ভালপাওঁ নিজক

লেখক- ৰীমা কলিতা চুবেদাৰ

 

সজোৰে দুৱাৰখন বন্ধ কৰি দিয়ে তেওঁ। ক্ষন্তেক সময়ৰ বাবে মোৰ সন্মুখৰ পৃথিৱীখন এন্ধাৰেৰে আগুৰি ধৰে। কত দিন, মাহ, বছৰ অতিবাহিত কৰিলোঁ জীৱনৰ এন্ধাৰ কুঠৰীত, তথাপিও যেন আজিৰ এই এন্ধাৰ বেছি ভয়ংকৰ। বেছি গভীৰ। ইমানদিনে কেৱল চকুৰ সন্মুখভাগ এন্ধাৰ আছিল আজি এই এন্ধাৰ মনৰ ভিতৰলৈ শিপাই গ’ল গোটেই জীৱনৰ বাবে। 

 

বহা ঠাইতে একেভাজে বহি উভতি গ’লো পাঁচ বছৰ আগৰ সময়বোৰলৈ…

 

সুখী হ’বলৈ মানুহক কি লাগে ??? নাজানো….ইয়াৰ উত্তৰ নাই মোৰ ওচৰত। কিন্তু একেআষাৰে ক’ব পৰাকৈ সুখী আছিলোঁ মই…হয় নিলক পাই অত্যন্ত সুখী মই। 

নিল….

নিলোৎপল….

মোৰ সমগ্ৰ সত্তা আগুৰি থকা নিল…যাৰ অবিহনে নিজক ভাবিবই নোৱাৰোঁচোন মই। নিলক জীৱনলৈ আদৰণি জনোৱাত পূৰ্ণ সমৰ্থন পাইছিলোঁ মা-দেউতাৰ পৰা। আৰু নিলৰ মাক দেউতাক ????? তেওঁলোকে বোৱাৰীৰ ৰূপত ছোৱালী এজনী বিচাৰি পাইছিল হেনো। ময়ো যেন নিজৰ ঘৰৰ পৰা আন এখন নিজৰ ঘৰলৈয়ে যাবলৈ যো-জা চলাইছিলোঁ। 

 

ন বছৰীয়া কলেজীয়া প্রেমে পূৰ্ণতা লাভ কৰি বিবাহৰ দৰে এটা সুন্দৰ সম্পৰ্কলৈ আগবাঢ়ি যোৱাত নিল, মোৰ লগতে আমাৰ ঘৰ দুখনতকৈও বহুত বেছি সুখী হৈছিল আমাৰ দুয়োৰে উমৈহতীয়া বন্ধু কুনাল, ভাস্কৰ, পৰাগ, ৰেহেনা, বিনীতা। গোটেইকেইজনৰ আবদাৰত কিছু ডাঙৰকৈয়ে পাৰ্টি এটা দিব লগা হৈছিল নিলে। কোনোদিন সুৰাপান নকৰা নিলে সেইদিনা স্ফূৰ্তিতে হাতত তুলি লৈছিল সুৰাৰ গিলাচ। 

হাঁহি স্ফূৰ্ত্তি কৰি উভতি অহা আমি, আমাৰ বাবে বাটত যে কাল ৰৈ আছিল একো উমানেই পোৱা নাছিলোঁ। আমাৰ বাইকখনত পিছৰপৰা এখন দ্রুতবেগী ট্রাকে খুন্দা মৰালৈকেহে আমাৰ মনত আছিল আৰু যেতিয়া হুচ আহিছিল কাষত থকা মায়ে জনাইছিল মই নাৰ্চিং হোমত। অন্ধকাৰ আছিল মোৰ চৌপাশ। 

 

নিল ও আঘাতপ্ৰাপ্ত হৈছিল, কিন্তু মোৰ তুলনাত সেয়া তেনেই সাধাৰণ আছিল। এসপ্তাহ চিকিৎসাৰ নামত মোৰ পৰা দূৰত থকা নিল মোৰ কাষলৈ অহাৰ পাছৰে পৰা যোৱা পাঁচ বছৰে মোৰ কাষত আছে। এই পাঁচ বছৰত নিলৰ মাক দেউতাক, পৰিয়ালৰ বহুজনৰ কটু কথাই হৃদয় মুচৰি পেলাইছিল মোৰ। তীক্ষ্ণ বাক্যই থকা সৰকা কৰিছিল মা-দেউতাকো। বহুজনৰ পৰা তাগিদা পাইছিলোঁ নিলৰ জীৱনৰ পৰা আঁতৰি যাবলৈ। চেষ্টাও কৰিছিলোঁ…..কিন্তু নিলৰ মৰমে মোক আঁতৰি যাব নিদিলে। এজোপা বটবৃক্ষৰ দৰে নিজৰ ছাঁত আৱৰি ৰাখিছিল নিলে মোক। 

 

কিন্তু সময়ে সকলো সলনি কৰে। নিল ও সলনি হ’ল। যিজন নিলে মোৰ বাবে গোটেই পৃথিৱীৰ লগত যুঁজিবলৈ সাজু আছিল সেই নিলেই মোক অৱহেলা কৰা হ’ল। সকলো হেৰুৱায়ো যাৰ বাবে বাৰে বাৰে জী উঠিব খোজোঁ দোৰোল খোৱা জিভাৰে সি মই মৰি যোৱা হ’লেই ভাল আছিল বুলি ক’বলৈ কুণ্ঠাবোধ নকৰা হ’ল। কিন্তু মৰিম বুলি জানো মানুহ মৰিব পাৰে। এটা দুৰ্ঘটনাই সকলো কাঢ়ি নিয়াৰ পিছতো জীয়াই আছিলোঁ মই। এয়া যে মায়া……নিলৰ প্রতি থকা প্রেমৰ মায়া। 

 

আৰু আজি…..

