বিয়লিৰ অশ্ৰুত ৰাগ

লেখক- বিদিশা দত্ত

:মাক জলপান দিয়া হ’লনে ৰূপা? বাৰু, মই আৰু আধাঘণ্টামানৰ পাছতে পামগৈ দেই।
ৰূপালৈ ফোনটো কৰি আইচেংফা খৰ খোজেৰে কলেজৰ চৌহদৰ পৰা ওলাই আহিল৷ আজি অলপ সোনকালে ঘৰলৈ যাব লাগিব বুলি কলেজলৈ আহিয়েই তেওঁ হে’ডক জনাই থৈছিল৷ বাৰ বজাৰ ক্লাছটো শেষ কৰিয়েই তেওঁ ওলাই আহিছে৷
আজি চৈধ্য ফেব্ৰুৱাৰী৷ কোমল বয়সীয়া যোৰাবোৰ প্ৰেমৰ দিনৰ জ্যোতিৰে উজ্জ্বল হৈ পৰিছে৷ এই দিনটোৰ বাবে চহৰৰ ৰেষ্টোৰাসমূহো চকুত লগাকৈ সজাই পৰাই তোলা হৈছে৷ ৰিক্সাত গৈ থাকোঁতে তেওঁ চহৰখনৰ উজ্জ্বল ৰূপটো চাই গ’ল৷ সেই উজ্জ্বলতাই তেওঁৰ বুকুৰ ভিতৰৰ কোনোবাখিনিত শুই থকা বিষ এটাক যেন হেঁচুকি দিলে৷
বৰমাকলৈ মনত পৰিল আইচেংফাৰ৷ মানুহগৰাকীয়ে চাগৈ উৎকণ্ঠিত হৈ বাটলৈ চাই আছে৷ তেওঁৰ বাবেই আইচেংফাই আজি কলেজৰ পৰা সোনকালে আহিছে৷
:আইতা, অ’টছ অকণমান খাই ল’ব আহক। একান্তমনে ৰাস্তালৈ চাই থকা মানুহগৰাকী ৰূপাৰ মাতত উচপ্ খাই উঠে৷ বাইদেৱেকে শিকাই বুজাই দিয়া মতেই আইতাকক খোৱা বোৱাখিনি যতনাই দি থাকে তাই৷ দিনটোত কেইবাবাৰো তাইলৈ ফোন কৰি বাইদেৱে বৰমাকৰ খবৰ লয়৷
শান্ত মানুহগৰাকীৰ জঞ্জাল বুলিবলৈ একো নাই৷ প্ৰয়োজনীয় কথাকেইটাৰ বাদে অন্য কথাও বিশেষ নাপাতে৷ কেৱল আগফালৰ বাৰাণ্ডাৰ চকীখনতে বহি উৎকৰ্ণ হৈ ৰাস্তাৰ ফালে চাই থাকে৷ ঘৰৰ ভিতৰত থাকিলে গাড়ী-মটৰৰ হৰ্ণ একোটা শুনিলেই সষ্টম হৈ উঠে৷ বাৰাণ্ডালৈ আহি গে’টখনৰ ফালে জুমি জুমি চায়৷
মানুহগৰাকীক আজি আনকালতকৈ বেছি উৎকণ্ঠিত হৈ থকা দেখা গৈছে৷
:কোনোবা অহাৰ কথা আছে নেকি আইতা? নোসোধোঁ বুলি ভাবিও ৰূপাই অতৰ্কিতে সুধি পেলালে৷ তাইলৈ চাই লাহেকৈ মূৰ দুপিয়ালে মানুহগৰাকীয়ে৷ আজি সি অহাৰ কথা আছে৷ তাৰ যে জন্মদিন আজি৷ যোৱা ৰাতি তেওঁ সপোনত দেখিছে-সি আহিছে৷ আহি তেওঁক সাৱটি ধৰি কৈছেহি-
:জন্মদিনৰ উপহাৰ বুলি তুমি মোক একো নিদিলা দেখোন মা!
