ভাপত দিয়া পিঠা আৰু অমিতাৰে পাৰ মাংসৰ জুতি
লেখক- পিংকী বৰুৱা
ভাপত দিয়া পিঠা (ৰাইচ কেক):
উপকৰণঃ
জহা চাউলৰ পিঠাগুড়ি দুকাপ
গাখীৰ একাপ
চেনি ১/৩ কাপ (প্ৰয়োজনমতে)
বেকিং পাউদাৰ এক চাহ চামুচ
ইলাচি গুৰি ১/৪ চাহ চামুচ
নিমখ ১/৪ চাহ চামুচ
ট্ৰুটি-ফ্ৰুটি অলপমান (ঐচ্ছিক)
ময়দা ১/৪ কাপ
ৰিফাইন তেল এক চাহ চামুচ
পানী প্ৰয়োজনমতে
প্ৰণালীঃ
ডাঙৰ পাত্ৰ এটাত পিঠাগুড়িখিনি ঢালি তাত বেকিং পাউদাৰ, ইলাচি গুড়ি, নিমখ আৰু চেনিখিনি দি ভালদৰে মিহলাই ল’ব। তাৰপাছত পিঠাগুড়িখিনিৰ ওপৰত গাখীৰ আধাকাপতকৈ অলপ বেছিকে ঢালি ভালদৰে মিহলাই ল’ব। (পিঠাগুড়িৰ মিশ্ৰণটো বৰ বেছি ডাঠ বা পনীয়া কৰিব নালাগে। কেক কৰিবলৈ লোৱা মিশ্ৰণটোৰ জোখত ৰাখিব লাগিব) পিঠাগুড়িৰ মিশ্ৰণটো গাখীৰৰ লগত ভালদৰে মিহলি হ’লে প্ৰায় দহ মিনিটমান সময়ৰ বাবে মিশ্ৰণটো ঢাকি থ’ব। আনহাতে, বাটি এটাত ময়দাখিনি লৈ তাত ট্ৰুটি-ফ্ৰুটিখিনি দি ভালদৰে মিহলাই ট্ৰুটি-ফ্ৰুটিখিনি চালনীৰ সহায়ত চালি ল’ব। এতিয়া ৰাইচ কুকাৰ এটাত প্ৰয়োজনমতে পানী দি উতলিবলৈ দিব। চাৰিটা সৰু ষ্টীলৰ বাটি লৈ তাত ৰিফাইন তেল সানি ল’ব। তাৰপিছত পিঠাগুড়িৰ মিশ্ৰণটো প্ৰতিটো বাটিত আধা হোৱাকে দি ওপৰত ট্ৰুটি-ফ্ৰুটি সাত/আঠটামানকৈ পৰাকৈ ছটিয়াই দিব। তাৰপিছত আৰু অলপ পিঠাগুড়িৰ মিশ্ৰণ বাটিকেইটাৰ ওপৰত দি ট্ৰুটি-ফ্ৰুটিখিনি ঢাকি দিব। বাটিটোত ৩/৪ অংশ হোৱাকৈ পিঠাগুড়িৰ মিশ্ৰণ দিব লাগিব। ৰাইচ কুকাৰত দিয়া পানীখিনি উতলিবলৈ ধৰিলে বাটিকেইটা ৰাইচ কুকাৰৰ ষ্টীমাৰত দি ঢাকি দিব। প্ৰায় পঁচিছ মিনিটমান সময় ভাপত দিয়াৰ পিছত পিঠাৰ ভিতৰৰ অংশ সিজিছেনে নাই চাবৰ বাবে শলা বা টুথপিক এডালৰ সহায়ত পিঠাটো খুঁচি চাব পাৰে। শলাডাল পৰিষ্কাৰ হৈ আহিলে পিঠা সিজিছে বুলি গম পাব। পিঠাকেইটা সিজিলে বাটিকেইটা নমাই থ’ব। ঠাণ্ডা হ’লে বাটিকেইটা প্লেট এখনত লুটিয়াই দিলে পিঠাবোৰ ধুনীয়াকৈ ওলাই আহিব। একেদৰে বাকী পিঠাও বনাই ল’ব। গৰমে গৰমে চাহৰ লগত ভাপত দিয়া পিঠাৰ জুতি লওক। খাবলৈ বৰ ভাল পাব।
অমিতাৰে পাৰ মাংসৰ জুতি:
উপকৰণঃ
অমিতা এফাল
পাৰ মাংস ২০০ গ্ৰাম
আলু দুটা
পিঁয়াজ তিনিটা
তেজপাত তিনিখিলা
শুকান জলকীয়া প্ৰয়োজনমতে
গোটা জিৰা আধা চাহ চামুচ
গোটা ধনিয়া আধা চাহ চামুচ
জালুক আধা চাহ চাহ চামুচ
পানী প্ৰয়োজনমতে
মিঠাতেল প্ৰয়োজনমতে
নিমখ স্বাদ অনুযায়ী
হালধি এক চাহ চামুচ
আদা-নহৰুৰ পেষ্ট এক চাহ চামুচ
গৰম মচলা ১/৪ চাহ চামুচ
প্ৰণালীঃ
পাৰটো পৰিষ্কাৰ কৰি জোখত কাটি ল’ব। আলু আৰু অমিতাৰ বাকলি গুচাই জোখত কাটি ল’ব। পিঁয়াজকেইটা কুটি ল’ব। বাটি এটাত শুকান জলকীয়া, গোটা জিৰা, গোটা ধনিয়া আৰু জালুক লৈ তাতে প্ৰয়োজনমতে গৰম পানী ঢালি মচলাখিনি কোমল হ’বলৈ দি পিছত মিহিকে মিক্সী বা পটাত পিচি ল’ব। এতিয়া পাৰ মাংসখিনিৰ ওপৰত প্ৰয়োজনমতে নিমখ, হালধি, মিঠাতেল এক চামুচ আৰু মচলাৰ পেষ্ট অলপমান দি মাংসখিনি ভালদৰে সানি প্ৰায় পোন্ধৰ মিনিটমান সময়ৰ বাবে ঢাকি ৰাখিব। কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাত তেজপাত, পিঁয়াজ আৰু আদা-নহৰুৰ পেষ্টখিনি দি প্ৰায় ৰঙচুৱা হোৱাকৈ ভাজিব। তাৰপিছত তাত মচলা সানি থোৱা পাৰ মাংস, অমিতা আৰু আলুখিনি দি ভালদৰে লৰাই ঢাকি দিব। মাজে মাজে মাংসখিনি লৰাই আকৌ ঢাকি দিব। অলপ সময় তেনেকৈ ভজাৰ পিছত মাংসৰ ৰংটো ধুনীয়া হৈ মাংসখিনি ফুটিবলৈ ধৰিলে তাত পিচি থোৱা বাকী মচলাৰ পেষ্টখিনি দি মাংসখিনি ভালদৰে লৰাই অলপ সময় ভাজিব। তাৰপিছত তাত প্ৰয়োজনমতে গৰম পানী ঢালি মাংসখিনি ঢাকি ভালদৰে উতলিবলৈ দিব। মাংসৰ আঞ্জাখন উতলি ডাঠ হ’বলৈ ধৰিলে গৰম মচলাখিনি (ঘৰত তৈয়াৰ কৰা) দি প্ৰায় দুই মিনিটমান সময় মাংসখিনি উতলিবলৈ দি গেছৰ জুই নুমুৱাই দিব। গৰমে গৰমে ভাতৰ লগত অমিতাৰ লগত ৰন্ধা পাৰ মাংসৰ জুতি লওক। এই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়।