প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ সুন্দৰ নিদৰ্শন- ‘ফুড ফৰেষ্ট
লেখক- ধ্ৰুৱজ্যোতি কলিতা
কৃষিক্ষেত্ৰৰ সম্প্ৰসাৰণৰ বাবে যে বনাঞ্চলহে হ্ৰাস পাইছে তেনে নহয়, তাৰবাবে ভূ-জলৰ স্তৰো তললৈ নামি গৈছে। একেদৰেই বৃদ্ধি পাইছে জলপ্ৰদূষণ, মাটি প্ৰদূষণ। বিষাক্ত কীটনাশৰ বাষ্প মিহলি হৈ, কৃষি আৱৰ্জনা জ্বলোৱাৰ সময়ত ধোঁৱা উৰি, খেতিপথাৰত ট্ৰেক্টৰ আদি চলোৱাৰ সময়ত ইন্ধনৰ ধোঁৱা আদিৰ বাবে বায়ু প্ৰদূষণো হয়। অকল ইমানেই নহয়, বিষাক্ত ৰাসায়নিক কীটনাশকৰ দ্বাৰা আক্ৰান্ত হৈ মৌমাখি, পখিলা, ভোমোৰা আদিৰ লগতে কিমান কোটি ক্ষুদ্ৰ প্ৰাণী পৃথিৱীৰপৰা প্ৰতিদিনে নিঃচিহ্ন হৈ গৈ আছে, তাৰ লেখজোখ আমি উলিয়াইছোনে? একেদৰে ৰাসায়নিক সাৰ, কীটনাশকৰ অৱশিষ্টৰ খাদ্যশস্যৰ সৈতে মিহলি হোৱাৰ বাবে মানুহ তথা পশুধনৰ যে মাৰাত্মক ক্ষতি কৰি আছে, সেইবিষয়ে ইতিমধ্যে বিজ্ঞানীসকলে প্ৰমাণ পাইছে। মুঠতে আমি এইটো পোনপটীয়াকৈ কব পাৰোঁ যে মানহে খেতিবাতি কৰিবলৈ লোৱাৰ লগে লগেই বনাঞ্চল টুটি আহিবলৈ ধৰিলে আৰু উন্নত পদ্ধতিৰ খেতি কৰিবলৈ আৰম্ভ কৰাৰ লগে লগেই মাটি, পানী আৰু বায়ু প্ৰদূষণো বাঢ়িল। কৃষি উৎপাদনৰ বৃদ্ধিয়ে মানুহৰৰ ক্ষুধা নিবাৰণৰ পথ উলিয়াই দিলেও স্বাস্থ্যৰ প্ৰতি ভাবুকিও সৃষ্টি কৰিলে। সেয়েহে, এনে অৱস্থাত আমি এনে ধৰণে খেতি কৰাৰ কৌশল বিচাৰি উলিয়াবলগীয়া হৈছে যাৰ ফলত আমি ক্ষুধা নিবাৰণৰ বাবে খাদ্য সংগ্ৰহ কৰাৰ সুবিধা পোৱাৰ লগে লগে মাটি, পানী, বায়ুও বিশুদ্ধ হৈ থাকিব আৰু বনাঞ্চলো ৰক্ষা পৰিব। আশাৰ বতৰা যে তেনে এক আৰ্হিকেই হাতে-কামে কৰি দেখুওৱা হৈছে গুৱাহাটীৰপৰা নাতিদূৰৈত অৱস্থিত সোণাপুৰ চহৰৰ গাতে লাগি থকা ৰূপনগৰ নামৰ ঠাইখনত। ইয়াত স্থাপন কৰা হৈছে ‘ফুড ফৰেষ্ট’নামৰ এখন অভিনৱ কৃষি ক্ষেত্ৰৰ লগতে এটি কৃষি প্ৰশিক্ষণ কেন্দ্ৰ। আজিৰপৰা কেইমাহমান আগতে আমি নিজে উক্ত কেন্দ্ৰটো চাবলৈ যোৱাৰ লগতে ইয়াৰ প্ৰতিষ্ঠাপকগৰাকীৰ সৈতে কিছু কথা-বাৰ্তা হৈছিলো।
‘ফুড ফৰেষ্ট’ৰ ধাৰণাটোৰ গুৰিত আছে অসম কৃষি বিশ্ববিদ্যালয়ৰপৰা কৃষি স্নাতক অৰ্হতা লাভ কৰা সমীৰ বৰদলৈ নামৰ এগৰাকী উদ্যমী যুৱক। বৰদলৈয়ে এগৰাকী কৃষক হিচাপেহে নিজৰ পৰিচয় দিবলৈ ভাল পায়। তেখেতৰ মতে কৃষিকো আমি এক সন্মাজনক বৃত্তি হিচাপে গ্ৰহণ কৰা উচিত।
সমীৰ বৰদলৈৰ ‘ফুড ফৰেষ্ট’ৰ ধাৰণাৰ মূলতে আছে, প্ৰকৃতিক ধ্বংস নকৰাকৈ মানুহৰ খাদ্য শস্য উৎপাদন কৰা নীতি। বনাঞ্চলসমূহ প্ৰকৃততে বন্যপ্ৰাণীৰ বাবেহে। সেয়েহে মানুহে খাদ্য সংগ্ৰহৰ বাবে বনাঞ্চলত প্ৰৱেশ কৰিলেও বন্যপ্ৰাণীবোৰকো খাদ্য গ্ৰহণৰ সুযোগ দিয়া উচিত। অৰ্থাৎ বনাঞ্চল নষ্ট নকৰাকৈ আৰু বন্যপ্ৰাণীবোৰৰ সৈতে সহাৱস্থান কৰি যদি আমি খেতিবাতি কৰিব পাৰোঁ, তেতিয়াহে পৃথিৱীৰ পৰিৱেশ সুন্দৰ হৈ থাকিব, মানুহ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস পাব।