আইজনীক আজি কলেজৰ পৰা আহোঁতে সি ভাল পোৱা পাতল নীলা ৰঙৰ চাৰ্ট এটা লৈ আহিবলৈ কৈছে তেওঁ৷ লগতে তাৰ প্ৰিয় ছানাৰ জেলেপী৷
যিখন ভাবনাৰ সাগৰত সাঁতুৰি-নাদুৰি মানুহগৰাকী অক্লান্ত হৈ ৰয়, সেই ভাবনাৰ জগতখন ৰূপাৰ বাবে তেনেই অচিনাকি৷ সেইখন মানুহগৰাকীৰ নিচেই আপোন জগত৷ সেই জগতৰ অধিকাংশ দখল কৰি থাকে এটা ল’ৰাই, এখন ঘৰে আৰু সেই ঘৰখনৰ সংগীতময় পৰিবেশ এটাই৷
সেই যে ঘৰখন! ঘৰ মানে তৈলনগৰীখনৰ ডি টাইপ কোৱাৰ্টাৰ এটা৷ দুজনী ছোৱালীৰ পাছত তেওঁলোকৰ ল’ৰা এটা হৈছিল৷ জন্মৰ পাছৰেপৰাই তাৰ স্বাস্থ্য দুৰ্বল আছিল৷ কিমান যে নিদ্ৰাবিহীন নিশা তাৰ লগত পাৰ হৈছিল ঘৰত, হস্পিটেলত! ডাঙৰ হৈ অহাৰ লগে লগে অৱশ্যে তাৰ স্বাস্থ্যৰো উন্নতি হৈছিল৷
সেই সময়ত সমাজৰ উচ্চবিত্ত শ্ৰেণীৰ মানুহখিনিৰ সন্তানক তেজপুৰৰ আছাম ভেলী স্কুলত পঢ়োৱাৰ ঢং এটা চলিছিল৷ তেওঁলোকৰ ছোৱালী দুজনীকো অগাপিছাকৈ আছাম ভেলীত দিয়া হৈছিল৷ ল’ৰাটোকো দিয়াৰ কথা দেউতাকে ভাবিছিল৷ কিন্তু মাকে তাৰ সৰুকালৰ দুৰ্বল স্বাস্থ্যৰ কথা মনত পেলাই দিয়াত তাক পঢ়িবলৈ আঁতৰলৈ পঠোৱাৰ প্ৰসংগ সিমানতে অন্ত পৰিছিল৷
ল’ৰাটোৰ সংগীতৰ প্ৰতি বৰ ৰাপ আছিল৷ প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে দুলীয়াজান ক্লাবৰ আৰতি শৰ্মাৰ ওচৰত সংগীতৰ শিক্ষা ল’বলৈ সি মাকৰ লগত গৈছিল৷
দুই জীয়ৰীৰ চৌখিনতা আৰু সিহঁতক এখন অভিজাত স্কুলত পঢ়োৱাৰ গৌৰৱে নিজৰ পদমৰ্য্যাদাৰ প্ৰতি অত্যন্ত সচেতন দেউতাকক পৰম সন্তুষ্টি প্ৰদান কৰিছিল৷ একুৰিয়ামৰ মাছকেইটা, সঁজাত সোমাই থকা অষ্ট্ৰেলিয়ান ভাটৌকেইটা, টাবৰ ফুলবোৰ, গান-বাজনা আদিক লৈ ব্যস্ত হৈ থকা ল’ৰাটোৰ প্ৰতি মানুহজন তেনেই বিৰক্ত হৈ পৰিছিল৷
:এই ল’ৰাটো একেবাৰে প্ৰেক্টিকেল নহ’ল।
তাক লৈ তেওঁ ধাৰণ কৰা বিৰক্তিৰ মনোভাৱটো প্ৰায়ে পৰিবাৰৰ আগত প্ৰকাশ কৰিছিল৷ কিন্তু তেওঁৰ বিপৰীত বিন্দুত স্থিতি লৈ মানুহগৰাকী নীৰৱে বৰ সুখী হৈ ৰৈছিল৷ থাককচোন, আধুনিক জাকজমকতাৰ পৰা আঁতৰত থাকি সংগীতমধুৰ কোমলতাৰ মাজতে সি সুখ বিচাৰি লওক৷
স্কুলীয়া শিক্ষা সমাপ্ত কৰি সি দুলীয়াজান কলেজৰ কলা শাখাত নামভৰ্তি কৰিছিল৷ তাৰ দৰে গান-বাজনাৰ প্ৰতি ৰাপ থকা ল’ৰা-ছোৱালীখিনিৰ এটা দল কলেজত স্বতঃস্ফুৰ্তভাৱে গঢ় লৈ উঠিছিল৷ মাজে মাজে বন্ধৰ দিনত তেওঁলোকৰ ঘৰলৈ আহিছিল সিহঁত৷ তাৰ কোঠাত গানৰ মজলিচ্ বহিছিল৷ সিহঁতজাকৰ মাজৰ এজনী ছোৱালীক তেওঁৰ বৰ মৰম লাগিছিল৷ বৰ সুন্দৰকৈ ভায়’লিন বজাইছিল তাই৷ সৰুতেই মাতৃহীনা হোৱা তাইক পেহাক-পেহীয়েকে লগত ৰাখি নিজৰ সন্তানৰ দৰেই ডাঙৰ কৰিছিল৷ নিস্পাপ হাঁহি এটা অহৰহ ওঁঠত বিৰিঙাই ৰখা লাহী-পাহি ছোৱালীজনীৰ ‘বৰমা, ভালে আছেনে?’ বোলা কথাষাৰে তেওঁৰ মন ভৰাই তুলিছিল৷ লাহে লাহে তেওঁ মন কৰিছিল -তেওঁলোকৰ ঘৰলৈ আহিলে তাইৰ সৰু চকুযুৰি তলমুৱা হৈ থাকে, অনামী লাজ এটাই তাইৰ গালদুখন সেন্দূৰীয়া কৰি ৰাখে৷ ল’ৰাইও দেখোন তাইৰ লগত লাজ লাজকৈহে কথা পাতে৷ আঁৰৰ কাহিনীটো অনুমান কৰি তেওঁ মুখ টিপি হাঁহিছিল৷
হায়াৰ চেকেণ্ডেৰী পাছ কৰাৰ পাছত তাই ডিব্ৰুগড়ৰ কানৈ কলেজত পঢ়িবলৈ গুচি গৈছিল৷ সি দুলীয়াজান কলেজতে বুৰঞ্জী বিষয়ত মেজৰ লৈ পঢ়িবলৈ লৈছিল৷ সমান্তৰালভাৱে সি সংগীতৰ শিক্ষাও লৈ আছিল৷ দলটোৰ বিভিন্নজন বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰিছিল৷
এনেকৈয়ে বছৰবোৰ বাগৰিছিল৷ দুই জীয়ৰীয়ে উচ্চ শিক্ষা শেষ কৰি একোটা চাকৰিত যোগদান কৰিছিল৷ ল’ৰাই বি এ পাছ কৰি এখন সংগীত বিদ্যালয় খোলাৰ কথা চিন্তা কৰিছিল৷
হয়, তাক লৈ দেউতাকৰ বিৰক্তি দিনক দিনে বাঢ়ি গৈছিল৷ মানুহজনে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছিল৷ দুলীয়াজানতে মাটি এডোখৰ কিনি ঘৰ বাৰী সজাই তেওঁলোক থাকিবলৈ লৈছিল৷ ঘৰৰ আগফালৰ সৰু কোঠা এটাকে ল’ৰাই সংগীত বিদ্যালয়ৰূপে সজাই পৰাই লৈছিল৷ দুটামান ল’ৰা-ছোৱালীও গান শিকিবলৈ আহিবলৈ লৈছিল৷ অগাপিছাকৈ দুই জীয়ৰী সু-পাত্ৰৰ লগতে বিয়া হৈ গৈছিল৷
ল’ৰাৰ পচন্দত মাকে যিহেতু কাহানিবাই সন্মতি জনাই থৈছিল, গতিকে তাৰ সংসাৰখনো পাতি তেওঁ আজৰি হোৱাৰ কথা ভাবিছিল৷ মানুহজনৰ আগত উলিয়াইছিল ছোৱালীজনীৰ কথা৷
