বিহু আৰু কিছু মনলৈ অহা কথা
লেখক- প্ৰবীৰ টুৰুং
আমাৰ বাপতি-সাহন বহাগৰ বিহুটি সমাগত। ইতিমধ্যেই কুলি কেতেকী চৰায়ে সুৰীয়া মাতেৰে, গছ-গছনিয়ে কুঁহিপাতেৰে বিহু বিহু লগা পৰিবেশ এটা আনিছে। ৰাইজে বিহুক আদৰিবলৈ প্ৰস্তুতি কৰিছে। গাঁৱে-ভুয়ে, নগৰে- চহৰে বিহু সন্মিলন, ব’হাগী উৎসৱ, ব’হাগী বিদায় আদিৰ আয়োজনৰ প্ৰস্তুতি কৰিছে। কে
কোনে কিমান দামী পেন্দেল সজাব, কিমান দামী শিল্পীক আনিব তাৰ পৰিকল্পনা কৰাত ব্যস্ত হৈ পৰিছে বিহু কমিটি সমূহ।
”ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় মাথোঁ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা!
গণ জীৱনৰ ই সাহ।”
এই ব’হাগৰ বিহুটি আমি পালন কৰিবই লাগিব, ই আমাৰ সংস্কৃতিয়েই কেৱল নহয় আমাৰ জাতীয় পৰিচয়ো। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণিৰে পৰাই বিহুৱে প্ৰথম আৰু প্ৰধান উৎসৱ হিচাপে স্থান লাভ কৰি আহিছে।
সময়ৰ লগে লগে বিহুৱেও নতুন নতুন ৰূপ লৈছে। এদিন গছৰ তলৰ বিহুৱে ৰজাঘৰীয়া আতিথ্যৰে ৰংঘৰৰ বাকৰিত স্থান লাভ কৰিলে, প্ৰজাৰ চোতালত হুঁচৰি বিহুৱে আৰ্শীবাদ দিবলৈ ধৰিলে। বিহু অসমীয়া জীৱনৰ এক অবিচ্ছিন্ন অংগ হৈ পৰিল। মাজতে ব্ৰিটিছ চৰকাৰৰ দিনত সেইসময়ৰ তথাকথিত কিছু বিদেশী শিক্ষাৰে শিক্ষিত, উচ্চবিত্ত, আমোলা বিষয়া, নতুন নগৰীয়া বিদেশী সংস্কৃতিৰ পৃষ্ঠপোষক অসমীয়া সংস্কৃতিৰ বিদ্বেষী কিছু অসমীয়া লোকে বিহুক “অশ্লীল সংস্কৃতি ““ইতৰ লোকৰ অশ্লীল অনুষ্ঠান” বুলি অভিযোগ তুলি সেই সময়ৰ বাতৰি কাকত, আলোচনী আদিত ব্যাপক ভাবে প্ৰচাৰ কৰিও ক্ষান্ত নাথাকি ইয়াক নিষিদ্ধ কৰিবলৈকো চৰকাৰক দাবী জনালে। এই বিহুবিদ্বেষী অসমীয়াসকল আছিল হলিৰাম ঢেকীয়াল ফুকন, আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, কমলাকান্ত ভট্টাচাৰ্য, বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্য আদি সেইসময়ৰ তথাকথিত অসমপ্ৰেমী। এই লোক সকলৰ প্ৰৰোচনাত ব্ৰিটিচ কোম্পানী চৰকাৰে ১৮৯৭ চনত বিহুক নিষিদ্ধ কৰাৰ সিদ্ধান্তত উপনীত হৈছিল। অসমীয়া জীৱনৰে সংপৃক্ত, জাতিৰ স্বভিমান বিহুক নিষিদ্ধ কৰিবৰ বাবে সিদ্ধান্ত লোৱাৰ খবৰে সকলোকে বিচলিত কৰিলে, কিন্তু সেই সময়ৰ শিক্ষিত অসমীয়া আমোলা বিষয়া আৰু অন্য গণ্যমান্য লোকসকলে ইয়াৰ বিৰোধিতা কৰিবৰ বাবে সাহস নকৰিলে। নগাঁৱত তৰণী হিচাপে কৰ্মৰত আনন্দ দাসে ব্ৰিটিছ বিষয়াসকলক বিহু যে অসমৰ এক