বীনেৰে হাঁহৰ পেটুৰ জ্বলা ভাজি আৰু জহা কোমোৰাৰে হাঁহৰ মাংস
লেখক- টিনা পাঠক
বহুত দিনৰ পৰা হাঁহৰ মাংস খাবলৈ বৰকৈ মন গৈ আছিল; কিন্তু এইকেইদিন অত্যধিক গৰমৰ বাবে খোৱা নাছিলোঁ। কালি বতৰটো অলপ ঠাণ্ডা হোৱাত ঘৰতে নিজে পুৰি লৈ কাটি-বাছি ৰান্ধি পৰিয়ালৰ সৈতে কলপাতত খালোঁ। হাঁহৰ মাংস দোকানত কাটি আনিলে ডাঙৰকৈ কাটি দিয়ে তেতিয়া খাই ভাল নাপাওঁ ঘৰত পুৰি লৈ নিজৰ মতে সৰুকৈ কাটি লওঁ। টুকুৰাবোৰ সৰু হ’লেহে হাঁহৰ মাংস সোৱাদ লাগে।
হাঁহৰ মাংস প্ৰায় ভাগ খৰিৰ জুইতে ৰন্ধা হয় যদিও কালি অৱশ্যে গৰমৰ বাবে গেছৰ জুইতে ৰন্ধিলোঁ। তথাপি খাবলৈ বৰ সোৱাদ হৈছিল। বৰ বেছি মছলা দিলে বেয়া পাওঁ, অকল জীৰা আৰু গৰম মচলা দিওঁ।
প্ৰণালী: –
বীনেৰে হাঁহৰ পেটুৰ জ্বলা ভাঁজি
হাঁহৰ পেটুৰ লগতে ডিঙি, ডেউকা, ছাল, আমঠু আৰু টান মাংসও অলপ সৰুকৈ কাটি একেলগে দিওঁ। মাংসখিনি কটা হোৱাত তাত হালধি, খুন্দা নহৰু-আদা আৰু কেঁচা মিঠাতেল অলপ সানি কিছু সময় থ’লোঁ। কটা পিঁয়াজ, জীৰা, গৰম মচলা এইবাৰো কেতিয়াবা একেলগে দিওঁ।
কেৰাহীত তেল গৰম কৰি হালধি ছটিয়াই তাত কটা পিঁয়াজ, খুন্দা ইলাচি, গোটা দালচেনি, লং, তেজপাত, খুন্দা নহৰু-আদা আৰু বটা জীৰা দি লৰাই থাকি তাত সানি থোৱা পেটুখিনি লগতে জোখমতে নিমখ আৰু সৰহকৈ কটা জলকীয়া দি ঢাকোন দি কম জুইত ভাজি থাকিলো। মাংসখিনি অলপ ভজা হোৱাত আৰু তেল ওলোৱাত তাত দীঘলকৈ কটা বীনখিনিও দি কম জুইত ভাজি থাকিলোঁ। মাংস আৰু বীন সিজাত সৰুকৈ কটা আলু অলপ দি একেবাৰে কম জুইত মাজে মাজে লৰাই ভাজি থাকিলোঁ। আলু প্ৰায় নিদিওঁ যদিও অন্যসকলে ভাল পায় বাবে কেতিয়াবা দিওঁ। এইদৰে কম জুইত ঢাকোন দি ভাজি থাকি শুকানকৈ ভজা হোৱাত গৰম মছলা দি লৰাই অলপ সময় ৰাখি নমাই থ’লোঁ। কেঁচা ধনিয়া বা মান ধনিয়া থাকিলে দিওঁ।
হাঁহৰ পেটু বা হাঁহৰ মাংসৰ শুকান ভাজি মই লাইশাক, খৰিচা, বন্ধাকবি, তৰা গজালি, কল পচলা ইত্যাদি বহুত কিবা কবি দি ৰান্ধোঁ।
জহা কোমোৰাৰে হাঁহৰ মাংস
মাংসখিনিত হালধি, খুন্দা নহৰু-আদা আৰু কেঁচা মিঠাতেল অলপ সানি থ’লোঁ। সানোতে কেতিয়াবা পিঁয়াজ দিওঁ ।
কেৰাহীত তেল গৰম কৰি জুই কমাই তেল ছিটিকি নপৰিবলৈ অলপ হালধি ছটিয়াই কটা পিঁয়াজ, খুন্দা নহৰু-আদা, হালধি, তেজপাত, খুন্দা ইলাচি, বটা জীৰা, দালচেনি, লং আৰু শুকান জলকীয়া দি লৰাই তাত মাংসখিনি লগতে জোখমতে নিমখ, খুন্দা কেঁচা জলকীয়া দি লৰাই ঢাকোন দি জুই অলপ বঢ়াই দিলোঁ। মাজে মাজে লৰাই ভাজি থাকিলোঁ। মাংস আধাতকৈ বেছি সিজাত তাত ডাঙৰকৈ কটা আলু, জহা কোমোৰা আৰু আকৌ অলপ খুন্দা নহৰু-আদা দি লৰাই জুই একেবাৰে কমাই ঢাকোন দি থ’লোঁ আৰু মাজে মাজে লৰাই থাকিলোঁ আৰু লাগি ধৰা যেন হ’লে সামান্য পানী ছটিয়াই লৰাই দিওঁ। এইদৰে মাংস, আলু আৰু কোমোৰা সিজাত তাত অলপ গৰম পানী দি জুই অলপ বঢ়াই ঢাকোন দি উতলিবলৈ দিলোঁ। উতলি থাকোঁতে বটা গৰম মছলাও দিলোঁ। জোলখন জোখমতে ডাঠ কৰি নমাই থ’লো। কেঁচা ধনিয়া থাকিলে দিওঁ। প্ৰায়ে জালুক দিয়া হয় যদিও গৰমৰ বাবে নিদিলোঁ।
কোমোৰাৰ উপৰি হাঁহৰ মাংসৰ আঞ্জা মাটিমাহ, অমিতা ইত্যাদি কিবাকিবি দি ৰান্ধোঁ।