কথাষাৰ শুনিয়েই মানুহগৰাকীক প্ৰচণ্ডভাৱে ডবিয়াই উঠিছিল তেওঁ৷ তেওঁলোক আছিল ব্ৰাহ্মণ৷ সহজ-সৰল মানুহগৰাকীয়ে সন্তানৰ সুখৰ বাদে আনবোৰ কথাক গৌণ বুলি ভাবিছিল৷ কিন্তু আধুনিক আভিজাত্যৰে পৰিবেষ্টিত হৈ ভাল পোৱা মানুহজন জাত-পাতৰ সংকীৰ্ণতাৰ পৰা তেতিয়াও উধাব পৰা নাছিল৷
সেইজনী ছোৱালীক এৰিব নোৱাৰিলে তাক তাজ্যপুত্ৰ কৰাৰ হুমকি দিছিল৷
মানুহগৰাকীৰ মুখৰ মাত হেৰাই গৈছিল৷ ল’ৰা -ছোৱালীহালে এই আঘাত সহিব পাৰিবনে! তেওঁৰ বুকুখনে ধৰফৰাই উঠিছিল৷ ঘৰখনৰ সংগীতমধুৰ পৰিবেশটো নোহোৱা হৈছিল৷ সি নীৰৱে কোঠাতে সোমাই থাকি ভাল পোৱা হৈছিল৷
ঘৰলৈ অহা আলহী-অতিথিৰ আগতো মানুহজনে চৰম বিৰক্তিৰে তাৰ কথা কৈছিল৷ বাহিৰৰ কোঠাটোৰ বাজনাবোৰৰ পৰা হোৱা অশান্তি, গান শিকিবলৈ অহা ল’ৰা-ছোৱালীমখাৰ কোৰ্হালৰপৰা তেওঁ পাছবেলা অকণমান শুব নোৱাৰাৰ কথা, ’গুড ফৰ নাথিং’ ল’ৰা এটাৰ পৰা সুখ নোহোৱাৰ কথা… মানুহজনৰ গলগলীয়া মাতটো তাৰ কোঠালৈ নোযোৱাকৈ আছিল নে? পাকঘৰত আলহীৰ বাবে চাহৰ যোগাৰ কৰি থকা মানুহজনীকো কথাবোৰে হানি-খুঁচি পেলাইছিল৷
এদিন ’অকণমান ওলাই যাওঁ’ বুলি ওলাই যোৱা ল’ৰাটো এখন চিঠি হৈ ঘৰলৈ ঘূৰি আহিছিল৷ মাকলৈ বুলি আহিছিল চিঠিখন৷ লিখা আছিল- মাকে যাতে তাৰ কথা ভাবি দুখ কৰি নাথাকে৷
দেউতাকে খঙত ধৰফৰাইছিল৷ পুলিচৰ ওচৰত সি নিখোজ হোৱাৰ আবেদন দিয়া হৈছিল৷ মাকজনী গোঁসাইৰ থাপনাৰ আগত দীঘল দি পৰি ৰৈছিল৷ নাই নাই, তেওঁ ল’ৰাটো নোহোৱা হোৱাৰ বাবে দুখত মূছকঁছ যোৱা নাছিল, তেওঁ মাত্ৰ স্বামীৰ হৈ ভগৱানৰ ওচৰত ক্ষমা বিচাৰিছিল৷ দেউতাকৰ ওপৰত অভিমান কৰি ওলাই যোৱা কোমল মনৰ ল’ৰাটোক বিচাৰিবলৈনো পুলিচৰ সহায় লব লাগেনে?
সৰলমতি মানুহগৰাকীয়ে ভাবি লৈছিল-সি নিশ্চয় তাইৰ ওচৰলৈকে গৈছে৷ দুয়োটাই হয়তো নিজাববীয়াকৈয়ে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথাও ভাবিছে৷ সংসাৰ তৰক সিহঁতে, তেওঁ দূৰৰ পৰাই নীৰৱে কাঁজলি কাঁজলি আশীৰ্বাদ প্ৰেৰণ কৰিছিল৷ মানুহজনে খং-ৰাগ এৰি সিহঁতহালক মাতি আনি বুকুত সামৰি লোৱাৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছিল তেওঁ৷
নিজৰ সংসাৰ আৰু চাকৰিত ব্যস্ত জী দুজনীৰো মাক-দেউতাকৰ খবৰ ৰাখিবলৈও ক্ৰমে আহৰি নোহোৱা হৈ আহিছিল৷
