জুই গোটেই জীৱন ইতিভেনে বুকুত লৈ ফুৰিব লাগিব- জ্বলি জ্বলি ছাই হৈ নোযোৱালৈকে। স্বামী হৈয়ো ইতিভেনৰ দুবাহুৰ মাজত থাকিও কেতিয়াও মণিমুগ্ধ ইতিভেনৰ নহ’ব, কেতিয়াও।’ সৰু হালধীয়া নাও এখনত উটি মণিমুগ্ধৰ ওচৰলৈ ৰূপালীম আহি থকাৰ ভ্ৰম এটাৰ মাজেৰে গল্পটোৰ সামৰণি ঘটিছে। জ্যোতিপ্ৰসাদৰ দ্বাৰা সৃষ্ট নাটকখনৰ অন্তৰ্গত ‘জিৰ জিৰ জিৰ জিৰ নিজৰি’ গীতটিৰ মাজৰ এটি কলিৰে শিৰোনাম ধাৰ্য কৰা উক্ত গল্পটো পুনৰ নিৰ্মাণ শৈলীৰ এক বিস্ময়কৰ সৃষ্টি। 

পৰৱৰ্তী গল্পটোৰ শিৰোনামত যদিও অৰামায়ণী শব্দটো ব্যৱহাৰ কৰিছে, গল্পটোৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে ৰামায়ণৰ পৰিচিত চৰিত্ৰ লক্ষ্মণৰ পত্নী উৰ্মিলা। উৰ্মিলাৰ বিৰহ-বৰ্ণনাই গল্পটোত প্ৰাধান্য লাভ কৰিছে। প্ৰেম, সম্পৰ্ক, সম্পৰ্ক ৰক্ষাৰ এক জটিল মনঃস্তত্ত্ব গল্পটোৰ মাজেৰে প্ৰকাশ পাইছে। ৰাম সীতা সহিতে লক্ষ্মণৰ বনবাসৰ আখ্যান সৰ্বজনবিদিত। তাৰ বিপৰীতে চৈধ্যটা বছৰে বিৰহৰ অগণিত দগ্ধ হোৱা উৰ্মিলা এটি উপেক্ষিতা চৰিত্ৰ। গল্পটিত কথকৰ ভূমিকাত অবতীৰ্ণ হৈ উৰ্মিলাই ব্যক্ত কৰি গৈছে শৈশৱ-যৌৱন-

প্ৰৌঢ়াৱস্থাৰ বঞ্চনাৰ বহু অলিখিত কাহিনী। সুন্দৰী, গুণী, প্ৰগলভা, শাস্ত্ৰজ্ঞা সীতাৰ বিপৰীতে শৈশৱৰে পৰা উৰ্মিলাৰ অৱস্থিতি আছিল নিষ্প্ৰভ। ৰং, তুলিকাৰে জীৱন্ত হৈ উঠা উৰ্মিলাৰ শিল্প-ভাস্কৰ্যবোৰেও উচিত ন্যায় পোৱা নাছিল। আনকি লক্ষ্মণৰ সৈতে বিবাহ সম্পন্ন হোৱাটোও আছিল এক তাৎক্ষণিক আৰু উদাসীন সিদ্ধান্ত। অবশ্যে বঞ্চিতা উৰ্মিলাই মনত গোপনে পুহি ৰাখিছিল সেই হাবিয়াস ‘সীতাক প্ৰাণভৰি ভালপোৱাৰ পাছতো মোৰ এটা আকাংক্ষা আছিল- বসুধাত অন্তত এজন ব্যক্তিৰ বাবে মই সীতাতকৈ অধিক প্ৰিয় হ’ম। সেয়ে লক্ষ্মণৰ সীতাৰ প্ৰতি থকা আগ্ৰহে সূচী এটাৰ দৰে মোৰ আত্মাত বিন্ধিছিল। ‘ লক্ষ্মণ কেতিয়াও উৰ্মিলাৰ জীৱন-আত্মাৰ সংগী নহ’ল। চৈধ্য বছৰ বনবাসৰ এটা মৃত যুগ পাৰ হৈ যোৱাৰ পিছত ৰাম-সীতা, লক্ষ্মণ অযোধ্যালৈ উভতি আহি লক্ষ্মণে উৰ্মিলাক কোৱা কথাষাৰ আছিল ‘সীতাই খুব কষ্ট পালে। তেওঁৰ যত্ন ল’বা। ‘ এইদৰে লক্ষ্মণৰ সীতাৰ প্ৰতি থকা অতিৰিক্ত অনুৰাগ, উৰ্মিলাই ৰামৰ প্ৰতি গোপনে কঢ়িয়াই ফুৰা আসক্তি, লক্ষ্মণৰ পৰা পোৱা অৱহেলা আদিৰ অন্য এক তথ্য গল্পটোৰ মাজেৰে প্ৰকাশ পাইছে। 

