বহিৰা কিতাপ, মোবাইল ফোন আৰু ছপা উদ্যোগ

লেখক- শ্ৰীমন্ত ভূঞা

সৰুতে, প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ত, গাঁৱৰ নামঘৰৰ লগতে থকা ঘৰটোত এটা পুথিভঁৰাল আছিল। সেয়া ১৯৮০ চনমানৰ কথা। তাৰ পৰা সাধু কিতাপবিলাক আনি আনি পঢ়িছিলোঁ। দেউতাই আমাৰ ৰাপ দেখি “ছোভিয়েত দেশ” আলোচনীখন নিয়মীয়াকৈ লৈ দিছিলে। German News বুলি ইংৰাজী আলোচনীখনো লৈ দিছিল দাদাহঁতে পঢ়িবলৈ। আমি ইংৰাজী পঢ়িব জনা হোৱা নাছিলো তেতিয়াও। ছবিবোৰ চাইছিলো। এনেকৈ লাহে লাহে “বাহিৰা কিতাপ” পঢ়াৰ ধাউতি বাঢ়ি আহিছিল।

দাদাহঁত বয়সত ডাঙৰ আছিল বাবে ঘৰত বহু ডাঙৰ মানুহৰ কিতাপো আছিল। ডাঙৰ ডাঙৰ উপন্যাস, জীৱনী, ৰচনাৱলী বিলাক পঢ়াৰ বয়স হোৱা নাছিল যদিও, সুবিধাপালেই পঢ়াৰ চেষ্টা কৰিছিলোঁ- সাধুকিতাপবোৰ পঢ়ি শেষ হ’লে। চতুৰ্থ শ্ৰেণীত বৃৰ্ত্তি পৰীক্ষাৰ বাবে পঢ়ি থকাৰ মাজতে মৃত্যুঞ্জয় আদিৰ দৰে উপন্যাসো পঢ়িছিলো মনে মনে। বিষয়বোৰ কঠিন আছিল যদিও তাৰ মাজতে শিকিছিলোঁ দেশপ্ৰম, ভাৰতীয় স্বাধীনতা যুঁজত বহু মানুহে কৰা ত্যাগৰ কথা। দেউতায়ো স্বাধীনতা যুঁজত ভাগ লৈছিলে- মহাত্মা গান্ধীৰ অহিংসা পন্থাত। গাঁৱত বিনোবা ভাৱাৰ উদ্যোগত গ্ৰামদান সংঘ স্থাপন হৈছিল।

“এম.ই. স্কুল”লৈ যোৱাৰ পিছত মোৰ নিজৰ স্বাধীনতাও বাঢ়িছিল। ভাস্কৰ চিৰিজ, পা-ফু চিৰিজৰ পুৰণি কিতাপ বিলাক পঢ়ি শিহঁৰিত হৈছিলোঁ। মাহেকৰ মূৰত এদিন প্ৰশান্তৰ লগত নাৰায়ণপুৰলৈ পাঁচ কিলোমিটাৰ চাইকেল মাৰি গৈছিলোঁ- সঁফুৰা আৰু মৌচাক আলোচনী দুখন কিনিবলৈ। সৰু নাৰায়ণপুৰ “চেণ্টাৰত” মুঠতে দহ-পোন্ধৰ খনমান দোকান আছিল চাগে। (চেণ্টাৰ বুলি কিয় কয় তেতিয়া বুজা নাছিলোঁ। ৰেডিঅ’ চেণ্টাৰ আছে বুলিয়ে ভাবি আছিলোঁ বহু দিনলৈ)। গেলামালৰ দোকান, কৃষ্ণ জুৱেলাৰী, মাৰোৱাৰী কাপোৰৰ দোকান, বেকাৰী এখন, বুলু পাণষ্টোৰ, চাহৰ “হোটেল”, মুচীৰ “দোকান” আঁহত গছজোপাৰ তলত আৰু নাপিতৰ দোকান – য’ত কেৱল দুটা হেয়াৰ ষ্টাইল আছিলে- বাটি কাট আৰু হেপ্পী কাট। তাৰ মাজতে কিন্তু দুখন কিতাপৰ দোকান আছিল – চেনি দত্ত চাৰৰ দোকানখন আৰু অৰুণ-মইনা বুকষ্টোৰ। তাতে কেতিয়াবা হাতত “বেচিকৈ” পইচা থাকিলে টিংকল আৰু অমৰ চিত্ৰ কথাও কিনিছিলোঁ।

