বনৰীয়া ক’লা কচুৰ ঠাৰি ভাজি
লেখক- কমলা দাস
বজাৰৰ পৰা বনৰীয়া কচু ঠাৰি এমুঠি আনিলোঁ। বাৰিষা কালত আমাৰ ঘৰৰ ওচৰে-পাজৰে এইবোৰ বনৰীয়া কচু পায়। পিছে এই সময়ত আমাৰ এইখিনিত কচুৱে ভালদৰে পোখা মেলাই নাই। বজাৰত দেখি জিভাৰ পানী পৰিল। সেয়ে এমুঠি লৈয়েই আহিলোঁ। ক’ৰবাত দ চানেকীয়া ঠাইত কচুবোৰ লহপহকৈ বাঢ়িছে হ’বলা! কাৰণ বজাৰত উপলব্ধ কচুখিনি খুবেই সতেজ আছিল।
চোঁচ গুচাই কচুখিনি মিহিকৈ কাটি ল’লোঁ। কাটি লোৱা কচুখিনি কেৰাহীত কুহুমীয়া পানী কৰি লৈ বিশ মিনিটমান ঢাকোন মাৰি থৈ দিলোঁ। বিশ মিনিট মান হোৱাৰ পাছত কেৰাহীৰ পৰা উঠাই পানীখিনি টুকি ললোঁ। তিয়াই থোৱা সৰিয়হ কণ আৰু বাকলি গুচাই লোৱা নহৰু কেইফোটা মান একেলগে মিহিকৈ পটাত পিচি ললোঁ। পিঁয়াজ এটা কাটি লগতে কেঁচা জলকীয়া দুটাও ফালি লৈছোঁ।
এতিয়া কেৰাহীত তেল গৰম কৰি লৈ কাটি লোৱা পিঁয়াজ জলকীয়াখিনি দিলোঁ। অলপ ৰঙচুৱা হোৱাত কাটি লোৱা কচুখিনি দি দিলো। আন্দাজ মতে নিমখ হালধি দি ভালদৰে লৰাই ঢাকোন মাৰি, জুই কমাই সিজিব দিলোঁ। কচুত সাধাৰণতে বহুত পানী উঠে। মাজে মাজে লৰাই থাকি সেই পানীতে সিজিব দিলোঁ। আধা সিজা হোৱাত পিচি থোৱা সৰিয়হ, নহৰুখিনি দি পুনৰ ভালদৰে লৰাই দিলোঁ। সিজি থুপথুপীয়া হোৱাত গাখীৰৰ সৰ এক চামুচ দি ভালদৰে মিহলাই নমাই থৈ দিলোঁ। তৈয়াৰ হৈ গ’ল সোৱাদ লগা ভাজিখন।