বহু দিন বকুলৰ গোন্ধ পোৱা নাই

লেখক- লোহিত দত্ত-বৰুৱা

মোৰ লেপটপৰ আগত বহি প্ৰয়াত ড০ বীৰেন দত্তৰ এই গানটো এদিন ইউটিউবত শুনি আছিলোঁ। গানটো শুনি থাকোঁতে মোৰ মনটোও যেন দূৰ অতীতলৈ উৰা মাৰিলে। মনত পৰিল সৰুতে গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটৰ ওচৰৰ আমাৰ নৈৰ পাৰৰ ঘৰখনৰ ওচৰৰ চিৰসেউজী বকুল জোপালৈ। বসন্ত আহিলে বকুল ফুলে আৰু বকুলৰ তৰা যেন ফুলবোৰ সৰি তলত পৰি থাকে। তাৰ মিঠা সুৱাস চৌদিশে। আৰু তল সৰা পকা পকা বকুল ফলৰ খেজুৰী হেন সোৱাদ আজিও মনত পৰে। বকুলৰ মালা গাথি আগতে বিয়াৰ দিনা দৰাক পিন্ধোৱা হৈছিল। কোৱা শুনিছিলোঁ তেতিয়া হেনো দৰা-কইনৰ যোৰা কেতিয়াও নাভাঙে। সেইবকুলৰ মালা যিমানে পুৰণি হয়, সিমানে হেনো দম্পতীৰ মৰম চেনেহ বাঢ়ি গৈ থাকে। মনত পৰে তাহানিৰ কবিতাটোঃ

”বগাকৈ বগলী বহলাই বহিছে

বলুকাত বিয়লি বেলা

বকুল বাগৰিছে ববছা বনতে

বুটলি বিলাওঁগৈ ব’লা”

পিচে বিহু-হুঁচৰিতো শুনা যায়

”কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি

নিয়ৰ পাই মুকলি হ’ল হে’

গোবিন্দাই ৰাম”

আনকি শ শ বছৰ আগতে শংকৰদেৱেও কীৰ্তন পুথিত লিখি গৈছিলঃ

”শেৱালি নেৱালি পলাশ পাৰলি

পাৰিজাত যূতি জাঁই। 

বকুল বন্দুলি আছে ফুলি ফুলি

তাৰো সীমা সংখ্যা নাই। ।” 

শংকৰদেৱৰ লিখাই মোৰ মনত পেলাই দিলে তাহানিৰ আমাৰ চুবুৰীতে দেখা বিবিধ ফুলৰ গছবোৰলৈ – কৃষ্ণচূড়া, কদম, কৰৱী, মেগনলীয়া, ধতুৰা, চম্পা, পলাশ, সোণাৰু, শেৱালি আৰু কত। মনত পৰে আমাৰ ঘৰৰ পচিমৰে পৰা প্ৰায় ফাঁচি বজাৰলৈ নৈৰ পাৰে পাৰে আলিৰ দঁতিত বৃহত কৃষ্ণচূড়া গছবোৰ। বসন্ত অহাৰ লগে লগে ফুল ফুলিবলৈ ধৰে আৰু এসময়ত গোটেই নৈৰ পাৰ অজস্ৰ কৃষ্ণচূড়া ফুলৰ ৰঙা ৰঙেৰে জাতিষ্কাৰ হৈ উঠে। আজি কেতিয়াবা ভাবো জাপানত চেৰী ব্লছম (Cherry Blossom) উদযাপন কৰাৰ দৰে যদি কৃষ্ণচূড়া ফুলৰ শোভা উদযাপন (Krishnachura Blossom) কৰিলেহেঁতেন। পিচে আজি সেই কৃষ্ণচূড়া নাই, কেতিয়াবাই কাটি তহিলং কৰিলে। সেইবোৰ ঠাই এতিয়া মেডিকেল কলেজৰ দখলত। কৃষ্ণচূড়া কওঁতে জয়ন্ত হাজৰিকাৰ গান এটালৈ মনত পৰিল। এই গানটো ১৯৬০ৰ দশকৰ আগ ভাগত বৰ জনপ্ৰিয় হৈছিল। ডেকা-গাভৰু সকলোৰে মুখে মুখে এই গান। 