এম.ই. স্কুলৰ প্ৰধান শিক্ষকৰ দৰমহা সেই সময়ত এহেজাৰ টকা মান আছিলে বোধহয়। দেউতাই শিক্ষকতা কৰি পোৱা টকা কেইটাৰে ডাঙৰ পৰিয়াল এটা চলাইছিল। দাদাহঁতৰ কলেজ- হোষ্টেলৰ খৰচ বিলাকো আছিল। তথাপি আমাক কিন্তু বাহিৰা কিতাপ পঢ়িবলৈ যি পাৰে পইচা দিছিল।

অবৈধ বিদেশী খেদা অসম আন্দোলনৰ সময়তে গাঁৱৰ পুথিভঁৰালটো বন্ধ হৈছিল। গতিকে মাহে মাহে কিনা কিতাপ, আলোচনীবোৰেৰে নিজাববীয়াকৈ ব্যক্তিগত পুথিভঁৰাল এটা খুলিছিলোঁ ঘৰতে। নাম “শ্ৰীমন্ত পুথিভঁৰাল।” প্ৰশান্তয়ো এটা খুলিছিল। নাম- “ভাস্কৰজ্যোতি ব্যক্তিগত পুথিভঁৰাল”। দেউতাই “টাউনৰ” পৰা মোলৈ ষ্টাম্প এটা বনাই আনি দিছিল। কণীৰ (oval) আকাৰৰ। আইনা লগোৱা পুৰণি আলমাৰী এটাৰ পৰা পুতলা বিলাক আঁতৰাই কিতাপ ৰাখিছিলোঁ। দীঘল বহী এখন কিতাপ “ধাৰলৈ” দিয়া ৰেজিষ্টাৰ হিচাপে ব্যৱহাৰ কৰিছিলোঁ। গাঁৱৰ আগ্ৰহী ল’ৰা-ছোৱালী কেইটামান আহিছিল কিতাপ নিবলৈ।

অসমীয়া সাহিত্যৰ প্ৰতি ৰাপ বাঢ়ি গৈছিল। ১৯৮৫-৮৬ চনমানত প্ৰশান্তৰ লগত একেলগে লাগি প্ৰাচীৰ পত্ৰিকা (Wall Magazine) বনাই গাঁৱলৈ সোমোৱা ৰাষ্টাৰ মুখত থৈছিলোঁ। তাৰ পিছত “পাৰিজাত” নামেৰে হাতে লিখা শিশু আলোচনী এখন উলিয়াইছিলোঁ। দুমহীয়া নে তিনিমহীয়া আছিলে। লেখাবোৰ গাঁৱৰ ল’ৰা-ছোৱালীয়ে দিছিল। প্ৰশান্ত আৰু মই, স্কুলৰ পিছত কাৰ্বন কাগজ লগাই পৃষ্ঠাবিলাকত লিখিছিলোঁ। লেখা কম হ’লে আমি নিজে লিখি বেলেগৰ নামত দিছিলোঁ। খৰচ হৈছিল – কাগজ, কাৰ্বন কাগজ, পেন, ৰঙীণ পেঞ্চিল আদিত। অভিভাৱক কেইজনমানে নিজৰ ল’ৰা ছোৱালীৰ বাবে কিনি নিছিল। এখনত তিনিৰ পৰা পাঁচ টকামান দিছিল – সামৰ্থ অনুযায়ী। মনত লাভ কৰা সন্তুষ্টিয়েই আছিল আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা।

১৯৯৮-৯৯ চন। চাকৰি কৰি আছোঁ পঞ্জাৱত। কম্পিউটাৰ, ই-মেইল আদি আহিছে। ২০০০ চনত চাকৰিৰ ট্ৰেঞ্চফাৰ হৈছে মুম্বাইলৈ। প্ৰথম মোবাইলটো কিনিছোঁ চাৰি বছৰ চাকৰিৰ পিছত, নিজৰ টকাৰে। কিতাপ কিনাৰ চখটো একেই আছে। মোবাইল ফোনত তেতিয়া কেৱল ফোন কৰিব পাৰি (বহুত দাম -মিনিটত আঠ টকা! ) আৰু এচ.এম.এচ. লিখিব পাৰি।

“স্মাৰ্ট এজ্” আৰু কিতাপঃ
আজি চাৰিওফালে চাই দেখোঁ- হাতে হাতে স্মাৰ্টফোন। যি নিজে উপাৰ্জন কৰিব নোৱাৰে, মাক দেউতাকক “হামলা দি” কিনি লৈছে। খেতিৰ মাটি বেচি বাইক বা গাড়ীৰ লগতে শেহতীয়া মোবাইলটো কিনি লৈছে। কিতাপ পঢ়িবলৈ মানুহৰ সময় ক’ত? মোবাইলত ফ্ৰী ভিডিও, ৰীল চাই বা বনাই থাকোঁতে, সামাজিক মাধ্যমত কমেণ্ট দি থাকোঁতে সময় বিলাক গুচি যায়। কিতাপ পঢ়াটো পুৰণি ফেশ্বন হ’ল আৰু। টকা খৰচ কৰিনো কোনে পঢ়িব।