: নোৱাৰোঁ আৰু মই তোমাক সহ্য কৰিব….নোৱাৰোঁ মই ঘৰৰ বিৰুদ্ধে যাব…..মা দেউতা বংশ পৰিয়ালৰ বিৰুদ্ধে যাব…… নোৱাৰোঁ মই সমাজৰ আগত তোমাক চিনাকি দিব….তোমাৰ হাতত হাত ধৰি খোজত খোজ মিলাব নোৱাৰোঁ মই…..

 

: কিন্তু এদিন তুমিয়েইটো …

 

: মূৰ্খ আছিলোঁ মই….. ভাল বেয়া, উচিত অনুচিত বিচাৰ কৰিব পৰা ক্ষমতা নোহোৱা হৈছিল…..আজি বুজিছোঁ ভালপোৱাৰ নামত নিজৰ জীৱনৰ লগত সন্ধি কৰিব নোৱাৰোঁ…..গোটেই জীৱন নোৱাৰোঁ কটাব তোমাৰ লগত…..তোমাতকৈ ভালপাওঁ মা দেউতাক…..ভালপাওঁ এই ৰঙীন পৃথিৱীখন য’ত এন্ধাৰৰ প্রয়োজন নাই…..আৰু কি জানা????

সকলোতকৈ অধিক ভালপাওঁ নিজক……

 

: শেষবাৰলৈ এবাৰ চুই চাব দিবা তোমাক…..

 

হয়তো অস্বস্তি অনুভৱ কৰিছিল নিলে। ভাল হ’ল নেদেখিলোঁ মই। চুই চালোঁ হিয়া উজাৰি নিলক। অনুভৱ কৰিলোঁ নিলক। অলপ আগতে নিলে কোৱা কথাবোৰ যেন পাহৰি গ’লো। কুৰুকি বুকুৰ মাজত সোমাব লওঁতেই উচাৎ মাৰি গুচি গ’ল নিল……

চিৰদিনৰ বাবে….

সজোৰে দুৱাৰখন বন্ধ কৰি দিয়ে তেওঁ…

 

                                ****************

 

ইমানদিনে অভ্যস্ত হৈ পৰিছোঁ ঘৰৰ প্রতিটো চুক কোণৰ সৈতে। নহ’মনো কিয়…..এইখন যে মোৰ জন্ম ঘৰ। য’ত মই নিৰাপদ অনুভৱ কৰোঁ। য’ত মই মুকলিকৈ উশাহ ল’ব পাৰোঁ। য’ত মোৰ মৰমৰ মানুহ এহালে অনবৰতে মৰমেৰে আগুৰি ৰাখে মোক…..

কিন্তু নিল ???

আজিৰ পৰা যে নিল নাই মোৰ জীৱনত…..

তেন্তে এই জীৱনৰ মূল্যই বা কি। নিলকেই যেতিয়া প্রয়োজন নাই তেন্তে এনে এটি জীৱন জীয়াই থকাৰো প্রয়োজন নাই। 

 

টেবুলখনৰ দৰৱেৰে ভৰি থকা ড্রয়াৰটো খুলি গোটেই টেবলেটখিনি হাতত তুলি লওঁতেই টেবুলত থকা ফোনটো বাজি উঠিল … 

হয়তো নিলৰ ফোন…..ফোনটো উঠোৱাৰ লগে লগে ক’ব “অই পাগলী, ধেমালি কৰিছিলোঁ অথনি….তোমাৰ অবিহনে মই জানো জীয়াব পাৰিম ????”

 

খপজপকৈ ফোনটো উঠালোঁ৷

: মই প্লাবিতাই কৈছো……তোৰ কাৰণে বহুত ভাল খবৰ এটা আছে….আমাৰ এন.জি.অই এজন লোকৰ খবৰ পাইছে…. যিয়ে মৃত্যুৰ পূৰ্বে নিজৰ নেত্র দান কৰি থৈ গৈছে…..সকলো কথা বতৰা হৈ গৈছে…..মাথোঁ তই সাজু হ এই সুন্দৰ পৃথিৱীখন আকৌ এবাৰ চাবলৈ……

উশাহ নোলোৱাকৈ কয় গ’ল প্লাবিতাই কথাখিনি…..

 

ইমানদিনে মোৰ গোটেই পৃথিৱীখন কেৱল নিলময় হৈ আছিল। এইবাৰ নিজক বিচাৰি চালোঁ এই এন্ধাৰৰ মাজত। মায়া…জীৱনৰ মায়া……ইয়েই দিব মোক যন্ত্ৰণাৰ পৰা উভতি যোৱা পথৰ সন্ধান…..এন্ধাৰখিনি চাৎকৈ আঁতৰি গ’ল৷

 

কাৰণ আজি মই ……

সকলোতকৈ অধিক ভালপাওঁ নিজক ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!