কৃষ্ণচূড়া, কৃষ্ণচূড়া, কৃষ্ণচূড়া

কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ

ৰঙেৰে মোৰ জীৱন

এবাৰ ৰঙাই তোলা। 

কৃষ্ণচূড়া আ আ

মোৰ যে মনৰ শিমলু তুলা

উৰি উৰি নুৰা হ’ল। 

কৃষ্ণচূড়া আ আ

১৯৬৪-৬৫ চনত মই কটন কলেজত পি০ইউ (প্ৰি-ইউনিভাৰচিটি) পঢ়িছিলোঁ বিজ্ঞান বিভাগত। বিজ্ঞান বিভাগৰ কিছুমান ছাত্ৰই অসমীয়া বা ইংৰাজী বিষয়ত বৰ মন কাণ নিদিছিল আৰু পিচৰ বেঞ্চত বহি গান জুৰিছিল। উমৈহতীয়া (common) বিষয় হিচাপে ইংৰাজী আৰু অসমীয়াৰ ক্লাছবোৰত ছাত্ৰ-ছাত্ৰী বহুত আছিল। পিচৰ বেঞ্চৰ লৰাই কি কৰিছিল শিক্ষকৰ গম পোৱাৰ উপায়ো নাছিল। সেই সময়ত ৰসায়ন বিষয়ৰ অধ্যাপক আছিল কৃষ্ণ বৰা আৰু মহেশ ভূঞা। কেইজনমানে লাগি জয়ন্ত হাজৰিকাৰ কৃষ্ণচূড়াৰ সুৰত পেৰডি কৰিছিল। মনত থকাখিনি তলত দিলোঁ। 

কৃষ্ণবৰা, কৃষ্ণবৰা, কৃষ্ণবৰা

কৃষ্ণবৰা কেমিষ্ট্ৰিৰ

প্ৰশ্নবোৰ আৰু নুসুধিবা

কৃষ্ণবৰা আ আ

..

মহেশ ভূঞাৰ

কপালৰ আগৰ

চুলি সৰি সৰি টপা হ’ল। 

কৃষ্ণবৰা আ আ

আমাৰ ঘৰৰ সমুখতে ওচৰা ওচৰিকৈ দুজোপা কৰৱী গছ আছিল। এজোপাৰ বগা ফুল, আনজোপাৰ হালধীয়া ফুল। বন্ধৰ দিনত মই আৰু মোৰ এজন অন্তৰংগ বন্ধুৱে খেলিবলৈ একো নেথাকিলে আমি গছ দুজোপাত বগাই কৰৱীৰ গুটিৰে যুদ্ধ খেলিছিলোঁ ইজনে সিজনৰ গালৈ দলিয়াই। ধতুৰা ফুলজোপা আগফালৰ পানীকলটোৰ দাঁতিতে আছিল। ফুলটো দেখিবলৈ মন্দিৰৰ দীঘলীয়া সৰু ঘণ্টাটোৰ দৰে আছিল। কিন্তু ধতুৰাৰ গুটিটো আছিল কাইটিয়া বল এটাৰ দৰে। গতিকে ফুল চিঙিবলৈ আমি সাৱধান হৈছিলোঁ। তাতে আকৌ ধতুৰাৰ গুটিত বোলে বিষ থাকে। গতিকে ধতুৰাৰ গুটি আমি ভুলতো চুই চোৱা নাছিলোঁ। ঘৰৰ আগফালে এজোপা ওখকৈ মেগনলীয়া ফুলৰ গছো আছিল। সৰস্বতী পূজাৰ সময়ত সেই গছ বগাই আটক ধুনীয়া ডাঙৰ সুগন্ধি ফুল চিঙি সৰস্বতী দেৱীক যাঁচিছিলোঁ। চম্পা ফুলো ওচৰে পাজৰে বহুত আছিল। চম্পা ফুলৰ ৰং নানান – বগা, হালধিয়া, কিছুমানৰ পাহিৰ গুৰিৰ ভাগটো হালধীয়া আৰু ওপৰৰ ফালে বগা। চম্পা গছ ডাঙৰ হয় যদিও ডালবোৰ থুনুকা। এবাৰ চম্পা গছত বগাই ফুল আনিবলৈ যাওঁতে এটা ডাল ভাঙি পৰিছিল, ভাগ্যেহে মই নপৰিলোঁ। গতিকে চম্পা গছ বগাব নালাগে। আমাৰ ঘৰৰ পিচফালে এজোপা ওখ কদম গছো আছিল। গৰমৰ দিনত কদম ফুল ফুলিছিল। কদম ফুল দেখিবলৈ হালধীয়া ৰঙৰ বল এটাৰ দৰে। কদমক লৈ তেনে এটা গীত হ’লঃ কদম তলে কানাই মুৰুলী বজায়, ঐ ৰাম…ৰঙালী বিহু অহাৰ আগে আগে পুৰণি গুৱাহাটীত নানা ৰং বিৰঙৰ ফুলৰ যেন মেলাহে বহিছিল। মনত পৰে ভূপেন হাজৰিকাৰ “পলাশৰে ৰং কোনেনো সানিলে এই মিঠা সেউজ বননিত।” আৰু হালধীয়া কৰি তুলিছিল চ্চাৰ্চ ফিল্ডখন সোণাৰু ফুলে। আৰু মনত পৰে ভূপেন হাজৰিকাৰ – শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই মুকুতিৰ গীত গায় শৰালি জাকে। 