পঢ়িবলৈ, শুনিবলৈ পাইছোঁ- অসমৰ কিতাপৰ দোকানবিলাক লাহে লাহে বন্ধ হৈ আহিছে। বিক্ৰী নহয়। পশ্চিমীয়া “সভ্যতাৰ” নে ফেশ্বনৰ বতাহ লগা সকলে বাকী কথাবিলাক ঠিকেই অনুকৰণ কৰে দেখোন। কিন্তু পশ্চিমীয়া দেশত যে কিতাপৰ এতিয়াও কিমান আদৰ, সেয়া কিয় নেদেখে বা!

২০০২ চনত জাৰ্মানীত থিতাপি লগাৰ পিছত দেখিছোঁ- ইউৰোপীয়ান দেশবোৰত নতুন টেকনলজী বিলাক গৱেষণা, চিকিৎসা, ৰাজহুৱা সুবিধা, আন্তঃগাঠনি প্ৰকল্পবিলাকত খুব ভালদৰেই ব্যৱহাৰ হয় যদিও, ব্যক্তিগত জীৱনত দেখোন মানুহ বিলাকে সদায় ভাৰসাম্য ৰক্ষা কৰে- প্ৰকৃতি, টেকনলজী, সাহিত্য-সংস্কৃতি আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত। এতিয়াও দেখোঁ- বাছ, ট্ৰেইন, সাগৰৰ পাৰত বা পাৰ্কত বহুজনে হাতে হাতে কিতাপ লৈ পঢ়ে। ডাঙৰ ডাঙৰ ৰাজহুৱা পুথিভঁৰালত মানুহৰ ভীড়। আমাৰ ঘৰৰ ওচৰতে চাৰিকিলোমিটাৰ ব্যাসাৰ্ধত দুটা ডাঙৰ ডাঙৰ পুথিভঁৰাল। কিছুমান বাছ ষ্টপ আৰু বাছৰ ভিতৰতো বিনামূলীয়া কিতাপ পঢ়াৰ ব্যৱস্থা আছে।

প্ৰত্যেক বিদ্যালয়তে বাহিৰা কিতাপৰ একোটাকৈ পুথিভঁৰাল আছে। মোৰ ছোৱালীৰ শ্ৰেণীত প্ৰজেক্ট একোটা দিয়ে- শিশু উপযোগী বাহিৰা কিতাপ এখন পঢ়ি, কিতাপৰ বিষয়টোৰ ওপৰত চমুকৈ সকলোৰে সমুখত বক্তৃতা এটা দিব লাগে। মোৰ ল’ৰা-ছোৱালীয়ে পঢ়া বিদ্যালয়ৰ গোটেই কেম্পাচটোতে মোবাইল ফোনৰ ব্যৱহাৰ সম্পূৰ্ণ ভাবে নিষিদ্ধ! কেৱল ছাত্ৰ-ছাত্ৰীৰ বাবেই নহয়- শিক্ষক, অভিভাৱক সকলোৰে বাবে নিষিদ্ধ। প্ৰয়োজনবোধে লাগতীয়াল কথা বতৰা পাতিবলৈ বিদ্যালয়ত বিনামূলীয়া লেণ্ডলাইন ফোন দুটাৰ ব্যৱস্থা কৰি দিছে। ইয়াত ছাত্ৰ-ছাত্ৰীক ঘৰতো স্ক্ৰীণ টাইম দিনটোত আধাৰ পৰা এঘণ্টাৰ ভিতৰত ৰাখিবলৈ পৰামৰ্শ দিয়ে। টেলিভিজন, মোবাইল, আই-পেড, টেবলেট সকলো মিলাই। বাকী সময়ত ঘৰৰ বাহিৰত খেলা, গছ-গছনি আৰু পশু-পক্ষী নিৰীক্ষণ কৰা, কিতাপ পঢ়া আদিৰ বাবে উৎসাহিত কৰে।

তথাপিও সকলো কাম সুকলমে চলি আছে দেখোন এই উন্নত দেশ বিলাকত। আমি পশ্চিমীয়া দেশবোৰৰ এই ভাল কথা বিলাক অনুকৰণ কৰিব পাৰিলে হয়তো ভালেমান ক্ষেত্ৰত সুফল পাবলৈ সক্ষম হ’ব পাৰিম। বিশেষকৈ শিশুৰ বৌদ্ধিক বিকাশ আৰু ছপা কিতাপ উদ্যোগৰ ক্ষেত্ৰত।

 

শ্ৰীমন্ত ভূঞা, হেমবাৰ্গ (জাৰ্মানী)

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!