বৰদলৈৰ পৰিকল্পনা অনুসৰি উক্ত অৰণ্যত হালবোৱা বা ট্ৰেক্টৰেৰে মাটি চহোৱা নহয়। সেইদৰে তাত থকা গছবনো কাটি চাফা কৰা নহয়। তাৰ সলনি মাটিৰ গুণ আৰু এলেকাটোত পূৰ্বৰেপৰা থকা গছবন আৰু ঘাঁহনিৰ সৈতে খাপখুৱাই মানুহে খাদ্য হিচাপে ব্যৱহাৰ কৰা শস্য বা উদ্ভিদৰ বীজ, পুলি আদি ৰোপনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে সৰু সৰু গাত খান্দি গছৰ পুলি ৰোপন কৰাৰ লগতে ছীড বোম্ব নামৰ এক কৌশল প্ৰয়োগ কৰিছে। ছীড বোম্ব হৈছে বিভিন্ন গছৰ গুটি আৰু শস্যৰ বীজ ভৰাই লৈ বিশেষভাবে প্ৰস্তুত কৰা মাটিৰ সৰু সৰু লাড়ু। এই লাড়ুবোৰ অৰণ্য বা ঘাঁহনিৰ মাজত দলিয়াই থৈ অহা হয়। তাৰপৰাই সময়ত গজালি ওলায় পুলি ডাঙৰ হয়। এই কামটো সূচাৰুৰূপে কৰাৰ বাবে গ্ৰীণ কমাণ্ডো নামৰ এদল প্ৰশিক্ষিত কৰ্মীও বৰদলৈয়ে গঠন কৰি লৈছে।
বৰ্তমান ‘ফুড ফৰেষ্ট’ৰ ভিতৰত নিজে নিজে গঢ়ি উঠা বিভিন্ন প্ৰজাতিৰ বনৰীয়া গছ-গছনিৰ লগতে খেতি হিচাপে কৰা কল, আদা, হালধি, বনৰীয়া কচু, বিভিন্ন পাচলি, বনৌষধি আদি আছে। উক্ত এলেকালৈ বন্যপ্ৰাণীৰো অবাধ আহ-যাহ আছে। বনৰীয়া হাতীয়ে আহি ভাঙি থৈ যোৱা বাঁহবোৰৰ পাত গোটাই আনি ‘ফুড ফৰেষ্ট’ৰ কৰ্মীসকলে এবিধ চাহৰ লগতে আৰু আগলিবোৰৰপৰা জৈৱিক সাৰ প্ৰস্তুত কৰে। ‘ফুড ফৰেষ্ট’ত উৎপাদিত শাক-পাচলি, ফলমূল আদিয়ে স্থানীয় বজাৰত জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও বাঁহপাতেৰে তৈয়াৰী চাহ বিদেশলৈও ৰপ্তানি হৈছে।
সামাজিক ভাবে সচেতন এগৰাকী যুৱক সমীৰ বৰদলৈয়ে নিজকে কেৱল ‘ফুড ফৰেষ্ট’ৰ ভিতৰৰ খেতিবাতিৰ কামতেই ব্যস্ত নাৰাখি, নিজৰ অভিজ্ঞতা আনক বিলাই দিবলৈও চেষ্টা কৰিছে। তাৰবাবে ‘ফুড ফৰেষ্ট’ নামৰ পাহাৰীয়া অৰণ্যখনৰ মাজত সুন্দৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিছে। আগতীয়া যোগাযোগৰ ভিত্তিত ছাত্ৰ-ছাত্ৰী বা আগ্ৰহী যুৱক-যুৱতীয়ে ‘ফুড ফৰেষ্ট’ৰ ভিতৰলৈ গৈ প্ৰাকৃতিক কৃষিৰ ধাৰণা লোৱাৰ লগতে ছীডবোম্ব প্ৰস্তুত আৰু ছীড বোম্বৰ সহায়ত খেতি কৰাৰ কৌশলৰ বিষয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে। ইতিমধ্যে ইয়াৰ কলা-কৌশলৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ দেশ-বিদেশৰপৰা সময়ে সময়ে বিভিন্ন উৎসাহী ব্যক্তি-গৱেষকে ‘ফুড ফৰেষ্ট’খন পৰিদৰ্শন কৰিছে।
অৱশ্যে কেৱল যে ‘ফুড ফৰেষ্ট’ৰ ভিতৰৰ প্ৰশিক্ষণ কেন্দ্ৰতহে বৰদলৈয়ে প্ৰশিক্ষণ দিয়ে তেনে নহয়, অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ গৈও প্ৰাকৃতিক কৃষিৰ বিষয়ে প্ৰশিক্ষণ দি আহিছে। এনে এক আদৰ্শ কৃষি কৰ্ম কৰি দেখুওৱাৰ বাবে বৰদলৈক বিভিন্ন ধৰণৰ সন্মানীয় বঁটাও দিয়া হৈছে।
আমি আশা ৰাখিছোঁ যে অসমৰ তুলনাবিহীনভাবে ঐশ্বৰ্য্যপূৰ্ণ সেউজ সম্পদৰ সুৰক্ষাৰ লগতে মানুহৰ খাদ্য সংকট দূৰ কৰাৰ বাবে ফুড ফৰেষ্টৰ ধাৰণাই অসমক এক বহনক্ষম পথৰ সন্ধান দিয়াত সফল হ’ব।