বেজবৰুৱাৰ কালজয়ী সৃষ্টি ‘বুঢ়ী আইৰ সাধু’ৰ অন্তৰ্গত ‘চিলনীৰ জীয়েকৰ সাধু’ৰ পৰা সাৰ অংশ গ্ৰহণ কৰি লেখিকাই সৃষ্টি কৰিছে ‘চিলনীৰ গল্প। ‘ গল্পটোৰ কথনভংগী অন্য গল্পকেইটাৰ তুলনাত পৃথক। চিলনী, চিলনীৰ জীয়েক, সদাগৰ আৰু কথক এই চাৰিটা ভাগেৰে লেখিকাই ভিন্ ভিন্ ভাৱ অনুভূতিক কথাশিল্পৰে সজাইছে। গল্পটোৱে সাধুটোক ব্যাপ্তি প্ৰদান কৰিছে। সাধুটোত প্ৰকাশ পোৱা চিলনীৰ জীয়েকৰ আখ্যানৰ বিপৰীতে গল্পটোত প্ৰাধান্য পাইছে মাতৃ চিলনীৰ অন্তৰৰ মৰ্মবেদনাহে। চিলনীয়ে চোঁ মাৰি তুলি আনি ডাঙৰ-দীঘল কৰাৰ পৰা সদাগৰে কুঁৱৰী কৰি লৈ যোৱালৈকে চিলনীৰ দীঘলীয়া পৰিক্ৰমাটি কম কথাৰ ভিতৰতে প্ৰাণ পাই উঠিছে। জীয়েক সদাগৰৰ সৈতে গুচি যোৱাৰ পিছত শুদা হৈ পৰে আঁহতৰ ডাল, শুদা হৈ পৰে মাকৰ বুকু। জীয়েকে বিননি জুৰিলেই ততালিকে তাইৰ সমুখত ওলাইগৈ। কিন্তু মানুহৰ সন্তান মানুহৰ ওচৰলৈ গুচি যায়গৈ। শুদা আঁহতৰ ডালত বহি সেই বিননিলৈ ৰৈ থাকে চিলনী। ‘উৰিবৰ মন নাযায়। খাবৰ মন নাযায়। চিলনীয়ে মাথোঁ কাণ উনাই ৰয়ঃ’বতাহৰ বুকুৰে বগুৱা বাই জানোচা আজলী জীৰ মাত ভাহি আহে- আঁহতৰ পাত লৰে কি চৰে…।’