সু-সংস্কৃতি, ইয়াত যে কোনো অশ্লীলতাৰ স্থান নাই ইয়াক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে। আনন্দ দাসৰ কথাত তেওঁলোকে বিহুনাচ চাবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। আনন্দ দাসে কলংপৰীয়া ওজা মৈমত টাটিঙাৰ সৈতে এটি বিহুৰ দল গুৱাহাটীলৈ নি ব্ৰিটিচ বিষয়া সকলৰ আগত বিহুনাম, বিহু নাচ প্ৰদৰ্শন কৰিলে। ব্ৰিটিছ বিষয়াসকলে দলটোৰ বিহুনাম, বিহু নাচ দেখি ইয়াত অশ্লীলতা দেখাৰ বিপৰীতে বিহু যে প্ৰকৃতপক্ষে প্ৰাকৃতিৰ ৰূপেৰে বৰ্ণিত, প্ৰেমময় প্ৰকাশ সেইটো বুজিব পাৰিলে আৰু বিহুক নিষিদ্ধ কৰিব বিচৰা সকলৰ ষড়যন্ত্ৰৰ ইমানতে ইতি পৰিল। এই মৈমত টাটিঙা ওজাৰ ভনীয়েক চেনিমাই এই দলটোৰ অন্যতম আছিল বাবেই আজিও বিহুনামত বেছিকৈ চেনিমাই নাম উল্লেখ কৰা হয় বুলি বহুতে মন্তব্য কৰে।
১৯৫২চনত গুৱাহাটিৰ লতাশিল খেলপথাৰত সেই সময়ৰ কেইজনমান বিশিষ্ট লোকৰ প্ৰচেষ্টাত বিহুক মঞ্চলৈ আদৰি অনা হয়। আজি অসমৰ সকলো অঞ্চলতে আমি বিহুক মঞ্চত আদৰি লৈছোঁ। বিহু মঞ্চত বিহুৰানী, বিহু কোঁৱৰী, বিহুৱতী, বৰ
বিহুৱা, হুঁচৰি, ঢোলবাদন, পেপা বাদন আদিৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাই মুখ্য স্থান অধিকাৰ কৰে। বৰ্তমানে অধিকাংশ আয়োজকে নামি দামী সংগীত শিল্পীক আমন্ত্ৰণ কৰাতহে প্ৰধান্যতা দিয়ে। ইতিমধ্য সকলো সংগীত শিল্পীয়ে নিজৰ নিজৰ এৰাতিৰ মাননি(পাৰিতোষিক) নিৰ্ধাৰণ কৰি বিজ্ঞাপন প্ৰকাশ কৰিছে। তেওঁলোকৰ পাৰিতোষিক দেখি জনতাৰ চকু কপালত উঠিছে। এই লৈ বিতৰ্কও হৈছে। যদিও এই শিল্পীসকল আমাৰ সমাজ জীৱনৰেই এক অংশ, এওঁলোকক আগবঢ়াই নিয়াতো আমাৰ কৰ্তব্য বুলি ভাবোঁ, কিন্তু এই শিল্পীসকলে সাধাৰণ জনতাৰ কথা প্ৰকৃততে কিমান চিন্তা কৰে এই লৈ মনত প্ৰশ্ন জাগে। মাত্ৰ নিজকে আনজনতকৈ শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ নিজৰ পাৰিতোষিক অন্যজনতকৈ বেছি কৰিবলৈ চেষ্টা চলোৱা যেন অনুভৱ হয়। আয়োজক কমিটি সমূহে ৰাইজৰ পৰা চান্দা সংগ্ৰহ কৰি এওঁলোকৰ পাৰিতোষিক আদায় দিয়ে। অনুষ্ঠান আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ ধন আদায় দিব লাগে অন্যথা মঞ্চলৈ নাহে। আয়োজক সমিতিয়ে বিভিন্ন ক্ষেত্ৰৰ লোকৰ পৰা চান্দা সংগ্ৰহ কৰিব ল’গা হয়। ডাঙৰ ব্যৱসায়ীসকলে বস্তু আদিৰ দাম বৃদ্ধি কৰিও তেওঁলোকে দিয়া চান্দাৰ ধনৰ দুগুন আৰ্জি ল’ব পাৰে কিন্তু ক্ষুদ্ৰ ব্যৱসায়ী আৰু চাকৰীয়াল সকলৰ সাঁচতীয়া ধন চান্দা হিচাপে দিব লগা হয়। কেতিয়াবা আয়োজক সকলৰ হেঁচাত অথবা সন্মানৰ স্বাৰ্থত অনিচ্ছাকৃত পৰিমাণৰ চান্দা দিব লগা হয়। আজি বিহুৰ মঞ্চত কিমান দামী গায়ক গায়িকাক আনিব পাৰি তাৰ প্ৰতিযোগিতাত সকলো ব্যস্ত। সেই গায়ক গায়িকাৰ গানৰ তালে তালে দুভাগ নিশালৈ সুৰাৰ ৰাগী লৈ উদ্দাম নৃত্য কৰি, কেতিয়াবা বোকা নৃত্য কৰি আমি বিহুক প্ৰকৃত মৰ্যাদা দিছোঁনে? নামী দামী শিল্পীৰ পৰিবৰ্তে আমি স্থানীয় প্ৰতিভাৱান শিল্পীক আগবঢ়াই আনিব নোৱাৰোনে
কৰ্মসূত্ৰে গুজৰাটত ছয়বছৰ আছিলোঁ। গুজৰাটত নৱৰাত্ৰি বৰ উলহ-মালহেৰে পালন কৰে। এই সময়ত আয়োজক কমিটিসকলে কোনো খেলপথাৰত বাঁহেৰে বেৰি ৰাখে আৰু মাজত সৰু মঞ্চ এখন বনাই কোনো গায়ক গায়িকাৰ দ্বাৰা বা ৰেকৰ্ড প্লেয়াৰৰ দ্বাৰা গান পৰিবেশন কৰে। গুজৰাটী লোকসকলে সপৰিয়ালে বা সবান্ধৱে তেওঁলোকৰ জাতীয় পোচাক পৰিধান কৰি নিৰ্দিষ্ট পৰিমাণৰ মাচুল দি খেলপথাৰৰ বেৰি ৰখা অংশলৈ গৈ গানৰ তালে তালে শৃঙ্খলাবদ্ধ ভাৱে গাৰবা( Garba) আৰু দাণ্ডীয়া(Dandia) নাচ নাচে। এই অংশলৈ গৈ নাচিবলৈ তেওঁলোকৰ জাতীয় পোচাক পৰিধান কৰাতো বাধ্যতা মূলক। বেৰাৰ বাহিৰৰ পৰা দৰ্শকে নাচ উপভোগ কৰিব পাৰে যাৰ বাবে কোনো মাচুলৰ প্ৰয়োজন নাই। পৰিয়ালৰ সকলো সদস্য, বন্ধু বান্ধৱীৰ দলে মাচুল দি নৃত্য কৰি জীৱন উপভোগ কৰে। যাৰ বাবে আজি গাৰবা আৰু ডাণ্ডীয়া দেশৰ লগতে বিদেশতো সকলোৰে পৰিচিত।
আমি সততে গুজৰাট মডেলৰ কথা কওঁ। যদি গুজৰাটী সকলৰ দৰে আমাৰ ইয়াতো এটা সংৰক্ষিত স্থানত বিহুৰ দিনা বা বিহুৰ সময়ত ঢুলীয়া নামতি ৰাখি কেৱল মাত্ৰ বিহু নাচিবৰ বাবে সুবিধা কৰি আয়োজন কৰা হয়, যাৰ ইচ্ছা থাকে নিৰ্দিষ্ট মাচুল দি, জাতীয় পোচাক পিন্ধি বিহু নাচি উপভোগ কৰিব পাৰে, নিশ্চয়কৈ ভাল হ’ব। এই ক্ষেত্ৰত আয়োজক সমিটি সমূহে চান্দা তোলাৰ প্ৰয়োজন নহ’ব। নাচত অংশগ্ৰহণ কৰা লোকসকলৰ মাচুলৰ পৰাই খৰচসমূহ পূৰণ কৰিব পৰা হ’ব আৰু বিহু নাচত সকলোৱে নাচি উপভোগ কৰিব পাৰিব। মোৰ গুজৰাটৰ ছয়বছৰীয়া কৰ্মকালত এটকাও চান্দা দিবলগীয়া হোৱা নাছিল। আমাৰ ইয়াত কৰ্মস্থলী আৰু ৰাস্তাই ঘাটে চান্দা তোলাৰ প্ৰকোপ দেখিলে সেই গুজৰাটৰ দিনবোৰলৈ মনত পৰে। বিহুৰ প্ৰাক-ক্ষণত মনলৈ অহা কিছু কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ, বিতৰ্কৰ বাবে নহয়। ব’হাগে আনে আশা, প্ৰত্যাশা জীৱন জীয়াৰ অনুপ্ৰেৰণা।
সকলোলৈ বিহুৰ শুভকামনা জনালোঁ।