অনেকটা বছৰ বাগৰি গৈছিল৷ হৃদৰোগে বাহ সাজি লৈছিল মানুহজনৰ শৰীৰত৷ পো-বোৱাৰীৰ অপেক্ষাই মানুহজনীক অহৰহ জীয়ন দি ৰাখিছিল৷ ল’ৰাটোৰ বাদ্যযন্ত্ৰবোৰ ধূলি-মাকতি নপৰাকৈ ৰখা, তাৰ ধুই থোৱা কাপোৰবোৰকে পুনৰ ধুই ইস্ত্ৰি কৰা, খালী হৈ থকা একুৰিয়ামটো, ৰংচঙীয়া শিলগুটিবোৰ, চোতালৰ টাববোৰ সযতনে ৰখা- এইবোৰ মানুহজনীৰ এৰাব নোৱাৰা কাম আছিল৷ তেওঁ জানে, সিহঁতহাল আহিলেই ঘৰখন পোহৰ হ’ব, কোঠাবোৰে গান গাব, টাবত ফুলবোৰে হাঁহিব, একুৰিয়ামটোত ৰঙীন মাছবোৰে নাচিব৷
তেওঁৰ ভাবনাৰ পৃথিৱীখনত সিহঁতহালৰ সংসাৰখনৰ বতাহজাক মধুৰ সংগীতময় হৈ আছিল, কিজানি নতুন মাত এটিৰ কলকলনিয়ে ঘৰখন অধিক প্ৰাণৱন্ত কৰি তুলিছিল৷
মানুহগৰাকীয়ে অধীৰ হৈ ক্ষণ গণি থকা দিনবোৰতে এদিন শুই থকা অৱস্থাতে মানুহজন চেঁচা হৈ পৰিছিল৷ জী-জোঁৱাইহঁত আহি পাইছিল৷ যাৱতীয় কৰ্মখিনি কৰা হৈ গৈছিল৷ মানুহগৰাকীৰ চাটিফুটিবোৰ বাঢ়িছিল- সিহঁতহালক কোনেও খবৰ এটা দিব নাপায়নে! জীয়েকহঁতে মাকক লগত লৈ যাবলৈ বিচাৰোঁতে তেওঁ একেষাৰে না কৰিছিল৷
কাৰণ?
কাৰণ পো-বোৱাৰী আহি ঘৰত তলা দেখি উভতি যাব৷
দুই জীয়েকে ইজনীয়ে-সিজনীৰ মুখলৈ চাইছিল৷ কি কয় মাকে? মাকে কি সঁচাকৈয়ে তাৰ কিবা খবৰ পাই থাকে নেকি? জুখি-মাখি কথা কোৱা মাকজনীৰ পৰা সিহঁতে বিশেষ কোনো কথা উদ্ধাৰ কৰিব নোৱাৰিছিল৷
দেউতাকৰ চাহাবী ঢংবোৰ আয়ত্ত কৰি চলিব নোৱাৰাৰ বাবে মাকে প্ৰায়ে দেউতাকৰ পৰা বিদ্ৰূপভৰা কথা শুনিছিল৷ সিহঁত দুজনীও দেউতাকৰ দৰেই চৌখিন আছিল, যদিও কোনোদিনে মাকক ঠাট্টা-মস্কৰাৰ বিষয় কৰি লোৱা নাছিল৷ তথাপিও মাকে কিয় জানো নিজৰ ছোৱালী দুজনীৰ পৰা দূৰত্ব এটা ৰাখি চলিছিল! কিজানি দেউতাকৰ ফুটত উঠা ছোৱালী কাৰণে সিহঁতৰ পৰাও বিদ্ৰূপৰ মাত শুনিবলগা হ’ব বুলিয়েই মাকে ধৰি লৈছিল৷ সিহঁত দুজনীৰ বিৰক্তিবোৰ থূপ খাইছিল কেৱল ভায়েকটোৰ কৰ্ম-কাণ্ডবোৰৰ ওপৰতহে৷ এদিন সিয়ো হঠাৎ নোহোৱা হ’ল৷ আৰু মাকৰ মতে সি এতিয়া নিজৰ সংসাৰত সুখী৷ যদি এইবোৰ সঁচা হয়, তেন্তে সি আছে ক’ত? সেয়া তাইহে জানিব৷
হয়, কেৱল তাই জানিব৷ কিন্তু তাইৰ খবৰ কোনে দিব পাৰিব?