‘নিৰৱধি নৈৰাঞ্জনা’ সংকলনটিৰ শেষৰটো গল্প। ‘বুদ্ধজায়া’ গল্পৰ দৰে এই গল্পৰো বিষয়বস্তু তপস্বী গৌতম আৰু সেই নাৰী, যাৰ বাবে ঈৰ্ষান্বিত হৈয়ো গৌতমপত্নী যশোধৰাৰ অন্তৰ উপচি পৰিছিল কৃতজ্ঞতাৰে – ‘সুজাতা’, কঠোৰ তপস্যাত ব্ৰতী সেই সূৰ্যসম দ্যুতিৰ দেৱপুৰুষক প্ৰত্যক্ষ কৰাৰ দিন ধৰি যিয়ে আগবঢ়াইছিল পৰমান্নৰ নৈবেদ্য। তপস্বী গৌতমৰ চৰণত পৰি নিৰন্তৰে শুনি ৰৈছিল তেওঁৰ সাধনা আৰু অন্বেষণৰ কথা। সাংসাৰিক বান্ধোনত নিমজ্জিত হৈয়ো অনাকাংক্ষিতভাৱে নিজৰ পুত্ৰ সন্তানকো উপেক্ষা কৰি ক্ৰমাৎ প্ৰাণ চঞ্চল হৈ পৰিছিল সুজাতা। মুগ্ধ-নিৰ্বাক শ্ৰোতা হৈ গৌতমৰ পথানত বহি ৰৈছিল দিনৰ দিনটো। সংসাৰত্যাগী এগৰাকী ধ্যানস্থ যোগীৰ বাবে মনৰ এনে সন্তুলনে সুজাতাৰ মনত অলেখ প্ৰশ্নৰ হিল্লোল তুলিছিল। নিজৰ লগত হোৱা নিৰন্তৰ যুঁজখনত সুজাতা ক্ৰমাৎ ক্লান্ত হৈ পৰিছিল। সেয়েহে স্বামীৰ উপস্থিতিৰ পিছত সেই দিব্য পুৰুষৰ বোধপ্ৰাপ্তিৰ সাংসাৰিক বান্ধোনত নিমজ্জিত হৈয়ো অনাকাংক্ষিতভাবে নিজৰ পুত্ৰ সন্তানকো উপেক্ষা কৰি ক্ৰমাৎ প্ৰাণ চঞ্চল হৈ পৰিছিল সুজাতা। মুগ্ধ-নিৰ্বাক শ্ৰোতা হৈ গৌতমৰ পথানত বহি ৰৈছিল দিনৰ দিনটো। সংসাৰত্যাগী এগৰাকী ধ্যানস্থ যোগীৰ বাবে মনৰ এনে সন্তুলনে সুজাতাৰ মনত অলেখ প্ৰশ্নৰ হিল্লোল তুলিছিল। নিজৰ লগত হোৱা নিৰন্তৰ খুঁজখনত সুজাতা ক্ৰমাৎ ক্লান্ত হৈ পৰিছিল। সেয়েহে স্বামীৰ উপস্থিতিৰ পিছত সেই দিব্য পুৰুষৰ বোধপ্ৰাপ্তিৰ বিৰল মুহূৰ্তকো প্ৰত্যক্ষ নকৰাৰ সিদ্ধান্ত লৈছিল সুজাতাই। এগৰাকী সাধাৰণ নাৰী হৈয়ো তপস্বী গৌতমক পৰমান্ন আৰু ফল-মূলৰ যোগান ধৰা, মন্ত্ৰমুগ্ধ হৈ তেওঁৰ বাণীসমূহ শ্ৰৱণ কৰা আৰু সংগোপনে হৃদয়ত স্থান দিয়াৰ দৰে কেতবোৰ ঘটনা আছিল সুজাতাৰ বাবে অসাধাৰণ, অস্বাভাৱিক আৰু আকস্মিক। সুজাতাৰ অন্তৰৰ এনে গুপুত ৰহস্যই গল্পটিক উজ্জীৱিত কৰিছে। 

সংকলনটিৰ আটাইকেইটা গল্পয়েই স্বকীয় আবেদনেৰে সমুজ্জ্বল। পুনৰ নিৰ্মাণেৰে সৃষ্ট গল্পসমূহত অৱশ্যে লেখিকাই নাৰী চৰিত্ৰসমূহৰ প্ৰতি অধিক সদয় হৈছে। ৰাধা, উৰ্মিলা, যশোধৰা, দ্ৰৌপদী আদি পৌৰাণিক চৰিত্ৰক পৰম্পৰাগত ধ্যান-ধাৰণাৰ আলমত কিন্তু কিছু ব্যতিক্ৰমী ৰূপত সজাই তুলিছে। যাৰ ফলত পাঠকে নতুন দৃষ্টিৰে চৰিত্ৰসমূহক আৱিষ্কাৰ কৰিবলৈ সুযোগ পাইছে। তদুপৰি মণিমুগ্ধ চৰিত্ৰৰ নতুন বিশ্লেষণে চৰিত্ৰটোক খলনায়কৰ পৰা প্ৰকৃত নায়কলৈ ৰূপান্তৰিত কৰিছে। এনে ধৰণৰ অভিনৱ ভাৱ-চিন্তা তথা লেখনশৈলীয়ে সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। গল্পসমূহত তৎসম শব্দৰ বহুল প্ৰয়োগ দেখা যায়, যাৰ ফলত নৱনিৰ্মিত যদিও গল্পসমূহত আংগিকগত দিশৰ পৰা প্ৰাচীন সাহিত্যৰ ঠাঁচ লক্ষণীয়। পুনৰ নিৰ্মাণৰ চৰ্তটো হ’ল যে পুনৰ সৃষ্ট সাহিত্যৰ সোৱাদ ল’ব বিচাৰিলে ইয়াৰ মূল অধ্যয়ন কৰাটো বাঞ্ছনীয়। পুনৰ নিৰ্মাণে পাঠকৰ অনুসন্ধিৎসু মনত সাৰ-পানী যোগায়। মূলৰ সৈতে সংগতি ৰাখি সৃষ্টি হোৱা আলোচ্য গল্পকেইটা শিৰোনামসমূহেও সাৰ্থকতা ৰক্ষা কৰি পাঠকক আমোদ দিবলৈ সক্ষম হৈছে। অসমীয়া গল্প সাহিত্যৰ জগতত গীতালি বৰাৰ ‘নিৰৱধি নৈৰাঞ্জনা’ নিঃসন্দেহে এক বাচকবনীয়া সম্পদ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!