অৱশ্যে আমাৰ ঘৰৰ সমুখত নৰ্থব্ৰুক গেটখনৰ দাঁতিতে এখন ফুলৰ বাগিছাও আছিল। বিহাৰী লম্বু মালীয়ে (নামটো আজিও নাজানো, লেং লেংকৈ ওখ কাৰণে সকলোৱে লম্বু মালী বুলিয়েই কৈছিল) বাগিছাখনৰ তদাৰক কৰিছিল, যেনে কাঁচিৰে বাগিছাৰ ঘাঁহ কাটি ধুনীয়া কৰি ৰখা, বতৰৰ ফুলবোৰ বতৰত ৰোৱা (গেন্ধাই, জবা, বিবিধ ৰঙৰ গোলাপ আদি) আৰু ফুলবোৰত পানী দিয়া কাম। এই ফুল গছবোৰ অৱশ্যে আগতে উল্লেখ কৰা ফুলৰ গছবোৰৰ দৰে ওখ নহৈছিল। আমি সৰু ল’ৰা-ছোৱালীবোৰে ফুলৰ জোপোহাৰ আঁৰত লুকা ভাকু খেলিছিলোঁ। সেই দিনত ল’ৰা-ছোৱালীয়ে একেলগে নেখেলিছিল। ল’ৰা আৰু ছোৱালীবোৰৰ বেলেগ বেলেগ গোট আছিল। মালীক নোসোধাকৈ ফুল চিঙিলে, তেওঁ খং কৰিছিল। কিন্তু সৰস্বতী পূজাৰ সময়ত খুজিলে লম্বু মালীয়ে নিজেই আমাক ফুল চিঙি দিছিল। এবাৰ তেওঁক সোধাত, তেওঁ মোক কেইবিধ মান ফুলৰ সৰু সৰু পুলি দিছিল। তাকে আনি মই আইৰ সৰুকৈ শাক-পাচলিৰ বাৰীখনৰ এটা চুকত সেইবোৰ ৰুইছিলোঁ। সময়ত লহ পহ কৈ বাঢ়ি নানান ৰঙৰ ফুল লাগিছিল। কিমান যে ভাল লাগিছিল নিজে ৰোৱা গছত ফুল লগা দেখি। 

মুঠতে সেই দিনত দুখীয়া যদিও এক ডাঙৰ গাঁও হেন গুৱাহাটীৰ চাৰিওফালে ফুলৰ শোভা চৰিছিল। মনত পৰে পুলক বেনাৰ্জীৰ গানটোলৈঃ

ফুলৰ এই মেলাতে পখীয়ে গীত গায়, মৌ মাখি গুন গুন সুৰ তোলে বিনাই

তাকে দেখি বুলবুলি নাধিন ধিনা তবলা বজাই, মইনাই আনন্দতে সা ৰে গা মা গায়

কিন্তু বহুদিন অকল বকুলৰে গোন্ধ পোৱা নাই যে তেনে নহয়, তাহানিৰ লুইতৰ পাৰত ফুলা বহুতো ফুলৰে গোন্ধ পোৱা নাই।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!