জী-জোঁৱাইহঁতৰ মাজত এই বিষয়ে আলোচনা চলিল৷ তাৰ বন্ধু-বান্ধৱৰ লগতো যোগাযোগ চলিল৷ কেনেবাকৈ তাইৰ ফোন নম্বৰটো উদ্ধাৰ কৰিব পৰা গ’ল৷
পিছে নাই, কথাবোৰ সিহঁতে ভবাৰ দৰে হোৱা নাছিল৷
মাকক লৈ জীয়েকহঁত সমস্যাত পৰিল৷ বৃদ্ধাশ্ৰমৰ কথাও দুই-একে উলিয়ালে৷ অৱশেষত উপায় ওলাল৷ তায়েই উপায় উলিয়ালে৷

আজি তাৰ ওপজা দিন৷ যোৱাৰাতি সপোনটো দেখাৰ নিশ্চয় কিবা গূঢ়াৰ্থ আছে৷ আজি অন্ততঃ ল’ৰাটো নহাকৈ নাথাকে৷
সময়বোৰ পাৰ হৈ গৈছে মানে মানুহগৰাকীৰ চাটিফুটিবোৰ বাঢ়ি আহিছে৷ আইচেংফাই তেওঁৰ ওচৰতে বহিছিলগৈ৷ মানুহজনীয়ে তাইৰ হাত এখন নিজৰ দুয়ো হাতৰ মাজত আলফুলে সুমুৱাই তাইলৈ মৰমেৰে চালে৷ এইজনী ছোৱালী তেওঁৰ পুত্ৰৰ একমাত্ৰ আকাংক্ষা! সি ঘৰৰ পৰা গুচি যোৱাৰ পাছত তাইলৈও এখন চিঠি গৈছিল৷ সি হেনো লিখিছিল-সি চাকৰি এটাত সোমাল৷ চাকৰিটোত ছুটী বৰ কম, সি কেতিয়া আহিব পাৰিব কোনো ঠিকনা নাই৷
এইকথা তায়েই জানো তেওঁক কোৱা নাছিল? সি তাইলৈ বুলি লিখা চিঠিখন তেওঁ যে কিমানবাৰ পঢ়িছে! সেইকাৰণেইতো তেওঁ তাইৰ লগতে থাকিবলৈ গুচি আহিছিল৷ তেওঁৰ জীয়েকহঁতকো তাই বুজাই-বঢ়াই মান্তি কৰাইছিল৷ তেওঁক বৃদ্ধাশ্ৰম এখনত থোৱাটো জীয়েকহঁতে প্ৰায় খাটাং কৰাৰ সময়তে তাই ওলাইছিলগৈ৷
মানুহজনীয়ে কিবা এটা মনত পৰাৰ দৰে হঠাতে তাইক কৈ উঠিল-
:আইজনী অ’, সি তোমালৈ দিয়া চিঠিখন মোক দিয়াচোন৷ সি নহালৈকে মই তাৰ হাতৰ আখৰকেইটাকে চাই থাকোঁ৷
বুকুখন ধুককৈ উঠিল আইচেংফাৰ৷ তাই মানুহগৰাকীৰ হাতত চিঠি এখন তুলি দিলে৷ প্ৰতি বছৰৰ এই তাৰিখটোতে মানুহজনীক এইখন চিঠিৰ প্ৰয়োজন হয়৷ চিঠিখনৰ নীলা আখৰকেইটাৰ ওপৰত মানুহজনীয়ে পৰম মমতাৰে হাত বুলাই দিলে৷
মানুহজনীক চিঠিখন দি আইচেংফাই ভিতৰৰ কোঠালৈ গৈ ঈষৎ হালধীয়া হৈ পৰা কাগজ এখিলা আলমাৰিৰ পৰা লাহেকৈ উলিয়াই আনিলে৷ কাগজখিলা তাই আলফুলে নিজৰ কঁপা কঁপা ওঁঠযুৰিত লগাই দিলে৷
:জীৱনটো বৰ দীঘলীয়া আইচু, মোৰ অপেক্ষাত বন্দী হৈ নাথাকিবা৷
কাগজখিলাৰ শব্দকেইটা সি বাৰু কি ৰঙৰ চিঞাহীৰে লিখিছিল?
ওঁহো! সেয়া জনাৰ কোনো প্ৰয়োজন নাই এতিয়া৷
অপেক্ষাৰ ৰং থাকেনে? সেয়া জানে কেৱল আইচেংফাই৷
কাৰণ আইচেংফাৰ জীৱনৰ কেনভাচখন, সি এদিন ঘূৰি অহাৰ অপেক্ষাৰ ৰঙেৰে ভৰি উঠিছে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!